অনলাইন বাৰ্তা, ২৭ ডিচেম্বৰ : পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰৰ্গত ৰাজগড় বিহুতলীত আজি অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অসম দৰ্শন আছনিৰ অধিনৰ ৯০ টা মন্দিৰৰ আৰ্থিক অনুদান পত্ৰ বিতৰন কৰা হয় ৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দুইলাখ পঞ্চাশ হাজৰ টকাকৈ প্ৰতিটো মন্দিৰ সমিতিলৈ আৰ্থিক অনুদান পত্ৰ বিতৰন কৰে ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অনুদান বিতৰন অনুষ্ঠানত উপস্থিত থাকি ভাষন প্ৰদান কৰি কয় যে অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত পূৱ গুৱাহাটী সমষ্টিয়ে সৰ্বাধিক নামঘৰৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বাবেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ভট্টাচাৰ্যই ৷ তেওঁ লগতে পূৱ গুৱাহাটী সমষ্টিত ১৭ হাজৰ দুখীয়া পৰিয়ালে অৰুনোদয় আছনিৰ ধন লাভ কৰিছে বুলি উল্লেখ কৰে ৷ ইপিনে বিশিষ্ট ব্যক্তি হিচাপে সভাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত অতুল চন্দ্ৰ শৰ্মাই ভাষন প্ৰদান কৰি কয় যে চৰকাৰী নীতি নিয়মৰ মাজেৰে নামঘৰ সমুহে এই ধন লাভ কৰিব ৷ এই ক্ষেত্ৰত জিলা উন্নয়ন বিভাগৰ তৰফৰ যাবতীয় কাম কাজৰ বাবে সহায় সহযোগিতা আগবঢ়াব বুলি শৰ্মাই উল্লেখ কৰে ৷ উল্লেখ্য যে বিশিষ্ট বিশিষ্ট ব্যক্তি হিচাপে মহানগৰ জিলা গবেষনা সহায়িকা প্ৰিয়ংকা তালুকদাৰ, ৰাজগড় বিহুতলীৰ সভাপতি বীৰেন বৰ্মন , বিজেপি মধ্য গুৱাহাটী মন্ডলৰ সভাপতি অসীম হাজৰিকা, পূৱ গুৱাহাটী মন্ডল সভাপতি সন্জীব গোশ্বামী উপস্থিতি থাকি চমু ভাষন প্ৰদান কৰে ৷ মধ্য গুৱাহাটী মন্ডলৰ সাধৰন সম্পাদক নব চৌধুৰীয়ে আতধৰা সভাত প্ৰায় পাচ শতাধিক ব্যকি উপস্থিত থাকে ৷
তাজমহল চাবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ! আপোনাৰ বাবে ভাল খবৰ ।
আপুনি তাজমহল চাবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ! আপোনাৰ বাবে ভাল খবৰ । আগৰা জিলা প্ৰশাসনে তাজমহলত দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতি দিনে ১৫,০০০লৈ বৃদ্ধি কৰিছে । একে সময়তে, আগৰা ফৰ্টত দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতিদিনে ৭,৫০০লৈ বৃদ্ধি কৰা হৈছে।
পৰ্যটকৰ সমস্যা বিবেচনা কৰি জিলা প্ৰশাসন আৰু পুৰাতাকীয় জৰীপ অফ ইণ্ডিয়া (এএছআই)-এ স্মাৰকসমূহলৈ দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰশাসনে COVID পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত নতুন বছৰৰ আগতে পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কৰোনা ভাইৰাছৰ পৰিপেক্ষিটত বাবে প্ৰায় ১৯০ দিন বন্ধ হৈ যোৱাৰ পিছত, ২০২০ চনৰ ২১ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে তাজ মাহ আৰু আগ্ৰা কিৰ্ট খোলা হৈছিল।

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত দিয়া লকডাউনৰ বাবে ১৯০ দিনৰ পিছত যোৱা ২১ ছেপ্তেম্বৰ ২০২০ত পুনৰ পৰ্যটকৰ বাবে তাজমহল আৰু আগ্ৰা ফৰ্ট খোলা হৈছিল ।
গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি তাজমহলত সৰ্বাধিক ৫০০০ পৰ্যটক আৰু আগৰা কিলাত ২,৩০০ পৰ্যটকক প্ৰৱেশৰ অনুমতি আছিল ।

নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত “মা” শীৰ্ষক বিশেষ অনুষ্ঠান
নগাঁও, ২৭ ডিচেম্বৰ: নগাঁও চহৰৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ মজিয়াত লক্ষিমপুৰ নিবাসী গোবিন্দ বৰদলৈ ব্যৱস্থাপনাত আজি “মা” শীৰ্ষক এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মাতৃ স্থানীয় মহিলা সকলক সেৱাৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানটিত গণিতজ্ঞ ৰামানুজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বতাধীকাৰী গোবিন্দ বৰদলৈয়ে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাৰ প্ৰসংগত ব্যক্তিৰ জীৱনত মাতৃৰ ভূমিকা বাখ্যা কৰি সমগ্ৰ সভাকক্ষ আবেগিক কৰি তোলে। নিজৰ সন্তানৰ বাবে শৰীৰৰ শ্ৰম, হাজাৰ দুখ কষ্ট নেওচি যি গৰাকী মাতৃয়ে নিজৰ জীৱন বিপন্ন কৰি তুলিব পাৰে, সেই মাতৃ গৰাকী অকল স্নেহাময়ীয়েই নহয় মহিমাময়ীও। ভাষন প্ৰসংগত বৰদলৈয়ে কয়- “মা” এটি শব্দ নহয়। ‘মা’ হৈছে আমাৰ আশ্ৰয়, বিশ্বাস আৰু সাহসৰ মুৰ্ত্ত প্ৰতীক। যাৰ বাবে আমি পৃথিৱী দেখাৰ সৌভাগ্য লাভ কৰো। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড. শৰৎ বৰকটকী, গল্পকাৰ শিৱানন্দ কাকতি, অবসৰপ্ৰাপ্ত অধ্যাপক বিপুল বৰা, অবসৰপ্ৰাপ্ত অধ্যাপিকা স্বপ্না নেওগ, শিক্ষাবিদ ভাৰত নাথ আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও চহৰৰ মাতৃ স্থানীয় মহিলা সকলক সেৱা আগবঢ়োৱা হয়। কনিষ্ঠ মহাবিদ্যালয়খনৰ উপাধ্যক্ষা সংগীত বৰুৱা বৰাৰ পৰিচালনাত অনুষ্ঠানৰ লগত সংগতি ৰাখি ড: ভূপেন হাজৰিকাৰ সংগীত আদিৰো পৰিবেশন কৰা হয়।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰীয়ে নৃত্য আৰু গীত পৰিৱেশন কৰাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণামনি নাথৰ গীতেৰে মুখৰিত হৈ পৰে। তদুপৰি অসমৰ বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ সমধৰ্মীনি প্ৰাৰ্থনা বৰঠাকুৰৰ গীতৰ তালত সকলো মুগ্ধ হৈ পৰে।Attachments area
মাজুলীত প্ৰাক্তন মন্ত্ৰী সহ অসম গণ পৰিষদৰ ফুলনি আঞ্চলিক সমিতিৰ সমূহীয়া পদত্যাগ
উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ আজি ফুলনি আঞ্চলিক সমিতিৰ স্থায়ী সভাপতি দীপক বেজৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ এখন সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে সহ সমূহ বিষয়ববীয়া তথা সদস্যই আঞ্চলিক সমিতিৰ পৰা পদত্যাগ কৰে। কেন্দ্ৰীয় নেতৃত্বৰ চৰম নীতিহীনতাৰ প্ৰতি অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি এসময়ৰ সৰল আঞ্চলিক দলটোক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে ইতিমধ্যেই তাৰ উমান পোৱা গৈছে। কা’ৰ দৰে এখন অসম ধ্বংশী আইন বলৱত কৰাৰ ক্ষেত্ৰত দুমুখীয়া চৰিত্ৰৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ কৰি দল ত্যাগৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। পদত্যাগী সদস্য সকল হ’ল- পদ্মেশ্বৰ দলে প্ৰাক্তন মন্ত্ৰী অসম চৰকাৰ, দীপক বেজ, সৰ্বানন্দ মিলি, পংকজ কুমাৰ নাথ, প্ৰফুল্ল নৰহ, মৃদুল শইকীয়া, চেনিৰাম শইকীয়া , বিশ্ব শইকীয়া, ৰনজিৎ নাথ, দিপন্ত নেৱাৰ, বাবুল বৰা, অজিত শইকীয়া, হৰিধন ডেকা, অচিন্ত মিলি, ধনিৰাম শইকীয়া আৰু প্ৰফুল্ল শইকীয়া বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ।
সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ‘ৰত্নপুৰ বঁটা’ প্ৰদান
উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা ৰত্নপুৰ বঁটা প্ৰথম বাৰৰ বাবে মৰণোত্তৰ ভাবে প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক প্ৰদান কৰা হয় । পিতৃৰ হৈ এই বঁটা গ্ৰহণ কৰে তেখতৰ পুত্ৰ শংকৰজ্যোতি বৰুৱাই । উক্ত বঁটাত আছে এখন সম্বৰ্ধনা পত্ৰ, গামোছা, চেলেং, সঁফুৰা । আজি সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ষষ্ঠ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাত উক্ত বঁটা প্ৰদান কৰা হয় । সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে প্ৰাঞ্জল ৰাজখোৱাই । সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়াই উদ্ধোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰাজু চুতীয়াই । নিৰ্দিষ্ট বক্তা গৰাকীয়ে চুতীয়া জাতিক জনজাতি হিচাপে স্বীকৃতি প্ৰদান নকৰাত চৰকাৰক কঠোৰ ভাবে সকিয়নী দি প্ৰয়োজনত জংগী আন্দোলন কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে । সভাত সদৌ চুতীয়া জাতি মহিলা সন্মিলন, অসমৰ সম্পাদিকা অৰ্পনা চুতীয়াই মুখ্য অতিথিৰ ভাষণত চুতীয়া জাতিৰ মহিলা সকলক চুতীয়া জাতিৰ পোছাক পৰিধান কৰাৰ লগতে জাতিটোৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায় । সভাত মাজুলী জিলা চুতীয়া জাতি সন্মিলনিৰ সভাপতি দিগেন সেনাপতি, প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ খনিকৰে চুতীয়া সকলক ৰাজ্য চৰকাৰে কৰা বঞ্চনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে । আজিৰ প্ৰতিনিধি সভাতেই পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে মন্টু বৰাক সভাপতি, অৰুণ শইকীয়া, মৃত্যুঞ্জয় খনিকৰক উপ-সভাপতি, কাৰ্যকৰী সভাপতি অচ্যুত বৰা, অংকুৰ চুতীয়াক সাধাৰণ সম্পাদক, অন্যহাতে ৰূপজ্যোতি বৰা, প্ৰনব বৰা, দাদু বৰাক কেন্দ্ৰীয় সদস্য হিচাপে মনোনীত কৰি পোন্ধৰ জনীয়া মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থা গঠন কৰা হয় । ইফালে উক্ত সভাতেই সৰজু বৰাক সভানেত্ৰী, বন্তি সেনাপতিক সম্পাদিকা হিচাপে লৈ একৈশ জনীয়া মাজুলী জিলা চুতীয়া জাতি মহিলা সন্মিলনখন গঠন কৰা হয় । ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাই, গছপুলি ৰোপণ কৰে বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা সেনাপতিয়ে আৰু স্মৃতি তৰ্পণ কৰে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক অংকুৰ চুতীয়াই ।
বিলাসীপাৰাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তিনি দিনীয়া প্ৰথম সংখ্যক কেন্দ্ৰীয় ত্রি-বাৰ্ষিক অধিৱেশন
বিলাসীপাৰা, ২৬ ডিচেম্বৰঃ পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা হেলাগাড়ীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত লক্ষন নাথৰ সভাপতিত্বত ২৫, ২৬, ২৭ ডিচেম্বৰ তাৰিখে তিনি দিনীয়া প্ৰথম সংখ্যক কেন্দ্ৰীয় ত্রি- বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । অধিৱেশন খনত আজি সাংগঠনৰ দৃষ্টিভংগীৰ দিশত ব্যাখ্যা কৰে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত অৰবিন্দ নাথ, আৰু মূখ্যঅতিথি হিচাপে ভাষন প্ৰদান কৰে, সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা শ্ৰীযুত ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, লগতে উপস্থিত থাকে আছাম টকছৰ মূখ্য কাৰ্য্যৱাহী সম্পাদক শ্ৰীযুত দেৱজিৎ তালুকদাৰ, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত হিতেশ্বৰ বৰ্মন, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অৰুণজ্যোতি, সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত সনজিৎ কুমাৰ নাথ আদিকে ধৰি ভাষন প্ৰদান কৰে। উল্লেখ্য যে অধিৱেশন খনৰ আজি দ্বিতীয় দিনাত প্ৰায় পঞ্চাশ হেজাৰৰ অধিক লোক সমাগম হোৱা বুলি জানিব পৰা গৈছে ।
২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন
২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন । ২৮ ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই অধিৱেশন । এই অধিৱেশনত ১২ খনকৈ বিধেয়ক উত্থাপনৰ সম্ভাৱনা। অধিৱেশনত বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপনৰ সম্ভাৱনা । অধিৱেশনৰ প্ৰথমদিনা অধ্যাদেশ, প্ৰতিবেদন দাখিলৰ লগতে উপস্থাপন কৰা হ’ব বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদনসমূহ ।
বিলাসীপাৰাৰ ছুৱাপাতা গাঁৱত আজি একে দিনাই দুটা কামৰ আধাৰশিলা শুভ উদ্বোধন বিধায়ক অশোক কুমাৰ সিংহীৰ
বিলাসীপাৰা, ২৭ ডিচেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টি খনত বিগত ৭৪ বছৰৰ তুলনা মুলক ভাৱে সমষ্টি খনত যোৱা ৫ বছৰতে যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। মনকৰিবলগীয়া কথা যে বিধায়ক সিংহীৰ গধুৰ তত্বাৱধানত আজিৰ দিনত বিলাসীপাৰা পূৱ সমষ্টি সমষ্টি খনৰ ২০১৯-২০২০ বৰ্ষৰ চতুৰ্দশ বিৰ্ত্তীয আয়োগৰ ৩,২৪,৮২১ লাখ টকাৰ বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ বাস গৃহৰ পকীকৰণ কাম লগতে আৰু দৈখোৱা বজাৰৰ পৰা তিনি আলি আব্দুছ ছামাদ বাস গৃহলৈ ১২,৫৫,০৯৪ লাখ টকাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন কৰে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে।উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, চিৰাকুটা টিলাপাৰা জিলা পৰিষদৰ সদস্যা জানে আলম, বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ সভানেত্রী নাজিমা খাতুন, আঞ্চলিক পঞ্চায়তৰ সদস্যা, হাবেল উদ্দিন, উক্ত উন্নয়ন কাৰ্য্যৰ চেয়াৰমেন মছলেম উদ্দিন, মোজ্জামেল হক, বাহিৰ ছুৱাপাতা গাওঁৰ পঞ্চায়তৰ সম্পাদক আবুল কালাম আজাদ আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে, যদিও অনুষ্ঠানটোত বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়ত বাসী ৰাইজে ২০২১ চনত বিধান সভা নিৰ্বাচনত বিধায়ক গৰাকীক আকোঁৱালি লব বুলি এক উমান পোৱা গৈছে। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম গায়িকা, কোকিলা সৰকাৰে গীত পৰিবেশন কৰি ৰাইজক মনোমূগ্ধ কৰি তোলে।
শক্তিপীঠ কামাখ্যাত গৃহমন্ত্ৰী অমিত শ্বাহ
শক্তিপীঠ কামাখ্যাত আজি দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । কামাখ্যাধামত পূজা-অৰ্চনা অমিত শ্বাহৰ। অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
গৃহমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যাত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
শুকুৰবাৰে নিশা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছিল অমিত শ্বাহ। আমিনগাঁৱত কেইবাখনো অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে অমিত শ্বাহে।

পূজা-অৰ্চনাৰ পিছতেই ইম্ফল অভিমুখে যাত্ৰা শ্বাহৰ।

মঙলবাৰে পুনৰ আলোচনাত বহিব কেন্দ্ৰ-কৃষক সংগঠন
অহা ২৯ ডিচেম্বৰ মঙলবাৰো ষষ্ঠলানি আলোচনা কেন্দ্ৰ-বিদ্ৰোহী কৃষক সংগঠনৰ। কেন্দ্রৰ প্রস্তাৱৰ পৰিপ্রেক্ষিতত শনিবাৰে নিজৰ মাজত আলোচনাত বহিছিল প্রায় ৪০টা কৃষক সংগঠনৰ প্রতিনিধি।
তাৰ পিছতেই কেন্দ্রৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লয় তেওঁলোকে। লগতে এইটোও জনাই দিয়ে যে নতুন কৃষি আইন প্রত্যাহাৰেই আলোচনাৰ বিষয়বস্তু হ’ব। কেন্দ্রৰ উদ্দেশ্যে প্ৰেৰণ কৰা পত্ৰত কৃষকসকলে জনাইছে, ‘আপোনালোকে কৈছে চৰকাৰে কৃষকসকলৰ কথা শুনিব বিচাৰে। যদি সঁচাই সেয়া হয়, তেনেহ’লে আমাৰ এই আন্দোলনক লৈ কুৎসা ৰটনা বন্ধ কৰক। আমাৰ দাবী সন্দৰ্ভত ভুল বার্তা দাঙি নধৰিব। সমগ্ৰ চৰকাৰী ব্যৱস্থাক কামত লগাই কৃষকসকলৰ যি নেতিবাচক ভাবমূর্তি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে, সেয়া বন্ধ কৰিব লাগিব।’
কৃষক নেতা শিৱ কুমাৰ কাক্কাই কয়, ‘আলোচনাৰ প্রস্তাৱ দি কেন্দ্রই যি পত্ৰ দিছে, সেয়া আমাৰ বিৰুদ্ধে প্রচাৰৰ বাহিৰে আন একো নহয়। কেন্দ্রই এইটো বুজাবলৈ বিচাৰিছে, যেন আমি আলোচনাৰ বাবে প্ৰস্তুত নহয়।’
















