Home Blog Page 3092

গণতন্ত্ৰ মহিলা কল্যাণ মঞ্চই পলাশবাৰী চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। মহিলা সুৰক্ষা, অধিকাৰ সন্দৰ্ভত অৱগত কৰা, সন্মান প্ৰদৰ্শন কৰাৰ বাবে এই নাৰী দিৱস পালন কৰা হয়। আজিৰ মহিলা পুৰুষৰ সমানেই খোজত খোজ মিলাই আগুৱাই গৈছে যদিও বহুক্ষেত্ৰত অধিকাৰৰ পৰা বঞ্চিত অথবা শোষণৰ বলি হোৱা দেখা যায় সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ গণতান্ত্ৰিক মহিলা কল্যাণ মঞ্চই নাৰী দিৱস উপলক্ষে আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত ১৯৯৬ চনৰ আজিৰ দিনটোত লোক সভা সাংসদ, বিধান সভা, নিগম, পঞ্চায়ত আদি নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ দাবীত এখন বিধেয়ক উত্থাপন হৈছিল। কিন্তু আজিলৈ কাৰ্যকৰী নোহোৱাত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত গণতান্ত্ৰিক মহিলা কল্যাণ মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে বৰ্দ্বিত নাৰী নিৰ্যাতনৰ বিপৰীতে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে উক্ত মহিলা কল্যাণ মঞ্চই কামৰূপ জিলাৰ মিৰ্জাত দ্ৰুত গতিত (ফ্ৰাচট্ৰেক) স্থাপন হ’ব লাগে বুলি স্মাৰক পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে। দিনক দিনে নাৰী নিৰ্যাতনৰ সংখ্যা বৃদ্ধি পাই আহিছে কিন্তু প্ৰশাসনে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত মহিলা সংগঠনটোৱে প্ৰত্যেক আৰক্ষী থানাত ৯ ৰ পৰা ১১ গৰাকী মহিলা সমিতি নিয়োগ কৰাৰ বাবে দাবী উত্থাপন কৰে। পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা মুহুৰ্তত গণতান্ত্ৰিক মহিলা কল্যাণ মঞ্চৰ সভানেত্ৰী ৰীণা গয়াৰী, সম্পাদিকা হাচিনা বেগমৰ লগতে বহুকেজনী সদস্যা উপস্থিত থাকে।

বকোৰ বিধায়িকা নন্দিতা দাসৰ সমআগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান

যি সময়ত বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশীসকলে দলৰ হাইকমাণ্ডৰ দূৱাৰে দূৱাৰে তাঁত বাটি কাঢ়ি দলীয় টিকট আদায়ৰ চেষ্টাত ব্ৰতী হৈ আছে ঠিক তেনে সময়তে ব্যতিক্ৰমী ৰূপত দেখা গৈছে কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসক ৷ দেওবাৰে নিশালৈকে বিধায়িকা নন্দিতা দাসক দেখা গ’ল সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান কাৰ্যত ৷ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন বৰুৱা আৰু বামুণবঢ়ী গাওঁপঞ্চায়ত এলেকাৰ বিভিন্ন ঠাইত চলালে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে বৰুৱা পাহাৰত থকা পীৰে কামেল নুৰুল্লাহ নুৰ খানকাহ শ্বৰিফত অনুষ্ঠিত ধৰ্মীয় জলছাহতো অংশগ্ৰহণ কৰি ধৰ্মপ্ৰাণ ৰাইজৰ সতে মত বিনিময় কৰাৰ লগতে দোৱা – আশীৰ্বাদ বিচাৰে বিধায়িকা গৰাকীয়ে ৷ বিধায়িকা গৰাকীয়ে খানকাহ শ্বৰিফৰ আন্ত:গাঁথনিৰ বুজলৈ ইয়াৰ উন্নয়নৰো আশ্বাস প্ৰদান কৰে ৷ ইয়াৰোপৰি বিধায়িকা নন্দিতা দাসে নিশালৈকে গাওঁপঞ্চায়ত দুখনত কেবাখনো ৰাজহুৱা সভাত অংশ লৈ ভোটাৰ ৰাইজৰ সৈতে মতবিনিময় কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় ৷ এই প্ৰচাৰ অভিযানত বিধায়িকা গৰাকীয়ে ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বকো সমষ্টিৰ বিধানসভাৰ নিৰ্বাচনত  ৰাইজক কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় ৷ ইফালে, বামুণবঢ়ী গাওঁপঞ্চায়তৰ অন্তৰ্গত বেৰাভাঙাত অনুষ্ঠিত কংগ্ৰেছৰ সভা এখনত প্ৰায় শতাধিক অগপ দলৰ সমৰ্থকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷ কংগ্ৰেছত যোগদান কৰাসকলক একোখনকৈ ফুলাম গামোছাৰে আদৰণিও জনায় বিধায়িকা নন্দিতা দাসে ৷ বিধায়িকা গৰাকীৰ এই প্ৰচাৰ অভিযানত ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন, মিডিয়া সমন্বয়ক দিলবৰ হুছেইন, সাধাৰণ সম্পাদক হাচেন আলী,বৰুৱা আৰু বামুণবঢ়ী গাওঁপঞ্চায়তৰ সভাপতি আৰু সভানেত্ৰী ক্ৰমে আক্ৰাম হুছেইন, মৰনী সৰকাৰ প্ৰমূখ্যে কেবাখনো পঞ্চায়তৰ কাউন্সিলৰ, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন শাখাৰ ভালেসংখ্যক নেতৃবৃন্দই সহযোগ কৰে ৷

৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মিত্ৰজোটৰ নীতিক ধোৱাচাঙত তুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিজা নিজা প্ৰাৰ্থী

অসম জাতীয় পৰিষদৰ আৰু ৰাইজৰ দল এই দুটি ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছিল প্ৰৱল আঞ্চলিকতাবাদি শক্তিৰে চৰকাৰ গঠনৰ বাবে ।সকলো ৰাষ্ট্ৰীয় দলক নিলগাই থৈ সকলো আঞ্চলিক শক্তিক একগোট হৈ যুঁজাৰ আহ্বান জনাইছিল যদিও তেওঁলোক সফলতাৰ দিশত আৱশ্যকীয় গতিত আগবাঢ়িব পৰা নাই। ইয়াৰ বিপৰীতে বৰ্তমানেও বিভিন্ন খেলিমেলিয়েহে লগ দিছে তেওঁলোকক । দিন যোৱাৰ লগে লগে এটা কথা সুস্পষ্ট হৈ পৰিছে যে দল দুটিয়ে নিজে কিছু আসন দখলৰ সক্ষমতা আহৰণ কৰিলেও আঞ্চলিকতাবাদী চৰকাৰ গঠনৰ ক্ষেত্ৰত নেতৃত্ব ল’ব পৰা নাই। উল্লেখযোগ্য যে প্ৰথমে ৰাইজৰ দলৰ পৰা স্থানীয় সমাজ কৰ্মী তথা ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত তথা প্ৰতিবাদী নেতা বুলি পৰিচিত হৰেশ্বৰ বৰ্মণৰ প্ৰাৰ্থীত্ব ঘোষণা কৰা হৈছিল ,কিন্তু ইয়াৰ পিছতে দেওবাৰে সন্ধিয়া সকলোকে আচৰিত কৰি ডঃ বাবুল চহৰীয়াক অসম জাতিয় পৰিষদৰ তৰফৰ পৰা ৰঙিয়াত প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়,এই ঘটনাই ৰঙিয়াৰ ৰাইজৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৰঙিয়াত মহাজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই  ৰাইজক আহ্বান জনাই যেএতিয়া ৰাইজে নিজৰ চিন্তা নিজে কৰিব লাগিব। এইবাৰৰ নিৰ্বাচনত CAA সমৰ্থিত শক্তিক পৰাভূত কৰাটোৱেই আমাৰ কাম ।  CAA সমৰ্থিত শক্তিক খেদি অসমক ত্ৰিপুৰা হোৱাৰ পৰা উদ্ধাৰ কৰি উঠি আমি পূৰ্ণ উদ্যমেৰে অসম গঢ়াত নামি পৰিব পাৰিম । আমাৰ কাগজ কল, আমাৰ বিমান বন্দৰ, আমাৰ ৰাজ্যৰ বিশেষ মৰ্য্যদা, অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ কাম আদিৰ উদ্ধাৰ কৰিব পাৰিম ।গতিকে ৰাইজ, সকলো ওলাই আহি , CAA বিৰোধী শক্তিক ভোট দি জয়যুক্ত কৰা আৰু অসমক বচোৱাৰ আহ্বান জনাই । ইয়াৰোপৰী সবল স্থিতিত থকা মন্ত্ৰী ভবেশ কলিতাই প্ৰাৰ্থীত্ব পোৱাৰ পিছতেই দীপ্তেশ্বৰী দেৱালয়ত আশিষ গ্ৰহণ কৰি   এই নিৰ্বাচন ধৰ্মযুদ্ধ বুলি কৈ আৱেগিক ভাষণ প্ৰদান কৰাৰ ওপৰিও প্ৰায় ১লাখ ভোটত জয় লাভ কৰিব বুলি জনাই । আনহাতে ৰঙিয়া জিলা দাবী সমিটিৰ কাৰ্যকৰী সভাপতি সমাজকৰ্মী তথা আমাৰ ৰঙিয়া আমাৰ গৌৰৱ গ্ৰুপৰ সৃষ্টিৰে জনপ্ৰিয়তা অৰ্জন কৰা জয়ন্ত কুমাৰ কলিতাও নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰাৰ্থীত্ব আগবঢ়াইছে । আটাইকেইজন প্ৰাৰ্থীয়েই যোগ্যতাৰ দিশেৰে সক্ষম যদিও মূল যুঁজখন মহাজোঁটৰ ডাঃ ভগৱান দেৱ মিশ্ৰ আৰু বিজেপিৰ ভবেশ কলিতাৰ মাজতেই হʼব বুলি কব পাৰি ।

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ

অহা ৬ এপ্ৰিলত হবলগীয়া তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে প্রস্তুতি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভোট গ্ৰহণৰ বাবে নিযুক্ত কৰা বিষয়া কৰ্মচাৰী সকলৰ ৬ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। পৃথিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, নিউ গোৱালপাৰা হাইস্কুল, বলদমাৰী হাইস্কুল, বাপুজীনগৰ, চৰকাৰী বি টি কলেজ, গোৱালপাৰা আৰু জিলা কৃষি প্ৰশিক্ষণ কেন্দ্ৰ, গোৱালপাৰা- এই পাঁচটা প্ৰতিষ্ঠানত ৬ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ, ১৩ মাৰ্চৰ পৰা দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰু ২৩ মাৰ্চৰ পৰা তৃতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হব বুলি জিলা জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ বাৰ্তাত জানিবলৈ দিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হব প্ৰশিক্ষণ। এই প্ৰশিক্ষণত ১৩১৪ গৰাকী প্ৰিজাইডিং বিষয়া, ১৩১৪ গৰাকী ফাষ্ট পলিং বিষয়া, ১৩১৪ গৰাকী চেকেণ্ড পলিং বিষয়া আৰু ১৩১৪ গৰাকী থাৰ্ড পলিং বিষয়াসহ মুঠ ৫২৫৬ গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ দিয়া হব।উল্লেখযোগ্য যে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে ভোটগ্ৰহণ প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া কৰ্মচাৰীক ৭ মাৰ্চৰ পৰা কবিড-১৯ ৰ প্ৰতিষেধক টীকাকৰণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আনহাতে জৰুৰী সেৱাত জড়িত বিদ্যুৎ বিভাগ, ভাৰত সঞ্চাৰ নিগম লি:, স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মী, এম্বুলেন্স সেৱাৰ কৰ্মচাৰী, ৰেল বিভাগ, বিমান প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী, অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী, অগ্নিনির্বাপক বাহিনী, যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীসকল, ভোটগ্ৰহণৰ দিনাখনৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃত সংবাদকর্মী সকল আৰু পানী জাহাজৰ লগত জড়িত ব্যক্তি সকলক পোষ্টেল বেলটযোগে ভোটদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত মুকলি কৰা পোষ্টেল বেলট চেলৰ পৰা সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া কৰ্মচাৰী সকলে ভোটদানৰ বাবে পোষ্টেল বেলট পেপাৰ সংগ্ৰহ কৰিব পাৰিব।

তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ

বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰাৰ্থিত্বৰ চূড়ান্ত তালিকা ঘোষনা কৰাৰ লগে লগেই ৰাজ্যৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহৰ জুই৷ ইয়াৰ ব্যতিক্ৰম নহয় উজনি অসমৰ তিনিচুকীয়া জিলাও৷ উদীয়মান প্ৰাৰ্থীক বঞ্চিত কৰি জিলাখনৰ কেইবাটাও সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে পুৰ্বৰ বিধায়কসকলকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিজেপিৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়াৰ সমান্তৰালকৈ কংগ্ৰেছতো দেখিবলৈ পোৱা গৈছে বিসম্বাদৰ জুই৷ একালৰ কংগ্ৰেছৰ দুৰ্গস্বৰূপ ১২২ নং তিনিচুকীয়া সমষ্টিত বৰ্তমানে উঠিছে দলত্যাগৰ জোৱাৰ৷ সমষ্টিটোত ১১ গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষীক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি এইবাৰ কংগ্ৰেছ মিত্ৰজোটৰ সতে চামিল থকা আৰ জে দিক সমষ্টিটো এৰি দিয়াৰ কথা ঘোষনা কৰাত এতিয়া তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে কংগ্ৰেছ মহলত৷ তিনিচুকীয়াত  কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশই সমূহীয়াকৈ দল ত্যাগ কৰাৰ কথা ঘোষনা কৰে৷ তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক অৰুন চাহু, দণ্ডী সোনোৱাল, বাবলু কুলদ্বীপ, ৰাজু চাহু সহ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ নেতাই তেওলোকৰ সকলোবোৰ বুথ কমিটি, মণ্ডল কমিটি আৰু ব্লক কমিতিৰ বিষয় ববীয়াই সৰ্বসন্মত সিদ্ধান্তমৰ্মে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষনা কৰে৷ সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক অৰুন চাহুৱে কয় যে, বছৰ বছৰ ধৰি তেওলোকে কংগ্ৰেছ দলৰ উত্তৰনৰ বাবে আহুপুৰুষাৰ্থ কৰি আহিছিল৷ কংগ্ৰেছৰ বাবে তেওলোক নিজৰ জীৱন দিবলৈও সাজু আছিল৷ তিনিচুকীয়া কংগ্ৰেছৰ সৱল নেতৃত্বৰ বাবে স্বাধীনতাৰ পিছৰে পৰা ২০১৬ চনলৈকে সমষ্টিটো কংগ্ৰেছৰে দখলত আছিল৷ ২০১৬ চনত মোডীৰ পৰিবৰ্তনৰ বতাহত সমষ্টিটো বিজেপিৰ হাতলৈ যায় যদিও এইবাৰ পুনৰ সমষ্টিটো কংগ্ৰেছে উদ্ধাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল৷ তেনেক্ষেত্ৰত দলে সমষ্টিটো এইবাৰ নাম গোন্ধ নথকা আৰ জে দি দলক এৰি দিবলৈ লোৱা সিদ্ধান্ত কোনোপধ্যেই গ্ৰহনযোগ্য নহয়৷ দলৰ এনে অবিবেচক সিদ্ধান্তৰ তীব্ৰ বিৰুধীতা কৰি তেওলোকে আজিৰে পৰা ২৭ মাৰ্চলৈকে কংগ্ৰেছৰ হৈ কোনো কাম নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷

পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা

ৰাজ্যত প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি প্ৰথম দিন ৷ আজি প্ৰথম দিনটোতে ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে মনোনয়ন দাখিলৰ বাবে যাত্ৰা কৰে৷ প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈৰ ফটোত পুষ্পাঞ্জলি অৰ্পন কৰি যাত্ৰা আৰম্ভ কৰে ৷উল্লেখযোগ্য যে বিগত পাঁচটা বছৰ অসম গণ  পৰিষদৰ বিধায়ীকা ৰেনুপমা ৰাজখোৱাৰ অধিনত থকা সমষ্টিটোত পুনৰ আজি কংগ্ৰেছ সমৰ্থক সকলৰ উৎসাহে অনাগত নিৰ্বাচনত যে সমষ্টিটোৰ ৰাজনৈতিক অংক জতিল কৰিব সেই কথা নিশ্চিত।

আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে

স্মৃতি ইৰাণীৰ পোষ্টে মানুহক প্ৰশংসামূলক মন্তব্য ভাগ বতৰা কৰিবলৈ প্ৰেৰিত কৰিছিল। সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত মহিলাৰ সাফল্য উদযাপন কৰিবলৈ প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়।এই অনুষ্ঠানত বিভিন্ন মহিলাৰ সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।এই দিনটো উদযাপন কৰিবলৈ আৰু আনক শুভেচ্ছা জনাবলৈ বহুতে বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত বিশেষ পোষ্ট ভাগ বতৰা কৰে।

https://www.instagram.com/tv/CMJVAhFnJr1/?utm_source=ig_embed

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী তেওঁলোকৰ ভিতৰৰে এগৰাকী তেওঁ ইনষ্টাগ্ৰামলৈ এটা ভিডিঅ’ ভাগ বতৰা কৰি “কোভিড ১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব দিয়া ৬ নিযুততকৈও অধিক ভাৰতীয় মহিলাক ধন্যবাদ জনাইছে।নাৰীৰ অবিহনে কোনো নায়ক নাই। কোভিড ১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব দিয়া ৬ নিযুততকৈও অধিক ভাৰতীয় মহিলাৰ প্ৰতি কৃতজ্ঞ তেওঁলোকৰ স্থিতিস্থাপকতা, তেওঁলোকৰ সেৱা, তেওঁলোকৰ অৱদানে লাখ লাখ জীৱন ৰক্ষা কৰিছিল। আমাৰ ৰাষ্ট্ৰ তেওঁলোকৰ নেতৃত্বৰ বাবে কৃতজ্ঞ,”

তেওঁ ভিডিঅ’টো ভাগ বতৰা কৰোঁতে লিখিছিল।এনিমেটেড ভিডিঅ’টো বিভিন্ন ইউনিফৰ্মত মহিলাসকলক দেখুৱাবলৈ খোলে, চিকিৎসকৰ পৰা সৈনিকলৈ। ইয়াৰ পিছত চলি থকা মহামাৰীৰ বিৰুদ্ধে যুঁজত মহিলাসকলৰ সাফল্য আৰু অৱদান প্ৰদৰ্শন কৰা হয়।

ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা

শনিবাৰে নিশাৰ ভাগত কংগ্ৰেছ প্ৰাৰ্থী তালিকা ঘোষনা কৰাৰ লগে লগেই তিনিচুকীয়া জিলাৰ ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ কংগ্ৰেছ মহলত কাহ পৰি জীন জোৱাৰ অৱস্থা সৃষ্টি হৈছে৷ কিয়নো সমষ্টিদুটাৰ বাবে কংগ্ৰেছে যি দুগৰাকী নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দুয়োৰে সমষ্টি দুটাত নাই কোনো গনভিত্তী৷ যাৰ ফলত ডিগবৈত পুনৰ বিজেপিৰ সুৰেন ফুকন আৰু মাৰ্ঘেৰিটাত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিজয়ৰ পথ প্ৰায় মুকলি হৈ পৰিল৷ মন কৰিবলগীয়া যে, ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিত কংগ্ৰেছৰ হাইকামাণ্ডে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যুৱ কংগ্ৰেছী নেতা শিৱনাথ চেতিয়াক৷ সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত এইবাৰ শক্তিশালী প্ৰাৰ্থী আছিল প্ৰয়াত বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰ আৰু ডিগবৈ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ভাস্কৰ জীৱন বৰুৱা৷ বিজেপিৰ বিধায়ক সুৰেন ফুকনৰ সতে প্ৰতিদ্বণ্ডিতা কৰিব পৰা একমাত্ৰ প্ৰাৰ্থীজনেই আছিল গৌতম ধানোৱাৰ৷ কিন্তু দলে শেষ মূহূৰ্তত গৌতম ধানোৱাৰৰ পৰিবৰ্তে যুৱ কংগ্ৰেছী নেতা শিৱনাথ চেতিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাত পুনৰ বিজয়ৰ পথ সুনিশ্চিত হৈ পৰিল বিধায়ক সুৰেন ফুকনৰ৷ সেইদৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা এজনেই নেতা আছিল, তেও হল তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক বাসুদেব ছেত্ৰী৷ কিন্ত দলে অন্তিম মূহূৰ্তত বাসুদেৱ ছেত্ৰীক বঞ্চিত কৰি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন বৰগোহাইক প্ৰাৰ্থিত্ব প্ৰদান কৰাত এতিয়া ব্যাপক গৰাখহনীয়া সৃষ্টি  হৈছে মাৰ্ঘেৰিটা কংগ্ৰেছত৷ বাসুদেৱ ছেত্ৰীৰ সমৰ্থক সকলে সামাজিক মাধ্যমত আৰম্ভ কৰিছে মুকলি বিদ্ৰোহ৷ ফলস্বৰূপে বিধায়ক ভাস্কৰ শৰ্মাই বিপুল ভোটত পুনৰ বিপুল ভোটত জয়লাভ কৰাটো সুনিশ্চিত হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে, বিধায়ক ভাস্কৰ শৰ্মাই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে যোৱাকালি ঢোলে দগৰে তেওক কেইবাহাজাৰ সমৰ্থক আৰু দলীয় কৰ্মীয়ে আদৰনি জনোৱাৰ বিপৰীতে কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহায়ে প্ৰাৰ্থিত্ব লাভ কৰাত দলীয় কৰ্মীসকলৰ মাজত  দেখিবলৈ পোৱা নগল কোনোধৰনৰ উচাহ উদ্দীপনা৷

নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা

উত্তৰ অসমৰ ১১০ নং নাওবৈছা বিধান সভা সমষ্টিটো সকলো ৰাজনৈতিক দলৰ বাবেই যেন এটা ডাষ্টবিন ৷ এসময়ত সংগীত সূৰ্য্য, সুধাকণ্ঠ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোত বিগত কেইটামান দশকত বিপুল হাৰত হোৱা জনগাঁথনিৰ পৰিবৰ্তনৰ বাবেই সকলো দলৰ বাবে সমষ্টিটো এটা ঘাটমাউৰা সন্তান স্বৰূপ হৈ পৰিল ৷ ২০১১ চনৰ পৰিসংখ্যা অনুযায়ী সমষ্টিটোত ১,৫৫,৯৭৩ গৰাকী ভোটাৰ আছিল ৷ এ আই ইউ ডি এফে দখল কৰিবলৈ সক্ষম হোৱা সমষ্টিটোত প্ৰায় ৬০ হাজাৰ বংগমুলীয় মুছলমান ভোটাৰ থকাৰ বিপৰীতে আছিল ১ লাখমান আন সম্প্ৰদায়ৰ ভোটাৰ ৷ আজি ২০২১ ত ভোটাৰৰ সংখ্যা অবধাৰিত ভাবেই ৩০/৪০ হাজাৰ বাঢ়িব ৷ সমষ্টিটোত ৬০/৭০ হাজাৰ বংগমুলীয় মুছলমান থকাটোৱেই যেন এতিয়া ৰাজনৈতিক দলবোৰৰ বাবে নিৰ্বাচনী পৰিকল্পনা তৈয়াৰ মুখ্য বিবেচ্য বিষয় ৷ সংখ্যাগৰিষ্ঠসংখ্যক খিলঞ্জীয়া আৰু নেপালী, চাহজনগোষ্ঠী, বিহাৰী, বেংগলী লোকে বসবাস কৰা সমষ্টিটোত কোনো ৰাজনৈতিক দলেই এই ৬০/৭০ হাজাৰ বংগমুলীয় ভোটাৰক আওকাণ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰে ৷ উজনি বা উত্তৰ অসমৰ একমাত্ৰ সমষ্টি হিছাপে নাওবৈছা আজি প্ৰব্ৰজিত মুছলমান সম্প্ৰদায়টোৰ একচেটিয়া সম্পদ স্বৰূপ হৈ পৰিল ৷ বিগত নিৰ্বাচনত এআইইউডিএফৰ ইমদাদুল হক চৌধুৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ৰাও গজেন্দ্ৰ সিংহক প্ৰায় দুইহাজাৰ ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল ৷ যদিও, অগপৰে মিত্ৰতাৰে বিজেপি দলে উক্ত নিৰ্বাচনতো ৰাজ্যজুৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল তথাপি নাওবৈছাত অগপৰ চিহ্ন লৈ প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত খাউণ্ডে প্ৰায় ৮ হেজাৰ ভোট কাটি পেলাইছিল ৷ বিজেপি কৰ্মী সীমান্ত বৰুৱা বোলা এজনেও নিৰ্দলীয় হিচাপে দুইহাজাৰ মান ভোট কাটি দি এআইইউডিএফক চিটটো পোৱাত সহায় কৰিছিল ৷ অবশ্যে, এইটো স্বীকাৰ কৰিবই লাগিব যে বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেউজন প্ৰাৰ্থীৰ ভিতৰত অধিবক্তা, উচ্চ শিক্ষিত যুৱক মামুদ ইমদাদুল হক চৌধুৰীয়েই আছিল সুযোগ্য প্ৰাৰ্থী ৷ কিন্তু তেওঁ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি বিগত নিৰ্বাচনত জয় লাভ কৰা নাছিল ৷ তেওঁৰ জয় লাভৰ সুত্ৰ আছিল তিনিটা- ১/ ধৰ্মীয় মেৰুকৰণ, ২/তথাকথিত দেশী বিদেশী মেৰুকৰণ আৰু ৩/ অনামুছলমানৰ ভোটৰ মাজত হোৱা ব্যাপক বিভাজন ৷ যিকিনহওক, সমষ্টিৰ উন্নয়নৰ প্ৰসংগত বা বিধান সভাত ৰাজ্যৰ বিভিন্ন জ্বলন্ত ইছ্যুবোৰত বিধায়ক জনৰ ভূমিকাক আমি ইতিবাচক হিচাপেই বিগত পাঁচটা বছৰে প্ৰত্যক্ষ কৰিছিলোঁ  ৷ এতিয়া কথা হ’ল এআইইউডিএফৰ আটাইতকৈ ভাল আৰু সকলো সম্প্ৰদায়ৰ প্ৰতি সহনশীল বিধায়কজনেই এইবাৰ প্ৰাৰ্থীত্ব নাপালে ৷ তেওঁৰ সমষ্টি নাওবৈছাক বুজাবুজিৰ সূত্ৰে কংগ্ৰেছ দলক দান কৰিলে দলৰ নেতৃত্বই ৷ কংগ্ৰেছ দলেও ঢকুৱাখনা সমষ্টিৰ সৰ্বকালৰ বিফল প্ৰাক্তন বিধায়ক ভৰত নৰহক আনি এইবাৰ নাওবৈছাত জাপি দিলেহি ৷ একমাত্ৰ কংগ্ৰেছী সাংসদ তথা ভৰত পত্নী ৰাণী নৰহৰ ষড়যন্ত্ৰতে সুদীৰ্ঘকালে নিস্ক্ৰিয় জ্যেষ্ঠ কংগ্ৰেছীজনক নাওবৈছাত জাপি দি পংকজ শইকীয়াকে ধৰি কেবাজনো উদীয়মান টিকট প্ৰত্যাশীক আকস্মিকভাবে বঞ্চিত কৰি পেলালে ৷ ইয়াৰ ফলাফল কংগ্ৰেছ দলটোৰ বাবে যে ভাল নহ’ব সেয়া সময়ত প্ৰমানিত হ’ব ৷ বিজেপি দলটোৱে এইবাৰ সমষ্টিটো অগপক এৰি দি সঠিক সিদ্ধান্ত লোৱা যেন বোধ হয় ৷ বিগত চাৰিটা নিৰ্বাচনত একেৰাহে প্ৰাৰ্থীত্ব লাভ কৰি উপৰ্যুপৰি পৰাজিত বিহাৰী মুলৰ ৰাও গজেন্দ্ৰ সিংহক সমষ্টি বাসী ৰাইজে মুঠেও পচন্দ নকৰে ৷ বিগত নিৰ্বাচনত উপায়ন্ত হৈ বিজেপি দলৰ স্বাৰ্থত ৰাজে তেঁওক বিপুল হাৰত ভোট দান কৰিছিল অথচ যি কাৰণতে নহওক তেওঁ জিকাৰ ভাগ্য নহল ৷ এইবাৰ জয়ন্ত খাউণ্ডৰ ৰূপত থলুৱা আৰু নিজৰ সমষ্টিৰ নতুন প্ৰাৰ্থী এজন লাভ কৰি ৰাইজে নিশ্চয় নিজৰ ভোটটো সন্তুষ্টিয়ে থবলৈ ঠাই এটা লাভ কৰিলে ৷ সকলো ধৰ্ম সম্প্ৰদায়ক বিশ্বাসত লৈ নিৰ্বাচনী ৰণকৌশল যুগুত কৰিলে এইবাৰ অগপই নাওবৈছা আসনখন লাভ কৰাৰ পূৰ্ণ সুযোগ আছে ৷ অবশ্যে প্ৰাৰ্থীত্ব বঞ্চিত মামুদ ইমদাদুল হক চৌধুৰীৰ এইবাৰ নিৰ্বাচনী ভূমিকা কি হ’ব ইও বহু পৰিমানে সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব তাক নিশ্চিত কৰিব ৷ বাকী, সৰুসুৰা দল আৰু নিৰ্দলীয়ই এইবাৰ সমষ্টিটোত অগপক জিকাৰ ক্ষেত্ৰত বিশেষ হেঙাৰ দিব নোৱাৰিব ৷ এআইইউডিএফৰ পুৰণি ভোটাৰ সকলৰ বাদে বিজেপি কংগ্ৰেছ অগপৰ সকলোবোৰ সমৰ্থক তথা মুলসুতীৰ ৰাইজ আৰু হিন্দীভাষী, বাংলাভাষী, নেপালী আৰু চাহজনগোষ্ঠীলোক সকলে এইবাৰ যে জয়ন্ত খাউণ্ডক হিলদলভাঙি ভোট দিব তাৰ উমান কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহ হোৱাটোৱেই নিশ্চিত কৰিলে ৷

নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন

নাজিৰাৰ গ্ৰামাঞ্চলত সম্প্ৰতি গো-পালক সকল মুখামুখি হৈছে গৰুৰ চবকা ৰোগৰ । মুখেৰে ফেনাই থকা, গোৰোহাত ঘাঁ আৰু সপ্তাহকাল জুৰি একো আহাৰ নোখোৱাকৈ পৰি ৰোৱা গৰুৰ ৰোগৰ এই পৰিস্থিতিত গো পালক সকল বিপদত পৰিছে । গড়আলি, ৰজাপোল, চকীমুখ, নিৰ্মলীয়া আদি অঞ্চল সমূহত দেখা দিয়া এই ৰোগৰ বাবে পশুধন ৰক্ষাৰ প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত ভোগৰ সঁফুৰা আগবঢ়োৱা পৰিলক্ষিত হৈছে । যোৱা নৱেম্বৰ মাহত চৰকাৰী পশু চিকিৎসা বিভাগে গ্ৰহণ কৰা এলানি টিকাকৰণ আঁচনিৰ জড়িয়তে চবকা ৰোগ প্ৰতিৰোধী ভেকচিন দিয়াৰ প্ৰক্ৰিয়াও সম্পন্ন কৰি গৰুক ৰোগমূক্ত কৰাৰ প্ৰয়াস কৰিছিল। ভেকচিন দিয়া গৰুবিলাকক কাণত এক হালধীয়া ফুলি সংযোগ কৰি দিয়া হৈছিল । সম্প্ৰতি ভেকচিন দিয়া গৰুৱেই চবকাত আক্ৰান্ত হৈ পৰাত সাধাৰণ গো-পালক সকলৰ মনত ভেকচিনৰ প্ৰতিও সংশয় প্ৰকাশ ঘটিছে  আৰু ভেকচিনৰ বিৰুদ্ধে মন্তব্য কৰাও পৰিলক্ষিত হৈছে । সেয়েহে পশুপালন বিভাগে গুৰুত্ব সহকাৰে ৰোগৰ পৰিস্থিতি অধ্যয়ন কৰি নিৰাময়ৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিছে ।