Home Blog Page 3373

নগাঁৱত জনসম্পৰ্ক অভিযান বিধায়ক ৰূপক শৰ্মাৰ ।

নগাঁৱত জনসম্পৰ্ক অভিযান বিধায়ক ৰূপক শৰ্মাৰ ।

ননৈ : ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে জনসম্পৰ্ক অভিযান কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে  আৰম্ভ হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে জনসৰ্ম্পক অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীৰ এক অংশ হিচাপেই চৰকাৰৰ কাম কাজৰ ওপৰত ৰাইজৰ মতামত বিচাৰি নগাঁও সদৰ সমষ্টিবাসী ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়াস কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কালি সদৰ সমষ্টিৰ শেনছোৱা পঞ্চায়তৰ ১ নং ৱাৰ্ডত ৰাইজৰ ঘৰে ঘৰে গৈ চৰকাৰৰ কাম-কাজৰ খতিয়ানমূলক পত্ৰিকা প্ৰদান কৰি ৰাইজৰ হ’কে চৰকাৰৰ প্ৰতিটো পদক্ষেপৰ বিষয়ে অৱগত কৰে৷ ৩০ জুন পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচীত অনাগত দিনত সদৰ সমষ্টিৰ বিভিন্ন স্হানৰ ৰাইজৰ কাষ চাপি জনসৰ্ম্পক অভিযান ধাৰাবাহিকভাৱে চলি থাকিব।

টকা দিয়ক, চৰকাৰী আঁচনিৰ সুবিধা লওক, কৰিমগঞ্জ ।

কৰিমগঞ্জ : টকা দিওক আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰক,  হয় আপুনি ঠিকেই শুনিছে। আমাৰ হাতত আহি পৰিছে শাসক দল বিজেপিৰ এক নিৰ্বাচিত প্ৰতিনিধিৰ গোপন কেমেৰাত বন্দী এটা ভিডিঅ। যি ভিডিঅত দেখা গৈছে শাক-পাচলিৰ দোকানৰ দৰে বিক্ৰী হৈছে চৰকাৰী বিভিন্ন আঁচনি। ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ  অসম ত্ৰিপুৰা মিজোৰাম সীমামূৰীয়াৰ বালিপিপলা জিপিৰ। চৰকাৰে দুখীয়া ৰাইজৰ বাবে বিভিন্ন চৰকাৰী আঁচনি হাতত লৈছে বিপৰীতে একাংশ দুৰ্নীতি পৰায়ন জনপ্ৰতিনিধিৰ বাবে এয়া হৈ উঠিছে সোণৰ কণী পৰা হাঁহ। অনাময় আঁচনি যদি আপোনাৰ লাগে দিব লাগিব ২০০ পৰা ৩০০ টকা। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি প্ৰকল্পৰ বাবে দিব লাগে ৩০০ টকা। আপোনাৰ যি আঁচনি লাগে প্ৰথমতে টকা জমা কৰিব পিচে লাভ কৰিব সুবিধা। আজিৰ দিনত বিশুদ্ধ খোৱাপানী যেন তেওঁলোকৰ বাবে স্বপোন। বহু পৰিয়ালে আজিৰ দিনটো পোৱা নাই বিদ্যুতৰ পোহৰ। বাট-পথৰ অৱস্থাও বেয়া। পথাৰৰ নিশান পথৰ অৱস্থা। তাৰ উপৰি চলিছে বেয়াগোম দুৰ্নীতি। ঘটনা অনুসৰি, স্থানীয় তিনি নম্বৰ বাৰ্ডৰ ৱাৰ্ড সদস্য প্ৰমোদ মালাকাৰৰ কাষত গলে সদস্যজনৰ উক্তি টকা দিয়ক আৰু সুবিধা লাভ কৰক। ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা এনে অৱস্থাত চলিছে এই গাঁওখন। জিপিখনৰ পুৰুষ মহিলা সকলোৱে একে অভিযোগ উত্থাপিত কৰিছে। লগতে ৱাৰ্ড সদস্যজনৰ টকা লোৱাৰ দৃশ্যও বন্দী হৈছে গোপন কেমেৰাত।

কপিল দেৱ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলিৰ নামত মেলবৰ্ণত ৰাস্তা ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

ভাৰতীয় ক্রিকেটাৰ কপিল দেৱ, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলি, এই তিনি তাৰকাৰ নামত ৰাস্তাৰ নামকৰণ কৰা হৈছে। কিন্তু ভাৰতৰ নহয় বিদেশৰ ৰাস্তাহে নামকৰণ কৰা হৈছে৷ ভাৰতীয় এই তিনি তাৰকাৰ লগতে আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ ৱ’ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেক কালিছ৷ তেওঁলোকৰ প্ৰত্যেকৰে নামত মেলবৰ্ণত ৰাস্তাৰ নামকৰণ কৰা হৈছে৷ এইখন মহানগৰীৰ পশ্চিমাঞ্চলৰ ৰকবেংক এলেকাৰ ৰাস্তাবোৰৰ নাম এইসকল কিংবদিন্তৰ নামেৰে কৰা হৈছে৷ ইয়াত মাষ্টাৰ ব্লাষ্টাৰৰ পথৰ নাম ‘তেণ্ডুলকাৰ ড্ৰাইভ’৷ কপিল দেৱ আৰু কোহলিৰ নামত ৰাস্তা দুটা হ’ল ‘দেৱ টেৰেছ’ আৰু ‘কোহলি ক্ৰেছেণ্ট’৷ 

শূন্য ফলাফলৰ বাবে দায়ী কোন ?

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

যোৱা ৬ জুনত ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ সোতৰখন বিদ্যালয়ৰ পৰা এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ চৰকাৰী খণ্ডৰ এই বিদ্যালয় কেইখন বন্ধ কৰিবলৈ চৰকাৰ আগবাঢ়িছে৷  শেহতীয়াকৈ এইদৰে বন্ধ কৰিবলৈ লোৱা বিদ্যালয়ৰ সংখ্যাটো সাতাইশলৈ বৃদ্ধি হোৱা বুলিও বাতৰিত প্ৰকাশ৷  কেউখন বিদ্যালয়ৰ শিক্ষকক বাসত্তৰ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিভাগে৷ তাত আমাৰ ক’বলগা একো নাই৷ আমাৰ কথা হ’ল উক্ত বিদ্যালয় কেইখন যিকেইটা জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত সেই কাৰ্যালয় কেইটাৰ বিষয়া সহিতে সকলো কৰ্মচাৰীকো বদলি কৰাতো ইয়াতকৈ বেছি জৰুৰী৷ অসমৰ বহু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ কুকীৰ্তি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে পাই আহিছে৷ তেনে কুকীৰ্তিৰ প্ৰমাণ বিভাগৰ হাততো বোধহয় আছে৷ আমি ক’ব খুজিছোঁ যে একাংশ শিক্ষক বিশেষকৈ বিদ্যালয় প্ৰধানে আইএচক আলপৈচান ধৰিয়েই বছৰটোৰ সৰহখিনি সময় পাৰ কৰে বা কৰিবলৈ বাধ্য হয়৷ তেনে প্ৰধান শিক্ষকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়িত্ব গৌণ হৈ পৰে৷ বিএডৰ ছিটৰ বাবে পৰিদৰ্শকৰ কাৰ্যালয়ে দহ-বাৰ হাজাৰ শিক্ষকৰ পৰা বিছৰা কথাটো বি এড কৰিব খোজা শিক্ষকসকলে জানে৷ কোনো কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকক আইএচৰ কাৰ্যালয়ৰ একোজন নিম্ন বৰ্গৰ সহায়কে ’তই’ সম্বোধন কৰা আৰু প্ৰধান শিক্ষকজনে কেৰানী জনক ’ছাৰ সম্বোধন’ কৰিবলৈ বাধ্য হোৱা ঘটনা এইখন অসমতে ঘটিছে৷ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ খেলিমেলিৰ বাবেও একাংশ পৰিদৰ্শকৰ কাৰ্যালয় বিদ্যালয় প্ৰধানৰ সমানে জগৰীয়া৷ তদুপৰি বিদ্যালয় এখন কিদৰে চলিছে সেয়া খবৰ ৰখাৰ দ্বায়িত্ব আইএচগৰাকীৰ নহয় জানো?  মুঠতে হাইস্কুল এখনৰ সকলো বেয়া অৱস্থাৰ বাবে বিদ্যালয় প্ৰধানৰ লগতে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় সমানে জগৰীয়া বুলি আমি বিবেচনা কৰোঁ৷ বিদ্যালয় একত্ৰীকৰণৰ বেলিকা একাংশ বিদ্যালয় পৰিদৰ্শকে চূড়ান্ত অনিয়মৰ পৰিচয় দি থৈছে৷ গতিকে শিক্ষামন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত জিলা বিদ্যালয় পৰিদৰ্শকৰ  কাৰ্যালয়কো সাঙুৰি ল’লেহে অধিক ফলপ্ৰসু হ’ব বুলি আমি  ক’ব খুজোঁ৷ নহ’লে বাৰে বাৰে ৰৌ-বৰালি সাৰি যাব আৰু পুঠি-খলিহনাতে আমি সন্তুষ্টি লভিব লাগিব৷ আনহাতে একোখন বিদ্যালয় বন্ধ হৈ যোৱা মানে একোটা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী যুগ যুগ ধৰি সমস্যাত পৰা৷ চৰকাৰে বিদ্যালয় কেইখন বন্ধ নকৰি সম্পূৰ্ণ নতুন ষ্টাৰ্ফ বদলি কৰি আনি চলাই নিয়াৰ ব্যৱস্থা কৰাটোহে যুগুত হ’ব যেন লাগে৷ একেই পন্থা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ষ্টাৰ্ফৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পৰিলেহে সমস্যাটোৰ স্থায়ী সমাধান হ’ব আৰু সকলো মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়লৈ লাহে লাহে সুদিন ঘূৰি আহিব বুলি আশা কৰিব পাৰি৷

জখলাবন্ধা আৰক্ষীৰ সফলতা, বিভিন্ন স্থানৰ পৰা চাৰি গঁড় চিকাৰী আটক । পাঁচটা ৩০৩ ৰাইফলৰ গুলী উদ্ধাৰ ।

জখলাবন্ধা আৰক্ষীৰ সফল অভিযানত গ্ৰেপ্তাৰ চাৰি দুৰ্ধৰ্ষ চোৰাংচিকাৰী।

কলিয়াবৰ : জখলাবন্ধা আৰক্ষীৰ সফল অভিযানত গ্ৰেপ্তাৰ চাৰি দুৰ্ধৰ্ষ চোৰাংচিকাৰী। আৰক্ষীৰ তৎপৰাত ব্যৰ্থ কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত মঙ্গলবাৰে নিশা জখলাবন্ধা আৰক্ষীৰ জালত পৰে এই চাৰি গঁড় চিকাৰী। ধৃত চাৰি গঁড় চিকাৰী  চামগুৰিৰ কাৱৈমাৰীৰ জমিৰ আলি, কুঠৰীৰ বাবুল আলি, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰী ইংতি আৰু কাংবুৰা টক্‌বি। ধৃত গঁড় চিকাৰী চাৰিটাৰ পৰা থ্ৰী-নট-থ্ৰী ৰাইফলৰ পাঁচ ৰাউণ্ড সজীৱ গুলি লগতে চাৰিটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিল ধৃত চাৰি চোৰাংচিকাৰীয়ে। সম্প্ৰতি এক গোচৰ পঞ্জীয়ণ কৰি চাৰি চোৰাং চিকাৰীক জেৰা অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে। উল্লেখযোগ্য যে বিগত ডেৰ বছৰে নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত হোৱা নাই এটা গঁড় হত্যাৰ ঘটনা।

যুদ্ধৰ প্ৰস্তুতি !

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

৪৫ বছৰৰ পাছত পুনৰ সংঘৰ্ষৰ ৰূপ ল’লে ভাৰত-চীন সমস্যাই৷ পৰিস্থিতি জটিল হৈ পৰিছে৷ ইতিমধ্যে ভাৰতীয় সেনাক লাডাখ সীমান্তত৷ পৰিস্থিতি বুজ লৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা দিলে কেন্দ্ৰই৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ৷ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈ গৈছে৷ চীন সীমান্তত মজুত কৰা হৈছে টেংক৷ আৰম্ভ হৈছে গুলীচালনা৷ প্ৰস্তুত থাকিবলৈ কোৱা হৈছে স্থল সেনাক৷ চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাতক তিনিটা বাহিনীৰ সৈতে সামঞ্জস্য বজায় ৰাখি প্ৰয়োজনীয় নিৰ্দেশ দিবলৈ কোৱা হৈছে৷ সীমান্ত সমস্যা আলোচনাৰ মাধ্যমেৰে কৰিবলৈ চালেও চীনে সুযোগ নিদিয়াত ক্ষুদ্ধ নতুন দিল্লী৷ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈও কোৱা হৈছে৷ কেৱল স্থল সেনাই নহয় ভাৰতীয় নৌসেনাক মালাক্কা প্ৰণালীত তীক্ষ্ণ৷দৃষ্টি দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ তদুপৰি জলপথত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ ভাৰত–প্রশান্ত মহাসাগৰীয় এলেকাত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ কোৱা হৈছে৷ যুদ্ধ বিমানবোৰ চীন সীমান্তত থকা বেছ কেম্পবোৰলৈ অনা হৈছে৷ আনহাতে মঙলবাৰে নিশা ১০ বজাত লাডাখৰ পৰিস্থিতি লৈ তিনিজন সেনা প্ৰধানসহ৷ চিফ অব দ্য ডিফেন্স ষ্টাফ, গৃহমন্ত্ৰী অমিত শ্বাহ,  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে বৈঠকত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মঙলবাৰে লাডাখক লৈ নিৰাপত্তা বিষয়টোত কেবিনেট কমিটিৰ বৈঠক বহে৷ তাৰ পাছতে তৎকালীন এই সিদ্ধান্ত লয় বুলি ৰাজনৈতিক মহলে কয়৷ ইতিমধ্যে চীন সীমান্তত লাগি থকা সকলো ৰাজ্যত সতৰ্কতা জাৰি কৰা হৈছে৷ সাজু থাকিবলৈ কোৱা হৈছে জিলা প্ৰশাসকক৷ দেশৰ উত্তৰ আৰু উত্তৰ পূৱ প্ৰান্তত চীন সীমান্তত৷বৃদ্ধি পাই থকা উত্তেজনাত সতৰ্ক চোৰাংচোৱা বিভাগ৷ সেয়ে হিমাচল প্ৰদেশত একাধিক এলেকাত সতর্কতা জাৰি কৰা হৈছে৷ স্থানীয় বাসিন্দাৰ নিৰাপত্তাত জোৰ দিয়া হৈছে৷

ঋতুপৰ্ণ পেণ্ডৰ হত্যা কাণ্ডক গৰিহণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী ।

ঋতুপৰ্ণ পেণ্ডৰ হত্যা কাণ্ডক গৰিহণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।

দলগাও : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে  ঋতুপৰ্ণ পেগুক হত্যাকৰা ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিয়ালৰ সদস্যক আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলি খলিফা আৰু সাংগঠনিক সম্পাদক ছফিকুল ইছলামৰ স্বাক্ষৰিত দিয়া এক প্ৰেছ বিবৃতিৰ জড়িয়তে জনাই যে  ঋতুপৰ্ণ পেণ্ডক দিন দুপৰতে গুৱাহাটী নুনমাটিত সাধাৰণ কথাৰ কাজিয়াত বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰে। মহানগৰীৰ মাজমজিয়াত দিন দুপৰত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাটোৱে মহানগৰীৰ নিৰাপত্তাৰ দিশত ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি অভিযোগ উত্থাপিত কৰে সংগঠনৰ নেতৃদ্বয়ে। আনহাতে উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত যুৱকসকলক নুনমাটি আৰক্ষীয়ে তাৎক্ষণিকভাৱে  গ্ৰেপ্তাৰ কৰাৰ বাবে  শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখালৈ উক্ত হত্যাকাণ্ডৰ তদন্তৰ অৰ্পণ কৰা বাবে ধন্যবাদ জনায়। আৰ্থিকভাৱে জুৰুলা নিহত ঋতুপৰ্ণ পেণ্ডৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে ১৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। সংগ্ৰাম পৰিষদৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে কয় যে একাংশ বিজেপি কৰ্মীয়ে এই হত্যাকাণ্ডক হিন্দু মুছলিমৰ ৰূপ দিবলৈ এক ভাতৃঘাটি সংঘাত লগাই নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰি আছে। দুস্কৃতিকাৰীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই। এটা জনগোষ্ঠীক টাৰ্গেট কৰি কথা নকবলৈ সকীয়াই দিয়ে সংগঠনটোৰ নেতা জনে।  হোজাই বিধায়ক শিলাদিত্য আৰু সত্যৰঞ্জন বৰাক উভতি ধৰি কয় যে চিলাপথাৰৰ এগৰাকী চৈধ্য বছৰীয়া মৃত ছোৱালীক গাঁতৰ পৰা উলিয়াই আনি অকণ শইকীয়া নামৰ লম্পটটোৱে যে ধৰ্ষণ কৰিছিল সেই সময়ত নিমাত আছিল কিয় বুলি প্ৰশ্ন উত্থাপন কৰে। অসমীয়া জাতিৰ ৰক্ষক বুলি সদায় চিঞঁৰি ফুৰা নেতা দুজনে  অভিজিৎ আৰু নিলোৎপল হত্যাকাণ্ডৰ সময়ত ক’ত লুকাই আছিল বুলি সমালোচনা কৰে নেতাদ্বয়ে। নিৰ্দিষ্ট এটা জাতিক টাৰ্গেট কৰি সমালোচনা কৰাতকৈ নিৱনুৱা যুৱক-যুৱতীৰ সপক্ষে থিয় দি দেশ তথা সমাজক আগুৱাই লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাদ্বয়ে।

পেট্ৰল, ডিজেলৰ দাম বৃদ্ধি ।

দৈনন্দিন বাৰ্তা :

এফালে ক’ৰোণা সংক্রমণ আৰু আনফালে দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ চিন্তা৷ এনে সময়ত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক চিন্তিত কৰি তুলিছে৷ ফলত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইতিমধ্যে ১১ দিনৰ দিনা হ’ল পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ৷ বুধবাৰে পেট্ৰলৰ দাম ৫৫ পইচা আৰু ডিজেলৰ দাম ৬৯ পইচা বৃদ্ধি পায়৷ সকলো মিলি ১১ দিনত পেট্ৰলৰ ৬.০২ টকা আৰু ডিজেলৰ ৬.১১ টকা বৃদ্ধি পায়৷

প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা ।

✍ জিতু দাস

পৰিবেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ নেতৃত্বত সমগ্ৰ বিশ্বতে যোৱা বছৰ আৰম্ভ হৈছিল জলবায়ু ধৰ্মঘট।কিয়নো, উক্ত বৰ্ষতে পুজিপতিৰ আগ্ৰাসনত বনাঞ্চল ধ্বংসৰ পৰিণতিত ভয়ানক বনজুয়ে ছানি ধৰিছিল আমাজন বৰ্ষাৰণ্য। মুঠ সাতখন দেশ আবুৰি বিশ্ববাসীলৈ 20% বিশুদ্ধ অক্সিজেন যোগান ধৰা আমাজন সম্প্ৰতি মৰুভুমিৰ পৰিবেশে বিৰাজ কৰিছে। ব্ৰাজিল চৰকাৰৰ অকৰ্মণত্যা আৰু অদূৰদৰ্শীতাৰ বাবে, সেউজ ভূমিলৈ নমাই আনিছিল এনে বিভীষিকা। পুজিপতিয়ে মুনাফাৰ স্বাৰ্থত হত্যা কৰিবলৈ লোৱা হৈছিল এই বৃহৎ বৰ্ষাৰণ্য। আমাজন বৰ্ষাৰণ্যৰ বনজুইত পলকতে নিঃশেষ হৈছিল লাখ লাখ বিৰল প্ৰজাতিৰ জীব জন্তূ, উদ্ভিদ আৰু বনৌষধ। এতিয়া অসমতো তেনেই এক প্ৰকৃতি ধ্বংসৰ লীলা চলি আছে। একমাত্ৰ নিজৰ চাহিদাৰ স্বাৰ্থত পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰকৃতি প্ৰেমিক সকল ছ’চিয়েল মিডিয়াত হৈ চৈ কৰি সীমাবদ্ধ হৈ থাকিলে অৰণ্য মানৱ যাদৱ পায়েঙৰ দৰে নিস্বাৰ্থ প্ৰকৃতি প্ৰেমিক কেতিয়া ও সন্মান জনাব নোৱাৰিম। কৰোণা মহামাৰী যদিও বিশ্বৰ মানৱবাসীৰ বাবে ঘোৰ শত্ৰু, বসুন্ধৰা আইৰ বাবে কৰোনা যেন উশাহৰ বোৱতী নদী। প্ৰকৃতিখনে যেন নিজৰ সাজযোৰ ধুনীয়াকৈ পিন্ধি নতুন কইনাৰ হোৱাৰ ৰং পাইছে। যা নহওঁক আমি প্ৰত্যেকেই প্ৰকৃতিৰ লগত সহবাস কৰি থকালৈকে আমি নিজকে সেউজীয়া কৰি তুলিব লাগিব। আমি সকলোৱে জনা উচিত প্ৰকৃতি কাৰো ওচৰত হাত নেমেলো, প্ৰকৃতি নিজেই নিজৰ উদ্ভাৱক নিজেই সৃষ্টিৰ বাহক। মানুহৰ সঘনাই চৰিত্ৰৰ সাল-সলনি হ’লেও ৠতুগতভাৱে প্ৰকৃতিয়ে নিজৰ দায়িত্বত অটল। সেইবাবে ভিন্ন বতৰ অনুযায়ী বিভিন্ন অৱদান আমি প্ৰকৃতিৰ পৰা পাওঁ। গতিকে, আমি প্ৰকৃতিক ধ্বংস কৰাৰ অধিকাৰ নাই। আমাক বিশুদ্ধ বতাহ পানী যোগান ধৰা প্ৰকৃতিক নিৰ্মমভাৱে ধ্বংস কৰাৰ তিলমাত্ৰ অধিকাৰো প্ৰকৃতিয়ে কাকো প্ৰদান কৰা নাই। তেন্তে প্ৰকৃতিৰ ওপৰত পুঁজিপতি শ্ৰেণীৰ শোষণ, খনিজ সম্পদ আহৰণ কৰি দিহিঙ পাটকাই দৰে আমাজনক মৰুভূমিৰ পৰিৱেশ কৰিবলৈ চৰকাৰে ক’ত অধিকাৰ পালে? এফালে গোলকীয় উষ্ণতাৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে অক্সিজেন মাত্ৰা হ্ৰাস পাইছে। যদিও কভিড -19ৰ বাবে অলপ গোলকীয় উষ্ণতাৰ শাম কাটিছে, কিন্ত প্ৰকৃতিৰ ভাৰসাম্যহীনতাই চৰম বিপৰ্যয় নমাই আনিছে। এতিয়া যেন গাৱেঁ ভূঞে কাঠফুলাৰ গঢ়ি উঠিছে বৃহৎ উদ্যোগ। আমাৰে এচাম দালালৰ হতুৱাই বহুজাতিক কোম্পানী সমূহে টকাৰ লালসা আৰু নানা প্ৰলোভনেৰে ভূমি ক্ৰয় কৰিছে খাটি খোৱা খেতিয়কৰ পৰা। মনোমহা সেউজীয়া পৰিবেশত উদ্যোগ স্থাপন কৰাতো প্ৰকৃতিৰ বাবে কোনো পধ্য গ্ৰহণযোগ্য নহয়। প্ৰদূষণৰ মাত্ৰা বৃদ্ধিত ইন্ধন যোগাইছে উদোগ গোষ্ঠীবাদে। সৰ্বসাধাৰণ জনতাৰ জীৱন একপ্ৰকাৰ মৃত্যু মূখলৈ ঠেলি দিছে। জন্মতে এটি শিশুৰ কৰ্কট ৰোগৰ উমান পোৱা গৈছে আৰু এতিয়া চৌদিশ কৰ্কট ৰোগৰ ভয়ানক প্ৰাদুৰ্ভাব সংঘটিত হৈছে। জলবায়ুৰ পৰিবৰ্তন সঘনাই সংঘটিত হৈছে, কিন্তু ৰাষ্ট্ৰ সংঘ নীৰৱ ভূমিকাত সমগ্ৰ জৈব বৈচিত্ৰত নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। বায়ু প্ৰদূষণৰ ভয়াবহতাত বৃদ্ধি পাইছে চাল ৰোগৰ। সঘনাই কাঠফুলাৰ দৰে গঢ়ি উঠা কোম্পানী সমূহে মুনাফাৰ স্বাৰ্থত ধ্বংস কৰিছে সহস্ৰধিক বনাঞ্চল। যোৱা বছৰ আমাজনৰ বৰ্ষাৰণ্যত যি বনজুইৰ প্ৰাদুৰ্ভাব সংঘটিত হৈছে, এয়া কিন্তু বসুন্ধৰা আইৰ মৃত্যুৰ আগজাননী। পুজিপতি ধনকুবেৰসকলে কৃত্ৰিম অক্সিজেন লৈ বিলাসিতা জীৱন কটালে ও আম জনতাৰ দৰে সিহতৰো মৃত্যু ঘণ্টা বজাতো নিশ্বিত। সেয়েহে, ভয়াবহ প্ৰদুষণৰ পৰা বসুন্ধৰা আইক ৰক্ষা কৰাৰ বাবে চুইডেনৰ এগৰাকী ১৮ বছৰীয়া কিশোৰী গ্ৰেটা থানবাৰ্গে অব্যাহত ৰাখিছে অবিৰত সংগ্ৰাম। পৰিতাপৰ বিষয়, আমাৰ একাংশ যুবক যুবতী যিদৰে টিকটক এপচটোৰ লগত অন্ধভাৱে অথলে সময়বোৰ অতিবাহিত কৰিছে, ব্যন্তু হৈ পৰিছে মাথোঁ ফেচবুকত সাম্প্ৰদায়িক ৰাজনীতিৰ যুদ্ধত। সৰব হৈ পৰিছে লাভ জেহাদত। বিশ্ব পৰিবেশ দিৱস তেওঁ লোকৰ বাবে এটি উপভোগৰ দিনহে মাথোঁ। এডাল গছৰ পুলিৰ স’তে দহজন ব্যক্তি ফটো উঠি ছ’চিয়েল মিডিয়াত আপলোড দি নিজকে প্ৰকৃতি প্ৰেমিক হৈ পৰাতো জন্মগত স্বভাব হৈ পৰিছে। কিন্ত, ইয়াৰে বিপৰীতে গ্ৰেটা থানবাৰ্গে অকলে চুইডেনৰ সংদৰ বাহিৰত ধৰ্মঘট কৰি বিশ্ব ডাঙৰ নেতা সকলক সকিয়নি দিছিল। থুনবাৰ্গৰ প্ৰকৃতিৰ প্ৰতি নিভাঁজ প্ৰেম আমাৰ বাবে আদৰ্শৰ প্ৰতীক। আমাৰ প্ৰজন্ম সকলো ও সঁচা অৰ্থত থুনবাৰ্গৰ দৰে সাহসী হৈ প্ৰকৃতি বিৰোধী জনমতৰ বিৰুদ্ধে বদ্ধ পৰিকৰ হওঁক। সঁচা অৰ্থত প্ৰকৃতিক ভালপোৱাৰ সংকল্প লওঁক। দুখৰ বিষয় নান্দনিক ৰূপৰে মনোমোহা গাঁৱৰ ভূমি সমূহত ক’লা ধোৱা আৰু দুৰ্গন্ধময় পৰিবেশ সাধাৰণ লোকৰ মাজলৈ বিভীষিকা নমাই আনিছে। পুবা সুগন্ধি ফুলৰ সুবাসৰ বিপৰীতে এতিয়া আই তি, ব্ৰিটেনিয়া বিস্কুটৰ গোন্ধ পোৱা আমাৰ যুবক-যুৱতী সকলে মেধা পাটেকাৰ, সুন্দৰ লাল বহুগুণা, যাদৱ পায়েঙৰ দৰে স্বনামধন্য ব্যক্তিসকলৰ সংগ্ৰাম কাৰ বাবে উমান পাবনে?

ভাৰতীয় অৰ্থনীতিত চীনৰ প্ৰয়োজনীয়তা ।

✍ যুগল কিশোৰ

বৰ্তমান ভাৰতবৰ্ষত বহুলভাৱে চৰ্চিত   বিষয় হৈছে ভাৰতে সম্পূৰ্ণভাৱে চীনা সামগ্ৰী আৰু চীনা ‘এপ’  বৰ্জন কৰি চীনৰ অৰ্থনীতিত কুঠাৰঘাত কৰিব লাগে। এই সংক্ৰান্তত বিভিন্ন সংবাদ মাধ্যমত আলোচনা-সমালোচনাৰ লগতে বাতৰি কাকতসমূহতো বহু লেখা দেখা পোৱা গৈছে। বহুসংখ্যক ভাৰতীয়ই চীনৰ প্ৰতিটো সামগ্ৰী বৰ্জন কৰাৰ পোষকতা কৰিছে যদিওঁ ভাৰতৰ বাবে এইয়া জানো সম্ভৱ? বৰ্তমান ভাৰতত ব্যৱহৃত সামগ্ৰীৰ শতকৰা প্ৰায় ৯০ শতাংশতকৈওঁ অধিক সামগ্ৰী চীনত নিৰ্মিত। অৰ্থাৎ ভাৰতে বৰ্তমান চীনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা সময়ত চীনৰ সামগ্ৰী ভাৰতত বৰ্জন কৰিব লাগে বুলি কোৱাটো একেবাৰে হাস্যকৰ কথা। আমি জনা উচিৎ, চীনৰ পৰা সা-সৰঞ্জাম ক্ৰয় নকৰিলে ভাৰতৰ বৃহৎ বৃহৎ উদ্যোগবোৰ অচল হৈ পৰিব। চীনৰ পৰা কি নাহে ভাৰতলৈ? সকলো আহে। তৈলক্ষেত্ৰৰ মেৰামতিৰ সৰমঞ্জাম, উন্নত সেৱা আগবঢ়োৱা ৰেলৰ ডবা, সৌৰ উদ্যোগৰ কেচামাল, বৈদ্যুতিক সামগ্ৰী তথা কেচামাল, ইলেক্টনিকচ্’ৰ সকলো সামগ্ৰী তথা কেচামাল, তীখা উদ্যোগৰ প্ৰযুক্তি, পাৱাৰ প্লেন্টৰ সকলো সামগ্ৰী লগতে ফাৰ্মা কোম্পানীৰ চাৰি তৃতীয়াংশ কেচা সামগ্ৰী চীনৰ পৰাই ভাৰতলৈ আহে। এই সকলোবোৰ সামগ্ৰী চীনে ভাৰতক সুলভ মূল্যত যোগান ধৰি আহিছে। চীনৰ পৰা অহা ফাৰ্মা কেচামাল সমূহক বিভিন্ন ঔষধ বনাই ভাৰতে বছৰি প্ৰায় ১,৫০,০০০ কৌটি টকা বৈদেশিক মুদ্ৰা আহৰণ কৰে। তদুপৰি চীনৰ প্ৰযুক্তিৰে ভাৰতত নিৰ্মাণ কৰা তীখা, ম’বাইল, ঔষধ আদি ৰপ্তানি কৰি ভাৰতে বহু কৌটি টকা উপাৰ্জন কৰি আহিছে। চীনত নিৰ্মিত বা চীনৰ প্ৰযুক্তিৰে নিৰ্মিত সকলো সামগ্ৰী বিশ্বৰ ভিতৰত সুলভ মূল্যত ক্ৰয় কৰিব পাৰি। কেৱল চীনৰ পৰাহে ভাৰতে সামগ্ৰী ক্ৰয় কৰে এনে নহয়। চীনেও ভাৰতৰ পৰা কপাঁহকে আদি কৰি প্ৰায় ১৮ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে। দেখা যায় দুয়োখন দেশেই পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে বছৰি সৰ্বমুঠ প্ৰায় ৬৮ বিলিয়ন ডলাৰৰ সামগ্ৰী চীনৰ পৰা ক্ৰয় কৰে। চীনৰ বৰ্তমান জমা বৈদেশিক মুদ্ৰাৰাশি প্ৰায় ৩ ত্ৰিলিয়ন ডলাৰ (৩০০০ বিলিয়ন) ডলাৰ। এই বৃহৎ সংখ্যক ধনৰাশি ভাৰতে ক্ষতি কৰিবলে হ’লে প্ৰায় ৬০ বছৰ চীনৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰিব নালাগিব। এয়া ভাৰতহে নালাগে সমগ্ৰ বিশ্বৰ বাবে অসম্ভৱ কথা। কাৰণ বিশ্ব বাণিজ্য সংস্থাৰ লগত জড়িত কোনো দেশেই চৰকাৰীভাৱে কোনো দেশৰ সামগ্ৰীৰ ওপৰত একেবাৰে নিষিদ্ধ ঘোষণা কৰিব নোৱাৰে। ইয়াৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ চুক্তিত দেশ সমূহৰ স্বাক্ষৰ কৰা আছে। উদাহৰণ স্বৰূপে জাপানৰ কথা উল্লেখ কৰিব পাৰি। চীন আৰু জাপান দুয়োখন দেশ অহিনকুল। তথাপিওঁ জাপানে চীনৰ পৰা প্ৰায় ১৩৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ পৰা অনুমান কৰিব পাৰি চীন দেশত নিৰ্মিত সামগ্ৰী নহ’লে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব। চীনৰ বাহিৰে অন্যদেশ সমূহে সৰ্বসাধাৰণক সুলভ মূল্যত সামগ্ৰী যোগান ধৰিব নোৱাৰে, কাৰণ চীনা সকলে পৰিবেশৰ প্ৰতি আওকাণ কৰি সৰু-বৰ সকলো প্ৰদূষণযুক্ত উদ্যোগ স্থাপন কৰি কেৱল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ সকলো সামগ্ৰী উৎপাদন কৰি আহিছে। আনহাতে অন্যদেশ সমুহে বৰ্তমান লাভৰ কথা চিন্তা নকৰি ভৱিষ্যত প্ৰজন্মলৈ  চিন্তা কৰি প্ৰদূষণ মুক্ত দেশ গঢ়াত ব্ৰতী হৈছে। জাপান, আমেৰিকা, ৰাছিয়া আদি দেশবোৰে নিজ দেশক শব্দ প্ৰদুষণ, বায়ু প্ৰদুষণ, জল প্ৰদুষণ আদিৰ পৰা আংশিক সুৰক্ষা দিবলৈ বহুতো উদ্যোগ নিজ দেশত স্থাপন কৰিব নিবিচাৰে। তাৰোপৰি সুলভ মূল্যত ক্ৰয় কৰিব পৰা সামগ্ৰী সমুহ নিজে তৈয়াৰ কৰি সময়ৰ অপচয় কৰিব নিবিচাৰে। সেয়ে বিশ্বৰ প্ৰায় সকলো দেশে চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰি চীনক এটা উদ্যোগলৈ ৰূপান্তৰ কৰিছে। যাৰ বাবে চীন অৰ্থনৈতিক ভাৱে আগুৱাই গৈছে যদিওঁ প্ৰাকৃতিকভাৱে প্ৰতিদিন ধংশৰ মুখলৈ আগবাঢ়িছে। অৱশ্যে এটা কথা ঠিক যে পৃথিৱীৰ সকলো দেশেই ইখন দেশৰ লগত সিখন দেশৰ বিনিময় নাথাকিলে কোনো দেশেই উন্নতি কৰিব নোৱাৰে। আমি যদি আমেৰিকাৰ ছচিয়েল এ’প ব্যৱহাৰ কৰি চীনা এ’প বৰ্জন কৰাৰ চিন্তা কৰো তেনেহ’লে ভাৰতৰ বাবে অহংকাৰ কৰাৰ অৰ্থ নাথাকিব। ভাৰতে যদি নিজৰ এ’প ব্যৱহাৰ কৰে তেনেহ’লেহে গৌৰৱ কৰাৰ অধিকাৰ থাকিব। ফেচবুক, টুইটাৰ বা অনান্য  মাধ্যমত চীনা সামগ্ৰী, চীনা এ’প বৰ্জনৰ যিবোৰ চৰ্চা চলিছে, ইয়াৰ সলনি চৰকাৰ তথা দেশৰ জনগণে  শিক্ষিত হাৰ কেনেকৈ বঢ়াব পাৰি তাৰ পৰিকল্পনা কৰক, শিক্ষাহীন লোকৰ দ্বাৰা দেশৰ আৰ্থিক দিশ কেতিয়াওঁ টনকিয়াল নহয়। চীনক বৰ্জন কৰাৰ আগতে চীনদেশৰ মানুহৰ প্ৰকৃত দেশপ্ৰেম, শ্ৰম আৰু অধ্যৱসায়ী গুণৰ অনুকৰণ কৰিবলৈ শিকক। এইবোৰ গুণ আয়ত্ব কৰিলে নিশ্চয় আমি চীনক বৰ্জন কৰিব পাৰিম। তেতিয়াহে বিশ্বৰ আগত সগৌৰৱে উচ্চস্বৰে ক’ব পাৰিম,  ভাৰত মাতা কি জয়।