নাই মোমাইতকৈ কণা মোমাই সাৰ, এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছিল বিগত বছৰৰ মহামাৰী কৰ’নাৰ সময়ত । কিয়নো ৰাজ্য চৰকাৰে মহামাৰী কৰ’নাৰ লকডাউনৰ সময় চোৱাত প্ৰায় সংখ্যক লোকৰ একাউণ্টত ৫০০ শ টকা দিয়াৰ উপৰিও বিনামূলীয়া চাউল আৰু চৰকাৰী কৰ্মচাৰী সকলৰ পৰাও কিছু সাহাৰ্য্য আগবঢ়োৱা হৈছিল । কিন্তু এইবেলি বিগত বছৰৰ তুলনাত বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ মাজত খাদ্য সংকটে দেখা দিছে । বিশেষকৈ নৈশ বাছৰ টিকট কাউন্টাৰত থকা যুৱক,যুৱতী সকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে ৰৌতা, ধনশ্ৰীঘাট আৰু ওৰাঙত কেইবাটাও নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰ আছে । কাউন্টাৰত টিকট বিক্ৰী নামত নিয়োজিত হৈ থকা বহু যুবক যুৱতীয়ে ইযাৰ পৰা কিছু অংশ লাভ কৰি পৰিয়ালক পোহ পাল দি অহাৰ লগতে নিতৌ ব্যৱহাৰ্য্য সামগ্ৰী কিনি কোনো মতে যোৰা তাপলি মাৰি চলিছে যদিও এতিয়া দীৰ্ঘ দিন ধৰি নৈশ বাছ বন্ধ হৈ পৰাত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে ।তেওঁলোকৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ।ৰুদ্ধ হৈ পৰিছে যুবক, যুবতী সকলৰ জীৱন আৰু জীৱিকাৰ গতি পথ । কেবল নৈশ বাছ সেৱাৰ টিকট বিক্ৰী কৰা যুৱক যুৱতী সকলৰে তথৈবচ অৱস্থা নহয ।অনুৰূপ ধৰনেৰে চেলুন, দৰ্জী, ধোৱা, মচি, প্ৰেছ, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা যুবক যুবতী সকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে। গতিকে এইসকল ব্যৱসায়ত জড়িত হৈ থকা যুৱক যুৱতী সকলে আৰ্থিক সাহাৰ্য্যৰ বাবে চৰকাৰৰ মুখলৈ বাদ চাই আছে ।
ক’ভিড যুঁজত মাজবাটৰ আদৰ্শ মুলক বাহিপুখুৰী চাহ বাগিছা
ওদালগুৰি জিলাৰ ভিতৰতেই মাজবাটৰ নিলগৰ ধনশ্ৰী টি কোম্পানীৰ উল্লেখযোগ্য আৰু প্ৰশংসনীয় চাহ বাগিচা হৈছে বাহিপুখুৰী চাহ বাগিচা । বৰ্দ্ধিত মহামাৰী ক’ভিড কালত অসমৰ বহু চাহ বাগিচাৰ শ্ৰমিকে ক’ৰোণা সংক্ৰান্তত প্ৰচাৰ হৈ থকা কিছুমান উৰা বাতৰিত ভুল গৈ ক’ভিড ১৯ পৰীক্ষাৰ পৰা পলাই ফুৰা ভেকচিন নোলোৱা , পৰীক্ষা নকৰা ,স্বাস্থ্য কৰ্মীক বেয়া ব্যৱহাৰ কৰা দেখা গৈছিল । মাজবাট অঞ্চলত এখন চাহ বাগিচাত কৰোণা টেষ্ট কৰাৰ কথা বুজাবলৈ যাওঁতে স্বাস্থ্য কৰ্মীৰ লগতে আটছা কৰ্মী সকলো অপদস্ত হব লগা হৈছিল । ভয় ,ভাবুকি নীৰৱে সহ্য কৰিব লগীয়া দৰে ঘটনাও সংগঠিত হৈ থকাটো এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ কিন্তু এইবোৰ ঘটনাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা পোৱা গৈছে মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাখনত । চাহ বাগিছা খনৰ চিকিৎসক ,স্বাস্থ্য কৰ্মী ,আশা কৰ্মী , পৰিচালক ও চাহ শ্ৰমিক সকলৰ প্ৰত্যক্ষ সহযোগত এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰি কৰি মাৰাত্মক বৰ্দ্ধিত মহামাৰীৰ বিৰুদ্ধে চৰকাৰে জনোৱা আহ্বান মৰ্মে সমূহীয়া ভাবে যুজঁ দিয়াৰ ফলত বাগিছা খন কৰোণা মুক্ত বাগান হিচাপে চিহ্নিত হোৱাৰ পথত ধাৱমান হৈছে । এই বাহিপুখুৰী চাহ বাগিছা খনৰ মুঠ জনসংখ্যা হৈছে ৪৫০৪ গৰাকী আৰু ইয়াৰে ৩৫১৬ গৰাকী হৈছে বাগিচাখনৰ চাৰিসীমাৰ অন্তৰ্গত বাসিন্দা । ৮২২ টা পৰিয়াল থকা বাগিচাখনত প্ৰথম অৱস্থাত শতাধিক কৰোণা পজিটিভ চিনাক্ত হোৱাত এক হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছিল । শ্ৰমিক সকলেও কৰোণা টেষ্ট কৰোৱাত শংকিত,আতংকিত হোৱা পৰিলক্ষিত হৈছিল । টেষ্ট কৰিবলৈ অমান্তি হৈছিল । পজিটিভ লোক সকল বাগিচাৰ বাহিৰৰ কো’ভিড কেয়াৰ চেণ্টাৰত যাবলৈ অমান্তি পর্যন্ত হৈছিল । স্বাস্থ্য কৰ্মী ,প্রশাসন , বিজেপি দলৰ কাৰ্য্যকর্তা , বিভিন্ন দল সংগঠনে চলোৱা প্ৰচেষ্টাৰ ফলত এই ধৰণৰ অশান্তময় পৰিবেশৰ পৰা ক্ৰমান্বয়ে এক সুস্থিৰ অৱস্থালৈ ঘূৰাই অনা হৈছিল । আতংকিত হৈ পৰা চাহ শ্ৰমিক সকলক বুজোৱা , ক’ভিড চেণ্টাৰৰ ব্যৱস্থা কৰি বাগিচাখনতেই ৰাখি চিকিৎসা সেৱা আগবঢ়াই খোৱা বোৱাৰ পৰা আবশ্যক অনুসৰি বিছনা পত্ৰ আদিবোৰৰ ব্যৱস্থা কৰি দিয়াটো ইমান সহজো নাছিল ৷ যদিও বাগিচাখনৰ শ্ৰমিক সকলৰ পাৰস্পৰিক আৰু উমৈহতীয়া সক্ৰিয় সহযোগিতাৰ ফলত অৱশেষত সকলো কামেই সহজ ভাবে পৰি চালিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছিল । চাহ বাগিচাখনত ইতিমধ্যে এতিয়ালৈ ১৯১১ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছে তাৰে কৰোণা ১২৪ গৰাকীৰ দেহত কৰোণা ধৰা পৰিছিল । ইয়াৰে ১২১ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে আৰু ৩ গৰাকী এতিয়ালৈ চিকিৎসাধীন হৈ আছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতৰ সহযোগত বাগিচাখনৰ একটিং পৰিচালক তিলক চন্দ্ৰ ডেকা, জ্যেষ্ঠ সহঃ পৰিচালক মোহন শইকীয়া, চিকিৎসক কে পি মিশ্ৰ ,স্বাস্থ্য সহায়ক ,চিবেশ গোৱালা,এ এন এম নিতা দেৱী ,ফাৰ্মাচিষ্ট কে চি ব্ৰহ্ম ,এ এন এম ক্ৰমে নিৰুপমা চহৰীয়া , মহিমা কুৰ্মী , পিপলিং বড়ো ,আৰু আশা পৰ্যবেক্ষক ববী টিগ্গা আশা কর্মী ক্ৰমে – আছিচণ তিৰ্কী, দেবয়ন্তী ৰজক, যশোদা লাকড়া , মমি গৌড় , সন্ধ্যা তাঁতি প্ৰমুখ্যে কৰ্মী সকলে অক্লান্ত পৰিশ্ৰম কৰি বাগিছা খনৰ এক সুস্থিৰ আৰু উন্নত পৰিবেশ উভতাই আনে ।মাজে সময়ে এই বাগিছাখন ওৰাঙৰ স্বাস্থ্য কৰ্মী ৰঞ্জিত থাপা,অনিল কলিতা, আবু বক্কৰ চিদ্দিক,সঞ্জীৱ তালুকদাৰ,উদয় শংকৰ শৰ্মাআদিয়ে শ্ৰমিক সকলক ক’ভিড টেষ্ট কৰি আহিছে ৷ক’ভিড ১৯ ৰ বিৰুদ্ধে দিনে নিশাই একাকাৰ কৰি যুজঁ দিয়া কভিড যোদ্ধা শিৱেচ গোৱালাক স্বাস্থ্য ভিভাগৰ তৰফৰ পৰা যোৱা ১১জুলাইত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত আয়োজিত জিলা উপায়ুক্ত উপস্থিত থকা এখন সভাত সম্বৰ্ধনাও জনোৱা হৈছে । বাগিছা খনৰ স্বাস্থ্য কৰ্মী সকলৰ এটাই আশা কৰিছে যে কৰোণা মুক্ত চাহ বাগিছা লাগে । কভিড হট স্পট হিচাপে চিহ্নিত হোবা চাহ বাগিছাখন স্বাস্থ্য বিভাগ আৰু চাহ বাগিছাৰ কভিড ভেকচিন গ্ৰহন, সুচিকিৎসা,সুব্যবস্থাপনা আৰু সুদক্ষ পৰিচালনা আদিৰ বাবে দিনক দিনে কভিড সংক্ৰমন ক্ৰমান্বয়ে উন্নতি দিশত হ্ৰাস পাবলৈ ধৰিছে ৷এইখন চাহ বাগিছাই কভিডৰ ক্ষেত্ৰত গ্ৰহন কৰা প্ৰশংসনীয় কাৰ্য্যক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই শলাগ লৈ আন্তৰিক ধন্যবাদ জনাইছে ৷
মাণিকপুৰ কোভিড কেয়াৰ চেন্টাৰৰ কদৰ্য ৰূপ। নৰক যন্ত্ৰনাত কোভিড ৰোগী
সদায় শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে স্বাস্থ্য বিভাগত কিমান সহনশীলতাৰে উন্নয়ন কৰিছে তাৰেই এক বাস্তৱ প্ৰতিছব্বি দেখুৱাম এই প্ৰতিবেদনৰ জৰিয়তে। বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ওপৰ মহলাত থকা কোভিড চেন্টাৰত নৰক যন্ত্ৰণা ভোগ কৰি দিন অতিবাহিত কৰিছে কোভিড ৰোগীয়ে ।কোঠালিৰ ভিতৰত নাই কনো চাফ চিকুনতা, প্ৰশ্ৰাৱগাৰ , সৌচাগাৰ, বাথৰূমৰ কদৰ্য ৰূপ দেখিলে আপোনাৰ চকু কপালত উঠিব। তাত্পৰ্যপূৰ্ণ কথাটো হ’ল এজন কোভিড ৰোগী ৰিলিজ লোৱাৰ পিছত বিছনা চেনিটাইজ নকৰাকৈয়ে একেখন বিছনাতে আন কোভিড ৰোগীয়ে নিজে চাফ চিকুণ কৰি থাকিব লগীয়া হৈছে। পানীৰ টেপ খুলিলেই ব্যৱহাৰৰ অনুপযোগী ৰঙা চাহ সদৃশ পানী ওলায়। স্নান কৰাটো দুৰৈৰ কথা হাতেৰে চুলেই নানান ৰোগ সংক্ৰমণ হ’ব পাৰে। দৈনিক ৩ লিটাৰ পেকেজিং খোৱা পানী দিয়ে দায়িত্ব সামৰিছে বিয়াগোম স্বাস্থ্য বিভাগে। মুঠতে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এক অৰাজকতাৰ মাজেৰে চলিছে স্বাস্থ্য সেৱা। চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে কোভিট ৰোগী থকা চেন্টাৰ তথা ৰোগীৰ বাবে। কিন্তু প্ৰকৃততে কোভিডৰ বাবে আৱন্টিত ধনৰ সদ ব্যৱহাৰ হৈছেনে। ভূক্তভোগী কোভিট ৰোগীয়ে ইয়াৰ এক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগতে উপায়ুক্ত মহোদয়ক আৰু মনিকপুৰ ৰাজ চক্ৰ বিষয়া আহ্বান জনাইছে।
এম এ চিৰ কেবিনেটত কেবাটাও দপ্তৰৰ সাল-সলনিঃ নতুন কাৰ্যবাহী সদস্যৰ নিযুক্তিঃ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াৰ নেতৃত্বত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষতাত আজি পৰিষদৰ কাৰ্যালয়ত এখনি কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ উক্ত কেবিনেটত মাজুলীৰ ৩২ নং ৰাদাং- ৰৃক্কং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য উমা পাঠৰীক কাৰ্যবাহী সদস্য হিচাপে নতুনকৈ অন্তৰ্ভুক্ত কৰা হয় ৷ নতুন কাৰ্যবাসী সদস্য পাঠৰিক পৰিষদৰ মীন আৰু হাট-ঘাটৰ কাৰ্যবাহী সদস্যৰ দায়িত্ব দিয়া হয় ৷ আজি কাৰ্যবাহী সদস্য পাঠৰিক পৰিষদৰ কাৰ্যালয়ত শপত বাক্য পাঠ কৰায় ৷ ইপিনে আজি পৰিষদৰ কেবাটাও বিভাগৰ দপ্তৰৰ সাল-সলনি কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ভূমি আৰু ৰাজহ বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেৰ কুটিৰ শিল্প বিভাগটো পৰিষদৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙক, মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াৰ দায়িত্বত থকা হাট-ঘাটৰ বিভাগটো নতুনকৈ কেবিনেটত অন্তৰ্ভুক্ত হোৱা কাৰ্যবাহী সদস্য উমা পাঠৰীক, সামাজিক বনানিকৰণ বিভাগটো ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীক আৰু পৰিবহণ বিভাগটো কৃষি আৰু মীন বিভাগৰ দায়িত্বত থকা দেৱৰঞ্জন মৰাঙক অৰ্পণ কৰে ৷ পৰিষদৰ বিশেষ কৰ্মৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে জনোৱা মতে কেবিনেটৰ উল্লেখিত সিদ্ধান্তবোৰৰ উপৰিও পৰিষদৰ দ্বাৰা ৰূপায়িত আঁচনিৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হৈ পৰিষদৰ দ্বাৰা ৰূপায়িত সকলো আঁচনি সমূহ দ্ৰুত কৰিবলৈ সকলোকে আহ্বান জনায় ৷
কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ দেহাৱসান: সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ
ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা যোৱা নিশা প্ৰায় ১:১৫ বজাত পৰলোক প্ৰাপ্তি ঘটে৷ ডেকাকালৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডিমাকুছিত শঙ্কৰদেৱৰ আদৰ্শ প্ৰচাৰ কৰি অঞ্চলটোত জাতি জনজাতিৰ মাজত মিলনসেতু গঢ়া হৰেকৃষ্ণ মহন্তৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ ওদালগুৰিত৷ উল্লেখ্য যে ৯৭ বছৰীয়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল কিছু দিন পূৰ্বে তেতিয়াৰ পৰাই শয্যাগত অৱস্থাত আছিল সত্ৰাধিকাৰ গৰাকী। কিন্তু সদৌ শেষত নিয়তিৰে হাৰ মানি যোৱা নিশা বৰঙ্গাজুলি সত্ৰত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ গৰাকী৷ মাধৱদেৱ বঁটা, ভকত শিৰোমণি, ভূপেন হাজৰিকা সমন্বয় বঁটা, অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা আৰু মৃত্যুৰ ১২ ঘন্টা পূৰ্বে ওদালগুৰি জিলা সাহিত্য সভাৰ ‘ওদালগুৰি ৰত্ন-২০২০’ লাভ কৰা বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাক শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিআৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিছিৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকে আদি কৰি বহুতো লোক। আনফালে বিভিন্ন বঁটাৰে সন্মানিত হৰেকৃষ্ণ মহন্তৰ মৃত্যুত শোক প্ৰকাশ কৰে ওদালগুৰি জিলাৰ বিভিন্ন দল সংগঠন, ওদালগুৰি জিলা সাহিত্য সভা, টংলা সাহিত্য সভা, টংলা আঞ্চলিক ছাত্ৰ সন্থা, টংলা প্ৰেছ ক্লাৱকে আদি কৰি সমূহ ওদালগুৰি বাসি ৰাইজে।
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ সৰ্বশিক্ষা ঐক্যমঞ্চৰ বৰঙণি প্ৰদান
সদৌ অসম সৰ্বশিক্ষা ৩য়, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ঐক্যমঞ্চৰ তৰফৰ দেশৰ ক’ভিড পৰিস্হিতি মোকাবিলা কৰাৰ বাবে অসম চৰকাৰৰ সাহাৰ্যপুঁজিলৈ কিছু অনুদান আগবঢ়ায়। যোৱা ১৭জুন তাৰিখে ঐক্যমঞ্চৰ এটা সজাতি দ’লে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঐক্যমঞ্চৰ জমা পুঁজিৰ তৰফৰ পৰা ১,৩১,০০০(একলাখ একত্ৰিশ হাজাৰ) টকা ড্ৰাফট্ যোগে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বৰঙনি আগবঢ়ায়। আনহাতে সমগ্ৰ অসমতে সৰ্বশিক্ষাৰ কৰ্মৰত ৩৩ খন জিলাৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এদিনৰ দৰমহা কৰ্তনৰ পৰা প্ৰায় ২৪,৫০,৬৩৭(চৌব্বিশ লাখ পঞ্চাশ হাজাৰ ছশ সাতত্ৰিশ) টকা দিয়া হয় বুলি ঐক্য মঞ্চৰ তৰফৰ পৰা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী সাক্ষাৎ অনুষ্ঠানত উপস্থিত থাকে ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰশেখৰ শৰ্মা, ভূদেৱ গোস্বামী, সাধাৰণ সম্পাদক উত্তম দত্ত, যুটীয়া সম্পাদক মনোজ ডেকা আৰু কাৰ্যকৰী সদস্য ক্ৰমে জিতু বৰুৱা, হেমন্ত শৰ্মা আৰু ৰঞ্জোৎপল বৰঠাকুৰ। দ’লটিয়ে লগতে মুখ্যমন্ত্ৰীক সৰ্বশিক্ষাৰকৰ্মচাৰীসকলৰ চাকৰীৰ ম্যাদ আৰু নিৰাপত্তা ৬০ বছৰলৈ সুঃনিশ্চিত কৰিবলৈ জনোৱা অনুৰোধৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি কমদিনৰ ভিতৰতে সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বুলি ঐক্যমঞ্চৰ তৰফৰ পৰা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সময়ত ঐক্যমঞ্চৰ সজাতি দ’লটিক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ মাননীয় বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱাই।
থলুৱাক প্ৰতাৰণা কৰি বহিৰাগত পুজিপতি গোষ্ঠীক ৰঙাদলিচা অ’ এন জি চি ৰ : এপ’ল’ আৰু GeM ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীত অ’ এন.জি.চি ঠিকাদাৰ সন্হাৰ অৱস্হান ধৰ্মঘট
দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) অসম সম্পদৰ একাংশ বহিৰাগত – অনাঅসমীয়া বিষয়াই কিছু বছৰ ধৰি অসম আৰু অসমীয়া জাতিক কৰি অহা প্ৰতাৰণা আৰু অসম বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি নিগমৰ অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয় সন্মুখত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটাই জিলাখনৰ শতাধিক ঠিকাদাৰে অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে । অ’ এন জি চি , অসম সম্পদৰ একাংশ বহিৰাগত বিষয়াৰ অসম বিৰোধী ষড়যন্ত্ৰৰ বাবেই শেহতীয়াকৈ থলুৱা ক্ষুদ্ৰ ঠিকাদাৰ তথা শ শ পৰিয়ালক ভাতে মাৰি এপ’ল’ প্ৰতিষ্ঠানক ঔষধ যোগান তথা ফাৰ্মাচীৰ আৱণ্টনৰ ঠিকা অৰ্পণ কৰে । তাৰোপৰি অ’ এন জি চিৰ অসম সম্পদৰ অধীনত বছৰ বছৰ ধৰি পেট প্ৰৱতাই থকা শ শ পৰিয়ালক ভাতে মৰাৰ ব্যৱস্থাৰে GeM ৰ জৰিয়তে যান – বাহনকে ধৰি বিভিন্ন বিভাগৰ ঠিকা কাম গতাই দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ এপ’ল’ আৰু GeM ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীত আজি নাজিৰাস্থ অ’ এন জি চি মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত শিৱসাগৰ জিলা অ.এন.জি.চি ঠিকাদাৰ সন্হাই অৱস্হান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে । বিশেষকৈ এই ঠিকাদাৰ সকলে কেন্দ্ৰীয় চৰকাৰে অ’ এন জি চি ক বান্ধি দিয়া নীতি নিৰ্দেশনাক লৈও ক্ষোভ প্ৰকাশ কৰে য’ত অ’ এন জি চি য়ে GeM Potal প্ৰক্ৰিয়াৰে নিবিদা আদায় দিয়াৰ কথা প্ৰকাশ কৰিছে । এই বিষয়ক লৈ থলুৱা ঠিকাদাৰ সকলে বিৰোধিতা কৰি এপ’ল’ ক প্ৰদান কৰা ঔষধ তথা ফাৰ্মাচীৰ ঠিকা আৰু GeM প্ৰত্যাহাৰ নকৰিলে অনাগত দিনত অ’ এন জি চিয়ে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ লগতে অ’ এন জি চিৰ যদি কিবা অনিষ্ট হয় ইয়াৰ বাবে ঠিকাদাৰ সন্হাক দোষাৰোপ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি ইয়াৰ বাবে কেন্দ্ৰীয় , ৰাজ্য চৰকাৰ আৰু অ’ এন জি চি কৰ্তৃপক্ষ জগৰীয়া হ’ব বুলি সকীয়াই দিয়ে । উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিষয় – ববীয়াই অংশগ্ৰহণ কৰে । আনহাতে অ’ এন জি চিৰ এনে অসম বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম আৰু অসমীয়া জাতিসত্ত্বা জীয়াই ৰথাৰ স্থাৰ্থত জাতীয় ভাৱাপন্ন সংগঠন সমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা ( অ’ এন জি চি ) ঠিকাদাৰ সন্থাই ।
বকোত বি জে পি চৰকাৰৰ সৰ্বাঙ্গীন উন্নয়ণৰ ফোপোলা স্বৰূপ উদঙাইছে শালমাৰা বাসীয়ে।
ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাংসদ ; মন্ত্ৰী তথা বিধায়ক সকলে ঘোষণাৰ উপৰিও ঘোষণা কৰি থকা কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ যাতায়তী সমস্যাৰ শালমাৰা পাৰ ঘাট দলং আজিও নিৰ্মাণ নহ’ল। বছৰৰ পাছত বছৰ ধৰি অৱহেলিত হৈ থকা এই অঞ্চলৰ জনসাধাৰণৰ মনৰ বেদনা নুসুনিলে এই বি জে পি চৰকাৰে। উল্লেখ্য যে ; বকো ছমৰীয়া হৈ শালমাৰা পাৰ ঘাটেৰে পুৰাণ মালিবাৰীৰ মাজেদি নগৰবেৰালৈ যোৱা পথটোৰ জলজলি নদীৰ শালমাৰা ঘাটত এখন দলং আজিও নিৰ্মাণ নকৰিলে এই চৰকাৰে। কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু লোকসভ তথা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও এই চৰকাৰৰ সাংসদ ; মন্ত্ৰী ; বিধায়ক তথা বি জে পিৰ নেতা পালিনেতাই এই অঞ্চলত নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰি গঞা ৰাইজৰ ভোট ভিক্ষা কৰি ঘোষণা কৰিছিল দলং নিৰ্মাণ কৰি দিয়াৰ। নিৰ্বাচন শেষ ঘোষণাও শেষ। চৰকাৰ গঠন হ’ল ; শাসন চলিল আৰু ভোটৰ নিৰ্বাচন পুনৰ চৰকাৰ গঠন হ’ল তথাপিও দলং নিৰ্মাণৰ কথা নোলাল। প্ৰকাশ্য যে ; ঐতিহ্য মণ্ডিত ছমৰীয়া সত্ৰ আৰু মালিবাৰী সত্ৰ সংযোগী একমাত্ৰ পথৰ মাজত বৃহৎ জলজলি নদী। জলজলি নদীৰ শালমাৰা ঘাটত ৰাইজৰ বিননি শুনিবলৈহে নাই চৰকাৰৰ জনপ্ৰতিনিধি। এই ক্ষেত্ৰত শালমাৰা পাৰ ঘাটত যাতায়তী কৰা লোকসকলে চৰকাৰক আহ্বান জনাইছে অতিশীঘ্ৰে দলং নিৰ্মাণ কৰি দিবলৈ।
মালিগাঁওৰ পাহাৰীয়া অঞ্চলত ১৫ টা চুলাই মদৰ ভাটী ধ্বংস
ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও ক’ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ভাটীত অভিযান তীব্রতৰ কৰি তুলিছে । আনহাতে ৰাজ্যৰ আন আন কেবাখনো জিলাৰ দৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত পাণ্ডু আৱকাৰী চক্ৰই কালি মালিগাঁও আৰক্ষী চকীৰ সহযোগত পাহাৰীয়া অঞ্চল ক্ৰমে আডিংগিৰি আৰু মিঠা আমৰতলত চুলাই মদৰ ভাটীত এক বৃহৎ অভিযান চলায় । অভিযানত ১৫ টা চুলাই মদ প্ৰস্তুত কৰা ভাটী ধ্বংস কৰা হয় । অৱশ্যে অভিযানত কোনো লোককে আটক কৰিব পৰা নগলেও প্ৰায় ৪০০ লিটাৰৰো অধিক চুলাই মদ , ৬,৬০০ কেজিৰো অধিক চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ আৰু বিভিন্ন সা সঁজুলি জব্দ কৰা হয় ।উল্লেখযোগ্য যে ১৩ জুলাইতো আৱকাৰী বিভাগে অঞ্চলটোত অভিযান চলাই ১৩ টা চুলাই মদ প্ৰস্তুত কৰা ভাটী ধংস কৰিছিল ।
দীপৰ বিলত ধোঁৱাচাঙত ক’ভিড বিধি
ৰাজ্য চৰকাৰে ক’ভিডৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে বিগত এপ্ৰিল মাহৰ শেহৰ পৰা সান্ধ্য আইনকে ধৰি কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে । তাৰ ভিতৰত প্ৰথমটোৱেই হৈছে যিকোনো সমাগম এৰাই চলা । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ নামত বিলৰ দক্ষিণ দিশত দৈনিক শ শ লোকৰ সমাগম হোৱা ঘটনাই সচেতন লোক সকলক চিন্তিত কৰি তুলিছে । এই সন্দৰ্ভত দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ কৰ্মকর্তাদ্বয় প্ৰমোদ কলিতা আৰু বিৰাজ কলিতাই ( পৱন ) জানিবৰ দিয়া মতে বিগত প্ৰায় দুমাহ ধৰি সপ্তাহৰ দেওবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ দীপৰ বিলৰ পাৰত থকা বন বিভাগৰ পক্ষী নিৰীক্ষণ স্তম্ভৰ সমীপৰ অংশখিনীত শ শ লোকৰ সমাগম হয় । বিগত এপ্ৰিল মাহৰ শেহৰ পৰা ক’ভিড প্ৰট’কল বিধি মানি দীপৰ বিল বন্যপ্ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে পক্ষী নিৰীক্ষণ চৌহদটো দর্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰাখিছে । তাৰ পাছতো দৈনিক শ শ লোকে পক্ষী নিৰীক্ষণ চৌহদৰ আশে পাশে ভিৰ কৰা ঘটনাই স্থানীয় বাসিন্দাক সকলক স্বাভাৱিকতে চিন্তিত আৰু শংকিত কৰি তুলিছে । ইয়াৰ ভিতৰত দেওবাৰে অভূতপূৰ্ব সমাগম হয় । লক্ষ্যনীয়ভাবে বিগত বৰ্ষত লকডাউন চলি থকাৰ সময়তো একাংশই এনে ভিৰ কৰিছিল । কিন্তু আজাৰা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জনে এদল আৰক্ষী – চি আৰ পি এফৰ লোকক লগত লৈ এনে সমাগম আঁতৰ কৰিবৰ বাবে কেবাদিনো মৃদু লাঠীচালনাকৰিব লগা হৈছিল । কিন্তু এইবেলি আজাৰা আৰক্ষীয়ে তেনেকোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ বাধাহীনভাবে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ লোকে ক’ভিড বিধি উলংঘা কৰি বিলৰ পাৰত সমাগম কৰি আহিছে । ফলত তেনে সমাগমৰ পৰা অঞ্চলটোত ক’ভিডৰ গণ সংক্ৰমণ হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন লোকসকলে । কিন্তু সকলো দেখি শুনিও আৰক্ষী – প্ৰশাসনে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা ঘটনাই তেনে সমাগম বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।











