Home Blog Page 3385

টপাৰপথাৰৰ উদীয়মান যুৱকে নিৰ্মাণ কৰিলে সুদীৰ্ঘ বাঁহৰ দলং ।

টপাৰপথাৰৰ উদীয়মান যুৱকে নিৰ্মাণ কৰিলে সুদীৰ্ঘ বাঁহৰ দলং

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

  ছয়গাঁও বিধানসভা সমষ্টিৰ এলেকাধিন টপাৰপথাৰত নিৰ্মাণ কৰা বাঁহৰ দলংখন কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷৷ উল্লেখ্য যে দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ জোৰশিমুলী আৰক্ষী চকীৰ গাতে লাগি থকা টপাৰপথাৰ ই এণ্ড ডি মথাউৰি সংযোগী উত্তৰ অংশৰ পথছোৱাত স্থায়ী দলং এখনৰ প্ৰয়োজন জনসাধাৰণে বহুদিনৰে পৰা বাৰুকৈ উপলব্ধি কৰিছিল৷ জানিব পৰামতে, টপাৰপথাৰৰ উদীয়মান যুৱকদ্বয় যথাক্ৰমে ছাহজাহান আলী, ছিৰাজুল হক, জামাল উদ্দিন, ৰবিউল হুছেইনৰ নেতৃত্বত পথছোৱাত সুদীৰ্ঘ এখন বাঁহৰ দলং নিৰ্মাণ কৰে৷ উল্লেখ্য যে নিজৰ গাঁঠিৰ ধন খৰচ কৰি তথা ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে নিৰ্মাণ কৰি উলিওৱা দলংখন পাৰাপাৰৰ বাবদ কিছু ধন সংগ্ৰহ কৰা হ’ব৷ প্ৰণিধানযোগ্য যে ২৬০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ সাঁকোখন নিৰ্মাণৰ ক্ষেত্ৰত দৈনিক ২৫ জন শ্ৰমিকে কাম কৰি ৮ দিনে নিৰ্মাণ কৰি উলিয়ালে দলংখন৷ টপাৰপথাৰৰ সুদীৰ্ঘ বাঁহৰ সাঁকোখন কালি ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে ইছমাইল আলীয়ে৷ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ আব্দুল হাই আনছাৰী, লোকমান হেকিম, আবুল হুছেইন, দৌলত খান, মিৰাজুল ইছলাম, বিল্লাল হুছেইন প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

খণ্ড- ২ : সাংবাদিকতা ব্যৱসায় নহয়, লোক সেৱাৰ মাধ্যমহে ।

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক :
আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ ।

✍ মনজিৎ কুমৰ শৰ্মা

সেইয়া ১৯৪৭ চনৰ কথা। সুদীৰ্ঘ সংগ্ৰামৰ অন্তত দেশ তেতিয়া স্বাধীনতাৰ ঠিক দুৱাৰডলীত ঠিয় হৈছেহি। সংগ্ৰামৰ সেই কালছোৱাত দেশৰ সংবাদ মাধ্যমে (ছপা মাধ্যম) গণ সংযোগৰ ক্ষেত্ৰত আগবঢ়োৱা বিশাল অৱদানৰ পৰিপ্ৰেক্ষিতত, ছপা মাধ্যমৰ সম্ভাৱনাময় ক্ষেত্ৰখনত লাহে লাহে ব্যৱসায়িক লোভ দৃষ্টি পৰিবলৈ আৰম্ভ হৈছিল দেশৰ উদ্যোগ খণ্ড তথা পূজিপতি গোষ্ঠী সমুহৰ। ঠিক সেই সময়তেই এদিন জনপ্ৰিয় হিন্দী দৈনিক নৱভাৰত টাইমছ’ৰ স্বত্বাধিকাৰী ৰামকৃষ্ণ ডালমিয়াই প্ৰখ্যাত সাংবাদিক বনাৰসীদাস চতুৰ্বেদিলৈ পত্ৰযোগে আগবঢ়ালে তেওঁৰ কাকতখনৰ সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ এক আকৰ্ষণীয় প্ৰস্তাৱ। উত্তৰত চতুৰ্বেদী ডাঙৰীয়াই লিখিলে, “যিহেতু সিদ্ধান্তগত কাৰণত মই সংবাদ ক্ষেত্ৰত পূজিপতিৰ প্ৰৱেশৰ বিৰোধিতা কৰো, সেয়েহে এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মই অসমৰ্থ। “সেই ধৰণৰ যুগ এটাও যে সচাকৈয়ে আছিল, আজিৰ সময়ত তেনে কথা ভবাটোও ঠিক সপোন দেখাৰ দৰেই। সেই সময়ত ভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত এনেকুৱা কিছু ব্যক্তি আছিল, বিভিন্ন কাকতৰ সম্পাদক ৰূপে যিসকলে মনে প্ৰাণে বিশ্বাস কৰিছিল যে সাংবাদিকতা এক উদ্যোগ নাইবা ব্যৱসায় নহয়, বৰঞ্চ লোকসেৱাৰ এক মাধ্যমহে। এই ধৰণৰ সুউচ্চ চিন্তাধাৰা আচলতে ১৭৮০ চনৰে পৰা প্ৰৱাহমান ভাৰতীয় সাংবাদিকতাৰ আত্মিক চৰিত্ৰৰ এক প্ৰতিফলন বুলিয়েই অভিহিত কৰিব লাগিব। কাৰণ ১৮৭৮ চনৰ ‘ভাৰ্নাকুলাৰ প্ৰেছ আইন’ প্ৰণয়নৰ ঠিক আগেয়ে ভাৰতীয় সাংবাদিকতাৰ যি প্ৰদ্যোতিত ধাৰা অমৃত বাজাৰ পত্ৰিকা’ৰ তদানীন্তন সম্পাদক, প্ৰকাশক শিশিৰ কুমাৰ ঘোষে ৰোপন কৰিছিল, সেই ধাৰাকেই ক্ৰমাৎ আগবঢ়াই লৈ গৈছিল বনাৰসীদাস চতুৰ্বেদিৰ দৰে সাংবাদিক সকলে। এইখিনিতে স্মৰণ কৰিব লাগিব ১৮৭৮ৰ সেই আইনখন প্ৰণয়নৰ কিছুদিন আগৰ এক ঘটনা। তেতিয়া বেংগলৰ গভৰ্নৰ পদত অধিষ্ঠিত হৈ আছিল ছাৰ এছলি ইডেন‌ নামৰ বৃটিছ বিষয়াগৰাকী। এই এছলি ইডেন ভূটানত বৃটিছ ভাৰতীয় চৰকাৰৰ আজ্ঞাবাহী বিশেষ বিষয়া ৰূপে নিয়োজিত হৈ থকা কালছোৱাতেই, ভুটীয়া শাসকৰ ছাপত পৰি তেওঁ স্বাক্ষৰ কৰিছিল বৃটিছ ভূটান চুক্তিত। কিন্তু ভূটীয়া সকলৰ স্বাৰ্থ সৰহকৈ পূৰণ কৰা এই চুক্তিখন পৰৱৰ্তী কালত বৃটিছ চৰকাৰে ৰদ কৰে। আৰু এই চুক্তিৰ একপক্ষীয় অৱমাননাৰ ফলশ্ৰুতিত ১৮৬৪-৬৫ত বৃটিছ ভাৰত আৰু ভুটানৰ মাজত যুদ্ধ সংঘটিত হয়। সেই এছলি ইডেনেই এদিন বিখ্যাত আনন্দ বাজাৰ পত্ৰিকা’ৰ সম্পাদক, প্ৰকাশক শিশিৰ কুমাৰ ঘোষক দিলে এক প্ৰস্তাৱ। আৰু সেইয়া আছিল ‘মিলিজুলি একেলগে আগবঢ়াৰ’ এক প্ৰলোভন ভৰা প্ৰস্তাৱ। ইয়াৰ প্ৰত্যুত্তৰত ঘোষ ডাঙৰীয়াই এছলি ইডেনক কৈছিল – “শ্ৰীমান, এই ধৰাত এজনটো সৎ সাংবাদিক থাকিবলৈ দিয়ক”।
আজিৰ সময়ত এনেকৈ ক’ব পৰা, হাতলৈ অহা পেছাগত, লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিব পৰা সাংবাদিক সচাকৈয়ে আছেনে বাৰু?

*** (ক্ৰমশঃ)

দিহিং পাটকাইক ধ্বংস নকৰিব…

✍ জ্যোতিপ্ৰকাশ বড়ো

দিহিং পাটকাই এনে এক বনাঞ্চল যিটো অঞ্চল বিখ্যাত ভাৰত-ম্যানমাৰ জৈৱ-বৈচিত্ৰ হটস্পটৰ অন্তৰ্গত। এই সাত-আঠশ বৰ্গ কিলোমিটাৰৰ বৃহৎ বনাঞ্চল জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ। দিহিং পাটকাই কেৱল অসমৰে নহয়,সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে হাওঁফাওঁ স্বৰূপ। ইয়াৰ গভীৰতাৰ বাবে ইয়াক “পূৱৰ আমাজান” বুলিও কয়। ইয়াৰ জৈৱ-বৈচিত্ৰৰ ফালে চালে দেখিবলৈ পোৱা যায় জাকত জিলিকা উদ্ভিদকুল আৰু প্ৰাণীকুলেৰে সমৃদ্ধ এখন শক্তিশালী বনাঞ্চল। কেইবাটাও প্ৰজাতিৰ বান্দৰ এই অভয়াৰণ্যৰ বৈশিষ্ট। ইয়াৰোপৰি বহু প্ৰজাতিৰ তৰু-তৃণ, অৰ্কিডৰ বাবেও দিহিং পাটকাই আকৰ্ষণীয় আৰু বিখ্যাত। উল্লেখযোগ্য যে দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত পূৰ্বৰে পৰা কয়লা খনন অব্যাহত আছে। এন.বি.ডব্লিউ.এলে অতিৰিক্ত এক বৃহৎ এলেকাত খনন চলোৱাৰ বাবে অনুমতি দিয়াৰ ফলত জৈৱ-বৈচিত্ৰৰ বাবে সংৰক্ষিত এই বনাঞ্চল ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছে। মন কৰিবলগীয়া যে পৰিৱেশ প্ৰকৃতিৰ উন্নয়নৰ কথা কৈ থকা কেন্দ্ৰীয় চৰকাৰখনে এতিয়া জৈৱ-বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাইৰ চহকী পৰিৱেশক আওকাণ কৰিছে আৰু বিপৰীতে বৰ্ষাৰণ্যখনত থকা কয়লাক অধিক প্ৰাধান্য দিছে। কিন্তু কয়লা খননৰ দৰে প্ৰকৃতিবিৰোধী কাৰ্য্যই এতিয়া দিহিং পাটকাইৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই সম্পূৰ্ণ ৰেহ-ৰূপ সলনি কৰি পেলাব ইয়াত কোনো সন্দেহ নাই। হাতীৰ বিচৰণস্থলীসমূহত কয়লা খননৰ ফলশ্ৰুতিত নিশ্চয়কৈ প্ৰভাৱ পৰিব। যাৰ বাবে দিহিং পাটকাইৰ চৌপাশে বসবাস কৰি থকা লোক আৰু হাতীৰ মাজত সংঘৰ্ষ হব। কয়লা খননে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জলবায়ুৰ পৰিৱৰ্তনত প্ৰভাৱ পেলাই আহিছে। বায়ু প্ৰদূষণৰ লগে লগে তাত থকা ভিন্ন প্ৰজাতিৰ পখিলা, চৰাই আদি মৃত্যুমুখত পৰিব, জীৱ-জন্তুবোৰে দিহিং পাটকাই এৰি জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হ’ব। কিন্তু অতি সম্প্ৰতি চৰকাৰী অনুমতি অথবা পৰোক্ষ পৃষ্ঠপোষকতাত প্ৰকৃতি ধ্বংস যজ্ঞত উঠি পৰি লাগিছে এচাম স্বাৰ্থন্বেষী মহল, চিণ্ডিকেট চক্ৰ। খনিজ,বনজ আৰু জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত থকা লোভৰ দৃষ্টিয়ে এফালৰ পৰা গ্ৰাস কৰি আনিছে আমাৰ পৰিৱেশ, অৰ্থনীতি। দিহিং পাটকাইৰ অন্তৰ্গত অবৈধ খনন আৰু বন ধ্বংসৰ বিৰুদ্ধে ৰাজ্যজুৰি এক শীতল প্ৰতিবাদী আন্দোলন আৰম্ভ হৈছে। চৰকাৰী বিধি ব্যৱস্থাৰ বিৰুদ্ধে দিহিং পাটকাই সংৰক্ষণৰ বাবে তৎপৰ হ’বলগা হৈছে প্ৰকৃতি তথা অসমপ্ৰেমী ৰাইজ। সৰ্বত্ৰ চৰ্চাৰ বিষয়বস্তু হৈছে দিহিং পাটকাইৰ ওপৰত চলা ধ্বংস যজ্ঞ, জৈৱজগতৰ ওপৰত পৰা প্ৰভাৱ। সেয়েহে চৰকাৰে এই পৰিকল্পনাক শীঘ্ৰে প্ৰতিহত কৰি বৃহত্তৰ দিহিং পাটকাইক সুৰক্ষা প্ৰদান কৰক। নহ’লে প্ৰকৃতিয়ে মানৱক কোনোকালে ক্ষমা নকৰিব।

ডবকাত সামান্য কথাতেই ৰক্তাক্ত পৰিৱেশ : ৫ জনৰ অৱস্থা সংকটজনক ।

আব্দুল হাকিম

হোজাই ডবকাত সামান্য কথাতেই সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা৷ সামান্য কাজিয়াতেই ৰক্তাক্ত পৰিবেশ সৃষ্টি হয় ডবকাৰ মিকিৰআটি গুটিগাঁৱত৷তিনি  ফৈদৰ মাজত লাঠিৰে  প্ৰচণ্ড মাৰপিটৰ ফলত মহিলাসহ ৫ জন  গুৰুতৰভাৱে আহত৷ আহত গনেশ দাস, সবিতা দাস, প্ৰসঞ্জিত দাস, মাম্পী দাস আৰু মৰন দেৱনাথ৷ জানিব পৰা মতে বিজু বিশ্বাস আৰু সবিতা বিশ্বাসৰ মাজত দীৰ্ঘদিনীয়া পৈতৃক সম্পত্তি লৈ সংঘাত চলি আছিল৷দুয়োজন ভাই-ভনী সম্পৰ্ক৷ তাৰ মাজতেই যোৱা নিশা বিদ্যুত সংযোগক লৈ দুয়োটা পৰিয়ালৰ মাজাত কাজিয়াৰ সৃষ্টি হয়৷ ঘৰৰ লগতে বসবাস কৰা মৰন দেৱ নাথ নামৰ লোকজনক কাজিয়াৰ কথা খবৰ দিয়ে বিজু বিশ্বাসৰ আন এক ভিন্টীয়ে৷ মৰন দেৱনাথে কাজিয়া মীমংসা কৰাৰ কথা কোৱাৰ পিছতেই মৰন দেৱ নাথসহ তিনিওটা পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈ ৰক্তাক্ত হৈ পৰে৷ তিনিওটা পক্ষই পৃথকে পৃথকে গোচৰ তৰিছে ডবকা আৰক্ষী থানাত৷ ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আৰম্ভ কৰিছে তদন্ত৷

বাঘজান অগ্নিকাণ্ডৰ তদন্তৰ দাবী ইত্তেহাদ ফ্ৰন্টৰ ।

আবুল হাছেম :

বাঘজান অগ্নিকাণ্ডৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে। এক প্ৰেছ বিবৃতিযোগে ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম, সাধাৰণ সম্পাদক অধিবক্তা বাহাৰুল আমিন, অধিবক্তা দেৱান শ্বহিদুল ইছলামৰ  স্বাক্ষৰিত দিয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জনাই যে তিনিচুকীয়া ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘজানত   অইল ইণ্ডিয়া লিমিটেডৰ পাঁচ নম্বৰ তৈলক্ষেত্ৰত যোৱা ২৭ মে’ৰ পৰা নিৰ্গত হৈ থকা গেছ আৰু তেল নিয়ন্ত্ৰণ কৰিবলৈ যোৱাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ ফলত  বৃহৎ ক্ষতি সাধন হোৱাৰ বাতৰিয়ে অসমবাসীক আতংকিত কৰি তুলিছে৷ জন এনাৰ্জি নামৰ বহিঃৰাজ্যৰ কোম্পানীৰ দ্বায়িত্ব থকা বাঘজান তৈলক্ষেত্ৰত যোৱা ২৭ মে’ৰ পৰা নিৰ্গত হৈ থকা গেছ আৰু তেল নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ সংশ্লিষ্ট কৰ্তৃপক্ষই যাৰ ফলত জুইয়ে আগুচি লৈছে বৃহৎ অঞ্চল৷ উক্ত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া অইল ইণ্ডিয়াৰ কৰ্মচাৰী ক্ৰমে দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গগৈ ডাঙৰীয়াৰ বিদ্বেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে সভাপতি নুৰ ইছলামে৷কাৰ হেমাহিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে এই সমগ্ৰ বিষয়টো ওপৰত উচিত তদন্ত ঘোষনা কৰা ও অইল ইণ্ডিয়া দুই কৰ্মচাৰী ক্ৰমে সৰ্গীয় দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গগৈ ডাঙৰীয়াৰ  পৰিয়ালৰ এজনকৈ লোকক চৰকাৰী চাকৰি প্ৰদান কৰা লগতে মৃত্কৰ পৰিয়ালক ১ কোটীকৈ টকা প্ৰদান কৰা আৰু ক্ষতি গ্ৰস্থ লোক সকলক উপযুক্ত ক্ষতি পূৰণ দিয়াৰ দাবী জনাইছেঁ, ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে৷

গহপুৰৰ তিনি গৰাকী সাংবাদিকক জনসংযোগৰ স্বীকৃতি পত্ৰ বিতৰণ ।

গহপুৰৰ তিনি গৰাকী সাংবাদিকক জনসংযোগৰ স্বীকৃতি পত্ৰ বিতৰণ ।

অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতি লাভ কৰা বিশ্বনাথ জিলাৰ ১৩ গৰাকীকৈ সাংবাদিকক কালি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত স্বীকৃতি পত্ৰ প্ৰদান কৰে। বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত কালি বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা এখনি সভাত গহপুৰৰ তিনিগৰাকীকৈ সাংবাদিকৰ লগতে বিশ্বনাথ জিলাৰ মুঠ ১৩ গৰাকীকৈ সাংবাদিকক অসম চৰকাৰৰ জনসংযোগ বিভাগৰ স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, জনসংযোগ বিষয়া ত্ৰিলীনা টাইড, ৰঞ্জিত শইকীয়া আৰু সদস্য হেমন্ত শইকীয়াৰ উপস্থিতিত প্ৰাগ নিউজৰ সাংবাদিক ৰাজীৱ বৰা, পূৰ্বাঞ্চল প্ৰহৰীৰ সাংবাদিক অমৰ শৰ্মা আৰু অসমীয়া খবৰ কাকতৰ সাংবাদিক ৰমেন বৰাক ‌স্বীকৃতি পত্ৰ প্ৰদান কৰে।

অ’এনজিচি, অসম সম্পদৰ মুখ্য কাৰ্যালয়-আৱাসীক এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব স্থানীয় ৰাইজ – সৰৱ প্ৰতিক্ৰিয়া বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ।

দিলীপ হাজৰিকা, নাজিৰা

দেশৰ মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ নাজিৰাস্থিত মুখ্য॥ কাৰ্যালয় আৰু আৱাসীক এলেকাত প্ৰৱেশ কৰিব নোৱাৰে স্থানীয় জনসাধাৰণ। কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা নিৰাপদ বা সুৰক্ষিত ৰখাৰ অজুহাত দেখুৱাই নিগমৰ অসম সম্পদ কৰ্তৃপক্ষই ৰহস্য জনক ভাৱে প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা নৈসৰ্গিক বিভাগ অথবা অন্যান্য বিভাগৰ জৰিয়তে স্থানীয় ভাৱে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন আঁচনিৰ আবেদনকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক তথা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি তথা ব্যক্তিক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে, কভিড – ১৯ ৰ ভয়াবহ সংক্ৰমণৰ সময়তো অ’ এন জি চি অসম সম্পদলৈ বহি: ৰাজ্যৰ লগতে বিভিন্ন দেশৰ পৰাও বিষয়া – কৰ্মচাৰী বদলি কৰাই আনি কৌশলগত ভাৱে প্ৰতিষ্ঠানটোত কৰ্তব্যত নিয়োজিত কৰি আহিছে। তেনে ক্ষেত্ৰত স্থানীয় লোকক সামাজিক দায়বদ্ধতা আঁচনিত আবেদন-নিবেদন দাখিল কৰিবলৈও স্থানীয় লোকক প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰাৰ লগতে নিগমৰ আৱাসিক এলেকাত থকা স্থানীয় লোকৰ পৰিয়ালৰ আৱাস গৃহলৈও অহা-যোৱা কৰাত বাধা প্ৰদান কৰা হৈছে। ইয়াৰোপৰি অ’এনজিচিৰ নাজিৰাৰ আৱাসিক সকলৰ ঘৰুৱা বন কৰা কামত স্থানীয় প্ৰায় তিনিশতাধিক মহিলা জড়িত হৈ ঘৰ-পৰিয়াল ভৰণ-পোষণ দি আহিছে। এইসকল বনকৰা মহিলাকো আৱাসিক এলেকাত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাত উভয়ৰে ব্যাপক সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। নিগমৰ অসম সম্পদ কৰ্তৃপক্ষৰ এনে ৰহস্যজনক কাৰ্যত সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। সংগঠনটোৰ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি বিকাশ শৰ্মা আৰু সচিব প্ৰধান জাকিৰ আখটাৰ হুছেইনৰ স্বাক্ষৰেৰে দহ জুনত নাজিৰা মহকুমাৰ মহকুমাধিপতিক বিষয়টোৰ ক্ষেত্ৰত এক সু পদক্ষেপ গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে আবেদন জনাইছে।

গোলাপী হৈ পৰিছে হ্ৰদৰ পানী : চিন্তিত পৰিৱেশবিদ, প্রাণী বিজ্ঞানী ।

দৈনন্দিন বাৰ্তা

মহাৰাষ্ট্ৰৰ বুলধানা জিলাত অৱস্থিত লোনাৰ হ্ৰদৰ পানীৰ ৰং যোৱা কেইটামান দিনৰ পৰা ৰঙচুৱা গোলাপী হৈ পৰিছে৷ ইয়াকে লৈ স্থানীয় লোকসকল আচৰিত হৈছে৷ পানী ৰং সলনি হোৱাত পৰিৱেশবিদ আৰু প্রাণী বিজ্ঞানীসকল চিন্তিত হৈছে৷ লোনাৰৰ জিলা প্ৰশাসক ছৈফান নাদাফে জনায় যে বন বিভাগে পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছে৷ প্ৰাথমিক পৰীক্ষাৰ প্ৰতিবেদন মতে পানীত লবন বাঢ়িছে আৰু এলগিৰ অতিৰিক্ত উপস্থিতিৰ বাবে এইদৰে ৰং সলনি হৈছে৷ বিশেষজ্ঞসকলৰ মতে ইয়াৰ আগেয়ে লোনাৰ হ্ৰদৰ ৰং ৰঙচুৱা বা গোলাপী দেখা গৈছিল৷ কিন্তু এইবাৰ ৰঙৰ পৰিমাণ বেছি৷ প্রায় ৫০,০০০ বছৰৰ আগেয়ে উল্কাপিণ্ড পৰি গাঁতৰ সৃষ্টি হৈছিল৷ সেইটোৱেই এতিয়া জনপ্রিয় পর্যটন কেন্দ্র লোনাৰ হ্ৰদ৷ এই হ্ৰদত বহু পৰিমাণৰ জলজ উদ্ভিদ আছে৷ হ্ৰদ সংৰক্ষণ সমিতিৰ মতে বৰষুণ নোহোৱাত হ্ৰদত পানীৰ পৰিমাণ কমি গৈছে৷ তুলনামূলকভাৱে পানী কমি যোৱাত লবনৰ পৰিমাণ বাঢ়ি গৈছে৷ ফলত পানীৰ ৰং গোলাপী হৈ পৰিছে ৷

ছ’চিয়েল মাধ্যম বনাম সমসাময়িক সমাজ ব্যৱস্থা …

বৰ্তমান বহুল প্ৰচলিত ছচিয়েল চাইটৰ প্ৰভাৱ  সমাজ ব্যৱস্থাৰ ওপৰত দিনক দিনে বাঢ়িব ধৰিছে। কেতিয়াবা যদি ভাল আকৌ কেতিয়াবা বেয়া। এতিয়া সমাজৰ বহু লোক ব্যস্ত হৈ পৰে এই সমুহ সামাজিক  মাধ্যমত। বৰ্তমান ছ’চিয়েল চাইটৰ প্ৰভাৱ ইমানেই বেছি হৈছে যে আৰু কিছু বছৰৰ পাছত হয়তো প্ৰচাৰৰ  ক্ষেত্রত এক নতুন মাত্ৰা লাভ কৰিব। এনে এদিন আহিব হয়তো ছ’চিয়েল মাধ্যমে বৈদ্যুতিক মাধ্যমকো চেৰ পেলাবলৈ সক্ষম হ’ব। বৰ্তমান অনলাইন নিউজ পৰ্টেল আৰম্ভ হৈছে ইয়াৰ প্ৰসাৰৰ লগে লগে হয়তো এদিন বৈদ্যুতিক মাধ্যম সমূহলৈও ভাবুকি অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইতিমধ্যে ছ’চিয়েল চাইটৰ দ্বাৰা বিভিন্ন উপাৰ্জনৰ পথো প্ৰশস্ত হৈছে। আধুনিক যুগত প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে ছ’চিয়েল মাধ্যম পাৰস্পৰিক যোগাযোগৰ ক্ষেত্রত এক শক্তিশালী যোগাযোগ মাধ্যম ৰূপে পৰিগণিত হৈছে। সকলোৰে ঘৰে ঘৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব ধৰিছে। মুহূৰ্ততে বিশ্বৰ সকলো খবৰ লাভ কৰিবলৈ সক্ষম হৈছো। মোবাইল ফোনত ইন্টাৰনেট সেৱাৰ সহজলভ্যতাৰ ফলস্বৰূপে সমাজৰ প্ৰতিতো স্তৰৰ ব্যক্তি শিক্ষিত বা অশিক্ষিত যিয়েই নহওঁক কিন্তু ‘যোগাযোগৰ মাধ্যম ৰূপে ব্যাপক এই সমুহ মাধ্যম  ব্যৱহাৰ কৰিছে। বৰ্তমান সমাজৰ সকলো শ্ৰেণীৰ লোকে সময় অতিবাহিত কৰিবলৈ লৈছে এইসমূহ ছ’চিয়েল মাধ্যমত। ফেচবুক, হোৱাইটচ এপ, টুইটাৰ, ইউটিউব, গুগল আদিয়ে বৰ্তমান যুগত প্ৰচাৰ আৰু যোগাযোগৰ এক অন্যতম মাধ্যম  মাধ্যম ৰূপে মাত্ৰা লাভ কৰিছে। এই সমূহ মাধ্যমৰ যথেষ্ট ইতিবাচক ফলাফল আছে। তথাপিও কিন্তু বৰ্তমান সময়ত এই সমূহ ছ’চিয়েল মাধ্যমৰ নেতিবাচক ফলাফল দিনক দিনে বাঢ়িবলৈ ধৰিছে। বহু লোকে সামাজিক মাধ্যম সমূহ অপব্যৱহাৰৰ কৰাৰ ফলত সমাজত নেতিবাচক প্ৰভাৱ পৰিছে। বহু লোকে ছ’চিয়েল মাধ্যম  সমূহত ভুৱা একাউন্ট খুলি কাৰোবাক ভাবুকি বা ব্লেকমেইলিং,  অপপ্ৰচাৰ, উৰাবাতৰি আদি প্ৰচাৰত আগভাগ লোৱা দেখা যায়। কোনো কোনো ঠাইত ভাতৃঘাটি বা গোষ্ঠী সংঘৰ্ষ সৃষ্টি এই সামাজিক মাধ্যমৰ যোগেদি হৈছে। কাৰ্বিআংলংত সোপাধৰাৰ সন্দেহত দুজন যুৱকক নিৰীহৰ সন্দেহত জীৱন্তে হত্যা কৰা হ’ল ! এই হত্যাকাণ্ডৰ অন্যতম কাৰণ হিচাপে জনপ্ৰিয় ছ’চিয়েল চাইট ফেচবুক, হোৱাইটচ এপত খোপাধৰাৰ ভুৱা বাতৰি বহু লোকে প্ৰচাৰ কৰিছিল। আৰু সাধাৰণ মানুহেও প্ৰচাৰিত উক্ত সংবাদটো সচাঁ বুলি মানি লবলৈ বাধ্য হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিতে দুজন নিৰীহ যুৱকে প্ৰাণ হেৰুৱালে! গতিকে ছচিয়েল মাধ্যম বিলাক ব্যৱহাৰ কৰোতে সাৱধানতা অৱলম্বন কৰিব লাগে। বৰ্তমান সময়ত এনেকুৱা হৈছে যে জীৱনৰ প্ৰতিটো খোজেই যেন ছচিয়েল চাইট অবিহনে শূন্য। সামাজিক মাধ্যম সমূহে সমাজৰ বিভিন্ন দিশকো প্ৰতিফলিত কৰাইছে। পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে যেন ছচিয়েল মাধ্যম অপৰিহাৰ্য্য হৈ পৰিছে। প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত এই মাধ্যম সমূহৰ প্ৰভাৱ নপৰাকৈ থকা নাই। এখন সমাজৰ সকলো বা-বাতৰি  প্ৰতিফলিত হয়। বৰ্তমান নতুন প্ৰজন্ম এনে এই সামাজিক মাধ্যম সমূহ ব্যৱহাৰ কৰিবলৈ গৈ বিভিন্ন সমস্যাত পৰা দেখা যায়। অৱশ্যে কম বয়সতে মবাইল বা লেপটপ সন্তানৰ হাতত তুলি দিয়াৰ বাবে পিতৃ মাতৃয়ে জগৰীয়া। নিজৰ সন্তানক প্ৰয়োজনীয়তা অনুসৰিহে এনে বস্তুবোৰ হাতত তুলি দিয়া উচিত। আপুনি বা মই প্ৰতিজন ছচিয়েল মাধ্যম ব্যৱহাৰ কাৰীয়ে জনা উচিত যে আপুনি বা মই ছচিয়েল মাধ্যমত ব্যৱহাৰ   কৰা এটা শব্দ বা বাক্যই প্ৰচলিত সমাজ ব্যৱস্থাত কলুষিত কৰি তুলিব পাৰে নাইবা কাৰোবাৰ জীৱন পৰ্যন্ত কাঢ়ি নিব পাৰে। গতিকে, এনে ক্ষেত্রত আমি প্ৰতিজন ব্যৱহাৰকাৰীয়ে সাৱধানতা অৱলম্বন কৰা উচিত। ছচিয়েল মাধ্যমৰ নেতিবাচক দিশসমূহ পৰিত্যাগ কৰিব লাগে। নিজ তথা সমাজৰ সহায়ক হোৱা বাৰ্তা নিজেও গ্ৰহণ কৰিব লাগে আৰু সমাজলৈও প্ৰেৰণ কৰিব লাগে। অভিভাৱক সকল নিজ সন্তানৰ ওপৰৰ পৰত নজৰ ৰাখিব লাগে আৰু বিভিন্ন সামাজিক প্ৰচাৰ মাধ্যমৰ বেয়া দিশ সমূহ বুজাই দিব লাগে। বিজ্ঞানৰ প্ৰতিটো আৱিষ্কাৰৰে সুফল আৰু কুফল দুয়োটাই আছে।বেয়া সমূহ পৰিত্যাগৰ বাবে সকলোৱে চেষ্টা কৰা উচিত !

ৰূপহীহাটত শ্বামিমুলে গোপনে চলাইছে পাঞ্জাৱ বেংকৰ তিনিটাকৈ চিএচপি । পত্নী-ভগ্নীৰ নামাতো চিএচপিৰ আবণ্টন ।বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ ভুৱা একাউণ্টৰ জৰিয়তে চলাইছে লুন্ঠণ ।

এ জে আকন্দ‌, নগাঁও

বিভিন্ন বেংক বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত এতিয়া কাঠফুলৰ দৰে গঢ়ি উঠিছে গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চিএচপি। নগাঁও জিলাতো একেই দৃশ্য পৰিলক্ষিত হৈছে। এই চি এচ পি সমূহৰ নামত একাংশ বাণিজ্যিক প্ৰতিনিধিয়ে লুন্ঠণৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। উত্থাপিত অভিযোগ মতে, জিলাখনৰ ৰূপহীহাটৰ শ্বামিমুল ইছলাম নামৰ এজন যুৱকে নিজৰ লগতে একাংশ আত্মীয়ৰ নামত চলাই গৈছে একাধিক চিএচপি। পাঞ্জাৱ নেচনেল বেংক ৰূপহী শাখাৰ অধীনত শ্বামিমুলে লাভ কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ চিএচপি। সেই অনুসৰি, নিজৰ নামত থকা চিএচপিটোৰ ঠাই দেখুৱাইছে ভকতগাঁও। তেওঁৰ ক’ড নম্বৰটো হ’ল K2200652, পত্নীৰ নামত থকা চিএচপিটোৰ ঠাই দেখুৱাইছে ৰৌমাৰী যাৰ ক’ড নম্বৰ হ’ল K1402050 আৰু শ্বামিমুলে নিজৰ ভগ্নীৰ নামত একেটা। বেংক শাখাৰ অধীনত লাভ কৰিছে আন এখন চিএচ পি । এই চিএচপিটোৰ ঠাই দেখুৱাইছে ফাকলি যাৰ ক’ড নম্বৰ হৈছে K1403414। এই চিএচপি কেইটাৰ নিৰ্দিষ্ট এলেকাত কাৰ্যালয় থাকিব লাগে যদিও নাই কোনো আনুষ্ঠানিক কাৰ্যালয়। একমাত্ৰ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা এই চিএচপি কেইটা চলাই গৈছে ৰূপহীৰ বজাৰ এলেকাত থকা এটা গোপন স্থানত। এই চিএচপি কেইটাৰ বিপৰীতে জব কাৰ্ড শ্ৰমিক, প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি, সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানি আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ নামত ভুৱা একাউন্টৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে। অকল ইমানেই নহয় বহু গ্ৰাহকৰ ধন জমা নকৰি সেই ধনৰে  ৰূপহী বজাৰত শ্বপিং মল খুলি অগাধ সম্পত্তিৰ গৰাকী হ’বলৈ সক্ষম হৈছে। সংশ্লিষ্ট বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এইদৰে নামে বেনামে একাধিক চিএচপি খুলিবলৈ সক্ষম হৈছে। এনে দুৰ্নীতি-অনিয়ম সংঘটিত কৰা স্বত্বেও বেংক কৰ্তৃপক্ষই ৰহস্যজনক ভাবে নিমাত হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে। সেয়ে সচেতন ৰাইজে এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।