Home Blog Page 3230

টিংখাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দলীয় নেতা কৰ্মীৰ আদৰণি

টিংখাং : অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কালি দুপৰীয়া টিংখাং বিধান সভা সমষ্টিত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে। এশ এবুৰি সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ প্ৰধান টিংখাং গান্ধী ময়দান প্ৰাংগণৰ সমীপত দলীয় নেতা কৰ্মীৰে কিছু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সময়ৰ বাবে মিলিত হয়। ক্ষন্তেকৰ বাবে সমষ্টিটোলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় নেতা কৰ্মীক সম্বোধন কৰি দিয়া চমু ভাষণত ঐক্যবদ্ধ হৈ অসম গণ পৰিষদক দলটোক আগবঢ়াই নিবলৈ আহ্বান জনায়। সমষ্টিটোৰ জ্যেষ্ঠ অসম গণ পৰিষদৰ নেতা তথা কেন্দ্ৰীয় সমিতি অন্যতম সদস্য সুবোধ কুমাৰ গগৈ, টিংখাং বিধান সভা সমষ্টি কমিটীৰ সভাপতি শিৱ সোণোৱাল, সাধাৰণ সম্পাদক মৃদুল গগৈ প্ৰমুখ্যে বহুসংখ্যক দলীয় নেতা কৰ্মীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ফুলাম গামোচাৰে আদৰণি জনায়। টিংখাঙলৈ অহা সময়ছোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক নাহৰকটীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈয়ে সংগ দিয়া দেখা যায়। উজনি অসম ভ্ৰমণৰত  প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ হঠাতে টিংখাঙত উপস্থিত হৈ দলীয় নেতা কৰ্মীৰে মিলিত হোৱাত ৰাজনৈতিক তাৎপৰ্যবহন কৰিছে। উল্লেখ্য যে জাতীয়তাবাদৰ ঘাটি হিচাপে পৰিচিত সমষ্টিটোৰ আসনখন বিগত বিধান সভা নিৰ্বাচনত অগপই মিত্ৰতাৰ সূত্ৰে ভাৰতীয় জনতা পাৰ্টিক এৰি দিছিল। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ দখলত থকা সমষ্টিটোত ‘কা’ বিৰোধী আন্দোলন তুংগত থকাৰ লগতে সমষ্টিটোৰ সামগ্ৰিকভাৱে অনগ্ৰসৰ আছে।

ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ আওকাণ : লাকুৱাত ধ্বংসৰ গঢ়াহত ঐতিহাসিক আমলখি দেওশাল

গেলেকী :  ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষ্যৰ বহন কৰি যোৱা এইখন অসমতেই আছে বুৰঞ্জীপ্ৰসিদ্ধ বহু মূল্যৱান ঐতিহাসিক সমলসমূহ। নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত আছে ঐতিহাসিক আমলখি দেওশাল। আহোম সকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী হ’ল লাকুৱাৰ এই আমলখি দেওশাল। লাকুৱাৰ দিচাং নদীৰ কাষত অৱস্থিত এই দেওশালখনৰ মাটি ৰঙা আছিল বাবে দেওশালখন ৰঙাগড় আমলখি দেওশাল নামেৰেও জনাজাত বুলি লেছেৰি বুটলা বুৰঞ্জীত উল্লেখ আছে। এই দেওশালত প্ৰতিবাৰ বছৰৰ অন্তৰত অনুষ্ঠিত হৈ আহিছে আহোম সকলৰ অন্যতম ধৰ্মীয় কাৰ্য ওমফা পূজা। লোক বিশ্বাস অনুসৰি অতি জাগ্ৰত এই আমলখি দেওশালখন স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ঘনশ্যাম বুঢ়াঁগোহাঁইৰ তৎপৰতাত স্থাপন কৰা বুলি কোনো বুৰঞ্জীবিদে উল্লেখ কৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে শিৱসাগৰ আৰু চৰাইদেউ জিলা অধীনৰ প্ৰায়বোৰ কৃতিচিহ্নৰ লগতে ঐতিহাসিক উক্ত দেওশালখন আজি পৰিত্যক্ত। সম্প্ৰতি ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই আজি ধ্বংসৰ গৰাহত পৰিছে লাকুৱাৰ ঐতিহাসিক দেওশালখন। দিচাং নদীৰ গৰাখহনীয়াই দেওশালখনৰ বিস্তৰ ভূমি কিছু বছৰৰ পূৰ্বে ক্ষতিগ্ৰস্ত কৰাৰ লগতে বাঢ়নী পানীৰ তলত জাগ্ৰত দেওশালখন। বাৰিষা আহিলেই অহা-যোৱা কৰা পথ হেৰাই দেওশালখনৰ। বিভিন্ন সময়ত মন্ত্ৰী, বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিয়ে আমলখি দেওশালত উপস্থিত হৈ বিভিন্ন ধৰ্মীয় কাৰ্য পালন কৰি আহিছে। কিন্তু আজিলৈকে চৰকাৰে উন্নয়নৰ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। যি সময়ত ৰাজ্য চৰকাৰে ধৰ্মীয় অনুষ্ঠানবোৰ সংৰক্ষণ, উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। সেই সময়ত পুৰাতত্ত্ব বিভাগে লাকুৱাৰ আমলখি দেওশাল উন্নয়নত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

পাঁচখন ৰাফেল যুদ্ধবিমানৰ সংযুক্তিকৰণত সমৃদ্ধ ভাৰতীয় বায়ুসেনা : পাঞ্জাৱৰ আম্বালাত অত্যাধুনিক যুদ্ধ বিমান অৱতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : পাঁচখন ৰাফেল যুদ্ধবিমানৰ সংযুক্তিকৰণত সমৃদ্ধ হ’ল ভাৰতীয় বায়ুসেনা৷ বুধবাৰে পাঞ্জাৱৰ আম্বালা বায়ুসেনাৰ বিমান বন্দৰত এই যুদ্ধ বিমানকেইখন অৱতৰণ কৰে৷ এই বিমানকেইখন বায়ুসেনাৰ ১৭ নং গ’ল্ডেন এৰোছ স্কোৱাড্ৰনত সংযুক্ত কৰা হ’ব৷ ফলত বায়ুসেনাৰ স্কোৱাড্ৰন শক্তি সংখ্যা বাঢ়ি ৩১ হ’লগৈ৷ আনহাতে ২০২২ চনৰ ভিতৰত বাকী ৰাফেল যুদ্ধ বিমানবোৰ পাবহি আৰু তেতিয়া তাৰ সংখ্যা ৩২ স্কোৱাড্ৰন হ’ব৷ আনহাতে অনুমোদিত স্কোৱাড্ৰনৰ শক্তি হ’ল ৪২৷ ষ্টেট-অফ-অাৰ্ট ৪.৫ জেনেৰেচন ৰাফেল জেট শব্দৰ দুগুণ গতিত উৰিব পাৰে৷ ইয়াৰ সৰ্বোচ্চ গতি ১.৮ মেক৷ ইয়াৰ বিভিন্ন ধৰণৰ সুযোগ সুবিধাবোৰৰ ভিতৰত আছে বৈদ্যুতিন অস্ত্ৰ সৰঞ্জাম, বায়ু প্ৰতিৰক্ষা, ভূমি সুৰক্ষা আৰু গভীৰতাত আক্ৰমণ কৰাৰ ব্যৱস্থা৷ উল্লেখ্য যে চীনৰ জে২ চিংডু জেটক পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান বুলি কোৱা হয়৷ আনহাতে ৰাফেল হ’ল ৪.‌৫ প্রজন্মৰ যুদ্ধবিমান। জে২তকৈ বেছি ইন্ধন আৰু অস্ত্ৰ কঢ়িয়াই নিব পাৰে ৰাফেলে৷ ইৰাক, ছিৰিয়া, লিবিয়া, আফগানিস্থানৰ দৰে দেশত যুদ্ধৰ সময়ত আমেৰিকাই এই যুদ্ধ বিমান ব্যৱহাৰ কৰিছে৷ প্ৰতিখন বিমানত অস্ত্ৰ মজুতৰ বাবে ১৪ টা স্থান আছে৷ আকাশৰ পৰা মিছাইল এৰিবলৈ সক্ষম ৰাফেল৷ মেক ৪ গতিত ১৯০ কিলোগ্ৰামৰ মিছাইল বিয়ণ্ড ভিচুৱেল ৰেঞ্জ বা বিভিআৰে ১০০ কিলোমিটাৰৰ অধিক দূৰত এৰিব পাৰে এই যুদ্ধ বিমানে৷ মন কৰিব লগা যে পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমানে বিভিআৰ ৭৫ কিলোমিটাৰ পৰ্যন্ত যাব পাৰে৷

চীন, পাকিস্তানক সতৰ্ক কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

দৈনন্দিন বাৰ্তা ডেস্ক :পাঁচখন ৰাফেল যুদ্ধ বিমান বুধবাৰে ভাৰতৰ মাটিত অৱতৰণ কৰাৰ লগে লগে অধিক শক্তিশালী হৈ পৰিল ভাৰতীয় বায়ুসেনা৷ ৭০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি দিনৰ তিনি বজাত আম্বালাত এই যুদ্ধ বিমানকেইখন অৱতৰণে কৰে৷ ইপিনে ভাৰতৰ সীমান্ত সোমোৱাৰ লগে লগে এছক’ৰ্ট দি উৰাই আনিলে সুখই বিমানেৰে৷ পাঁচখন ফৰাচী ৰাফেল যুদ্ধবিমানক অভ্যৰ্থনা জনোৱাৰ বাবে আম্বালা বিমান বন্দৰত উপস্থিত আছিল বায়ুসেনাৰ প্ৰধান আৰ কে এছ ভাদৌৰিয়া৷ ৰাফেল যুদ্ধ বিমান অৱতৰণৰ পাছত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আদৰণি জনাই চীন আৰু পাকিস্তানক সতৰ্ক কৰি দিয়ে৷ ভাৰতৰ সংহতিত ভাবুকিস্বৰূপ হৈ পৰা এই শক্তিবোৰৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাই নতুন শক্তিৰে কাম কৰিব৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰত লিখে, নিৰাপদে আম্বালাত অৱতৰণ কৰিলে বিমানকেইখন৷ ৰাফেল যুদ্ধবিমান মাটিত স্পৰ্শ কৰাৰ লগে লগে ভাৰতৰ সামৰিক ইতিহাসত নতুন যুগৰ সূচনা হ’ল৷ বহুমুখী ক্ষমতাসম্পন্ন এই বিমানকেইখনে বায়ুসেনাৰ শক্তিত বৈপ্লৱিক পৰিৱৰ্তন ঘটাব৷ বিমানকেইখন নিৰাপদে অনাৰ বাবে ভাৰতীয় বায়ুসেনাকো তেওঁ অভিনন্দন জনায়৷ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাৰতৰ হাতত বিমানকেইখন তুলি দিয়াৰ বাবে ফ্ৰান্স চৰকাৰ আৰু যুদ্ধবিমান নিৰ্মাণকাৰী কোম্পানী দাছল্টক ধন্যবাদ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীজনে৷ ৰাফেল কিনাৰ বাবে সকলো কৃতিত্ব প্ৰধানমন্ত্ৰী মোডীক দিয়ে ৰাজনাথ সিঙে৷ তেওঁ লিখে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই ৰাফেল যুদ্ধবিমান কিনাত সম্ভৱ হ’ল৷ দীৰ্ঘদিনৰ এই প্ৰক্ৰিয়াৰ পাছত ফ্ৰান্স চৰকাৰৰ সৈতে আলোচনা কৰি তেওঁৱেই ৰাফেল কিনাৰ সিদ্ধান্ত লয়৷ এই সাহসিকতা আৰু তাৎক্ষণিক সিদ্ধান্তৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো৷ আনহাতে বুধবাৰে ৰাফেল যুদ্ধবিমান আম্বালাত অৱতৰণৰ সময়ত নিশ্চিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়৷ বিমান বন্দৰৰ সংলগ্ন গাঁও ধুলকোট, বলদেৱনগৰ, গাৰনালা আৰু পঞ্জখোৰাত ১৪৪ ধাৰা জাৰি কৰা হয়৷ কোনো ধৰণৰ ছবি তোলা, ভিডিঅ’ কৰা নিষিদ্ধ কৰা হৈছে৷ বিমান বন্দৰৰ ৩ কিলোমিটাৰ পৰিধিত কোনেও ব্যক্তিগত ড্ৰোন আকাশত উৰুৱাব নোৱাৰিব৷ 

নতুন শিক্ষানীতিৰ সেউজ সংকেত : ইতিহাস হ’ল কেন্দ্ৰীয় মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়

দৈনন্দিন বাৰ্তা ডেস্ক : ইতিহাস হ’ল কেন্দ্ৰীয় মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়৷ এতিয়া এই মন্ত্ৰালয়ৰ নাম হ’ল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়৷ বুধবাৰে এই প্ৰস্তাৱৰ সেউজ সংকেত দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই৷ ইয়াৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰো সেউজ সংকেত দিয়ে মন্ত্ৰীসভাই৷ উল্লেখ্য যে নতুন শিক্ষানীতিৰ খচৰা প্ৰস্তুতৰ বাবে ইছৰোৰ প্ৰাক্তন প্ৰধান কে কস্তুৰিৰংগনৰ নেতৃত্বত বিশেষজ্ঞক লৈ এখন সমিতি গঠন কৰিছে কেন্দ্ৰই৷ সেই সমিতিয়ে নাম পৰিৱৰ্তনৰ বাবে কয়৷ সেই অনুসৰি শিক্ষানীতিৰ প্ৰস্তাৱৰ লগতে নাম সলনি কৰে মানৱসম্পদ মন্ত্ৰালয়ৰ৷ বুধবাৰে এই প্ৰস্তাৱত অনুমোদন দিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাই৷ মন্ত্ৰীসভাৰ অনুমোদনৰ পাছত কেন্দ্ৰীয় মানৱসম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সংবাদ মেলত কয় যে ই অতি গুৰুত্বপূৰ্ণ৷ কাৰণ যোৱা ৩৪ বছৰে শিক্ষানীতিত কোনো পৰিৱৰ্তন হোৱা নাই৷ আশা কৰো, দেশবাসী আৰু বিশ্বৰ শিক্ষাবিদে এই শিক্ষানীতিৰ প্ৰশংসা কৰিব৷ দেশত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহু নিয়ন্ত্ৰক প্ৰতিষ্ঠান আছে৷ এইবোৰ এটা ছাটিৰ তললৈ অনাৰ বাবে এখন নতুন আয়োগ বা পৰিষদ গঠন কৰা হ’ব নতুন শিক্ষানীতিত৷ মহাবিদ্যালয়বোৰক অধিক স্বায়ত্তশাসন দিয়া হ’ব নতুন শিক্ষানীতিত৷ তথ্যপ্ৰযুক্তিত জোৰ দিয়া হ’ব ৷

ৰাফেল ভাৰতৰ মাটিত অৱতৰণৰ পাছতে সংস্কৃতত শ্লোক প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ মাটিত পাঁচখন ৰাফেল যুদ্ধবিমান স্পৰ্শ কৰাৰ সময়তে ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ তেওঁলোকে টুইটাৰত ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা কয়৷ লগতে পাকিস্তান আৰু চীনক সতৰ্ক কৰে৷ ভাৰতৰ মাটিত ৰাফেল স্পৰ্শ কৰাৰ কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা সংস্কৃত শ্লোক টুইট কৰে৷ লগতে ৰাফেল যুদ্ধবিমান অৱতৰণৰ ভিডিঅ’ দিয়ে৷ সেই সংস্কৃত শ্লোকৰ অৰ্থ হ’ল ‘ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাহিৰে ডাঙৰ পুন্য নাই’৷ ৰাষ্ট্ৰীয় নিৰাপত্তা দৃঢ় কৰাৰ বাদে ডাঙৰ উপাসনা একো নাই৷ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাদে ডাঙৰ কাম আন একো হ’ব নোৱাৰে৷ টুইটাৰত গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাফেল গেম প্ৰত্যাহ্বান বুলি উল্লেখ কৰে৷ তেওঁ কয়, বিশ্বমানৰ এই অস্ত্ৰই ভাৰতক বিশ্বৰ দৰবাৰত অধিক শক্তিশালী কৰিব ৷

পাঁচবছৰীয়া শিশু কন্যাক অমানুষিক নিৰ্যাতন পিতৃৰ

ডবকা : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱত সতীয়া পিতৃয়ে পাঁচ বছৰীয়া কন্যা শিশুক অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শৰীৰৰ প্ৰতিটো অংগত লাঠিৰে গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ চিন স্পষ্ট হৈ আছে শিশুটিৰ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ। ভিডিঅ ভাইৰেল হোৱাৰ পিছতেই খলকনিৰ সৃষ্টি কৰিছে ডবকাত। ডবকাৰ সূতাৰগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। সতীয়া পিতৃ ছাইফ উদ্দিনে শিশুটিৰ ওপৰত এই অমানুষিক নিৰ্যাতন চলাই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰে‌। স্থানীয়ে লোকে শিশুটোক উদ্ধাৰ কৰাৰ পিছতেই ঘটনাটো পোহৰলৈ আহিছে। উল্লেখ্য যে, চাৰিখনকৈ বিবাহ কৰি লম্পট ছাইফ উদ্দিনৰ এই নাৰকীয় কাণ্ড সংঘটিত কৰিছে। বর্তমানৰ ৪ নং পত্নীৰ ওপৰতো শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ছাইফ উদ্দিনৰ বিৰুদ্ধে। পুৰ্বৰ তিনি পত্নীয়ে চাইফুদ্দিনক এৰি যোৱাৰ পিছত চতুৰ্থ গৰাকী পত্নীক বিয়া পাতি সঘনাই পত্নী আৰু শিশুটোৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলৰ লগতে পত্নীয়ে। ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে যদিও লম্পটটোক আটক কৰিবলৈ সক্ষম হোৱা নাই। 

৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজা : ৰাজনৈতিক, ধৰ্মীয়ভাৱে ৰাম মন্দিৰ আন্দোলনত জড়িতক নিমন্ত্ৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : অযোধ্যাত অহা ৫ আগষ্টত ৰাম মন্দিৰৰ ‘ভূমি পূজা’ আয়োজন কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভূমি পূজাত অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানৰ বাবে দেশৰ ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা নাই৷ মাত্ৰ নিয়ম অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ প্ৰাপ্ত সূত্ৰৰ মতে এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰধ মোহন ভগৱট, কৃষ্ণ গোপাল, ইন্দ্ৰেশ কুমাৰ, যোগগুৰু বাবা ৰামদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিং, প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰুলী মনোহৰ যোশী আৰু উমা ভাৰতী, সাধবি ৰীতামভাৰা, জগতগুৰু ৰামভদ্ৰচাৰ্য, জয়ভান সিং পোৱাইয়া, বিনয় কাটিয়াৰ, ৰাধে ৰাধে বাবা ইনদোৰী, যোগ পুৰুষ পৰমানন্দজী উপস্থিত থাকিব৷ উল্লেখ্য যে ৰাম মন্দিৰ আন্দোলনত জড়িত থকা মাত্ৰ ২০০ লোকক এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আৰু ক’ভিড-১৯ৰ নীতি নিৰ্দশনা অনুসৰি উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে৷ ক’ৰোনা ভাইৰাছৰ উপৰি নিৰাপত্তাজনিত কাৰণত ভক্তসকল বঞ্চিত হ’ব লগা হৈছে ৫ আগষ্টৰ এই ঐতিহাসিক দিনটোত৷ এই তালিকাখন প্ৰস্তুত কৰাত ৰাম মন্দিৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ বিশ্ব হিন্দু পৰিষদ, শ্ৰী ৰাম মন্দিৰ তীৰ্থ ট্ৰাষ্ট আৰু শীৰ্ষ প্ৰশাসন যন্ত্ৰই প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷ ইয়াৰ লগতে সূত্ৰটোৱে জনায় যে এদিন বা দুদিনৰ ভিতৰত সকলো ভ্ৰমণকাৰীক টেলিফোন বা চিঠিৰ জৰিয়তে জনোৱা হ’ব৷ আনহাতে অতিথি তালিকা নিৰ্দ্ধাৰণত জড়িত সকলক বুজা যায় যে তেওঁলোকৰ বেছিভাগ ধৰ্মীয় নেতাৰ চাপৰ সন্মুখীন হৈছে৷ ইপিনে বহু কেইজন ব্যক্তি আছে যি ৰাজনৈতিক আৰু ধৰ্মীয়ভাৱে ৰাম মন্দিৰ আন্দোলনত অংশ লৈছিল, তেওঁলোকৰ কোনো মৃত্যু হৈছে৷ যিসকল জীৱিত আছে তেওঁলোকক আমন্ত্ৰণ জনোৱাৰ চেষ্টা কৰা হৈছে৷ এনে আমন্ত্ৰিত হ’ব পৰা গুৰুত্বপূৰ্ণ ব্যক্তিসকল হ’ল লাল কৃষ্ণ আডৱানী, মুৰুলি মনোহৰ যোশী, উমা ভাৰতী, বিনয় কটিয়াৰ, সাধবি ৰীতামভাৰা, কল্যাণ সিং আৰু জয়ভান সিং পোৱাইয়া৷ সেই দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অযোধ্যা ভ্ৰমণ কৰা সম্ভাৱনা আছে৷ তদুপৰি শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ১৫ জন সদস্য ৫ আগষ্টৰ অনুষ্ঠানত উপস্থিত থাকিব৷ অন্তভূক্ত হোৱা ট্ৰাষ্টৰ সদস্যসকল হ’ল মহেন্দ্ৰ নৃত্য গোপাল দাস, স্বামী গোবিন্দ দেৱ গিৰি, চম্পত ৰায়, নৃপেন্দ্ৰ মিশ্ৰ, কে পৰছৰণ, স্বামী বসুদেৱান্দ সৰস্বতী, স্বামী বিশ্ব প্ৰসন্ন তীৰ্থজী মহাৰাজ, যোগ পুৰুষ পৰমানন্দ গিৰি, বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰ, অনিল মিশ্ৰ, কামেশ্বৰ চৌপাল, মহন্ত দিপেন্দ্ৰ দাসজী, গৃহ মন্ত্ৰালয়ৰ পৰা জ্ঞানেশ কুমাৰ, উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা অভীশ আৱাষ্টি, অযোধ্যাৰ জিলা দণ্ডাধীশ অনুজ ঝা৷ উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদে বছৰৰ পাছত বছৰ ধৰি ৰাম মন্দিৰ আন্দোলনৰ মূল ভূমিকা পালন কৰি আহিছে৷ সেয়ে অশোক সিংঘল, বিষ্ণু হৰি ডালমিয়া, আচাৰ্য গিৰিৰাজ কিশোৰৰ দৰে ব্যক্তি ইতিমধ্যে ইহলোকত নাই৷ আনহাতে বিশ্ব হিন্দু পৰিষদৰ বৰ্তমানৰ নেতা কাৰ্যবাহী সভাপতি অলক কুমাৰ, আন্তৰ্জাতিক সভাপতি সদাশিৱ কোকজা, মুখ্য পেট্ৰন দীনেশ চন্দ্ৰ, বজৰং দলৰ প্ৰাক্তন সভাপতি প্ৰকাশ শৰ্মা, সাধাৰণ সম্পাদক মিলিন্দ পৰন্দে অহা ৫ আগষ্টত অযোধ্যাৰ অনুষ্ঠানত উপস্থিত থাকিব৷ ৰাম মন্দিৰ নিৰ্মাণ আৰএছএছৰ স্বপ্ন আছিল৷ অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱতসহ ২-৩জন বিষয়ববীয়া এই ঐতিহাসিক অনুষ্ঠানত অংশ ল’ব৷ এই লোকসকলৰ উপৰি বিশ্ব হিন্দু পৰিষদৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ৪০-৫০ জন সদস্যক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে৷ সেই লোকসকলৰ ভিতৰত আছে ৰাম বিলাস বেদান্তী, জীতেন্দ্ৰ নন্দ সৰস্বতী৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই অনুষ্ঠানত অংশ ল’ব৷ তেওঁৰ লগতে দুজন উপ মন্ত্ৰী কেশৱ প্ৰসাদ মায়ূৰীয়া আৰু দীনেশ শৰ্মা উপস্থিত থাকিব৷ উল্লেখ্য যে ৰাম মন্দিৰৰ বাবে আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তাক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে৷ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি অলক কুমাৰে জনায় যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ ঠাকৰেক এই ভূমি পূজালৈ নিমন্ত্ৰণ কৰা নাই ৷ কংগ্ৰেছৰ অন্তবৰ্ত্তীকালীন সভাপতি ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজালৈ নিমন্ত্ৰণ কৰা হৈছে ৷

নাজিৰাত পুনৰ ৬ ব্যক্তি ক’ভিড-১৯ত আক্রান্ত

গেলেকা : নাজিৰা মহকুমা অন্তৰ্গত গড়গাওঁ মহাবিদ্যালয়ত অৱস্থিত স্বাব সংগ্ৰহ কেন্দ্ৰত সংগ্ৰহিত ২৮ জুলাই তাৰিখে অহা স্বাবৰ ফলাফলত নিম্ন উল্লেখিত ব্যক্তি সকলৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ উপৰি ডিমৌত অৱস্থিত স্বাব সংগ্ৰহ কেন্দ্ৰত স্বাব দিয়া তথা নাজিৰাৰ হোটেল ভিলাত পৃথকীকৰণ হৈ থকা আন এগৰাকীৰ দেহটো ক’ভিড-১৯ ধৰা পৰিছে। নাজিৰা মহকুমা প্ৰশাসনে তৎকালে আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত ব্যক্তিসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে কোনো-কোনো এলেকা কনটেইনমেণ্ট জ’ন হিচাবে চিনাক্ত কৰি ঘোষণা কৰাৰ ব্যৱস্থা কৰা লগতে ৰাইজক সাৱধানতা তথা সংযম ৰক্ষা কৰিবৰ বাবে প্ৰশাসনে অনুৰোধ জনাইছে।

নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে

নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত এডাল কাঠত অসমৰ সমস্যাৰাজিক প্ৰকাশ কৰাৰ চেষ্টাত নিৰ্মাণ কৰিছে এটি সুন্দৰ মুৰ্ত্তি। নগাঁও চহৰৰ নিকটৱৰ্তী শেণছোৱাৰ দেৱকান্ত কলিতা নামৰ ব্যক্তিগৰাকীৰ শিল্পকলাই এতিয়া আকৰ্ষিত কৰিছে সকলোকে। স্কুলীয়া জীৱনতে নিজে সৰস্বতীৰ মুৰ্ত্তি সাঁজি পূজা অনুষ্ঠিত কৰা দেৱকান্ত কলিতাই এগৰাকী পেইণ্টাৰ হিচাপে নৱম অসম আৰক্ষী বাহিনীত যোগদান কৰিছিল যদিও তেঁও পিছলৈ সশস্ত্ৰ জোৱান হিচাপেহে আৰক্ষীত সেৱা আগবঢ়াই। কিন্তু ব্যস্ততাৰ মাজতো কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বহু শিল্পকলাই। দেৱকান্ত কলিতাই কৰ্মজীৱনত তেঁওৰ সৃষ্টিৰাজিৰ বাবেই সৰ্বভাৰতীয় পৰ্য্যায়ত আৰক্ষী বিভাগে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত দুবাৰকৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈকো সক্ষম হৈছিল। ২০১৩বৰ্ষত আৰক্ষী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা দেৱকান্ত কলিতাই হৃদৰোগত আক্ৰান্ত হৈ বাইপাছ চাৰ্জাৰী কৰিব লগা হয়। কিন্তু তাৰ পিছতো তেঁও থমকি ৰোৱা নাই। শাৰিৰীক অসুস্থতাৰ মাজতো দেৱকান্ত কলিতাই ঘৰতে বাঁহ, কাঠ আৰু চিমেন্টৰে সৃষ্টি কৰিলে বহু সুন্দৰ শিল্পকলাৰ। সুন্দৰ অইল পেইণ্টিঙৰ বাবেও আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হোৱা দেৱকান্ত কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বহু সুন্দৰ পেইণ্টিং। ইয়াৰ মাজতে দেৱকান্ত কলিতাই বৃহত্তৰ হাতীচোং, বেবেজীয়া, হয়বৰগাঁও আদি অঞ্চলৰ ৰাইজক নিজ হাতৰে সঁজা বহু দেব-দেৱীৰ মুৰ্ত্তি বিনামূলীয়াকৈ উপহাৰ হিচাপে আগবঢ়াই ৰাইজৰ মাজত সমাদৃত হৈছে। বৰ্তমানেও শাওন মাহ উপলক্ষে ভগৱান শিৱৰ মুৰ্ত্তি তেঁও বিনামূলীয়াকৈ ৰাইজক প্ৰদান কৰাৰ মানসৰে নিৰ্মাণ কৰাত ব্যস্ত। দেৱকান্ত কলিতাৰ নিখুত শিল্পকলা প্ৰত্যক্ষ কৰা প্ৰতিজন ব্যক্তিয়ে বৰ্তমান তেঁওৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। কিন্তু আক্ষেপৰ বিষয় এইগৰাকী মহান শিল্পীক স্বীকৃতি দিবলৈ বৰ্তমানলৈকে আগবাঢ়ি অহা নাই চৰকাৰ অথবা দল-সংগঠন। সেয়ে এইগৰাকী শিল্পীক শীঘ্ৰেই উচিত সন্মান দিয়াৰ বাবে অসমৰ শিল্পী সমাজক আহ্বান জনাইছে বৃহত্তৰ হাতীচোং তথা বেবেজীয়া অঞ্চলৰ ৰাইজে।