Home Blog Page 3309

বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰহ্মণ্যম স্বামীৰ মন্তব্য : চাৰি-পাঁচ বছৰৰ ভিতৰত ভাঙি পৰিছে দেশৰ অৰ্থনীতি

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা মহামাৰীৰ বাবে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ (জিডিপি) ৬ৰ পৰা ৯ শতাংশ কমিব বুলি আশংকা প্ৰকাশ কৰিছে বিজেপি নেতা সুব্ৰহ্মণ্যম স্বামীয়ে৷ অৱশ্যে সঠিক নীতি মানি চলিলে অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে৷ এই প্ৰসংগত মত প্ৰকাশ কৰি ৰাজ্যসভাৰ সাংসদজনে কয়, ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা মহামাৰীৰ বাবে চলিত বিত্ত বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ ৬ৰ পৰা ৯ শতাংশ কমিব পাৰে৷ যদি সঠিক নীতি অনুসৰণ কৰে তেন্তে অহাটো বৰ্ষত ঘুৰি আহিব পাৰে৷ অৱশ্যে দেশৰ এই কৰুণ দৃশ্য কেৱল ক’ৰোনাৰ বাবেই হোৱা নাই৷ যোৱা চাৰিৰ পৰা পাঁচ বছৰৰ আগতেই দেশৰ অৰ্থনীতি ভাঙি পৰিছে৷ ক’ৰোনাৰ বাবে ই অতি ভয়াৱহ আকাৰ ধাৰণ কৰে৷ ফলত এই বিত্তীয় বৰ্ষৰ শেষত দেখিবলৈ পোৱা যাব ৬ৰ পৰা ৯ শতাংশ বৃদ্ধিৰ হাৰ কমিছে৷ ইন্দো-আমেৰিকান চেম্বাৰ অব কমাৰ্চ, তেলেংগানা আৰু অন্ধ্রপ্রদেশ শাখাৰ যৌথ উদ্যোগত আয়োজিত এই ভাৰ্চুৱেল বৈঠকত দেশৰ অৰ্থনীতি কিদৰে ঘূৰিব সেই বিষয়ে এনেদৰে তেওঁ ব্যাখ্যা কৰে৷ এই বিষয়ে প্ৰধানমন্ত্ৰীলৈ একাধিকবাৰ চিঠি দিয়াৰ কথা তেওঁ উল্লেখ কৰে৷ সাংসদজনে কয়, আমাৰ উৎপাদন কৰাৰ ক্ষমতা আছে৷ কেৱল শ্ৰমিক আৰু কৃষক তেওঁলোকৰ কামৰ ঠাইলৈ ঘূৰি গ’লে, সঠিক নীতি মানি নতুনকৈ সকলো কাম আৰম্ভ হ’লেই দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ সাত শতাংশ পাবগৈ৷

বহুতে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম

দৈনন্দিন বাৰ্তা ডেস্ক : বহু লোকে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম ৷ এই বিখ্যাত অভিনেতাজনৰ সংগ্ৰামী জীৱনে আনি দিলে সফলতা৷ অমিতাভ বচ্চনৰ প্ৰকৃত নাম শুনিলে হয়তু বহুৱেই আচৰিত হৈ পৰিব৷ প্ৰকৃততে অমিতাভ বচ্চনৰ সেইটো প্ৰকৃত নাম নহয়৷ বাল্যকালত তেওঁৰ নাম আছিল ‘ইনকিলাব’৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত দিয়া ‘ইনকিলাব জিন্দাবাদ’ শ্ল’গানটোৰ পৰা তেওঁৰ পিতৃ আকৃষ্ট হৈ তেওঁৰ নামটো ‘ইনকিলাব’ দিয়া হৈছিল৷ কিন্তু পাছলৈ তেওঁৰ নামটো সলনি হৈ অমিতাভ হয়৷ উল্লেখ্য যে তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চন আছিল এজন বিখ্যাত কবি ৷ আনহাতে মাতৃৰ নাম আছিল তেজী বচ্চন ৷ কিন্তু পাছলৈ তেওঁৰ নাম অমিতাভ বচ্চনলৈ পৰিৱৰ্তন কৰে ৷ এতিয়া এই নামেৰে বিখ্যাত একালৰ ‘ইনকিলাব’৷

সোণতলীৰ জাওঁকাটাত অখিল গগৈৰ মুক্তিৰ দাবীত মিঞা পৰিষদৰ প্ৰতিবাদ

সোণতলী : দক্ষিণ কামৰূপৰ জাওঁকাটা  কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওঁকাটা কলহীপাৰ বজাৰ ক্লাৱ আৰু ৰাইজৰ সহযোগত জণদৰদী নেতা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়া, এবিআমছূৰ নেতা লাফিকুল হত্যাৰ ন্যায়, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন বাতিল আদি বিভিন্ন দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে অসম মিঞা পৰিষদ জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক, লাফিকুল হত্যাৰ ন্যায় লাগে, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰক, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা) আমি নামানো, কা আমাক নালাগে, অসম চৰকাৰ হায় হায়, জয় আই অসম আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে অসমৰ নিষ্পেষিত, বঞ্চিত আৰু অসমত জাপি দিয়া অসমীয়া জাতিধ্বংসী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী, ভাৰতৰ সংবিধানৰ মূল কাঠাম ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ নৎসাত তথা অসমীয়াৰ হকে মাত মতা জণনেতা অখিল গগৈক অন্যায় আৰু আক্ৰোশ মূলকভাৱে হিটলাৰী কায়দাৰে আটক কৰি ৰাখিছে। এয়া অসম চৰকাৰৰ চৰম অন্যায় আৰু অমানৱীয় কাৰ্য। প্ৰকৃতাৰ্থে চৰকাৰে অখিল গগৈক ভয় কৰি কৌশলগতভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে, ইয়াৰোপৰি এম মুক্তাৰ মণ্ডলে কয় যে মিঞা জণগোষ্ঠীৰ মাজৰ ধৰ্মীয় সংখ্যালঘুৰ তথা এবিআমছুৰ নেতা লাফিকুল হত্যাৰ আজি তিনি বছৰ ওকলি গ’ল কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহ’ল কিয়? হাগ্ৰামা প্ৰশাসনৰ কোনোবা এজন নিশ্চয় হত্যকাৰীৰ সৈতে জড়িত আছে৷ সেয়ে লাফিকুল হত্যাৰ বাবে হাগ্ৰামা চৰকাৰ দায়ী৷ এনে ধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে এম মুক্তাৰ মণ্ডলে৷ বিজিপি চৰকাৰে আৰ এছ এছৰ শ্ৰুতলিপিত অসমত যি বিদেশী সমস্যা সমাধানৰ বিপৰীতে নতুনকৈ নাগৰিকত্ব সংশোধনী আইন জাপি দি লাখ লাখ বাংলাদেশী বিদেশী অসমত সংস্থাপন কৰিবলৈ যি চক্ৰান্ত কৰিবলৈ লৈছে তাক সফল কৰিবলৈ দিয়া নহ’ব বুলিও মত প্ৰকাশ কৰে এম মুক্তাৰ মণ্ডলে৷ ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী অসমত সংস্থাপন কৰিবলৈ দিয়া নহ’ব, অন্যথায় গণতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত অসম মিঞা পৰিষদ কামৰূপ জিলাৰ সহকাৰী সম্পাদক আব্দূল হাই, মিঞা পৰিষদৰ কৰ্মকৰ্তাসকল, জাওকাটা কলহীপাৰ বজাৰ ক্লাৱৰ সভাপতি হেফজূৰ ৰহমান, ক্লাৱৰ সম্পাদক নবিৰ হুছেইন, জাওকাটা কলহীপাৰ আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ সভাপতি বিলাত হুছেইন, সম্পাদক বিল্লাল হুছেইন, সমাজ কৰ্মী আক্কেছ আলী, মণিৰ উদ্দিণ আদি দুই শতাধিক ব্যক্তি উপস্থিত থাকে।

নতুন শিক্ষা নীতিক লৈ উদ্ভব হোৱা কেইটামান বিশেষ প্রশ্ন ?

চন্দন কুমাৰ নাথ

মোদী চৰকাৰে প্রায় ৩৪ বছৰ পিছত দেশত যি নতুন শিক্ষা নীতিৰ ঘোষণা কৰিছে তাকে লৈ এতিয়া বহুতৰে মাজত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ বা প্রশ্নৰ উদয় হৈছে। এইটো হয় যে কিছু সংখ্যক লোকে সমর্থন তথা এই নতুন শিক্ষা নীতিক লৈ সুখ প্রকাশ কৰিছে কিন্তু ইয়াৰ বিপৰীতে অধিকাংশ লোকৰ মনত এটা কথাই বাৰে বাৰে ক্রিয়া কৰি আছে যে প্রকৃততে এই নতুন শিক্ষা নীতি আমাৰ ল’ৰা-ছোৱালীসকলৰ বাবে ফলপ্রসূ হ’ব নে? স্বামী বিবেকানন্দ দেৱে এনে ধৰণৰ শিক্ষা বিচাৰিছিল য’ত ল’ৰা-ছোৱালীৰ সর্বাঙ্গীন বিকাশ সাধন হয় বা হ’ব পাৰে। কিন্তু এতিয়া আমাৰ মনত এটা প্রশ্ন আহে যে এই নতুন শিক্ষা নীতিৰ জড়িয়তে আমাৰ সমাজত বসবাস কৰা গৰীব, দুখীয়া বা নিম্ন শ্রেণীৰ লোকৰ সন্তানেও ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি হ’ব পাৰিব নে? কিয়নো এই বিশেষ বিষয়সমূহ পঢ়িবলৈ বহুত টকা পইচাৰ প্রয়োজন হয়। গতিকে নতুন শিক্ষা নীতিৰ ফলত সমাজত বসবাস কৰা সকলো দুখীয়া শ্রেণীৰ সন্তানে বিদ্যালয়ত গৈ শিক্ষা গ্রহণ কৰিব নে আধুনিক টেকনিকৰ দ্বাৰা পঢ়া শুনা কৰিব পাব বা পাৰিব? নে সমাজত থকা দুখীয়া শ্রেণীৰ সন্তানে দুখীয়াই হৈ ৰ’ব? আৰু ধনী শ্রেণীৰ লোকসকলৰ সন্তানে ধনীয়ে হৈ থাকিব? বিদেশৰ পৰা বিশ্ববিদ্যালয় ভাৰতত আহিবলৈ বাট মুকলি কৰি দিয়াৰ ফলত আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে সেইবিলাকৰ শৈক্ষিক মানদণ্ড বিকাশ হ’ব নে বেছি বেয়া অৱস্থালৈ গতি কৰিব? শেহতীয়াভাৱে পোৱা খৱৰ অনুসৰি অসমত ছাত্র-ছাত্রীৰ উত্তীর্ণৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত কিন্তু আসনৰ সংখ্যা কমি অহাটো পৰিলক্ষিত হৈছে, গতিকে এনে পৰিস্থিতিত কেনেকৈ বিজ্ঞান আৰু বাণিজ্যৰ লগত ক’লা শাখাৰ সংযোজন সম্ভব? চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পূর্বৰ পৰাই অধ্যাপক আৰু আধুনিক শিক্ষা সাধনৰ যি অভাৱ দেখা দিছিল তাক এই নতুন শিক্ষা নীতিৰ জড়িয়তে পূৰাবলৈ সক্ষম হব নে? চৰকাৰী খন্ডৰ শিক্ষানুষ্ঠান সমূহক গুৰুত্ব প্ৰদান নকৰি, ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান সমূহক নিজৰ নিজৰ শিক্ষাৰ নামত যি ধৰণৰ এক ক’লা ব্যবসায় চলাই গৈ আছে তাক আৰু অধিক মজবুত কৰি গঢ়ি  তুলিবলৈ আৰু অধিক সুবিধা বা সুযোগ প্রদান কৰিব? জাতিগত ভেদাভেদ এই নতুন শিক্ষা নীতিৰ ৰাস্তাত কোনো ধৰণৰ বাধাৰ বা সমস্যাৰ সৃষ্টি কৰিব নেকি? এনে ধৰণৰ বহুকেইটা প্রশ্ন এতিয়া আমাৰ মনলৈ জাগ্রত হয় আৰু হোৱাটো স্বাভাবিক কিয়নো এই নতুন শিক্ষা নীতিৰ জড়িয়তে ধনাত্মক দিশতকৈ  ঋণাত্মক দিশহে বেছি দেখা পোৱা গৈছে। 

আমাৰ সমাজত ৰাখী বন্ধনৰ প্ৰাংসগিকতা

অনামিকা ঠাকুৰীয়া

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়। কিন্তু ৰাখী বন্ধনৰ এই উৎৱসটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও পুৰণি  আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিলছিল। আৰু বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। আৰু সিদিনাখন সংযোগ ক্ৰমে  শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু তাৰ পৰায়ে কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। আৰু মহাভাৰতৰো আখ্যান মতে- কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। আৰু তেতিয়াৰ পৰাই কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হৈছিল। ৰাখী বন্ধন হৈছে ভাৰতৰ এটা উৎসৱ। আৰু এই উৎসৱটি অতীজৰে পৰা শাওণ মাহৰ পূণিমা তিথিত পালন কৰা হয়। হিন্দু, জৈন, শিখ আদিৰ ধৰ্মৰ লোকসকলে এই উৎসৱটি উদ্‌যাপন কৰে। ভাৰতবৰ্ষত ৰাখী বন্ধন উৎসৱটি  অতি পুৰণি যদিও আমাৰ অসমীয়া সমাজত কিছু বছৰৰ পৰাহে এই উৎসৱটি উদ্‌যাপন কৰা হৈছে। ৰাখী বন্ধন এই উৎসৱটি ভাতৃ আৰু ভগ্নী বাবে এটা পবিত্ৰ দিন বুলি কোৱা। কিয়নো সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা। সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন। সংস্কৃতি মূলীয় শব্দ ৰাখীৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”। বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক  দিনে বৃদ্বি পাইছে। বিশেষকৈ বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চকৈ নুই কৰিৱ নোৱাৰি। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত এই উৎসৱটিয়ে  বৰ্তমান সমাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিয়নো সদায় হত্যা, হিংসা, বিভেদেৰে পৰিপূৰ্ণ হৈ থকা বৰ্তমান সমাজখনলৈ যেন এনেবোৰ উৎসৱৰ আগমনে ভাৰতীয় লোকসকলৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰে সমাজখনলৈ এক ইতিবাচক পৰিবৰ্তন কঢ়িযাই আনক।

ভাৰতৰ ভূখণ্ড নিজৰ মেপত অন্তভূক্ত কৰি ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ নেপাল

দৈনন্দিন বাৰ্তা ডেস্ক : বেইজিঙৰ বাবেই ক্ৰমশঃ ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আছে নেপালে৷ এইবাৰ দেশখনৰ সংসদত অনুমোদন হোৱা মেপ লৈ ৰাষ্ট্ৰসংঘসহ বিভিন্ন আন্তৰ্জাতিক ফ’ৰামৰ দ্বাৰস্থ হৈছে নেপাল৷ জানিব পৰা মতে আগষ্টৰ মাজভাগত এই মেপ আন্তৰ্জাতিক মঞ্চত উত্থাপন কৰিব কে পি শৰ্মা ওলিৰ চৰকাৰে৷ ভাৰতৰ লিম্পিয়াধুৰা, কালাপানি আৰু লিপুলেখক নেপালৰ ভূখণ্ডৰ বুলি দাবী কৰা হৈছে এই মেপত৷ নেপাল চৰকাৰৰ ভূমি, সমবায় আৰু দাৰিদ্র দূৰীকৰণ সংক্রান্তিয় মন্ত্রী পদ্ম আৰাৱলে কয় যে লিম্পিয়াধুৰা, কালাপানি-লিপুলেখসহ নেপালৰ সংশোধিত মেপ ৰাষ্ট্ৰসংঘৰ অন্যান্য প্ৰতিষ্ঠান আৰু আন্তৰ্জাতিক ফ’ৰামত তুলি ধৰা হ’ব৷ ইংৰাজী ভাষাত চাৰি হাজাৰ প্ৰতিলিপি ছাপা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ আনহাতে ৰাষ্ট্ৰীয় স্তৰত এই মেপৰ প্ৰায় ২৫ হাজাৰ প্ৰতিলিপি ছপাই বিভিন্ন চৰকাৰী কাৰ্যালয়ত বিনামূলীয়াকৈ দিয়া হৈছে৷ বজাৰত নেপালী মুদ্ৰাত ৫০ টকাত বিক্ৰী হৈছে নতুন মেপ৷

ক’ৰোনাৰ পৰা মুক্ত হৈ ঘৰলৈ গ’ল বিগ-বি

দৈনন্দিন বাৰ্তা ডেস্ক : অৱশেষত চিকিৎসালয়ৰ পৰা মুক্তি পালে বিগ-বি অমিতাভ বচ্চনে৷ আনহাতে তেওঁৰ পুত্ৰ অভিষেকে জনালে, বিগ বিৰ শেষ ক’ৰোনা ৰিপৰ্ট নিগেটিভ আহিছে৷ যোৱা ১১ জুলাইত অমিতাভ বচ্চনা ক’ভিড ৰিপৰ্ট পজিটিভ আহে৷ সেইদিনাই ৰাতি ৭৭ বছৰীয়া অভিনেতাজনক নানাৱতী হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ তাৰ পাছত ২৩ দিন চিকিৎসাৰ অন্তত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে৷ এই খবৰ দিলে পুত্ৰ অভিনেতা অভিষেক বচ্চনে৷ অভিষেক বচ্চনে টুইটাৰত লিখিলে, দেউতা সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি পালে৷ দেউতাৰ ৰিপৰ্ট নিগেটিভ আহিছে৷ এতিয়া আমাৰ ঘৰতে বিশ্ৰাম ল’ব৷ আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে এয়া সম্ভৱ হৈছে৷ উল্লেখ্য যে ক’ৰোনাত আক্ৰান্ত হৈ অমিতাভ বচ্চন যি দিনা মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈছিল সেইদিনাই পুত্ৰ অভিষেকৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছিল৷ তেওঁকো চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়৷ ইয়াৰ পাছতে পৰিয়ালৰ আন সদস্যৰ ক’ভিড পৰীক্ষা হয়৷ লগতে ৩০ জন কৰ্মীক আইচ’লেট কৰা হয়৷ জয়া বচ্চন, ঐশ্বৰ্য আৰু আৰাধ্যৰ প্ৰথম পৰীক্ষাত নিগেটিভ আহে৷ কিন্তু দ্বিতীয় পৰীক্ষাত মাতৃ-কন্যা ঐশ্বৰ্য আৰু আৰাধ্যৰ পজিটিভ আহে৷ ইতিমধ্যে ঐশ্বৰ্য আৰু আৰাধ্য ক’ৰোনা মুক্ত হ’ল৷ অমিতাভ ঘৰলৈ উভটিলেও পুত্ৰ অভিষেক বচ্চনৰ ৰিপর্ট আজিও পজিটিভ আহে। টুইটত সেই কথা জনাই অভিষেকে লিখিছে, “দেউতা ঘৰলৈ উভতি গৈছে। বৰ্তমান বিশ্রামত থাকিব। কিন্তু কোমর্বিডিটিৰ কাৰণে মই এতিয়াও পজিটিভ। আমাৰ পৰিয়ালৰ প্রতি ইমান ভালপোৱা-প্রার্থনাৰ বাবে আপোনালোক প্রত্যেককে ধন্যবাদ। মই খুব শীঘ্ৰেই ক’ৰোনাক পৰাজিত কৰি আহিম। প্রমিজ।”

নামনি মাজুলীত বান সাহাৰ্য বিতৰণ

উজনি-মাজুলী  : মাজুলীৰ কাৰ্তিক চাপৰিত মাজুলী জিলা  টি.এম.পি.কে, এম.এম.কে. আৰু টি.এম.এম. কেৰ  উদ্যোগত আৰু ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য উমা পাঠৰী লগতে আয়াং ট্ৰাষ্ট (NGO) এন.জি.অ. ৰ সহযোগত বান পীড়িত লোকসকলক সাহায্য বিতৰণ।  ইতিমধ্যে ১৯৫ টা  পৰিয়াল থকা গাঁওখন ভয়ানক খহনীয়াৰ কৱলত। কোনো গুৰুত্ব নাই চৰকাৰ, প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ।  প্ৰায় ৭০ ঘৰ মানুহ  খহনীয়াৰ বাবে গৃহহীন হৈছে। জাহ গৈছে বহুতো সা-সম্পত্তি। মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ কাৰ্তিক চাপৰিত এনেদৰেই খহি গৈছে চপৰা চপৰ নিজৰ আপোন ঘৰ-বাৰী। ৰাইজৰ দাবী- আমাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লাগে, নহ’লে আমাক নিশ্চিত নিৰাপত্তা প্ৰদানৰ বাবে জিঅ’ বেগৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ কাম কৰিব লাগে। উক্ত সামগ্ৰী বিতৰণ কার্যসূচীত এম.এম.কে. ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰেমধৰ দলে,  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ সাধাৰণ সদস্য উমা পাঠৰী, ৩১ নং ফুলনী জাকৈবোৱা সমষ্টিৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, মাজুলী জিলাৰ  টি.এম.পি.কে. ৰ সভাপতি ৰাজু চিন্তে, এম.এম.কে. ৰ সম্পাদক ৰঞ্জিত গাম আৰু জিলা বিষয়ববীয়া সকল উপস্থিত থাকে।

ৰাখী বন্ধন উৎসৱত ৪০০০ কোটি টকাৰ ক্ষতিৰ সন্মুখীন চীন

দৈনন্দিন বাৰ্তা ডেস্ক : এইবাৰৰ ৰাখী বন্ধন উৎসৱৰ সময়ত প্ৰভূত ক্ষতিৰ মুখ দেখিছে চীনে ৷ যিহেতু চীনত প্ৰস্তুত কৰা ৰাখী ভাৰতৰ বজাৰত পোৱা নাযাব ৷ ফলত ৰাখীৰ বজাৰ নোপোৱাত এইবাৰ চীনে ৪০০০ কোটি টকা হেৰুৱাব লগা হ’ব ৷ যিহেতু ভাৰতে চীনত নিৰ্মাণ কৰা সামগ্ৰী বৰ্জন কৰাত কাষৰীয়া দেশখন এই লোকচানৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে ১০ জুনত কনফেডাৰেছন অব অল ইণ্ডিয়া ট্ৰেড (চিএআইটি)ৰ তৰফৰ পৰা ‘হিন্দুস্তানী ৰাখী’ৰে এই উৎসৱ পালনৰ আহ্বান জনাইছিল ৷ চিএআইটিৰ এই আহ্বানক সঁহাৰি জনাই দেশত প্ৰায় এক কোটি ভাৰতীয় সামগ্ৰীৰে প্ৰস্তুত কৰে ৷ এই ৰাখী বাণিজ্যিক খণ্ড, ঘৰতে আৰু অংগনৱাদী কেন্দ্ৰত মহিলাই প্ৰস্তুত কৰে ৷ ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন নতুন ডিজাইনত ৰাখী প্ৰস্তুত কৰে ৷ ফলত এটাও চীনা ৰাখী ব্যৱহাৰ নকৰাকৈ এইবাৰ এই উৎসৱ পালন কৰা হ’ব ৷ চিএআইটিৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতীয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীন খান্দেৱালাই কয় যে হিচাপ মতে প্ৰতি বছৰে ৫০ কোটি ৰাখী বিক্ৰী হয় ৷ যোৱা কেইটামান বছৰত ৬০০০ কোটিৰ ৰাখী বিক্ৰী হৈছিল ৷ তাৰে ৪০০০ কোটি টকাৰ সামগ্ৰী আছিল চীনৰ ৷ চিএআইটিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে অহা ৯ আগষ্টত সমগ্ৰ দেশৰ বণিকসকলে ‘চীনে ভাৰত এৰক’ প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৷ দেশৰ ৮০০ ঠাইত বণিকসকলে ‘চীনে ভাৰত এৰক’ শ্ল’গান দিব ৷

ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ৷ দেওবাৰে নিজেই টুইট কৰি এই কথা জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে৷ বৰ্তমান দেশৰ ৰাজনীতিৰ অন্যতম চৰ্চিত ব্যক্তি অমিত শ্বাহে প্ৰাথমিক উপসৰ্গ দেখাৰ বাবে ক’ৰোনা পৰীক্ষা কৰাইছিল৷ তাতেই পজিটিভ ৰিপৰ্ট আহে৷ টুইট কৰি তেওঁ লিখে,  প্ৰাথমিক উপসৰ্গ থকাত ক’ৰোনা পৰীক্ষা কৰিছিলো৷ ৰিপৰ্টত পজিটিভ আহিছে৷ শাৰীৰিক অৱস্থা ভালেই আছে৷ তথাপি চিকিৎসকৰ পৰামৰ্শ মানি চিকিৎসালয়ত ভৰ্ত্তি হৈছো৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন বিগত কেইটামান দিন অতি সক্ৰিয়ভাৱে একাধিক ঠাইত আছে৷ স্বাভাৱিকভাৱে তেওঁৰ সংস্পৰ্শলৈ আহিছে একাধিক মানুহৰ লগতে নেতা-মন্ত্ৰী৷ যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকো সকলোকে ক’ৰোনা পৰীক্ষা কৰি আইচ’লেছনত থাকিবলৈ তেওঁ আহ্বান জনাইছে৷ উল্লেখ্য যে গৃহ মন্ত্ৰী শ্বাহে বিভিন্ন ভাৰ্চুৱেল জনসভাত ভাষণ দিছিল৷ সেই মঞ্চত উপস্থিত আছিল আন নেতা৷ ইয়াৰ উপৰি তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে সংস্পৰ্শলৈ আহিছিল৷ তাকেলৈও চিন্তাৰ কাৰণ আহি পৰিছে৷ ইপিনে ৰাম মন্দিৰৰ ভূমি পূজা সমাগত৷ ইয়াৰ ওপৰত কি প্ৰভাৱ পৰিব তাকে লৈও প্ৰশ্ন উত্থাপন হৈছে৷ মন কৰিব লগা যে দিল্লীৰ ক’ৰোনা পৰিস্থিতি লৈ উল্লেখযোগ্য ভূমিকা লৈছিল অমিত শ্বাহে৷ সম্প্ৰতি দিল্লী চৰকাৰৰ বিভিন্ন বিষয়াৰ লগত অমিত শ্বাহে আলোচনা কৰিছিল৷ ৫৫ বছৰীয়া শ্বাহক চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ অমিত শ্বাহ ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পাই বিজেপিৰ সভাপতি জে পি নাড্ডাই শ্বাহ শীঘ্ৰে আৰোগ্য হ’বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে বুলি প্ৰকাশ কৰে৷ জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন শীঘ্ৰে আৰোগ্য হৈ আহিবৰ বাবে প্ৰাৰ্থনা কৰিছে৷