“সৃষ্টিৰ পদাতিক”আলোচনীৰ প্ৰকাশন বিভাগ আৰু সামাজিক ,সাহিত্য সংস্কৃতিৰ সংস্থা “সৃষ্টিৰ পদাতিক”এ বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ববী দত্তলৈ আগবঢ়াইছে “শিক্ষক ৰত্ন ২০২১” সন্মান।উল্লেখযোগ্য যে প্ৰতিবছৰে এই অনুষ্ঠানে অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ব্যক্তিক বিভিন্ন বঁটা আৰু সন্মান আগবঢ়াই আহিছে।অসম সাহিত্য বঁটা,শিক্ষক ৰত্ন বঁটা,কাব্যশ্ৰী বঁটা,সমাজ ৰত্ন বঁটা,জীৱনজোৰা সাধনা বঁটা,সুধা কণ্ঠ বঁটা আদিৰে সাহিত্যিক,কবি আৰু সংস্কৃতিবান ব্যক্তিক মান্যতা প্ৰদান কৰি সাহিত্য,সংস্কৃতিৰ দিশত আগুৱাই নিয়াটোৱেই এই অনুষ্ঠানৰ মূল লক্ষ্য।সাহিত্য ,সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় শিক্ষকক প্ৰতি বছৰে শিক্ষক ৰত্ন বঁটা প্ৰদান কৰি আহিছে।এইবাৰ টীয়কৰ ববী দত্তলৈ এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে টীয়কৰ যুগসম্ভৱা কবি ববী দত্ত একেধাৰে কবি,সাহিত্যিক,গল্পকাৰ,নাট্যকাৰ,আবৃত্তিকাৰ,গীতিকাৰ আৰু সুদক্ষ অভিনেত্ৰী।বৰ্তমানলৈকে ববী দত্তৰ প্ৰকাশিত গ্ৰন্থ সমূহ- শীতৰ হিমাদ্রি পুৱা, মাটিৰ পৃথিবীৰে মিঠা,প্ৰণয়ৰ নূপুৰ ৰাগিনী,Love The Melodies of Anklet ,ববী দত্তৰ লিমাৰিক,এটা মৌন প্ৰাৰ্থনা:ঈশ্বৰৰ কথা , হেঁপাহৰ ভৰুণ পৃথিৱীমৰ-চেওঁৰা,এনেদৰেই হাঁহি থাকোঁ আনৰ সুখৰ বাবে, অন্য এক পেন্থিয়া, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ দৰ্শন,আই, ভিন্নসুৰী,মই নষ্ট নাৰীয়ে কৈছোঁ ইত্যাদি।আন্তঃৰাষ্ট্ৰীয় পয্যাযত নিজকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ববী দত্তই নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় সাহিত্য আৰু কবি সন্মিলন”ত নিমন্ত্ৰণ ক্ৰমে অংশগ্ৰহণ কৰিছিল যোগ্যতাৰ পৰিচয় দিছিল।
ইতিমধ্যে ইংৰাজী,হিন্দী,বাংলা,নেপালী,তামিল,মালায়ালম,উৰ্দু আদি ভাষালৈ ববী দত্তৰ কবিতা অনুবাদ হৈছে। ববী দত্তই কাব্যস্বৰ্ণ বঁটা,বৰ্ষশ্ৰেষ্ঠ কবি সন্মান,কবিতা ৰাণী সন্মান ,বিশেষ কবি বঁটা ,বৰ্ষশ্ৰেষ্ঠ কাব্যচর্চাকাৰী বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছে।ববী দত্তই সদৌ অসম ভিত্তিত অনুষ্ঠিত নাট প্ৰতিযোগিতাত পাঁচবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এগৰাকী দক্ষ অভিনেত্ৰী আৰু সু আবৃত্তিকাৰ।।ববী দত্ত তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক লীলা কান্ত দত্ত আৰু ৰিনা দত্তৰ কন্যা।সৃষ্টিৰ পদাতিক আলোচনী প্ৰকাশন বিভাগে অসম সাহিত্য সভাৰ স্বীকৃত সভা সৃষ্টিৰ পদাতিক শাখা সাহিত্য সভাৰ উদ্যোগত নুনমাটি কবি সমাজ ,ৰসৰাজ সাহিত্য সাংস্কৃতিক সমাজ আৰু দক্ষিণায়ন গোষ্ঠীৰ সহযোগত অহা ইং ৩০ ডিচেম্বৰত গুৱাহাটীৰ সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা ভৱনত এই সন্মানীয় বঁটা সমূহ প্ৰদান কৰিব।
বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী-সোনাজুলিত এন,ডি. এফ.বি (সংবিজিত) উগ্ৰপন্থী গোটৰ দ্বাৰা সংঘটিত হোৱা নৰহত্যা স্থলীত পালন কৰা হয় ২০১৪ চনৰ ২৩ ডিচেম্বৰ তাৰিখে উগ্ৰপন্থীৰ গুলীত নিহত হোৱা চাওঁতালী লোকৰ স্মৃতিত সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷ দেশ কপাই যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডক এতিয়াও পাহৰিব পৰা নাই ফুলবাৰী-সোনাজুলিৰ ৰাইজে। আবালবৃদ্ধবনিতাকে ধৰি ৩০ জনকৈ নিৰিহ লোকক গুলীয়াই হত্যা কৰা কালসন্ধিয়াৰ সেই মৰ্মান্তিক ঘটনা ৷ উগ্ৰপন্থীয়ে খেদি খেদি গুলীয়াই হত্যা কৰিছিল নিৰিহ চাওঁতালী লোকক।
কলা অধ্যায়ৰ সুচনা হোৱা সেই দিনটোতে ফুলবাৰী-সোনাজুলিৰ ৰাইজে নিহত লোক সকলক এটোপাল চকুলোৰে শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে বিগত বৰ্ষত পালন কৰাৰ দৰে এই বছৰতো পালন কৰিছে সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷ কাৰ্যসুচী অনুসৰি বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত ফুলবাৰী স্মৃতিসৌধ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা স্মৃতি দিৱসত প্ৰথমে চাওঁতাল ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হয় ৷ ৯ বাজি ৩০ মান বজাত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত ৰদ্বাৰা বন্তি প্ৰজ্বলন স্মৃতিতৰ্পণ অনুষ্ঠান সম্পন্ন হয় ৷ পুৱা ১০ বজাত নিহত হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয় ৷ দুপৰীয়া ১২ বজাত অনুষ্ঠিত হোৱা মুলসভাত মুখ্য অতিথি হিচাবে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে অংশগ্ৰহণ কৰে ৷
বিশিষ্ট অতিথি ৰূপে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সম্পাদক ৰিমান চৰেণ, প্ৰাক্তন আছু নেতা দুলদুল বৰকটকী , গুৱাহাটী বেলতলাৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙ , সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপসভাপতি বিমল হেমৰম , সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিব্যজ্যোতি বৰুৱা , আছু নেতা আজমত শ্বেখকে প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে ৷ সভাত সকলোৱে উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা হত্যাকাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ লগতে পিছপৰা বৃহত্তৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী -সোনাজুলিত আজিকোপতি চৰকাৰে যথোপযুক্ত সুবিধা প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আনকি ভুমি অধিকাৰৰ পৰাও বঞ্চিত কৰি ৰাখিছে চাওঁতাল তথা আদিবাসী সকলক ৷ দীৰ্ঘদিন ধৰি অৱহেলিত কৰি ৰখা আদিবাসী তথা চাওঁতালী লোকসকলক মানৱ সম্পদ ৰূপে গঢ় দিব পৰাকৈ শিক্ষা স্বাস্থ্যকে ধৰি উপযুক্ত সুবিধা প্ৰদান কৰাৰ আহ্বান জনাই সংগঠনৰ বিষয়ববীয়া সকলে ৷ সন্ধিয়া স্মৃতিসৌধত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে ৷
ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনৰ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হৈছে৷ দেশৰ ১৭ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ সম্প্রসাৰিত অমিক্রনত এতিয়ালৈকে ৩৫৮জন আক্রান্ত হৈছে৷ এই আক্রান্তৰ ভিতৰত ৭০ শতাংশই উপসর্গহীন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এই কথা সদৰী কৰিছে৷ যোৱা ২ ডিচেম্বৰত কর্ণাটকত প্রথমজন ৰোগী চিনাক্ত হোৱাৰ পাছত ই দ্রুতগতিত সম্প্রসাৰিত হৈ ১৭ ৰাজ্যত অমিক্রনত আক্রান্ত লোক ধৰা পৰিছে৷ যোৱা ২৪ ঘণ্টাত ১২৪জন লোক অমিক্রনত আক্রান্ত হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ১৮৩জন লোক বিদেশ ভ্রমণ কৰি অহা অর্থাৎ ৭৩ শতাংশৰেই বিদেশ ভ্রমণৰ ইতিহাস আছে৷
লক্ষণীয় যে অমিক্রনত আক্রান্তৰ ৯১ শতাংশ সম্পূর্ণ টিকাকৰণ কৰা, ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ৩৫৮জনৰ ভিতৰত ১১৪জন ইতিমধ্যে অমিক্রনৰ পৰা সুস্থ হৈ উঠিছে৷ ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্রান্ত হৈছে৷ অমিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত বৰদিন আৰু নৱবর্ষ উদ্যাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রত বৰদিন আৰু নৱবর্ষ উদ্যাপন পার্টী ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ কালি মধ্যপ্রদেশত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ পাছত কাইলৈৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ ঘোষণা কৰিছে উত্তৰ প্রদেশে৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ২৫ ডিচেম্বৰৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱতৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে ক’ভিড প্রট’কল অনুসৰি ৰাজ্যখনত বিবাহত উপস্থিতি ২০০ৰ অনুমতি প্রদান কৰা হৈছে৷
আনপিনে অমিক্রনৰ সংক্রমনৰ বর্ধিত ৰূপ দেখি মহাৰাষ্ট্র আৰু হাৰিয়ানাতো নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্রত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ আৰু হাৰিয়ানাত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বিশ্ব স্বাস্থ্য সংস্থাই অমিক্রনক অধিক সংক্রমণশীল বুলি ঘোষণা কৰাৰ প্রসংগৰে সম্প্রতি বিশ্বৰ চতুর্থ জোৱাৰ আৰম্ভ হোৱা বুলি প্রকাশ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশে কোনো কাৰণতে ক’ভিড–১৯ নির্দেশনাক লৈ শিথিলতা গ্রহণ নকৰিবলৈ নাগৰিকসকলক সতর্ক কৰি দিছে স্বাস্থ্য সচিবগৰাকীয়ে৷
আনপিনে বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অমিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ ১১০খনতেই অমিক্রনৰ প্রভাৱ পৰিছে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা অমিক্রনৰ নেতিবাচক প্রভাৱ ইউৰোপীয় দেশ উত্তৰ আমেৰিকা আৰু আফ্রিকাত পৰিছে৷