Home Blog Page 3215

ৰাইজৰ ৰোষত পৰিছে বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল : কলা পতাকাৰে আদৰনি

ডবকা, ২৩ নৱেম্বৰ : AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল ৰাইজৰ ৰোষত পৰা ঘটনাই হোজাই জিলাত ব্যাপক চৰ্চা আৰাম্ভ হৈছে । বিগত প্ৰায় এবছৰৰ পৰা ৯০ নং যমুনামুখ সমষ্টিত অনুপস্থিতিত হৈ আছিল বিধায়ক গৰাকী। চলিত বৰ্ষত সমষ্টিটোত ৮ বাৰকৈ বানপানীৰ কবলত পৰিছিল যমুনামুখ সমষ্টিবাসী, মহামাৰী কৰোনাৰ সময়তো খবৰ নাছিল বিধায়ক গৰাকীৰ । বিধায়ক গৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমতো ব্যাপক সমালোচনা আৰাম্ভ কৰিছিল সাধাৰণ জনতাই । বিধায়ক গৰাকী নিৰুদ্দেশ হোৱা বুলি ৱাটচাপ ফেচবুক যোগে একাংশই ট্ৰেণ্ড আৰাম্ভ কৰিছিল । দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত আজি বিধায়ক গৰাকী উপস্থিত হয় যমুনামুখ সমষ্টিত। সমষ্টিত উপস্থিত হোৱাৰ পিছতেই ক্ষোভিত ৰাইজৰ ৰোষত পৰে  যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ বিধায়ক গৰাকীক দেখওৱা হয়  কলা পতাকা ৷ যমুনামুখ সমষ্টিৰ কপাহবাৰীত সংঘটিত হৈছে  এই ঘটনা ৷ কপাহবাৰী অঞ্চলত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যাওতে একাংশ লোকে কলা পতাকা দেখুওৱায় বিধায়ক গৰাকীক আদৰনি জনায় ৷ বিধায়ক গৰাকী দীৰ্ঘদিন ধৰি সমষ্টিত অনুপস্থিতিত থকাৰ বাবেই ক্ষোভিত হৈ পৰে সমষ্টিবাসী ৷ ইফালে বিধায়ক গৰাকীৰ সভাতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। একাংশ লোকে বিধায়ক গৰাকীক বিভিন্ন প্ৰশ্নৰে জবাবদিহী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । উল্লেখযোগ্য যে বিধায়ক গৰাকী সমষ্টিবাসীক পিঠি দি একাংশ নেতা পালিনেতাক সমষ্টি ঠিকা দিয়াৰ অভিযোগ বহু জনৰ। অৱশ্যে ধন কুবেৰ আজমল বাহিনীয়ে সমষ্টি বাসীক কি বুজনি বা কি পদক্ষেপ গ্ৰহণ কৰি সমষ্টি উদ্ধাৰ কৰিব সেয়া লক্ষণীয় হব ।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যায়ত ৭২ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস পালন

জামুগুৰিহাট, ২৩ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি চতিয়া বিধান সভা সমষ্টিৰ উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী গোটে আজি দিনযোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ত পালন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড. অজিত হাজৰিকাই পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰী অধ্যাপক গোলাপ কলিতাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক ড. তিলক শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড. অজিত হাজৰিকাই ছাত্ৰ জীৱনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৰুত্ব আৰু মহত্বৰ ওপৰত এক মনোজ্ঞ ভাষণ আগবঢ়ায়। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰে ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক গোলাপ কলিতাই ছাত্ৰ-ছাত্ৰীসকলে জীৱনত কিদৰে আগবাঢ়িলে সফলতা লাভ কৰিব পাৰি তাৰ এক দিশ-দৰ্শন প্ৰস্তুত কৰে। অৱসৰী উপাধ্যক্ষ গণেশ পাঠক, অধ্যাপক ড. অমল শইকীয়া, শিক্ষক বাণেশ্বৰ বৰায়ে সভাত নিজৰ চমু ভাষণ প্ৰস্তুত কৰে। শিক্ষাৰ্থী বাহিনীৰ কেডেট কল্যাণদ্বীপ বৰাই ছাত্ৰ জীৱন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকতাৰ বিষয়ে এক মননশীল ভাষণ আগবঢ়ায়। সভাত স্থানীয় বিদ্যালয়সমূহৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়কসকল যথাক্ৰমে অঞ্জন বাচকোটা, কমল ভট্টৰাই, সৌৰভ শৰ্মা, অধ্যাপক খঞ্জন কুমাৰ দাসকে মুখ্য কৰি অনেক গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। মুকলি সভাৰ পিচতেই ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰে। মহাবিদ্যাখনৰ ছাত্ৰ-ছাত্ৰী যথাক্ৰমে জয়ন্ত মেধি, অমনদ্বীপ বৰা, ৰীতা চৌধুৰীয়ে মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানভাগৰ আঁত ধৰে ।

ReplyReply allForward

পুৰাতত্ত্ব বিভাগৰ দ্বাৰা নাজিৰাৰ ঐতিহাসিক বৰপুখুৰী পৰিদৰ্শন

নাজিৰা, ২৩ নৱেম্বৰ :  নাজিৰা নগৰৰ মাজমজিয়াত তথা ৮নং ৱাৰ্ডত থকা  ঐতিহ্যমণ্ডিত বৰপুখুৰীত নাজিৰা জিলা সাঁতোৰ সন্থাৰ উদ্যোগত “সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ” স্থাপন কৰিব বিচৰা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে এই পুখুৰীৰ ঐতিহ্য ৰক্ষাৰ বাবে নাজিৰাৰ মহকুমা প্ৰশাসনৰ লগতে শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু ৰাজ্যিক মন্ত্ৰী যোগেন মহনক অনুৰোধ জনোৱাৰ পিছত  ২২ নবেম্বৰ তাৰিখে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ  উপ সঞ্চালক  নৱজিত দেউৰীৰ নেতৃত্বত  পুৰাতত্ত্ব বিভাগৰ লোকে এই পুখুৰীটো পৰিদৰ্শন কৰি বিভাগীয় ভাবে এই ঐতিহাসিক সম্পদ সংৰক্ষিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি স্থানীয় ৰাইজক অৱগত কৰে ৷ পৰিদৰ্শনকাৰী দলটোত শিৱসাগৰ জিলাৰ পুৰাতত্ত্ব বিষয়া কংকনজ্যোতি শইকীয়া, ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া সহ পুৰাতত্ত্ব বিভাগৰ আন বহুকেইজন লোক উপস্থিত আছিল ৷ উল্লেখ্য যে আহোম ৰজাৰ স্মৃতি বিজড়িত ঐতিহাসিক জয়খামদাঙ খাট পথাৰৰ দুৱাৰমুখত অৱস্থিত এই ঐতিহাসিক পুখুৰীটো বজাৰ পুখুৰী, কুঁৱৰী পুখুৰী বা বৰপুখুৰীৰ নামেৰেও জনাজাত ৷  এই পৌৰাণিক পুখুৰীৰ ঐতিহ্য বিনষ্ট কৰি ইয়াত চুইমিং পুল স্থাপনৰ বিৰোধিতা কৰি  সংশ্লিষ্ট অঞ্চলৰ ৰাইজে গঠন কৰা ” বৰপুখুৰী  সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধন সমিতি”য়ে এই পুখুৰীটোৰ সংৰক্ষণৰ বাবে চলাই অহা নিৰন্তৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ৰাজহ মন্ত্ৰীৰ উদ্যোগত ৰাজ্যিক  পুৰাতত্ত্ব বিভাগৰ বিষয়াই পুখুৰীটো সংৰক্ষণ কৰাৰ আশ্বাস দিয়াৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী যোগেন মহনৰ এই ইতিবাচক পদক্ষেপৰ শলাগ লৈছে ৷ 

শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীত শিশু বাটিকা কৰ্মশালা সমাপন

 ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰীত আজি  অংকুৰ আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাতৃ সকলক লৈ  শিশু বাটিকা কৰ্মশালা অনুষ্ঠিত হয়। নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সোমেশ্বৰ কলিতাই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে শিশু বাটিকা কৰ্মশালা। শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীত অনুষ্ঠিত হোৱা শিশু বাটিকা কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে তিনিচুকীয়া সংকুলৰ শিশু বাটিকা প্ৰমুখ বন্তি বৰা, নিকেতনৰ আচাৰ্য্যা ৰাণু শইকীয়া আৰু পূৰ্ণিমা খনিকৰ। আজিৰ শিশু বাটিকা কৰ্মশালাত প্ৰশিক্ষক সকলে মাতৃ সকলক শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ, ছাত্ৰ-ছাত্ৰী সকলৰ বিকাশৰ বাবে নৃত্য, গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ কৰ্মশালাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিনিচুকীয়া সংকুলৰ সংকুল প্ৰমুখ মোহন ছেত্ৰীৰ লগতে নিকেতনৰ আচাৰ্য্য- আচাৰ্য্যা উপস্থিত । আজি শিশু বাটিকা কৰ্মশালাত প্ৰায় অৰ্ধ শতাধিক অভিভাৱিকা উপস্থিত থাকে ।

জামুগুৰিহাটত শিশু নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰ উদ্বোধনী অনুষ্ঠান

জামুগুৰিহাট,২২ নবেম্বৰ: “সাম্প্রতিক কৰো’না মহামাৰীয়ে মানুহৰ আত্মবিশ্বাস ভাঙি পেলাইছে। এনে সময়ত সাংস্কৃতিক পৰিবেশ গঢ়ি তুলি মানুহক সংস্কৃতিৰ লগত জৰিত কৰিব পাৰি লেহে মানুহৰ মনলৈ পুনৰ আত্মবিশ্বাস ঘূৰি আহিব। ” এই মন্তব্য জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ  বিষয়া তথা তেজপুৰ জ্যোতি ভাৰতীৰ বিষয়া, বিশিষ্ট সাংস্কৃতিক সংগঠক জীতেন কুমাৰ দাসৰ। আজি জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত শিশু নাট কৰ্মশালা আৰু নাট প্ৰযোজনাৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই বিশিষ্ট নাট্যকৰ্মী  গৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত শিশু নাট কৰ্মশালাৰ কালি অৰ্থাৎ ২২ নৱেম্বৰত শুভাৰম্ভ কৰে জীতেন কুমাৰ দাসে। জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ কৰ্মচাৰী তথা তত্বাৱধায়ক,  নাট্যকৰ্মী ৰঞ্জন কুমাৰ দাসে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰে ক্ৰমে সমাজকৰ্মী মাধৱ ওজা, আখৰাৰ সম্পাদক তথা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিপুল বৰা আৰু অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। অহা ৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে ৰঞ্জন কুমাৰ দাসে অংশ লোৱাৰ লগতে অতিথি প্ৰশিক্ষক হিচাপে অসমৰ বিশিষ্ট নাট্য শিল্পী, নাট পৰিচালক কুশল ডেকা, অসীম শৰ্মা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট নাট্য শিল্পীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিদিনে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাখনত মুখ্যত পঞ্চম শ্রেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰিব পাৰিব। স্মৰণযোগ্য যে ১৯৯০ চনতে স্থাপন হোৱা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ আজি এটি স্থায়ী কাৰ্যালয় নথকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আঁচনি অনুসৰি আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ নিজাববীয়া এটি প্ৰেক্ষাগৃহ সহ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় বিষয়া জীতেন কুমাৰ দাসে। কৰ্মশালাখনত অংশ গ্ৰহণ কৰিব বিচৰা ছাত্র-ছাত্ৰীসকলক বিয়লি ২ বজাত বাপুজী ভৱনত উপস্থিত হ’বলৈ আহ্বান জনাইছে মুখ্য প্ৰশিক্ষক  ৰঞ্জন কুমাৰ দাসে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি হোজাইত সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত প্ৰাৰ্থনা সভা

হোজাই, ২২ নবেম্বৰ: প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে মৌলানা বদৰুদ্দিন আজমলে আয়োজন কৰিছে দোৱা। হোজাইৰ গোপাল নগৰস্থিত আজমল হাউচত এই প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। দেউবাৰে জোহৰৰ নামাজৰ পিছত হোজাইৰ আজমল হাউচত সাংসদ আজমলৰ উদ্যোগত সমূহীয়া দোৱা মেহফিল অনুষ্ঠিত হয় ৷ দিনৰ ১ বজাৰ পিছত হোজাইৰ আজমল হাউচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্যৰ বাবে হোৱা দোৱা মেহফিলত উপস্থিত থকা আলিম-উলেমা সকলে কোৰআন পাঠ কৰে ৷ দোৱাৰ পিছত আয়োজিত এক সংবাদ মেলত সাংসদ আজমলে কয়- প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে নিজৰ পোন্ধৰ বছৰীয়া শাসনত অসমৰ অসমবাসীৰ বাবে বহু খিনি কৰিছে, মছজিদ মাদ্ৰাছাৰ বাবে, ৰাইজৰ বাবে বহুতো কাম কৰিছিল বুলি মন্তব্য কৰে ৷ তৰুণ গগৈ অসমবাসীৰ কাৰণে এজন গুৰুত্বপূৰ্ণ নেতা আখ্যা দিয়ে আজমলে৷ লগতে  মহাজোঁটবন্ধনৰ মূল মানুহজন গগৈ বুলিও কলে এ আই ইউ ডি এফৰ সভাপতি জনে৷ উল্লেখ্য যে, এসময়ত হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈৰ বাবে আজি দোৱাত গগৈৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনাৰে চকুপানী টুকিলে আজমলে ৷ সাংবাদিকক উদ্দেশ্যি বদৰুদ্দিন আজমলে পুনৰ কলে – মই কালি ৰাতি তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতা সকলৰ উপস্থিতিত গগৈক দেখা কৰি আহিছো, লগতে অশুআৰোগ্যৰ কাৰনে দোৱা কৰিছো ৷ আজি আমি পুনৰ হোজাই আজমল হাউচত কোৰাণ পাঠ কৰি আলিম সমাজৰ উপস্থিতিত সকলো লগ হৈ দোৱা কৰিছো ৷ লগতে সংবাদ মাধ্যমৰ জৰিয়তে আজমলে তৰুণ গগৈৰ আৰোগ্য বিচাৰি অসমবাসী ৰাইজৰ লগতে জমিয়ত আৰু এআইইউডিএফৰ সকলো শাখাক দোৱা প্ৰাৰ্থনা কৰিবলৈ আজমলে আহ্বান জনায় ৷

জামুগুৰি সাহিত্য সভাৰ জনপ্ৰিয় বক্তৃতানুষ্ঠান : প্ৰকাশ পালে কৃতি শিক্ষক সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ নৱতম গ্ৰন্থ “মৃত্যু তিথিৰ এটি স্মৃতি”

জামুগুৰিহাট, ২২ নবেম্বৰ : ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অন্যতম সাহিত্যচৰ্চাৰ অনুষ্ঠান জামুগুৰি সাহিত্য সভাৰ ১০২ সংখ্যক আমন্ত্ৰণমুলক জনপ্ৰিয় বক্তৃতানুষ্ঠান আজি জামুগুৰিহাটৰ সূৰ্য্যোদয় ভৱনত বিয়লি অনুষ্ঠিত হয় ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হেমন্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ মূখ্য বিষয় “বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা আৰু শিশু সাহিত্যিকসকলৰ দায়িত্ব” শীৰ্ষক বিষয়ৰ আলোকপাত কৰে আলোচকৰ আসন অলংকৃত কৰা বিশিষ্ট সাহিত্যিক,গীতিকাৰ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়াই ৷ প্ৰায় এঘন্টা জোৰা আলোচনাত শইকীয়াই সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ শিশু সাহিত্যিকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ লগতে শিশুসকলক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিব পৰাকৈ এক সাহিত্যৰ পৰিৱেশ গঢ়ি উঠা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷ ফলশ্ৰুতিত অসমৰ বহুল প্ৰচাৰিত শিশু আলোচনীসমুহো মৃত্যুৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰে ৷ এনে প্ৰেক্ষাপটত সাহিত্য অনুষ্ঠান সমুহে শিশুসকলক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে ৷ আনহাতে অভিভাৱকসকলেও শিশুসকলক অন্যান্য বিনোদনৰ বিপৰীতে সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিব নোৱাৰিলে অসমীয়া ভাষা সাহিত্যৰ শোচনীয় অৱস্থাৰ ওৰ নপৰে ৷ উল্লেখ্য যে জামুগুৰি সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক বাসৱ ভূঞাই আঁত ধৰা আৰু নৱ নিৰ্বাচিত সভাপতি জ্যোতি ভট্টাচাৰ্যই আদৰনি ভাষণ প্ৰদান কৰা সভাখনত কৃতি শিক্ষক তথা সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ নৱতম গ্ৰন্থ “মৃত্যু তিথিৰ এটি স্মৃতি”ৰ উন্মোচক হিচাপে আসন গ্ৰহণ কৰে জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ জনাৰ্দন ভূঞাই ৷ অঞ্চলটোৰ শতাধিক প্ৰবীন নবিন সাহিত্যনুৰাগী উপস্থিত থকা সভাখনত বিশিষ্ট ব্যক্তিসকলৰ হৈ মঞ্চত আসন অলংকৃত কৰে শোণিতপুৰ জিলা সাহিত সভাৰ প্ৰাক্তন সভাপতি , বিশিষ্ট চিন্তাবিদ ভৱেন বৰা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডা° হৰেন শইকীয়া, জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়া, নৱ নিৰ্বাচিত সভাপতি জ্যোতি ভট্টাচাৰ্য আৰু শিশুবন্ধু যতীন্দ্ৰ ভাগৱতীয়ে ৷ বৰ্তমানলৈকে ৮ খন গ্ৰন্থ প্ৰকাশেৰে অসমীয়া সাহিত্য ভঁৰাললৈ লেখক, ঔপন্যাসিক ভূপেন বৰদলৈয়ে গ্ৰন্থকাৰৰ একেষাৰত উল্লেখ কৰে যে গুপ্তহত্যাই এটি মধ্যবিত্ত পৰিয়াললৈ কেনেকৈ কাল অমানিশা নমাই আনিব পাৰে এনে সময়ত এখন সমাজৰ দায়বদ্ধতা কেনে হোৱা উচিত ইয়াক মূখ্য বিষয় হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছে ৷ সভাখনত মূল বক্তাৰ উপৰিও ৰাজহুৱা বক্তব্য দাঙি ধৰি ডা° হৰেন শইকীয়াই কয় যে শিশুসকলক শুদ্ধ পথেৰে আগবঢ়াই নিয়াত শিশু সাহিত্যিকসকলে সামাজিক দায়বদ্ধতাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ অকল বৃত্তিমুলক শিক্ষাই যে এটি শিশুৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে সেইকথাও উদাহৰণসহ শইকীয়াই সভাত দাঙি ধৰে৷সভাখনত সফল সমাপ্তিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে জামুগুৰি সাহিত্য সভাই ৷

গুৱাহাটীত অখিল ভাৰত হিন্দু যুৱ মৰ্চাৰ গো-মাতা পুজন

অনলাইন বাৰ্তা , ২২ নৱেম্বৰ : গোপাস্ৰমী উপলক্ষে আজি মহানগৰীৰ ফটাশিল’ এন এছ ৰোড স্হিত গোশালাত অখিল ভাৰত হিন্দু যুৱ মৰ্চাই গো-মাতা পূজন অনুষ্ঠিত কৰে ৷ ৰাষ্ট্ৰীয় অধ্যক্ষ শিৱম মিশ্ৰৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক সমিতিৰ তৰফৰ গো-মাত পূজন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্য চৰকাৰৰ বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা উপস্থিত থাকি গো সুৰক্ষা ওপৰত মাক দৰ্শন কৰে ৷ তেওঁ লগতে কয় ৰাজ্যত অতি শীঘ্ৰেই গো মাংস বন্ধ হ’ব লাগে ৷ অধ্যক্ষ গৰাকীয়ে গৰুৰ  উপকাৰীতা সন্দৰ্ভত  বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে অখিল ভাৰত হিন্দু যুব মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে অৰুন গুপ্তা, বিদ্যানন্দ উপাধ্যায় , প্ৰবীৰ পাল, শত্ৰঘন চৌহান অৰুন আচাৰ্য অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷

লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে, সেয়ে ওলাই আহিল আছুৰ পৰা

দুলিয়াজানত অনুষ্ঠিত হৈ যায় সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন  । সেই অধিৱেশনত সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । দুলিয়াজানৰ পৰা গুৱাহাটীলৈ ওভতি কণ্ঠশিল্পী গৰাকীয়ে আছু সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি কয় যে ‘‘সদৌ অসম ছাত্ৰ সন্থা ছাত্র সন্থা হৈয়ে থাকক । ছাত্ৰ সন্থা ছাত্ৰ সন্থা হৈ থাকিলে জাতিৰ সপোন পূৰ্ণ হ’ব” । লুৰিণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কণ্ঠশিল্পী  হাজৰিকাই কয় যে ”আহোমৰ, ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত । লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে সেয়ে ওলাই আহিল আছুৰ পৰা” ।লগতে তেখেতে কয় যে “ৰাইজৰ মতামতক লৈ আছু আগবাঢ়ি  যাব লাগে । তেওঁলোকৰ মাজত থকা অসুয়াবোৰ আলোচনাৰ মাধ্যমৰে দূৰ কৰি জাতিটোৰ সংকটৰ সময়ত আগবঢ়িব লাগে ।

আৰম্ভ হ’ল ফিল’কাপ, ২০২০ : উদ্বোধনী খেলত ডুমডুমা মৰ্নীং ক্লাৱৰ জয়

ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ বহু প্ৰত্যাক্ষিত ফিল’কাপ ২০২০ আজিৰে পৰা ফিল’বাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা ২২ সংখ্যক আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগীতাখনি উদ্বোধন কৰে গাভৰুভেটি গাওঁ পঞ্চায়তৰ সভাপতি কিৰণ চাৰিঙ্গীয়া ফুকনে । আজিৰ পৰা অনুষ্ঠিত হোৱা ফিল’কাপ ২০২০ প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ডুমডুমা মৰ্নীং ক্লাৱ বনাম সূৰ্যোদয় এফ চি চাবুৱাৰ মাজত। ডুমডুমা মৰ্ণিং ক্লাবে সূৰ্যোদয় এফ চি চাবুৱা দলক ২-০ গলত পৰাজয়  কৰে । ডুমডুমা মৰ্ণিং ক্লাবে ১১ মিনিটত এটা পেনালটি কীকৰ সুযোগ লাভ কৰি  অভিজিৎ তাঁতীয়ে আৰু ৫০ মিনিটত লালিত সোনোৱালে একোটাকৈ গ’ল  দি দলক বিজয়ী সাব্যস্ত কৰে ।  ফিল’কাপৰ প্ৰথমখন খেল  পৰিচালনা কৰে ইনোদ চাউৰকে লাইনত সহায় কৰে  প্ৰাণজ্যোতি চুতীয়া আৰু মৃদুল বৰপাত্ৰ গোঁহাই, চতুৰ্থ ৰেফাৰী নৰেণ চাউৰকে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জয়ন্ত দহোতীয়া, বদৌচা স্প’ষ্ট ক্লাবৰ সম্পাদক সীমান্ত মৰাণ, ক্ৰীড়া সম্পাদক দুৰ্ণ কান্ত মৰাণ, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তুলসী উপাধ্যায়, সমাজসেৱক ৰাজেন মেধিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত । ফিল’কাপৰ দ্বিতীয় খন খেল অনুষ্ঠিত হ’ব  দুলিয়াজান ৰজাআলি এফ চি বনাম ফিল’বাৰী এফ চিৰ মাজত ।