Home Blog Page 3156

পশ্চিম নলবাৰীৰ শোলমাৰাত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ

দেশ মাতৃৰ বাবে যিকোনো বিপদকালিন সময়ত নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি পশ্চিম নলবাৰী জিলাৰ শোলমাৰাত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ গৰু ছাগলী কুকুৰ আদিকে ধৰি বিভিন্ন পোহনীয়া জন্তুৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই পশু  চিকিৎসা শিবিৰত প্ৰায় ৭০০ স্থানীয় ৰাইজৰ ১০০০ ৰো অধিক পশুধনক চিকিৎসা সেৱা আগবঢ়োৱ হয় । আজিৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ কাৰ্য্যসূচীত ভাৰতীয় সেনাবাহিনীৰ বিষয়ববীয়াৰ লগতে নলবাৰীৰ জিলা উপাযুক্ত পূৰৱী কোঁৱৰ উপস্থিত থাকে । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে ।

অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষকৰ সাফল্য

সদ্য ঘোষিত 2018 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপক বেদান্ত বিকাশ বৰাই  21 ত্বম স্থান অধিকাৰ কৰি সফলতাৰে অঞ্চলটোৰ লগতে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত মহাবিদ্যালয়ৰ পৰিয়ালে 30 ডিছেম্বৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড: নৱ কুমাৰ গামৰ সভাপতিত্বত এখন সম্বৰ্ধণা সভা অনুস্থিত কৰে ৷ জেষ্ঠ সহযোগী অধ্যাপক তৰুণ কুমাৰ নাথে আঁত ধৰা সভাখনত মহাবিদ্যালয়ৰ কতৃপক্ষ ,শিক্ষক গোট , কৰ্মচাৰী গোট আৰু ছাত্ৰ পৰিষদে উস্ম আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা ,শৰাই ,সঁফুৰা আদিৰে সম্বৰ্ধণা জনাই  সততা নিষ্ঠা আৰু একাগ্ৰতাৰে দেশ মাতৃৰ সেৱাত আত্ম নিয়োগ কৰিবলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহন কৰি বৰাই কৰ্ত্তব্যৰ তাৰনাত মহাবিদ্যালয়ৰ পৰিয়ালক এৰি যাৱ লগা হোৱাত দুখপ্ৰকাশ কৰে আৰু ছাত্ৰ ছাত্ৰী সকলক জীৱন যুদ্ধত জয় লাভ কৰিবৰ কাৰণে কঠোৰ শ্ৰম আৰু অধ্যয়ন পুষ্ট হ’ৱলৈ পৰামৰ্শ আগবঢ়ায় ৷

অসমত পুনৰ মিত্ৰজোটৰ চৰকাৰ হব : অতুল বৰা

৫৬ নং কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি একপ্ৰকাৰ বিধায়ক সত্যব্ৰত কলিতাৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ঘোষণা কৰিলে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ মিত্ৰজোটৰ চৰকাৰ গঠন হব। অহা এপ্ৰিল মাহত হ’বলগীয়া বিধান সভা নিৰ্বাচনতো মিত্ৰজোটৰ অংশীদাৰ হিচাপে চৰকাৰ গঠনত সহযোগী হিচাপে থাকিব অসম গণ পৰিষদ। কমলপুৰ বিধান পৰিষদৰ উদ্যোগত বিহদিয়া হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত এই মন্তব্য কৰে দলৰ সভাপতি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই।কমলপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক দলীয় কৰ্মীক সম্বোধি সভাপতি অতুল বৰাই কয়,বহুতে আমাক বিজেপিৰ ওচৰত বিক্ৰী যোৱা বুলি সমালোচনা কৰে।হয় যোৱা ২০১৬ৰ নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে নিৰ্বাচনী বুজাবুজি অৰ্থাৎ মিত্ৰতা কৰিবলৈ বাধ্য হৈছিলো।কিন্তু মিত্ৰতা মানে আত্ম সমৰ্পন কৰা নুবুজাই।বাস্তৱক স্বীকাৰ কৰি আমি বিজেপিৰ লগত মিত্ৰতা কৰিছো।কাৰণ  মিত্ৰতা নকৰিলে কংগ্ৰেছ আৰু সাম্প্ৰদায়িক শক্তি সমূহে মূৰ দাঙি উঠিব অসমত।সেই কাম আমি কেতিয়াও হবলৈ নিদিওঁ।ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা থাকিলেও আমাৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অটুত থাকিব। মিত্ৰতাত থাকি ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্য্যদা, সম বিকাশ আৰু সম অধিকাৰৰ কাৰণে জোৰ দি যাব অসম গণ পৰিষদে। সেই বাবে আমি চৰকাৰত থাকি ৰাইজৰ কাম কৰি যাম।বৰ্তমানৰ মিত্ৰজোটৰ চৰকাৰ খনক এখন গুড গভৰমেণ্ট আখ্যা দি সভাপতি অতুল বৰাই কব খোজে এই চৰকাৰৰ দিনত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হৈছে ।চৰকাৰৰ সকলো বিভাগতে দুৰ্নীতি মুক্ত পৰিবেশ গঢ়ি উঠিছে ।উন্নয়ন মূলক আচনি সমূহৰ কথা আজি ৰাইজৰ মুখে মুখে প্ৰচলিত হৈছে ।কমলপুৰ সমষ্টিত ৩৫০ কিলোমিটাৰ পথ পকীকৰণ হৈছে মিত্ৰজোটৰ চৰকাৰৰ দিনত ।সত্যব্ৰত কলিতা বিধায়ক হোৱা বাবে সম্ভৱ হৈছে এই কাম ।একাংশ জাতীয়তাবাদী ৰাজনৈতিক নেতা আৰু সাম্প্ৰদায়িক শক্তি সমূহক সকিয়ানি দি কৃষি মন্ত্ৰী অতুল বৰাই কয় যোৱা কেইটামান দিনত আমি য’তে সভা সমিতি কৰিবলৈ গৈছে তাতে দলৰ কৰ্মী সকলক অধিক উদ্যম দেখিছোঁ ।অসম গণ পৰিষদে আগন্তুক দিনত প্ৰগতিশীল মহামন্ত্ৰৰে ৰাইজৰ কাষলৈ ধাৱমান হৈছে ।এই অনিৰুদ্ধ যাত্ৰাক কোনেও ভেটা দিব নোৱাৰে ।যোৱা সময়ত আমি ভুল নকৰা নহয় ।সেই কাৰণে আমি আত্মশুদ্ধি কৰিছোঁ ।আমাৰ দলত নতুন তেজৰ আবিৰ্ভাৱ ঘটিছে ।ছয় বছৰীয়া গণ আন্দোলনৰ ফলত জন্ম গ্ৰহণ কৰা অসম গণ পৰিষদৰে আগন্তুক দিনত নতুন অৰ্থনৈতিক পৰিকল্পনা, নতুন চিন্তাধাৰা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে ।কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই আদৰণি ভাষনেৰে আৰম্ভ কৰা জাতীয় ঐক্য সমাৰোহত আজি দলৰ জ্যেষ্ঠ নেতা বঙাইগাঁও সমষ্টিৰ বিধায়ক যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীক দলৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ।একেৰাহে ৩৫ বছৰ বিধায়ক হৈ অসম গণ পৰিষদ দলৰ সেৱা আগবঢ়াই যোৱা মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে দলৰ এনে কৃতজ্ঞতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি দলীয় কৰ্মী সকলক সম্বোধি কয় অভিনন্দনৰ বাবে মই যোগ্য নহয় ।এই অভিনন্দন বঙাইগাঁও বাসীৰ।জাতীয় ঐক্য সমাৰোহৰ প্ৰসংগত মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে কয় যে ২০১১চনত বিজেপিৰ দখলত আছিল কমলপুৰ ।কিন্তু তাৰ আগৰ পৰা কমলপুৰত অগপৰ ভেটি শক্তিশালী।যাৰ বাবে যোৱা নিৰ্বাচনত বিজেপিয়ে কমলপুৰ সমষ্টি অগপক এৰি দিবলৈ বাধ্য হয় ।২০২১ৰ নিৰ্বাচনতো সত্যব্ৰত কলিতা মিত্ৰজোট হিচাপে অগপৰ প্ৰাৰ্থী হব কমলপুৰত।আজিৰ পৰা সেই শংকা নাই বুলি ঘোষণা কৰে দলৰ জ্যেষ্ঠ নেতা ফণীভূষন চৌধুৰীয়ে।জাতীয় সমাৰোহত উপস্থিত থকা দলৰ আন এজন জ্যেষ্ঠ নেতা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় অগপ দলে ৰাইজৰ বিশ্বাস আৰু আস্থা পাবলৈ সক্ষম হৈছে ।কংগ্ৰেছ আৰু এ আই ইউ ডি এফক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপিৰ সৈতে মিত্ৰতা কৰা হৈছে ।বিশেষকৈ আমাৰ মূল শত্ৰু কংগ্ৰেছ ।কংগ্ৰেছ আৰু সাম্প্ৰদায়িক এ আই ইউ ডি এফ ক্ষমতাত আহিলে অসমীয়া সংখ্যালঘুত পৰিণত হব।আনকি অগপৰ নেতা সকলক ক’লা পতাকা দেখুৱা সকলকো সতৰ্ক কৰি দিয়ে দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ।প্ৰায় দেৰ ঘন্টা পলমকৈ দিনৰ ১২,৩০বজাৰ পৰা আৰম্ভ হোৱা কমলপুৰ বিধান পৰিষদৰ জাতীয় ঐক্য সমাৰোহত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক ভূপেন ৰয়,মনোজ শইকীয়াৰ লগতে মহিলা কোষৰ নেত্ৰী তথা বিশিষ্ট কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে দলীয় কৰ্মী সকলক অভিনন্দন জনাই দুটি গীত পৰিবেশন কৰি মনোৰঞ্জন দিয়ে।

কংগ্ৰেছৰ শাসনকালত উন্নয়ন আধাৰশিলাতে আৱদ্ধ আছিল : ৰূপক শৰ্মা

নগাঁৱত পুণৰ পাঁচ শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদাননগাঁৱত কেইবাটাও উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ

বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ এইদৰে প্ৰতিদিন বিজেপিত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কালিও সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত হেৰাপট্টি অঞ্চলত সহস্ৰাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰাৰ পিছত আজিও নগাঁও চহৰৰৰ বৰবজাৰ নিম্ন বুনিয়াদী স্কুল প্ৰাংগণত অনুষ্ঠিত এক ৰাজহুৱা সভাত বিধায়ক শৰ্মাৰ উপস্থিতিত পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। এই উপলক্ষে বিজেপি নেতা অনুপম বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক শৰ্মাই কয়, “নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে, ভাৰত স্বাধীনৰ ৭৫ বছৰ পিছতো এনেধৰণৰ উন্নয়ন হোৱা নাই।” সমষ্টি উন্নয়নৰ এক দীঘলীয়া ক্ষতিয়ান দাঙি ধৰি শৰ্মাই আৰু কয়, নগাঁও সদৰ সমষ্টিৰ বিভিন্ন স্থানত সাতশৰো অধিক ৰাস্তা নিৰ্মাণ হৈছে। সবকা সাত সবকা বিকাশ আৰু বিশ্বাস নীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰিছে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ কথা চিন্তা কৰা নাই। সম উন্নয়নতহে গুৰুত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সদৰ সমষ্টিৰ উন্নয়ন কেৱল আধাৰশিলাতহে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আধাৰশিলা নহয়, কামৰ শুভ উদ্ধোধনহে হৈ আছে।” ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে এখন সপোনৰ নগাঁও গঢ়াৰ কথা উল্লেখ কৰি কয়, “মৰিকলংখন পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়া, কলং নৈ পুণৰ বোৱাই নিয়া, পানীগাঁও অঞ্চলত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে।” উক্ত সভাত বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা, ধিঙৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, জিলা সংখ্যালঘু মৰ্চাৰ সম্পাদক আনোৱাৰ পাৰভেজ, সদৰ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী দিপাংক শৰ্মা বৰুৱাকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে। ইয়াৰ পুৰ্বে বিধায়ক ৰূপক শৰ্মাই আজি পুৱাৰ ভাগত নগাঁও পৌৰ সভাৰ অন্তৰ্গত চাৰিটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে। পৌৰসভাৰ অধীনত নগাঁও চহৰৰ পাইকাৰী শাক-পাচলি বজাৰখনিৰ আজি আন্তঃগাঠনি উন্নয়ন কামৰ শুভাৰম্ভ কৰা হয়। ইয়াৰোপৰি চহৰখনৰ মাৰাৰ পাৰ্কৰ সমীপত নিৰ্মিত পৌৰসভাৰ সামূহিক ভৱনটিৰো আন্তঃগাঠনি উন্নয়ন কামৰ শুভাৰম্ভ কৰা হয়।লগতে ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি(SOPD)ৰ অধীনত নগাঁও চহৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰো শুভ উদ্ধোধন কৰা হয়। আজি শুভাৰম্ভ কৰা পথ দুটি ক্ৰমে চাৰ্চ পথৰ পৰা কে কে দাস পথ আৰু তেলিয়াপট্টি অঞ্চলৰ এটি উপপথ।

ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ থিয় দিছে নিজ দলৰে শীৰ্ষ নেতৃত্ব

ট্ৰাম্পৰ দলৰ শীৰ্ষ নেতৃত্বই এইবাৰ থিয় দিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। আজি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন কৰা হ’ব মহাভিযোগ।

৪ জানুৱাৰী তাৰিখে আমেৰিকাৰ কেপিটেল হিল স্থিত সংসদ ভৱনত ট্ৰাম্পৰ সমৰ্থকে কৰা উদ্ভণ্ডালী আৰু মাৰপিটৰ পিছতে ট্ৰাম্পৰ বিৰুদ্ধে থিয় দিছে সকলো । সেই ঘটনাত ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল।

আজি নিম্ন সদনত উত্থাপিত হব মহাভিযোগ ৰ প্ৰস্তাৱ। এই অভিযোগৰ ওপৰত আৱশ্যকীয় ভোট লাভ কৰাৰ পিছতে উচ্চ সদনত উত্থাপন কৰা হব এই মহাভিযোগ ৰ প্ৰস্তাৱ।

উল্লেখ্য যে, ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া তেওঁৰে দলৰ কেইবাগৰাকী দেতা থিয় দিব। হয়তো আজি এই অভিযোগ উচ্চ সদনলৈ লৈ যোৱা হ’ব।

অসম জাতীয় পৰিষদৰ মাজুলী জিলা গঠনৰ প্ৰস্তুতি

উজনি-মাজুলীঃ মাজুলী বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্ত্তা সকলে দলটোক শক্তিশালি কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ কাষচপা দেখা গৈছে ৷  আজি দলটোৰ গড়মূৰৰ অস্থায়ী কাৰ্যালয়ত হৰেণ বৰাৰ সভাপতিত্বত আহ্বায়ক সমিতিৰ এখন সভা অনুস্থিত হয় ৷  সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক শশীধৰ দলে নতুনকৈ গঠন হোৱা দলটোৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে ৷ দক্ষিনপাট আঞ্চলিকৰ পৰা প্ৰতিনিধিত্ব কৰা ঘন ভড়ালী,  বনগাওঁ পঞ্চায়তৰ পৰা প্ৰদীপ বৰা  মহিলা পৰিষদৰ  পৰা চেনেহী গগৈ কলিতাই  দলটোক শক্তিশালি কৰাৰ কৌশল সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ হেমন্ত বৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেই অসম জাতীয় পৰিষদৰ মাজুলী জিলা সমিতিখন গঠন কৰাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে ৷ মাজুলীৰ বিশখন পঞ্চায়তৰ প্ৰতিখন পঞ্চায়তৰ দহটা ৱাৰ্ডৰ পৰা এজনকৈ সদস্য নিৰ্বাচন কৰি অসম জাতীয় পৰিষদ মাজুলী জিলা সমিতি গঠন কৰাৰ মত পোষন কৰে ৷ অহা ১৮ জানুৱাৰীৰ ভিতৰত সমিতিখন গঠন কৰিবৰ বাবে দলীয় দহ  সংগঠকক আজিৰ সভাই দায়িত্ব অৰ্পণ কৰে ৷ তেওঁলোক হ’ল শশীধৰ দলে,  পদ্মেশ্বৰ দলে,  প্ৰদীপ বৰা,  ব্ৰজেন ভড়ালী,  ৰূদ্ৰ শইকীয়া,  হেমন্ত বৰা,  জিতেন নাথ,  ক্ষেত্ৰনাথ দলে,  হৰেণ বৰা আৰু লুহিত বৰা ৷

‘ৰূপান্তৰ’ৰ বঁটা ঘোষণা

প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকালৈ "ৰূপান্তৰ শিল্পী বঁটা" শৰ্মিষ্ঠা প্ৰীতমলৈ "অনুপ্ৰেৰণা বঁটা"

২০১১ চনত প্ৰতিষ্ঠা লাভ কৰা সমাজ – সাহিত্য – সাংস্কৃতিক মঞ্চ “ৰূপান্তৰ”ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপান্তৰ বঁটা প্ৰদান  অনুষ্ঠানৰ প্ৰস্তুতি চলিছে । বিগত বৰ্ষৰ দৰে বিভিন্ন শিতানত ৰূপান্তৰে প্ৰদান কৰি অহা বঁটাসমূহ আজি ঘোষণা কৰা হয় । ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে  এই কথা ঘোষণা কৰি কয় – অসমৰ নাট্য ক্ষেত্ৰলৈ নিৰলস ভাবে সেৱা আগবঢ়াই  অহা একোজন ব্যক্তিক প্ৰতি বছৰে ৰূপান্তৰ শিল্পী বঁটা প্ৰদান কৰা হয় । এই বেলি এই বঁটাৰ বাবে মনোনীত কৰা হৈছে ভ্ৰাম্যমাণ নাট্যজগতৰ একালৰ জনপ্ৰিয় কৌতুক অভিনেতা কলিয়াবৰৰ  ৰামেশ্বৰ হাজৰিকাক । ১৯৭২ চনত “অমৰ” থিয়েটাৰৰ জৰিয়তে  ভ্ৰাম্যমাণ নাট্যদলত খোজ দিয়া ৰামেশ্বৰ হাজৰিকাই সুদীৰ্ঘ ৩৫ বছৰ ভ্ৰাম্যমাণৰ মঞ্চত বলিষ্ঠ অভিনয়ে এখন সুকীয়া আসন দখল কৰি ৰাখিছে । কহিনুৰ, হেঙুল, ৰাজশ্ৰী আদি বহুকেইখন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰত নিজৰ বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰামেশ্বৰ হাজৰিকা অভিনেতা হোৱাৰ উপৰিও  এগৰাকী  নাট্যকাৰ, গীতিকাৰ, বাদ্যবীদ  ।  আনহাতে,  “ৰং” ,”আত্মকথা”,  “অন্তহীন” আদি গ্ৰন্থৰ স্ৰষ্টা , যুৱ প্ৰজন্মৰ লেখিকা   শৰ্মিষ্ঠা প্ৰীতমলৈ আগবঢ়োৱা হৈছে প্ৰয়াত কুকিল চক্ৰৱৰ্তী সোঁৱৰণি অনুপ্ৰেৰণা বঁটা । ৰূপান্তৰ সাহিত্য বঁটা লাভ কৰিছে কুৰিখনতকৈও অধিক  গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য ক্ষেত্ৰলৈ  বৰঙণি আগবঢ়োৱা লেখক  কেশৱ বৰাই । ৰূপান্তৰ সমাজ হিতৈষী বঁটা এই বেলি আগবঢ়োৱা হৈছে বিশিষ্ট সমাজসেৱক দেবেন্দ্ৰ সিং শ্বেহমীলৈ । অহা ২৩ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত  এই বঁটা প্ৰদান কৰা হ’ব । উক্ত অনুষ্ঠানতে “অসমত লোক সংস্কৃতিৰ চৰ্চা আৰু বিকাশ” শীৰ্ষক  বক্তৃতা প্ৰদান কৰিব  বিশিষ্ট গৱেষক -লেখক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক মৃনাল কুমাৰ বৰাই । উল্লেখ্য যে নগাঁৱৰ জলাহ গাঁৱস্থিত “ৰূপান্তৰ “ৰ মুখ্য কাৰ্যালয়ত ১৬ জানুৱাৰীত ৰূপান্তৰৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস  উপলক্ষে  শিশু সকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা  আয়োজন কৰা  হৈছে  বুলি ৰূপান্তৰৰ  প্ৰধান সম্পাদক গৌৰাংগ বৰাই জানিবলৈ দিয়ে ।

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণৰ গুৱাহাটী কাৰ্য্যালয় মুকলি

গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশব ধামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰমুখ্যে আন আন সম ভাবাপন্ন ভাতৃ সংগঠনৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে গুৱাহাটী কাৰ্য্যালয় কালি মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰি বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ প্ৰমুখ জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক কিছু কথা সদৰি কৰে ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘচালক গুৰু প্ৰসাদ মেধি, বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি শুভৰাম বৰা, শ্ৰীৰাম ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতি অসমৰ অভিযান প্ৰমুখ ব্ৰজজ্যোতি শৰ্মা, গুৱাহাটী সমিতিৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, অভিযান প্ৰমুখ চন্দন ৰাভা আদি বিষয়ববীয়াসকলৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত এই কাৰ্য্যালয় মুকলি কৰি নিধি সমৰ্পণ অভিযান শৃংখলাবদ্ধ ভাবে আগবঢ়াই নিবলৈ বিভিন্নজনে পৰামৰ্শ দিয়ে ৷ পূৰ্বোত্তৰৰ ধৰ্মপ্ৰাণ ৰাইজৰ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত কোনো অঞ্চলৰ কোনো ভক্তিপ্ৰাণ লোক যাতে নিধি সমৰ্পণত বঞ্চিত নহয় তাৰ বাবে প্ৰতিঘৰৰে দুৱাৰে দুৱাৰে উপস্থিত হৈ সংযোগ স্থাপন কৰিবলৈ সেৱকসকলক পৰামৰ্শ দিয়া হয় ৷ অহা ১৫ জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই দেশৰ আন আন ঠাইৰ লগতে অসমতো মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান চলিব ৷ সেই অনুসৰি গুৱাহাটীটো অভিযান প্ৰমুখ চন্দন ৰাভাৰ নেতৃত্বত গঠিত নিধি সমৰ্পণ অভিযান গোটে প্ৰতিঘৰ মানুহৰ দুৱাৰে দুৱাৰে গৈ নিধি সংগ্ৰহ অভিযান চলাব ৷

বোকাখাতত কৃষি আৰু উদ্যান শস্য বিষয়ক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আয়োজন

অহা ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে বোকাখাতত তিনি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ ” শীৰ্ষক প্ৰদৰ্শনীৰ প্ৰস্তুতি সন্দৰ্ভত বিষদভাবে আলোচনা কৰিবৰ বাবে এখনি জৰুৰী সভা যোৱা ১০ জানুৱাৰীত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অসম চৰকাৰৰ কৃষি, পশুপালন, পশু চিকিৎসা, খাদ্য সংশাধন ও উদ্যান শস্য বিভাগৰ মাননীয় মন্ত্রী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত তিনিদিনীয়া কৈ অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানৰ আয়োজনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। উল্লেখ্য যে তিনি দিনীয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যমী কৃষক সকলে যোগদান কৰিব। আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ যেনে ভিয়েটনাম, মালয়েচিয়াকে ধৰি আন কেইবাখনো দেশৰ প্ৰতিনিধিয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত যোগদান কৰিব। উদ্যোগতা সকলে আশা কৰিছে যে, এই “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ” শীর্ষক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী খনে অসমৰ কৃষি ক্ষেত্রখনৰ লগত জড়িত সকলো কৃষকক  উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অন্যান্য মাত্রা প্ৰদান কৰিবলৈ সক্ষম হব। এই তিনি দিনীয়া প্ৰদৰ্শনীত উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্ৰদৰ্শনী কৰাৰ সুযোগ পোৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব। কৃষি বিশেষজ্ঞ তথা কৃষি বিজ্ঞানী, কৃষি ক্ষেত্রত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত প্ৰশিক্ষণ তথা আলোচনা চক্র সমূহতো কৃষক সকলে অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে, এই প্ৰদৰ্শনীত অসমৰ বিভিন্ন প্ৰান্তৰ উঠি অহা উদ্যোমী যুৱ কৃষকসকলৰ  নিজ নিজ অনুভৱ ব্যক্ত কৰাৰ বাবে যথোচিত এখনি মঞ্চ প্ৰদানৰো ব্যবস্থা কৰা হ’ব। মাননীয় কৃষি মন্ত্রী অতুল বৰাই কৃষি, উদ্যান শস্য, খাদ্য সংশাধন তথা পশু পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হোৱা সকলোকে প্ৰদৰ্শনীখনত অংশগ্রহণ কৰি সমগ্র অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। এই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীখনে যাতে অসমৰ শিক্ষিত যুৱক যুৱতী সকলক কৃষি পশুপালনৰ ক্ষেত্রখনৰ জৰিয়তে আত্মনিৰ্ভশীল হবলৈ উৎসাহিত কৰে, এই ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিবলৈ কৃষি মন্ত্রী গৰাকীয়ে পৰামৰ্শ দিয়ে।

খাৰুপেটিয়া ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দু-ব্যৱহাৰ আৰু মানসিক হেচাত প্ৰাণ গ’ল এজনৰ

খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দুৰ ব্যৱহাৰ তথা মানসিক হেচাত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে দৰঙৰ খাৰুপেটিয়াত। ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত উল্লেখ কৰা মতে দৰঙৰ ধুলা থানাৰ অন্তৰ্গত ওজাগাওৰ আব্দুল খালেক নামৰ দৰিদ্ৰ বৃদ্ধাজনৰ খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকত আছিল এটা চেভিংছ একাউণ্ট বুক। চৰকাৰে দিয়া বৃদ্ধ পেনচনৰ টকা উঠোৱাৰ আশাৰে গৈছিল বেংকলৈ।তেওঁৰ পাছবুকত KYC  আপডেট দিব লাগিব বুলি জনাই দিয়ে বেংকৰ কৰ্মচাৰীয়ে। সেইবাবেই যোৱা শুক্ৰবাৰে বৃদ্ধ গৰাকী নথি পত্ৰ সহ লৈ গৈছিল ইউনিয়ন বেংকলৈ। সেইটোৱেই যেন কাল হল বৃদ্ধ গৰাকীৰ। ইউনিয়ন বেংকৰ  শৰ্মা উপাধি থকা কৰ্মচাৰী জনে বৃদ্ধাজনৰ KYC Form জমা লোৱাৰ পৰিবৰ্তে  তেওঁক দুৰ ব্যৱহাৰ তথা মানসিক হেচা প্ৰয়োগ কৰি  বেংকৰ পৰা খেদি পঠিয়াই দিয়ে ।কৰ্মচাৰীৰ দুৰ-ব্যৱহাৰত দৰিদ্ৰ বৃদ্ধাজনে বাহিৰলৈ ওলাই আহে যদিও  আলী উপাধী থকা দালাল এজনৰ হতুৱাই আকৌ ভিতৰলৈ  মাতি পঠিয়াই বৃদ্ধ মানুহ গৰাকীক ৷ দালাল জনে বলপূৰ্বক ভাৱে বাহিৰৰ পৰা টানি লৈ যায় সেই বৃদ্ধ গৰাকীক। অশ্লীল গালি গালাজ পাৰাৰ লগতে ঋণ পৰিশোধ নকৰিলে বিভিন্ন দাবী ধমকিৰে পুলিচক গতাই দিম বুলি বহুৱাই ৰাখে বৃদ্ধাজনক । সেই কথা শুনি হতভম্ব হয় বৃদ্ধ গৰাকী।দিন হাজিৰা কৰি পৰিয়ালক পোহ পাল দিয়াৰ লগতে কেৱল পেনচনৰ টকা ওঠোৱাৰ বাহিৰে বেংকলৈ যোগাযোগ নাই ব্যক্তি গৰাকীৰ।তেনে ক্ষেত্ৰত তেওঁৰ নামত ঋণ কেনেকৈ হল।আৰু কোনে ওঠাই ললে। বিভিন্ন চিন্তাত তেওঁ হতাশগ্ৰস্থ হৈ কপিবলৈ ধৰিলে।লগতে তেওঁৰ কেতিয়াও ঋণ নোলোৱা বুলি কাকুতি মিনতি কৰিবলৈ আৰম্ভ কৰিলে কৰ্মচাৰী জনক। কৰ্মচাৰী জনৰ দুৰ ব্যৱহাৰ দেখা পাই লগত যোৱা পুত্ৰ বোৱাৰীয়ে ঘৰলৈ উভতি আনে বৃদ্ধগৰাকীক। তেওঁ বেংকৰ পৰা ঋণ লোৱা নাই বুলি কৈ কাকতি মিনতি কৰি ঘৰলৈ আহাৰ পিছতেই গুৰুতৰ ভাবে অসুস্থ হৈ পৰে ৷পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মানসিক অশান্তিত ভোগা বুলি ঘৰলৈ পঠিয়াই দিয়ে ৷ চিকিৎসা কৰি ঘৰত অনাৰ পিচত লোকজনৰ মৃত্যু হয় ৷ তেওঁৰ নামত কোনো ঋণ নথকাত সহজ সৰল ব্যক্তিজনক মানসিক হাৰাশাস্তি কৰাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ দিয়ে পৰিয়ালৰ লোকে। তাৎপৰ্যপূৰ্ণ কথা হল খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ লগত কৰা দুৰ ব্যৱহাৰৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে । বেংকখনৰ শৰ্মা আৰু বিহাৰী উপাধি থকা কৰ্মচাৰী দুজনৰ দুৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে বেংকৰ গ্ৰাহক সকল। কৰ্মচাৰী দুজনৰ বিৰূদ্ধে শাখা পৰিচালকক অভিযোগ দিয়াৰ পাচতো  কোনো গুৰুত্ব নাই।  গ্ৰাহকৰ লগত সদায় দুৰ ব্যৱহাৰ কৰা এনে কৰ্মচাৰীৰ বিৰূদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।