Home Blog Page 2849

জেৰেভক হৰুৱাই ফাইনেলত জক’ভিচ

এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ কৰিবলৈ আৰু মাত্র এটা জয়ৰ প্রয়োজন বিশ্বৰ শীর্ষ বাছনিৰ ছার্বিয়াৰ ন’ভাক জক’ভিচক৷ চলিত বর্ষৰ চতুর্থ তথা অন্তিমটো সন্মানীয় গ্রেণ্ডশ্লাম ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ হ’ব জক’ভিচৰ৷

ইতিমধ্যে চলিত বর্ষটোত অষ্ট্রেলিয়ান অ’পেন, ফ্রেন্স অ’পেন আৰু উইম্বলডনৰ খিতাপ দখল কৰা জক’ভিচে চলিত ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ছেমি ফাইনেল মেচ এখনত পাঁচটা ছেটৰ মাৰাথন যুঁজৰ অন্তত চতুর্থ বাছনিপ্রাপ্ত জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভক ৪–৬, ৬–২, ৬–৪, ৪–৬, ৬–২ ছেটত পৰাস্ত কৰে৷ কেৰিয়াৰৰ ২১সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপৰ দখলৰ এখোজ আঁতৰত থকা ৩৪ বছৰীয়া জক’ভিচে ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত ৰাছিয়াৰ ডানিল মেডভেডেভৰে মুখামুখি হ’ব৷

আনখন ছেমি ফাইনেলত মেডফেডেভে কানাডাৰ ফেলিক্স আগৰ আলিয়াছিমেক ৬–৪, ৭–৫, ৬–২ ছেটত পৰাস্ত কৰে৷ উল্লেখ্য যে গ্রেণ্ডশ্লামখনৰ খিতাপ জয়লাভ কৰিব পাৰিলে জক’ভিচে ১৯৬৯ চনত ৰ’ড লেভাৰৰ পিছত এটা বর্ষত চাৰিওটা গ্রেণ্ডশ্লাম খিতাপ দখল কৰা প্রথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হ’ব৷

টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ূষ হাজৰিকা

জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতি নিযুক্ত হৈছে৷ শনিবাৰে অনুষ্ঠিত সন্থাৰ বার্ষিক সাধাৰণ সভাত হাজৰিকাক সভাপতি মনোনীত কৰা হয়৷

উল্লেখ্য যে প্রাক্তন সভাপতি মৃগাংক বর্মনে প্রায় এমাহ পূর্বে পদত্যাগ কৰাৰ পিছৰে পৰা অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ আসনখন খালী হৈ আছিল৷ অসম টেবুল টেনিছ সন্থাৰ উপ–সভাপতি মুনীন নবিচৰ সভাপতিত্বত আয়োজিত বার্ষিক সাধাৰণ সভাত সকলো কার্যবাহী সদস্য আৰু স্বীকৃতিপ্রাপ্ত জিলাসমূহে মন্ত্রী পীয়ূষ হাজৰিকাক সর্বসন্মতিক্রমে সভাপতি হিচাপে বাছনি কৰে৷ ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ চি ই অ’ ধনৰাজ চৌধুৰী আৰু অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ আজিৰ সাধাৰণ সভাৰ পর্যবেক্ষক হিচাপে থাকে৷

ঘগ্ৰাপাৰত `কভিড-১৯´ শীৰ্ষক চুটীছবি মুকলি

সাম্প্ৰতিক সময়ত চৰ্চাত থকা অতিকৈ ভয়াৱহ কৰোনা মহামাৰীৰ ওপৰত নিৰ্মান হল চুটীছৱি।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোলৰ উদীয়মান যুৱক জিন্টু শৰ্মাই নিৰ্মান কৰা চুটীছৱি খনৰ কাম আৰম্ভ হোৱাৰে দিনৰ পৰা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে *কভিড-১৯* শীৰ্ষক ছুটীছৱি খন।কালি  বৰাজোলৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত চুটীছৱি খন আনুস্থানিক ভাৱে মুকলি কৰিৱলৈ এখনি মুকলি সভাৰ আয়োজন কৰে  জে.বি.এ মুভি হাউচে।অনুস্থানত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ চুটি ছৱিখন মুকলি কৰে।অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আজিজুল ইছলাম, আৰ .এন  . এ মিউজিক প্ৰডাক্সনৰ পৰিচালক নৱাৱুল ইছলাম,বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষা জুৰি ডেকা, ৰোমিঅ টিভিৰ পৰিচালক জিন্তু হাছানকে প্ৰমুখ্য কৰি ছুটীচৱি খনৰ লগত জড়িত কলা কৌশলী সকল।জিন্তু শৰ্মাৰ প্ৰযোজনা আৰু আল্টাফ হুছেইনৰ পৰিচালনাৰে নিৰ্মিত ছুটীছৱি খনক লৈ খুৱেই আশাবাদী জিন্তু শৰ্মা আৰু তেওৰ সহযোগীসকল।ইতিমধ্যেজেবিএ মুভি হাউচ নামৰ ইউটিউব চেনেলটোত মুকলি কৰা হৈছে ছুটীছৱি খন।

মায়ঙৰ বালিমুখ বজাৰত বলে’ৰ পিকাপ বাহন চুৰি

মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰ অন্তৰ্গত বালিমুখ নতুন বজাৰৰ হাৰ্ডৱেৰ ব্যৱসায়ী আফাজ উদ্দিনৰ এখন নতুন বলে’ৰ পিকাপ গাড়ী যোৱা নিশা  দোকানৰ  সন্মুখৰ পৰা চুৰি হৈছিল।  উক্ত গাড়ী খন আজি পোৱাৰ ভাগত দৰং জিলাৰ  বুঢ়া  আৰক্ষী চকীয়ে তিনিটা চোৰ সহ গাড়ীখন  আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে দৰঙৰ এটা চক্ৰৰ হাতত  দুইলাখ টকাত বন্ধ বস্তী কৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ৷ উক্ত বলে’ৰ গাড়ীৰ চালক আশাদুল ইছলামো এই চক্ৰৰ লগত জড়িত থকা বুলি সন্দেহৰ আঁৰত  জাগীৰোড থানাৰ আৰক্ষীয়ে সোধ পুচৰ বাবে  বালিমুখ নতুন বজাৰৰ পৰা আশাদুলক আটক কৰে ৷ উল্লেখ্য যে ধৃত তিনিটা চুৰে ব্যৱহাৰ কৰা AS 01 GC 5678 নম্বৰৰ বলে’ৰ গাড়ীখন জাগীৰোড থানাৰ আৰক্ষীয়ে সম্প্রতি জব্দ কৰিছে। অৱশ্যে এই চুৰি কাৰ্যৰ লগত সংগতি ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

জাতীয় কবি নীলমণি ফুকনৰ ৮৯সংখ্যক ওপজাদিন পালন।’মই দেখা নীলমণি ‘উন্মোচন।

দেৰগাঁৱৰ ঐতিহাসিক আজাদ পুস্তকালয়ৰ  উদ্যোগত পুস্তকালয়ৰ এগৰাকী  প্ৰতিষ্ঠাপক ,দেৰগাঁৱৰ সুসন্তান  তথা অসমৰ জাতীয় কবি আখ্যায়িত নীলমণি ফুকনৰ  ৮৯ সংখ্যক ওপজাদিন ১০ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ক’ভিড  নীতি মানি  উদযাপন  কৰা হয়। এই উপলক্ষে পুৱা জাতীয় কবি গৰাকীৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি মুকলি সভা,  গ্ৰন্থ উন্মোচন , বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়।সম্পাদক ৰাজেন পূজাৰীয়ে আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে আজাদ পুস্তকালয় ঐতিহ্য স্মাৰক সমিতিৰ সভাপতি অধ্যাপক পদ্মলোচন নাথে। সভাত মুখ্য বক্তা হিচাপে  বিশিষ্ট কবি অজিত গগৈ, বিশিষ্ট অতিথি হিচাপে  বিশিষ্ট কবি, সমালোচক  নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক  ৰাজীৱ বৰা, বিশিষ্ট ঔপন্যাসিক , গল্পকাৰ জুৰি বৰা বৰগোহাঞি, বিশিষ্ট সমাজকৰ্মী নুৰুল চুলতান আদি ব্যক্তি সকল উপস্থিত থাকে ।বিশিষ্ট অতিথিৰ ভাষণত কবি অজিত গগৈয়ে নীলমণি ফুকনৰ অৱদান ব্যক্ত কৰি অসমীয়া কাব্য সাহিত্যত তেখেতৰ অৱদান একক আৰু অনন্য বুলি অভিমত ব্যক্ত কৰে।এই অনুষ্ঠানত জাতীয় কবি গৰাকীৰ  পুত্ৰ  কবি -সুলেখক অমিতাভ ফুকনৰ ৰচিত  ” মই দেখা নীলমণি’ শীৰ্ষক  জীৱন আধাৰিত   গ্ৰন্থখনি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিয়ে কবি নীলমণি ফুকনৰ ভাতৃ  তৰুণ ফুকনে।উল্লেখযোগ্য যে, বনলতা প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন অসমীয়া সাহিত্যৰ লগতে সামাজিক ইতিহাসৰ কিছু তথ্য ৰ উৎস হৈ পৰিছে। সহজ সৰল কবিজনাৰ কিছু অনাৱস্কৃত দিশো উন্মোচিত হোৱা গ্ৰন্থখনত কবিৰ আত্মজীৱনী ত প্ৰকাশ নোহোৱা বহুতো কথাই সন্নিবিষ্ট হৈছে।আজাদ পুস্তকালয়ৰ উদ্যোগত কুৰালগুৰি উ:মা:বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিকুমাৰী শৰ্মাৰ সম্পাদনাত  ই-আলোচনী  ” আজাদ ” ৰ প্ৰথম সংখ্যাটো  নীলমণি ফুকনৰ ওপজাদিনৰ বিশেষ সংখ্যা ৰূপে  প্ৰকাশ কৰা হয়।গাৰ্গী ভূঞাৰ” বাখৰু”এই সভাতেই উন্মোচন কৰা হয় ।সভাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলকো বঁটা প্ৰদান ক’ৰা হয়। আজাদ পুস্তকালয় প্ৰাঙ্গণত  আয়োজন কৰা আজিৰ অনুষ্ঠানত কবি যুতিমালা বৰঠাকুৰকে ধৰি কেইবাগৰাকী ছাত্র ছাত্ৰীয়ে নীলমণি ফুকনৰ কবিতা আবৃত্তি কৰে।আৰম্ভণিতে আজাদ পুস্তকালয় চৌহদত বৃক্ষ ৰোপন কৰে নীলমণি ফুকণৰ ভাতৃ তৰুণ ফুকণে।কভিদ নীতি মানি অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজে ভাগ লয়।

বনমন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু তিনি গৰাকী বিধায়কৰ হোজাই উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ সভাত ৰাজ্যৰ বন ও পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমল, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থাকে ৷ আজিৰ পৰ্যালোচনা সভাত হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী , জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনৰ কোভিড ভেকচিনৰ পৰা আৰম্ভ কৰি জিলাখনৰ সকলো বিভাগৰ উন্নয়নমূলক কাম কাজৰ ওপৰত পৰ্যালোচনা কৰে ৷ মন্ত্ৰীগৰাকীয়ে ক্ষীপ্ৰ গতিত উন্নয়নমূলক কাম কাজ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। লগতে কাম সমূহ নিয়াৰিকৈ হৈছে নাই , সেইবোৰ বিভাগীয় বিষয়াসকলক তদাৰক কৰাৰ নিৰ্দেশ দিয়ে ৷ উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে খণ্ড উন্নয়ন বিষয়া, ৰাজহচক্ৰ বিষয়াৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল ৷ সভাৰ পিছত মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় – আজি মই উপায়ুক্তৰ লগতে তিনিও গৰাকী বিধায়ক, সাংসদৰ প্ৰতিনিধি, এগৰাকী অভিভাৱক সচিব , বিজেপিৰ হোজাই জিলা সভাপতি আৰু অগপৰ হোজাই জিলা সভাপতিৰ লগতে ১২ টা বিভাগৰ বিষয়া সকলৰ লগত মিলিত হৈ আলোচনা কৰিছো ৷ বিগত সময়ছোৱাত আঠাইকেইটা বিভাগত চলি থকা উন্নয়নমূলক কাম কাজ বোৰ  আমি চালি-জাৰি চাইছো আৰু যিবোৰ আধৰোৱা হৈ আছে বা নতুনকৈ আৰম্ভ হবলগীয়া কামবোৰ শীঘ্ৰে আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ সভাত উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে জিলা পৰিষদৰ সভানেত্ৰীকো দ্বায়িত্ব দিয়া হৈছে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় – জৰাজীৰ্ণ বাট পথৰ কাম শীঘ্ৰে আৰম্ভ হব, বিশেষকৈ কৃষৰ সাৰৰ নাটনি বুলি অভিযোগ উঠিছে, সাৰৰো শীঘ্ৰে ব্যৱস্থা কৰা হব ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয়- যিসকল লোকে মাটি বেচা কিনাৰ অনুমতি লাভ কৰা নাই, সেইসকল লেকৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ আনি আছে ৷ অলপতে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত সকলৰ লগত আলোচনাত মিলিত হৈছে, সেই সমস্যাবোৰ শীঘ্ৰে সমাধান হবলৈ গৈ আছে বুলি অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে ৷

বন্ধন বেংকৰ লোণ লৈ স্বাৱলম্বী ৰেখা দাস

বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে । বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ এতিয়া বিভিন্ন জনে বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে ৷কিছুমানে যদি গাহৰি পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে ৷ এনে সময়তে উল্লেখনীয় কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷কিন্তু এই চৰ্ত মতে লোন মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদন।বিভিন্নজনৰ দৰে গুৱাহাটীৰ বাসিন্দা ৰেখা দাস নামৰ মহিলাগৰাকীও বন্ধন বেংকৰ লোণ লৈ নিজে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰয়াস কৰিছে ৷প্ৰথমে ১২ হেজাৰ টকাৰে লোনটো আৰম্ভ কৰিছিল ৰেখা দাসে ৷ সেই লোনেৰে ৰেখাই ফুটফাটত এখন ক্ষুদ্ৰ দোকান আৰম্ভ কৰিছিল আৰু এই দোকানৰ পৰাই তেওঁলোকৰ ঘৰ চলিছিল ।এনেদৰেই তেওঁ লোন বৃদ্ধি কৰি পাছলৈ তেওঁৰ সেই ক্ষুদ্ৰ দোকান খন নিৰ্মাণ কৰি এখন ডাঙৰ দোকান বনাবলৈ সক্ষম হ’ল ।বন্ধনৰ পৰা লোন লৈ ৰেখা দাসে প্ৰথমে দুচকীয়া গাড়ীৰ পৰা তিনিচকীয়া অ’টও কিনিবলৈও সক্ষম হৈছে ।কেইবাবছৰো লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে ৰখাই ৷ৰেখাই আমাৰ সাংবাদিকৰ আগত কয় যে ‘,বন্ধনৰ পৰা মই বহুত সহায় পাইছোঁ । সেই বাবে বন্ধন মই কেতিয়াও এৰিব নুখুজোঁ ।”মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মাইক্ৰফাইনেন্সৰ লোন লোৱা বন্ধ কৰি দিব কোৱাৰ সন্দৰ্ভত ৰেখাই কয়, “কিস্তি দি থাকিম আমাক লোন লাগিব কাৰণ এই লোনৰ জৰিয়তে আমি বহুত সহায় পাইছোঁ । বেলেগ বেংকত লোন এটা লব গলে আমাৰ বহুত অসুবিধা হয় ।কিন্তু বন্ধন বেংকত আমি অতি সহজে লোন পাও আৰু ইমান দিনে এনেদৰেই লোন লৈ আমি সফল হৈছোঁ।সেই কাৰণে মই ভাবো যে বন্ধনৰ পৰা আমি একো অপকাৰ নহয় উপকাৰ হে পাইছো ।”

বৰ্তমানলৈকে ৰেখাই বন্ধনৰ কিস্তি চলাই আছে আৰু তেওঁৰ কিস্তি শেষ হোৱাত তেওঁ এতিয়া পুনৰ লোন লব বিচাৰে।

গোলাঘাটত কাৰাবন্দী কয়দীৰ পলায়ন

গোলাঘাটত পুনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এজন দুধৰ্ষ অপৰাধীয়ে ।অভিযোগ অনুসৰি  আৰক্ষীৰ হেমাহিৰ বাবেই কটকটীয়া বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ সুবিধা পাই  দুধৰ্ষ অপৰাধী বিমান বৰাই।জানিব পৰা মতে, হত্যা,অপহৰণ,ডকাইতি আদি নানান গোচৰত অভিযুক্ত বোকাখাতৰ এই কুখ্যাত অপৰাধীটো। একাধিক গোচৰত অভিযুক্ত অপৰাধীটো  ২০১৬ চনৰ পৰাই গোলালাঘাটৰ লগতে উজনি অসমৰ বিভিন্ন ঠাইত অপৰাধৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল । আৰক্ষী সূত্ৰে প্ৰকাশ যে  ২০১৭ চনত ৰুজু হোৱা এই গোচৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত অপৰাধীটোক। দীৰ্ঘদিন ধৰি গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আছিল বিমান।যোৱা ৩১ আগষ্ট তাৰিখে কিছু শাৰিৰীক অসুস্থতাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কাৰাবন্দী চিকিৎসা কক্ষত ভৰ্তি কৰোৱা হৈছিল অপৰাধীটোক। ৭ ছেপ্টেম্বৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক্সৰে কৰিবলৈ বুলি কাৰাবন্দী কক্ষৰ পৰা এক্সৰে চেন্টাৰলৈ নিয়া হৈছিল বিমানক।আৰু তাতেই সংঘটিত হ’ল ঘটনাটো।আৰক্ষীৰ হেমাহি আৰু গাফিলতিৰ বাবেই এক্সৰে কক্ষৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধীটোৱে । উল্লেখযোগ্য যে  আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মৌন হৈ থকা পৰিলক্ষিত হৈছিল।অৱশ্যে সংবাদ মাধ্যমে সকলো কথা জানিব পৰাত আৰক্ষীয়ে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে।অভিযোগ অনুসৰি  চিকিৎসালয়খনৰ আৰক্ষী আউটপোষ্টত থকা আৰক্ষীয়ে কৰা কামৰ গাফিলতিৰ বাবেই দুধৰ্ষ অপৰাধীটো পলাবলৈ সক্ষম হ’য়।

নগাঁও বন বিভাগৰ অভিযানত জুৰীয়া- মাহগুৰিত অবৈধ কাঠফলা মিল উৎখাত

 নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ এক বিশেষ নিৰ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোবা এটি অভিযানকাৰী দলে  জিলাখনৰ জুৰীয়া মাহগুৰি অঞ্চলৰ পৰা দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি আজি দীৰ্ঘদিনৰ পৰি জুৰীয়া মাহগুৰি অঞ্চলত চিয়াজুল ইছলাম নামৰ এজন ব্যক্তিয়ে এই অবৈধ কাঠমিলৰ ব্যৱসায় চলাই আহিছিল ৷ অভিযানত বন বিভাগৰ কেইবাগৰাকী বন বিষয়া- বনকৰ্মী উপস্থিত থাকে ৷

নিজৰ সমস্ত সাচতীয়া ধন খৰচ কৰি সম্প্ৰতি লাওলোৱা এজন প্ৰকৃত কৃষক

উচ্চ শিক্ষিত যুৱকৰ মৰ্মবেদনাই সকলোকে মৰ্মাহত  কৰি তুুলিছে । চাকৰিৰ মোহ ত্যাগ কৰি কৃষি কাৰ্যৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে নিজৰ সমস্ত সাচতীয়া ধন কৃষি কৰ্মত লগাই আজি তেনেই লাওলোৱা এইজন উচ্চ শিক্ষিত যুৱক । উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তৰ ছিজুছাৰ তালৰ টেচী নামৰ এইজন উচ্চ শিক্ষিত যুৱকে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত ২০১৯  চনত ছিজুছাৰ মনাইত ২৫ বিঘা মাটিত আৰম্ভ কৰে নেমু খেতি । নিজৰ সাচতীয়া ধনৰ উপৰিও স্হানীয় বিভিন্ন উৎসৰ পৰা কেইবা লাখ টকা ধাৰে লৈ  পাহাৰ ভাঙি আৰম্ভ কৰে নেমু খেতি । সমান্তৰাল ভাৱে নেমু খেতিৰ মাজে মাজে ৰোপন কৰে কেইবাশতাধিক তামোল পুলি । লহপহকৈ বাঢ়ি অহা তথা নেমু গছবোৰত লোমেলোমে নেমু লাগিবলৈ ধৰাৰ সময়তে দেশত দেখা দিয়া কভিত-১৯ ৰ বাবে বন্ধ হৈ পৰে সকলোবোৰ ব্যাবসায় বানিজ্য । এনে পৰিপেক্ষিত নেমুগছত লোমেলোমে লাগি থকা হাজাৰ হাজাৰ নেমু গছতে নষ্ট হবলৈ ধৰে । নেমু বজাৰত বিক্ৰী কৰি নিজকে স্বনিৰ্ভৰশিল কৰি তোলাৰ বিপৰীতে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে এটা টকাৰো নেমু বিক্ৰী কৰিব নাপালে । গছৰ তলতে পকি গেলি পৰি থকা নেমুৰ দৃশ্য সচাই হৃদয় বিদাৰক । অৰুণাচলৰ পাকেকেচাং জিলাৰ ১২ নং পাকেকেচাং সমষ্টিৰ অন্তৰ্গত মনাইত উচ্চ শিক্ষিত যুৱক জনৰ আজিৰ অৱস্হাই স্বাভাৱিকতে সকলোৱে দুখ প্ৰকাশ কৰিছে যদিও স্থানীয় বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত এইজন কৃষকৰ মৰ্ম বেদনা উপলব্ধি কৰাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ‌ । উল্লেখ্য যে এইগৰাকী আগ্ৰহী কৃষক টেচীয়ে নেমু খেতিৰ উপৰিও জলকীয়া খেতি ৪ বিঘাও আছে যদিও সেয়াও ধাৰাসাৰ বৰষুণে নষ্ট কৰি থৈছে । তদুপৰি এইজন উচ্চ শিক্ষিত কৃষকে বিগত ৮ বছৰ ধৰি মুঠ ১৬ বিঘা মাটিত ৰাবাৰ খেতি কৰি আছে যদিও সেই খেতিৰ পৰা ফুটা কড়ি এটাও লাভ কৰা নাই। এনে এজন কৃষকক চৰকাৰেও সহায় কৰাৰ প্ৰয়োজন আছে বুলি বিবেচিত হৈছে। গতিকে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্ডুয়ে এনে ধৰনৰ শিক্ষিত যুৱ কৃষক সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বিত্তীয় সকাহ দিবলৈ স্থানীয় সচেতন ৰাইজে আহ্বান জনাইছে ।