মধ্যপ্রদেশৰ বিজেপি মন্ত্রী এগৰাকীয়ে তেওঁৰ সৈতে ছেলফি উঠিব বিচৰা লোকৰ পৰা ১০০ টকাকৈ দাবী কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ঊষা ঠাকুৰ নামৰ মন্ত্রীগৰাকীয়ে কালি উল্লেখ কৰে যে যিসকলে তেওঁৰ লগত ছেল্ফি উঠিব তেওঁলোকে ১০০ টকাকৈ আদায় দিব লাগিব আৰু এই ধন দলৰ কাম–কাজৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ লক্ষণীয়ভাৱে মন্ত্রীগৰাকীয়ে সময়ৰ অপচয় নহ’বলৈ এনে প্রক্রিয়া আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমক জনাইছে৷ বিভিন্ন কার্যসূচীত অংশগ্রহণৰ পূর্বে অনুৰাগীসকলে ছেল্ফি উঠি মন্ত্রীগৰাকীৰ সময় নষ্ট কৰে বুলিও অভিযোগ কৰে সংবাদ মাধ্যমত৷
চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য ধ্বংস কৰিবলৈ দিয়া নহ’ব
ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে গ্রহণ কৰা প্রতিবাদী সমাৱেশত ড০ সমুজ্জ্বল ভট্টাচার্য
চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত দেওবাৰে প্রতিবাদী সমাৱেশ অনুষ্ঠিত হয়৷ পুৱা ১১ বজাৰ পৰা চন্দ্রপুৰৰ প্রতিখন গাঁৱৰ শ শ লোকে নাম গাই, গীত গাই প্রতিবাদ কৰাৰ উপৰি চৰকাৰবিৰোধী আৰু ডাম্পিং গ্রাউণ্ডবিৰোধী শ্লোগানেৰে চন্দ্রপুৰৰ আকাশ–বতাহ কঁপাই তোলে৷ প্রতিবাদী সমাৱেশত উপস্থিত হয় সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা তথা উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠনৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য৷
প্রতিবাদী সমাৱেশত উপস্থিত হৈ ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– ডাম্পিং গ্রাউণ্ডবিৰোধী সংগ্রামত চন্দ্রপুৰবাসী অকলশৰীয়া নহয়, এই সমস্যা অসমৰ সমস্যা৷ সেয়েহে আজি মই আপোনালোকৰ সংগ্রামত আহি উপস্থিত হৈছোঁ৷ চন্দ্রপুৰ প্রাকৃতিকভাৱে অতি চহকী, মানুহবোৰ সহজ–সৰল, কিন্তু এটি সাংঘাতিক সংগ্রামী চেতনাৰ লোক৷ এই ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে সংগ্রামখন অহিংসভাৱে, ইমান শান্তিপূর্ণভাৱে অব্যাহত ৰাখিছে৷ তাৰ বাবে চন্দ্রপুৰৰ প্রতিগৰাকী সংগ্রামী নাগৰিকক অভিনন্দন জনালোঁ৷ এইসংগ্রাম ৰাইজে বিচৰা সিদ্ধান্ত নোপোৱালৈকে অব্যাহত ৰাখিব লাগিব৷ চন্দ্রপুৰবাসী ৰাইজে যেতিয়াইসদৌ অসম ছাত্র সন্থাক বিচাৰিব, তেতিয়াই আহি প্রতিবাদস্থলীত উপস্থিত হ’ব৷ তেওঁ লগতে কয় যে চন্দ্রপুৰৰ জনসাধাৰণে যুক্তিসংগতভাৱে ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে যুঁজ দিছে, এই কথা গণতান্ত্রিক চৰকাৰখনে শুনিব লাগিব৷ চন্দ্রপুৰৰ জনসাধাৰণে পুৰণি চন্দ্রপুৰ ঘূৰাই বিচাৰিছে আধুনিক চন্দ্রপুৰৰ ৰূপত৷ আৱর্জনা বিচৰা নাই৷ অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথাটো বিবেচনা কৰা উচিত৷ মুখ্যমন্ত্রীয়ে নিজে আহি চন্দ্রপুৰখন এবাৰ চাওক আৰু ৰাইজৰ আৱেগ–নুভূতিক ন্যায্য প্রদান কৰক৷ অন্যথা ইয়াৰ বিকল্প নাই৷ চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্প এপিজিচিএলএ কথা দিয়া ধৰণে ২৫০ মেগাৱাট শক্তি উৎপন্ন হ’ব পৰা এক প্রকল্পৰ কথা কৈছিল, এখন আন্তঃৰাষ্ট্রীয় পর্যায়ৰ খেলপথাৰৰ কথা কৈছিল আৰু এটা পর্যটকৰ বাবে আকর্ষণীয় অতিথিশালা নির্মাণৰ কথা কৈছিল৷ গুৱাহাটী পৌৰ নিগমৰ আৱর্জনা আন ঠাইত ৰাইজৰ অসুবিধা নোহোৱাকৈ পেলোৱাৰ ব্যৱস্থা কৰক৷ তাৰ পৰা সাৰ উৎপাদন কৰক, বিদ্যুৎ উৎপাদন কৰক৷ কিন্তু চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্যক ধ্বংস কৰিবলৈ দিয়া নহ’ব৷
এইক্ষেত্রত ৫২ নং দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই বলিষ্ঠ ভূমিকা লৈ চন্দ্রপুৰক ন্যায় দিয়ক৷ তেতিয়াহে ৰাইজে ক্ষান্ত হ’ব অন্যথা ধাৰাবাহিকভাৱে ইয়াৰ বিৰোধিতাত তীব্র গণতান্ত্রিক প্রতিবাদ অব্যাহত থাকিব৷ আজিৰ প্রতিবাদী সমাৱেশত অংশ লয় সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্রজ্ঞান ভূঞা, সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী, গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথ, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি উল্লাস উদীপ্ত বৰাকে প্রমুখ্য কৰি ভালেসংখক ছাত্র সন্থাৰ বিষয়ববীয়া তথা ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বায়ক বিষ্ণুৰাম বডো, জগন্নাথ ৰাজবংশী, শিৱ ৰাজবংশী, ভোজৰাজ ছেত্রী, তাজিৰুদ্দিন আহমেদ, ৰাজেন আবাং, নিতুল কলিতাকে প্রমুখ্য কৰি সহস্রাধিক চন্দ্রপুৰৰ লোকে৷ প্রতিবাদী সমাৱেশৰ অন্তত মুখ্য উপদেষ্টাৰ নেতৃত্বত সঁজাতী দলটোৱে ১৪ জুলাইত আৰক্ষীৰ লাঠীৰ কোবত আঘাতপ্রাপ্ত হোৱা ৰূপম কলিতাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয়৷ চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই পুনৰ ২০ জুলাইত হাজোংবৰীস্থিত ভূমি বন্দৱস্তি আৰু প্রাধিকাৰীৰ কার্যালয়ত দিনৰ ১১ বজাৰ পৰা সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰিব৷
আজিৰে পৰা লোকসভা–ৰাজ্যসভাৰ বর্ষাকালীন অধিৱেশন
আজিৰে পৰা সংসদৰ বর্ষাকালীন অধিৱেশনৰ পূর্বে দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সর্বদলীয় বৈঠক৷ এই বৈঠকত অংশগ্রহণ কৰে ৩৩টা দলৰ ৪০গৰাকীকৈ অধিক নেতাই৷ সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে এই কথা৷ সর্বদলীয় বৈঠকত অংশগ্রহণ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে সকলো প্রতিনিধিৰেই পৰামর্শ মূল্যৱান৷ বিৰোধী দলৰ প্রতিনিধিসকলৰ বহুমূলীয়া পৰামর্শ সংসদৰ বাবে গ্রহণযোগ্য৷
লক্ষণীয়ভাৱে সর্বদলীয় বৈঠকত অংশগ্রহণৰ পাছত ছ’চিয়েল মিডিয়া টুইটাৰযোগে মোদীয়ে উল্লেখ কৰে যে বর্ষাকালীন অধিৱেশনত সকলো ইতিবাচকভাৱে আগবঢ়াটো চৰকাৰে বিচাৰে৷ সুস্থ আৰু ফলপ্রসূ বিতর্কৰ সংসদত প্রয়োজন বুলি উল্লেখ কৰি গঠনমূলকভাৱে প্রতিনিধিসকলে এই অধিৱেশনৰ কাম–কাজ আগবঢ়াই লৈ যোৱাত সহযোগ কৰা উচিত৷
লক্ষণীয়ভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো দেওবাৰে সর্বদলীয় বৈঠকত অংশগ্রহণ কৰা বিভিন্ন দলৰ নেতাৰ সৈতে মিলিত হয়৷ কেন্দ্রীয় চৰকাৰে বর্ষাকালীন অধিৱেশন ফলপ্রসূ আৰু সফল হ’ব বুলি আশা প্রকাশ কৰিছে যদিও বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ চৰকাৰক শ’লঠেকত পেলাবলৈ প্রচেষ্টা চলাইছে৷ লক্ষণীয়ভাৱে পেট্র’ল–ডিজেলৰ মুল্যবৃদ্ধি আৰু ক’ভিড–১৯ৰ মোকাবিলাৰ ক্ষেত্রত ভুল নীতি, ভেকচিনৰ নাটনি আদি বিষয় লৈ বিৰোধী দলসমূহে বর্ষাকালীন অধিৱেশন উত্তপ্ত কৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷
ইফালে সংসদৰ এই গুৰুত্বপূর্ণ অধিৱেশনৰ সময়ত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত বিভিন্ন কৃষক সংগঠনে সংসদৰ বাহিৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে প্রশাসনে৷ অধিৱেশনৰ পূর্বে কৃষকৰ প্রতিবাদৰ বিষয়টোৰ প্রতি নজৰ ৰাখি দিল্লীত সাতটাকৈ মেট্র’ ৰে’ল ষ্টেচনত চোকা নজৰ ৰাখিছে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে৷ গৃহ বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি সংসদ ভৱনৰ সমীপৰ এই ৰে’ল ষ্টেচনকেইটা বন্ধ কৰি দিয়া হ’ব পাৰে অধিৱেশনৰ সময়ছোৱাত৷ যদিহে কৃষকৰ প্রতিবাদে সংঘর্ষৰ ৰূপ লয়, তেন্তে এই ষ্টেচনকেইটা বন্ধ কৰি দি দিল্লীত কৃষকৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷
ইতিমধ্যে দিল্লী মেট্র’ ৰে’ল কর্প’ৰেচন কর্তৃপক্ষক ৰে’ল ষ্টেচনকেইটাক সতর্ক বাণী জাৰি কৰিবলৈ নির্দেশ দিছে৷ লক্ষণীয়ভাৱে কৃষক নেতাসকলে সংসদৰ বাহিৰত প্রতিবাদ কৰাৰ অনুমতি লাভ কৰিছে নে নাই, সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই যদিও শান্তিপূর্ণ প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলি ঘোষণা কৰিছে৷ বর্ষাকালীন অধিৱেশনৰ পূর্বে যিকেইটা মেট্র’ ৰে’ল ষ্টেচনত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে সেই ষ্টেচনকেইটা হৈছে জনপথ, লোক কল্যাণ মার্গ, পেটেল চ’ক, ৰাজীৱ চ’ক, কেন্দ্রীয় সচিবালয়, মাণ্ডি হাউছ আৰু উদ্যোগ ভৱন৷ ৪০টাতকৈ অধিক কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চত সংযুক্ত কিষাণ মর্চাই উল্লেখ কৰা অনুসৰি বর্ষাকালীন অধিৱেশনৰ প্রতিটো দিনতে সংসদ ভৱনৰ বাহিৰত ২০০গৰাকীকৈ কৃষকে শান্তিপূর্ণ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিব৷
ইফালে কালি দিল্লী আৰক্ষীৰ সৈতে কৃষকৰ এক প্রতিনিধি দলে মিলিত হৈ প্রতিবাদী কার্যসূচীৰ সবিশেষ তথ্য জনায় যদিও সংবাদ মাধ্যমক সেয়া অৱগত কৰা হোৱা নাই৷ প্রধানমন্ত্রী মোদীয়ে সর্বদলীয় বৈঠকত সুস্থ আৰু গঠনমূলক বিতর্কৰ বাবে সকলোকে আহ্বান জনাইছে যদিও কেইবাটাও বিৰোধী দলে কৃষকৰ বিষয় লৈ সংসদৰ অধিৱেশন স্থগিতকৰণৰ জাননী জাৰি কৰিব বুলি ঘোষণা কৰিছে৷ এই বিৰোধী দলকেইটা হৈছে কংগ্রেছ, তৃণমূল কংগ্রেছ (টি এম চি), চি পি আই (এম), চি পি আই, আই ইউ এম এল, আৰ এছ পি, শিৱসেনা আৰু আপ৷ সর্বদলীয় বৈঠকৰ পাছতে এই দলকেইটাৰ প্রতিনিধিয়ে এক বৈঠকত মিলিত হয়৷ সংসদৰ উভয় সদনত এই বিৰোধী দলকেইটাই কাম–কাজ স্থগিতকৰণৰ বাবে জাননী জাৰি কৰিব বুলি ঘোষণা কৰিছে আৰ এছ পিৰ নেতা এম কে প্রেমাচন্দনে৷ বিশেষকৈ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত দীর্ঘদিন ধৰি কৃষকসকলে যি আন্দোলন চলাই আছে, সেই বিষয়টোক গুৰুত্ব প্রদান কৰি বিৰোধী দলসমূহে সংসদৰ উভয় সদনত উত্তপ্ত কৰাৰ সংকল্প গ্রহণ কৰিছে৷ উল্লেখনীয় যে সংসদৰ বর্ষাকালীন অধিৱেশন কাইলৈৰ পৰা ১৩ আগষ্টলৈকে চলিব৷
চিলাপথাৰত ব্রাউন চুগাৰ, নগদ ধনসহ দুইজনক কৰায়ত্ত
ধেমাজি আৰু চিলাপথাৰ আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে দুজন যুৱকক আটক কৰাৰ লগতে ১৮.৮ ওজনৰ গ্রাম ব্রাউন চুগাৰ আৰু ৯ হেজাৰ ২৮০ টকা, এটা খালী চিৰিঞ্জ, এখন হিৰ’ বাইচাইকেল আৰু দুটা ম’বাইল ফোন জব্দ কৰে। ধেমাজি গােহাঁই গাঁৱৰ কেশৱ বুঢ়াগােঁহাইৰ পুত্র আকাশ বুঢ়াগােহাই (২১)আৰু চিলাপথাৰৰ ৰবীন চন্দ্র পাইটৰ পুত্র মানসপাইট (২৩) যুৱক দ্বয়ে ধেমাজি সদৰৰ পৰা চিলাপথাৰ নগৰত ১৮.৮ গ্রাম ব্রাউন চুগাৰ বিক্ৰী কৰিবলৈ অহাৰ গোপন তথ্যৰ ভিত্তিত ধেমাজি আৰক্ষীৰ দলে তানুসৰণ কৰি খেদি যায়। ৩৫ কিল’মিটাৰ দূৰত্ব অনুসৰণ কৰি চিলাপথাৰ আৰক্ষীৰ সহযােগত যুটীয়া অভিযান চলাই চিলাপথাৰ জোনাকী নগৰত চুগাৰসহ দুয়ো জনক হাতে-লােটে কৰায়ত্ত কৰে।
বুকুত অযুত সপোন বান্ধি টকিঅ’ত লাভলীনাঃ অসমবাসীৰ শুভকামনা লাভলীনাৰ শিৰত
বিশ্বৰ সর্বশ্রেষ্ঠ ক্রীড়াবিদৰ শ্রেষ্ঠত্ব অর্জনৰ যুঁজ অলিম্পিক৷ শতাব্দী প্রাচীন এই অলিম্পিক গেমছক কোৱা হয় বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ৷ প্রতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত অলিম্পিকৰ সুবৃহৎ মঞ্চত পদক জয়েৰে দেশ আৰু জাতিলৈ গৌৰৱ কঢ়িওৱাৰ সপোন দেখে বিশ্বৰ প্রতিগৰাকী ক্রীড়াবিদে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয়ৰ বহু আকাংক্ষিত সফলতা অর্জনৰ দুর্বাৰ হেঁপাহ বুকুত বান্ধি দেওবাৰে পুৱা টকিঅ’ত উপস্থিত হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই৷
বিগত প্রায় এমাহ ধৰি ইটালীত উন্নত অনুশীলন চলোৱাৰ অন্তত যোৱানিশা ভাৰতীয় বক্সিং দলৰ সৈতে অসমৰ উদীয়মান তাৰকাগৰাকী জাপানৰ ৰাজধানী চহৰ টকিঅ’ত অৱতৰণ কৰে৷ অলিম্পকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলীনাক অলিম্পিকৰ গেমছ ভিলেজত আদৰণি জনায় আন এগৰাকী অসম সন্তানে৷ ভাৰতীয় দলৰ ছেফ অৱ দ্য মিছন হিচাপে আগতীয়াকৈ টকিঅ’ত উপস্থিত হোৱা ৰাজ্যসভাৰ সাংসদ তথা অসমৰ জ্যেষ্ঠ ক্রীড়া সংগঠক বীৰেন্দ্র প্রসাদ বৈশ্যই উত্তৰ–পূবৰ দুই বক্সাৰ এম চি মেৰিকম আৰু লাভলীনা বৰগোহাঁইক গেমছ ভিলেজত বিশেষভাৱে আদৰণি জনোৱা দেখা যায়৷
উল্লেখ্য যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্রঞ্জৰ পদক জয়েৰে ৰাজ্যলৈ ইতিমধ্যে গৌৰৱ কঢ়িয়াই অনা গোলাঘাটৰ বিৰল প্রতিভাৱান বক্সাৰ লাভলীনাই টকিঅ’ অলিম্পিকৰ আৰম্ভণিৰ দিনাই ৰিঙত নামিব৷ অহা ২৩ জুলাইৰ পুৱা ৭.৩০ বজাত অসমৰ বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পকত অভিযান আৰম্ভ কৰিব৷ তেওঁ ৬৯ কেজি ৱেল্টাৰৱেইট শাখাত ভাৰতক প্রতিনিধিত্ব কৰিব৷ ২০১৭ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰি প্রথমবাৰৰ বাবে ভাৰতীয় ক্রীড়া জগতত পৰিচয় লাভ কৰা দৃঢ়মনা বক্সাৰগৰাকী ভাৰতীয় অলিম্পিক দলৰ অন্যতম পদকপ্রত্যাশী৷ ২০১৯ আৰু ২০২০ত একেৰাহে দুবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুর্দান্ত প্রদর্শনেৰে দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই অনা লাভলীনাই ২০২০ৰ মার্চ মাহত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছিল৷ এছিয়া এণ্ড ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফিকেচন টুর্নামেণ্টত জয়েৰে অসমৰ তাৰকা বক্সাৰগৰাকীয়ে অলিম্পিকৰ টিকট নিশ্চিত কৰিবলৈ সক্ষম হৈছিল৷
বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা তেওঁ হ’ল অসমৰ প্রথমগৰাকী মহিলা আৰু সামগ্রিকভাৱে পঞ্চমগৰাকী ক্রীড়াবিদ৷ একালৰ প্রখ্যাত ফুটবলাৰ ডাঃ টালিমেৰন আও আছিল অলিম্পিকত অংশ লোৱা অসমৰ প্রথমগৰাকী ক্রীড়াবিদ৷ অসমৰ এইগৰাকী মহান ফুটবলাৰৰ নেতৃত্বত ভাৰতে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অংশ লৈছিল৷ টালিমেৰন আৱে অলিম্পিকত অংশ লোৱাৰ সম্পূর্ণ ৪৪ বছৰ পাছত দ্বিতীয়গৰাকী অসমীয়াই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ গৌৰৱ অর্জন কৰে৷ ১৯৯২ৰ বার্চিলোনা অলিম্পিকত ভাৰতীয় বেডমিণ্টন দলক প্রতিনিধিত্ব কৰিছিল অসমৰ তাৰকা খেলুৱৈ দীপাংকৰ ভট্টাচার্যই৷ চাৰি বছৰ পাছত তেওঁ আটলাণ্টা অলিম্পিকতো অংশ লোৱাৰ সুযোগ পায়৷
ইয়াৰ পাছত পুনৰ ২০ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অলিম্পিকলৈ একেলগে দুগৰাকী অসমীয়াই যোগ্যতা অর্জন কৰে৷ ২০১২ লণ্ডন অলিম্পিকত দেশত প্রতিনিধিত্ব কৰা অসম সন্তান দুগৰাকী আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপা৷ চাৰি বছৰ পাছত ৰিঅ’ অলিম্পিকত শিৱ থাপাই পুনৰ দেশৰ হৈ খেলাৰ সুযোগ লাভ কৰে৷ চাৰিগৰাকীকৈ অসম সন্তানে অলিম্পিকৰ মঞ্চত দেশক প্রতিনিধিত্ব কৰাৰ গৌৰৱ অর্জন কৰিছে যদিও এইপর্যন্ত পদক অর্জনৰ বহু আকাংক্ষিত সফলতা স্পর্শ কৰিব পৰা নাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলবাস্ এই অপূর্ণ সপোন সার্থক কৰাৰ সংকল্প লৈ টকিঅ’ত ভৰি থোৱা দৃঢ়মনা লাভলীনাই পুনৰ আশা সজীৱ কৰিছে ক্রীড়ানুৰাগীৰ৷
বক্সিং ৰিঙত প্রতিদ্বন্দ্বীৰ শক্তিশালী পান্স প্রতিহত কৰি অসম কন্যাই অহা ২৩ জুলাইত টকিঅ’ত অসম্ভৱক সম্ভৱ কৰি তোলাৰ মৰণপণ যুঁজত নামিব৷ ফুটবলাৰ টালিমেৰন আও, বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচার্য, বক্সাৰ শিৱ থাপা আৰু আর্চাৰ জয়ন্ত তালুকদাৰে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত সম্ভৱ কৰিব নোৱাৰা অসম্ভৱক লাভলীনাই কিদৰে বাস্তৱায়িত কৰে সেয়া লক্ষণীয় হ’ব৷
শেহতীয়াকৈ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জ জয় কৰা অসম কন্যাই টকিঅ’ৰ বক্সিং ৰিঙত স্বভাৱসুলভ আক্রমণাত্মক খেল প্রদর্শন কৰিব পাৰিলেই অলিম্পিকৰ পৰা ৰাজ্যবাসীয়ে এইবাৰ ঐতিহাসিক সাফল্যৰ বতৰা লাভ কৰাটো নিশ্চিত৷
প্ৰকাশ পালে SOP; ঈদক লৈ কি নতুন নিদেৰ্শনা SOPত?
ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি ঘোষণা কৰা নতুন SOP অহা মঙলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব।
মৰিগাঁও আৰু গোৱালপাৰা জিলাত লকডাউন শিথিল কৰি দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব। দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব।
জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা। বিয়লি পাঁচ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ সান্ধ্য আইন।
ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকক ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।
পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।
পৰৱৰ্তী ঘোষনা পৰ্যন্ত ৰাজ্যত যান বাহন চলাচলৰ ক্ষেত্ৰত Odd/Even ব্যৱস্থা বাহাল থাকিব।
উজনি আৰু নামনিৰ মুছলমানৰ মাজত আছে পাৰ্থক্য, উজনিৰ মুছলমানসকল খিলঞ্জীয়া মুছলমানঃ মুখ্যমন্ত্ৰী
সোমবাৰে সদনৰ মজিয়াত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত আলোচনা কৰা হয়। এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিজৰ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘অসমত মুছলমানসকল দুটা ভাগত আছে ৷ সাংস্কৃতিক ভাৱে দুটা ভাগত আছে মুছলমানসকল ৷ ধৰ্মীয়ভাৱেহে একে ৷ উজনিৰ লগত নামনিৰ মুছলমানসকলৰ পাৰ্থক্য আছে ৷ জিকিৰ-জাৰি নামনি অসমত নাই ৷ উজনিৰ মুছলমানসকল খিলঞ্জীয়া মুছলমান ৷’
অসমত হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যাঃ মুখ্যমন্ত্ৰী
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমান সমাজৰ জমসংখ্যাৰো এক তুলনামূলক ব্যাখ্যা দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘অসমত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে ৷ মুছলমানৰ বঢ়া নাই কিন্তু একে আছে ৷ হিন্দু সকলৰ অৰ্থনৈতিক অৱস্থা ভাল হৈছে গাড়ী হৈছে, স্কুটী হৈছে। জনসংখ্যা ৰোধ কৰিব লাগিব ৷ মই জনসংখ্যা ৰোধ কৰাৰ কথা ক’লে বেয়া পাব নালাগে ৷ জনসংখ্যা ৰোধ কৰিব লাগিব আমি ৷ জনসংখ্যা কমোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ, AIUDF, BJPয়ে কোনেও বিৰোধিতা সম্ভৱ নকৰে ৷ আজি সদনত শ্বেৰমান আলী আহমেদে মুছলমানৰ জনসংখ্যা, শিক্ষা আদি বিষয়ত আলোচনা কৰাৰ বাবে আমি সদনে শ্বেৰমান ডাঙৰীয়াক ধন্যবাদ দিব লাগে।
অসমৰ ভিতৰতে আছে দুখন অসমঃ
‘অসমৰ ভিতৰতে দুখন অসম হৈ আছে ৷ উজনিৰ বিধায়ক আৰু ধুবুৰীত মাজত আকাশ পাতাল পাৰ্থক্য আছে ৷ উজনিত ঘৰেই নাই আৰু ধুবুৰীত ঘৰেই ঘৰ ৷ ডিব্ৰুগড়ৰ বিধায়কে ধুবুৰীৰ বিধায়কৰ কথাই বুজি নাপায় ৷ উজনিৰ বিধায়কসকল ধুবুৰীত এসপ্তাহ থকাৰ ব্যৱস্থা আৰু ধুবুৰীৰ বিধায়কসকল উজনিত এসপ্তাহ থকাৰ ব্যৱস্থা কৰিব লাগে ৷ মই এইক্ষেত্ৰত অধ্যক্ষৰ সৈতে কতথা পাতিম।’
দেৰগাঁৱৰ আমনিপামৰ কৃষিভূমিত খৰালি সদৃশ পৰিৱেশ
ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে যদিও বহু ঠাইত বৰষুণ কম হোৱাত পানীৰ অভাৱত শালি খেতিৰ বাবে সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল।আহাৰ মাহৰ পৰাই পথাৰত শালি খেতিৰ ভূই ৰোৱাৰ পৰ্ব আৰম্ভ হয় যদিও খুমটাই সমষ্টিৰ অন্তৰ্গত দেৰগাঁও ৰাজহ চক্ৰৰ আমনিপাম অঞ্চলৰ কৃষকে পানীৰ অভাৱত মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পথাৰত খৰালি সদৃশ পৰিবেশৰ সৃষ্টি হোৱাত এগছি ভূই ৰুব পৰা নাই কৃষকে। পথাৰৰ কঠিয়া পথাৰতে শুকাবলৈ লৈছে।অঞ্চলটোৰ কৃষকৰ সুবিধাৰ বাবে ২০১৪ চনতে উত্তৰ দলিজলীয়া আমনিপাম অঞ্চলত জলসিঞ্চন বিভাগৰ অগভীৰ নলীনাদ প্ৰকল্প স্থাপন কৰে যদিও আজিলৈকে কৃষক সকলে সেই প্ৰকল্পৰ পৰা কোনোধৰনৰ উপকৃত নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে।সুবিধা থাকিও সেই সুবিধাৰ পৰা বঞ্চিত হোৱাত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ।ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোৰ বিশেষ এজন ব্যক্তিয়ে ব্যক্তিগত ভাবে নিজৰ প্ৰয়োজন অনুসৰি পানীযোগান প্ৰকল্পটোৰ পৰা সুবিধা গ্ৰহণ কৰি আছে অথচ প্ৰকৃত কৃষকৰ প্ৰয়োজনৰ সময়ত কোনো দিনেই পানী নাপায়। এইক্ষেত্ৰত বিভাগীয় লোকক যোগাযোগ কৰিলে পাইপ বেয়া হৈ থকাৰ অজুহাত দেখুৱাই।এনে পৰিপেক্ষিতত ১৭ জুলাইত আমনিপাম অঞ্চলৰ ভূক্তভোগী কৃষক সকল একগোট হৈ এক সভাৰ যোগেদি বিভাগীয় উৰ্দ্ধতম কতৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে।ৰাইজৰ অভিযোগ অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা অগভীৰ নলীনাদ প্ৰকল্পটো দীৰ্ঘদিন ধৰি বিভাগীয় ভাৱে চোৱাচিতা নকৰাত মেৰামতিৰ অভাৱত পথাৰৰ পাইপলাইন সমুহ ঠায়ে ঠায়ে ছিন্ন বিছিন্ন হৈ পৰিছে।চৰকাৰী ধনৰ অপচয় কৰি বহু কেইজন কৰ্মচাৰী জড়িত হৈ থকা এই জলসিঞ্চন প্ৰকল্পটোক ৰাইজৰ উপকৃত হোৱাকৈ কাৰ্যক্ষম কৰি তুলিবলৈ ৰাইজে বিভাগীয় কতৃপক্ষক দাবী জনোৱাৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াক এই বিষয়ে দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে।ইফালে আহাৰ মাহ পাৰ হৈ শাওন সোমালেহি অথচ পথাৰত এটুপিও পানী নথকাত কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰা অঞ্চলটিৰ কৃষক সকল এতিয়া চিন্তিত হৈ পৰিছে ভৱিষ্যতৰ কথা ভাবি।
গেলেকী গোহাঁইবাৰীৰ বিধ্বস্ত পথঃনিৰ্মাণৰ দাবীত ৰাইজৰ পথ অৱৰোধ
কৰ’না অতিমাৰীয়ে এক ত্ৰাসৰ সৃষ্টি কৰাৰ পাছতো বিধ্বস্ত পথৰ বাবে ত্ৰাসী মধুসূদন সোঁৱৰি ৰাইজ ৰাজপথলৈ ওলাই আহি পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী গোহাঁইবাৰীত।উল্লেখ্য যে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী দোলাকাষৰীয়া পঞ্চায়তৰ অন্তৰ্গত ১০নং ৱাৰ্ডৰ অধীনৰ গেলেকী গোহাঁইবাৰী পথৰ বিধ্বস্ত অৱস্হা ই গ্ৰামাঞ্চলটোৰ সহস্ৰাধিক ৰাইজক অতিস্থ কৰি তুলিছে।লোকনিৰ্মাণ বিভাগৰ নাজিৰা পথ সংমণ্ডল ৰ অধীনৰ এই বিধ্বস্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সূদীৰ্ঘ দিনধৰি কোনো ব্যৱস্থা গ্ৰহন নকৰিলে।এই পথটোত থকা দুটাকৈ ইটাভাটা আৰু এটা কয়লা ডিপুলৈ অহা যোৱা কৰা ট্ৰাক সমূহে এই বাৰিষা সম্পূৰ্ণ বোকাময় কৰি তুলিছে,যাৰবাবে পথটিয়েদি ৰাইজৰ যাতায়ত কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।পথটিয়েদি সৰু গাড়ী বা এই ক’ৰোনা মহামাৰীৰ সময়ত প্ৰয়োজনত এখন এম্বুলেঞ্চ ও সোমাব নোৱাৰে।পথটি নিৰ্মাণৰ বাবে স্হানীয় ৰাইজে স্হানীয় বিধায়ক আৰু সাংসদৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো প্ৰদক্ষেপ গ্ৰহন কৰা এটা পক্ষইও ।যাৰবাবে আজি স্হানীয় ৰাইজে পথটি নিৰ্মাণৰ দাবীত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ক’ভিডত স্বামীহাৰা হোৱা ওদালগুৰিৰ ৭ বিধৱালৈ চেক বিতৰণ
ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে ১৮ জুলাইত ওদালগুৰিত উপস্থিত হৈ ক’ভিড’১৯ত মৃত্যু হোৱা ওদালগুৰি জিলাৰ ৭গৰাকী স্বামীহাৰাৰ পত্নীৰ মাজত চেক বিতৰণ কৰে। স্থানীয় ওদালগুৰি কলেজৰ অডিট’ৰিয়াম হলত ওদালগুৰি জিলাৰ উপায়ুক্তৰ সভাপতিত্বত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে প্ৰতি গৰাকী পত্নীক মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিৰ জৰিয়তে ২লাখ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কোভিডত স্বামীক হেৰুৱা দুৰ্ভগীয়া সকলক তেওঁ গভীৰ সমবেদনা জনায়।ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত সহায়ক আয়ুক্ত নীলাক্ষি বৈশ্যই আঁত ধৰা উক্ত চেক বিতৰণ অনুষ্ঠানত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী,মাজবাটৰ বিধায়ক চৰণ বড়োয়েও হিতাধিকাৰী মহিলাসকলক চেক বিতৰণ কৰে।উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছিল।এই সাহাৰ্য লাভ কৰা সকলৰ ভিতৰত আছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ বিমালেন্দু দত্তৰ পত্নী বৰ্নালী দত্ত,মাজবাট ষ্টেচন ব্লকৰ উমা শংকৰ হৰিজনৰ পত্নী কুচমাবাতি ৰবিদাস,ৰৌতা চাৰিআলিৰ অমলেন্দু চক্ৰৱৰ্তীৰ পত্নী ৰত্না চক্ৰৱৰ্তী,নবীনপল্লীৰ অজিৎ চৰকাৰৰ পত্নী ৰুমা চৰকাৰ,খাংখালাবাৰীৰ মনোজ ৰাইৰ পত্নী গঙ্গা ৰাই,বান্দৰগুৰিৰ যমুনা বিশ্বকৰ্মাৰ পত্নী কমলা দেৱী আৰু বৰঙাজুলি খুটিৰ দীপক থপলীয়াৰ পত্নী ইন্দিৰা দেৱী।











