Home Blog Page 2643

মুখ্যমন্ত্ৰীলৈ আহ্বান,অন্তত: খাই জীয়াই থাকিবলৈ ৰেচনকাৰ্ড,নিশাটো শুবলৈ এটা গৃহৰ প্ৰয়োজন

চৰকাৰে পঞ্চায়ত ব্যৱহাৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ লোক সকলৰ জীৱনধাৰণত সহায়ক তথা সকাহ দিয়াৰ উদ্দেশ্যে বছৰি ৰাজকোষৰ কোটি কোটি টকা পঞ্চায়ত সমূহলৈ আৱন্টন দি আহিছে। কিন্তু আশ্বৰ্যজনক ভাবে পঞ্চায়তৰ এচাম কৰ্মচাৰী আৰু প্ৰতিনিধিৰ অনিয়ম অনীতিৰ বাবে বছৰ বছৰ ধৰি  সমাজৰ অৱহেলিত দুখীয়া দৰিদ্ৰ, বুভুক্ষু সকল দুৰ্ভাগ্যজনক ভাবে বঞ্চিত হৈ আহিছে।ইয়াৰ উদাহৰণ হিচাপে দৰঙৰ ছিপাঝাৰৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ কৰাকে ক’ব পাৰি। য’ত একাংশ দুখীয়া দৰিদ্ৰলোকই ঘৰ ঘৰ , চাউল চাউল বুলি কান্দি থাকিবলগীয়া হৈছে। অভিযোগ অনুসৰি দুৰ্নীতি অনিয়মৰ ৰম্যপুৰীলৈ গতি কৰিব লোৱা পঞ্চায়ত খনৰ নাওপোটা – দুৰদুৰীয়াত বঞ্চিত হৈ আছে একাংশ ডাল দুখীয়া দৰিদ্ৰ।যি সকলক পঞ্চায়তৰ কৰ্মচাৰী-প্ৰতিনিধিয়ে দেখা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।

নাওপোটাৰ উপেন ডেকা নামৰ লোক গৰাকীয়ে দিনত ভিক্ষা মাগিব নগলে আখলত নজ্বলে জুই।পত্নীৰ অসুখত সাধাৰণ বড়ী এটা কিনি দিব নোৱাৰি হাহাকাৰ কৰি ফুৰা এই গৰাকী বুভুক্ষুৰ নাই ৰেচনকাৰ্ড।থাকিবলৈ নাই এটা ভাল ঘৰ।দুখজনক কথা যে ভোগালী বিহুত ওচৰ চুবুৰীয়া সকলে মাছে- মঙহে এসাঁজ ভালকৈ খোৱাৰ সময়ত উপেন ডেকাই মাছ মাংসৰ কথা বাদেই ভিক্ষামাগি অনা চাউলেৰে কৰা চুঙা পিঠা খাবলৈয়ো যোগাৰ কৰিব নোৱাৰিলে অলপ গাখীৰ।যাৰ বাবে ৰঙা চাহেৰেই  চুঙাপিঠা খাই পালন কৰিলে ভোগালীৰ ভোগ।খাবলৈ নাই পানী।আনৰ ঘৰৰ পৰা পানী আনি আজিও সেৱন কৰি আছে।দুৰ্ভাগ্য জনক কথা যে পঞ্চায়তত কৰ্মচাৰীয়ে গৃহ নোপোৱা লোক সকলৰ ঘৰ চাৰ্ভে কৰা সময়ত উপেন ডেকাৰ গৃহ দেখা নোপোৱাৰ বিষয়টোৱে ৰাইজক আশ্বৰ্যম্বিত কৰি তুলিছে। গৰিহণা যোগ্য যে গাঁও খনত পূৰ্বতে চৰকাৰী গৃহ থকা লোকৰো তালিকাত নাম অহাৰ পিছত উপেন ডেকাৰ গৃহ কিয় চাৰ্ভে নহ’ল ই এক ডাঙৰ প্ৰশ্ন ৰাইজৰ বাবে।আনহাতে নিকটৱৰ্তী মধু ডেকাৰো নাই থাকিবলৈ এটা ভাল ঘৰ,পাবলৈ সৌভাগ্য নহ’ল ৰেচনকাৰ্ড।

যি গৰাকী লোকৰ চাবন,তেল কিনিবলৈ সমৰ্থ নহয়, জৰাজীৰ্ণ ফুটাটিনৰ এঢলীয়া চালিত তলত বাসকৰা এই গৰাকী বুভুক্ষুৰ ভোগালী বিহুত  যোগাৰ কৰা নহ’ল  খাদ্য সম্ভাৰ।এক যন্ত্ৰণাময় জীৱন অতিবাহিত কৰা এই সকল দৰিদ্ৰ বুভুক্ষুৰ কথা কিয় বাৰু এবাৰকৈ পঞ্চায়ত প্ৰতিনিধি, কৰ্মচাৰীয়ে চিন্তা কৰাৰ আহৰি নাপায় ! তেওঁলোকৰ চকুত উপেন- মধু মানুহ নহয় নেকি ? পঞ্চায়তখনৰ সচেতন লোক সকলে মুখ্যমন্ত্ৰীৰ জৰুৰী দৃষ্টি কামনা কৰি উপেন-মধুক মানৱীয়তাৰ স্বাৰ্থত শীঘ্ৰে চৰকাৰী গৃহ, ৰেচনকাৰ্ডৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে। পঞ্চায়তখনত উপেন-মধুৰ দৰে বহু দৰিদ্ৰলোক চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।সচেতন লোক সকলে সচিব ৰমেশ বেজবৰুৱাক প্ৰতিনিধিৰ মুখৰ কথাত কাম নকৰিবলৈয়ো আহ্বান জনাই জবকাৰ্ডত হৈ থকা ব্যাপক অনিয়মৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰিছিল দাবী জনাইছে  ।ইফালে পঞ্চায়তখনত এনৰেগাত  তয়ো খা, মোকো দি নীতি চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

ওদালগুৰি জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বিবার্ষিক অধিবেশন

ওদালগুৰি জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিবেশন অহা ১৮ জানুৱাৰী তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অম্বাগাওঁ বডো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে যোজা চলোৱা হৈছে। এই অধিবেশনখনি সুচাৰুকৈ অনুষ্ঠিত কৰিবলৈ অম্বাগাওঁ বডো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জীতা দৈমাৰীক সভাপতি, ৰবিনছন বসুমতাৰীক কাৰ্যকাৰী সভাপতি, প্ৰসেনজিত দৈমাৰীক সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে। শিক্ষক আৰু কৰ্মচাৰীৰ এই অধিবেশনত বিটিআৰৰ উপ মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী মূখ্য অতিথি, ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম বিশিষ্ট অতিথি আৰু ওদালগুৰি জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক গায়ত্ৰী ভট্টৰাই, ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তিৰাম শৰ্মা, হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা স্বৰ্ণ বসুমতাৰী, কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সমজ্ৰী নাৰ্জাৰী, বডিগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীব বসুমতাৰী, অম্বাগাওঁ হাইস্কুলৰ প্ৰধান শিক্ষক ভূবন শৰ্মা আৰু বেংবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক নোমল দৈমাৰী আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

অনুষ্ঠানৰ কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ওদালগুৰি জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি ভবেন চন্দ্ৰ ডেকাই। ছহিদ সকলৰ সোঁৱৰণিত স্মৃতি তৰ্পণ কৰিব অম্বাগাওঁ বডো উচ্চতৰ মাধ্য়মিক বিদ্যালয় শিক্ষক গোটৰ সম্পাদক কাতিৰাম বৰোয়ে। শিক্ষকসকলৰ প্ৰতিনিধি সভা মূকলি কৰিব অম্বাগাওঁ বডো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জীতা দৈমাৰীয়ে আৰু মূকলি সভা উদ্বোধন কৰিব ৰাজ্যিক সদস্য কৃষ্ণকান্ত মিজাৰে। অধিবেশনত উপস্থিত থাকি শিক্ষা আৰু শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে আলোচনা আগবঢাবলৈ জিলাখনৰ মাধ্যমিক বিদ্যালয়সমূহলৈ সম্পাদক বৈদ্যনাথ উপাধ্যায়ে আহ্বান জনাইছে।

ঐতিহ্যমণ্ডিত আউনি আটীয় সত্ৰত চুৰি, দুটাকৈ দানপাত্ৰ ভাঙি চোৰে লৈ গ’ল প্ৰণামিৰ ধন

উত্তৰ গুৱাহাটী স্থিত ঐতিহাসিক আউনি আটীয় সত্ৰত ৰোৱা নিশা  চোৰ প্ৰবেশ কৰি  সত্ৰৰ দুটাকৈ দান পাত্ৰ ভাঙি সত্ৰৰ প্ৰনামিৰ ধন লুটি লৈ যায়। সত্ৰৰ দেউৰীয়ে নামঘৰৰ নিত্য নৈমিত্তিক কাম সমাপন কৰিবলৈ আহি প্ৰথমে প্ৰত্যক্ষ কৰে তলা ভঙা দানপাত্ৰ দুটা ।তাৰপাছতে হুৱাদুৱা লাগে সত্ৰখনৰ ভকত বৈষ্ণৱৰ মাজত । পিছত সকলোৱে প্ৰত্যক্ষ কৰে  যে সত্ৰৰ দান পাত্ৰ দুটাৰ তাৰা ভাঙি তাত থকা সমুদায়  প্ৰণামিৰ ধন চোৰে  লুটপাত কৰি লৈ যায়। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলিলৈ গৈ জোৰ তদন্ত আৰম্ভ কৰিছে। সত্ৰৰ মণিকূটৰ কাষৰ এখন দুৱাৰেৰে চোৰ প্ৰবেশ কৰাৰ সন্দেহ কৰা হৈছে।

সত্ৰৰ দৰে পবিত্ৰ অনুষ্ঠান এটাত চোৰে এইদৰে লুটপাত চলোৱা কাৰ্য্যত মৰ্মাহত হৈ পৰিছে সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতামহৰ দেৱ গোস্বামী । চোৰৰ এই কাৰ্য্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে  আৰু এই চুৰি ঘটনাৰ জোৰ তদন্ত কৰি চোৰক ধৰা পেলাই দৃষ্টান্ত মূলক শাস্তিৰ পোষকতা কৰিছে তেওঁ। অঞ্চলটোৰ সচেতন মহলেও এই  পবিত্ৰ অনুষ্ঠানৰ চুৰি কাৰ্য্যৰ গৰিহণা দিয়াৰ লগতে  চোৰক যিকোনো উপায়ে ধৰা পেলায় কঠোৰ শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

আমিনগাঁৱত ‌‌‌‌‌‌‌‌‌‌খাদ্য সামগ্ৰী গুৰি কৰা মেচিন বিতৰণ ৰিণিকি ভূঞা শৰ্মাৰ

আজি ভোগালীৰ উৎসাহ উদ্দীপনাৰ মাজতে বিহু উপলক্ষে জালুকবাৰী সমষ্টিৰ ১০ টা মহিলা আত্মসহায়ক মণ্ডল গোটলৈ ১০ টা উন্নত মানৰ খাদ্য সামগ্ৰী গুৰি কৰিব পৰা মেচিন বিতৰণ কৰিলে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড ( Pride East entertainment private Ltd) নামৰ   প্ৰতিষ্ঠানটোৰ মূখ্য পৰিচালন সঞ্চালিকা ৰিনিকি ভূঞা শৰ্মাই   ।এই মেচিনত চাউল , হালধি ,জালুক- জিৰা , ধনীয়া ,জলকীয়াকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী কম সময় আৰু কম  খৰছত গুৰি কৰিব পৰা যাব ।অসম উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ উদ্যোগত আয়োজিত এই মেচিন বিতৰণ কৰি ৰিণিকি ভূঞা শৰ্মাই কয় যে এই মেচিনৰ দ্বাৰা জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শুৱালকুছিৰ মহিলা আত্মসহায়ক  মণ্ডলৰ প্ৰায় ১৬ পৰা ২০ হাজাৰ মহিলা  উপকৃত হ’ৱ ।


বিনামূলীয়াকৈ বিতৰণ কৰা প্ৰতিটো মেচিনৰ মূল্য প্ৰায় ৫৫ হাজাৰ টকা । এই মেচিনৰ জৰিয়তে মহিলা গোটৰ মহিলা সকলে অৰ্থনৈতিক ভাবে স্বাবলম্বী  হ’ব পাৰিব বুলিও শ্ৰীমতী ভূঞা শৰ্মাই  উল্লেখ কৰে।
উক্ত মেচিন বিতৰণী অনুষ্ঠানত অসম উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ সঞ্চালক ত্ৰিলিংগা ভাৰত বৰা,  কামৰূপ জিলাৰ মহকুমা কৃষি বিষয়া লক্ষী দত্ত আৰু ভাৰতীয় জনতা পাৰ্টীৰ কিষান মৰ্চাৰ  অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যও উপস্থিত থাকে।

কাকপথাৰ স্বগৃহত উপস্থিত আলফা (স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ

১৯৮৪ চনত মনত স্বাধীন অসমৰ সপোন লৈ সংযুক্ত মূক্তি বাহিনী অসমত যোগদান কৰা তিনিচুকীয়া জিলাৰ কাকপথাৰ ওৱন গাঁৱৰ যুৱক জন আজি স্বগৃহলৈ উভতি আহিল ৷ পৰেশ বৰুৱাৰ অতিকৈ ঘনিষ্ঠ, আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা, বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ ওৰফে গুণত ডাঙৰীয়া আজি নিজৰ উপজা ওৱন গাঁৱত । আজি সুদীৰ্ঘ ৩৮ টা বছৰে সশস্ত্ৰ সংগ্রামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁওস্থিত স্বগৃহত আহি  উপস্থিত হয়। বিগত বৰ্ষতে স্বাস্থ্যজনীত কাৰণত তথা ম্যানমাৰত চলি থকা সামৰিক অভ্যুত্থানৰ জটিলতাৰ ফলত চিকিৎসা কৰিব নোৱাৰাৰ বাবে শিবিৰ ত্যাগ কৰি চিকিৎসাৰ বাবে ঘূৰি অহা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । আলফা (স্বা) পৰা অব্যাহতি লোৱাৰ পিছতেই কেইবামাহ ধৰি তেওঁ কাৰাগাৰত থাকিব লগীয়া হয় । মংগলবাৰে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহি পোনে পোনে তিনিচুকীয়াৰ ৰূপাইস্থিত বাসগৃহলৈ আহি নিশা তাতে কটাই বুধবাৰে পুৱা কাকপথাৰ উৱন গাঁওস্থিত আপোন ঘৰখনত উপস্থিত হয় ৷

সূদীৰ্ঘ ৩৮ বছৰৰ  পাছত নিজ গাঁও খনত উপস্থিত হোৱা জ্যেষ্ঠ আলফা নেতা গৰাকীক আদৰণিৰ লগতে গামোছাৰে সম্বৰ্দ্ধনা জনায় বিভিন্ন জনে ৷ এক দীৰ্ঘ বিৰতিৰ পিছত ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহাত উৱন গাঁৱৰ ৰাইজক আৱেগিক হৈ পৰা দেখা যায় ৷ আলফা-চৰকাৰৰ শান্তি আলোচনাৰ পোষকতা কৰা আলফা নেতাজনে ৩৮ বছৰীয়া সংগ্ৰামৰ বিষয়টো আতৰাই চলি আগন্তুক সময়ত স্পষ্ট কৰাৰো ইংগিত দিয়ে। লগতে অনাগত সময়ত নিজকে সামাজিক কাম-কাজত মনোনিবেশ কৰাব বুলিও মন্তব্য আগবঢ়ায়।

বৰপেটাত বৃহৎ পৰিমানৰ চুলাই জব্দ

ভোগালী বিহুৰ প্ৰাকক্ষনত বৰপেটা আবকাৰী বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চুলাই সহ দুজনক আটক কৰিবলৈ সক্ষম হয়। এক গোপনসুত্ৰৰ পমখেদি বৰপেটা আবকাৰী বিভাগে AS15 AC 0833 নম্বৰৰ এখন টেম্পোৰে  নগাওৰ পৰা জনীয়ালৈ লৈ যোৱা  অৱস্থাত বৰপেটাৰ যতিগাওত চুলাইখিনি  জব্দ কৰে ৷এই অভিযানত প্ৰায় ৩ শ লিটাৰ চুলাইসহ  দিলীপ মণ্ডল আৰু ছফি দাসক আটক কৰাৰ লগতে টেম্পোখনো জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে।চুলাই সৰবৰাহ সংক্ৰান্তত আবকাৰী বিভাগে এটা গোচৰ ৰুজু কৰি দিলীপ মণ্ডল আৰু ছফি দাসক ন্যায়ালয়ত  হাজিৰ কৰোৱা হব বুলি আবকাৰী বিষয়া প্ৰশান্ত পাঠকে জানিবলৈ দিয়ে ৷

শ্বহীদ ভাস্কৰজ্যোতি ৰয়ৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহায্য

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ সু:সন্তান ভাস্কৰজ্যোতি ৰয়ে ২০০২ চনত আততায়ীৰ গুলীত নিহত হোৱাৰ পাছত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে তেওঁক জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰে। তেখেতৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ পৰিয়ালৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰা নাছিল বা সহায় কৰা নাছিল। ১৯ বছৰ ৪ মাহ ১৯ দিন শ্বহীদ ভাস্কৰজ্যোতি ৰয়ৰ পত্নীয়ে বহুত কষ্টেৰে নিজৰ ঘৰখন চলাই নিয়াৰ লগতে একমাত্ৰ কন্যাক পঢ়াই-শুনাই শিক্ষিত কৰি তুলিছে। বৰ্তমানো যথেষ্ট আহুকালৰ মাজেৰে ঘৰ চলাই থকা পৰিয়ালটোক অলপ সকাহ দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত জাতীয় শ্বহীদ সকলৰ সম্পৰ্কত যোগাযোগ কৰে।

চলিত বৰ্ষৰ যোৱা ৭ জানুৱাৰীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ যৌথ উদ্যোগত, ধুবুৰীৰ গোলকগঞ্জত অনুষ্ঠিত আক্ৰাছুৰ শ্বহীদ দিৱসত জাতীয় শ্বহীদ ভাস্কৰজ্যোতি ৰয়ৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে শ্বহীদ গৰাকীৰ সহধৰ্মিনী ঊষা ৰয়ৰ হাতত পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে। সেইদিনা ভাস্কৰজ্যোতি ৰয়সহ সৰ্বমুঠ ২৫ গৰাকী কোচ ৰাজবংশী জাতীয় শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ এই পৱিত্ৰ শ্বহীদ দিৱসত উপস্থিত আছিল-অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি,অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী  ডা° ৰণোজ পেগু, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব  জয়ন্ত মল্ল বৰুৱা,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ সভাপতিদ্বয় ক্ষিতীশ বৰ্মন আৰু  বলোৰাম বৰ্মন আৰু সদৌ বৰপেটা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা কোচ ৰাজবংশী  উন্নয়ন পৰিষদৰ সদস্য জিতুমণি চৌধুৰী৷

এসময়ত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বৰপেটা জিলাৰ সভাপতিৰ দৰে গুৰু দ্বায়িত্ব বহন কৰা, সৰভোগৰ ভাস্কৰজ্যোতি ৰয়ে ২০০২ চনৰ ১৬ আগষ্টত গুলীবিদ্ধ হৈছিল। সেইদিনা সন্ধিয়া আনুমানিক প্ৰায় ৮ বজাত সৰভোগৰ চকচকা বজাৰত এজন বন্ধুক ঔষধ দিবলৈ গৈছিল ভাস্কৰজ্যোতি ৰয়ে। সেই সময়ত আততায়ীয়ে ভাস্কৰজ্যোতি ৰয়ক গুলীয়াই থৈ যায়। পাছত একাংশ বন্ধুই গুলীবিদ্ধ হোৱা ভাস্কৰজ্যোতি ৰয়ক গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ লৈ যায় যদিও ১৮ আগষ্টত তেওঁ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

ধুবুৰীত ভাৰতীয় জনতা পাৰ্টিৰ যুৱমৰ্চাৰ উদ্যোগত ক’ভিড প্ৰটোকল মানি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

ধুবুৰীত ভাৰতীয় জনতা পাৰ্টিৰ যুৱমৰ্চাৰ উদ্যোগত ক'ভিড প্ৰটোকল মানি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ অন্তৰ্গত প্ৰতিটো মন্ডলত যুৱমৰ্চাৰ উদ্দোগত কোভিড প্ৰটোকল মানি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়৷ আৰু ইয়াৰ লগত সংগতি ৰাখি যুৱমৰ্চা ধুবুৰী টাউন মন্ডলৰ সভাপতি বিশ্বনাথ কুন্ডু আৰু মন্ডলৰ কাৰ্যকৰ্তাৰ  উদ্দোগত জিলা কাৰ্যালয়ত জিলা সভাপতি ডাঃ দেৱময় সান্যাল ডাঙৰীয়াৰ উপস্থিতিত যুৱ দিৱস কাৰ্যক্ৰমত উপস্থিত থাকো৷

উক্ত কাৰ্যক্ৰমত মোৰ লগত উপস্থিত থাকে জিলা যুৱ মৰ্চাৰ উপসভাপতি বিশ্বজিত দাস, মূল সমিতিৰ জিলাৰ কোষাধ্যক্ষ তাৰকেশ্বৰ পাল,জিলা সম্পাদক উত্তম শৰ্মা, মন্ডলৰ উপসভাপতি দিলীপ সিং, সা:সম্পাদক দ্বয় ক্ৰমে দীপঙ্কৰ পাল আৰু অমৰ সৰকাৰ মন্ডলৰ সম্পাদক সোমনাথ বনিক আদি কৰি বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকল৷

গভীৰ নিদ্ৰাত আভ্যন্তৰীণ জল পৰিবহন বিভাগ

মাজুলীৰ নিমাতি ঘাট ৰ ভয়ংকৰ নৌকা দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ উঠা ৰাজ্য চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আকৌ গভীৰ নিদ্ৰাত।-ধুবুৰীৰ বিভিন্ন নদী পথত বৰ্তমানও অব্যাহত এটা ইঞ্জিন যুক্ত লঞ্চ বা নৌকা। যোৱাকালি ধুবুৰী- ফকীৰগঞ্জ এটা ইঞ্জিনযুক্ত নাও ব্ৰহ্মপুত্ৰৰ বুকুত  বিকল হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি।চৰকাৰী নিয়ম নীতি আৰু নিষেধাজ্ঞা ধোঁৱা চাঙত। মনত আছে নে আপোনাৰ ধুবুৰীৰ মেডেৰটাৰী বা নিমাতি ঘাট ৰ ভয়ংকৰ লঞ্চ দুৰ্ঘটনাৰ কথা।আৰু এনে দূৰঘটনাৰ পাছতেই হঠাতে কঠোৰ হৈ পৰে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ।পিছে সময় বাগৰিলে সকলো পাহৰি ছিণ্ডিকেটৰ ৰক্ষক হৈ পৰে এই বিভাগ টো।ধুবুৰীত বৰ্তমানেও চৰকাৰী ভাবে এটা ইঞ্জিন যুক্ত নাওঁ চলকচল কৰা বন্ধ ৰাখিছে জিলা প্ৰশাসনে।পিছে নাই ছিণ্ডিকেট বাহিনীয়ে সকলো নিয়ম নীতি অমান্য কৰি আকৌ প্ৰশাসনৰ  চকুৰ সন্মুখতেই অধিক যাত্ৰী কোনো ধৰণৰ সুৰক্ষাৰ ব্যবস্তা নোহোৱাকৈ য়েই অব্যাহত ৰাখিছে চলাচল।

এনে পৰিস্থিতিত এক ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বহু যাত্ৰী। ধুবুৰী- ফকীৰগঞ্জ চলাচল কৰা এটা ইঞ্জিনযুক্ত নাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত আহি হঠাৎ ইঞ্জিন বিকল হৈ পৰাত যাত্ৰী সকলে আৱদ্ধ হৈ পৰে। পিছত  যাত্ৰীৰ মাজত সৃষ্টি হয় এক পৰিস্থিতিৰ। ব্ৰহ্মপুত্ৰ নদী পথত নাওঁ অথবা এটা ইঞ্জিনযুক্ত লঞ্চৰ চলাচল বন্ধ আছে যদিওঁ পুৱাৰ ভাগত ফকীৰগঞ্জৰ পৰা ধুবুৰী লৈ অহা লঞ্চখন বহু দিনৰ পৰাই চলাচল কৰি আছে। নিমাত বিভাগীয় কৃতপক্ষই। ধুবুৰীত লঞ্চ চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ ভাবে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো কোনো ধৰণৰ মেৰিন ইঞ্জিন নথকা লঞ্চ সমূহ এতিয়াও চলাচল অব্যাহত আছে। বিশেষকৈ ফকীৰগঞ্জৰ লঞ্চটো কেইবাৰো এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত আহি ইঞ্জিন বিকল হৈ পৰাত যাত্ৰীৰ মাজত  হাহাকাৰৰ সৃষ্টি হৈছিল। যাৰবাবে ব্ৰহ্মপুত্ৰৰ বুকুত ঘণ্টাই ঘণ্টাই আবদ্ধ হৈ পৰে শ শ যাত্ৰী।

আকৌ কমিছে সোণৰ দাম!

আকৌ কমিছে সোণৰ দাম। বুধবাৰে মাল্টি কমোডিটী ইনডেক্সত ১০ গ্রাম সোণৰ দাম ০.০৯ শতাংশ হ্ৰাস পাই ৪৭,৬৪৫ টকা হৈছে। সোণৰ লগে লগে দাম কমিছে ৰূপৰো। বুধবাৰে ০.১১ শতাংশ কমি এক কিলোগ্রাম ৰূপৰ দাম হৈছে ৬১,০৩৫ টকা।

উল্লেখনীয় যে, মঙলবাৰে ১০ গ্রাম (২৪ কেৰেট) সোণৰ দাম ৪৮,৩০০ টকা আছিল। ডিচেম্বৰৰ শেষৰ ফালে সোণৰ দাম যথেষ্ট কমিছিল। ৩০ ডিচেম্বৰত প্রতি ১০ গ্রাম সোণৰ দাম আছিল ৪৬,৬৮৮ টকা। তাৰ পাছত বছৰৰ আৰম্ভণীতে সোণৰ দাম বৃদ্ধি পাইছিল। কিন্তু কভিড পৰিস্থিতিৰ বাবেই এতিয়া আন্তৰ্জাতিক বজাৰত এই মূল্য হ্ৰাস পাইছে বুলি ব্যৱসায়ী সকলে দাবী কৰিছে।