Home Blog Page 3272

হোজাইত উদ্যেগ জনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ পজিটিভৰ সংখ্যা ৷

হোজাই : হোজাই জিলাত উদ্যেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ পজিটিভৰ সংখ্যা ৷ কালি নিশাৰ ফলাফল অনুসৰি হোজাই জিলাত নতুনকৈ 50 জনৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ ইয়াৰে ভিতৰত ডবকাত আছে তিনিজন ৷ ডবকাৰ চাৰিলেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা হোটেল তাজমহলৰ স্বত্বাধিকাৰীৰ পত্নী মৰিয়ম বেগম, মদাৰতলিত থকা কে,আৰ,চি পেট্ৰল পাম্পৰ পৰিচালক অনিল শৰ্মা আৰু জংগলব্লক গাৱৰ এটি কোৱাৰিন্টাইন চেন্টাৰত আব্দুল কাদিৰ নামৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ ইতিমধ্যে কালি নিশাই হোজাই জিলা প্ৰশাসনে হোটেল আৰু পেট্ৰল পাম্পটো চেনিটাইজ কৰি ছীল কৰি দিয়াৰ লগতে আটাইকেইজনক স্বাস্থ্য বিভাগে উদ্ধাৰ কৰি যোগীজান কভিড হস্পিতাললৈ প্ৰেৰন কৰিছে ৷ 50 গৰাকীৰ ভিতৰত আছে লংকাৰ পাচ গৰাকীকৈ স্বাস্থ্য কৰ্মীৰ লোক ৷ ডবকাৰ তিনি গৰাকী ৰোগীৰ ভিতৰত পেট্ৰল পাম্পৰ পৰিচালক অনিল শৰ্মা আৰু তাজমহল হোটোলৰ মৰিয়ম বেগমৰ কোনো ধৰনৰ ট্ৰেভেল হিষ্ট্ৰী নাই ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে ডবকা বাসী। আমি পোৱা তথ্য অনুসৰি হোজাই জিলাখনত স্বোৱাপ সংগ্ৰহ কৰি পৰীক্ষা কৰি ৩০৩ জনৰ শৰীৰত কভিড-১৯ ধৰা পৰিছে ৷ তাৰ ভিতৰত দুই শতাধিক কোৰোনা ৰোগী যমুনামুখ সমষ্টিৰ। ইয়াৰে ভিতৰত চিকিৎসাৰ অন্তত ১৬৭ গৰাকীক মুকলি কৰি দিয়া হৈছে বাকী থকা ১৩৬ গৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে ৷এই খবৰে আতংকিত হৈ পৰিছে ডবকা বাসীয়ে।এই ভয়ংকৰ খবৰৰ মাজতেই আজি ডবকা নগৰত সপ্তাহিক বজাৰত দেখা গল এক ভয়ংকৰ ৰূপ৷জিলা খনত দেওবাৰে 50 জনকৈ লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতো আজি ডবকা নগৰত ওলাই আহিছে জাকে জাকে জনতা।অভাৱনীয় ভাৱে ডবকা নগৰত ৰাইজ ওলাই আহিছে যদিও নিৰুপায় আৰক্ষী প্ৰশাসন। যিকোনো সময়ত ঘন সংক্ৰমন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

গণ সংক্ৰমণৰ দিশে নেকি দৰং । ৰেৱতী কলিতা আৰু আব্দুল বাছিৰক লৈ ভয়াৱহ গণ সংক্ৰমণৰ আশাংকা ; বজাৰ সমাৰ কৰি পৰীক্ষাৰ খবৰ লৈ ঘূৰি ফুৰিছিল চৌদিশে ।

মঙলদৈ : দৰং জিলাত কভিড-১৯ পজিটিভৰ ভয়াবহ গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। জিলা স্বাস্থ্য বিভাগে যোৱাকালি জিলাখনত নতুনকৈ ২৪ জন লোক কভিড ১৯ আক্ৰান্ত হোৱা বুলি এক প্ৰেছ বিবৃতিত জনোৱাৰ পিছতে জিলাখনত কভিড আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৰেৱতী কলিতা নামৰ গোহাঁইগাওঁ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম গৰাকী আৰু কোৱাটাইন চেন্টাৰত কৰ্মৰত আব্দুল বাছাৰ নামৰ গাওঁৰক্ষী বাহিনীৰ সদস্য গৰাকী দেহত কভিড পজিটিভ পোৱাই এই গণ সংক্ৰমণৰ আকাংশা কৰা হৈছে। কিয়নো দুয়োজন লোকৰ কভিড পজিটিভৰ কোনো ট্ৰেভেল হিস্টি নাছিল আৰু অসম লক্ষ্য প্ৰনোদীত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত হে শ্লেষৰ নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰে ৰেৱতী কলিতাই পজিটিভ ঘোষণাৰ আগলৈ বিভিন্ন ঠাইত বজাৰ সমাৰ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ খবৰ লবলৈ বিভিন্ন পৰীক্ষাৰ্থীৰ ঘৰলৈ অহা যোৱা কৰিছিল। সমৰেন্দ্ৰ কোৱৰ নামৰ যুৱকজনৰ বাইকেৰে আলহী ঘৰলৈও পৰীক্ষাৰ খবৰ লবলৈ গৈছিল। কালি ৰেৱতী কলিতাৰ গৃহত স্বাস্থ্য বিভাগে কোৱান্টাইনৰ জাননী আৰি দিয়াৰ সময়ত পদুলীত উপস্থিত থকা উপহুপাৰা গাওঁ পঞ্চায়তৰ সভাপতি নৱজিৎ শৰ্মা, উপ-সভাপতি প্ৰশান্ত ডেকা, সদস্য দেৱেন্দ্ৰ নাৰায়ণ কোৱৰ আৰু গাওঁ বুঢ়া মহেন্দ্ৰ ডেকাই আমাৰ সংবাদিকৰ আগত অভিযোগ কৰি কয় যে ৰেৱতী কলিতাৰ পৰিয়ালটিয়ে সমগ্ৰ অঞ্চলটোত ঘূৰা ফুৰা কৰি আছিল। সেয়েহে সমগ্র কোঁৱৰ পাৰা গাওঁ কোৱান্টান জোন ঘোষণা কৰাৰ লগতে প্ৰতিজন লোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায়। সভাপতি নৱজিৎ শৰ্মাই এ এন এম ৰেৱতী কলিতা স্বামীৰ সৈতে কিছুদিন পূৰ্বে নাগালেণ্ডৰ ডিমাপুৰত দুনিশা কতাই অহা বিষয়টো কৰোণা সংক্ৰমণৰ কাৰণ হব পাৰে বুলি শংকা ব্যক্ত কৰিছে। সভাপতি গৰাকীয়ে ৰেৱতী কলিতাক ফিজিঅ থেৰাপি কৰি থকা যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হোম কোৱান্টান কৰিবলৈ দাবী জনায়। তাৰোপৰি স্বাস্থ্য কৰ্মী গৰাকীৰ ঘৰত কাম কৰা তিলক বৰুৱা কালিও বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। গাওঁখনৰ আশা কৰ্মী ববিতা কোঁৱৰে জনোৱা মতে গোহাঁইগাওঁ উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে আহি কালি ৰেৱতী কলিতাৰ ঘৰৰ অনান্য পৰিয়ালৰ লগতে সংস্পৰ্শলৈ অহা ওচৰ চুবুৰীয়া আলহী সকলোৰে স্বাৱৰ নমুনা সংগ্ৰহ কৰিছে। স্বাস্থ্য বিভাগে সন্দেহ কৰাৰ দৰে ৰেৱতী কলিতাৰ পৰা অঞ্চলটোত গণ সংক্ৰমণ হব লাগিলে মঙ্গলদৈত কভিড ১৯ ৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভৱনা আছে।

লাকুৱাত মৌলবীয়ে মহিলাক চলালে যৌন নিৰ্যাতন : আৰক্ষী চকী ঘেৰাও, অৰ্ধ- সামৰিক বাহিনী মোতায়ন : অভিযুক্তক জেল হাজোতলৈ ।

নাজিৰা : এটা মছজিদৰ মৌলবীৰ অপকৰ্মক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে উজনি অসমৰ তৈলনগৰী লাকুৱা। সভ্য সমাজক লজ্জিত কৰি মুছলমান সমাজৰ উপাসনাস্থলী মছজিদতে এজন মৌলবীয়ে এগৰাকী হিন্দু মহিলাক চিকিৎসা বিধান দিয়াৰ নামত শালীনতা হানি কৰাক লৈ সমগ্ৰ লাকুৱাতে উত্তপ্ত পৰিস্থিতি| ইতিমধ্যে উত্তেজিত স্থানীয় ৰাইজে আটকাধীন মৌলবীজনক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীৰে লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি উত্তাল হৈ পৰাত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অঞ্চলটোত বৃহৎ সংখ্যক অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰিছে। ঘটনা অনুসৰি কালি অঞ্চলটোৰে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱত থকা মচজিদটোৰ মৌলবী আব্দুৰ ৰহমানৰ ওচৰলৈ স্থানীয় এগৰাকী মহিলা গৈছিল। ইতিপূৰ্বে বিভিন্ন ৰোগৰ চিকিৎসাৰ নিদান দিয়া মৌলবীজনৰ ওচৰলৈ পেটৰ অসুখত ভোগাৰ বাবে স্থানীয় মহিলা গৰাকী মৌলবীৰ ওচৰলৈ গৈছিল| কিন্ত মৌলবী আব্দুৰ ৰহমানে মচজিদত কোনো ব্যক্তি নথকাৰ সুযোগ লৈ মছজিদৰ ভিতৰতে লাকুৱা লাখমনিঘাটৰ মহিলাগৰাকীক শালীনতা হানি কৰে| এই সমগ্ৰ ঘটনা মহিলাগৰাকীয়ে স্থানীয় ৰাইজক অৱগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত লাকুৱা আৰক্ষী চকীতো অভিযোগ দাখিল কৰে| ইয়াৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৌলবী আব্দুৰ ৰহমানক আটক কৰি অনাৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি উত্তেজনা পুৰ্ণ হৈ পৰে| স্থানীয় ৰাইজে মৌলবীজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে| উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ-সামৰিক বাহিনী মোতায়ন কৰি ৰাখিছে যদিও পৰিস্থিতি বৰ্তমানেও উত্তেজিত হৈ আছে। আনহাতে অভিযুক্ত মৌলবী আব্দুৰ ৰহমানক আৰক্ষীয়ে আটক কৰি আজি শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই আৰু দণ্ডাধীশে ৰহমানক জেল হাজোতলৈ প্ৰেৰণ কৰে।

ক’ৰোনা মহামাৰীৰ যুদ্ধত পুৱ গুৱাহাটী সমষ্টিৰ বাসিন্দাৰ সহযোগিতা । মুখ্যমন্ত্ৰী সাহৰ্য্য পুজিলৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়ালে চেক ।

মুখ্যমন্ত্ৰী সাহৰ্য্য পুজিলৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়ালে চেক ।

দৈনন্দিন বাৰ্তা ডেস্ক:

বিশ্বসন্ত্ৰাস সৃষ্টি কাৰি কৰোনা ভাইৰাছে দেশৰ লগতে অসমতো এক আতংকৰ পৰিবেশ সৃষ্টি কৰিছে৷ ইয়াৰ বাবেই ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে দিন-ৰাতি একাকাৰ কৰি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অগ্ৰনী ভুমিকা গ্ৰহণ কৰিছে ৷ তথাপি এচাম জনসাধাৰণে চৰকাৰে দিয়া নীতি নিয়ম মানিবলৈ অপাৰগ ৷ সেইবাবেই প্ৰতিটো দিনত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ চলিত সপ্তাহত মহানগৰীত অভাবনীয় ভাবে বৃদ্ধি পাইছে কভিড ১৯ আক্ৰান্তৰ সংখ্যা৷ গণ সংক্ৰমণে ব্যাপক ৰুপ ধাৰণ কৰিছে মহানগৰীৰ বিভিন্ন অঞ্চলত৷ ইতিমধ্যে মহানগৰ প্ৰশাসনে তথা ৰাজ্যচৰকাৰে ১৪ দিনৰ বাবেই গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷ তৎস্বত্বেও এচাম জনসাধাৰণ সচেতনতাৰ অভাব বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ সমান্তৰালভাৱে এচাম সচেতন নাগৰিকে নিজে সম্পূৰ্ণ চৰকাৰী নীতিনিয়ম পালন কৰাৰ লগতে কৰোনা যুদ্ধৰ সমাভাগী হবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে৷ মহানগৰীৰ পূৱ গুৱাহাটী সমষ্টিৰ অমিত কলিতা আৰু টেনেমেন্টছ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ তৰফৰ পৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাতত  চৰকাৰলৈ চেক যোগে ধন আগবঢ়ায়৷ এই ক্ষেত্ৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী তথা পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত চেক প্ৰদান কৰে৷ উল্লেখ্য যে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ও’ এছ ’ ডি ৰঞ্জিত মজুমদাৰ উপস্থিত থাকে৷

বানপীড়িতৰ কাষে কাষে বিধায়ক গুৰুজ্যোতি : মোৱামাৰীত বানপীড়িতক বিতৰণ কৰিলে মাস্ক ।

বানপীড়িতৰ কাষে কাষে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি ।

মঙলদৈ : সদায় আৰ্তজনৰ কাষত ছাঁটোৰ দৰে লাগি থকা এগৰাকী জনপ্ৰতিনিধি ৷ সমষ্টিৰ কোনো লোক যি সমস্যাতে নপৰক কিয় সদায় আগত গৈ উপস্থিত হয় সেই যুৱ জনপ্ৰতিনিধি৷ হয় সেই গৰাকী জনপ্ৰতিনিধিয়ে হৈছে মঙলদৈ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস ৷ কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুনৰ ফলত আৰু বহ্মপুত্ৰৰ পৰা বাঢ়ি অহা পানীয়ে দৰং জিলাৰ মঙলদৈ সমষ্টিৰ বেছিসংখ্যক অঞ্চল বুৰাই পেলোৱাৰ লগতে শাকতোলা নদীয়ে পশ্চিম মঙলদৈৰ ডাঁহী মৌজাৰ ৭ খনকৈ গাওঁ প্লাৱিত কৰি পেলাইছে শেহতীয়া বানে। শুক্ৰবাৰে নিশা শাকতোলা নদীৰ কেওঁটপাৰা-কবিকাৰাৰ মাজৰ অংশ চিঙি পেলাই বাঢ়নী পানীয়ে ৷ প্ৰায় ৪০ ফুট বহলকৈ চিঙি যোৱা অংশৰে পানী সোমায় বৃহত্তৰ অঞ্চলটোৰ গাওঁ সমূহলৈ। ইতিমধ্যে, কেওটপাৰা, কবিকাৰা, কলিতাপাৰা, হোদাপাৰা, ডাহী, জন্মিপাৰা, চোটো আঠিয়াবাৰী আদি বিভিন্ন গাৱত শাকতোলাৰ বাঢ়নী পানী সোমাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাৰ সময়তে নিশাই মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে বিজেপিৰ নেতৃত্বৰ সৈতে সেই স্থানত উপস্থিত হৈ ক্ষিপ্ৰতাৰে ভাঙি যোৱা অংশটি বিভাগীয় কতৃপক্ষৰ জৰিয়তে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ লগতে ওৰে ৰাতি ৰাইজৰ সৈতে মাথাউৰিটে কটোৱাৰ পিছত আজি বিধায়ক গুৰুজ্যোতি দাসে জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মাক লগত লৈ মঙলদৈ সমষ্টিৰ অন্তগৰ্ত মোৱামাৰী চাপৰিৰ অঞ্চলত হোৱা বানপানী পৰিদৰ্শন কৰি সেই অঞ্চলৰ ৰাইজৰ বানপানীত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে পৰিদৰ্শনৰ সময়তে সেই এলেকাৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আদৰনী জনোৱাৰ লগতে বানপীড়িত এলেকাৰ লোক সকলক মাস্কৰ লগতে নিত্যাৱশ্যকীয় কিছু সামগ্ৰী প্ৰদান কৰে ৷

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী৷ ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত সোমবাৰে পুৱা ৯.৩০ বজাত তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৭ বছৰ হৈছিল ৷ কিছুদিনৰ আগতে চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা অৱস্থাতেই তেওঁৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি পায় ৷ তাৰ পাছত তেওঁক আইচিইউত ৰাখি চিকিৎসা কৰা হয়৷ কিন্তু চিকিৎসকে অক্লান্ত পৰিশ্ৰম কৰিও তেওঁক ৰক্ষা কৰিব নোৱাৰিলে ৷ স্থানীয় এক সূত্ৰই জনোৱা মতে মে’ মাহৰ প্ৰথম সপ্তাহত হৰ্থাৎ অসুস্থ হৈ পৰে বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ৷ প্ৰথমে তেওঁক ঘৰতে চিকিৎসা কৰোৱা হৈছিল৷ পাছত ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ তাৰ মাজতে দুসপ্তাহৰ আগতে তেওঁৰ শৰীৰত ক’ৰোনাৰ জীৱাণু পায় ৷ আৰম্ভ হয় শ্বাস কষ্টৰ ৷ অৱশেষত তেওঁৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

নাজিৰা : আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান প্ৰবীন কৰ্মী কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই দেৱৰ আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতক সোঁৱৰি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ স্মৃতি চাৰণ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী গংগাপ্ৰসাদ বৰগোহাঁইয়ে ৷ ৯০ বছৰ বয়স গছকা কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই এজন তেনেই সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে শাসকগোষ্ঠীয়ে আৰ চি পি আই কৰ্মী সকলৰ ওপৰত চলোৱা নিৰ্যাতন কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়েও ভুগিব লগীয়া হৈছিল ৷ তেখেত দুবছৰ দিন ধৰি জেল খাটিব লগীয়াও হৈছিল৷ জোকতলি মৌজাৰ প্ৰথম চাৰিজন আৰ চি পি আই সদস্য ভিতৰত অন্যতম আছিল শিৱপ্ৰসাদ বৰগোহাঁই ৷ পাছলৈ তেওঁ চি পি আই দলত যোগদান কৰি প্ৰাক্তন সাংসদ ও প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁই দেৱৰ সৈতেও কাম কাজ কৰিছিল ৷ স্মৃতি চাৰণ সভাত বুৰঞ্জীবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কমিউনিষ্ট নেতা কমৰেড জিতেন বৰপাত্ৰগোহাঁই আৰু চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়ে সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখি কৃষক শ্ৰমিকৰ মুক্তি বিচাৰি যি পথ গ্ৰহণ কৰিছিল বুলি কয়৷ এজন সাধাৰণ কৃষক হিচাপে তেওঁ গ্ৰহণ কৰা নিস্বাৰ্থভাবে যি সেৱা আগবঢ়াই থৈ গ’ল সেইয়া অনুকৰণীয় বুলি কয় আৰু আজি বহু শিক্ষিত লোকেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে অসচেতনতাৰ হোৱাৰ বাবে দেশৰ এনে অৱস্থা হোৱা বুলি কয় লগতে নৱপ্ৰজন্মক দেশৰ স্বাৰ্থত নিজৰ নিজৰ অৱদান খিনি উজাৰি দিবলৈ আহ্বান জনায় ৷ সভাত পাৰ্টিৰ নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়াকে ধৰি ভালেকেইজন কৰ্মকৰ্তা উপস্থিত থাকে৷ সভাখনি আঁত ধৰে কমৰেড নিত্য বৰগোহাঁইয়ে ৷

নলবাৰীত মৌ-মাখিৰ বাহ বিতৰণ ।

নলবাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো কৃষক সকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লোৱা দেখা গৈছে। সেইমৰ্মে প্ৰধান মন্ত্ৰী গৰাকীৰ এই পৰিকল্পনাক দিঠক ৰূপ দিয়াৰ উদ্দেশ্যে বিবেকানন্দ পাৰ্বতীয়া কৃষি অনুসন্ধান সংস্থা শালমৰাৰ সহযোগত আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি নলবাৰী জিলাৰ চেংনৈৰ কৃষক সকলৰ মাজত মৌ-মাখি পালনৰ বাবে মৌ মাখি বাহ প্ৰদান কৰা হয়। মৌ মাখি পালনেৰে কৃষক সকল স্বাৱলম্বী হোৱাৰ উপৰিও আয় বৃদ্ধি হব বুলি বিবেকানন্দ পাৰ্ব্বতীয়া কৃষি অনুসন্ধান সংস্থাই আশা প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানটোত নলবাৰী জিলাৰ স্থানীয় বিধায়ক অশোক শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰী বিষয়ববীয়া সকলৰ লগতে বিবেকানন্দ পাৰ্ব্বতীয়া কৃষি অনুসন্ধান সংস্থাৰ বিষয়ববীয়া সহ কৃষক ৰাইজ উপস্থিত থাকে।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অসীম গুপ্তা ক’ৰোনাত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হৈছে৷ ৫৬ বছৰীয়া গুপ্তা ক’ৰোনত আক্ৰান্ত হোৱাৰ কথা ৬ জুনত পোহৰলৈ আহিছিল৷ উল্লেখ্য যে এনাষ্ঠেছিয়াৰ আগশাৰীৰ বিশেষজ্ঞ ডাঃ গুপ্তা ক’ৰোনাৰ বিপক্ষে যুঁজত কৰ্তব্যত আছিল৷ ৬ জুনত তেওঁৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিল৷ তাৰ পাছত তেওঁক কোৱাৰেণ্টাইনত ৰখা হয়৷ কিন্তু ৭ জুনত তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰে৷ তেতিয়া তেওঁক লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ আইচিইউত ভৰ্ত্তি কৰা হয়৷ মৃত্যুৰ সময়ত চিকিৎসকজনে পত্নী আৰু দুজন পুত্ৰক এৰি থৈ গৈছে৷ উল্লেখ্য যে তেওঁৰ পত্নীও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল কিন্তু কিছুদিনৰ আগতে তেওঁ আৰোগ্য হয়৷

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ দামেই থাকিল ৷ কলকাতাত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮২.‌০৫ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৫.‌৫২ টকা৷ দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮০.‌৩৮ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০.‌৪০ টকা ৷ মুম্বাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৭.‌১৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৮.‌৭১ টকা৷ চেন্নাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৩.‌৫৯ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৭.‌৬১ টকা ৷ কাৰণ হিচাপে জানিব পৰা মতে আমেৰিকা আৰু চীনত নতুনকৈ ক’ৰোনা সংক্ৰমণ হোৱাত শুকুৰবাৰে আন্তৰ্জাতিক বজাৰত তেলৰ দাম বঢ়া নাই ৷