নাজিৰা : চৰকাৰী কৰ্তৃপক্ষ আৰু অইল ইণ্ডিয়া (লি)ৰ চৰম দায়িত্বহীনতাৰ বাবেই বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰে নাজিৰা মহকুমাৰ গেলেকী তৈলক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱা আশংকা ঘনিভূত হৈ পৰিছে। দেশৰ মহাৰত্ন উদ্যোগ “তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদ” (অ’এনজিচি)ৰ লগতে দিল্লীস্থ অ’টিপিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই সমগ্ৰ অঞ্চলটোত ভয়াবহ প্ৰদূষণৰ সৃষ্টি হৈছে। গেলেকী তৈলক্ষত্ৰৰ অন্তৰ্গত গেলেকী আদৰ্শ গাঁৱত অ’এনজিচি আৰু দিল্লীৰ অ’টিপিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে প্ৰদূষণ নিয়ন্ত্ৰণৰ নামত মানৱৰ লগতে উদ্ভিদ আৰু মৎস্যকুলক তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া ঘটনাক কেন্দ্ৰ কৰি গেলেকী তথা সমগ্ৰ নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলাত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমে তথ্য সহকাৰে দাঙি ধৰি আহিছে যদিও অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, অ’এনজিচি আৰু ঠিকিদাৰী প্ৰতিষ্ঠান কৰ্তৃপক্ষই ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আহিছে। অ’এনজিচি অসম সম্পদৰ খনন আৰু উৎপাদন বিভাগৰ লগতে অ’টিপিএল প্ৰতিষ্ঠানে বিষাক্ত পদাৰ্থ জমা ৰাখিবৰ বাবে সু পৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে নদীৰ পাৰত বৃহৎ পুখুৰী খান্দি এই বিষাক্ত পদাৰ্থ জমা ৰখাৰ উপৰি তৈলখাদটোৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেলৰ গেদেৰীৰে সমগ্ৰ অঞ্চলটোলৈ বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। উল্লেখ্য যে, অ’এনজিচিয়ে ৰীগ সমূহৰ যোগেদি খাৰুৱা তেলৰ খনন কৰাৰ সময়ত হেজাৰ হেজাৰ ঘনলিটাৰ পানী প্ৰদূষিত হয়। এই পানী ইমানেই বিষাক্ত যে ইয়াক সেৱণ কৰিলে জীৱকুল তিলতিলকৈ মৃত্যুমুখত পৰাতো স্বাভাৱিক। আনকি খেতিপথাৰতো উৰ্বৰতা শক্তি লোপ পায়। অ’এনজিচিৰ এনে ভয়াবহ প্ৰদূষণৰ বাবে সম্প্ৰতি শিৱসাগৰ জিলাত ক্ৰমাগতভাৱে এৰী, মুগাৰ উৎপাদন হ্ৰাস পাই আহিছে। যিহেতু অ’এনজিচিয়ে খনন কাৰ্যত দুকুৰীৰোধিক বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। তাৰে কেইবাবিধো ৰাসায়নিক পদাৰ্থ অতিকে বিষাক্ত। প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ নিৰ্দেশ অনুসৰি অ’এনজিচিয়ে এনে বিষাক্ত পানী সংগ্ৰহ কৰি এফ্লুৱেষ্ট ট্ৰিটমেণ্ট প্লাণ্ট (ই টি পি)ত পৰিশোধন কৰিব লাগে। পৰৱৰ্তী সময়ত এনে পৰিশোধিত পানী পুনৰ খনন কাৰ্যথ ব্যৱহাৰ কৰিব লাগে। এই ব্যৱস্থাটোৰ নামত অ’এনজিচিয়ে প্ৰতিমাহত কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও প্ৰদূষণ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে একো একোটা অঞ্চল ভয়াবহ প্ৰদূষণে বিপদৰ ঘণ্টা বজাইছে। প্ৰত্যেকটো তেলখাদৰ কাষতে নিগমে প্ৰদূষিত পানী জমা ৰখাৰ বাবে একোটা পকু (টিপ) নিৰ্মাণ কৰিব লাগে। কিন্তু যোৱা তিনিটা দশক ধৰি অ’এনজিচিয়ে গেলেকী আদৰ্শ গাঁৱত বিষাক্ত পানী পৰিশোধনৰ নামত ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছে। দুটা পকী পুখুৰীত হেজাৰ হেজাৰ ঘনলিটাৰ প্ৰদূষিত পানী জমা ৰাখি অতি কৌশলেৰে নগা পাহাৰৰ পৰা বৈ অহা বৰনৈ নামৰ উপনদীখনত এৰি দিছে। তাৰোপৰি এই পকী পুখুৰী কেইটাৰ পৰা অহৰহভাৱে নিৰ্গত হোৱা বিষাক্ত পানীয়ে সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰ উপৰি বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত অঞ্চলৰ জনগণৰ নিদ্ৰা হৰিছে। অ’এনজিচিয়ে দিল্লীৰ ঠিকাদাৰী প্ৰতিষ্ঠান অ টি পি এলৰ পৰা সঠিকভাৱে কাম আদায় ল’ব লাগে যদিও একাংশ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ তথাকথিত নেতাৰ কমিছনৰাজ আৰু অ’এনজিচিৰ একাংশ বিষয়াই ৰহস্যজনক কাৰণত অ’ টি পি এলক সহায়ৰ হাত উজান দিয়াৰ বিপৰীতে অঞ্চলটোলৈ ভয়াবহ প্ৰদূষণ আৰু ভয়ংকৰ ঘটনাৰ ফালে ঠেলি নিছে। আনহাতে প্ৰতিষ্ঠানটোৰ এই বিষাক্ত পানী নিৰ্গমন হৈ সমীপৰ জনগণৰ পুখুৰী, কুৱা, খেতিপথাৰ আদি ভয়াবহ ভাৱে প্ৰদূষিত কৰি তোলাত অঞ্চলটোৰ জনগণ খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে। বৰনৈ, পুখুৰী, জান আদিৰ পানী প্ৰদূষিত হৈ পৰাত মাছ, কাছ তথা জীৱকুলে অকালতে প্ৰাণ হেৰুৱাব লগা পৰিলক্ষিত হৈছে। এনে ভয়াবহ পৰিস্থিতি নিৰ্মূলৰ বাবে ৰাইজে স্থানীয় প্ৰশাসন, অ’ এন জি চি কৰ্তৃপক্ষৰ ওচৰত নিবেদন জনাইছে।
নগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও পৌৰ সভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন ।
নগাঁও : আজি নগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও পৌৰ সভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন (নগৰঞ্চল) ৰ জৰিয়তে ডাষ্টবিন আৰু ট্ৰাইচাইকেল বিতৰণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। অনুষ্ঠানত বিধায়ক গৰাকীয়ে এই আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে পৌৰ সভাৰ এলেকাৰ বাসিন্দাক বিনামূলীয়া ডাষ্টবিন আৰু বিভিন্ন আত্মসহায়ক গোটক আৱৰ্জনা কঢ়িওৱাৰ বাবে ট্ৰাইচাইকেল বিতৰণ কৰে। বিধায়ক গৰাকীয়ে তেওঁৰ ভাষণত কয় যে, এই অভিলাষী আঁচনিৰ জৰিয়তে নগাঁও চহৰখনক চাফ-চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। তেওঁ লগতে নগাঁও চহৰখনক স্বচ্ছ আৰু প্ৰদূষণ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে, এই আঁচনিৰ জৰিয়তে নগাঁও পৌৰ সভাৰ এলেকাৰ অবাসী সকলক শুকান আৰু ভিজা আৱৰ্জনা নিষ্কাষণ বাবে দুটাকৈ বিনামূলীয়া ডাষ্টবিন পর্যায়ক্ৰমে প্ৰদান কৰা হ’ব আৰু এই ডাষ্টবিন সমূহ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে ব্যক্তি নিয়োগ কৰি ঘৰে ঘৰে গৈ এই ট্ৰাইচাইকেল সমূহৰ জৰিয়তে আৱৰ্জনা সমূহ সংগ্ৰহ কৰি নিষ্কাষণৰ বাবে লৈ যোৱা হ’ব। সভাত জিলা উপায়ুক্ত যাদৱ শইকীয়াও সকলোকে সজাগ সচেতন হৈ নগাঁও চহৰখন চাফ-চিকুণ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ কয়। সভাত অতিৰিক্ত উপায়ুক্ত তথা নগাঁও পৌৰ সভাৰ মুখ্য কার্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, সহকাৰী আয়ুক্ত স্বপনীল পল প্ৰমুখ্যে বিভিন্ন বিষয়া সকল উপস্থিত থাকে।
মুখত নাই মাস্ক, নামানে কোনেও সামাজিক দূৰত্বৰ নিৰ্দেশনা : গাত গা লগাই ৰাইজৰ, বজাৰত আড্ডা, একেডাল বিড়িকেই হুপিছে, একাধিকে হোটেল-ৰেষ্টুৰেণ্টত মাস্ক-হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক বিলাইছে খাদ্য সামগ্ৰী ।
ননৈ : কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি, তিনিআলি, বজাৰত বিৰাজ কৰিছে ভয়ংকৰ পৰিৱেশৰ। জিলা খনৰ গ্ৰাম্যাঞ্চলৰ চাৰিআলি, তিনিআলি, বজাৰ সমূহৰ কথাটো বাদেই নগাঁও চহৰতো মানুহৰ মুখৰ পৰা অদৃশ্য হৈ পৰিছে মাস্ক। ঠিক একেদৰে গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ চৰকাৰী নিৰ্দেশনা। বজাৰ সমূহত একাংশ লোকে গাত গা লগাই আড্ডা মৰা দৃশ্য সুলভ হৈ পৰিছে। আনকি সংখ্যালঘু অধ্যূষিত একাংশ অঞ্চলত একেডাল বিড়িকে একাধিক লোকে হুপাও পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন নগৰ-চহৰ, গ্ৰাম্যাঞ্চলত বজাৰ সমাৰে অথবা আন কোনো কামত ঘৰৰ পৰা ওলাই যোৱা প্ৰায় নৱৈ শতাংশ লোকেই মুখত মাস্ক নিপিন্ধে।মাস্ক পিন্ধা একাংশ লোকে নাক ওলিয়াই, একাংশই থুতৰিত মাস্ক পৰিধান কৰাটো আমোদজনক বিষয় হৈ পৰিছে। সেইদৰে, হোটেল-মিঠাই বিপনী,চাটহাউছ,ৰেষ্টুৰেণ্ট আদিত মুখত মাস্ক আৰু হাতত হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক চেলছ মেন সমূহে বিলাইছে খাদ্য সামগ্ৰী ৷ ইপিনে, জিলাখনত সামাজিক দূৰত্বৰ নিৰ্দেশনা ধোঁৱা চাঙত উঠিছে। বজাৰ সমূহ, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ফাৰ্মাচীত মাস্ক পৰিধান নকৰা লোকে ইজনে সিজনৰ গাত লগাই সামগ্ৰী ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে। তাৰোপৰি, নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বেংক, বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ নিৰ্দেশনা। বেংকৰ ভিতৰতো এনে কেতবোৰ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় যাৰ মুখত নাই মাস্ক অথবা যাৰ মুখৰ বিপৰীতে থুতৰীতহে মাস্ক থাকে। নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি এই লোক সকলে মাস্ক আৰু সামাজিক দূৰত্বৰ নিৰ্দেশনাক গুৰুত্বহীন কৰি অন্য লোকৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ।ইপিনে, ৰাজপথত থু-খেকাৰ পেলোৱাটো এক চৰকাৰী নিৰ্দেশ যোগে নিষিদ্ধ কৰা হৈছে যদিও নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনত এই নিৰ্দেশাৱলী অসাৰ প্ৰতিপন্ন হৈছে।আন ঠাইৰ কথাটো বাদেই নগাঁও চহৰতেই ৰাজপথৰ বিভিন্ন অংশ তামোলৰ পিকৰে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে।
জনসংযোগ সম্পৰ্ক অভিযান, নাই কোনো সামাজিক দুৰত্ব ।
কৰিমগঞ্জ : বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ বৰ্যপূৰ্তি উপলক্ষ্য ৰাইজৰ মাজত চৰকাৰী কাম কাজৰ বাৰ্তা দিবলৈ আৰু সজাগতা সৃষ্টি কৰাৰ বাবে আৰম্ভ হৈছে জনসম্পৰ্ক অভিযান। আৰু এই জনসম্পৰ্ক অভিযানতো সামাজিক দুৰত্ব উলংঘা কৰিলে খোদ শাসনাধিষ্ঠ দলৰ আগশাৰীৰ নেতা পালিনেতাই। ঘটনাস্থল কৰিমগঞ্জ চহৰ। মঙ্গলবাৰে কৰিমগঞ্জত বিজেপিয়ে চলাইছে ঘৰে ঘৰে সম্পৰ্ক অভিযান। চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি হাতত লোৱা হৈছে আৰু যিবোৰ আঁচনি ইতিমধ্যে বাস্তৱায়িত হৈছে তাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এইজন সম্পৰ্ক অভিযান আছিল। উত্তৰ কৰিমগঞ্জৰ দায়িত্ব থকা শিলচৰৰ সাংসদ ডঃ ৰাজদ্বীপ ৰয়ৰ নেতৃত্বত চলিছিল এই জনসম্পৰ্ক অভিযান কিন্তু এই জনসম্পৰ্ক অভিযানত নাছিল সামাজিক দূৰত্ব। ইপিনে ৰাজ্যৰ প্ৰতিজন জিলা সভাপতি আৰু মণ্ডল সভাপতিক জনসম্পৰ্ক অভিযানত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে কেইবাটাও নিয়মাৱলী ৰাজ্যিক সভাপতিয়ে বান্ধি দিছিলে, আৰু কোৱা হৈছিল কাৰ্যসূচীৰ নেতৃত্বৰ সৈতে দুজন কাৰ্যকর্তা সংগ দিয়াৰ কথা আৰু সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে ফেচ কভাৰ পিন্ধাটো বাঞ্চনীয়। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে এক পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু এনে নিৰ্দেশনাক কেৰেপ নকৰি সামাজিক দূৰত্ব বজায় নাৰাখি জনসম্পৰ্ক অভিযান চলায় বিজেপিয়ে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে শাসক দলৰ আগশাৰীৰ নেতা সকলে যদি সামাজিক দূৰত্ব বজায় নাৰাখি ৰাজহুয়াভাৱে এনে জনসম্পৰ্ক অভিযান চলায় তেন্তে কি কৰিব সাধাৰণ ৰাইজে? সামাজিক দুৰত্ব বজোৱা হোৱা নাই এই কথা স্বীকাৰ কৰি আগন্তক দিনত সামাজিক দুৰত্ব বজায় ৰাখিব বুলি কেমেৰাৰ আগত কয় শিলচৰৰ সংসদগৰাকীয়ে।
নগাঁৱত জনসম্পৰ্ক অভিযান বিধায়ক ৰূপক শৰ্মাৰ ।
ননৈ : ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে জনসম্পৰ্ক অভিযান কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে জনসৰ্ম্পক অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীৰ এক অংশ হিচাপেই চৰকাৰৰ কাম কাজৰ ওপৰত ৰাইজৰ মতামত বিচাৰি নগাঁও সদৰ সমষ্টিবাসী ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়াস কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কালি সদৰ সমষ্টিৰ শেনছোৱা পঞ্চায়তৰ ১ নং ৱাৰ্ডত ৰাইজৰ ঘৰে ঘৰে গৈ চৰকাৰৰ কাম-কাজৰ খতিয়ানমূলক পত্ৰিকা প্ৰদান কৰি ৰাইজৰ হ’কে চৰকাৰৰ প্ৰতিটো পদক্ষেপৰ বিষয়ে অৱগত কৰে৷ ৩০ জুন পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচীত অনাগত দিনত সদৰ সমষ্টিৰ বিভিন্ন স্হানৰ ৰাইজৰ কাষ চাপি জনসৰ্ম্পক অভিযান ধাৰাবাহিকভাৱে চলি থাকিব।
টকা দিয়ক, চৰকাৰী আঁচনিৰ সুবিধা লওক, কৰিমগঞ্জ ।
কৰিমগঞ্জ : টকা দিওক আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰক, হয় আপুনি ঠিকেই শুনিছে। আমাৰ হাতত আহি পৰিছে শাসক দল বিজেপিৰ এক নিৰ্বাচিত প্ৰতিনিধিৰ গোপন কেমেৰাত বন্দী এটা ভিডিঅ। যি ভিডিঅত দেখা গৈছে শাক-পাচলিৰ দোকানৰ দৰে বিক্ৰী হৈছে চৰকাৰী বিভিন্ন আঁচনি। ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ অসম ত্ৰিপুৰা মিজোৰাম সীমামূৰীয়াৰ বালিপিপলা জিপিৰ। চৰকাৰে দুখীয়া ৰাইজৰ বাবে বিভিন্ন চৰকাৰী আঁচনি হাতত লৈছে বিপৰীতে একাংশ দুৰ্নীতি পৰায়ন জনপ্ৰতিনিধিৰ বাবে এয়া হৈ উঠিছে সোণৰ কণী পৰা হাঁহ। অনাময় আঁচনি যদি আপোনাৰ লাগে দিব লাগিব ২০০ পৰা ৩০০ টকা। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি প্ৰকল্পৰ বাবে দিব লাগে ৩০০ টকা। আপোনাৰ যি আঁচনি লাগে প্ৰথমতে টকা জমা কৰিব পিচে লাভ কৰিব সুবিধা। আজিৰ দিনত বিশুদ্ধ খোৱাপানী যেন তেওঁলোকৰ বাবে স্বপোন। বহু পৰিয়ালে আজিৰ দিনটো পোৱা নাই বিদ্যুতৰ পোহৰ। বাট-পথৰ অৱস্থাও বেয়া। পথাৰৰ নিশান পথৰ অৱস্থা। তাৰ উপৰি চলিছে বেয়াগোম দুৰ্নীতি। ঘটনা অনুসৰি, স্থানীয় তিনি নম্বৰ বাৰ্ডৰ ৱাৰ্ড সদস্য প্ৰমোদ মালাকাৰৰ কাষত গলে সদস্যজনৰ উক্তি টকা দিয়ক আৰু সুবিধা লাভ কৰক। ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা এনে অৱস্থাত চলিছে এই গাঁওখন। জিপিখনৰ পুৰুষ মহিলা সকলোৱে একে অভিযোগ উত্থাপিত কৰিছে। লগতে ৱাৰ্ড সদস্যজনৰ টকা লোৱাৰ দৃশ্যও বন্দী হৈছে গোপন কেমেৰাত।
কপিল দেৱ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলিৰ নামত মেলবৰ্ণত ৰাস্তা ।
দৈনন্দিন বাৰ্তা প্ৰতিবেদন :
ভাৰতীয় ক্রিকেটাৰ কপিল দেৱ, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলি, এই তিনি তাৰকাৰ নামত ৰাস্তাৰ নামকৰণ কৰা হৈছে। কিন্তু ভাৰতৰ নহয় বিদেশৰ ৰাস্তাহে নামকৰণ কৰা হৈছে৷ ভাৰতীয় এই তিনি তাৰকাৰ লগতে আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ ৱ’ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেক কালিছ৷ তেওঁলোকৰ প্ৰত্যেকৰে নামত মেলবৰ্ণত ৰাস্তাৰ নামকৰণ কৰা হৈছে৷ এইখন মহানগৰীৰ পশ্চিমাঞ্চলৰ ৰকবেংক এলেকাৰ ৰাস্তাবোৰৰ নাম এইসকল কিংবদিন্তৰ নামেৰে কৰা হৈছে৷ ইয়াত মাষ্টাৰ ব্লাষ্টাৰৰ পথৰ নাম ‘তেণ্ডুলকাৰ ড্ৰাইভ’৷ কপিল দেৱ আৰু কোহলিৰ নামত ৰাস্তা দুটা হ’ল ‘দেৱ টেৰেছ’ আৰু ‘কোহলি ক্ৰেছেণ্ট’৷
শূন্য ফলাফলৰ বাবে দায়ী কোন ?
দৈনন্দিন বাৰ্তা প্ৰতিবেদন:
যোৱা ৬ জুনত ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ সোতৰখন বিদ্যালয়ৰ পৰা এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ চৰকাৰী খণ্ডৰ এই বিদ্যালয় কেইখন বন্ধ কৰিবলৈ চৰকাৰ আগবাঢ়িছে৷ শেহতীয়াকৈ এইদৰে বন্ধ কৰিবলৈ লোৱা বিদ্যালয়ৰ সংখ্যাটো সাতাইশলৈ বৃদ্ধি হোৱা বুলিও বাতৰিত প্ৰকাশ৷ কেউখন বিদ্যালয়ৰ শিক্ষকক বাসত্তৰ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিভাগে৷ তাত আমাৰ ক’বলগা একো নাই৷ আমাৰ কথা হ’ল উক্ত বিদ্যালয় কেইখন যিকেইটা জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত সেই কাৰ্যালয় কেইটাৰ বিষয়া সহিতে সকলো কৰ্মচাৰীকো বদলি কৰাতো ইয়াতকৈ বেছি জৰুৰী৷ অসমৰ বহু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ কুকীৰ্তি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে পাই আহিছে৷ তেনে কুকীৰ্তিৰ প্ৰমাণ বিভাগৰ হাততো বোধহয় আছে৷ আমি ক’ব খুজিছোঁ যে একাংশ শিক্ষক বিশেষকৈ বিদ্যালয় প্ৰধানে আইএচক আলপৈচান ধৰিয়েই বছৰটোৰ সৰহখিনি সময় পাৰ কৰে বা কৰিবলৈ বাধ্য হয়৷ তেনে প্ৰধান শিক্ষকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়িত্ব গৌণ হৈ পৰে৷ বিএডৰ ছিটৰ বাবে পৰিদৰ্শকৰ কাৰ্যালয়ে দহ-বাৰ হাজাৰ শিক্ষকৰ পৰা বিছৰা কথাটো বি এড কৰিব খোজা শিক্ষকসকলে জানে৷ কোনো কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকক আইএচৰ কাৰ্যালয়ৰ একোজন নিম্ন বৰ্গৰ সহায়কে ’তই’ সম্বোধন কৰা আৰু প্ৰধান শিক্ষকজনে কেৰানী জনক ’ছাৰ সম্বোধন’ কৰিবলৈ বাধ্য হোৱা ঘটনা এইখন অসমতে ঘটিছে৷ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ খেলিমেলিৰ বাবেও একাংশ পৰিদৰ্শকৰ কাৰ্যালয় বিদ্যালয় প্ৰধানৰ সমানে জগৰীয়া৷ তদুপৰি বিদ্যালয় এখন কিদৰে চলিছে সেয়া খবৰ ৰখাৰ দ্বায়িত্ব আইএচগৰাকীৰ নহয় জানো? মুঠতে হাইস্কুল এখনৰ সকলো বেয়া অৱস্থাৰ বাবে বিদ্যালয় প্ৰধানৰ লগতে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় সমানে জগৰীয়া বুলি আমি বিবেচনা কৰোঁ৷ বিদ্যালয় একত্ৰীকৰণৰ বেলিকা একাংশ বিদ্যালয় পৰিদৰ্শকে চূড়ান্ত অনিয়মৰ পৰিচয় দি থৈছে৷ গতিকে শিক্ষামন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়কো সাঙুৰি ল’লেহে অধিক ফলপ্ৰসু হ’ব বুলি আমি ক’ব খুজোঁ৷ নহ’লে বাৰে বাৰে ৰৌ-বৰালি সাৰি যাব আৰু পুঠি-খলিহনাতে আমি সন্তুষ্টি লভিব লাগিব৷ আনহাতে একোখন বিদ্যালয় বন্ধ হৈ যোৱা মানে একোটা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী যুগ যুগ ধৰি সমস্যাত পৰা৷ চৰকাৰে বিদ্যালয় কেইখন বন্ধ নকৰি সম্পূৰ্ণ নতুন ষ্টাৰ্ফ বদলি কৰি আনি চলাই নিয়াৰ ব্যৱস্থা কৰাটোহে যুগুত হ’ব যেন লাগে৷ একেই পন্থা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ষ্টাৰ্ফৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পৰিলেহে সমস্যাটোৰ স্থায়ী সমাধান হ’ব আৰু সকলো মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়লৈ লাহে লাহে সুদিন ঘূৰি আহিব বুলি আশা কৰিব পাৰি৷
জখলাবন্ধা আৰক্ষীৰ সফলতা, বিভিন্ন স্থানৰ পৰা চাৰি গঁড় চিকাৰী আটক । পাঁচটা ৩০৩ ৰাইফলৰ গুলী উদ্ধাৰ ।
কলিয়াবৰ : জখলাবন্ধা আৰক্ষীৰ সফল অভিযানত গ্ৰেপ্তাৰ চাৰি দুৰ্ধৰ্ষ চোৰাংচিকাৰী। আৰক্ষীৰ তৎপৰাত ব্যৰ্থ কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত মঙ্গলবাৰে নিশা জখলাবন্ধা আৰক্ষীৰ জালত পৰে এই চাৰি গঁড় চিকাৰী। ধৃত চাৰি গঁড় চিকাৰী চামগুৰিৰ কাৱৈমাৰীৰ জমিৰ আলি, কুঠৰীৰ বাবুল আলি, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰী ইংতি আৰু কাংবুৰা টক্বি। ধৃত গঁড় চিকাৰী চাৰিটাৰ পৰা থ্ৰী-নট-থ্ৰী ৰাইফলৰ পাঁচ ৰাউণ্ড সজীৱ গুলি লগতে চাৰিটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিল ধৃত চাৰি চোৰাংচিকাৰীয়ে। সম্প্ৰতি এক গোচৰ পঞ্জীয়ণ কৰি চাৰি চোৰাং চিকাৰীক জেৰা অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে। উল্লেখযোগ্য যে বিগত ডেৰ বছৰে নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত হোৱা নাই এটা গঁড় হত্যাৰ ঘটনা।

যুদ্ধৰ প্ৰস্তুতি !
দৈনন্দিন বাৰ্তা প্ৰতিবেদন :
৪৫ বছৰৰ পাছত পুনৰ সংঘৰ্ষৰ ৰূপ ল’লে ভাৰত-চীন সমস্যাই৷ পৰিস্থিতি জটিল হৈ পৰিছে৷ ইতিমধ্যে ভাৰতীয় সেনাক লাডাখ সীমান্তত৷ পৰিস্থিতি বুজ লৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা দিলে কেন্দ্ৰই৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ৷ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈ গৈছে৷ চীন সীমান্তত মজুত কৰা হৈছে টেংক৷ আৰম্ভ হৈছে গুলীচালনা৷ প্ৰস্তুত থাকিবলৈ কোৱা হৈছে স্থল সেনাক৷ চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাতক তিনিটা বাহিনীৰ সৈতে সামঞ্জস্য বজায় ৰাখি প্ৰয়োজনীয় নিৰ্দেশ দিবলৈ কোৱা হৈছে৷ সীমান্ত সমস্যা আলোচনাৰ মাধ্যমেৰে কৰিবলৈ চালেও চীনে সুযোগ নিদিয়াত ক্ষুদ্ধ নতুন দিল্লী৷ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈও কোৱা হৈছে৷ কেৱল স্থল সেনাই নহয় ভাৰতীয় নৌসেনাক মালাক্কা প্ৰণালীত তীক্ষ্ণ৷দৃষ্টি দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ তদুপৰি জলপথত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ ভাৰত–প্রশান্ত মহাসাগৰীয় এলেকাত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ কোৱা হৈছে৷ যুদ্ধ বিমানবোৰ চীন সীমান্তত থকা বেছ কেম্পবোৰলৈ অনা হৈছে৷ আনহাতে মঙলবাৰে নিশা ১০ বজাত লাডাখৰ পৰিস্থিতি লৈ তিনিজন সেনা প্ৰধানসহ৷ চিফ অব দ্য ডিফেন্স ষ্টাফ, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে বৈঠকত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মঙলবাৰে লাডাখক লৈ নিৰাপত্তা বিষয়টোত কেবিনেট কমিটিৰ বৈঠক বহে৷ তাৰ পাছতে তৎকালীন এই সিদ্ধান্ত লয় বুলি ৰাজনৈতিক মহলে কয়৷ ইতিমধ্যে চীন সীমান্তত লাগি থকা সকলো ৰাজ্যত সতৰ্কতা জাৰি কৰা হৈছে৷ সাজু থাকিবলৈ কোৱা হৈছে জিলা প্ৰশাসকক৷ দেশৰ উত্তৰ আৰু উত্তৰ পূৱ প্ৰান্তত চীন সীমান্তত৷বৃদ্ধি পাই থকা উত্তেজনাত সতৰ্ক চোৰাংচোৱা বিভাগ৷ সেয়ে হিমাচল প্ৰদেশত একাধিক এলেকাত সতর্কতা জাৰি কৰা হৈছে৷ স্থানীয় বাসিন্দাৰ নিৰাপত্তাত জোৰ দিয়া হৈছে৷












