Home Blog Page 3308

১০ আগষ্টত অসমত “জেল ভৰো” আন্দোলন এআইচিচিটিইউৰ

তিনিচুকীয়া : এ.আই.চি.চি.টি.ইউৰ অসম ৰাজ্যিক তথা অন্যতম সৰ্বভাৰতীয় সম্পাদক সুভাষ সেনে প্ৰেছ বিবৃতি যোগে বৃহত্তৰ বিজয়ৰ বাবে বৃহত্তৰ সংগ্ৰাম আৰু বৃহত্তৰ সংগ্ৰামৰ বাবে বৃহত্তৰ ঐক্য গঢ়ি তোলাৰ লক্ষ্যত মোদীৰ দেশ বিক্ৰীৰ অভিযানৰ নীতিৰ বিৰুদ্ধে শ্ৰমিকৰ দেশ বচাওঁক তথা “ভাৰতবৰ্ষক ৰক্ষা কৰা”ৰ নীতিৰ বহুল প্ৰচাৰৰ জৰিয়তে ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ আহ্বানত “ভাৰত ত্যাগ দিৱস”ত দেশ জোৰা ৯ আগষ্টৰ পৰিবৰ্তে অসমত (উক্ত দিনা দেওবাৰত লক ডাউন জাৰি থকাৰ বাবে) ১০ আগষ্টত জেল ভৰো বিক্ষোভ প্ৰদৰ্শন আদি কাৰ্যসূচী সফল কৰিবলৈ সংগঠিত, অসংগঠিত খণ্ডৰ শ্ৰমিক সহ ক্ষেত মজদুৰ, গ্ৰামীণ দৰিদ্ৰ, আঁচনিভুক্ত আশা, অঙ্গনৱাদী, মধ্যাহ্ন ভোজন কৰ্মীসহ সমূহ ৰাইজকো আহ্বান জনাইছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে উদ্যোগ ৰক্ষা কৰা, অসম ৰক্ষা কৰা আদিৰ পূৰ্ব চৰ্ত হৈছে মোদী শাসনৰ অৱসান ঘটোৱা, মোদীশাহীৰ ফান্দৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰা। আৰু কোৱা হয় যে মোদীৰ “আত্মনিৰ্ভৰ ভাৰত” এক মস্ত আভুৱা, ভাৰতবৰ্ষক বিক্ৰী কৰাৰ এক ধ্বংসাত্মক শ্ল’গানহে। ১০ আগষ্টৰ জেল ভৰো আন্দোলনৰ দাবীসমূহ ক্ৰমে মজদুৰ, গ্ৰামীণ শ্ৰমিক আৰু অসমলৈ (নিজ ৰাজ্যলৈ) ঘূৰি অহা পৰিযায়ী শ্ৰমিক আদি অসংগঠিত খণ্ডৰ শ্ৰমিকক অহা ছমাহলৈকে প্ৰতি মাহত ১০,০০০ টকাকৈ লকডাউন ভাট্টা প্ৰদান কৰক। শ্ৰমিক ছাটাই, মজুৰি সংকোচন বা কৰ্তন, ডি.এ. বন্ধ কৰা আৰু সামাজিক নিৰাপত্তা দুৰ্বল বা হ্ৰাস কৰা বন্ধ কৰক। জাতীয় সম্পদ বিক্ৰী কৰা বন্ধ কৰক। ব্যক্তিগতকৰণ, নিগমীকৰণ আৰু নিৰ্বিনিয়োজন বন্ধ কৰক। কৃষক বিৰোধী, কৰ্পৰেটমুখী, বজাৰমুখী নীতি আৰু নতুন শিক্ষানীতি, পৰিবেশিক প্ৰভাৱ নিৰূপণ কৰা অধ্যাদেশসমূহ বাতিল কৰক! বিজেপি শাসিত ৰাজ্য আৰু আন আন ৰাজ্যত শ্ৰম আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত বাতিল কৰক, শ্ৰমিকক ক্ৰীতদাসলৈ পৰিণত কৰাৰ লক্ষ্যত যুগুত কৰা শ্ৰমসংহিতা (Codification of Labour Laws) বাতিল কৰক। ১২ ঘণ্টীয়া কৰ্মদিৱসৰ নিয়ম বন্ধ কৰক। শ্ৰমিক তথা ৰাইজৰ অধিকাৰ কাঢ়ি নিয়া বন্ধ কৰক, চৰকাৰী নীতিক সমালোচনাকাৰীক জেলত বন্দী কৰি ৰখা বন্ধ কৰক। নিবনুৱা সমস্যাৰ সমাধান কৰক, এনৰেগা শ্ৰমিকৰ বছৰত ২০০ দিনৰ কাম আৰু দৈনিক ৫০০.০০ টকাকৈ মজুৰি প্ৰদান কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মজুতকাৰীসকলক শাস্তি বিহক, খাদ্য সুৰক্ষা আইন আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন ৰদ কৰাৰ চক্ৰান্ত বন্ধ কৰক। স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু সাৰ্বজনীন কৰক, আঁচনিভুক্ত শ্ৰমিক-কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি আৰু মাননীৰ পৰিবৰ্তে প্ৰতিমাহত ২১ হেজাৰ টকাকৈ দৰমহা দিয়ক। ক’ৰোণা পৰিস্থিতিত কৰ্মহীন হৈ পৰা অসংগঠিত খণ্ডৰ শ্ৰমিকক মাহিলী ৭,৫০০.০০ টকাকৈ সাহায্য প্ৰদান কৰক, চাহ শ্ৰমিকক দৈনিক ৩৫১.০০ টকাকৈ মজুৰি দিয়ক, কৃষিভূমি অধিগ্ৰহণ আইন বাতিল কৰক, অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়ক, স্থায়ী সমাধানৰ ব্যৱস্থা কৰক, বান-খহনীয়া আক্ৰান্ত ৰাইজক পৰিয়াল সাহায্য প্ৰদান কৰক।

যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ৰোনাত মুঠ সংক্ৰমণৰ হাৰ ৭.৮৬ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ৰোনাত ৫২০৫০ জন আক্ৰান্তৰ হয়৷ এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ৷ এনে সময়ত আমেৰিকাত ৪৫৫৭০ আৰু ব্ৰাজিলত ১৬৬৪১ জন আক্ৰান্ত হৈছে৷ অৰ্থাৎ আক্ৰান্তৰ হিচাপত আমেৰিকা আৰু ব্ৰাজিলৰ ওপৰত আছে ভাৰত৷ এই বৃদ্ধিৰ বাবে ভাৰতত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৮ লাখ ৫৫ হাজাৰ ৭৪৫ জন হয়গৈ৷ দ্বিতীয় স্থানত থকা ব্ৰাজিলত মুঠ আক্ৰান্ত হ’ল ২৭ লাখ ৫০ হাজাৰ আৰু প্ৰথম স্থানত থকা আমেৰিকাত ৪৭ লাখ ১৩ হাজাৰজন আক্ৰান্ত হৈছে ৷ যোৱা ২৪ ঘণ্টাত ভাৰতত মুঠ সংক্ৰমণৰ হাৰ ৭.৮৬ শতাংশ। যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ৰোনা পৰীক্ষা হৈছে ৬ লাখ ৬১ হাজাৰ ৮৯২ জনৰ ৷ ভাৰতত ক’ৰোনত আক্ৰান্তৰ মুঠ ১২ লাখ ৩০ হাজাৰ ৫০৯ জন সুস্থ হৈছে৷ অৰ্থাৎ আক্ৰান্তৰ প্ৰায় ৬৬ শতাংশ সুস্থ হৈছে৷ যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩০৬ জন সুস্থ হয় ৷

চৰকাৰৰ ভুল বিত্তীয় সিদ্ধান্তলৈ আঙুলীয়ালে বিৰোধী দলপতিয়ে : ১৪ শতাংশ জিএচটি ৰ অংশ ৰাজ্যক নিদিয়াক লৈ সৰৱ

নাজিৰা : কৰ’নাৰ সংকটৰ পৰা মূক্তি পাবলৈ লকডাউনৰ জৰুৰী পৰিস্থিতিক সমগ্ৰ দেশবাসীয়ে মানি চলাৰ স্বাভাৱিকতে অৰ্থনীতিত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰা স্বাভাৱিক কথা। কিন্ত্ত ইয়াৰ বাবেই ৰাজ্যসমূহৰ প্ৰাপ্য ১৪ শতাংশ কৰৰ ক্ষতিপূৰণক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰাত ব্যৰ্থতা অহাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ভুল বিত্তীয় নীতিক সমালোচনা কৰিছে ৰাজ্যৰ বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সাংবাদিকলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত বিৰোধী দলপতি শইকীয়াই সংসদৰ বিত্ত বিভাগীয় সংসদীয় সমিতিৰ সচিব অজয় পাণ্ডেৰ বক্তব্যত কেন্দ্ৰীয় চৰকাৰ ভয়াবহ বিত্তীয় সংকটৰ মুখামুখি হৈছে বুলি ঘোষণা কৰা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ বাবেই ৰাজ্যসমূহক কৰৰ বিপৰীতে দিবলগীয়া আৰু নীতিগতভাৱে প্ৰাপ্য কৰৰ অংশৰ বিত্ত ৰাজ্যসমূহক দিবলৈ তেওঁলোকৰ হাতত মজুত নাই। ৰাজ্যসমূহক প্ৰাপ্য দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এই অপাৰগতাত সীমিত বিকল্প ৰাজহৰ উৎসৰে চলি ৰোৱা ৰাজ্য হিচাপে অসমৰ বাবে এই সংকট অধিক চিন্তনীয়। জিএচটি বলৱৎ কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰক ২০১৭ চনত বিৰোধী কংগ্ৰেছ দলে আলোচনাৰ মাজেৰে বাৰে বাৰে বাধা দিছিল আৰু তেতিয়া কংগ্ৰেছ দলৰ সাহস নাই বুলি সমালোচনা কৰি জিএচটি ততাতৈয়াকৈ বলৱৎ কৰাৰ বাবেই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাহসৰ প্ৰতীক বুলি উল্লেখ কৰিছিল শাসকীয় দলে। কেৱল কৰ’না সংকটৰ বাবেই নহয় জিএচটি বলৱৎ কৰণৰ পাছত ২০১৯ চনৰ আগষ্ট মাহতে জিএচটি সংগ্ৰহ আশানুৰূপ নোহোৱা আৰু দেশে বিত্তীয় সংকটৰ মুখামুখি হোৱাৰ কথা ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছিল। দেৱব্ৰত শইকীয়াই কয় যে লকডাউনে অৰ্থনীতিৰ থানবান কৰাৰ বহু পূৰ্বৰে পৰা দেশৰ অৰ্থনীতিত সংকট নামি আহিছিল। ৰাজ্যৰ বিত্তীয় জোৰা মাৰিবলৈ অসম চৰকাৰে এতিয়া নানা উৎসৰ পৰা ঋণ গ্ৰহণ কৰা স্বাভাৱিক কথা হৈ পৰিছে। বিগত কংগ্ৰেছ চৰকাৰতকৈ অধিক ঋণত বুৰ যোৱা পৰিস্থিতিত তেওঁক চৰকাৰক ব্যয় সংকোচন ঘটাই অপ্ৰয়োজনীয় খৰছ বন্ধ কৰিবলৈ আহ্বান জনাইছে। আনহাতে অসমৰ বিত্ত মন্ত্ৰীয়ে ৬৩০ কোটি টকা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা লাভ কৰাত তেওঁক জিএচটিৰ অংশ প্ৰদান কৰাৰ বাবে ধন্যবাদেৰে উপচাই দিলেও সেই ধন ৰিজাৰ্ভ বেংকৰ পৰা আহৰণ কৰি লোৱা ৩৩ হাজাৰ কোটি টকাৰ কনচলিডেটেড ফাণ্ডৰ পৰাহে আগবঢ়াবলৈ সক্ষম হৈছে। সেই কনচলিডেটেড ফাণ্ড ৰিজাৰ্ভ বেংকৰ পৰা ভাৰত চৰকাৰে উলিয়াই নিয়াৰ বাবে দেশ জুৰি তীব্ৰ প্ৰতিবাদ হৈছিল বুলিও উল্লেখ কৰে শইকীয়াই। সেয়ে জিএচটিৰ পৰা দিবলৈ সক্ষম হোৱা নাই বুলি কয় ৰাজ্যৰ বিৰোধী দলপতিয়ে। মুখ্যমন্ত্ৰীক এই বিষয়ত মৌনতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰকৃত সংকট মোচনৰ পক্ষে দৃঢ়তাৰে ভূমিকা ল’বলৈ বিৰোধী দলপতি শইকীয়াই সংশ্লিষ্ট চৰকাৰী পক্ষক আহ্বান জনায়। দেশৰ এনে বিত্তীয় সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিয়েই জগৰীয়া বুলি শইকীয়াই উল্লেখ কৰে৷

টীয়কত গঢ়ি উঠা নিষিদ্ধ ড্ৰাগছ ব্যৱসায় তৎকালীনভাৱে উচ্ছেদ আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কেইবাটাও সংগঠনৰ

মুদৈজান : অসমৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ টীয়কতো এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ। ইমানেই উঠি অহা যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গ’ল যে দেওবাৰে অত্যাধিক ড্ৰাগছ সেৱণ কৰাৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল টীয়ক বামুণপুখুৰীৰ উৎপল বৰুৱা নামৰ এজন যুৱক। টীয়কত গঢ় লৈ উঠা নিষিদ্ধ ড্ৰাগছৰ ঘাটি আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবীৰে কালি টীয়ক ৰাজহ চক্ৰ বিষয়াক আছু, যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ এটি দলে সাক্ষাৎ কৰি যোৰহাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, ভা: সাধাৰণ সম্পাদক পবিত্ৰ বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত আৰু টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, সম্পাদক বিশ্বজিৎ বৰা স্বাক্ষৰিত পৃথক স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰিছে। স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি যোৱা ২১ জুলাইত টীয়ক আৰক্ষীয়ে আটক কৰি অনা ৫ জন ড্ৰাগছ আসক্ত যুৱকক কি কাৰণত উক্ত দিনাই ৰহস্যজনকভাৱে মুকলি কৰি দিলে সেয়াও ৰহস্যৰ আৱৰ্তত, তাৰ লগতে দেওবাৰে অত্যধিক ড্ৰাগছ আসক্তিৰ ফলত মৃত্যু হোৱা উৎপল বৰুৱাৰ লগত থকা আনকেইজন যুৱকক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে সংগঠনকেইটাই। আনহাতে এক বিবৃত্তিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে অতি ক্ষোভেৰে কয়, অত্যাধিক ড্ৰাগছ আসক্তিৰ ফলত দেওবাৰে মৃত্যু হোৱা উৎপল বৰুৱাৰ দৰে যাতে উঠি অহা নৱপ্ৰজন্ম ধ্বংসৰ গৰাহলৈ নাযায় এইক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। তাৰ লগতে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ নেতৃত্বত অবৈধ ব্যৱসায় চলি থকাৰ কথা ছাত্ৰ সন্থাই বাৰম্বাৰ জনাই অহাৰ পাছত এইটোৱেই আকৌ প্ৰমাণিত কৰিলে কিদৰে কমিচনৰ অংকত চলি থাকিব পাৰে ড্ৰাগছৰ দৰে অবৈধ ব্যৱসায়।

জিম যোগ কেন্দ্ৰসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ৫ আগষ্টৰ পৰা খুলিব জিম আৰু যোগ কেন্দ্ৰসমূহল, এই বিষয়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে৷ নিৰ্দেশনা উল্লেখ থকা অনুযায়ী ৬৫ ৰ উৰ্দ্ধৰ ব্যক্তি, ৰুগীয়া ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ ল’ৰা ছোৱালী শৰীৰ চৰ্চাৰ পৰা বিৰত থাকিব লাগিব লগতে কেন্দ্ৰসমূহৰ বিষয়ববীয়াই ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব। 
ইয়াৰ ভিতৰত মূখ্য বিষয়সমূহ-
ক) জিম আৰু যোগ কেন্দ্ৰ সমূহত সকলোৱে ৬ ফুট দূৰত্ব মানি চলিব লাগিব ৷
খ) শাৰীৰিক ব্যায়ামৰ সময়ত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷
গ) পৰিস্কাৰ হৈ থাকিলেও কিছু সনয়ৰ অন্তৰে অন্তৰে হাত ধোৱাটো প্ৰয়োজন লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰাটোও বাধ্যতামূলক৷ হাঁচি, কাহ অহাৰ পিছত ব্যৱহাৰ কৰা ৰুমাল, টিছু একাষৰীয়াকৈ ডাষ্টবিনত পেলাব লাগিব।

আনহাতে সকলোকে “আৰোগ্য সেতু”এপ ডাউনলোড কৰিবলৈ আহ্বান কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে ৷

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

প্ৰধানমন্ত্ৰীক লৈ ‘উদ্বিগ্ন’ : অযোধ্যালৈ যাব কিন্তু ভূমি পূজাত নাথাকে উমা ভাৰতী

অনলাইন বাৰ্তা : ৰাম মন্দিৰৰ ভূমি পূজাৰ সময়তে ক’ৰোনা পৰিস্থিতিক লৈ চিন্তিত হৈ উদ্বিগ্ন ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উমা ভাৰতী ৷ ৫ আগষ্টত তেওঁ অযোধ্যা যাব ৷ কিন্তু ক’ৰোনা পৰিস্থিতিৰ মাজত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বিষয়টোক সৰ্বাধিক গুৰুত্ব দিয়েই ৰাম মন্দিৰৰ ‘ভূমি পূজা’ অনুষ্ঠানত যোগ নিদিয়ে ৷ সোমবাৰে টুইট কৰি ৰাম মন্দিৰৰ অন্যতম মুখ্য উমা ভাৰতীয়ে এই কথা জানিবলৈ দিয়ে৷ ইয়াৰ লগতে এই মহামাৰীৰ সময়ত অযোধ্যাৰ অনুষ্ঠানটোত যিসকলে যোগ দিছে সেই সকলো বিজেপি নেতা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ উদ্বেগ প্ৰকাশ কৰিছে এইগৰাকী বিজেপি নেত্ৰীয়ে৷ আনকি এই অনুষ্ঠানৰ পৰা তেওঁ নিজৰ নাম আঁতৰ কৰি দিবলৈ ৰাম জন্মভূমি ন্যাসৰ কৰ্মকৰ্তাক জনাইছে৷ ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সেই প্ৰসংগ টানি উমা ভাৰতীয়ে কয়, যিমাতু শুনিবলৈ পাইছে যে অমিত শ্বাহ আৰু আন বিজেপি নেতা ক’ৰোনাত আক্ৰান্ত হৈছে৷ যিসকল অযোধ্যাৰ আধাৰশিলা অনুষ্ঠানলৈ যাব তেওঁলোকক লৈ চিন্তা হৈছে ৷ বিশেষকৈ প্ৰধানমন্ত্ৰীক লৈ৷ উল্লেখ্য যে বুধবাৰে অযোধ্যাতে থাকিব উমা ভাৰতী৷ কিন্তু ৰাম মন্দিৰৰ ভূমি পূজা অনুষ্ঠানত তেওঁ যোগ নিদিয়ে৷ আন এক টুইটত তেওঁ লিখিছে, মই ৰাম জন্মভূমি ন্যাসৰ কৰ্মকৰ্তাক অনুৰোধ কৰিছো যে অনুষ্ঠান চলি থকা সময়ত মোক যেন সৰযূ নদীৰ কাষত থাকিবলৈ অনুমতি দিয়া হওক৷ অনুষ্ঠানত যোগ নিদিয়াৰ বিষয়ে উমা ভাৰতীয়ে দাবী কৰি কয়, ভূপালৰ পৰা ৰে’ল যোগে তেওঁ উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব৷ অযোধ্যাত তেওঁ কোনো কাৰণত ৰোগীৰ সংস্পৰ্শলৈ আহিব পাকে বুলি আশংকা প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী আৰু কেইবাশ মানুহ তাত সমবেত  হ’ব৷ তালৈ যাব নিবিচাৰে উমা ভাৰতীয়ে৷ তেওঁ কয়, সকলো চাবলৈ যোৱাৰ সময়ত তেওঁ ৰামলালা দৰ্শন কৰিব৷ দেওবাৰে অযোধ্যাৰ ভূমি পূজা অনুষ্ঠানক লৈ উমা ভাৰতীয়ে ১২ টা টুইট কৰিছে৷ অনুষ্ঠানত যোগ নিদিলেও তেওঁ যে অযোধ্যাত থাকিব সেই কথা জনাইছে৷ তেওঁ লিখিছে, আমাৰ জীৱনতে ৰাম মন্দিৰ নিৰ্মাণৰ আৰম্ভ হ’ল এয়া গৰ্বৰ বিষয়৷ উল্লেখ্য যে এই অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱত থকাৰ কথা৷ ৯০ দশকৰ এই আন্দোলনৰ দুই প্ৰধান ব্যক্তি লালকৃষ্ণ আদৱাণী আৰু মুৰুলীমনোহৰ যোশীয়ে ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠানৰ সাক্ষী থাকিব বুলি জানিব পৰা গৈছে ৷

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলত নথকাত অৱসৰৰ চিন্তা কৰিছিল ষ্টুৱাৰ্ট ব্ৰডে

অনলাইন বাৰ্তা, ৩ আগষ্ট : ইংলেণ্ডৰ ফাষ্ট বলাৰ ষ্টুৱাৰ্ট ব্ৰডে প্ৰকাশ কৰিছে যে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে তিনিখন মেচৰ ছিৰিজৰ উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকি অৱসৰ লোৱাৰ বিষয়টো বিবেচনা কৰিছিল ৷ ছাউদাম্পটনত ইংলেণ্ডৰ চাৰি উইকেটত পৰাজয়ৰ পাছতে অন্যতম কাৰণ হিচাপে বিবেচিত এই সিদ্ধান্তটো ৩৪ বছৰীয়া এই কেৰিবিয়ান দলৰ বিপক্ষে আশ্চর্যজনকভাৱে বাদ পৰিছিল ৷ যিয়েই নহওক পুনৰ ইংলেণ্ড টেষ্ট দলত স্থান দিয়া হৈছে আৰু  তেওঁ দল ২-১ত ছিৰিজ জয়ত মুখ্য ভূমিকা পালন কৰিছিল ৷ শেষৰ মেচ দুখনত তেওঁ মুঠ ১৬টা উইকেট লাভ কৰিছিল ৷ এতিয়া ব্ৰডে কয় যে উদ্বোধনী মেচৰ বাবে তেওঁ যেতিয়া আশা কৰিছিল তেতিয়া তেওঁ খেলা আবু ধাবিত বিড কৰাৰ চিন্তা ১০০ শতাংশ আছিল ৷ স্প’ৰ্টছ ২৪ত তেওঁ কয়, অৱসৰৰ সম্পৰ্কে কি মোৰ মগজুত চিন্তা আহিছিল ১০০ শতাংশ৷ কাৰণ  মই তললৈ গৈছো ৷ মই খেলাৰ আশা কৰো ৷ যেতিয়া খেলা বিপদজনক বিষয় হ’লেও মই অনুভৱ কৰো যে মই খেলাৰ যোগ্য আছিলো ৷ ব্ৰডে লগতে কয় যে সেই সময়ত তেওঁ সঁচাকৈ তলত থকা বোধ কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ লগতে অলৰাউণ্ডাৰ বেন ষ্টোকে তেওঁক সহায় কৰিছিল ৷

ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ, কংগ্ৰেছৰ প্ৰতিবাদী শোভাযাত্ৰা, আছুৰ মটৰ চাইকেলৰ বিশাল শোভাযাত্ৰাৰে উত্তাল টিংখাঙৰ ৰাজপথ

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় শশী শেনছোৱা আৰু হেমন্ত কোঁৱৰক দেওবাৰৰ নিশা জিলাখনৰ টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি নিশা টিংখাং থানাত ৰখাৰ পাছত আজি পুৱাই  দুয়োগৰাকী নেতাকে জিলা কাৰাগাৰলৈ আৰক্ষীয়ে লৈ যায়। জানিব পৰা মতে টিংখাঙৰ শালমাৰী অঞ্চলৰ এখন গাঁৱৰ এটা নামঘৰত কাৰাৰুদ্ধ কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সুস্বাস্থ্যৰ কামনা কৰাৰ লগতে অতিশীঘ্ৰ মুক্তি ‘কা’ বাতিলৰ দাবীত দেওবাৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰক্ষীয়ে দুয়োগৰাকী নেতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে টিংখাং থানাত ১৮৫/২০২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছে। দুয়োগৰাকী নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/১২৪(এ)১৫৩(এ)২৬৯/২৭০/১৭৭ ধাৰাৰ লগতে আৰ/ডব্লিউ ৫১(বি)৫২ ডি এম এক্ট ২০০৫ প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে। কৃষক মুক্তিৰ দুগৰাকী নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ কাৰ্যত সংগঠনটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিনা চৰ্তে মুক্তিৰ দাবী কৰিছে। ইপিনে ‘কা’ বাতিল আৰু কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাং ব্লক কংগ্ৰেছ কমিটীয়ে টিংখাঙৰ ৰাজগড়ত এক প্ৰতিবাদী শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত শতাধিক দলটোৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা যায়। আনহাতে আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন ঠাইৰ লগতে টিংখাং, ৰাজগড়ত ‘কা’ বাতিলৰ দাবীত এক বিশাল মটৰ চাইকেল শোভাযাত্ৰা কৰে। সহস্ৰাধিক মটৰ চাইকেলেৰে জিলাখনৰ মৰাণ নাহৰকটীয়া পথৰে ৰাজগড়, টিংখাং অঞ্চল অতিক্ৰম কৰা সদৌ অসম ছাত্ৰ সন্থাৰ শোভাযাত্ৰাকাৰী দলটোৱে ‘কা’ বাতিলৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তালেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

মাজুলীত কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীৰ বান সাহাৰ্য বিতৰণ

উজনি-মাজুলী : সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো বৰ্তমান ক’ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতেই বানপানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সহায়ৰ হাত আগবঢ়াই আহিছে। মাজুলীৰ তেনে এক অন্যতম মঞ্চ পূৱ মাজুলীৰ অগ্ৰণী অনুষ্ঠান ‘কলাগুৰু উদীয়মান যুৱ মঞ্চ’ বনগাঁও, মাজুলীয়ে বানপীড়িত লোকক কিছু সহায়ৰ হাত আগবঢ়াইছে। সংগঠনটোৱে কালি নামনি মাজুলীৰ দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পাছত আজি উজনি মাজুলীৰ প্রায় শতাধিক ছাত্র-ছাত্রীৰ মাজত কাগজ, কলম আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। মানৱতা যে এতিয়াও শেষ হৈ যোৱা নাই তাকেই যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলী কলাগুৰু উদীয়মান যুৱ মঞ্চই।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ ৷ ৰাজ্যসভাৰ পৰৱৰ্তী অধিৱেশনত বিধেয়ক নানিলে ভয়ংকৰ হ’ব অসমৰ পৰিস্থিতি : অজিত কুমাৰ ভুঞা

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ কালত বঙাইগাঁৱৰ এখন জনসভাত টাই, আহোম, কোচ ৰাজবংশী, মৰান, মটক, চুতীয়া আৰু আদিবাসী  বুলি  অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদম্ভে ঘোষণা কৰিছিল ৷ তেওঁ শাষনৰ ভাৰ গ্ৰহণ কৰাৰ এশ দিনৰ ভিতৰতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিলে৷ আজিলৈকে সেই ঘোষণা ঘোষণা হিচাপে থাকি গ’ল বাস্তৱত কাৰ্য্যকাৰী নহ’ল ৷ ইয়াৰ পিছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু নাগৰিকত্ব আইন সংশোধনী বিধায়ক সংসদত উথ্থাপন কৰাৰ সময়ছোৱাত সেই বৰ্ষৰ জানুৱাৰী মাহৰ ৯ তাৰিখে ৰাজ্যসভাত বিজেপি চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ পক্ষত সংবিধান অনুসুচিত  জনজাতি নিৰ্দেশ সংশোধনী বিধেয়ক ২০১৯ উথ্থাপন কৰিছিল ৷ আচৰ্য্য কথা যে ‘কেব’ গুচি ‘কা’ হ’ল ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখন আজিও কেবল এখন বিধেয়ক হৈ থাকি গ’ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আন্তৰিকতা নাই এই মন্তব্য ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভুঞাৰ ৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সাংসদ গৰাকীয়ে এইদৰে কয় ৷ তেওঁ কয় যে জনজাতি পৰিক্ৰমা মন্ৰালয়ৰ পৰা পোৱা তথ্যই চৰকাৰখনৰ সদিচ্ছাৰ ওপৰত সন্দেহ স্পষ্ট কৰি তুলিছে৷ উপ পঞ্জীয়ক প্ৰধান ছ’চিয়েল ষ্টাডিজৰ তৰফৰ ভাৰত চৰকাৰৰ জনজাতিয় পৰিক্ৰমা  দপ্তৰৰ সঞ্চালক চি এন্ড এল এম আই লৈ প্ৰেৰণ কৰা ৫ জানুৱাৰী ২০১৯ অফিচ মেমৰেন্ডামত স্পষ্টকৈ কোৱা হৈছে গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিবৰ অধ্যক্ষাতাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২৯ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে অসমৰ ছয় জনজাতিকৰণৰ আৰ্হি মডেলেটিজ সম্পৰ্কে পৰামৰ্শ দিবলৈ এখন কমিটী গঠন কৰি দিছিল৷ এই কমিটীয়ে নীতিগত কাৰণত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰিব পৰা যায় বুলি স্পষ্ট পৰমৰ্শ আগবঢ়াইছিল৷ কেবল ইমানে নহয় অসম চৰকাৰে জনজাতিয় পৰিক্ৰমা দপ্তৰলৈ প্ৰেৰণ কৰা প্ৰস্তাবৰ আধাৰত এই ছয় জনগোষ্ঠীৰ অতিৰিক্ত নৃগোষ্ঠীগত তথ্য গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিবৰ অধ্যক্ষতাত গঠিত কমিটীৰ পৰমৰ্শ আৰু পূৰ্ব লোকপিয়ল তথ্য সমুহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি দিয়া মূল উদ্দেশ্য বুলি ভুঞাই উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে ৭ জানুৱাৰী ২০১৯ তাৰিখে আয়োগৰ অধ্যক্ষ আৰু অন্যান্য সকললৈ এখন পত্ৰৰ সৈতে গাঠি দিয়া আয়োগৰ ৭ জানুৱাৰী ২০১৯ ১১০ সংখ্যক বৈঠকৰ আলোচনাৰ সাৰাংশৰ ক্ৰিমক নং ৬ এই কথা অতি স্পষ্টকৈ প্ৰকাশ পাইছে কেউতা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দি তালিকা ভুক্ত কৰিব লাগে৷ লগতে এই কথা স্পষ্ট কৰি দিয়ে যে জনজাতি পৰিক্ৰমা দপ্তৰে তেওঁলোকৰ ৫ জানুৱাৰী ২০১৮  তাৰিখৰ পত্ৰ নং ১২০২৬/০২/২০০৩ চি এন্ড এল এম যোগে প্ৰেৰণ কৰা প্ৰস্তাবক সমৰ্থন কৰে৷ পুনৰ ২০২১ অসম বিধান সভা নিৰ্বাচনত বিজেপিয়ে ছয় জনজাতিকৰণ লোভ দেখুৱাব বুলি সাংসদ অজিত কুমাৰ ভুঞাই উল্লেখ কৰে৷  এই ক্ষেত্ৰত সাংসদ গৰকীয়ে আগন্তুক ৰাজ্য সভা অধিবেশনত বিধেয়কখন উথ্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ অন্যথা এই বিষয়টোক লৈ সৃষ্টি হ’ব পৰা সকলো ধৰণৰ পৰিস্থিতিৰ বাবেই দিল্লী আৰু দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখন সম্পূৰ্ণৰূপে হ’ব লাগিব বুলি ভুঞাই স্পষ্টকৈ উল্লেখ কৰে৷ উল্লেখ্য যে সংবাদ মেল খনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, মনজিত মহন্ত উপস্থিত থাকে ৷