২০১৫ চনত চাৰি কোটি টকা ব্যয়ৰে নিৰ্মিত অত্যাধুনিক হাঁহ পালন গৃহত এতিয়া জংঘলী লতা
কলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম ও গৱেষণা কেন্দ্ৰৰ আজিৰ বিধস্ত ৰূপৰ বাবে দায়ী কোন?
দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ১৪ জুলাই : প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটোৱে। ৬৫ বিঘা মাটি জুৰি থকা পাম তথা গৱেষণা কেন্দ্ৰটোৰ অধিকাংশ এতিয়া ঢাক খাইছে হাবি-জংঘলৰে। প্ৰয়োজনীয় ২৭ জন কৰ্মচাৰীৰ বিপৰীতে মাত্ৰ ৬-৭ জন কৰ্মচাৰীৰে পামখন পৰিচালনা কৰিব লগা হোৱাত ক্ৰমাৎ উৱলি যোৱাৰ উপক্ৰম হৈছে উৎপাদনমুখী এই পামখনৰ বহু সম্পত্তি।১০৭৯ চনতে স্থাপিত ধ্বংসৰ গৰাহত কলিয়াবৰৰ ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ। কৰ্মচাৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম উৎপাদনমুখী পামখন। নাম মাত্ৰ হাঁহ-কুকুৰা উৎপাদনৰে চলিছে এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম শ্ৰেণীত থকা হাঁহ-কুকুৰা প্ৰজনন আৰু উৎপাদন কেন্দ্ৰটো। বিশাল চৌহদৰ অধিকাংশই ভৰিছে হাবি-জংঘলৰে।
কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰৰ বৰ্তমানৰ অৱস্থাই ৰাজ্যৰ পশুপালন বিভাগৰ যোৱা পাঁচবছৰীয়া কাৰ্য্যকালৰ এক দুখজনক ছবি দাঙি ধৰিব। কিয়নো, হাঁহ প্ৰজনন কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰটো সৱলীকৰণৰ নামত ২০১৫ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খনৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্যত নিৰ্মিত চাৰিটাকৈ অত্যাধুনিক হাঁহ পালন গৃহ মুকলি কৰা হৈছিল যদিও আজিলৈকে এটাও হাঁহ নোসোমাল সেই গৃহসমূহত। ৰাজ্যজুৰি পামখনত উৎপাদিত হাঁহ-কুকুৰাৰ যথেষ্ট চাহিদা আছে যদিও কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই এতিয়া ধ্বংসৰ গৰাহত পৰিছে এসময়ৰ নদন-বদন অৱস্থাৰ পাম তথা গৱেষণা কেন্দ্ৰটো। ২০১৫ চনৰ ১ জুনতে তদানীন্তন কৃষি মন্ত্ৰী ৰকিবুল হুছেইন আৰু পশুপালন মন্ত্ৰী খৰছিং ইংতিয়ে উদ্বোধন কৰিছিল কেন্দ্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰায় চাৰি কোটি টকাৰ ব্যয়ৰে নিৰ্মিত হাঁহ পালনৰ অত্যাধুনিক গৃহসমূহ। পিছে ৬ বছৰৰ পাছতো একমাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অসনযোগিতাৰ ফলতেই হাঁহ পালনৰ ব্যৱস্থা হৈ নুঠিল এই গৃহসমূহত। বৰঞ্চ বৰ্তমান হাবি-জংঘলৰে ঢাক খাই ফেঁটীসাপ, অজগৰৰ বিচৰণ কেন্দ্ৰতহে পৰিণত হৈছে এই গৃহসমূহ।
হাঁহ-কুকুৰাৰ কণী আৰু পোৱালি উৎপাদনৰ ব্যৱস্থা থকা পাম তথা গৱেষণা কেন্দ্ৰটো নামতহে গৱেষণা কেন্দ্ৰ। পিছে এজনো নাই গৱেষক অথবা সহকাৰী গৱেষক। নাই স্থায়ী পৰিচালকো। প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত বৰ্তমান কৰ্মৰত পৰিচালকৰ পৰা কৰ্মচাৰীলৈকে প্ৰতিজনে চোৱা-চিতা কৰিবলগা হয় হাঁহ-কুকুৰা উৎপাদনৰ সমগ্ৰ ব্যৱস্থা। পৰ্যাপ্ত সঁজুলিৰ অভাৱৰ ফলতো হাঁহ-কুকুৰাৰ উৎপাদন কৰিব পৰা নাই। কেৱল কুকুৰাৰ কণী উমনিযিটো সময়ত এই কেন্দ্ৰটোৰ পৰা এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হ’ব লাগিছিল সেই সময়ত এই ৰাজহৰ পৰিমাণ মুঠেই ৬০,০০০ টকা। তাৎপৰ্য্যপূৰ্ণভাৱে, এই ৰাজহৰ পৰিমাণ কিছুদিনৰ আগলৈকে মাত্ৰ ৬-৭ হাজাৰ টকাহে আছিল বুলি বৰ্তমানৰ ভাৰপ্ৰাপ্ত পৰিচালকজনে জনাই।
শেহতীয়াকৈ এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম এই পাম খনৰ দুৰৱস্থাৰ ৰূপ দেখি আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি।
পামখন ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা আৰু কাৰ্য্যালয়ত খালীহৈ থকা পদ সমূহ পুৰণৰ বাবে মহকুমাধিপতি পবিত্র কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পশুপালন মন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে প্ৰেৰণ কৰে স্মাৰক পত্ৰ।
এতিয়া প্ৰশ্ন হ’ল – এনেদৰে মৃত্যুৰ মুখলৈ গতি কৰা যোৱা কলিয়াবৰৰ এসময়ৰ উৎপাদনমুখী পাম আৰু গৱেষণা কেন্দ্ৰটোৰ দুৰৱস্থা দূৰীকৰণত ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰীৰ সু-দৃষ্টি পৰিবনে?
কাৰ দোষত মৃতপ্ৰায় অসম চৰকাৰৰ এসময়ৰ সোণৰ কণী পৰা হাঁহ
মাজবাটৰ ১নং মনাই গাৱত ডাইনী হত্যাৰ সম্পৰ্কে সজাগতা সভা
ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাৰ উদ্যোগত ১৩ জুলাইত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মনাই গাৱত ডাইনী সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । শিক্ষা দীক্ষা স্বাস্থ্য আদি সকলো দিশতেই বাৰুকৈ পিছ পৰি যায় । এই খন গাওঁতেও যোৱা ২৫ জুনত সংগঠিত হৈছিল ডাইনী হত্যাৰ দৰে এক ভয়াবহ ঘটনা । ফুলমতী গোড নামৰ এগৰাকী সন্তানহীন মহিলাক গাঁওখনৰ একাংশ লোকে ডাইনী অতি সজাই নৃশংস ভাবে মৰিয়াই মৰিয়াই হত্যা কৰি বস্তাত ভৰাই ধনশ্ৰী নদীত উটুৱাই দিছিল । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন কৈ অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । অন্ধ বিশ্বাস , কুসংস্কাৰ আদিৰ সম্পৰ্কত গাঁওখনত এক সজাগতা আনিবলৈ ক’ভিড প্ৰটকল মানি আয়োজন কৰা সভাত চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সম্পাদক হেমন্ত কুমাৰ মহাতোৱে ডাইনী , অন্ধ বিশ্বাসৰ ওপৰত আলোকপাত কৰি এই বিজ্ঞানৰ যুগত এনে কৰ্মৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় । জিলা সভাপতি ৰামকৰণ গৌড় ডাইনী সজাই নিৰীহ লোক হত্যা কৰা অমানৱীয় ঘটনাত গাঁওৰ ওচৰ পাজৰৰ ওজা ,বেজ বেজালি কৰা লোকেই দায়ী বুলি মত প্ৰকাশ কৰি বেমাৰ আজাৰ হলে ওজা বেজৰ ওচৰত যোৱাৰ সলনি চিকিৎসালয়তে যাবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে ছয় শতাধিক লোকে বসবাস কৰা গাঁওখনত এজন মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ যুৱক আছে ।ছোৱালী সকলেও প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণহে অষ্টম ,নৱম মানত স্কুলীয়া শিক্ষা সামৰণি মাৰে । গাঁওখনত আজিলৈকে কৰোণা টেষ্ট নোহোৱাত কোনো ভেকচিন নোলোৱাৰ ক্ষেত্ৰত সভাই আশ্চৰ্য প্ৰকাশ কৰে । জিলা সভাপতি ৰামকৰণ গৌড়ে কৰোণানাৰ বাবে লব লগীয়া সম্পৰ্কেও সভাত বহলাই বাখ্যা ৰাখে । এই সজাগতা সভাত ৰাইজৰ মাজত মাস্ক,চেনিজাইজৰ বিতৰণ কৰা হয় ।উক্ত সভাত জিলা সমিতিৰ সভাপতি ৰামকৰণ গৌড় ,মাজবাট আঞ্চলিক সম্পাদক ভিকেছ গৌড় ,শিক্ষক লক্ষণ গৌড় , ৰঞ্জিত গৌড় ,বন্ধন গৌড় ,ডাইনী সজাই হত্যা কৰা ফুলমতীয়া গৌড় দেৱৰ চহনলাল গৌড় ,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নব কুমাৰ ডেকা, গাঁও প্ৰধান যোগেন্দ্ৰ কিষান প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে ৷
ডিঙিত মিঠাতেল,বিলাহী,বেঙেনা,জিকাৰ মালাপিন্ধি নাজিৰাৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাম্প্ৰতিক সময়ত বি জে পি নেতৃত্বাধীন চৰকাৰে সাধাৰণ জনতাক নিঃশেষ কৰাৰ মানসেৰে যিদৰে পেট্ৰ’ল- ডিজেল- ৰন্ধন গেছ তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দৈনন্দিন বৃদ্ধি কৰাৰ প্ৰতিবাদত এক ধৰ্না কাৰ্যসূচী সমগ্ৰ অসমত গ্ৰহণ কৰিছে৷ নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সহযোগত নাজিৰাৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিঙিত মিঠাতেল , জিকা , বিলাহী , বেঙেনাৰ মালাপিন্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । আজি পুৱা ১০ বজাৰ পৰা ১২ বজালৈ সমষ্টিটোৰ অন্তৰ্গত আঠখেল জিলা পৰিষদ এলেকাৰ গেলেকী চাৰিআলিত মমী শইকীয়া; ইনামুল হুছেইন ; আৰফান আজম , জোকতলি জিলা পৰিষদ এলেকাৰ মেকীপুৰত সুভাষ বৰগোহাই; যোচেফ সিং; আইনু গগৈ; নাজিৰা জিলা পৰিষদ এলেকাৰ শিমলুগুৰি নগৰত হেমন্ত শইকীয়া ; স্বপ্না শইকীয়া ; গোপাল গোহাঁই , প্ৰমীলা বড়া; উৎপল গোহাঁই , চুকাফা জিলাপৰিষদ এলেকাৰ বিহুবৰত অতুল হৰ; মায়া বাউৰী ; মঞ্জু বড়া ; অনুপল বৰুৱা ; ফাইজুল ৰহমান; জাকীৰ হুছেইন আৰু নাজিৰা নগৰৰ লাহটী পেট্ৰ’ল পাম্পৰ সন্মুখত মৃদুল বৰগোঁহাই , আব্দুল ৰহমান , মদন ৰয় , পৰশমণি কলিতা , অৰ্পূব বৰুৱাৰ নেৰ্তৃত্বত পুৰুষ – মহিলা , যুৱ , এন এছ ইউ আইৰ বিষয় – ববীয়া , কৰ্মী সকলে সমবেত হৈ ডিজেল – পেট্ৰ’ল , ৰন্ধন গেছ , নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক , নৰেন্দ্ৰ মোদী – হিমন্ত বিশ্ব শৰ্মা হায় হায় , বি জে পি গ’বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ আকাশ – বতাহ । পিছত ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা পেট্ৰ’ল – ডিজেল , ৰন্ধন গেছ , নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।
অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী অখিল গগৈৰ
অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা প্ৰত্যেকটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত হ’ব লাগে। শিৱসাগৰৰ স্থানীয় সাংবাদিককো গুলীয়াম বুলি ভাবুকি দিছে আৰক্ষীয়ে। সেইটো দুৰ্ভাগ্যজনক।
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত একনায়কত্ববাদ চলোৱাৰ অভিযোগ অখিল গগৈৰ। একেজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী, ন্যায়াধীশ, বিধায়ক সকলো হ’ব বিচাৰে বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে।
অখিল গগৈয়ে কয়, ‘‘মই অপৰাধ আৰু অপৰাধীৰ পক্ষত নাই। মই সদায়েই সাৰদা, লুই বাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি আহিছো। যিসকল আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হব লাগে, প্ৰয়োজনত গ্ৰেপ্তাৰ কৰিব লাগে।’’
আনহাতে, পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান জনালে অখিল গগৈয়ে। অধিক গগৈয়ে কয়, ‘‘পৰেশ ককাইদেউ আপুনি চৰকাৰৰ লগত আলোচনা কৰক। অসমলৈ শান্তি ঘূৰি আহিব লাগে।’’
উচ্চ ন্যায়ালয়ত NIA ই কৰা আৱেদনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। বিধায়কগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে মই মুক্ত হোৱাটো বিচৰা নাছিল। মোক পুনৰ NIA ই গ্ৰেপ্তাৰ কৰিবলৈ অভিসন্ধি কৰিছে। মোৰ বিৰুদ্ধে ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হৈছে।
মাজবাট নগৰৰ ৰাজপথত দেখা গৈছে চক্ৰ বিষয়া,সহঃ আযুক্তই কভিড পৰীক্ষাত ব্যস্ত
১৩ জুলাইত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিছা গাঁও সমূহত দেখা দিয়া ক’ভিড ১৯ ৰ বৰ্দ্ধিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু সহঃ আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে মাজবাট নগৰৰ মাজমাজিয়াত কৰোণা সংক্ৰান্ত সজাগতা অনাৰ লগতে বাটৰুৱা সকলক কভিড পৰীক্ষা কৰাই থকা পৰিলক্ষিত হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা টিমে মাজবাট টাউনত বাটৰুৱা সকলক ধৰি ,মাতি আনি ক’ভিড পৰীক্ষা চলোৱা স্বাস্থ্য কৰ্মী সকলৰ সতে ওদালগুৰি জিলা সহঃ আয়ুক্ত আৰু মাজবাটৰ চক্ৰ বিষয়াই ৰাজপথত বজাৰ হাট কৰিবলৈ ওলাই অহা লোক সকলৰ মাজত ক’ভিড সংক্ৰান্তত সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে বাটৰুৱা সকলক মাতি আনি কৰোণা টেষ্ট কৰাই থকা পৰিলক্ষিত হৈছে । প্ৰশাসনৰ লোকক এইদৰে সজাগতা অনাত ব্যস্ত হোৱা দেখি মাজবাটৰ সচেতন মহলেও শলাগিছে । মাজবাটৰ অন্যতম সক্ৰিয় বিজেপি যুৱ নেতা বৰ্তমান ওদালগুৰি জিলা কৰোণাৰ সংক্ৰান্তত জিলা বিজেপিৰ ফালৰ পৰা দায়িত্বত থকা যুৱ নেতা কিশোৰ শৰ্মাই কয় যে মাজবাটৰ দৰে দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকা সময়ত ওদালগুৰি জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা পদক্ষেপ প্ৰশংসনীয় হৈ পৰিছে ৷আনহাতে ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩ জুলাইত ওদালগুৰিত ২৭ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৩জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৪১১৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ১৩জুলাইত ১৭৩৩গৰাকীক পৰীক্ষা কৰাৰ পিছত ২৭গৰাকীৰ দেহত কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪১১৫ কভিড আক্ৰান্তৰ ভিতৰৰ ৩৮১৪ জনক কভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ২২০ আইচিলেচনত, ২৩৬ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ১৩ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৪৪৮৪০গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ৪৭১ গৰাকীক ৰেট পৰীক্ষাত ১১ গৰাকী কভিড চিনাক্ত কৰা হৈছে ৷
বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি
ভাৰতীয় ক্ৰিকেটৰ ৰূপ ৰেখা সলনি কৰা গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব ছবি, কিন্তু দাদাৰ চৰিত্ৰত থাকিব কোন?
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি। প্ৰায় দুবছৰ ধৰি এই চৰ্চা চলি আছিল যদিও শেহতীয়াকৈহে এই কথা নিশ্চিত হয়।
অৱশ্যে সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ছবিখন কোনে পৰিচালনা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু কিছুমান নাম নিশ্চিতভাৱে সংবাদ মাধ্যমত চলি আছে।
উল্লেখ্য যে চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰক এবাৰ-দুবাৰ বিচিচিআইৰ কাৰ্যালয়লৈ যোৱা দেখা গৈছিল। কিন্তু এইটো তেতিয়াৰ ঘটনা আছিল যেতিয়া কৰ’ণা ভাইৰাছ নাছিল।
এতিয়া প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে নিজেই স্পষ্ট কৰি দিছে যে তেওঁৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হ’ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ ১৮ৰ সৈতে বাৰ্তালাপ কৰি সৌৰভ গাংগুলীয়ে বায়োপিকৰ বাবে সাজু বুলি কয়।
তেওঁ লগতে ছবিখন হিন্দীত নিৰ্মাণ কৰা হ’ব কিন্তু পৰিচালকৰ নাম কোৱাটো সম্ভৱ নহয় বুলিও কয়।
এই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে গাংগুলীৰ চৰিত্ৰত কোনে অভিনয় কৰিব। গাংগুলীয়ে ইংগিত দিছে যে ৰণবীৰ কাপুৰে তেওঁৰ চৰিত্ৰত অভিনয় কৰিব পাৰে। অৱশ্যে ঋত্তিক ৰোশনৰ নামটোও চৰ্চাত আছে।
ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণতৰ দিশত বাগিচা অঞ্চল : বিধি সন্মত ভাবে অনুষ্টুপীয়াকৈ বাগিচাৰ পূজা অৰ্চনা
সম্প্ৰতি বিশ্বনাথ জিলাত ক’ৰণা অতিমাৰীৰ ফলত জিলা প্ৰশাসনে কালিৰে পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। কিছু দিনলৈ জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিপনী সমূহ খোলা ৰাখিছিল যদিও ক’ৰণা সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাত নতুন বিধি অনুসৰি সম্পূৰ্ণকৈ লকডাউনৰ ঘোষণা কৰিছে। ইপিনে ৰাজ্যত ক’ভিড পৰিস্থিতি সৃষ্টি হোৱাৰ পৰাই ৰাজ্যখনৰ চাহ বাগিচাসমুহ নিয়মীত ভাবে কাম চলি থকাৰ মাজতে বিশ্বনাথ জিলাৰ নদুৱাৰ অন্তৰ্গত বৃহত্তৰ দিকৰাই চাহ বাগিচাত যোৱা সোমবাৰে বাৰ্ষিক ‘বুড়া বাবা’পূজা অনুষ্ঠিত হৈ যায়।অৱশ্যে বাগিচাখনত পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি অহা বুড়া বাবা পূজা ভাগ বিগত দিনৰ যাক-যমকতাৰ পৰিবৰ্তে এই বেলি পূজা ভাগ অনুষ্টুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে দিকৰাই চাহ বাগিচাৰ মাজমজিয়াত ঊনৈশ শ শতিকাতে স্থাপন হোৱা বুড়া বাবা থানত বিশেষকৈ শিৱ ৰাত্ৰি,বল বোমৰ লগতে বাগিচা খনৰ বাৰ্ষিক বুড়া বাবা পূজা ভাগ অনুষ্ঠিত হৈ অহাৰ লগতে প্ৰায়েই অঞ্চলটোৰ ৰাইজে পূজা অৰ্চনাও শৰাই আদি আগবঢ়াই অহা পৰিলক্ষিত হয়। লোক বিশ্বাস অনুযায়ী বুড়া বাবা থানত পূজা অৰ্চনাৰে মনোবাঞ্চা পূৰন হোৱাৰ উপৰিও বিশেষকৈ দিকৰাই চাহ বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ অপায়-অমংগল দূৰ হোৱা আৰু বাগিচাখনৰ শ্ৰীবৃদ্ধি হোৱাত সহায় কৰি আহিছে বুলি ৰাইজে বিশ্বাস কৰি আহিছে। ইপিনে পূজা ভাগত বিশ্বনাথ মণ্ডলৰ চাহ মজদুৰ সংঘৰ সম্পাদক নগেন গোৱালা আৰু দিকৰাই চাহ বাগিচা গোটৰ সভাপতি সুনিল নায়কৰ লগত হোৱা আচুতীয়া সাক্ষাৎকাৰত বৰ্তমাণ জিলাখনৰ অন্তৰ্গত বাগিচা সমুহত ক’ৰণা সংক্ৰমণ নিয়ন্ত্ৰণৰ দিশত আছে বুলি কোৱাৰ লগতে স্বাস্থ্য বিভাগে প্ৰদান কৰা ক’ভিড ভেকচিন প্ৰায় ৭০ শতাংশ লোকে গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
অসমত শীঘ্ৰেই উপলব্ধ হ’ব পাৰে সুৰাৰ হোম ডেলিভাৰী সেৱা
নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা৷
বুধবাৰে প্ৰকাশ পাব পাৰে নতুন SOP
প্ৰথমে গুৱাহাটীত আৰু তাৰ পাছত ৰাজ্যজুৰি উপলব্ধ হ’ব পাৰে এই সেৱা৷
সুৰাৰ বিপণী তথা চুলাই মদৰ ঘাটিত ভিৰ কমাবলৈ এই সিদ্ধান্ত ল’ব পাৰে অসম চৰকাৰে৷
ইয়াৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে৷
নাজিৰা পঞ্চায়তত লুণ্ঠনৰাজ : নাজিৰা ব্লক কংগ্ৰেছে সম্বোধন কৰিলে সংবাদ মেল : প্ৰতিজন দুৰ্নীতিকাৰীক নিৰপেক্ষ তদন্তৰে শাস্তিৰ দাবী
যোৱা ১১ জুলাইত নাজিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এটি পথ-প্ৰকল্পৰ কৰ্মৰত ঠিকাদাৰৰ পৰা কমিচন বিচৰাৰ ভি ডি অ’ ভাইৰেল হোৱাৰ লগতে বি জে পিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক তথা বিগত সাধাৰণ নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী ময়ুৰ বৰগোহাঁয়ে সেই ভি ডি অ’ সংবাদ মেলত প্ৰদৰ্শন কৰি লগতে নিপা বৰুৱা সহ দুৰ্নীতিত লিপ্ত সকলৰ গ্ৰেপ্তাৰৰ দাবী তোলে । ইয়াৰ পাছতে ১২ জুলাইত মেকীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰতিভা ভূমিজ কৈৰীক আন এটি পথ প্ৰকল্পৰপৰা কমিচন লোৱাৰ উদ্দেশ্য সংক্ৰান্তত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰাৰ ঘটনা সংঘটিত হয় । পঞ্চায়তৰ আৱণ্টিত ধনৰ পৰা কমিচন ৰাজ গঢি় উঠাৰ এই ঘটনাক্ৰমৰ মাজতে ১৩ জুলাইৰ বিয়লি নাজিৰাৰ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত নাজিৰা ব্লক কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু বি জে পি দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি ক্ৰমে নিপা বৰুৱা আৰু প্ৰতিভা ভূমিজ কৈৰীৰ নিৰপেক্ষ তদন্ত দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ বিধান কৰাৰ দাবী তোলে । কাৰ্য্যকৰী সভাপতি মৃদুল বৰগোহাঁই, সাধাৰণ সম্পাদক দিগন্ত সন্দিকৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ সম্পাদক তথা নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আব্দৰ ৰহমানে যিকোনো দূৰ্নীতিগ্ৰস্তক কংগ্ৰেছ দলে ক্ষমা নকৰে বুলি উল্লেখ কৰি দলৰ নাজিৰা পঞ্চায়তৰ সভানেত্ৰী গৰাকী প্ৰসংগত দলৰ মজিয়াত অনুশাসনিক ব্যৱস্থাৰে বিচাৰ কৰিব বুলি কয় । আনহাতে বি জে পিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক তথা যোৱা বিধান সভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী ময়ুৰ বৰগোহাঁয়ে নাজিৰাৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মৌনতাৰে এনে দুৰ্নীতি চলি যাবলৈ দিয়া বুলি তোলা অভিযোগ খণ্ডন কৰি কয় যে ময়ুৰ বৰগোহাঁয়ে তোলা এই অভিযোগৰ ভিত্তি নাই । তেওঁ এই বক্তব্য উঠাই লোৱা উচিত বুলি কোৱাৰ লগতে এতিয়া “গোসাঁই ঘৰত কোন, মই কল খোৱা নাই” প্ৰবচনৰ লগতহে তেওঁ নিমজ্জিত হৈছে । কংগ্ৰেছ বিষয়ববীয়া সকলে ময়ুৰ বৰগোহাঁয়ে কংগ্ৰেছ বিজয়ী কোন কেইখন পঞ্চায়তত দুৰ্নীতিৰ তথ্য হাতত থকা বুলি দাবী কৰিছে সেই কেউখনকে সংবাদ মাধ্যমৰ আগত জাহিৰ কৰিবলৈও আহ্বান জনায় । সংবাদ মেলত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক যোছেফ সিং , শৰৎ গগৈকে ধৰি ভালেকেইজন বিষয় – ববীয়া উপস্থিত থাকে ।
ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম
ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম
ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ৰাজ্যত যোৱা ৫ মে’ৰ পৰা প্ৰযোজ্য হৈ থকা নীতি-নিয়মত ৰাজ্যৰ জনসাধাৰণে পুনৰ কিছু শিথিলতা লাভৰ সম্ভাৱনা আছে।
যোৱা শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত প্ৰদান কৰিছিল। তেওঁ এখন সংবাদমেলত কৈছিল যে অহা ১৪ জুলাইৰ পৰা ক’ভিড পৰিস্থিতি উন্নত হোৱা জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব।
অৱশ্যে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত থকা ৭ খন জিলাত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নহয় বুলিও স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰী শৰ্মাই।
এই সাতখন জিলা হ’ল গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁও।
শৰ্মাই সংবাদমেলত কৈছিল, ‘গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁৱত এতিয়াও পৰিস্থিতি চিন্তনীয়। এই জিলা কেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলা ৩ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হ’ব আৰু এই জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব’।
তেওঁ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে কঠোৰ দৃষ্টি ৰখা বুলিও উল্লেখ কৰিছিল।
আনহাতে গুৱাহাটী মহানগৰত সান্ধ্য আইন ৫ বজাৰ পৰাই চলি থকাৰ সম্ভাৱনা আছে।
এই সকলোবোৰ নীতি-নিয়ম চূড়ান্ত নহয় যদিও মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা স্পষ্ট হ’ব পাৰি যে আজি বিয়লি প্ৰকাশ পাবলগীয়া ক’ভিড এছ অ’ পি এনেবোৰ সিদ্ধান্তই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে যোৱা ৬ জুলাইত ৰাজ্য চৰকাৰে ক’ভিড প্ৰতিৰোধৰ বাবে ৰাজ্যৰ সাতখন জিলাত সম্পূৰ্ণ কনটেইমেণ্ট ঘোষণা কৰিছিল।











