Home Blog Page 3215

কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত হাজাৰ হাজাৰ মাছৰ অস্বাভাৱিক মৃত্যু

নগাঁও : দেই পুৰি নিয়া গৰমত দহিছে সমগ্ৰ ৰাজ্যবাসী। প্ৰচণ্ড গৰমৰ তাপে দহিছে আনকি জীৱকুলকো। প্ৰখৰ ৰ’দৰ উত্তাপে এতিয়া নদ, নদী, খাল, বিলৰ পানীও গৰম কৰি তুলিছে। যাৰ ফলত পানীত থকা জীৱকুলো গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই। উৎকট গৰম আৰু প্ৰখৰ ৰ’দৰ বাবেই কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত মাছৰ অস্বাভাৱিক মৃত্যু ঘটিছে৷ কালি পুৱা বিলখনত মাছসমূহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ বিলখনত থকা কাৱৈ, গৰৈ, বৰালী, পুঠিকে ধৰি হাজাৰ হাজাৰ থলুৱা প্ৰজাতিৰ মাছৰ ইতিমধ্যে মৃত্যু হৈছে৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বিয়লিৰ পৰাই বিলখনত এটা দুটাকৈ মাছৰ মৃত্যু হৈ ওপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল যদিও শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা অধিক হাৰত মাছৰ মৃত্যু হয়। গৰমৰ বাবেই এইদৰে মাছৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে যদিও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। যোৱা চাৰি-পাঁচদিন ধৰি হোৱা প্ৰখৰ ৰ’দ আৰু গৰমৰ বাবে ইতিমধ্যে বিলখনৰ পানী শুকাই গৈছে। যাৰ বাবেই বিলখনত মাছৰ অস্বাভাৱিক মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।

চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীক

দৈনন্দিন বাৰ্তা ডেস্ক : গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীৰ লগতে স্হানীয় অঞ্চলবাসী ৰাইজক৷ শিলপুখুৰীৰ পৰা নৱগ্ৰহ সংযোগী পথচোৱাত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথচোৱাৰ একাংশ ঠাইত খলাবমা হৈছে৷ যাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷ কেইবাগৰাকী ব্যক্তি আহত হ’বলগীয়া হৈছে৷ এই পথচোৱাত কেইবাটাও মন্দিৰ, নামঘৰ অৱস্হিত৷ বিভিন্ন ভক্তই মন্দিৰত সেৱা আগবঢ়াবলৈ আহে যদিও, পথচোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই ভক্তসকলৰ লগতে মহিলা, স্কুল কলেজৰ শিক্ষাৰ্থী সকল খোজকাঢ়ি অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবে অঞ্চলবাসী ৰাইজে শীঘ্ৰেই পথচোৱা পুন:নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগৰ ওচৰত দাবী জনায় ৷

টীয়কত যুৱ-ছাত্ৰ পৰিষদৰ সাহাৰ্য বিতৰণ

মুদৈজান : আজি যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক বগৰীগুৰি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত প্ৰমুখ্যে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি-সম্পাদক সহিতে এটি সজাতি দল উপস্থিত হৈ ৰাইজৰ বুজ লয় আৰু তেওঁলোকৰ ফালৰ পৰা ব্লিচিং পাউডাৰ, চাবোন, চাৰ্ফ আৰু কিছু খাদ্য সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰে। উক্ত কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সদস্য বাবু দত্ত।

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড : ৱেব ৰ্পটেলৰ সাংবাদিক বীজেন দ্বীপক হত্যা

তিনিচুকীয়া : তিনিচুকীয়া ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টী কৰিছে। নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপক সাংবাদিক হত্যা কৰি দুদিন পুৰ্বে পেলাই যোৱা বুলি অনুমান কৰা হৈছে। জ্যোতিনগৰৰ এটা ভাড়াঘৰত ৰ্পটেলৰ নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিনিচুকীয়াত সংবাদ মাধ্যমৰ লগতে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিন প্ৰতিদিন নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী আছিল সাংবাদিক গৰাকীৰ আজি পুৱা পৰিয়ালৰ লোকৰ ফোন ৰিচিপ নকৰাত স্থানীয় কচুজানত থকা পৰিয়ালৰ লোকে আহি মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীক ঘটনাত জড়িত লোকক চিনাক্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে তিনিচুকীয়া প্ৰেছ ক্লাৱ, জিলা সাংবাদিক সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, জিলা আছু, এ যে ৱাই চি পি, মটক সন্মিলন, মৰান ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনে।

নগাঁও বন বিভাগৰ দ্বাৰা জব্দ চোৰাং কাঠ ভৰ্তি বাহন

নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত এটি অভিযানকাৰী দলে যোৱা নিশা প্ৰায় ৯:৩০ বজাত জিলাখনৰ মিছা আৰক্ষী নিৱেশৰ সমীপত অতৰ্কিতে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা কাঠ ভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কাৰ্বিআংলং জিলাৰ লাংখ্ৰাং বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যবান কাঠসমূহ এনেদৰে নিশাৰ ভাগত প্ৰায়ে চাপানলা-শালনা-মিছা অঞ্চলৰ মাজেৰে চোৰাং কাঠ ব্যৱসায়ীয়ে সৰবৰাহ কৰাৰ খবৰ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে বিভিন্ন মাধ্যমৰ পৰা লাভ কৰি আহিছিল৷ সেই উদেশ্য নিশা উক্ত অঞ্চলত নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন পালক নিপেন বৰা, বন কৰ্মী গৌতম বৰা, গুপ্ত বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশীয়ে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা ভৰ্তি চোৰাং কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ০৫এ ১২৮৬ আৰু জব্দ কৰা মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ পৰিমাণ প্ৰায় ৫ চি এম হোবাৰ বিপৰীতে এই মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ বজাৰ মূল্য লক্ষ্যাধিক হ’ব বুলি বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

টংলাৰ পলাহগড়ত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ : শতাধিক মহিলাই নিৰ্মাণ কৰিলে খহনীয়াত ক্ষতিগ্রস্ত পথৰ দলং

টংলা : ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলাৰ নিকটবর্তী পলাহগড়ত পথৰ দুৰৱস্হাত অতিষ্ঠ ৰাইজ ৩ খন গাওঁ সংযোগী শ্বহীদ প্ৰবীণ ডেকাৰ নামত উৎসৰ্গিত পথেৰে নাযায় এম্বুলেন্স ফলত বিভিন্ন ৰোগীৰ লগতে গৰ্ভৱতী মহিলাও ১.৫ কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হয়। বছৰ বছৰ ধৰি পলাহগড়, চাটিয়াপাৰা, মাজগাঁওবাসীয়ে খাইছে যমৰ যাতনা। অৰ্ধ শতাধিক মহিলাৰ শ্ৰম দানেৰে খহনীয়াত ভাঙি যোৱা পথৰ ওপৰত শনিবাৰে নিৰ্মাণ কৰিলে দলং। পলাহগড় কুলশীনৈৰ দলঙৰ পৰা আৰম্ভ হোৱা পথটি পলাহগড়ত, চাটিয়াপাৰা, মাজগাঁও আদি গাৱঁৰ ৰাইজে বিভিন্ন সময়ত মেৰামতি কৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় সেয়ে সকলোৰে আহ্বান অতিশীঘ্রেই অসম চৰকাৰৰ গড়কাপ্তনী বিভাগ তথা জলসম্পদ বিভাগে মেৰামতি কৰক পথটি। পথটি মেৰামতি কৰি থকা সময়তে ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে এই পথটিৰে দৈনিক প্ৰায় ৫ৰ পৰা ১০ খন গাঁৱৰ ৰাইজে যাতায়াত কৰে আৰু ইয়াৰ পৰা বৰ্তমান এজন ৰোগী চিকিৎসালয়লৈ লৈ যাবলৈ কোনো যান-বাহন আহিব নোৱাৰে আৰু এই পথটিয়েই এই কেইখন গাৱঁৰ একমাত্র পথ সেয়ে অসম চৰকাৰ তথা জলসম্পদ বিভাগে অতিশীঘ্রেই পথটিৰ মেৰামতিৰ ব্যবস্থা গ্রহণ কৰক। আনফালে স্হানীয় পলাহগড়, চাটিয়াপাৰা, মাজগাঁৱৰ আগৰণুৱা মহিলা চন্দ্রপ্ৰভা ডেকাই কয় যে আমি আজি তিনিখন গাৱঁৰ প্ৰায় ৫০ গৰাকী মহিলা লগ লাগি সমূহীয়াকৈ ওলাই আহি পথটিৰ মেৰামতিৰ লগতে খাৱৈত বাঁহ কাঠ আদিৰে এখন দলঙৰ ব্যবস্থা কৰিছো আৰু ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছো যে অতিশীঘ্রেই পথটিৰ মেৰামতিৰ ব্যবস্থা গ্রহণ কৰক।

কা, ই আই এ বাতিলৰ দাবীত পানীতোলাত আছুৰ অবস্থান ৰ্ধমঘট

তিনিচুকীয়া : তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই পানীতোলাত নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু ই আই এ বাতিলৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই উপস্থিত থাকি কা আৰু ই আই এ বাতিলৰ দাবীত বক্তব্য আগবঢ়ায়। পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক চেলু হুছেইন, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁই, পানীতোলা আছুৰ উপদেষ্টা বৈদ্য জ্যোতি চেতিয়া, মটক যুৱ ছাত্ৰ সন্মিলন বৰুৱাহোলা আঞ্চলিক সমিতিৰ তনুশ্যাম দিহিঙিয়া, পল্লৱ চেতিয়া, দিপাংকৰ ৰাজখোৱা, সদৌ মটক যুৱ ছাত্ৰ পৰিষদৰ নিযুত বৰা, বেংগলি যুৱ ছাত্ৰ ফেডাৰেছন পংকজ চৰকাৰ, ভোজপুৰী ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা কৰা কাৰ্যসূচীটিত সংশোধিত নাগৰিকত্ব আইন আমি নামানো, ই আই এ খচৰা বাতিল কৰক, বিজেপি গ’ বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে আজি উত্তাল হৈ পৰে পানীতোলা। তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ শেষত বক্তব্য প্ৰদান অনুষ্ঠানটোৰ পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰক্তিম দাসে আঁত ধৰে বুলি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম বৰুৱা আৰু সাধাৰণ সম্পাদক দিপান কিশোৰ চেতিয়াই জানিবলৈ দিয়ে।

মথুৰাপুৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা, স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

গেলেকী :  নাজিৰা মহকুমা সমীপৰ মথুৰাপুৰত ৭ আগষ্টৰ নিশা এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। মথুৰাপুৰ বিছানগৰত উক্ত ঘটনাটো সংঘটিত হৈছে৷ মহিলাগৰাকীৰ শৰীৰত কিছু আঘাতৰ চিন পোৱাত এই মৃত্যু ৰহস্যজনক বুলিও মন্তব্য কৰিছে স্থানীয় লোকে৷ মৃত মহিলাগৰাকী নাম সুকান্তি মুড়া (৩৮) বুলি জানিব পৰা গৈছে৷ তিনিটা সন্তানৰ মাতৃ সুকান্তি মুড়াক শুকুৰবাৰে নিশা স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ৷ যাক লৈ আজি অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হৈছে।

চেৰেকাপাৰ হলিনেম বিদ্যালয়ৰ ছাত্ৰৰ বৈজ্ঞানিকতাৰ চমক

গেলেকী : শিৱসাগৰ জিলা অন্তৰ্গত তথা চেৰেকাপাৰস্থিত হলিনেম বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰৰ অভিনৱ প্ৰচেষ্টাত গঢ়ি উঠিছে কিছু নতুনত্ব ৰাজহুৱা আৱিস্কাৰ। লকডাউনৰ বাবে অফুৰন্ত সময় লাভ কৰা প্ৰতিজনে ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কাৰ্যত৷ প্ৰতিভা বিকাশ কৰিছে ভাল লগা কামৰ জৰিয়তে৷ তেনে এগৰাকী ছাত্ৰ হৈছে গীতাৰ্থ বৰগোঁহাই৷ হলিনেম বিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ বৰগোঁহাইৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ একাণপতীয়া অধ্যয়ন আৰু সদিচ্ছাৰ বলতে ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছে এখন ড্ৰোণ৷ ৰিম’ৰ্টৰ সহায়েৰে আকাশত উৰুৱাব পাৰি ড্ৰোণখন৷ ইতিপূৰ্বে গীতাৰ্থই বৰগোঁহাইয়ে সাজি উলিয়াইছে অন্য বহু সামগ্ৰী৷ বিদ্যুত চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰীবিহীন টৰ্চ, কণীৰ পৰা পোৱালী জন্ম দিব পৰা অত্যাধুনিক ইনকুৱেটৰ ইত্যাদি উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে৷ অষ্টম শ্ৰেণীত থাকোতে ছাত্ৰ গৰাকীয়ে সাজি উলিয়াইছিল এখন ইলেট্ৰ’নিক বাই চাইকেল৷ এই সকলোবোৰৰ মাজতে গীতাৰ্থই অব্যাহত ৰাখিছে নিয়মীয়া সংগীত চৰ্চা৷ ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা আশা পুহি ৰখিছে ছাত্ৰগৰাকীয়ে।

বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ মুকেশ আম্বানিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ এমাহৰ কম সময়তে সপ্তম স্থানৰ পৰা তেওঁ চতুৰ্থ স্থান পালেহি৷ শনিবাৰে ব্লুমবার্গ বিলিনিয়াৰৰ তালিকা অনুযায়ী ৰিলায়েন্সৰ কৰ্ণধাৰৰ সম্পত্তিৰ মূল্য ৮০.৬ বিলিয়ন ডলাৰ৷ অথচ ২৩ জুলাইত তেওঁ আছিল পঞ্চম স্থানত৷ মাত্ৰ ১০-১২ দিনৰ ভিতৰত আন এটা ঢাপ উঠিল মুকেশ আম্বানি৷ এতিয়া তেওঁৰ আগত আছে মাত্ৰ তিনিজন৷ যোৱা ১০ জুলাইত বিশ্বৰ সপ্তম ধনী ব্যক্তি আছিল ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ কৰ্ণধাৰ৷ বাৰ্কছায়াৰ হাথাৱেৰ চিইঅ’ ৱাৰেন বাফেটক পিছ পেলাই তেওঁ এই স্থান দখল কৰিছে৷ মাত্ৰ ১২ দিনতে ৭৫ মাৰ্কিন বিলিয়ন ডলাৰেৰে পঞ্চম স্থান লাভ কৰিছিল মুকেশ আম্বানিয়ে৷ তেতিয়া ভাৰতীয় মুদ্ৰাত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৫.৬১ লাখ কোটি টকা৷ এতিয়া ৮০.৬ বিলিয়ন ডলাৰ মূল্য সম্পত্তিৰ গৰাকী মুকেশ আম্বানি৷ তেওঁৰ আগত আছে জেফ বেজছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গ৷ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ হ’ল যথাক্রমে ১৮৭ বিলিয়ন, ১২১ বিলিয়ন আৰু ১০২ বিলিয়ন ডলাৰ৷