Home Blog Page 3382

দৰঙত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

মঙলদৈ

 সমগ্র বিশ্বত ছানি ধৰা ক’ভিড-১৯ৰ কবলৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ১৭ মে’ পৰ্যন্ত লকডাউন বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ সমান্তৰালকৈ দৰং জিলাৰ দণ্ডাধীশে সমগ্র জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰিছে৷ সেই সময়খিনিত জনসাধাৰণৰ চাল চলনত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। এই ক্ষেত্ৰত চিকিৎসা, আৰক্ষী, অগ্নিনিৰ্বাপণ, টেলিকম তথা বিদ্যুৎ  বিভাগৰ দৰে জৰুৰীকালীন সেৱাসমূহক  ৰেহাই  দিয়া হ’ব৷ সামগ্ৰী কঢ়িওৱা যান-বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব৷

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম : এইবাৰ যুগ্ম, অযুগ্ম সংখ্যাৰ ব্যৱস্থা

যোৰহাট

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত এইবাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্ৰতি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে এক আদেশ যোগে কাইলৈৰ পৰা অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি থকা বাহনসমূহৰ চলাচল সীমিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই অনুসৰি বিভাগীয় অনুমতি থাকিলেও দুচকীয়া বাহনসহ সকলো যানবাহনৰ পঞ্জীয়ন নম্বৰৰ শেষৰ সংখ্যাটো অযুগ্ম অৰ্থাৎ ১, ৩, ৫, ৭, ৯ সংখ্যাৰ বাহন প্ৰতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চলাচল কৰাৰ বিপৰীতে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে যুগ্ম সংখ্যা অৰ্থাৎ ২, ৪, ৬, ৮ সংখ্যাৰ বাহনবোৰ জিলাখনত চলাচল কৰিব পাৰিব৷ অৱশ্যে এই আদেশৰ পৰা স্বাস্থ্যসেৱা, আৰক্ষী, অগ্নিনিৰ্বাপক, জৰুৰীকালীন সেৱাত জড়িত টেলিকম সেৱা, বিদ্যুৎ সেৱা আদি, ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাছ, পৌৰসভাৰ যানবাহন আৰু মালবাহী ট্ৰাকবোৰক ৰেহাই দিয়া হৈছে৷ অৱশ্যে এই আদেশ দেওবাৰবোৰত প্ৰযোজ্য নহ’ব৷ এই আদেশ জিলাখনত তৎকালে বলবৎ কৰা হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়ে জনাইছে৷

যোৰহাটত নৈশ সান্ধ্য আইন জাৰি

যোৰহাট ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  এক আদেশ যোগে জিলাখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে এই সান্ধ্য আইন বলবৎ থাকিব৷ অৱশ্যে এই আদেশৰ পৰা স্বাস্থ্য সেৱা, আৰক্ষী, অগ্নিনিৰ্বাপক, জৰুৰীকালীন সেৱাত জড়িত টেলিকম সেৱা, বিদ্যুৎ সেৱা আদিক ৰেহাই দিয়া হৈছে৷ এই সেৱা জিলাখনত তৎকালে বলবৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব বুলি যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়ে জনাইছে৷

জামুগুৰিহাটত কিশোৰী ধৰ্ষণ আৰক্ষী জোৱানৰ : থানাত এজাহাৰ দাখিল পৰিয়ালৰ

জামুগুৰিহাটলকডাউনৰ মাজতে জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ লুঙি বজাৰত এজন অসম আৰক্ষীৰ জোৱানে এগৰাকী ১৫ বছৰীয়া কিশোৰী ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে। এই ধৰ্ষিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা অনুসৰি কালি সন্ধিয়া অঞ্চলটোৰ লুঙি বজাৰত থকা জামুগুৰি আৰক্ষী থানাৰ অস্থায়ী শিবিৰৰ কৰ্মৰত ১১নং বেটেলিয়নৰ অসম আৰক্ষী জোৱান ফুলেন ডেকাই বতিয়ামাৰী ভৈৰৱীৰ ১৫ বছৰীয়া কিশোৰীগৰাকীক ফুচুলাই নিৰ্জন স্থানলৈ লৈ যায়৷ ইয়াৰ পাছত লুঙি বজাৰৰ সমীপত কিশোৰীগৰাকীক জোৱানজনে উপযুপৰি ধৰ্ষণ কৰে। পিছত কিশোৰীগৰাকী ঘৰলৈ গৈ পৰিয়ালৰ লোকৰ আগত ঘটনাৰ সবিশেষ বিৱৰি কয়৷ প্ৰকৃত ঘটনা পোহৰলৈ অহাত পৰিয়ালৰ ফালৰ পৰা জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আজি পুৱা জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত জোৱানজনক গ্ৰেপ্তাৰ কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ অনাৰ লগতে ধৰ্ষিতা কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

জামুগুৰিহাটৰ সত্যসন্ধ্যা মহিলা সমিতিৰ উদ্যোগত চিকিৎসক, আৰক্ষীক সম্বৰ্ধনা : মাস্ক-ছেনিটাইজাৰ বিতৰণ

Free face masks and sanitizer distributed at jamugurihat.

জামুগুৰিহাট জামুগুৰিহাটৰ মহিলাৰ কল্যাণাৰ্থে গঠিত অগ্ৰণী অনুষ্ঠান সত্যসন্ধ্যা মহিলা সমিতিয়ে মহামাৰী ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী বিষয়া আৰু আৰক্ষীৰ জোৱানসকলক একোখনকৈ গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মাস্ক প্ৰদান কৰে৷ ক’ৰ’ণাৰ বিৰুদ্ধে হোৱা যুঁজখন জামুগুৰি আৰক্ষী থানাত কৰ্তব্য সমাপন কৰি থকা চিকিৎসক ডাঃ হৰেণ শইকীয়া, জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈকে ধৰি কৰ্মৰত স্বাস্থ্যকৰ্মী, নাৰ্চ তথা আৰক্ষীৰ জোৱানসকলক প্ৰত্যেককে গামোছাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ লগতে সত্যসন্ধ্যা মহিলা সমিতিৰ বিষয়ববীয়া, সদস্যাসকলে মাস্ক প্ৰদান কৰে৷ লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম পালন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি সম্বৰ্ধনা আৰু মাস্ক বিতৰণৰ এই কাৰ্যসূচীত সত্যসন্ধ্যা মহিলা সমিতিৰ সভানেত্ৰী নিৰু শৰ্মা, সম্পাদিকা বৰষা গোস্বামী ভাগৱতী, উপদেষ্টা সুৰ বৰুৱা, উপ সভানেত্ৰী ফুল মহন্ত, সহকাৰী সম্পাদিকা ৰুমী দেৱী, সদস্যা জুৰি বৰা, নাৰী সুৰক্ষা সভানেত্ৰী ৰুমী কটকী আৰু যুৱ সমাজকৰ্মী ৰাজেশ শৰ্মাও উপস্থিত আছিল৷ আনহাতে পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ জীৱিকা সখী মালা বৰাইও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিচে৷ জীৱিকা সখীগৰাকীয়ে শিয়ালমাৰী গাঁৱত কণ কণ শিশু আৰু গৰ্ভৱৰ্তী মহিলাক শতাধিক মাস্ক আৰু পৰিয়ালবোৰক ছেনিটাইজাৰ বিতৰণ কৰে৷ মাস্ক কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু ছেনিটাইজৰৰে কিদৰে হাত ধোৱ লাগে শিশু তথা গৰ্ভৱতী মহিলাসকলক তাৰো প্ৰশিক্ষণ দিয়ে জীৱিকা সখি মালা বৰাই৷

দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্য সামগ্রী বিতৰণ

Guwahati Press Club food distribution

গুৱাহাটীদিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত  সোমবাৰে বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী সুকমল বসুমতাৰী, সাংবাদিক লীনা গগৈ, হালিমা বেগম, অনুপমা ডেকা, মাইনা গোস্বামী, কৰবী বৰশইকীয়া আদি উপস্থিত থাকে। মন্দিৰ প্ৰাংগণত থকা কপিকুলৰ লগতে ছাগলী, পাৰ চৰাই আৰু তাত উপস্থিত  কিছুসংখ্যক দুখীয়া লোকৰ মাজতো বুট, কল,পাউৰুটি আদি বিতৰণ কৰা হয়।

লকডাউনত শিৱসাগৰত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ

শিৱসাগৰ শিৱসাগৰৰ অন্যতম ক্ৰীড়া অনুষ্ঠান ফিনিক্স ক্ৰিকেট কচিং ক্লাবে দেওবাৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ সকলো সদস্য তথা প্ৰশিক্ষাৰ্থীসকলে নিজাববীয়া কৈ অৰ্থ সংগ্ৰহ কৰি চেণ্টাৰৰ প্ৰশিক্ষক পবিত্ৰ দত্তৰ উদ্যোগত দেওবাৰে শিৱসাগৰৰ মেটেকা অঞ্চলৰ প্ৰায় ২৫ টা দিন হাজিৰা কৰা তথা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, চাবোন, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। লকডাউনৰ সময়ত ফিনিক্স ক্ৰিকেট কচিং ক্লাবে কেৱল খেলৰ লগতে জড়িত নহৈ আৰ্তজনক সহায় আগবঢ়োৱা কাৰ্যক শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনলাইন মেধা পৰীক্ষা সম্পন্ন

বোকাখাতকভিড-১৯ক ৰোধিবলৈ দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনে সমাজৰ বৌদ্ধিক অগ্ৰগতিক স্থবিৰ কৰাৰ পথত। সেয়েহে সম্প্ৰতি ঘৰতে সোমাই থাকি টেলিফোন আৰু ইণ্টাৰনেটক সাৰথি কৰি লৈছে সমাজৰ সচেতন নাগৰিকে। ৰাজ্যখনৰ অনেক স্থানত এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন শ্ৰেণী আৰু পৰীক্ষা পাতিছে শিক্ষা বিভাগে। কিয়নো লকডাউনৰ শেষ হোৱাৰ পাছৰ পৰিস্থিতিয়ে যাতে অনৰ্থক ইতি পেলাব নোৱাৰে ছাত্ৰ-ছাত্ৰীৰ এটাকৈ সোণালী শিক্ষাবৰ্ষ। এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে গোলাঘাট জিলা মাধ্যমিক শিক্ষা বিভাগে। তদ্ৰুপ ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীৰ মেধা শক্তি আৰু প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ গ’ল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্যিক ভিত্তিত বিশেষ অনলাইন মেধা পৰীক্ষা। লক-ডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীৰ সময়ৰ যাতে সদ্ব্যৱহাৰ হয় আৰু শৈক্ষিক দিশত আগবাঢ়িব পাৰে সেই উদ্দেশ্যেই অনুষ্ঠিত কৰা হৈছিল এই বিশেষ মেধা পৰীক্ষা। যোৱা ৩ মে’ৰ পুৱা দহ বজাৰ পৰা ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু সাধাৰণ জ্ঞান বিষয়ত অনলাইন পদ্ধতিৰে অনুষ্ঠিত হোৱা এই মেধা পৰীক্ষাত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমীয়া আৰু ইংৰাজী দুয়োটি মাধ্যমতে অনুষ্ঠিত কৰা হৈছিল এই অনলাইন পৰীক্ষা। উল্লেখ্য যে এই মেধা পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলক একোটিকৈ কিতাপৰ টোপোলা আৰু একোখনিকৈ মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হ’ব আৰু এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতি গৰাকী পৰীক্ষাৰ্থীলৈ স্বীকৃতি হিচাপে একোখনিকৈ মানপত্ৰ প্ৰদান কৰা হ’ব বুলি ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিছে। বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ এনে মহৎ প্ৰচেষ্টাৰ বোকাখাতৰ লগতে ৰাজ্যখনৰ সচেতন মহলে শলাগ লৈছে।

তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ

বোকাজান 
ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ বোকাজান মূল নগৰৰ লগতে বিভিন্ন স্থানত ভিৰ কৰি বজাৰ সমাৰো কৰা দেখা গৈছে। কিছু দায়িত্ব জ্ঞান নথকা ব্যক্তিয়ে অকৰ্তৃত্বশীলভাৱে দুচকীয়া বাহনত দুজন কৈ আৰোহী যাত্ৰা কৰাৰ লগতে ছুপাৰ মাৰ্কেট, ইকৰাণী বস্তি আদিত সৰুকৈ হ’লেও পাচলিৰ বজাৰ বহা পৰিলক্ষিত হৈছে। ইফালে চৰকাৰে ঘৰৰ বাহিৰলৈ ওলালে ই মুখত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে যদিও বহু লোকে এই নিৰ্দেশ অমান্য কৰি আৰক্ষীৰ কৰ্কথনা-সতৰ্কৰ সন্মুখীন হ’ব লগীয়া হৈছে। অৱশ্যে কাৰ্বি আংলং জিলা গ্ৰীণ জ’নত থকাত জিলা প্ৰশাসনে জিলাখনত কেতবোৰ ব্যৱস্থাত প্ৰয়োজনীয় শিথিলতা প্ৰদান কৰিছে যদিও আইন উলংঘাকাৰীক কঠোৰ শাস্তি বিহাৰ বাবে কৰ্তৃপক্ষক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

গোলাঘাটত সৰ্বভাৰতীয় পৰ্যায়ৰ অনলাইন কুইজ প্ৰতিযোগিতা

গোলাঘাটদেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো লোক নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। নিজ নিজ কৰ্মব্যস্ততাৰ পৰা দীৰ্ঘদিন ধৰি আঁতৰি থাকি বহুলোকে বিৰক্ত অনুভৱ কৰিবলৈ ধৰিলে। বিশেষকৈ যুৱচামৰ বাবে ঘৰৰ ভিতৰতে সোমাই থকাটো বৰ কষ্টকৰ হৈ পৰিছে৷ এনে প্ৰেক্ষাপটত গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাসকলৰ কিছু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাটৰ বিশ্বজিৎ পূজাৰী, চায়েদ নেকিব আৰু শৰৎ চেতিয়াৰ দ্বাৰা গঠিত ইকুইনক্স নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা হ’ল ‘জ্ঞান মন্থন ১.০’ শীৰ্ষক এখনি হোম কোৱাৰেণ্টাইন অনলাইন কুইজ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কুইজ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।  প্ৰতিযোগীসকলৰ বিনামূলীয়া অনলাইন পঞ্জীয়ন কৰা হয় আৰু যোৱা ৩ মে’, দেওবাৰে দুপৰীয়া ১২ বজাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। মুঠ ৪৫ মিনিট সময়ৰ এই অনলাইন কুইজ প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে গুগল লিংক যোগে প্ৰশ্নসমূহ নিজৰ ই মেইলত লাভ কৰে আৰু উত্তৰসমূহ কৰি একেটা লিংকৰ জৰিয়তে ইকুইনক্সলৈ প্ৰেৰণ কৰে।  আজি উদ্যোক্তাসকলে কুইজ প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি প্ৰথম তিনিটা স্থান অধিকাৰ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ক্ৰমে ৰাজীৱ উল আৱাল, মৃদুল শৰ্মা আৰু অভিলাষ দাসে। আনহাতে টপ টেন স্থান লাভ কৰাসকল হৈছে ক্ৰমে গোলাঘাট ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ আকাশ আলী হাজৰিকা, শংকৰদেৱ শিশু নিকেতন গোলাঘাটৰ লয়ন জ্যোতি দত্ত,  ডি আৰ কলেজ গোলাঘাটৰ স্বাগত প্ৰতীম বৰা, আইডল গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেহা শৰ্মা, বাংগালোৰৰ ইনফ’চিছত কৰ্মৰত ভাৰ্গৱ শইকীয়া,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অশ্বিনী কুমাৰ শৰ্মা, দৰং কলেজৰ অভিজিৎ শৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্ঞানদীপ কলিতা। বিজয়ী প্ৰতিযোগীসকলৰ লগতে এই অনলাইন কুইজ প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰা সকলোকে উদ্যোক্তাসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইকুইনক্স কুইজ ক্লাবৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে।