Home Blog Page 3177

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা আৰক্ষীৰ জালত

অনলাইন বাৰ্তা : যোৱা নিশা নলবাৰীৰ পটাৰছাৰকুছিৰ ‘হাবি’ নামৰ ধাবা এখনৰ পৰা চিআইডি আৰু অসম আৰক্ষীৰ দলে নাটকীয়ভাৱে দিবন ডেকাক কৰায়ত্ব কৰে। নিশাৰ ভাগতে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে কাহিলিপাৰাস্থিত বিশেষ শাখালৈ লৈ অনা হয় দিবন ডেকাক।সম্প্ৰতি মাৰাথন জেৰা অব্যাহত আছে।

তিনিচুকীয়াত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ

তিনিচুকীয়া : তিনিচুকীয়াত জনজাতিকৰণৰ লগতে স্বায়ত্বশাসিত পৰিষদ প্ৰদানৰ দাবীৰে চুতীয়া ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। তিনিচুকীয়াৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈকে সমদল বাহিৰ কৰি সংগঠনটোৰ শতাধিক সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ। চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীৰ আধাৰত শায়ত্বশাসন প্ৰদানৰ দাবীত বিভিন্ন শ্লগানেৰে উত্তাল কৰাৰ লগতে জনজাতিকৰণ আৰু শায়ত্বশাসন প্ৰদান নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

দেৱাল লিখন, পোষ্টাৰিং বন্ধ কৰিব পাৰিবনে ?

প্ৰণৱ চক্ৰৱৰ্তী

অহা ২ অক্টোবৰ গান্ধী জয়ন্তী ৷ ২০১৪ চনত এই দিনটোতেই কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল ৷ এক নতুন জাগৰণৰ সৃষ্টি হৈছিল ৷ ৰাইজ বহু পৰিমাণে সজাগ হ’ল ৷ পৰৱৰ্তী সময়ত বিশেষ একোটা দিন লৈহে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্বচ্ছ ভাৰত অভিযানৰ গইনা লৈ ফটো উঠা উৎসৱ পাতিবলৈ লোৱা নিজ চকুৰে দেখিছো ৷ অৱশ্যে বহুতেই চাফ-চিকুণ হৈ থাকিবলৈ আৰু নিজৰ কৰ্মস্থান চাফ-চিকুণ কৈ ৰাখিবলৈ শিকিলে আৰু এক দায়িত্ববোধৰ চিনাকি দিলে ৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰ এইক্ষেত্ৰত বহু পৰিমাণে সফল ৷ এইবছৰো নিশ্চয় বাপুজীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি চাফ-চিকুণতাৰ কাৰ্য্যসূচী চৰকাৰী বা বেচৰকাৰীভাৱে গ্ৰহণ কৰিব ৷ ই শুভ লক্ষণ ৷ এইখিনিতে এটা কথা মনলৈ আহিছে ৷ কেইমাহমান পিছতে অসম বিধান সভাৰ নিৰ্বাচন আহি আছে ৷ এইবাৰ নিৰ্দলীয়খিনিক বাদ দি অসমত হয়তো প্ৰায় বাৰটামান ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰক্ষেপ কৰিব ৷ পূৰ্বৰ নিৰ্বাচনৰ লগত তুলনা কৰিলে স্পষ্ট যে এইবাৰ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হ’ব আৰু নিৰ্বাচনী প্ৰচাৰো বাঢ়িব ৷ আটাইবোৰ প্ৰাৰ্থীয়ে যদি নিজৰ আৰু দলৰ প্ৰচাৰৰ বাবে দেৱাল লিখন বা বেনাৰ পোষ্টাৰ লগোৱা আৰম্ভ কৰে তেতিয়া হ’লে নিৰ্বাচনৰ পিছত চাৰিওফালে কেনে এক পৰিৱেশৰ সৃষ্টি হ’ব সেইয়া সহজেই অনুমেয় ৷ গতিকে চৰকাৰে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত পোষ্টাৰ বেনাৰ লগোৱাত বাধা দিব লাগে৷ দেৱাল লিখন সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে আৰু নিৰ্বাচনী কাৰ্যালয়ত ব্যৱহাৰ হোৱা বেনাৰ সমূহ কাপোৰৰ কৰিবলৈ নিৰ্দেশ দিব লাগে ৷ নিৰ্বাচনী সভা যদিহে অনুস্থিত কৰিব পৰা পৰিৱেশ থাকে তাতো দলীয় পতাকা প্লাষ্টিকৰ পৰিৱৰ্তে কাগজ বা কাপোৰৰে প্ৰস্তুত কৰিবলৈ আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰিব লাগে ৷ বিগত সময়চোৱাত নলবাৰীৰ প্ৰাক্তন উপায়ুক্ত ডাঃ ওম প্ৰকাশ ডাঙৰীয়াই তেনে কিছু পদক্ষেপ তেখেতৰ কাৰ্যকালত হোৱা নিৰ্বাচনৰ সময়ত লোৱা আমাৰ মনত পৰে৷ এইখন চৰকাৰে এইক্ষেত্ৰত বিশেষ মনোযোগ দিব বুলি আমাৰ দৃঢ় বিশ্বাস ৷

মাটিৰ পট্টা, জনজাতিকৰণ, মজুৰি বৃদ্ধিৰ দাবীত চাহ মজদুৰ সংঘৰ মানৱ শৃংখল

টিংখাং : অসম চাহ মজদুৰ সংঘৰ আহ্বানত নাহৰকটীয়া শাখাৰ অন্তৰ্গত টিংখাং, ৰাজগড় অঞ্চলৰ সকলোবোৰ চাহ বাগিচাত চাহ জনগোষ্ঠীক জনজাতিকৰণ, মাটিৰ পট্টা আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত কালি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ বাগিচাৰ কামৰ অন্তত শ্ৰমিক সকলে বাগিচাসমূহত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক অতিশীঘ্ৰে দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনাইছে। চাহ শ্ৰমিকৰ মানৱ শৃংখল কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ বিষয় ববীয়াৰ লগতে বহুকেইটা চাহ জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰি চাহ শ্ৰমিকৰ প্ৰাপ্য শীঘ্ৰে প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে। ৰাজ্যৰ সমাগত নিৰ্বাচনৰ প্ৰাক্‌ মুহুৰ্তত চাহ বাগিচা শ্ৰমিকৰ মাজত আৰম্ভ হোৱা বিদ্ৰোহে শাসকীয় ভাৰতীয় জনতা পাৰ্টিক বাৰুকৈয়ে বিপাঙত পেলাইছে। বিশেষকৈ চাহ বাগিচা অধ্যুষিত সমষ্টিবিলাকত আৰম্ভ হোৱাৰ শ্ৰমিক বিদ্ৰোহে ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত শিৱসাগৰ আৰু ৰঙাপাৰাত অনুষ্ঠিত নহয় উপ-নিৰ্বাচন

গেলেকী : অসমৰ শিৱসাগৰ আৰু ৰঙাপাৰাত অনুষ্ঠিত নহয় উপ-নিৰ্বাচন। অসমৰ মুখ্য সচিব আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগৰ এক প্ৰতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগে দেশৰ ৪ খন ৰাজ্যৰ ৭ টা সমষ্টিত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগে টুইটাৰত প্ৰকাশ কৰা অনুসৰি পশ্চিম বংগ, কেৰেলা, তামিলনাডু আৰু ৭৪ ৰঙাপাৰা, ১০৮ শিৱসাগৰ, ১০৬ কুট্টানাদ, ১১৭ চাভাৰা, ১০ তিৰুভূতিয়াৰ, ৪৬ গুডিয়ত্তম, ১৩ ফালাকাটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত নহয়।

১ লোকসভা, ৫৬ বিধানসভা উপ নিৰ্বাচনৰ দিন ঘোষণা

অনলাইন বাৰ্তা : নিৰ্বাচন আয়োগে মঙলবাৰে এখন লোকসভা আসনৰ লগতে বিভিন্ন ৰাজ্যত ৫৬ খন বিধানসভা আসনৰ উপ নিৰ্বাচনৰ কথা ঘোষণা কৰিছে ৷ উপ নিৰ্বাচন হ’ব লগা ৰাজ্যকেইখন হ’ল ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, ওড়িশ্যা, তেলেংগানা আৰু উত্তৰ প্ৰদেশ ৷ সকলো ৰাজ্যত ৩ নৱেম্বৰত, মণিপুৰত ৭ নৱেম্বৰত আৰু একেদিনাই বিহাৰত লোকসভা আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আনহাতে ১০ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগে কয় যে ২১ আগষ্টত ক’ভিড-১৯ ৰ বাবে দিয়া নিৰ্দশনা মতে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ তদুপৰি কেৰালা, তামিলনাডু, অসম আৰু পশ্চিম বংগত সাতখন আসনত উপ নিৰ্বাচন অনুষ্ঠিত নহয় ৷ অসম, কেৰালা, তামিলনাডু আৰু পশ্চিম বংগা মুখ্য সচিব, মুখ্য নিৰ্বাচনী বিষয়াই প্ৰতিবেদন মতেই আয়োগে নিৰ্বাচনৰ দিন ঘোষণা নকৰাৰ সিদ্ধান্ত লয় ৷ মণিপুৰৰ দুখন বিধানসভা আৰু বিহাৰৰ এখন লোকসভা আসনৰ বাবে গেজেট জাননী মতে ২০ অক্টোবৰত মনোনয়ন পত্ৰ শেষ দিন আৰু ২০ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ৷

নগাঁৱত কুখ্যাত এটিএম হেকাৰ গ্ৰেপ্তাৰ

নগাঁও, ২৯ ছেপ্টেম্বৰ:: নগাঁও আৰক্ষীয়ে আজি দুপৰীয়া প্ৰায় ১২ মান বজাত অভিযান চলাই এটা কুখ্যাত এ টি এম হেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ বিকানেৰ জেমচ এণ্ড জুৱেলাৰী নামৰ গহনা প্ৰতিষ্ঠানখনত সোণৰ গহণা ক্ৰয় কৰি থকা অৱস্থাতে নগাঁও সদৰ থানাৰ এটা অভিযানকাৰী আৰক্ষীৰ দলে এটিএম হেকাৰটোক গ্ৰেপ্তাৰ কৰে। ধৃত এটিএম হেকাৰটো চহৰ খনৰ সমীপৰ কাতিমাৰী অঞ্চলৰ আব্দুল হান্নান(৩৫) বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে অভিযানৰ কালত হেকাৰ আব্দুল হান্নানৰ পৰা বিভিন্ন বেংকৰ ৪খনকৈ চুৰি এ টি এম কাৰ্ড আৰু স্মাৰ্টফোন জব্দ কৰে। উল্লেখ্য যে, নগাঁও চহৰৰ বিভিন্ন এ টি এমত ধন উলিয়াবলৈ অহা একাংশ বয়োজ্যেষ্ঠ লোকক সহায় কৰাৰ ছলেৰে পিন ক’ড সংগ্ৰহ কৰাৰ লগতে হেকাৰটোৱে এটিএম কাৰ্ড সমূহ চুৰ কৰিছিল। পিছত একাংশ ভুক্তভোগী জ্যেষ্ঠ নাগৰিকৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আব্দুল হান্নানক বিচাৰি অভিযান অব্যাহত ৰাখিছিল। সেই অভিযানৰ ভিত্তিতেই আজি নগাঁও আৰক্ষীয়ে জুৱেলাৰীখনৰ পৰা গহনা ক্ৰয় কৰি থকা অৱস্থাত কুখ্যাত হেকাৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অধিক তথ্য উদঘাটনৰ বাবে আব্দুল হান্নানক জেৰা অব্যাহত ৰাখিছে।।

খেলো ইণ্ডিয়াত পদক প্ৰাপ্ত নগাঁৱৰ খেলুৱৈক সম্বৰ্ধনা

নগাঁও: ২৯ ছেপ্টেম্বৰ: খেলো ইণ্ডিয়াত পদক প্ৰাপ্ত নগাঁৱৰ খেলুৱৈ সকলক আজি নগাঁৱত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। নগাঁৱৰ বৰঘাট বাইপাছত থকা ‘চক দে’ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত প্ৰতিষ্ঠানটোৰ বৰ্ষ পুৰ্তিৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত এই খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ক্ৰীড়া সংগঠক তপন দাসে কয় – আমাৰ গ্ৰামাঞ্চলত বহু প্ৰতিভাবান খেলুৱৈ আছে। এই সকলক আমি উলিয়াই আনি প্ৰতিভা বিকাশৰ সুযোগ দিব লাগিব।’ চক দে’ জৰিয়তে আমি প্ৰথমতে নগাঁও জিলাৰ ভিতৰুৱা অঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছো। আমি ৰহা সমষ্টিত বিভিন্ন অঞ্চলত থকা খেলুৱৈ সকলক প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিছো। আজি সম্বৰ্ধিত খেলুৱৈ সকলৰ অধিকাংশই ৰহাৰ। ক্ৰীড়াৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ তপন দাসে প্ৰশংসা কৰে। অনুষ্ঠানত নগাঁও জিলাৰ ক্ৰীড়া বিষয়া অতুল বৰা, ক্ৰীড়া সংগঠক উজ্জ্বল কুমাৰ বৰুৱা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু ‘চক দে’ স্বতাধিকাৰী এছ . এছ সিং আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে খেলো ইণ্ডিয়াত স্বৰ্ণ পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈ, অন্য ইভেন পদক প্ৰাপ্ত পুৰ্ণীমা দাস , সেবিকা দাস , মনেশ্বৰ মহেলা ,কৌস্তভ মনি শইকীয়া , সুমিত্ৰী সেনাপতি, নমিতা ৰংপিপি , সূৰ্য প্ৰকাশ গুপ্তা , জয় প্ৰকাশ গুপ্তা , ৰমেশ চাহু , আৰুজ আলি, ৰুহিত ঠাকুৰ‌ আৰু মিতিলি চৰনাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ‘চক দে’ প্ৰতিষ্ঠানে ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি‌ আহিছে। ইতিমধ্যে তপন দাসৰ নেতৃত্বত ৰহা সমষ্টিত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ অধিনত দুখন ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ ধেমাজি বৰুৱাবাসী

ধেমাজি : বানৰ পিছত বিভিন্ন সমস্যাৰে জৰ্জৰিত বৃহত্তৰ বৰুৱাবাসী ৷ সম্প্ৰতি এটুপি ৱিশুদ্ধ পানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে ৷ খাল খান্দি পানীৰ নামত বৰবিহ সেৱণ কৰি তৃষ্ণা নিবাৰণ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ উল্লেখ্য যে ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তগৰ্ত লক্ষীপথাৰ পঞ্চায়তৰ অধীনৰ ১ নং বৰুৱা, ২ নং বৰুৱা, বৰুৱা লালুং গাৱৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় এশটা পৰিয়াল বান পাহাৰীয়া নৈ ৰাই নদীৰ কবলত পৰি সৰ্বস্বান্ত হৈছে ৷ বিশেষকৈ দুই নং বৰুৱাবাসীয়ে বানৰ পিছত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বানপানী বালিৰ মাজৰ পৰাই খাল খান্দি পানী সংগ্ৰহ কৰি তৃষ্ণা নিবাৰণ কৰিছে ৷ কোনোৱে ফিল্টাৰ কৰিব পাৰিছে আন কোনোৱে দূষিত পানীকে বৰ বিহ সদৃশ সেৱন কৰাৰ ফলত বিভিন্ন বেমাৰৰ আশংকা কৰিছে ৷ ইপিনে শৌচালয়সমূহ বালি আৰু বোকাৰে পুতি পেলোৱা ফলত অনাময় ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

চুৰি কৰা ধনেৰে প্ৰেমিকালৈ সোণৰ চেইন কিনিবলৈ গৈ ৰঙা ঘৰৰ আলহী হল প্ৰেমিক ৰূপি এটিএম চোৰ

নগাঁও : এটিএমৰ পৰা আনৰ ধন প্ৰৱঞ্চনাৰে হৰলুকী কৰি প্ৰেয়সীলৈ সোণৰ চেইন কিনিবলৈ অহা এটা এটিএম চোৰক জুৱেলাৰী দোকানতে আটক কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰী নামৰ এখন গহণাৰ দোকানত আজি দিনৰ প্ৰায় ১১ বজাত আব্দুল হান্নান নামৰ এ টি এম হেকাৰটোৱে সোণৰ গহণা ক্ৰয় কৰিবলৈ গৈছিল। আব্দুলে নিজৰ প্ৰেয়সীৰ বাবে প্ৰায় ৭৫ হাজাৰ টকাৰ সোণৰ চেইন ক্ৰয় কৰাৰ বাবে দাম–দৰ কৰি থাকোতেই নগাঁও আৰক্ষীৰ এটা দলে আটক কৰি সদৰ থানালৈ লৈ যায়।ধৃত আব্দুলৰ পৰা আৰক্ষীয়ে ৪ খনকৈ চুৰি এটিএম কাৰ্ড জব্দ কৰিছে। নগাঁও চহৰৰ বিভিন্ন এটিএমত ধন উলিয়াবলৈ যোৱা বয়োজ্যেষ্ঠ লোকৰ পৰা চলনাৰে এটিএম সলনি কৰি বহু লোকক সৰ্বস্বান্ত কৰি আহিছিল আব্দুল হান্নানে। ধৃত আব্দুল হান্নানৰ লগতে নগাঁৱৰ জুৰীয়া, ৰূপহী আৰু চামগুৰি অঞ্চলৰ কেইবাটাও প্ৰৱঞ্চক লগ হৈ বহু লোকৰ একাউণ্টৰ ধন হৰলুকী কৰি আহিছিল। বৰ্তমান আৰক্ষীয়ে আব্দুল হান্নানৰ সহযোগীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আটকাধীন আব্দুল হান্নানৰ ঘৰ নগাঁৱৰ কাৱৈমাৰীত।