Home Blog Page 3065

মাজুলীৰ বিজ্ঞান ক্ষেত্ৰখনলৈ সুখৱৰ কঢ়িয়াই আনিলে দেৱলক্ষ্মীয়ে

নলবাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ  ২৮ তম ৰাজ্যিক সমাৰোহত  চমকপ্ৰদ ভাবে উজ্বলিল মাজুলীৰ দুই ছাত্র-ছাত্ৰী। ৩৩ খন জিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত মাজুলীৰ ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দেৱলক্ষ্মী শইকীয়াই ‘ বহঁত গছৰ গাৰ পৰা সংগ্ৰহ কৰা প্ৰাকৃতিক ৰঙ আৰু ইয়াৰ সুপ্ৰয়োগ ‘ শীৰ্ষক প্ৰকল্প উপস্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি নিৰ্বাচিত হৈছে। শিশু বিজ্ঞানী গৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ তত্ত্বাৱধানত প্ৰকল্পটো প্ৰস্তুত কৰিছিল। দেৱলক্ষ্মী উজনি মাজুলী ৰতনপুৰ গাঁও নিবাসী শিক্ষক হৰেন শইকীয়া আৰু ৰিঞ্জু শইকীয়াৰ কন্যা। আন এগৰাকী কৃতিমানৰ সাফল্যত গৌৰাম্বিত মাজুলী। তেওঁ হৈছে কঢ়ালগাঁও-বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ নৰেন্দ্ৰ শইকীয়া । নৰেন্দ্ৰ দক্ষিণপাট নাওঁশালি গাঁৱৰ বকুল শইকীয়াৰ একমাত্ৰ পুত্ৰ। নৰেন্দ্ৰই শিশু বিজ্ঞানী সকলৰ মাজত অনুষ্ঠিত হোৱা ‘শিশু মেলত’ আটাইবোৰ প্ৰশ্নৰ সুদুত্তৰ দি ‘শ্ৰেষ্ঠ মেলুৱৈ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। তাৰোপৰি কবিতা আবৃত্তিত সুন্দৰ ভাবে কবিতা আবৃত্তি কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। যাৰ বাবে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ অৰূপ কুমাৰ শৰ্মাই গলত পৰিধান কৰি থকা গামোচা নৰেন্দ্ৰক পিন্ধাই আদৰ যাচে। সামগ্ৰিক ভাৱে মাজুলীৰ দলটি নলবাৰীৰ ৰাজ্যিক সমাৰোহত সুন্দৰ ভাবে উজ্বলি উঠিল। তেওঁলোকৰ এই সাফল্যত গৌৰাম্বিত হৈছে মাজুলীবাসী | লগতে দুয়োজন কৃৰ্তীমানলৈ ছ’চিয়েল মেডিয়াযোগে অভিনন্দন জনাইছে সকলোৱে |

১ কোটি টকা উৎকোচ লোৱাৰ সময়তে CBI য়ে আটক কৰে জ্যেষ্ঠ ৰে’লৱে বিষয়াক

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে দেওবাৰে আটক কৰে ভাৰতীয় ৰে’লৱে ১ কোটি অভিযান্ত্ৰিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়াক ৷

উল্লেখ্য যে, দেশৰ 20 টা স্থানত অনুসন্ধান চলোৱাৰ মাজতে জ্যেষ্ঠ ৰে’লৱে বিষয়া গৰাকীক মুঠ ১ কোটি টকা উৎকোচ লোৱাৰ সময়তে আটক কৰে চিবিআইয়ে ৷

চিবিআইৰ সূত্ৰই জনোৱা মতে, চি বি আইয়ে আইআৰইএছৰ ১৯৮৫ চনৰ বিষয়া মহেন্দ্ৰ সিং চৌহানে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে (এনএফআৰ)ৰ প্ৰকল্পৰ চুক্তি প্ৰদান সন্দৰ্ভত ধন উৎকোচ লৈ থকাৰ সময়তে তেওঁক আটক কৰে ৷

সম্প্ৰতি মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় অভিযুক্ত চৌহানক ৷জানিব পৰা মতে, ৰে’লৱে বিষয়া গৰাকীৰ পৰা উৎকোচ লোৱা ধন জব্দ কৰে চিবিআইয়ে ৷

উল্লেখ্য যে, চিবিআইয়ে দিল্লী, অসম, উত্তৰাখণ্ড আৰু অন্য দুখন ৰাজ্যৰ মুঠ ২০ টা স্থানত ধন উৎকোচক লৈ অভিযান চলাই আছে ৷ অভিযানৰ সময়চোৱাত সংস্থাটোৱে মালিগাঁও স্থিত বিষয়া গৰাকীৰ ৰেলৱে বাংলো ৰ পৰা নগদ ৫৩ লাখ টকা ৰ সৈতে ৩ টা সোণৰ মুদ্ৰা জব্দ কৰে।

নগাঁৱত কেইবাশতাধিক লোকৰ বিজেপিত যোগদান

নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে পূৰ্বে কেতিয়াও হোৱা নাছিল:ৰূপক শৰ্মা

 বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ সমষ্টিটোত বিজেপিত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ লক্ষ্য “মিছন ১০০+” সফল কৰাৰ উদ্দেশ্য আজি নগাঁও সদৰ সমষ্টিৰ ফৌজাদাৰপট্টি স্হিত দক্ষিণ পাট স্টেন্ডৰ সমীপত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা এখন সভাত বিভিন্ন দলৰ পৰা অহা কেইবাশতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।যোগদান সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত কয় যে ,”নগাঁও সদৰ সমষ্টিৰ  সামগ্ৰিক উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ  নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ বহু সংখ্যক নেতা,কৰ্মীয়ে বিগত দিন সমূহত বিজেপি দলত যোগদান কৰি আহিছে। আজিও আমাৰ দলৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ  বিভিন্ন দল ত্যাগ কৰি কেইবাশতাধিক লোকে বিজেপি দলত যোগদান কৰিছে।আজি বিজেপি দললৈ আগমন ঘটা প্ৰত্যেক গৰাকী সদস্যক আমাৰ ফালৰ পৰা উস্ম আদৰণি জনাইছো ।আশাকৰো এইসকল নতুন সদস্যৰ অন্তৰ্ভুক্তিয়ে অনাগত দিনত বিজেপি দলৰ ভেটি আৰু অধিক শক্তিশালী কৰি তুলিব।লগতে তেওঁ কয় যে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সদৰ সমষ্টিৰ উন্নয়ন কেৱল আধাৰশিলাতহে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আধাৰশিলা নহয়, কামৰ শুভ উদ্ধোধনহে হৈ আছে।নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে, পূৰ্বৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নয়ন হোৱা নাছিল।” সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস নীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰিছে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ কথা চিন্তা কৰা নাই। সম উন্নয়নতহে গুৰুত্ব প্ৰদান কৰা হৈছে। আজি অনুষ্ঠিত যোগদান সভাখনত বিজেপি দলৰ বিভিন্ন  বিষয়ববীয়া তথা কৰ্মকতা সকল উপস্থিত থাকে।

বান আৰু খহনীয়া সমস্যাৰ পৰা মাজুলীক সুৰক্ষিত গুৰুত্ব প্ৰদান চৰকাৰৰ

মাজুলী জিলা প্ৰতিষ্ঠাৰ পাছৰে পৰা বিগত চাৰে চাৰি বছৰত জলসম্পদ বিভাগে জিলাখনৰ দুৰ্বল মঠাউৰিসমূহ শক্তিশালী কৰি তোলাৰ লগতে নদীপৰীয়া খহনীয়াত আক্ৰান্ত অঞ্চলসমূহক সুৰক্ষিত কৰিবলৈ জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

২০১৬ চনত ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিয়া বনগাঁও মঠাউৰিৰ ক্ষতিগ্ৰস্ত অংশ জলসম্পদ বিভাগে অতি কম দিনৰ ভিতৰতে পুনৰ নিৰ্মাণ কৰি বৃহত্তৰ পূৱ মাজুলী অঞ্চলবাসী জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰে। একেদৰে, ২০১৭ চনৰ বানত বিচ্ছিন্ন ব্ৰহ্মপুত্ৰ মঠাউৰিৰ সোণোৱাল কছাৰী অংশৰ লগতে নামনি মাজুলীত সোৱণশিৰি নদীয়ে উটুৱাই নিয়া মঠাউৰিৰ নটাকৈ ভগ্ন অংশও অসম চৰকাৰৎ নিৰ্দেশত বিভাগটোৱে অতি ক্ষিপ্ৰতাৰে এবছৰতকৈয়ো কম সময়ৰ ভিতৰতে জিঅ’ বেগ সংস্থাপনেৰে মজবুত কৰি পুনৰ নিৰ্মাণ কৰি উলিয়ায়। ইতিমধ্যে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত বিভাগটোৱে টেকেলিফুটা-মিলি তিনিআলি-হালধিবাৰী-বনগাঁও-বেচামাৰী ব্ৰহ্মপুত্ৰ মঠাউৰিৰ স্পৰ্শকাতৰ অংশসমূহ সবলীকৰণৰ বাবে কেইবাখনো আঁচনি সফলতাৰে কাৰ্যৰূপায়ণ কৰাৰ সূত্ৰে বিগত তিনিটা বৰ্ষ (২০১৮, ২০১৯ আৰু ২০২০ চন)ৰ বাৰিষাৰ সময়ছোৱাত মাজুলী জিলাত ব্ৰহ্মপুত্ৰৰ মঠাউৰি সুৰক্ষিত হৈ ৰয়।

জলসম্পদ বিভাগৰ মাজুলী সংমণ্ডলে চলিত বিত্তীয় বৰ্ষতো উজনি মাজুলীত ব্ৰহ্মপুত্ৰ মঠাউৰি সবলীকৰণ আৰু আঁহতগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ লগতে জিলাখনৰ উত্তৰ দিশতো সোৱণশিৰি, খেৰকটীয়া, লুইত-খাবলুৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুঠ ১৬.০২ কোটি টকা ব্যয় সাপেক্ষ ৭খনকৈ অতি গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। এই আঁচনি কেইখন হৈছে– ২ কোটি টকাৰে জেংৰাইমুখৰ পৰা পকাজৰালৈ সোৱণশিৰি মথাউৰি সবলীকৰণ আঁচনি, ১.৮০ কোটি টকাৰে জেংৰাইমুখ কুমাৰবাৰী অঞ্চলত খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ২ কোটি টকাৰে মূৱাচুকত খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ৩.৩০ কোটি টকাৰে চটাইকুৰৰ পৰা ৰতনপুৰ অংশত ব্ৰহ্মপুত্ৰ মথাউৰি সবলীকৰণ আঁচনি, ৩.৬০ কোটি টকাৰে গড়মূৰ এলেকাত লুইতৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ২ কোটি টকাৰে কৰতিপাৰত সোৱণশিৰিৰ খহনীয়া প্ৰতিৰোধ আঁচনি আৰু ৩.৩২ কোটি টকাৰে আঁহতগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ আঁচনি। মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা ৫ জানুৱাৰীত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা বান-খহনীয়া প্ৰতিৰোধৰ এই আটাইকেইখন আঁচনিৰ ৰূপায়ণকাৰ্য আগন্তুক বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগটোৱে ইতিমধ্যে সময়সীমা স্থিৰ কৰিছে।

হোজাইত কৃষি বিভাগৰ দ্বাৰা মৌ পালনৰ বিষয়ত প্ৰশিক্ষণৰ সামৰণি

উদ্যান শস্যৰ প্ৰযুক্তি মিছন আঁচনিৰ অধীনত কৃষকসকলৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধা আগবঢ়াই আহিছে ৷ শতকৰা ৫০ শতাংশ ৰাজ সাহাৰ্যত ফল মূলৰ নাৰ্চাৰী স্থাপন, কাঠফুলা উৎপাদন, গ্ৰীণ হাউচ স্থাপন ইত্যাদিৰ লগতে ৰাজসাহাৰ্যযুক্ত মৌ আৰু মৌপালনৰ বাবে বাকচ যোগান ধৰি কৃষক ৰাইজক উপকৃত কৰি আহিছে বুলি হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷ এই আঁচনিৰ অন্তৰ্গত হোজাই জিলাৰ ১২০ জন কৃষকৰ মাজত ইতিমধ্যে ৰেহাই মূল্যত মৌমাখিৰ লগতে মৌবাকচ বিতৰণ কৰা হয় ৷ আনকি হিতাধিকাৰী মৌপালক সকলে যাতে বিজ্ঞান সন্মতভাবে মৌ পালন কৰি অৰ্থনৈতিক ভাবে লাভবান হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা কৃষি বিভাগৰ প্ৰশিক্ষন কেন্দ্ৰত অলপতে কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় ৷ উক্ত প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন গাঁৱৰ প্ৰায় ৪৫ গৰাকী মৌপালক উপস্থিত থাকে ৷ হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সকলো মৌ পালকক উন্নত পদ্ধতিৰে মৌপালন কৰি আৰ্থিক লাভবান হ’বলৈ প্ৰশিক্ষণত আহ্বান জনায় ৷ মৌ পালনৰ বিষয়ে সবিশেষ বাবে বহলাই ব্যাখ্যা কৰে সমল ব্যক্তি যোৰহাটৰ ৰঞ্জন দত্তই ৷ লগতে প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে উদ্যান শস্যৰ নডেল বিষয়া ঝুমুৰ গোস্মামী, কৃষি উন্নয়ন বিষয়া ময়ুৰ তৃষ্ণা ৰাজখোৱা, হেনেমিলি তেৰাংপি, বিউটি গগৈ আৰু কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভুঞা, চামু থাউচেনসহ অন্যান্য বিষয়ববীয়া সকল প্ৰশিক্ষনত উপস্থিত আছিল বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ৷

নগাঁৱত স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল নগাঁও আৰক্ষীৰ জালত পৰিল চাৰি প্ৰৱঞ্চক

স্বাস্থ্য বিভাগৰ চাকৰিৰ নামত একাংশ নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এক প্ৰৱঞ্চকৰ দল নগাঁও আৰক্ষীৰ জালত পৰিছে। নিজকে স্বাস্থ্য বিষয়া বুলি পৰিচয় দি ধন নগাঁও জিলাৰ বিভিন্ন নিবনুৱাৰ পৰা অবাধে ধন সংগ্ৰহ কৰিছিল এই প্ৰৱঞ্চক চক্ৰটোৱে। নগাঁও আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চক কেইজন হৈছে ভবেশ কালিন্দী, শ্বহীদুল ইছলাম ওৰফে বাব্লু, বিক্ৰম কালিন্দী আৰু নছৰ ৱাহিদ। নগাঁৱৰ চামগুৰি আৰু আমনিৰ এই চক্ৰটোৱে বিগত কিছুদিন ধৰি স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে। অভিযোগ অনুসৰি, এই প্ৰৱঞ্চকৰ দলটোৱে শেহতীয়াকৈ নগাঁও জিলাৰ চামগুৰিৰ তৰুণ চন্দ্ৰ নাথ নামৰ এগৰাকী লোকৰ পৰাও স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত এক লাখ ৮২হেজাৰ  টকা দাবী কৰিছিল। চৰকাৰী চাকৰিৰ মোহত পৰি যুৱক জনে প্ৰৱঞ্চক দলটোৰ জালত ভৰি দিয়ে। তেওঁ কেইবাটাও কিস্তিত প্ৰৱঞ্চকৰ দলটোক লক্ষাধিক টকা আদায় দিয়ে যদিও চাকৰিৰ কোনো ওমঘাম নোপোৱাত সন্দেহ ওপজে। পাছত যুৱক জনে তেওঁক প্ৰৱঞ্চনা কৰা বুলি নিশ্চিত হোৱাৰ পাছত চাকৰিৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি ধৃত লোক কেইজনৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন  এজাহাৰ দাখিল কৰিছিল। নগাঁও আৰক্ষীয়ে সেই এজাহাৰৰ ভিৰ্তিত নগাঁও সদৰ আৰক্ষী থানাত ১০৪/২০২১নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰি তদন্ত আৰম্ভ কৰে। ইপিনে,কালি প্ৰৱঞ্চকৰ দলটোৱে নাথৰ পৰা অন্তিম কিস্তিৰ ধন নিবলৈ অহাৰ কথা জনায়।এই বিষয়ে ভুক্তভোগীয়ে নগাঁও আৰক্ষীক অৱগত কৰায়।সেই মৰ্মে কালি সন্ধিয়া নাথৰ ঘৰৰ পৰা টকা নিবলৈ আহোতেই নগাঁও নগৰ আৰক্ষীয়ে পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত প্ৰৱঞ্চক দলটোৰ বিক্ৰম কালিন্দীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা আভিযান চলাই ভুৱা স্বাস্থ্য বিষয়া তথা প্ৰৱঞ্চকৰ দলটোৰ আন তিনি জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চকৰ দলটোৰ দুজনৰ ঘৰ চামগুৰিৰ আমনিত আৰু আন দুজনৰ ঘৰ ৰূপহীত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইপিনে, ধৃত প্ৰৱঞ্চকৰ দলটোক আৰক্ষীয়ে মাৰাথান জেৰাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও নগৰ আৰক্ষীৰ টি এছ আই কুন্দন ৰবি দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

জামুগুৰিহাটৰ বামুনিপামত এটা গড় খেদিবলৈ বনবিভাগে শুন্যলৈ গুলীচালনা কৰা মুহূৰ্ততে এজনৰ হাতত গুলি লাগি আহত

জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত এটা গড়ে ওৰেটো নিশা সন্ত্ৰাস চলোৱাৰ পিছত পুৱাই জীয়াভৰলী নদীৰ পাৰত অৱস্থান কৰিছে ৷ ইয়াৰ ফল স্বৰূপে গাঁও সমুহৰ ৰাইজ আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ লোক সকলে গড়টোক খেদিবলৈ প্ৰচেষ্টা চলাইছে যদিও সফল হব পৰা নাই ৷ ইয়াৰ পিছতে বামুনিপামৰ যোগীবস্তিত থকা TBI.নামৰ এটা ইটাভাটাত গড়টোৱে আশ্ৰয় লয় ৷ বনবিভাগৰ লোকে গড়টো খেদাৰ প্ৰচেষ্টাৰে শুন্যলৈ গুলীচালনা কৰি থকিৰ মুহূৰ্ততে ভাটাটোৰ ঘৰৰ ভিতৰত থকা ঋিষি শিবাকুটি নামৰ (ইটাভাটাৰ মহৰী) লোক জনৰ হাতত লগা গুলীয়ে আহত কৰে লোক জনক ৷ আহত লোক জনক ততাতৈয়াকৈ নি উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে । সম্প্ৰতি গড়টোৰ সন্ত্ৰাসত গাঁওবাসী আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ লোকে বৰ্তমান গড়টো ট্ৰেকোলাইজ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাবলৈ সক্ষম হয় । 

নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান

প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক আজি নগাঁৱত  অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয়।অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আছামৰ সহযোগত কিশলয় ভৱন প্ৰাঙ্গনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰখ্যাত আলোক চিত্ৰ শিল্পীজনক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা,চেলেং,ফুলৰ থোপা,প্ৰশস্তি পত্ৰ ,স্মাৰক,নগদ বিশ হাজাৰ টকা। বঁটা প্ৰদান উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই কয়-‘আজিৰ দিনটো অসমৰ ফটোগ্ৰাফী ইতিহাসৰ নাবে উল্লেখযোগ্য দিন। অমূল্য মান্নাৰ মৃত্যু দিৱস। অমূল্য মান্না অথবা নলিনীকান্ত বৰুৱা আদিয়ে ফটো তোলাৰ সেই যুগ এতিয়া নাই।এতিয়া ডিজিটেল যুগ। আলোকচিত্ৰ এক কলা।এই কলাৰ বাবে সাধনা  লাগিব।সৃজনাত্মক দৃষ্টিভংগী থাকিব লাগিব।যদি নাথাকে তেনে আলোকচিত্ৰই অধিক দূৰ যাত্ৰা কৰিব নোৱাৰে।অমূল্য মান্না,নলিনীকান্ত বৰুৱা আদিয়ে আলোকচিত্ৰক কলালৈ ৰূপান্তৰিত কৰিছিল।’তেওঁ ভাষণ প্ৰসংগত জীৱিত কালতেই বিশিষ্ট ব্যক্তি সকলক সন্মান প্ৰদানৰ আহ্বান জনায়।বঁটা প্ৰদান অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰহৈ বিশিষ্ট আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ জীৱন চৰ্যা সম্পৰ্কে বৰ্ণনা কৰে স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে।ভাষন প্ৰদানত তেওঁ অমূল্য মান্নাই ‘দৈনিক অসম’ কাকতত ফটো সাংবাদিকতা আৰম্ভ কৰাৰ বিষয়ে বৰ্ণনা কৰে।জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই আঁঁত ধৰা অনুষ্ঠানত বটা গ্ৰহণ কৰি বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাই কয় যে-‘মই ৯০ বছৰত ভৰি দিলো।কিন্তু এতিয়াও এখন ভাল ফটো তোলাৰ অপেক্ষাত আছো।মই অমূল্য মান্নাক কেতিয়াও পাহৰিব নোৱাৰো।আজি তেওঁৰ ল’ৰাই মাতি অনাত ভাল পাইছো।অমূল্য মান্নাৰ পুত্ৰই আইদেউ সন্দিকৈৰ জীৱন সম্পৰ্কীয় চলচ্চিত্ৰ নিৰ্মান কৰিছে।কিন্তু ৰজাঘৰৰ পৰা পাবলগীয়া উপযুক্ত সন্মান তেওঁ লাভ কৰা নাই।এই খন ৰজাঘৰৰ খেল ।ইয়াত তৈল মৰ্দন কৰিলেহে সন্মান লাভ কৰিব পাৰি।আমি কামহে কৰি গৈছো।’ সভাত ভাষন প্ৰসংগত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে অমূল্য মান্না আৰু নলিনীকান্ত বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিতহৈ আগবাঢ়ি যাবলৈ নৱ প্ৰজন্মৰ আলোকচিত্ৰ শিল্পী সকলক আহ্বান জনায়।সভাত  অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ড° আবু হানিফাইও ভাষন প্ৰদান কৰে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই অমূল্য মান্নাৰ সু পুত্ৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই।সভাখনত বিশিষ্ট সমাজসেৱী মুকুট চন্দ্ৰ ভূঞা,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱাৰ লগতে পাপুল বৰা,সমীৰ মহন্ত,সপোনটি বৰদলৈ,ৰতিমোহন নাথ উপস্থিত থাকে।

তেজপুৰত জ্যোতি দিৱসৰ লগত সংগতি ৰাখি পাঁচমাইলত গ্ৰন্থ উন্মোচন

সুৰৰে, গীতৰে, নাটকৰে আৰু বিপ্লৱৰ অগ্নিৰে দেশ জাতি গঠনৰ মালা গঁঠা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭০ সংখ্যক স্মৃতিদিৱসৰ সংগতি ৰাখি তেজপুৰৰ পাঁচমাইল শাখা সাহিত্য সভাৰ উদ্যোগতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জ্যোতি দিবস আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।

পাঁচমাইল শাখা সাহিত্য সভাৰ সভাপতি শ্বেখ চাহাব উদ্দিনে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী আৰাধনা কটকীয়ে । অসম সাহিত্য সভাৰ আৰম্ভণি গীতেৰে আৰম্ভ হোৱা মূল সভাত সভাপতিত্ব কৰে শ্বেখ চাহাব উদ্দিনে । “সম্পদতকৈ সম্বন্ধ ডাঙৰ আৰু বন্ধুত্বসুলভ সমাজ সংস্কৃতিয়ে দেশৰ সৌন্দৰ্য্য সৌষ্ঠব বৃদ্ধি কৰে । জ্যোতিপ্ৰসাদৰ দৰ্শন এনেকুৱা বিষয় বস্তুৰেই সমৃদ্ধ বুলি সাবলীল বক্তব্য দাঙি ধৰি মন বাহাদুৰ চুব্বাই ৰচনা কৰা আৰু পাঁচমাইল শাখা সাহিত্য সভাই প্ৰকাশ কৰা বিচিত্রিতা গ্ৰন্থ খন  উন্মোচন কৰে মুখ্য অতিথি তথা উন্মোচক অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মৈৰাবাৰীৰ আব্দুল কুদ্দুচে । মূল সভাত অতিথি হিচাপে শোভাবর্ধন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° আব্দুল মজিদ আৰু ভোজখোৱা আজাদ মেমৰিয়েল হাই মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত অধীক্ষক আব্দুল কাদিৰে । অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ উপসভাপতি চিৰাজ খান উপস্থিত থকা মূল সভাত জ্যোতি সংগীত পৰিবেশন কৰে স্হানীয় চেমনীয়া শিল্পী জেচমিন নাহাৰ আৰু চাহিনা খাতুনে । শোণিতপুৰ কণিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত সভাত ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ উপস্থিত থকা জ্যোতি দিবসৰ মূল সভাৰ আঁত ধৰে শাখা ।শাখা সাহিত্য সভাৰ  সম্পাদক আইনুল ইচলামে ৷

ইপিনে, তেজপুৰৰ অন্যতম নৃত্য শিক্ষণ অনুষ্ঠান সৃজনী সংগীত মহাবিদ্যালয় আৰু সাংস্কৃতিক চৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুুুষ্ঠানৰ সহযোগত উদযাপন কৰা হয় শিল্পী দিৱস ৷ সংগীত মহাবিদ্যালয় খনৰ অধক্ষ্যা তথা বিশিষ্ট নৃত্য শিল্পী মিতালী বৰঠাকুৰৰ নেতৃত্বত শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুষ্ঠানৰ প্ৰাংগনত  নৃত্য আৰু গীতৰে ৰূপকোঁৱৰক স্মৰণ কৰা হয় ৷

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হয় চতিয়া ৰত্ন

চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাক চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হোৱা বিশাল জনসমাবেশৰ মাজত প্ৰদান কৰা হয় চতিয়া ৰত্ন সন্মান । সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে সামাজিক জীৱনৰ পাতনি মেলা পদ্ম হাজৰিকাই অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । আন্দোলনৰ সময়ত চৰকাৰী পক্ষৰ পৰা নানান  নিৰ্যাতনৰ সন্মুখিন হোৱা পদ্ম হাজৰিকাই ১৯৯৫ চনত অসম গনপৰিষদ দলত যোগদান কৰি ৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু বৰ্তমানলৈকে তেওঁ চতিয়া সমষ্টিৰ পৰা ২০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আছে । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান কৰে পদ্ম হাজৰিকাই । প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচৰে পৰা চতিয়া সমষ্টিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে পদ্ম হাজৰিকাই । পদ্ম হাজৰিকাই কণ্যকাৰ জৰিয়তে আৰম্ভ কৰিলে নতুন অভিযান। কণ্যকাৰ জৰিয়তে চতিয়া সমষ্টিত নিৱনুৱা যুৱক যুৱতী সকলৰ মূখলৈ হাঁহিৰ ৰেঙনি কঢ়িয়াই আনিছে । এইজন জনপ্ৰিয় বিধায়ক ৰাজনৈতিক নেতাক আজি দৱা,  কাহ,উৰুলী,  শংখ, হৰ্ষধ্বনিৰ মাজৰে প্ৰদান কৰিলে চতিয়া ৰত্ন। আজিৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াই।পদ্ম হাজৰিকাৰ বাল্য বন্ধু  ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড:অঞ্জন ওজাই পদ্ম হাজৰিকাৰ বাল্যকালৰ স্মিতী ৰোমন্থন কৰি কয় হাজৰিকাই সৰুৰে পৰাই নেতৃত্ব দিয়াৰ গুণৰ অধিকাৰী আছিল। আজিৰ অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰীকা পদ্ম হাজৰিকাৰ বাল্য বন্ধু অসম অসামৰিক সেৱাৰ বিষয়া চৰাইদেউ জিলাৰ প্ৰাক্তন উপাযুক্ত দিপক সন্দিকৈ উপস্থিত থাকে।