Home Blog Page 2419

আহি আছে জন আব্ৰাহাম আৰু অৰ্জুন কাপুৰ অভিনীত ‘এক ভিলেন ৰিটাৰ্ণছ’

২০১৪ চনৰ হিট ছবি ‘এক ভিলিয়ান’, ‘এক ভিলিয়ান ৰিটাৰ্ণছ’ৰ বহু প্ৰতীক্ষিত চিকুৱেলৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। আগন্তুক থ্ৰিলাৰ যিটো মূলতঃ ৮ জুলাইত মুক্তি পাব বুলি নিৰ্ধাৰণ কৰা হৈছিল এতিয়া ২৯ জুলাইত ছবিগৃহত মুক্তি পাব। চলচ্চিত্ৰ নিৰ্মাতা মোহিত চুৰীয়ে মঙলবাৰে তেওঁৰ টুইটাৰ হেণ্ডেললৈ গৈছিল আৰু আপডেটটো শ্বেয়াৰ কৰিছিল।

তেওঁ লিখিছিল, “#EkVillainReturns ২৯ জুলাই, ২০২২ তাৰিখে মুক্তিৰ নতুন তাৰিখ লাভ কৰে।”মোহিত চুৰীয়ে আগতে এক বিবৃতিত কৈছিল, “এক ভিলেন’ মোৰ আবেগ প্ৰকল্প আৰু প্ৰেমৰ শ্ৰম আছিল। মই এতিয়াও ‘এক ভিলেন’ৰ বাবে যি ধৰণৰ মৰম পাওঁ সেইটোৱে মোক অভিভূত কৰে। মই নিশ্চিত যে ‘এক ভিলেন ৰিটাৰ্ণছ’ৰ সৈতে, প্ৰেম কেৱল ডাঙৰ হ’বলৈ গৈ আছে। আৰু যদিও মই ছবিখনৰ বিষয়ে বেছি প্ৰকাশ কৰিব নোৱাৰো, মই নিশ্চিত কৰিব পাৰোঁ যে ই এক ৰোমাঞ্চকৰ ৰোলাৰকোষ্টাৰ ৰাইড হ’ব।”মোহিত চুৰিৰ দ্বাৰা পৰিচালিত আৰু টি-চিৰিজ আৰু বালাজী টেলিফিল্মছৰ দ্বাৰা যুটীয়াভাৱে প্ৰযোজিত এই চলচ্চিত্ৰখনত জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানি আৰু তাৰা সুতাৰিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

মোহিত চুৰীয়ে ‘হাফ গাৰ্লফ্ৰেণ্ড’, ‘আশিকী ২’, ‘মাৰ্ডাৰ ২’, ‘জেহেৰ’ আৰু ‘কাল্যুগ’ৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছে। ”এক ভিলেন ৰিটাৰ্ণছ’ জন আব্ৰাহাম আৰু পৰিচালকৰ মাজত প্ৰথম সহযোগিতা। অৰ্জুন কাপুৰে আগতে মোহিতৰ সৈতে ‘হাফ গাৰ্লফ্ৰেণ্ড’ত কাম কৰিছিল। দিশা পাটানীয়ে মোহিতৰ অন্তিম খন পৰিচালনা চলচ্চিত্ৰ ‘মালাং’ত অভিনয় কৰিছিল।

বিজেপি,এজিপি আৰু ইউ পি পি এল দলৰ চৰকাৰৰ এবছৰ সম্পূৰ্ন হোৱা বাবে বাক্সাৰ গোলাগাঁও ভিচিডিচি কাৰ্যালয়ত মংগলবাৰে সন্ধিয়া বৰ্ষপুৰ্তি অনুষ্ঠান ৰূপায়ণ কৰে

ৰাজ্যত বিজেপি , এজিপি আৰু ইউ পি পি এল দলৰ চৰকাৰৰ এবছৰ সম্পূৰ্ন হোৱা বাবে বাক্সাৰ গোলাগাঁৱ ভিচিদিচি কাৰ্যালয়ত কালি সন্ধিয়া বৰ্ষপুৰ্তি অনুষ্ঠান ৰূপায়ণ কৰে।গোলাগাঁও প্ৰাইমাৰী ইউ পি পি এল দলৰ উদ্যোগত কালি সন্ধিয়া ভিচিদিচি কাৰ্যালয়ত দলৰ কৰ্মীসকলে মমবাতি জ্বলাই বৰ্যপুৰ্তিৰ আনন্দ উৎসৱ পালন কৰে।দলৰ কৰ্মীসকলে বিজেপি লং লিভ , এ জি পি লং লিভ , ইউ পি পি এল লং লিভ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।এই অনুষ্ঠানত দলৰ গোলাগাঁৱ ভিচিদিচিৰ অধ্যক্ষ এন্টনি হাজোৱাৰী, গোলাগাঁৱ প্ৰাইমাৰী সমিতিৰ সভাপতি আদিৰাম বড়ো,সম্পাদক অমৰ বসুমতাৰীৰ নেতৃত্বত এই বৰ্যপুৰ্তিৰ কাৰ্যসূচী ৰূপায়িত হয়।

তেওঁলোকে কয় যে মিত্ৰজোটৰ নেতৃত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবে সফলতাৰে এবছৰ পূৰ্ন কৰিলে ৷ মিত্ৰজোটৰ এই চৰকাৰকলৈ তেওঁলোক যথেষ্ট আশাবাদী।বিটিচিতো প্ৰমোদ বড়োৰ নেতৃত্বত পাঁচ বছৰ সুকলমে ইউ পি পি এল দলে চৰকাৰ চলাব পাৰিব বুলি কৰ্মকৰ্তাসকলে দাবী কৰে

গুণোৎসৱ উপলক্ষে ব্যতিক্ৰমী দৃশ্য দেখা গ’ল বঙাইগাঁৱৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

ৰাজ্যত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে বিদ্যালয়ত বৃক্ষৰোপন কৰি ছাত্ৰ ছাত্ৰী দেখালে ব্যতিক্ৰমী দৃশ্য।প্ৰথমে বিদ্যালয়ত প্ৰাৰ্থনা, ৰাষ্ট্ৰীয় সংগীত শপতবাক্য, মহৎলোকৰ বানী, কুইজ, যোগাবাস, বৃক্ষৰোপন কৰে।

বিদ্যালয়ত শিক্ষকসকলে ষষ্ঠ শ্ৰেনীৰ পৰা নৱম শ্ৰেণীৰ মাজত গুনসৱ অনুষ্ঠিত হয়।গুনসৱক লৈ কোকিলা অঞ্চলৰ বিভিন্ন বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে।

বিদ্যালয়ৰ কৰ্মচাৰীক দুস্কৃতিকাৰীৰ প্ৰহাৰ …

বিলাসীপাৰাত এজন চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীক দুস্কৃতিকাৰীৰ দল এটাই জোং ,যাঠি,চোকা অস্ত্ৰৰে মাৰপিট কৰা ভিজুৱেল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুস্কৃতিকাৰীৰ দলটোই বিদ্যালয় খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল কৰিমক বিদ্যালয় খনৰ পৰা জোৰ পূৰ্বক ডাঙি লৈ খেতিপথাৰত নিয়ে। তাৰ পিছতে দলটোই কৰ্মচাৰী জনক গুৰুলা -গুৰুল কৈ প্ৰহাৰ কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।


এনে ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |সম্প্ৰতি কৰ্মচাৰী জনক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে | ঘটনা সন্দৰ্ভত কৰ্মচাৰী জনৰ পৰিয়ালৰ লোকে ঘটনাত জড়িত থকা মহিনুৰ ৰহমান ওৰফে কেতু,আনাৰুল হক,আনিছুৰ ৰহমান,আব্দুল মকছেদ,খদেজা বেওৱা আৰু ৰছিদা বিবিৰ নামত বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী ট্ৰাকে মহতিয়ালে বাইকসহ দুই আৰহীক আহত বাইক আৰহী দুজন ।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত পাখিৰিতল বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে একে দিশৰ পৰা অহা এখন AS-17-B-3583 নম্বৰৰ এখন মালবাহী ট্ৰাকে মহতিয়ালে AS-15-P-0102 নম্বৰৰ এখন পালচাৰ বাইকক।ফলত বাইক আৰহী দুজন গুৰুতৰ ভাবে আহত হয়।পিছত আহত আৰহী দুজনক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


আহতলোক দুজন ক্ৰমে ধিৰেচ্চৰ তাৰংগাপুৰ গাওঁ পঞ্চায়তৰ বাসিন্দা আলী হুছেইন আৰু কালাম পৰমানিক বুলি জানিব পৰা গৈছে।
ঘটনাস্থলিত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্থ ট্ৰাক আৰু বাইকখনক জব্দ কৰি থানালৈ লৈ যায়।

ধোৱাংখাইতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচন   

লাহৰিঘাট শিক্ষা খন্ডৰ অন্তৰ্গত ধোৱাংখাইতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে লাহৰিঘাট খন্ডপ্ৰাথমিক শিক্ষা বিষয়া আবুল কাশেমে লগতে সহযোগ কৰে বিদ্যালয় সহ পৰিদৰ্শক ছফিকুল ইছলাম আনছাৰিয়ে আদৰ্শ মাৰ্কাজ একাডেমি টেঙাগুৰীৰ ইংৰাজী শিক্ষক মফিজুদ্দিন আহমেদেও অনুষ্ঠানটিত যোগদান কৰে।

 বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছেইনৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় বিদ্যালয়ৰপ্ৰেক্ষাগৃহত। অতিথি দুয়োজনক আদৰণী জনোৱা হয় অনুষ্ঠিত হোৱা সভাত ।ছাত্ৰ – ছাত্ৰীৰ তথাসচেতন মহলৰ উপস্থিত সভাৰ গাম্ভিয্যতা বৃদ্ধি পায়। উল্লেখ্য যে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়েজিলা কৃতী শিক্ষক বটাঁ আৰু ৰাজ্যিক কৃতী শিক্ষক বটাঁ লাভ কৰি বিদ্যালয়ৰ যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বৰ্তমান সময়চোৱাত বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ আটকধুনীয়া আৰু উন্নত বুলি জানিব পৰা যায়। মকবুল হুছেইনৰ এনে পদক্ষেপৰ বাবে শিক্ষা বিষয়া গৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে যথেষ্ঠ উপকৃত হ’ব আৰু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ প্ৰেৰণা পাব । ভিতৰুৱা অঞ্চলত ছাত্ৰ- ছাত্ৰীৰ মাজত সৃজনীশীল মনোভাৱ গঢ় দিয়াত শিক্ষা বিষয়া গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে প্ৰধান শিক্ষক জনে দীৰ্ঘদিন ধৰি ছাত্ৰ -ছাত্ৰীৰ উন্নতিকল্পে বহু প্ৰচেষ্টা চলায় আহিছে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকন্দিত ৰাইজৰ দলৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকন্দিত ৰাইজৰ দলৰ প্ৰতিবাদ। হাইলাকান্দিৰ চহৰৰ মাজমজিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ ।জিলা সভাপতি জহিৰ উদ্দিন লস্কৰেৰ নেতৃত্বত শতাধিক কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদত অংশ লৈ শাসকীয় চৰকাৰক তীক্ষ্ণ ভাৱে সমালোচনা কৰে ৰাইজৰ দলে । দেশৰ জনগণক মূল্যবৃদ্ধিয়ে দহিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।

চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান…

চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান । সাৰৰ দোকানে দোকানে চলিল এই অভিযান । অভিযানত সাৰৰ দোকানীলৈ কঠোৰ সকিয়নী নিৰ্ধাৰিত মূল্যতকৈ বেছি ললে বাতিল হব দোকানৰ অনুজ্ঞাপত্ৰ ।

ধুবুৰী জিলাৰ চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান চলা পৰিলক্ষিত হয় । উল্লেখ্য যে ৰাজ্যত বৰ্ধিত মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ীয়ে সাৰৰ নিৰ্ধাৰিত মূল্যতকৈ হতাশাগ্রস্ত কৃষকৰ পৰা অধিক মূল্য লোৱা বিষয়টোৰ ওপৰত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো । আজি আমাৰ উক্ত বাতৰিৰ প্ৰভাৱত চাপৰৰ দোকানে দোকানে বিভাগীয় কৰ্তৃপক্ষই কঠোৰ সকিয়নী প্ৰদান কৰা দেখা গল ।

গৌৰীপুৰত ফাৰ্টিলাইজাৰৰ অভিজ্ঞতা নথকা ব্যক্তিক লৈ ফাৰ্টিলাইজাৰৰ অনুজ্ঞা পত্ৰ প্ৰদান , মাধমাৰ সোধাইছে কৃষক ৰাইজক

কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ! আপোনাৰ কৃষি বিভাগৰ পয়ালগা ছবিয়ে কৃষি বিভাগত বাৰু কৈ কালিমা সানিছে। ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ কৃষি বিষয়াই ধনৰ লালসাত পৰি ফাৰ্টিলাইজাৰৰ ওপৰত সামান্য মাত্ৰ জ্ঞান নথকা ব্যক্তিক ফাৰ্টিলাইজাৰৰ দোকানৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰাত শ শ কৃষক ৰাইজ বিমোৰত পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাধীন আলমগঞ্জ বজাৰৰ নুৰ ফাৰ্টিলাইজাৰ বিৰুদ্ধে দুৰ্নীতিৰ বাতৰি মাৰ নৌযাওঁতেই পুনৰ আন এক ফাৰ্টিলাইজাৰৰ বিৰুদ্ধে তুলিছে এক মাৰাত্মক অভিযোগ।

সাহেবগঞ্জ বজাৰৰ ছুৰত আলী বীজ ভাণ্ডাৰৰ পৰা কৃষিজাত ঔষধ ক্ৰয় কৰি নি ভেণ্ডী খেতিত প্ৰয়োগ কৰাৰ দুদিন পিছতেই পুৰি ছাই হয় ভেণ্ডী গছ। কৃষিজাত ঔষধৰ অ – আ জ্ঞান নথকা ব্যক্তিয়ে বিক্ৰী কৰা ঔষধ দি সৰ্ব শান্ত হল এজন খেতিয়ক। খেতিয়ক জন হৈছে লালকুৰা দ্বিতীয় খণ্ড গাওঁৰ আজগৰ আলী । ভেণ্ডী খেতিয়ক আজগৰ আলীৰ খেতি পথাৰৰ ক্ষতিপূৰণ কোনে দিব ? ছুৰত আলী বীজ ভাণ্ডাৰৰ ওপৰত কৃষিমন্ত্ৰী অতুল বৰা, জিলা উপায়ুক্ত আম্বামুথন এম পিয়ে কেনেপদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব।

আম আদমী পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত যোগদান সমাৰোহত শতাধিক নতুন সদস্যৰ যোগদান আপত

শিৱসাগৰ নগৰৰ এ টি ৰোডৰ কাষৰ বাৰুৱাৰী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত যোগদান সমাৰোহত নতুন সদস্য সকলক দলটোৰ টুপী আৰু প্ৰতীক প্ৰদান কৰি দলটোৰ মজিয়ালৈ আদৰণি জনোৱা হয়।অনুষ্ঠানত দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে উপস্থিত থাকে আৰু দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ৰমশঃ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে।দিল্লী আৰু পঞ্জাৱত ৰাইজৰ মন জয় কৰি চৰকাৰ গঠন কৰা দলটো অসমত শেহতীয়াকৈ এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে ৰাইজে স্বীকৃতি দিয়া বুলি ডুবেই প্ৰকাশ কৰে।কামৰ ৰাজনীতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা দলটোৱে শিক্ষা, স্বাস্থ্য আদিকে ধৰি বুনিয়াদী খণ্ডত দিল্লীত যি দৰে অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে সেই একে পৰিবৰ্তন ৰাইজে অসমতো পাব বুলি ডুবেই প্ৰকাশ কৰে।

আজিৰ যোগদান সমাৰোহত জিলা খনৰ বহু সংখ্যক ছাত্ৰ নেতা,ব্যৱসায়ী আদিয়ে দলটোত যোগদান কৰে।শিৱসাগৰ নগৰৰ কাৰ্যসূচীৰ পাছতে দলটোৱে অনুৰূপ যোগদান কাৰ্যসূচী ডিমৌ আৰু নাজিৰাত আয়োজন কৰে।।