Home Blog Page 3066

দিন দুপৰতে চলন্ত মটৰ চাইকেলৰে মহিলাৰ পৰা কঢ়ি লৈ গল লক্ষধিক টকা

দিন দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইটিৰ লগতে চিলনী চোৰৰ সন্ত্ৰাস। সময়ে সময়ে আৰক্ষীয়ে অভিযান চলাই চুৰি, ডকাইতি আদি কাৰ্যত জড়িত লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও চোৰৰ উপদ্ৰপ কমি যোৱা নাই, বৰং বৃদ্ধি হৈয়ে আছে। বিশেষকৈ ৰাজ্যৰ বিভিন্ন ঠাইত চিলনী চোৰৰ সন্ত্ৰাসে ভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। এইবাৰ দিন দুপৰতে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰহালীত চিলনী চোৰে সন্ত্ৰাস চলাই লুতি গৈ গল লক্ষধিক টকা। এই ঘটনাৰ চি চি টিভিৰ ফুটুজ ভাইৰেল হোৱাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে, আজি দিনৰ ভাগত মিৰ্জাস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা লোহাৰঘাটৰ বিচিত্ৰা ৰাভা নামৰ মহিলা গৰাকীয়ে এক লাখ টকা উলিয়াই পুতেকৰ সৈতে মটৰ চাইকেলেৰে বিজয়নগৰলৈ আহি আছিল। তেনে সময়তে বিজয়নগৰৰ উপৰহালীত তেওঁলোকক অনুসৰণ কৰি পিছফালৰ পৰা অহা দুই মটৰ চাইকেল আৰোহী ৰূপী চিলনী চোৰে মহিলাগৰাকীৰ পৰা টকা ভৰ্ত্তি বেগ কাঢ়ি লৈ আৰক্ষী তথা জনসাধাৰণৰ সমুখেৰেই সহজতেই পলাই যাবলৈ সক্ষম হয়। ইয়াৰ পিছতেই মহিলাগৰাকীয়ে অসহায় হৈ বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনা সমগ্ৰ দক্ষিণ কামৰূপতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঢকুৱাখনা সমষ্টিত দুই কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনিত দুৰ্নীতি-লুণ্ঠনৰ অভিযোগ

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ/জিলা উপায়ুক্তক শীঘ্ৰেই চৰজমীণ তদন্তৰ দাবী

“আগন্তক ২০২১ চনৰ বিধান সভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ অৱস্থাত এতিয়া ঢকুৱাখনা সমষ্টিত অতি ক্ষীপ্ৰ  গতিত চলিছে বিভিন্ন উন্নয়ন মুলক আঁচনিৰ কাম-কাজ‌।আৰু ইয়াৰ সমান্তৰালভাৱে এতিয়া ঢকুৱাখনাত বিভিন্ন উন্নয়মুলক আঁচনিৰ কাম-কাজ অলপ কৰাৰ পিছতেই আবন্টিত পূঁজিৰ সিংহভাগ বিধায়কৰ ঘনিষ্ঠ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰুভেণ্ডৰৰ জড়িয়তে সৰকাই  নিৰ্বাচনী পূঁজি সংগ্ৰহত গুৰুত্ব দিছে একাংশ শাসকীয় দলৰ নেতা-পালিনেতাই।”-এই অভিযোগ কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ।দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনাত আয়োজিত এক সংবাদমেলযোগে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি-ধৰ্মকান্ত গগৈয়ে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টি ঢকুৱাখনাৰ ঘিলামৰা উন্নয়ন খণ্ডত শেহতীয়াকৈ দুখন কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধ আঁচনিত সংঘটিত হোৱা বৃহৎ দুৰ্নীতি আৰু লুণ্ঠনৰ তথ্য সদৰী কৰে সংবাদ মাধ্যমৰ আগত।সংবাদ মেলত সংগঠনটোৱে সদৰী কৰা অনুসৰি-“ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ সোনাৰি চাপৰি গাঁও পঞ্চয়তৰ অন্তৰ্গত ৰাওনা বাৰীৰ পৰা বৰবাৰীলৈ চাৰিকড়িয়া নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ নামত তিনি (৩)কোটি টকা অৱন্তন হৈছিল। কিন্তু বৰ্তমান ১০ শতাংশতকৈও বেছি কাম সম্পূৰ্ন নহওঁতেই মন্ত্ৰীৰ ঘনিষ্ঠ ৰূপে বিবেচিত দুই ভেণ্ডৰ বিবেকানন্দ দলে আৰু দয়ানন্দ পেগুৰ নামত এক কোটি (১), নব্বৈ লাখ(৯০), একৈশ হাজাৰ(২১) চাৰিশ (৪০০) টকা ইতিমধ্যে মুকলাই দিলে ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকাই। উল্লেখনীয় কথাটো হল যে ৰাজ্যৰ অন্যান্য ঠাইৰ পঞ্চায়ত বোৰত আৰু উন্নয়ন খণ্ড সমূহত ঠিকাদাৰ,ভেণ্ডৰক কৰা কামৰ পৰিমাণ অনুসৰি কেৱল ৫% বা ১০% আবন্টিত পুঁজিছে মোকলাই দিছে।সেই সময়ত বিভাগীয় মন্ত্ৰী সমষ্টিত একে দিনাই উল্লেখিত দুই ভেণ্ডৰ ঠিকাদাৰৰ একাউণ্টত-৬৯ লাখ ,৪৪ হাজাৰ টকা সুমিয়াই দিছে খণ্ড উন্নয়ন বিষয়াই। অন্যহাতে যিটো আঁচনিৰ কাম ৩ কোটি টকাৰে কৰিবলৈ দিছিল তাত ২০ লাখ টকাৰো কাম হোৱা নাই ।ইফালে অতি নিম্নমানৰ হৈছে কাম।জি’অ বেগ সমূহ বহোওৱাৰ এবছৰ নহওঁতেই ফাটি -চিটি এৰি গৈছে বিভিন্ন ঠাইত।” তদুপৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে একেটা উন্নয়ন খণ্ডৰে বৰদৈবাম গাঁও পঞ্চায়ততো চুতীয়াকাৰী পকী দলঙৰ পৰা চকলাগুৰি ঘটলৈকে লখিমপুৰ জিলা পৰিষদৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধৰ নামত আবন্টিত হোৱা ২(দুই )কোটি টকীয়া আঁচনি খনতো দুৰ্নীতি আৰু লুণ্ঠন চলাৰ কথা সদৰী কৰে।এই আঁচনিখনৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবেই নিৰ্মাণৰ এবছৰ নহওঁতেই বৰষুণৰ পানীয়ে খহাই লৈ গ’ল বহু অংশ।ইফালে কামৰ গতিও হ’ল জোৰা-টাপলি মৰা।কিছুমান বাঁহৰ গোঁজ পুতি আৰু নিম্ন মানদণ্ডৰ কিছুমান জি’অ বেগ স্থাপন কৰিয়েই মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰে ইতিমধ্যে প্ৰায় ১(এক) কোটি টকা মুকলাই নিলে।এইটো কামতো ১০ লাখ টকাতকৈও বেছি কাম সম্পূণ হোৱা নাই।”সেইয়ে এই সাংবাদমেলৰ জৰিয়তে লখিমপুৰ জিলাৰ উপায়ুক্তক দুইখন খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণতে সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ সন্দৰ্ভত শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ চৰজমীণ তদন্ত কৰিবলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আহ্বান জনাইছে।

বৰক্ষেত্ৰীত বিজেপিৰ ৰাজহুৱা সভা

বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ গোৰক্ষাট্টাৰীত আজি ভাৰতীয় জনতা পাৰ্টীয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।৫৭ নং দৌলাশাল লাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোৰক্ষাট্টাৰী লক্ষ্মী মন্দিৰ প্ৰাংগনত বৰক্ষেত্ৰী মণ্ডল বিজেপিয়ে অনুষ্ঠিত কৰা উক্ত সভাত সভাপতিত্বৰ আসন গ্ৰহণ কৰে বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি মোহন চন্দ্ৰ কলিতাই।আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠা   দলটোৰ শক্তিশালী ভুমিকাৰ বিষয়ে ৰাইজক অৱগত কৰাব গৈ বিধায়ক নাৰায়ণ ডেকাই দ্বিতীয় বাৰৰ বাবে সমষ্টিটোৰ বিধায়ক হব বুলি সভাত মন্তব্য প্ৰকাশ কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰভাৰী ত্ৰিনয়ন বৰ্মনে।উল্লেখ্য যে-আজিৰ এই সভাতেই শতাধিক লোকে বিজেপিত যোগদান কৰে।দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধি,মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক শৈলেন কলিতা, বৰক্ষেত্ৰী সমষ্টিৰ বিস্তাৰক নিৰ্মল চন্দ্ৰ নাথ প্ৰমুখ্যে বিজেপিৰ ভিন্ন পৰ্যায়ৰ কাৰ্যকতা সকলৰ লগতে সহস্ৰাধিক লোক আজিৰ সভাত উপস্থিত থাকে।

গোগামুখত মন্ত্ৰী ড° শৰ্মাৰ দ্বাৰা কুমটীয়া দলঙৰ আধাৰশিলা স্থাপন : ধেমাজিত নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়

আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷ আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনিত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কুমটীয়া নদীৰ  ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য আগবঢ়ায় ৷ আধাৰশিলা স্থাপনৰ কাষতে নিৰ্মাণ  কৰা সভাগৃহত বিশাল জনসভাক উদ্দেশ্যি তেওঁ কয়- ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে ৷ বাট-পথৰ পৰা আৰম্ভ কৰি শৈক্ষিক, স্বাস্থ্য আদি সকলো দিশতে আমূল প্ৰগতি হৈছে ৷ এই প্ৰগতিৰ অংশ হিচাপে আজি আমি আকৌ কুমটীয়া নদীখনৰ ওপৰত নতুন পকী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলো ৷ এই দলংখনৰ নিৰ্মাণে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব ৷ দলংখন নিৰ্মাণত মুঠ ৪৩ কোটি ৫৪ লাখ টকা ব্যয় কৰা হ’ব বুলি তেওঁ দোহাৰে আৰু আগন্তুক দুবছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজক অৱগত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- ধেমাজিত দুদিন ধৰি তেওঁ বিভিন্ন উন্নয়ন মূূলক আঁচনিৰ আধাৰশিলাস্থাপন কৰিছে ৷ ধেমাজিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কামো হাতত লৈছে আৰু মহাবিদ্যালয়খনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাম চলি আছে ৷ সকলো ঠিকেই থাকিলে অতি শীঘ্ৰেই মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি তেওঁ উপস্থিত হাজাৰ হাজাৰ ৰাইজক অৱগত কৰে ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগু, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে ট্ৰাইবেল সংঘৰ সম্পাদক মিলন সোনোৱাল, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেমা দত্ত, অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা আৰু ধেমাজি জিলাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে ৷ উল্লেখনীয় যে আজি পুৱা বিজেপি, অগপ আৰু গণশক্তিৰ হাজাৰ কৰ্মী-সদস্যই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত ধেমাজিৰ ৰং ছটিওৱা পথাৰৰ পৰা কুমটীয়া নদীলৈ বাইচাইকেল সমদল বাহিৰ কৰে ৷ উক্ত বাইচাইকেল সমদলত বিধায়ক ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে ৷ 

ডিমৌত প্ৰসূতি আৰু নৱজাতকৰ কৰুণ মৃত্যুত শোক, তদন্তৰ দাবী অঞ্চলবাসীৰ

ডিমৌৰ সমীপৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰি চাহ বাগিচাৰ সাত নম্বৰ লাইনৰ বাসিন্দা মিনতি চুন্দী(২৪) নামৰ এগৰাকী প্ৰসূতিৰ লগতে সদ্যজাত শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ বন্যা বৈছে। ১৭ জানুৱাৰীৰ বিয়লি প্ৰসূতি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবৰ বাবে পৰিয়ালৰ লোকে বহুবাৰ ১০৮ মৃত্যুঞ্জয় সেৱালৈ ফোন কৰিছিল যদিও  মৃত্যুঞ্জয় সেৱাৰ পৰা কোনোধৰণৰ সঁহাৰি নাপাই দৰিদ্ৰ পৰিয়ালটোৱে বাগিচাৰ বাহনেৰে মিনতিক ডিমৌৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰসূতি গৰাকীয়ে ডিমৌ চিকিৎসালয়ত এটি মৃত সন্তান জন্ম দিয়ে। ইয়াৰ পাছতে প্ৰসূতি গৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত ডিমৌৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰে যদিও মাজ বাটতে প্ৰসূতি গৰাকীয়ে কৰুণ ভাবে মৃত্যুক আঁকোৱালি লয়। ৰাইজে প্ৰসূতি আৰু নৱ জাতকৰ মৃত্যু ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।

“ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে” : হিমন্ত বিশ্ব শৰ্মা

“আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷” : আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনিত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কুমটীয়া নদীৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য আগবঢ়ায় ৷

আধাৰশিলা স্থাপনৰ কাষতে নিৰ্মাণ  কৰা সভাগৃহত বিশাল জনসভাক উদ্দেশ্যি তেওঁ কয়- ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে ৷ বাট-পথৰ পৰা আৰম্ভ কৰি শৈক্ষিক, স্বাস্থ্য আদি সকলো দিশতে আমূল প্ৰগতি হৈছে ৷ এই প্ৰগতিৰ অংশ হিচাপে আজি আমি আকৌ কুমটীয়া নদীখনৰ ওপৰত নতুন পকী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলো ৷ এই দলংখনৰ নিৰ্মাণে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব ৷ দলংখন নিৰ্মাণত মুঠ ৪৩ কোটি ৫৪ লাখ টকা ব্যয় কৰা হ’ব বুলি তেওঁ দোহাৰে আৰু আগন্তুক দুবছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজক অৱগত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- ধেমাজিত দুদিন ধৰি তেওঁ বিভিন্ন উন্নয়ন মূূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে ৷ ধেমাজিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কামো হাতত লৈছে আৰু মহাবিদ্যালয়খনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাম চলি আছে ৷ সকলো ঠিকেই থাকিলে অতি শীঘ্ৰেই মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি তেওঁ উপস্থিত হাজাৰ হাজাৰ ৰাইজক অৱগত কৰে ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগু, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে ট্ৰাইবেল সংঘৰ সম্পাদক মিলন সোনোৱাল, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেমা দত্ত, অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা আৰু ধেমাজি জিলাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে ৷ উল্লেখনীয় যে আজি পুৱা বিজেপি, অগপ আৰু গণশক্তিৰ হাজাৰ কৰ্মী-সদস্যই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত ধেমাজিৰ ৰং ছটিওৱা পথাৰৰ পৰা কুমটীয়া নদীলৈ বাইচাইকেল সমদল বাহিৰ কৰে ৷ উক্ত বাইচাইকেল সমদলত বিধায়ক ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে ৷ 

ফিল’বাৰীৰ ৰংপুৰ গাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্দ্ধনা

 তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰংপুৰ গাৱঁৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ গ্ৰহণ কৰা প্রধান শিক্ষক শশীন্দ্ৰ কুমাৰ চুতীয়াক শিল্পী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক কাৰ্যসূচীত বিদায় সম্বৰ্দ্ধনা জনোৱা হয় । ৰংপুৰ গাওঁবাসীৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কৰা হয় ।  অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্র গায়ন, অৱসৰ প্ৰাপ্ত শিক্ষক কমলা কান্ত চুতীয়া, ভৈৰৱ বৰা, মীৰা চেতিয়া দুৱৰী, মহেন্দ্র দাসৰ লগতে ৰংপুৰ গাৱঁৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিভিন্ন গীত মাতেৰে মুখৰিত হোৱা শিল্পী দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানৰ  কাৰ্য্যসূচীত ৰংপুৰ গাৱঁৰে ৰাজীৱ লোচন বৰা, তৰুণ চন্দ্র গায়ন, প্ৰিয়ংকা শইকীয়া,  আকাশ কোঁৱৰ আদি মুঠ ৮ গৰাকী লোকে  গছ পুলি ৰোপন কৰে। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত ৰণশিঙা বজালে অসম জাতীয় পৰিষদে : একাৱন্ন জনীয়া জিলা সমিতি গঠন

 আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বিশাল বাইক ৰেলিৰে ৰাজপথ কঁপালে অসম জাতীয় পৰিষদে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ৰ বসুমতাৰীক লগত লৈ উজনি মাজুলীৰ মাজৰ দেউৰীৰ পৰা মাজুলীৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী পদ্মেশ্বৰ দলে,শীশুধৰ দলেৰ নেতৃত্বত উলিওৱা হয় এক বিশাল বাইক ৰেলি। মাজুলীৰ সোণাৰীআটি নৱজ্যোতি কৃষ্টি সংঘত দলটোৰ  জিলা অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উক্ত অভিৱৰ্তনতেে শিশুধৰ দলেৰ সভাপতি,  হেমন্ত বৰাক সম্পাদক,  ব্ৰজেন ভৰালী, হৰেণ বৰা, সোনাধৰ দলে,  প্ৰদীপ বৰাক উপসভাপতি হিচাপে লৈ যুটীয়া সম্পাদক পাঁচজন সহ মুঠ একাৱন্ন জন সদস্যৰে  শক্তিশালী ৰূপত জিলা সমিতিখন গঠন হয়। চিত্ৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ ওচৰত কয় অসমৰ লগতে মাজুলীবাসী ৰাইজে অসম জাতীয় পৰিষদ দলক আঁকোৱালি লৈছে। কাৰণ চৰম সংকটত ভুগিছে মাজুলীবাসী ৰাইজ বিজেপি চৰকাৰৰ বাবে। মুখ্যমন্ত্ৰী সমষ্টিতে হৈছে চৰম দুৰ্নীতি। মুখ্যমন্ত্ৰী সোঁৱে বাৱে থকা কিছুমান মানুহে কৰিছে এই দূৰ্নীতি।
সাংবাদিকে অখিল গগৈ সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত চিত্ৰ বসুমতাৰীয়ে কয় – অখিল গগৈক বলপূৰ্বক ভাবে কাৰাগাৰত বন্দী কৰি ৰাখিছে। অখিল গগৈত কৈও দাগী মানুহ আছে বিজেপিত । অখিল গগৈয়ে কাৰাগাৰত কটোৱা প্ৰতিটো দিন প্ৰতিটো নিশাৰ মূল্য দিব লাগিব বিজেপি চৰকাৰে।  নিজকে অসমৰ দুই নম্বৰ মন্ত্ৰী বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মা বহু কেলেংকাৰী লগত জড়িত। লগতে তেখেতে কয় যে, অসম জাতীয় দল শাসনলৈ আহিলে কেলেংকাৰী নেতাবোৰে জেলত থাকিব লাগিব ৷ অসম জাতীয় পৰিসদৰ এই অভিৱৰ্তনত বিজেপি,  অগপ,  গনশক্তি,  কংগ্ৰেছ,  প্ৰাক্তন আছু আৰু যুৱছাত্ৰ পৰিষদৰ প্ৰায় ৬৫০ জনে সদস্যই যোগদান কৰে ৷

২৬ জানুৱাৰীত দ্ৰুত দবা প্ৰতিযোগিতাৰ আয়োজন

 বিগত বছৰৰ দৰে শিৱসাগৰ চেছ একাডেমীৰ মাডাৰ্চ ফৰামৰ  উদ্যোগত আৰু শিৱসাগৰ চেছ একাডেমীৰ সহযোগত অহা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস উপলক্ষে শিৱসাগৰ ছোৱালী কলেজত দিনজোৰাকৈ শিৱসাগৰ জিলাভিত্তিক মুকলি দ্ৰুত দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ নামভৰ্তিৰ মাচুল ২০০ টকা । প্ৰতিযোগীসকলে অহা ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাৰ ভিতৰত শিৱসাগৰ চেছ একাডেমীত নামভৰ্তি নিশ্চিত কৰিব লাগিব । অৰ্থাৎ ২৬ জানুৱাৰীৰ দিনা কোনোধৰণৰ নামভৰ্তি নহ’ব । বয়সৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক । প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে জিলা দবা সন্থাৰ পৰা অনুমতি লোৱা হৈছে। প্ৰতিযোগীসকলে চুইছ লীগ পদ্ধতিৰে দবা ঘড়ীৰ সহায়ত ১০ মিনিট ৩ ছেকেণ্ড ইনক্ৰিমেন্ট সময়ত  ৭ ৰাউণ্ড খেলিব লাগিব। প্ৰতিযোগিতাখন অনুৰ্দ্ধ  ৯, ১৩,আৰু ১৭  বছৰৰ ল’ৰা – ছোৱালীৰ শাখাত খেলুৱা হ’ব । প্ৰতিটো শাখাৰ প্ৰথম চাৰিটা স্থান লাভ কৰা সকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰাৰ  উপৰিও অংশ গ্ৰহণ কৰা সকলোকে মানপত্ৰ প্ৰদান কৰা হ’ব। 

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ এটি সঁজাতী দলে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চৰকাৰী কৰ্মচাৰী সকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে এই পেঞ্চন নীতি অনুসৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত নকৰে বুলি অভিযোগ কৰি পুৰণি পেঞ্চন নীতিৰ সা সুবিধা প্রদান কৰিবলৈ দাবী কৰিছে। চৰকাৰী সেৱা আগবঢ়াই অৱসৰকালীন সময়খিনিত নিশ্চয়তা নথকাত কৰ্মচাৰী সকল নিজৰ লগতে পৰিয়ালৰ কথা ভাৱি আতংকিত হোৱাটো বিশেষ লক্ষণীয়। বৃদ্ধাৱস্থাত কোনো শাৰীৰিক সক্ষমতা নথকাৰ পৰিপ্ৰেক্ষিতত নিজৰ অত্যাবশ্যকীয় বস্তু কেইপদো যোগাৰ কৰি লোৱাত অসমৰ্থ হৈ পৰাৰ সম্ভাবনা অধিক। লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি সম্পাদক পূণ্য গোঁহাই দত্ত আৰু দিগন্ত গোঁহাইৰ স্বাক্ষৰিত স্মাৰক পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পেঞ্চন নীতি সংশোধন কৰি হ’লেও কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ মহন, লাহোৱাল আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক পূণ্য গোঁহাই দত্ত, দিগন্ত গোঁহাইৰ লগতে সহ সম্পাদক মৃদুল কলিতা, ৰমানন্দ খনিকৰ, শান্ত কোঁৱৰ, দীপ সিং, জিতুল গগৈৰ লগতে জিলা সাংগঠনিক সম্পাদক সুকুমাৰ ঘোষ স্মাৰক পত্ৰ প্ৰদানত উপস্থিত আছিল।