Home Blog Page 3361

লামডিঙৰ আইছ’লেছন ৱাৰ্ডৰ পৰা যুৱকৰ পলায়ন

লংকা

 লামডিং ৰে’লৱে  চিকিৎসালৰ পৰা কোৱাৰেণ্টাইনত থকা এজন যুৱক পলায়ন কৰা ঘটনাই সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  এই ঘটনাৰ পিছত হোজাই জিলা প্ৰশাসনৰ তৎপৰতা পৰিলক্ষিত হয়। ঘটনাৰ পিছত লামডিঙত উপস্থিত হয় হোজাই জিলাৰ উপায়ুক্ত চানদেক সিং লগতে অতিৰিক্ত উপায়ক্ত গৰ্গ মোহন দাস৷  লামডিঙত উপস্থিত হৈ হোজাই জিলা উপায়ুক্ত গৰাকীয়ে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে লামডিঙত বহু যাত্ৰীক কোৱাৰেণ্টাইন কৰি ৰখা বিভিন্ন হোটেল পৰিদৰ্শন কৰে। উল্লেখ যে বহিঃৰাজ্যৰ পৰা অহা লামডিঙৰ ৰে’ল যাত্ৰীসকলক বিভিন্ন হোটেলত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে।  উল্ললেখ্য যে যোৱা ১৬ মে’ তাৰিখে দিল্লী-ডিব্ৰুগড় ০২৪২৪ নম্বৰ ৰেলখন পুৱতি নিশা লামডিঙত উপস্থিত হোৱাৰ পিছত ৰে’লখনত যাত্ৰী হিচাপে অহা বাসুদেৱ দেবনাথ নামৰ ২০ বছৰীয়া যুবকজনৰ দেহত তীব্ৰ জ্বৰৰ লক্ষণ প্ৰমাণিত হোৱাত লগে লগে যুবকজনক লামডিঙত নমাই দিয়া হৈছিল। প্ৰকৃততে যুবকজনৰ গত্যম্বস্হান আছিল আগৰতলা।  লামডিঙত নমোৱাৰ  পিছত যুৱকজনক লামডিং ৰে’লৱে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল। কিন্তু সোমবাৰে পুৱা আইছ’লেছন ৱাৰ্ডৰ পৰা যুৱকজনে  পলায়ন কৰে। পলায়ন কৰাৰ পিছতে হুৱাদুৱা লাগে ৱাৰ্ডটোত। লামডিং ৰে’লৱে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি বাবেই এনে ঘটনা সংঘটিত হ’ল বুলি অভিযোগ উঠিছে। লামডিং ৰে’লৱে চিকিৎসালয়ৰ পৰা কোৱাৰেণ্টাইন হৈ থকা এই আগৰতলাৰ যুৱকজন  পলায়ন কৰাৰ ঘটনাৰ পিছত  সমগ্ৰ লামডিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে। চিন্তিত হৈ পৰিছে হোজাই জিলা প্ৰশাসনও। উপায়ুক্ত গৰাকীয়ে সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ আনফালে  ছিকিউৰিটি তথা  চিকিৎসালৰ কৰ্তৃৃপক্ষৰ  কটকটীয়া নিৰাপত্তা নোহোৱাৰ  বাবে এই ঘটনা সংঘটিত হয় বুলি জনায়৷ লামডিং বজাৰত অৱস্থিত হোটেল  অনিকা, হোটেল প্ৰিন্স ,হোটেল গ্লোবেল, হোটেল নিকিটা আৰু হোটেল দত্ত ভৱনত ৰখা হৈছে ৰে’লৰ পৰা নমা যাত্ৰীসকলক ৷ কিন্তু একাংশ  লোক  হোটেলৰ পৰা বজাৰলৈ উলাই  অহাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ লামডিঙ আৰক্ষীক  অৱগত কৰে যদিও কোনো গুৰুত্ব  প্ৰদান নকৰে ৷ হোটেল অনিকাৰ ১১ নম্বৰ, হোটেল প্ৰিন্স ১৭ নম্বৰ, হোটেল গ্লোবেলত ৭ নম্বৰ, হোটেল দত্ত ভৱন ৭ নম্বৰ আৰু হোটেল নিকিটা ৮ নম্বৰত থকা সকলো লোকৰে ছুৱেব সংগ্ৰহ কৰা হৈছে লগতে প্ৰতিখন হোটেলত এজন এজনকৈ আৰক্ষীক নিয়োজিত  কৰা হৈছে বুলি জনায় উপায়ু্ক্ত গৰাকীয়ে৷

মঙলদৈত আৰক্ষীক মাস্ক, ছেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ

মঙলদৈত আৰক্ষীক মাস্ক, ছেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ

মঙলদৈ

 বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰোণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে হৈছে প্ৰকৃত যোদ্ধা। নিজৰ জীৱনকো তুচ্ছ কৰি আৰক্ষীয়ে দেশৰ বাবে যি সেৱা আগবঢ়াই আছে তাৰ বাবে তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। এইক্ষেত্ৰত দৰং আৰক্ষীৰ ভূমিকা প্ৰসংশনীয়৷ এইদৰে কয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। সোমবাৰে দৰং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক, জিলাখনৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এখনি বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছত লকডাউন সফল কৰাত আৰক্ষীয়ে প্ৰধান ভূমিকা লোৱা বুলি শইকীয়াই কয়। সাংসদজনে আৰক্ষী বিষয়া সকলক মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে। অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা উপস্থিত থাকে। ইয়াৰ পিছতে সাংসদ গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। তদুপৰি মুক্তাপুৰত অনুষ্ঠিত এক অনুষ্ঠানত সাংসদ শইকীয়াই এশ গৰাকী দিব্যাংগ ব্যক্তিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

ডুমডুমাৰ ফিল’বাৰীত ৮ লক্ষ্যাধিক মূল্যৰ দুখনকৈ চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ

ডিৰাক সীমান্ত

যোৱা দেওবাৰৰ নিশা ডুমডুমাৰ ফিল’বাৰীত সেনাই জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি ট্ৰাক৷ ট্ৰাক দুখন ক্ৰমে এএছ ২৩ চিচি ১৮৭৩ আৰু এএছ ২৩ চিচি ১৮৮২ নম্বৰৰ৷ সেনা শিবিৰৰ সন্মুখেদি ডুমডুমা দিশে গৈ থকাৰ অৱস্থাত ট্ৰাক দুখন জব্দ কৰে কৰ্তব্যৰত ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টে৷ ট্ৰাক দুখনত অৰুণাচলৰ পৰা চোৰাংভাৱে বোজাই কৰি আনিছিল বহু মূল্যবান কাঠ৷ কাঠসহ ট্ৰাক দুখন শেহতীয়াকৈ ডুমডুমাৰ বন বিভাগৰ লোকে নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ লগত জড়িত ব্যৱসায়ী দুজন জনৈক শইকীয়া আৰু সোণোৱাল বুলি জানিব পৰা গৈছে৷ অৱশ্যে প্ৰায় ৮ লক্ষ্যাধিক মূল্যৰ এই কাঠখিনিৰ সৈতে সেনাই কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বন বিভাগেও এতিয়ালৈকে কাকো আটক কৰিব পৰা নাই৷ উল্লেখযোগ্য যে দেশত লকডাউনৰ পৰিপেক্ষিতত অনুমতি পত্ৰৰ অবিহনে বন্ধ হৈ আছে আন্তঃৰাজ্যিক যাতায়াত৷ তেনে স্থলত যোৱা দেওবাৰৰ নিশা দুখনকৈ চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক অৰুণাচলৰ পৰা কোন পথেৰে অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেইয়াও গভীৰ ৰহস্যৰ মাজত৷

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

ইউনিক ব'ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

জামুগুৰিহাট

ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰিছে যদিও শংকাত সময় অতিবাহিত কৰিছে জনসাধাৰণে৷ লকডাউনৰ প্ৰথম পৰ্যায়ৰ পৰাই একাংশ লোকে দৰিদ্ৰসকলক সামৰ্থ অনুসৰি বিতৰণ কৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী৷ কিন্তু এই লকডাউনে সমগ্ৰ বিশ্বৰে স্বাভাৱিক জীৱন যাত্ৰাৰ গতি সলনি কৰাত তীব্ৰ খাদ্য সংকটত পৰিছে প্ৰকৃতিৰ অন্যতম অংগ বন্য জীৱকূল৷ এনে সময়তে জামুগুৰিহাটৰ ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় এক ব্যতিক্ৰমি পদক্ষেপ৷ দেওবাৰে ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ সদস্যই বালিপৰাৰ পৰা নামেৰী সংযোগী পকী পথৰ দুয়োকাষে থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জাকে জাকে ওলাই অহা ভোকাতুৰ কপিকূলৰ মাজত বুট, কল, অমিতা, তিয়ঁহ, তৰমুজ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷ দেওবাৰে বিয়লি পৰ্যন্ত এই খাদ্য সামগ্ৰী বিতৰণৰ সময়ছোৱাত  ইউনিক ব’ণ্ডৰ প্ৰতিস্থাপক ফটোগ্ৰাফাৰ, যুৱ সাংবাদিক নীহাৰ শৰ্মা, ফটোগ্ৰাফাৰ অসীম বৰা আৰু ইউনিক ব’ণ্ডৰ সদস্যা তথা ৰঙাপৰাৰ উজ্বলা অমৃতৰ পৰিচালন সঞ্চালিকা স্বপ্নালী চক্ৰৱৰ্তী উপস্থিত থাকে৷ ইউনিক ব’ণ্ডৰ এই প্ৰচেষ্ঠাক শলাগ লৈছে প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে৷

দৰঙলৈ ১৭৫ জন লোকৰ ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আগমন : আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ

বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে

মঙলদৈ

 বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোমবাৰে পুৱতি নিশা পৰ্যন্ত জিলাখনলৈ আগমন ঘটে মুঠ ১৭৫ জন লোকৰ। প্ৰতিজন লোককে ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত ১১১ জন লোকৰ বহিঃৰাজ্যৰ পৰা জিলাখনলৈ আগমন ঘটাৰ পিছত পুৱতি নিশা উপস্থিত হয় ৩১ জন লোক। এই ৩১ জন লোকৰ ভিতৰত ২৬ জনক খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত ৰখাৰ বিপৰীতে ৫জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে দিনৰ ভাগতেই উপস্থিত হোৱা ১১১ জন লোকৰ ভিতৰত ৬৫ জনক ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত, ৪৫ জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত আৰু ১জনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে। ইতিপূৰ্বে বহিঃৰাজ্যৰ পৰা জিলাখনলৈ অহা ৩৩ জন লোকক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। ইফালে দেওবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৭১৩ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৬০৪ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন লোকৰে শ্লেষৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে।

হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়াৰ বিজিত গগৈ মহানুভৱতা

শিৱসাগৰ জিলাৰ হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবৰ মহানুভৱতা।

শিৱসাগৰ

শিৱসাগৰ জিলাৰ হাঁ‌হচৰা প্ৰেছ ক্লাবলৈ মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবৰ মহানুভৱতা। ভয়াবহ ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশত ঘোষিত হ’ল লকডাউন। দেশত মহামাৰী ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ লোৱাৰ মাজতেব নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ জন্মভূমি, কৰ্মভূমি আৰু পূৰ্ণভূমিক শ্ৰদ্ধা কৰি সাংবাদিকসকলে ইমুৰৰ পৰা সিমূৰলৈ বাতৰি সংগ্ৰহ কৰিছে। উল্লেখ‍্য যে হাঁহচৰা প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে কেৱল সংবাদ সংগ্ৰহতে ব্যস্ত নাথাকি জনহিতাৰ্থৰ হকে চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে জনসজাগতা আয়োজন কৰি আৰ্তজনক সাহায্য প্ৰদান কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। ঠিক সেই সময়তে হাঁ‌হচৰা প্ৰেছ ক্লাবত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাবে  সাংবাদিকসকলক উৎসাহিত কৰিবৰ বাবে হাঁ‌হচৰা প্ৰেছ ক্লাবৰ সাংবাদিকসকলক  আগবঢ়ালে ছেনিটাইজাৰ লগতে কিছু প্ৰয়োজনীয়তা সামগ্ৰীৰ। উক্ত বিতৰণ কাৰ্যসূচীত বিজেপি শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি মাধুৰ্য বৰগোহাঁই , দীনদয়াল ভৱনৰ কাৰ্যকৰ্তা মানস বৰপাত্ৰগোহাঁই উপস্হিত থাকে। লকডাউন সময়ত হাঁহচৰা গ্ৰাম্য অঞ্চলৰ সাংবাদিকসকলক মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ফেণ্ডচ ক্লাব আৰু দীনদয়াল ভৱনৰ কাৰ্যকতা সকলে সহানুভূতি জনোৱাৰ বাবে হাঁহচৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন জনাইছে।

নলবাৰীত দুমাহ বিৰতিৰ পিছত চলিল যাত্ৰীবাহী বাছ

দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা চলিল যাত্ৰীবাহী বাছ।

নলবাৰী

প্ৰায়  দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা চলিল যাত্ৰীবাহী বাছ। অসম পৰিবহণ বিভাগৰ অধীনত সোমবাৰৰ পৰা আৰম্ভ হ’ল বাছ সেৱা। সোমবাৰৰ পৰা নলবাৰী-গুৱাহাটীৰ মাজত চলিল বাছ। ক’ৰোনা আতঙ্কৰ  মাজতে এইদৰে নলবাৰীৰ পৰা  পৰিবহণ বিভাগৰ বাছেৰে গুৱাহাটী লৈ যাব পাৰিব নলবৰীয়া  ৰাইজ৷ নলবাৰীৰ পৰিবহণ বিভাগৰ  বাছ আস্থানত পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বাছ সেৱা৷ এই বাছ সেৱা মুকলি কৰে পৰিবহণ বিভাগৰ ভি চি চন্দন বড়োয়ে। লকডাউনৰ সকলো নীতি নিয়ম মানি লৈ চলিব এই বাছ সেৱা। পঞ্চাশ শতাংশ যাত্ৰীহে  নিয়া হ’ব বাছত৷ বাছত উঠাৰ আগতে স্বাস্থ্য পৰীক্ষাৰ সম্মুখীন হ’ব লাগিব যাত্ৰী। আনহাতে ৰাস্তাত উঠাব নোৱাৰিব কোনো যাত্ৰী। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি এইদৰে নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিয়া হৈছে। একেদৰে ভাড়াও পূৰ্বৰ দৰেই একে থাকিব বুলিও ভি চি চন্দন বড়োয়ে  জানিবলৈ দিয়ে৷ এইদৰে বাছ সেৱা  মুকলি হোৱাত কিছু হ’লেও সকাহ পাইছে নলবাৰীৰ জনসাধাৰণে।

শিলঘাটত সাপ উদ্ধাৰ

কলিয়াবৰ

চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ’ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত।

কলিয়াবৰত স্থানীয়ভাৱে নিৰ্মাণ অত‍্যাধুনিক হেণ্ড ছিনিটাইজাৰ সঁজুলি

কলিয়াবৰ

 কলিয়াবৰৰ নলতলি আৰিমৰা উদ‍্যোগিক আন্তঃগাঠনি বিকাশ কেন্দ্ৰস্থিত পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজে স্থানীয় চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি হাত ব‍্যৱহাৰ নকৰাকৈয়ে ব‍্যৱহাৰযোগ‍্য হেণ্ড ছেনিটাইজাৰ সঁজুলি নিৰ্মাণ কৰি উলিয়াইছে। মূলত কিৰলোস্কাৰ জেনেৰেটৰ নিৰ্মাণ কাৰখানাই তুলনামূলকভাৱে কম খৰচত এই সঁজুলিটো নিৰ্মাণ কৰিছে। সোমবাৰে কলিয়াবৰ মহকুমাপতি কাৰ্য‍ালয়ৰ প্ৰেক্ষাগৃহত এক অনুষ্টুপীয়া অনুষ্ঠানত এই সঁজুলি ব‍্যৱহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মহকুমাধিপতি বিতুপন নেওগে। অনুষ্ঠানত পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজৰ বিষয়ববীয়াই হেণ্ড ছেনিটাইজাৰ সঁজুলিৰ প্ৰথমটো নিৰ্মাণ মহকুমাধিপতি কাৰ্য‍ালয়ক ব‍্যৱহাৰৰ বাবে প্ৰদান কৰে। উল্লেখযোগ‍্য যে সঁজুলিটোৰ জি এছ টিসহ ৪,৫০০.০০ টকাত বজাৰত উপলব্ধ হ’ব।

কলিয়াবৰত সাতটা কোৱেৰাণ্টাইন কেন্দ্ৰ স্থাপন : ৩৪৮ খন বিচনাৰে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন, চিকিৎসা, আৰক্ষী বিভাগ

কলিয়াবৰ

 বহিঃৰাজ‍্যৰ পৰা ৰে’লেৰে সোঁত বৈছে অজস্ৰ লোক। ক’ৰোনা সংক্ৰমণৰ বিৰুদ্ধে সাজু হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন। বহিঃৰাজ্যৰৰ পৰা আহি কলিয়াবৰৰ বিভিন্ন স্থানলৈ আহিব লগা লোকসকলৰ আছুতীয়াকৈ ৰখাৰ বাবে কলিয়াবৰত সাজু হৈছে সাতটা স্থান। মিছাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, শালনা বাপুজী হাইস্কুলৰ হোষ্টেল, আমলখি হাইস্কুল, লাইলুৰি হাইস্কুলৰ গাৰ্লছ হোষ্টেল, আমনি বহুমুখী কেন্দ্ৰ, কাৱৈমাৰী আদৰ্শ বিদ্যালয়, আমনিৰ ৰাজ‍্যিক পঞ্চায়ত আৰু গ্ৰাম বিকাশ কেন্দ্ৰত কোৱাৰেণ্টাইন চেন্টাৰ স্থাপন কৰি তিনিশ আঠছল্লশখন বিছনা সাজু কৰি ৰাখিছে।সাজু কৰি ৰাখিছে চিকিৎস্যক, স্বাস্থ্য কৰ্মী, আৰক্ষী। ইতিমধ্যে আমনিৰ বহুমুখী গৃহত তিনিজন, কাৱৈমাৰী আদৰ্শ বিদ্যালয়ত ছয়জন আৰু লাইলুৰি হাইস্কুলৰ গাৰ্লছ হোষ্টেলত সাতজনক কোৱাৰেন্টাইন কৰা হৈছে।