Home Blog Page 3305

ডবকাত সামান্য কথাতেই ৰক্তাক্ত পৰিৱেশ : ৫ জনৰ অৱস্থা সংকটজনক ।

আব্দুল হাকিম

হোজাই ডবকাত সামান্য কথাতেই সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা৷ সামান্য কাজিয়াতেই ৰক্তাক্ত পৰিবেশ সৃষ্টি হয় ডবকাৰ মিকিৰআটি গুটিগাঁৱত৷তিনি  ফৈদৰ মাজত লাঠিৰে  প্ৰচণ্ড মাৰপিটৰ ফলত মহিলাসহ ৫ জন  গুৰুতৰভাৱে আহত৷ আহত গনেশ দাস, সবিতা দাস, প্ৰসঞ্জিত দাস, মাম্পী দাস আৰু মৰন দেৱনাথ৷ জানিব পৰা মতে বিজু বিশ্বাস আৰু সবিতা বিশ্বাসৰ মাজত দীৰ্ঘদিনীয়া পৈতৃক সম্পত্তি লৈ সংঘাত চলি আছিল৷দুয়োজন ভাই-ভনী সম্পৰ্ক৷ তাৰ মাজতেই যোৱা নিশা বিদ্যুত সংযোগক লৈ দুয়োটা পৰিয়ালৰ মাজাত কাজিয়াৰ সৃষ্টি হয়৷ ঘৰৰ লগতে বসবাস কৰা মৰন দেৱ নাথ নামৰ লোকজনক কাজিয়াৰ কথা খবৰ দিয়ে বিজু বিশ্বাসৰ আন এক ভিন্টীয়ে৷ মৰন দেৱনাথে কাজিয়া মীমংসা কৰাৰ কথা কোৱাৰ পিছতেই মৰন দেৱ নাথসহ তিনিওটা পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈ ৰক্তাক্ত হৈ পৰে৷ তিনিওটা পক্ষই পৃথকে পৃথকে গোচৰ তৰিছে ডবকা আৰক্ষী থানাত৷ ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আৰম্ভ কৰিছে তদন্ত৷

বাঘজান অগ্নিকাণ্ডৰ তদন্তৰ দাবী ইত্তেহাদ ফ্ৰন্টৰ ।

আবুল হাছেম :

বাঘজান অগ্নিকাণ্ডৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে। এক প্ৰেছ বিবৃতিযোগে ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম, সাধাৰণ সম্পাদক অধিবক্তা বাহাৰুল আমিন, অধিবক্তা দেৱান শ্বহিদুল ইছলামৰ  স্বাক্ষৰিত দিয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জনাই যে তিনিচুকীয়া ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘজানত   অইল ইণ্ডিয়া লিমিটেডৰ পাঁচ নম্বৰ তৈলক্ষেত্ৰত যোৱা ২৭ মে’ৰ পৰা নিৰ্গত হৈ থকা গেছ আৰু তেল নিয়ন্ত্ৰণ কৰিবলৈ যোৱাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ ফলত  বৃহৎ ক্ষতি সাধন হোৱাৰ বাতৰিয়ে অসমবাসীক আতংকিত কৰি তুলিছে৷ জন এনাৰ্জি নামৰ বহিঃৰাজ্যৰ কোম্পানীৰ দ্বায়িত্ব থকা বাঘজান তৈলক্ষেত্ৰত যোৱা ২৭ মে’ৰ পৰা নিৰ্গত হৈ থকা গেছ আৰু তেল নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ সংশ্লিষ্ট কৰ্তৃপক্ষই যাৰ ফলত জুইয়ে আগুচি লৈছে বৃহৎ অঞ্চল৷ উক্ত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া অইল ইণ্ডিয়াৰ কৰ্মচাৰী ক্ৰমে দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গগৈ ডাঙৰীয়াৰ বিদ্বেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে সভাপতি নুৰ ইছলামে৷কাৰ হেমাহিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে এই সমগ্ৰ বিষয়টো ওপৰত উচিত তদন্ত ঘোষনা কৰা ও অইল ইণ্ডিয়া দুই কৰ্মচাৰী ক্ৰমে সৰ্গীয় দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গগৈ ডাঙৰীয়াৰ  পৰিয়ালৰ এজনকৈ লোকক চৰকাৰী চাকৰি প্ৰদান কৰা লগতে মৃত্কৰ পৰিয়ালক ১ কোটীকৈ টকা প্ৰদান কৰা আৰু ক্ষতি গ্ৰস্থ লোক সকলক উপযুক্ত ক্ষতি পূৰণ দিয়াৰ দাবী জনাইছেঁ, ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে৷

গহপুৰৰ তিনি গৰাকী সাংবাদিকক জনসংযোগৰ স্বীকৃতি পত্ৰ বিতৰণ ।

গহপুৰৰ তিনি গৰাকী সাংবাদিকক জনসংযোগৰ স্বীকৃতি পত্ৰ বিতৰণ ।

অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতি লাভ কৰা বিশ্বনাথ জিলাৰ ১৩ গৰাকীকৈ সাংবাদিকক কালি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত স্বীকৃতি পত্ৰ প্ৰদান কৰে। বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত কালি বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা এখনি সভাত গহপুৰৰ তিনিগৰাকীকৈ সাংবাদিকৰ লগতে বিশ্বনাথ জিলাৰ মুঠ ১৩ গৰাকীকৈ সাংবাদিকক অসম চৰকাৰৰ জনসংযোগ বিভাগৰ স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, জনসংযোগ বিষয়া ত্ৰিলীনা টাইড, ৰঞ্জিত শইকীয়া আৰু সদস্য হেমন্ত শইকীয়াৰ উপস্থিতিত প্ৰাগ নিউজৰ সাংবাদিক ৰাজীৱ বৰা, পূৰ্বাঞ্চল প্ৰহৰীৰ সাংবাদিক অমৰ শৰ্মা আৰু অসমীয়া খবৰ কাকতৰ সাংবাদিক ৰমেন বৰাক ‌স্বীকৃতি পত্ৰ প্ৰদান কৰে।

অ’এনজিচি, অসম সম্পদৰ মুখ্য কাৰ্যালয়-আৱাসীক এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব স্থানীয় ৰাইজ – সৰৱ প্ৰতিক্ৰিয়া বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ।

দিলীপ হাজৰিকা, নাজিৰা

দেশৰ মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ নাজিৰাস্থিত মুখ্য॥ কাৰ্যালয় আৰু আৱাসীক এলেকাত প্ৰৱেশ কৰিব নোৱাৰে স্থানীয় জনসাধাৰণ। কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা নিৰাপদ বা সুৰক্ষিত ৰখাৰ অজুহাত দেখুৱাই নিগমৰ অসম সম্পদ কৰ্তৃপক্ষই ৰহস্য জনক ভাৱে প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা নৈসৰ্গিক বিভাগ অথবা অন্যান্য বিভাগৰ জৰিয়তে স্থানীয় ভাৱে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন আঁচনিৰ আবেদনকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক তথা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি তথা ব্যক্তিক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে, কভিড – ১৯ ৰ ভয়াবহ সংক্ৰমণৰ সময়তো অ’ এন জি চি অসম সম্পদলৈ বহি: ৰাজ্যৰ লগতে বিভিন্ন দেশৰ পৰাও বিষয়া – কৰ্মচাৰী বদলি কৰাই আনি কৌশলগত ভাৱে প্ৰতিষ্ঠানটোত কৰ্তব্যত নিয়োজিত কৰি আহিছে। তেনে ক্ষেত্ৰত স্থানীয় লোকক সামাজিক দায়বদ্ধতা আঁচনিত আবেদন-নিবেদন দাখিল কৰিবলৈও স্থানীয় লোকক প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰাৰ লগতে নিগমৰ আৱাসিক এলেকাত থকা স্থানীয় লোকৰ পৰিয়ালৰ আৱাস গৃহলৈও অহা-যোৱা কৰাত বাধা প্ৰদান কৰা হৈছে। ইয়াৰোপৰি অ’এনজিচিৰ নাজিৰাৰ আৱাসিক সকলৰ ঘৰুৱা বন কৰা কামত স্থানীয় প্ৰায় তিনিশতাধিক মহিলা জড়িত হৈ ঘৰ-পৰিয়াল ভৰণ-পোষণ দি আহিছে। এইসকল বনকৰা মহিলাকো আৱাসিক এলেকাত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাত উভয়ৰে ব্যাপক সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। নিগমৰ অসম সম্পদ কৰ্তৃপক্ষৰ এনে ৰহস্যজনক কাৰ্যত সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। সংগঠনটোৰ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি বিকাশ শৰ্মা আৰু সচিব প্ৰধান জাকিৰ আখটাৰ হুছেইনৰ স্বাক্ষৰেৰে দহ জুনত নাজিৰা মহকুমাৰ মহকুমাধিপতিক বিষয়টোৰ ক্ষেত্ৰত এক সু পদক্ষেপ গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে আবেদন জনাইছে।

গোলাপী হৈ পৰিছে হ্ৰদৰ পানী : চিন্তিত পৰিৱেশবিদ, প্রাণী বিজ্ঞানী ।

দৈনন্দিন বাৰ্তা

মহাৰাষ্ট্ৰৰ বুলধানা জিলাত অৱস্থিত লোনাৰ হ্ৰদৰ পানীৰ ৰং যোৱা কেইটামান দিনৰ পৰা ৰঙচুৱা গোলাপী হৈ পৰিছে৷ ইয়াকে লৈ স্থানীয় লোকসকল আচৰিত হৈছে৷ পানী ৰং সলনি হোৱাত পৰিৱেশবিদ আৰু প্রাণী বিজ্ঞানীসকল চিন্তিত হৈছে৷ লোনাৰৰ জিলা প্ৰশাসক ছৈফান নাদাফে জনায় যে বন বিভাগে পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছে৷ প্ৰাথমিক পৰীক্ষাৰ প্ৰতিবেদন মতে পানীত লবন বাঢ়িছে আৰু এলগিৰ অতিৰিক্ত উপস্থিতিৰ বাবে এইদৰে ৰং সলনি হৈছে৷ বিশেষজ্ঞসকলৰ মতে ইয়াৰ আগেয়ে লোনাৰ হ্ৰদৰ ৰং ৰঙচুৱা বা গোলাপী দেখা গৈছিল৷ কিন্তু এইবাৰ ৰঙৰ পৰিমাণ বেছি৷ প্রায় ৫০,০০০ বছৰৰ আগেয়ে উল্কাপিণ্ড পৰি গাঁতৰ সৃষ্টি হৈছিল৷ সেইটোৱেই এতিয়া জনপ্রিয় পর্যটন কেন্দ্র লোনাৰ হ্ৰদ৷ এই হ্ৰদত বহু পৰিমাণৰ জলজ উদ্ভিদ আছে৷ হ্ৰদ সংৰক্ষণ সমিতিৰ মতে বৰষুণ নোহোৱাত হ্ৰদত পানীৰ পৰিমাণ কমি গৈছে৷ তুলনামূলকভাৱে পানী কমি যোৱাত লবনৰ পৰিমাণ বাঢ়ি গৈছে৷ ফলত পানীৰ ৰং গোলাপী হৈ পৰিছে ৷

ছ’চিয়েল মাধ্যম বনাম সমসাময়িক সমাজ ব্যৱস্থা …

বৰ্তমান বহুল প্ৰচলিত ছচিয়েল চাইটৰ প্ৰভাৱ  সমাজ ব্যৱস্থাৰ ওপৰত দিনক দিনে বাঢ়িব ধৰিছে। কেতিয়াবা যদি ভাল আকৌ কেতিয়াবা বেয়া। এতিয়া সমাজৰ বহু লোক ব্যস্ত হৈ পৰে এই সমুহ সামাজিক  মাধ্যমত। বৰ্তমান ছ’চিয়েল চাইটৰ প্ৰভাৱ ইমানেই বেছি হৈছে যে আৰু কিছু বছৰৰ পাছত হয়তো প্ৰচাৰৰ  ক্ষেত্রত এক নতুন মাত্ৰা লাভ কৰিব। এনে এদিন আহিব হয়তো ছ’চিয়েল মাধ্যমে বৈদ্যুতিক মাধ্যমকো চেৰ পেলাবলৈ সক্ষম হ’ব। বৰ্তমান অনলাইন নিউজ পৰ্টেল আৰম্ভ হৈছে ইয়াৰ প্ৰসাৰৰ লগে লগে হয়তো এদিন বৈদ্যুতিক মাধ্যম সমূহলৈও ভাবুকি অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইতিমধ্যে ছ’চিয়েল চাইটৰ দ্বাৰা বিভিন্ন উপাৰ্জনৰ পথো প্ৰশস্ত হৈছে। আধুনিক যুগত প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে ছ’চিয়েল মাধ্যম পাৰস্পৰিক যোগাযোগৰ ক্ষেত্রত এক শক্তিশালী যোগাযোগ মাধ্যম ৰূপে পৰিগণিত হৈছে। সকলোৰে ঘৰে ঘৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব ধৰিছে। মুহূৰ্ততে বিশ্বৰ সকলো খবৰ লাভ কৰিবলৈ সক্ষম হৈছো। মোবাইল ফোনত ইন্টাৰনেট সেৱাৰ সহজলভ্যতাৰ ফলস্বৰূপে সমাজৰ প্ৰতিতো স্তৰৰ ব্যক্তি শিক্ষিত বা অশিক্ষিত যিয়েই নহওঁক কিন্তু ‘যোগাযোগৰ মাধ্যম ৰূপে ব্যাপক এই সমুহ মাধ্যম  ব্যৱহাৰ কৰিছে। বৰ্তমান সমাজৰ সকলো শ্ৰেণীৰ লোকে সময় অতিবাহিত কৰিবলৈ লৈছে এইসমূহ ছ’চিয়েল মাধ্যমত। ফেচবুক, হোৱাইটচ এপ, টুইটাৰ, ইউটিউব, গুগল আদিয়ে বৰ্তমান যুগত প্ৰচাৰ আৰু যোগাযোগৰ এক অন্যতম মাধ্যম  মাধ্যম ৰূপে মাত্ৰা লাভ কৰিছে। এই সমূহ মাধ্যমৰ যথেষ্ট ইতিবাচক ফলাফল আছে। তথাপিও কিন্তু বৰ্তমান সময়ত এই সমূহ ছ’চিয়েল মাধ্যমৰ নেতিবাচক ফলাফল দিনক দিনে বাঢ়িবলৈ ধৰিছে। বহু লোকে সামাজিক মাধ্যম সমূহ অপব্যৱহাৰৰ কৰাৰ ফলত সমাজত নেতিবাচক প্ৰভাৱ পৰিছে। বহু লোকে ছ’চিয়েল মাধ্যম  সমূহত ভুৱা একাউন্ট খুলি কাৰোবাক ভাবুকি বা ব্লেকমেইলিং,  অপপ্ৰচাৰ, উৰাবাতৰি আদি প্ৰচাৰত আগভাগ লোৱা দেখা যায়। কোনো কোনো ঠাইত ভাতৃঘাটি বা গোষ্ঠী সংঘৰ্ষ সৃষ্টি এই সামাজিক মাধ্যমৰ যোগেদি হৈছে। কাৰ্বিআংলংত সোপাধৰাৰ সন্দেহত দুজন যুৱকক নিৰীহৰ সন্দেহত জীৱন্তে হত্যা কৰা হ’ল ! এই হত্যাকাণ্ডৰ অন্যতম কাৰণ হিচাপে জনপ্ৰিয় ছ’চিয়েল চাইট ফেচবুক, হোৱাইটচ এপত খোপাধৰাৰ ভুৱা বাতৰি বহু লোকে প্ৰচাৰ কৰিছিল। আৰু সাধাৰণ মানুহেও প্ৰচাৰিত উক্ত সংবাদটো সচাঁ বুলি মানি লবলৈ বাধ্য হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিতে দুজন নিৰীহ যুৱকে প্ৰাণ হেৰুৱালে! গতিকে ছচিয়েল মাধ্যম বিলাক ব্যৱহাৰ কৰোতে সাৱধানতা অৱলম্বন কৰিব লাগে। বৰ্তমান সময়ত এনেকুৱা হৈছে যে জীৱনৰ প্ৰতিটো খোজেই যেন ছচিয়েল চাইট অবিহনে শূন্য। সামাজিক মাধ্যম সমূহে সমাজৰ বিভিন্ন দিশকো প্ৰতিফলিত কৰাইছে। পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে যেন ছচিয়েল মাধ্যম অপৰিহাৰ্য্য হৈ পৰিছে। প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত এই মাধ্যম সমূহৰ প্ৰভাৱ নপৰাকৈ থকা নাই। এখন সমাজৰ সকলো বা-বাতৰি  প্ৰতিফলিত হয়। বৰ্তমান নতুন প্ৰজন্ম এনে এই সামাজিক মাধ্যম সমূহ ব্যৱহাৰ কৰিবলৈ গৈ বিভিন্ন সমস্যাত পৰা দেখা যায়। অৱশ্যে কম বয়সতে মবাইল বা লেপটপ সন্তানৰ হাতত তুলি দিয়াৰ বাবে পিতৃ মাতৃয়ে জগৰীয়া। নিজৰ সন্তানক প্ৰয়োজনীয়তা অনুসৰিহে এনে বস্তুবোৰ হাতত তুলি দিয়া উচিত। আপুনি বা মই প্ৰতিজন ছচিয়েল মাধ্যম ব্যৱহাৰ কাৰীয়ে জনা উচিত যে আপুনি বা মই ছচিয়েল মাধ্যমত ব্যৱহাৰ   কৰা এটা শব্দ বা বাক্যই প্ৰচলিত সমাজ ব্যৱস্থাত কলুষিত কৰি তুলিব পাৰে নাইবা কাৰোবাৰ জীৱন পৰ্যন্ত কাঢ়ি নিব পাৰে। গতিকে, এনে ক্ষেত্রত আমি প্ৰতিজন ব্যৱহাৰকাৰীয়ে সাৱধানতা অৱলম্বন কৰা উচিত। ছচিয়েল মাধ্যমৰ নেতিবাচক দিশসমূহ পৰিত্যাগ কৰিব লাগে। নিজ তথা সমাজৰ সহায়ক হোৱা বাৰ্তা নিজেও গ্ৰহণ কৰিব লাগে আৰু সমাজলৈও প্ৰেৰণ কৰিব লাগে। অভিভাৱক সকল নিজ সন্তানৰ ওপৰৰ পৰত নজৰ ৰাখিব লাগে আৰু বিভিন্ন সামাজিক প্ৰচাৰ মাধ্যমৰ বেয়া দিশ সমূহ বুজাই দিব লাগে। বিজ্ঞানৰ প্ৰতিটো আৱিষ্কাৰৰে সুফল আৰু কুফল দুয়োটাই আছে।বেয়া সমূহ পৰিত্যাগৰ বাবে সকলোৱে চেষ্টা কৰা উচিত !

ৰূপহীহাটত শ্বামিমুলে গোপনে চলাইছে পাঞ্জাৱ বেংকৰ তিনিটাকৈ চিএচপি । পত্নী-ভগ্নীৰ নামাতো চিএচপিৰ আবণ্টন ।বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ ভুৱা একাউণ্টৰ জৰিয়তে চলাইছে লুন্ঠণ ।

এ জে আকন্দ‌, নগাঁও

বিভিন্ন বেংক বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত এতিয়া কাঠফুলৰ দৰে গঢ়ি উঠিছে গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চিএচপি। নগাঁও জিলাতো একেই দৃশ্য পৰিলক্ষিত হৈছে। এই চি এচ পি সমূহৰ নামত একাংশ বাণিজ্যিক প্ৰতিনিধিয়ে লুন্ঠণৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। উত্থাপিত অভিযোগ মতে, জিলাখনৰ ৰূপহীহাটৰ শ্বামিমুল ইছলাম নামৰ এজন যুৱকে নিজৰ লগতে একাংশ আত্মীয়ৰ নামত চলাই গৈছে একাধিক চিএচপি। পাঞ্জাৱ নেচনেল বেংক ৰূপহী শাখাৰ অধীনত শ্বামিমুলে লাভ কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ চিএচপি। সেই অনুসৰি, নিজৰ নামত থকা চিএচপিটোৰ ঠাই দেখুৱাইছে ভকতগাঁও। তেওঁৰ ক’ড নম্বৰটো হ’ল K2200652, পত্নীৰ নামত থকা চিএচপিটোৰ ঠাই দেখুৱাইছে ৰৌমাৰী যাৰ ক’ড নম্বৰ হ’ল K1402050 আৰু শ্বামিমুলে নিজৰ ভগ্নীৰ নামত একেটা। বেংক শাখাৰ অধীনত লাভ কৰিছে আন এখন চিএচ পি । এই চিএচপিটোৰ ঠাই দেখুৱাইছে ফাকলি যাৰ ক’ড নম্বৰ হৈছে K1403414। এই চিএচপি কেইটাৰ নিৰ্দিষ্ট এলেকাত কাৰ্যালয় থাকিব লাগে যদিও নাই কোনো আনুষ্ঠানিক কাৰ্যালয়। একমাত্ৰ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা এই চিএচপি কেইটা চলাই গৈছে ৰূপহীৰ বজাৰ এলেকাত থকা এটা গোপন স্থানত। এই চিএচপি কেইটাৰ বিপৰীতে জব কাৰ্ড শ্ৰমিক, প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি, সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানি আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ নামত ভুৱা একাউন্টৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে। অকল ইমানেই নহয় বহু গ্ৰাহকৰ ধন জমা নকৰি সেই ধনৰে  ৰূপহী বজাৰত শ্বপিং মল খুলি অগাধ সম্পত্তিৰ গৰাকী হ’বলৈ সক্ষম হৈছে। সংশ্লিষ্ট বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এইদৰে নামে বেনামে একাধিক চিএচপি খুলিবলৈ সক্ষম হৈছে। এনে দুৰ্নীতি-অনিয়ম সংঘটিত কৰা স্বত্বেও বেংক কৰ্তৃপক্ষই ৰহস্যজনক ভাবে নিমাত হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে। সেয়ে সচেতন ৰাইজে এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

ঋতু সলনি হ’ল ভাৰতীয় ফুটবলৰ

ক’ৰোনা মহামাৰীৰ বাবে পিছুৱাই গ’ল ভাৰতীয় ফুটবলৰ সময়সূচী তথা ঋতু৷ দুমাহ পিছুৱালে এই ঋতু৷ ১ জুনত আৰম্ভ হয় ভাৰতীয় ফুবটবলৰ ঋতু৷ কিন্তু এইবাৰ আৰম্ভ হ’ব ১ আগষ্ট৷ এই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে৷ এই ঋতু অহা বছৰৰ ৩১ মে’ত শেষ হ’ব৷ সেয়ে ফুটবল খেলুৱৈৰ পঞ্জীয়ন আৰম্ভ কৰিব পাৰে ক্লাববোৰে৷ ভাৰতীয় ফুটবল ফেডাৰেছনৰ প্ৰস্তাৱিত নতুন কেলেণ্ডাৰত সন্মতি দিছে ফিফাই৷ ফিফাই আগেয়ে জনাইছিল যে ক’ৰোনাৰ বাবে শেষ মুহূৰ্তত ট্ৰান্সফাৰ উইণ্ড পৰিৱৰ্তন কৰিব পাৰে সংশ্লিষ্ট দেশৰ ফুটবল সংস্থাবোৰে৷ সেই মতে নতুন ট্ৰান্সফাৰ উইণ্ড খোলাৰ দিন ঘোষণা কৰিলে ফেডাৰেছনে৷ প্ৰথম পৰ্যায়ৰ ৰেজিষ্ট্ৰেচন ১ আগষ্টৰ পৰা আৰম্ভ হ’ব৷ দ্বিতীয় ট্ৰান্সফাৰ উইণ্ড খুলিব ১ জানুৱাৰীত৷ ট্ৰান্সফাৰ উইণ্ডৰ দিন ঘোষণা কৰিলেও আইএছএল আৰু আই লীগ কেতিয়া হ’ব সেয়া জনোৱা নাই ভাৰতীয় ফুটবল ফেডাৰেছনে ৷

অসমৰ ক্ষুদ্ৰ কৃষকৰ দূৰাৱস্থা আৰু চৰকাৰৰ কৰণীয়

গুনোজীৎ দাস

অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰাকৃতিক অনুকুল পৰিৱেশত বাৰিষা-খৰালি বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মুলতঃ ধান খেতি , বিভিন্ন শাক-পাচলিৰ খেতি আদিয়ে প্ৰধান। ইয়াৰ উপৰিও পশুপালন, মীন পালন আদিয়ে ৰাজ্যৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দেখা যায়। অৰ্থাত দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ দিশত খেতিয়কসকলে মুখ্য ভুমিকা পালন কৰি আহিছে। এনেবোৰ কাৰণতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে দেশৰ জৰুৰীকালীন অৱস্থাত অসমৰ খেতিয়ক সকলোক ভূয়সী প্ৰসংশা কৰিছে । কিন্তু বৰ্তমান সময়ত অসমৰ খেতিয়কসকল বিভিন্ন দিশত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় । বিশেষকৈ মুলধনৰ অভাৱ, বজাৰৰ অভাৱৰ ফলত খেতিয়সকল লোকচানৰ সন্মুখীন হৈ অহা দেখা যায় । উন্নত মানদণ্ডৰ বীজৰ অভাৱত তেওঁলোকৰ উৎপাদন বহু পৰিমাণে কমি অহা দেখা যায় । আনহাতে অৰ্থৰ অভাৱত তেওঁলোকে বিভিন্ন চৰকাৰী- বেচৰকাৰী বেংক, অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা টকা সূত ল’ব লগা অৱস্থা হয়। ইয়াৰ উপৰিও এডৰা মাটিতে পুৰণিকলীয়া কৃষি পদ্ধতিৰে বছৰ-বছৰ ধৰি খেতি কৰাৰ ফলত ক্ৰমান্বয়ে উৎপাদন হ্ৰাস হৈ অহা দেখা যায় । প্ৰাকৃতিক কাৰণবশতঃ তেওঁলোকৰ খেতি সমুহ নষ্ট হোৱা দেখিবলৈ পোৱা যায়। প্ৰতিবছৰে হোৱা বানপানীৰ ফলত খেতিয়ক সকল সমস্যাৰ সন্মুখীন হৈ আহিছে । মুঠৰ ওপৰত কবলৈ গ’লে খেতি চপোৱাৰ সময়লৈকে খেতিয়কসকলে এশ এবুৰি সমস্যাৰ সতে যুজ দিব লগা হয় । সাম্প্ৰতিক সময়ত ক’ৰ’ণা মহামাৰীৰ কাৰণে অসমৰ ক্ষুদ্ৰ খেতিয়ক সকলোৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা দেখা গৈছে। বিশেষকৈ বিঘাক-বিঘায়ে খাদ্য সামগ্ৰী উপযুক্ত বজাৰৰ অভাৱত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। সাধাৰণতে এই ক্ষুদ্ৰ খেতিয়কসকলৰ বছৰযোৰা উপাৰ্জন নিৰ্ভৰ কৰে এই ৰবি শস্যৰ ওপৰত। তেওঁলোকে মূলধনৰ কাৰণে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা টকা সুতত লোৱা দেখা যায় ।এনে অৱস্থাত তেওঁলোকৰ উৎপাদিত খাদ্য সামগ্ৰী সমুহ উপযুক্ত বজাৰ নাপালে খেতিয়কসকল যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰ এখনৰ ভুমিকা গুৰুত্বপূৰ্ণ হোৱাটো প্ৰয়োজন। বিশেষকৈ যোগান মন্ত্ৰালয় এই দিশত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন । এই ক্ষুদ্ৰ খেতিয়ক সকলোৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰিব পাৰিলে ৰাজ্য অৰ্থনৈতিক ভেটি টনকিয়াল হোৱাৰ লগতে খেতিয়ক সকলোৰ সমস্যা সমুহ সমাধান হ’ব । ইয়াৰ লগতে কৃষি কাৰ্যৰ লগত জড়িত নাগৰিক সকল উৎসাহিত হোৱাৰ লগতে জৰুৰীকালীন সময়ত সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ সম্ভৱপৰ হৈ উঠিব ।এই ক্ষেত্ৰত চৰকাৰখনক সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো শ্ৰেণীৰ নাগৰিকে আহ্বান জনাইছে। 

লক ডাউন আৰু অসমৰ চাহ শিল্প

এটি কলি দুটি পাত হিচাপে গ্ৰাম্য অঞ্চলত পৰিচিত চাহ উদ্যোগ।চাহ উদ্যোগ সম্পৰ্কে বিশেষ ঐতিহাসিক তথ্য বিচাৰি পোৱা নাযায় যদিও ভাৰতবৰ্ষত চাহ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ব্ৰিটিছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত। ১৭৭৮ চনত ছাৰ যোছেফ বেংকক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নতুন শস্য উৎপাদন সম্পৰ্কত জেলানি টোকা প্ৰস্তুত কৰোঁতে ব্ৰিটিছ বিষয়াজনে তেওঁ ভাৰতবৰ্ষত চাহ উৎপাদন কৰিব লাগে বুলি পৰামৰ্শ প্ৰদান কৰে। হয়তো এয়াই আছিল আজিৰ চাহ শিল্পৰ অংকুৰিত বীজ। প্ৰথম অৱস্থাত ব্ৰিটিছ সকলে নিজা উদ্যোগত চাহ বাগিচা সমূহ স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱানে নিজ প্ৰচেষ্টাত চেনিমৰা আৰু চেংলুঙত দুখন চাহ বাগিচা পাতে। উল্লেখ্য যে ১৮৫২ চনলৈ ব্যক্তিগত উদ্যোগত শিৱসাগৰত মানুহে মাথোঁ তিনিখন বাগিচা পাতিছিল। ইয়াৰ দুখন মণিৰামৰ আৰু এখন আছিল এজন চাহাবৰ। ব্ৰিটিছ যুগ বা তাৰ পৰৱৰ্তী সময়ত এক বিশেষ শ্ৰেণীৰ মাজত এই উদ্যোগ আছিল। নিবনুৱা সমস্যা বৃদ্ধিৰ ফলত আৰু স্থানীয় ভাবে বটলিফ ফেক্টৰী সমূহ হোৱাৰ ফলত অসমৰ সকলো শ্ৰেণীৰ মানুহে ইয়াক কৃষি হিচাপে আঁকোৱালি ল’লে আৰু কালক্ৰমত ই এক গ্ৰাম্য সমাজৰ অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলালে। বৰ্তমান অসমৰ কিছু কিছু অঞ্চলত চাহ শিল্পই অৰ্থনীতিৰ মূল ভেটি। সাম্প্ৰতিক সময়ৰ কোভিড-১৯ সন্ত্ৰাসে সৃষ্টি কৰা লক ডাউনৰ ফলত বিশ্ব অর্থনীতি বিধ্বস্ত হৈছে। সকলোতে হাহাকাৰ।এই বিধ্বস্ত অৰ্থনীতিৰ বতাহজাকে বাৰুকৈয়ে ভাঙি পেলাইছে চাহ শিল্পৰ অৰ্থনীতিক।এই লকডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে সমগ্ৰ ভাৰতৰ লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। সাধাৰণতে চাহ গছৰ উৎপাদন আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা। কিন্তু লকডাউনৰ বাবে এই উৎপাদন স্তব্ধ হৈ পৰিল।অৱশ্যে চৰকাৰে এই উদ্যোগৰ কথা চিন্তা কৰি লকডাউনৰ মাজতে চাহ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে কিছু নীতি-নিৰ্দেশনা দি ৰাজ্যৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহৰ কাম-কাজ চলাবলৈ অনুমতি প্ৰদান কৰিলে যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজিও কেঁচা পাত উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।চাহ গছৰ চিঙিবলগীয়া পাত সমূহ এক নিদিষ্ট সময়ৰ ভিতৰত ছিঙিব লাগে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সময়ত কেঁচা পাত ছিঙিব নোৱাৰাৰ ফলত পাতসমূহ দীঘল হৈ পৰে। ফলস্বৰূপে বছৰৰ প্ৰথম উৎপাদনৰ কেঁচা পাত (FIRSTFLUSH) সম্পূৰ্ণ ৰূপে হেৰুৱা লগতে বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কসকলে চকুপানী টুকি টুকি দীঘল পাত সমূহ কাটি পেলাবলৈ বাধ্য হৈছে। ফলত এতিয়া আৰ্থিক অনাটনে জুৰুলা কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। ভাগি পৰিছে অৰ্থনীতি।ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া নিজৰ বাগিচাত লঘু কলম দিয়া পাছত কেঁচা পাত উৎপাদন হ’বলৈ কমেও এমাহ সময় লাগিব অৰ্থাৎ মে’ মাহৰ শেষলৈহে চাহ পাত ছিঙিব পাৰে। এনে অৱস্থাত বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ মূৰত সৰগ ভাগি পৰিছে। অলপতে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৰ্বভাৰতীয় মহাসংঘ চমুকৈ ছিছটাৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে সমগ্ৰ ভাৰতত ২ লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত অসমতে প্ৰায় ১লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। লকডাউনৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে প্ৰায় ৫০০ কোটি টকা। এটা বৰ্ষত ভাৰতত মুঠ চাহ উৎপাদন হয় প্ৰায় ১৩৯০ মিলিয়ন কেজি। ইয়াৰে ৫০ শতাংশ চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চাহ উৎপাদন বৰ্ষৰ আৰম্ভণিৰ পৰা এপ্ৰিল মাহলৈকে বছৰটোৰ মুঠ উৎপাদনৰ ১৫ শতাংশ কেঁচা পাত উৎপাদন হয়। সেই হিচাপত প্ৰতি কেজি কেঁচা পাতত গড়ে ২০ টকাকৈ ধৰিলে প্ৰায় ১০০০ কোটি টকা সমগ্ৰ ভাৰতত ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে। এই লোকচান প্ৰতি বিঘাত প্ৰায় ৭০০০ টকাকৈ। এই হিচাপত লোকচানৰ পৰিমাণ প্ৰায় এহেজাৰ কোটি টকা। ইয়াৰে অৰ্ধেক সংখ্যক গ্ৰাম্য মধ্য, নিম্নমধ্য বিত্ত আৰু দুখীয়া পৰিয়ালৰ। অসমৰ গ্ৰাম্য বহু এনে পৰিয়াল আছে যি হয়তো নিজৰ বাৰীখনত কিছু চাহ গছ ৰোপণ কৰি যেনেতেনে চলি আছিল।এই উদ্যোগৰ লগত জড়িত আছে বহু শ্ৰমিক পৰিয়াল।এনে দুৰ্যোগপূৰ্ণ সময়ত নিশ্চয় চৰকাৰৰ কিছু কৰণীয় আছে। আমি ভাবো চৰকাৰে অৰ্থনীতিত বিশেষ অৰিহণা যোগোৱা এই চাহ উদ্যোগৰ বাবে বিশেষ সাহায্য প্ৰদান কৰি কিছু সকাহ দিব। নহ’লে এই উদ্যোগ এসময়ত মৃতপ্ৰায় উদ্যোগলৈ ৰূপান্তৰ হ’ব। আমাৰ আশা চৰকাৰে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা ল’ব।