Home Blog Page 3385

ক’ৰোনা ভাইৰাছত মৃত্যুৰ তালিকাত পৃথিৱীৰ অষ্টম স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

দেশত নতুনকৈ ১০ হাজাৰৰ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত ১০৬৬৭ জন লোকৰ ক’ভিড ৰিপৰ্ট পজিটিভ৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৪৩০৯১জন হ’লগৈ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই আগেয়ে লাখৰ ঘৰ অতিক্ৰম কৰিলে৷ আনহাতে তামিলনাডু আৰু দিল্লীত ৫০ হাজাৰৰ ঘৰৰ ওচৰ পাইছেহি৷ আনহাতে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ মৃত্যুৰ হিচাপত বেলজিয়ামক পিছ পেলাই পৃথিৱীৰ অষ্টম স্থান পাইছেহি ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৩৮০ জন৷ ইয়াকে লৈ ভাৰতত মুঠ মৃত্যুৰ সংখ্যা হ’ল ৯৯০০জন৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰত মৃত্যু হৈছে ৪১২৮, গুজৰাটত ১৫০৫, দিল্লীত ১৪০০ জন৷ আনহাতে পশ্চিম বংগত ৪৮৫, তামিলনাডুত ৪৭৯, মধ্য প্ৰদেশত ৩৯৯, ৰাজস্থানত ৩০১, তেলেংগানাত ১৮৭ আৰু হাৰিয়ানাত ১০০ জনৰ মৃত্যু হৈছে ৷

বেদখলকাৰীৰ কবলত নগাঁৱৰ ঐতিহাসিক মৰিকলং বিল। জিলা প্ৰশাসনৰ আওকণীয়া মনোভাৱত নিঃশেষৰ পথত মৰিকলং বিল।

মৰিকলং বিল পুতি দালান নিৰ্মাণ ।

দৈনন্দিন বাৰ্তা:

নগাঁও জিলাৰ এখন ঐতিহাসিক বিল মৰিকলং বিল৷ নগাঁও চহৰৰ একেবাৰে গাতে লাগি আছে এই মৰিকলং বিল৷ আজি কিছু বছৰৰ আগলৈকে বিভিন্ন পৰিভ্ৰমী পক্ষীৰ কল-কাকলিৰে পূৰ্ণ হৈ আছিল বিলৰ পাৰ আৰু অসংখ্য মাছ-পুঠিৰ লগতে কাছৰ আৱাসস্থলীৰে ভৰি আছিল বিলৰ পানী৷ লাহে-লাহে সময়ৰ সুতত বিলৰ দুয়োপাৰত ভৰি পৰা ঘন জনবসতিৰ ফলত কমি আহিল পৰীভ্ৰমী পক্ষীৰ প্ৰব্ৰজন৷ এসময়ত পৰিভ্ৰমী পক্ষী শৰালিহাঁহ, হাড়গিলা পক্ষীৰ প্ৰব্ৰজনস্থলী হিচাপে সু-পৰিচিত মৰিকলং বিলত এতিয়া শৰালিহাঁহৰ লগতে হাড়গিলা এটাও দেখা পাবলৈ নাই৷ কিন্তু লগতে তাতোকৈও ভয়াৱহ কথাটো হ’ল বৰ্তমান ঐতিহাসিক মৰিকলং বিল খন বহু বেদখলকাৰীৰ কবলত পৰাটোহে৷ উল্লেখ্য যে, শিয়ালেখোৱা, বৰঘাট, বেঙেনাআটী, পাখিমৰীয়া, মৰিকলং, ধেপাজান, ছোটহয়ৱৰ লগতে আন কেইবাটাও অঞ্চলৰ প্ৰায় ৩৫৮ বিঘাৰো অধিক মাটি সামৰি এসময়ত এক বৃহৎ বিলৰূপে পৰিগণিত হোৱা মৰিকলং বিলখন আজি সকলো ফালৰ পৰাই বেদখলকাৰীৰ কবলত পৰি নিশেষঃ হ’বলৈ ধৰিছে৷ এনে অৱস্থাত আৰু কেইবছৰমানৰ ভিতৰতে হয়তো মৰিকলং বিলৰ অস্তিত্বই হেৰাই যাব নগাঁৱৰ বুকুৰ পৰা তথা নগাঁৱৰ মানচিত্ৰত দেখা পোবা নাযাব বৃহত্তৰ মৰিকলং বিলৰ কোনো চিন মকাম৷ যদিও নগাঁওবাসীৰ সুবিধাৰ বাবেই, তথাপিও বিল খনৰ কিছু অংশ পোতাৰ কাম আৰম্ভ হয় চৰকাৰৰ ফালৰ পৰাই৷ স্মৰ্তব্য এই যে, আজি প্ৰায় ২৫ বছৰৰ আগতে ৰাইজৰ সুবিধাৰ কাৰণে এটা বাছ আস্থান বহাবৰ বাবেই বিলৰ প্ৰায় পাঁচ বিঘা চাৰি কঠা দহ লেচা মাটি পুতি পেলোবা হয় সম্পূৰ্ণ চৰকাৰী আদেশত৷ তাৰপিছৰে পৰাই ৩৬ নং ৰাষ্ট্ৰীয় পথৰ মৰিকলং বাছ আস্থানৰ নিচেই কাষৰ পৰা আৰম্ভ কৰি মৰিকলঙৰ দিশৰ পৰা আৰু অধিকাংশই কছলুখোৱা দিশৰ পৰা ভিন্নজন ভদ্ৰতাৰ মুখাপিন্ধা সম্ভ্ৰান্ত পৰিয়ালৰ বেদখলকাৰী ব্যক্তিয়ে মৰিকলং বিলৰ মাটি পুতি সাধাৰণ ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, জাৰ্চি গৰুৰ ফাৰ্ম, ব্ৰয়লাৰ ফাৰ্ম, বৃহৎ বৃহৎ কেইবাটাও দালান, বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈকে বনাবলৈ আৰম্ভ কৰে৷ ঠিক সেইদৰে বেঙেনাআটী, ছোটহয়ৱৰ, ধেপাজান, শিয়ালেখোৱা, বৰঘাট, পাখিমৰীয়া আদি অঞ্চলতো বহু বেদখলকাৰীয়ে যধেমধে বিলৰ মাটি অবাধ হাৰত বেদখল কৰি নিৰ্মাণ কৰি গৈছে এটাৰ পিছত এটাকৈ বাহঁৰ ঘৰৰ উপৰি পকী ঘৰ, বিয়াগোম ফাউণ্ডেচনৰে অট্টালিকা, বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, ব্যক্তিগত ব্যৱসায়ীক কাৰ্যালয় আদি৷ মৰিকলং লয়লা ইংলিছ মিডিয়াম হাইস্কুলৰ ঠিক পোনে পোনে কছলুখোৱা বৰ মছজিদৰ নিচেই কাষতে এটা স্থানত একোটা বৃহৎ চাৰিমহলীয়া অট্টালিকাৰ পিছৰ অংশই বিলৰ মাজভাগ পৰ্যন্ত সামৰি লোৱা কাৰ্যই সকলোবে চকু কপালত তুলিছে৷ ৩৬ নং ৰাষ্ট্ৰীয় পথৰে পাৰা পাৰ হোবা প্ৰতিজন সমাজ তথা পৰিৱেশ সচেতন লোকেই এই আট্টালিকা নিৰ্মাণ কৰা গৰাকীৰ মইমতালি আৰু হঠকাৰীতাত তবধ মানিছে৷ প্ৰশাসনৰ বিভিন্ন বিভাগ সমূহৰ আৰ্ষীশধন্য নহলে এই ভয়ংকৰ কাৰ্য কৰিবলৈ কোনেও সাহস কৰিব নোবাৰে বুলিও বহুতে কব খোজে৷ তাৰ সমান্তৰালভাৱে আন আন একাংশ ঘৰৰ সীমাৰ ইটা আৰু শিলৰ বল্ডাৰে গঠিত উৱাল দিনক দিনে বিলৰ মাজভাগলৈকে আগুৱাই গৈ আছে৷ তাৰ ওপৰি বৰ্তমান ঠায়ে ঠায়ে কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু ঘৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে বিলখনৰ পাৰত৷ ইয়াৰ ওপৰি অঞ্চলৰ একাংশ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই লুলুপ দৃষ্টিৰে চৰকাৰী মাটিৰ লগতে বিলৰ মাটি বেদখল কৰাত উঠি পৰি লাগিছে৷ তথাপি সদৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা প্ৰশাসন চকু মুদা কুলিৰ ভাও ধৰি হাত সাবতি বহি আছে৷ ঐতিহাসিক মৰিকলং বিলৰ ওপৰত এই অবাধ হাৰত হৈ থকা বেদখল সন্দৰ্ভত স্থানীয় বাসিন্দা সকলে মুখ খুলিব নিবিচাৰে যদিও ২০০০ চনত আৰু ২০১৮ চনত বৃহত্তৰ মৰিকলং অঞ্চলৰ স্থানীয় এক প্ৰকৃতিপ্ৰেমী যুৱ সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাত মাতিছিল আৰু বিলখনক বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰৰ বাবে জিলা উপায়ুক্তক বহু আবেদন-নিবেদনো কৰিছিল৷ কিন্তু, তেওঁলোকে জিলা প্ৰশাসন-চৰকাৰ তথা স্থানীয় ৰাইজৰ কোনো বিশেষ সহাঁৰি নাপালে৷ তথাপি বৰ্তমানেও সমাজ তথা পৰিৱেশ সচেতন যুৱ সংগঠনৰ দায়িত্বৰত যুৱক সকলে চেষ্টা কৰি আছে কিবা উপায়েৰে বিলখন উঠি অহা নতুন প্ৰজন্মৰ বাবে বচাবলৈ তথা সংৰক্ষণ কৰিবলৈ৷ তাৎপৰ্যপূৰ্ণ বিষয় এই যে, বিলখনৰ কছলুখোৱা, বেঙেনাআটী, ধেপাজান, ছোটহয়ৱৰ, শিয়ালেখোৱা, পাখিমৰীয়া আদিত বিলৰ পাৰৰ বসতি অঞ্চলৰ শ-শ ঘৰৰ কেঁচা শৌচালয়ৰ বাবেও বিলৰ বৰ্তমান পৰিৱেশ বহু পৰিমানে দূষিত হৈ পৰিছে৷ যাৰ ফলত বিলৰ হাজাৰ হাজাৰ মাছ-পুঠি দূষিত পানীৰ বাবে মাজে মাজে মৃত্যুবৰণ কৰি বিলৰ পানীত উপঙি থকা দেখা যায়৷ বিলৰ দাতিকাষৰীয়া অঞ্চলৰ বহু পৰিয়ালৰ লোকে এই বোৰ দেখি-শুণি ঘিনা উপজাত ক্ৰমাত এতিয়া মৰিকলং বিলৰ মাছ খাবলৈকে এৰি দিয়া লেখিয়া হৈছে৷ পূৰ্বতে এই মৰিকলং বিলৰ মাছ বুলে চহৰে-নগৰে মানুহৰ সুত ববলৈ ধৰিছিল মৰিকলং বিললৈ মাছ নিবলৈ বুলি৷ আনহাতে, কিছু বছৰৰ আগলৈকে মৰিকলং বিলত বৰষি বাবলৈ অহা দূৰ-দূৰনীৰ লোকে লোকাৰণ্য হৈ পৰিছিল বিলৰ দুয়ো পাৰ৷ বহু লোকৰ মাছ খোৱাতকৈ ধৰাটোহে এক প্ৰকাৰৰ চখ৷ তৎচতেও প্ৰতিজনৰ বৰষিত দুই-তিনি পৰা আঠ-দহ কেজি মাছ কেবল বৰষিতে উঠিছিল৷ সেই সকল বৰষি বাউতাই পিছত আনন্দ মনেৰে মাছ বিলাই দিহে ঘৰমুৱা হৈছিল৷ নগাঁও চহৰৰ বহু সম্ভ্ৰান্ত পৰিয়ালৰ চৰকাৰী উচ্চ-প্ৰদস্থ আমোলা-বিষয়া,অৱসৰপ্ৰাপ্ত বিষয়া-শিক্ষক-কৰ্মচাৰী,ব্যৱসায়ী,চৰকাৰী চাকৰিয়াল স্বামী-স্ত্ৰী দুয়ো অফিছ-কাছাৰী বন্ধৰ দিনত মৰিকলং বিলৰ গাতে লাগি থকা নগাঁও বন বিভাগৰ অধিনস্থ সামাজিক বনানি কৰণৰ সৰু পাৰ্ক খনত যন্ত্ৰ চালিত বৰষিৰে মাছ ধৰি আনন্দত বিভুৰ হৈ পৰিছিল৷ আজি যে সেই সকলোবোৰ দৃশ্য এক নষ্টালজিয়াত পৰিণত হল৷ বৃহত্তৰ অঞ্চলৰ বহু কেইজন জ্যেষ্ঠ ব্যক্তিৰ চকুৰ সন্মুখতে তাহানিৰ বোৱতী সুতিত গা-ধোৱা, কাপোৰ ধোৱা, ঘৰৰ অন্যান্য কামৰ বাবে পানীৰ এক মাত্ৰ সমল কলং নৈ লগত সংলগ্ন হৈ থকা এটি সুতি মৰাকলং খন ১৯৫০ চনৰ বৰভূইকম্পত এৰাসুতিত পৰিণত হল৷ তেতিয়াৰে পৰা পূৰ্বৰ কলং নৈৰ সুতি মৰাকলঙৰ পৰা মৰিকলং লৈ ৰূপ ললে৷ সময়ৰ গতিত মৰাকলং সুতি পৰা মৰিকলং বিললৈ পৰ্যবসিত হল৷ আজি প্ৰশাসনক চকুত আঙুলি দি দেখুৱাই দিলেও একো নেদেখাৰ ভাওঁ জুৰাহে পৰিলক্ষিত হৈছে৷ এই ক্ষেত্ৰত স্থানীয় পুৰণি বাসিন্দা সকলৰ নীৰৱ স্থিতিয়ে নতুন নতুন বেদখলকাৰীক আৰু অধিক সাহস যোগোৱাৰ অনুমান কৰে বহু সচেতন লোকে৷ এনে অৱস্থাত নগাঁও জিলা প্ৰশাসন-সদৰ ৰাজহ চক্ৰ বিষয়াই কোনো বিশেষ কাৰ্যকৰী ব্যৱস্থা হাতত নললে অতি সোনকালে ঐতিহাসিক মৰিকলং বিলৰ অৱস্থান ইতিহাসৰ বুকুত হেৰাই যোবাৰ সম্ভাৱনাই অধিক প্ৰবল হৈ পৰিছে৷

ডবকাৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি কৰাৰ পৰিকল্পনা দুৰ্বৃত্তৰ ।

ডবকাৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি কৰাৰ পৰিকল্পনা দুৰ্বৃত্তৰ ।

দৈনন্দিন বাৰ্তা:

ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিফু ৰোড শাল বাগানত যোৱা নিশা দুৰ্বৃত্তই প্ৰকাণ্ড শাল গছ ৰাস্তাৰ মাজত  বগৰাই দিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকা অঞ্চলত।  ৰাষ্ট্ৰীয় পথত  দুৰ্বৃত্তই প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি বা অন্য দুস্কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন কৰ্মীৰ লগতে স্থানীয় লোকে। নিশা এক মান বজাত প্ৰকাণ্ড গছ বগৰাৰ  শব্দ শুনি ঘটনাস্থলিত উপস্থিত হয় বন বিভাগৰ লোকসকলে, নিশাৰ ভাগতেই ব্যাপক যান-যটৰ সৃষ্টি হয় পথটোত। বন বিভাগৰ লোক ঘটনাস্থলিত উপস্থিত হোৱাৰ উমান পাই দুৰ্বৃত্তৰ দলটোৱে ঘটনা স্থৱিৰ পৰা পলায়ন কৰে। ডবকা বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে সংঘটিত হৈছে এই ঘটনা।পুৰ্বেও বহুবাৰ শাল বাগানত প্ৰকাণ্ড প্ৰকাণ্ড মূল্যবান শাল গছ আৰু চেগুন গছ বগৰাই ডকাইতি কৰাৰ লগতে ৰহস্যজনকভাৱে এটুকুৰা গছৰ খুণ্ডা লৈ নাযায়। একাংশ বন মাফিয়াই কেতিয়াবা বন বিষয়াক বদলিৰ বাবে মানুহ লগাই এনেবোৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰি বন বিষয়াৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ আছে অনেক। বিগত বহু বছৰৰ পৰাই কেবাজন বন বিষয়াৰ বদলি নহ’লে এনেবোৰ ঘৃণনীয় কাণ্ড সংঘটিত কৰি বিষয়াক বদনাম কৰাৰ লগতে বদলিকৰণ কৰিবলৈ উচ্চ পদস্থ বিষয়ালৈ অভিযোগ দিয়াৰো অভিযোগ আছে। আৰত বৃহৎ বন মাফিয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ডবকাৰ সচেতন ৰাইজে। ঘটনা সংক্ৰান্তত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো এজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ নাৰায়ণ হাজৰিকাৰ মৃত্যু।

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ নাৰায়ণ হাজৰিকাৰ মৃত্যু।

দৈনন্দিন বাৰ্তা:

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ সৰবৰহী ব্যক্তি, সমাজকৰ্মী নাৰায়ণ হাজৰিকা(৬৪)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ দেওবাৰে হঠাৎ উচ্চ ৰক্তচাপিত ৰোগত আক্ৰান্ত হোৱাত লোকজনক ততাতৈয়াকৈ তেজপুৰস্হিত মিচন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ১১ বজাত চিকিৎসাসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে লোকজনে৷ আৰক্ষী বিভাগৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী হাজৰিকাই অৱসৰৰ পিছতেই সামাজিক কৰ্মৰ সৈতে জড়িত হৈ পৰিছিল৷ সংগীয়া মাজৰ চুক যুৱক সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হাজৰিকা যুৱক সংঘৰ উপদেষ্টাৰ দায়িত্বত থকাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো এগৰাকী সদস্য আছিল৷ ইয়াৰোপৰি শংকৰী কলা কৃষ্টিৰ লগত জড়িত হাজৰিকা এগৰাকী সু-নিপুন ভাৱৰীয়াও আছিল৷ হাজৰিকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে হাজৰিকাৰ বাসগৃহত গুণমুগ্ধসকল উপস্থিত হৈ হাজৰিকাৰ নশ্বৰদেহত সংগীয়া মাজৰ চুক যুৱক সংঘ, সংগীয়া মাজৰ চুক মহিলা সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়া মাজৰ চুক প্ৰাথমিক শাখা, শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ সংগীয়া মাজৰ চুক প্ৰাথমিক শাখাকে  ধৰি বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত হাজৰিকাই পত্নী-দুই পুত্ৰসহিতে এক ভৰা সংসাৰ ইহ সংসাৰত এৰি থৈ যায়৷ হাজৰিকাৰ মৃত্যুয়ে সমগ্ৰ অঞ্চলটিতে শোঁকৰ ছাঁ পেলাইছে৷ 

অসাধু চক্ৰৰ বিৰুদ্ধে সাজু চিবিআই : মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰে বজাৰত বিক্ৰী নকল ছেনিটাইজাৰ ।

মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰে বজাৰত বিক্ৰী নকল ছেনিটাইজাৰ ৷

দৈনন্দিন বাৰ্তা:

ক’ৰোনৰ বিৰুদ্ধে অন্যতম অস্ত্ৰ হেণ্ড ছেনিটাইজাৰ৷ এই হেণ্ড ছেনিটাইজাৰ লৈ সাৱধানবাণী শুনালে চিবিআইয়ে৷ চিবিআইয়ে সতৰ্ক কৰিছে যে মাৰাত্মক ৰাসায়নিক দ্ৰব্য দি নকল ছেনিটাইজাৰ বজাৰত বিক্ৰীৰ বাবে এৰি দিছে৷ ইয়াৰ ব্যৱহাৰ হ’ব পাৰে ভয়ংকৰ৷ বিষাক্ত মিথানল দি তৈয়াৰ কৰা হৈছে নকল ছেনিটাইজাৰ৷ অতিৰিক্ত মুনাফাৰ লোভত কেতবোৰ অসাধু ব্যৱসায়ীয়ে এইবোৰ তৈয়াৰ কৰিছে৷ এই বিষয়ে চিবিআইক কিছুদিনৰ আগতে ইণ্টাৰপ’লে কিছু তথ্য দিছিল৷ আন্তর্জাতিক আৰক্ষীয়ে জনায়, কেইখনমান দেশে নকল ছেনিটাইজাৰ বজাৰত এৰি দিছে৷ সেইবোৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে৷ এইবোৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক৷ ভাৰতত একেই কার্যকলাপ চলিছে৷ চিবিআইয়ে লগতে জনায় যে এইবাৰ পিপিই বা ছেনিটাইজাৰ বিক্ৰীৰ নামত অনলাইনত ফান্দ পাতিছে কিছুমান অসাধু চক্ৰই৷ গ্ৰাহকৰ পৰা অনলাইনত টকা লৈ সামগ্ৰী দিয়া নাই৷ তেওঁলোকলৈ ফোন কৰিলেও কোনো উত্তৰ নিদিয়ে৷ এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিব চিবিআইয়ে৷ 

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ দিগন্ত কাকতিক বাইচাইকেল প্ৰদান কৰুণা ফাউণ্ডেচনৰ ।

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ দিগন্ত কাকতিক বাইচাইকেল প্ৰদান কৰুণা ফাউণ্ডেচনৰ ।

বিকাশ শইকীয়া :

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে তিনিটা বিষয়ত লেটাৰসহ ৭৮.১৬ শতাংশ নম্বৰলৈ ষ্টাৰ পাই উত্তীৰ্ণ হয় মাজুলীৰ দক্ষিণপাট দীঘলী গাঁৱৰ গণেশ কাকতিৰ পুত্র দিগন্ত কাকতি। দিগন্তৰ পিতৃ পেচাত এজন ঠেলা চালক। দৰিদ্ৰ পৰিয়ালটিৰ  জেষ্ঠ কণ্যা যোৰহাট চিনামৰাস্হিত মৃণালী কাকতিয়ে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছদিনা একমাত্ৰ ভায়েক দিগন্তৰ উচ্চ শিক্ষা আহৰণৰ কাৰণে দৰিদ্ৰ পৰিয়ালটিৰ এটি চাৰ্ট, এখন চাইকেল  যোগাৰ দিৱলৈ অপাৰগ আদি কথা অৱগত কৰি মাজুলীৰ জনপ্ৰিয় সামাজিক, সাংস্কৃতিক অনুষ্ঠান মাজুলী ডায়েৰী পৰিয়ালৰ মুখ্য সঞ্চালকলৈ ডিজিটেল মাধ্যমৰ জড়িয়তে এখনি পত্ৰৰে বিষয়টি অৱগত কৰি পাৰে যদি যিকোনো প্ৰকাৰে হলেও সহায়ৰ হাত আগবঢ়াৱলৈ অনুৰোধ কৰে। লগে লগে পৰিয়ালটিৰ সঞ্চালকে  কেইবাজনো ভাতৃ প্ৰতিম সংবাদ বন্ধুক বিষয়টি অৱগত কৰি বাতৰি পৰিৱেশন কৰিৱলৈ অনুৰোধ জনায়। ইয়াৰ পাছতে মাজুলীৰ ৰিয়েল নিউজৰ সংবাদকৰ্মী পাপু বৰা, নিয়মীয়া বাৰ্তা তথা ঈশান নিউজৰ প্ৰাঞ্জল খাউণ্ড, BMC  নিউজৰ সঞ্জিত শইকীয়া, অসম আদিত্যৰ কল্পজিত শইকীয়াকে ধৰি আৰু কেইবাজনেও লগে লগে ছাত্ৰজনৰ ঘৰলৈ গৈ বিতংকৈ ছাত্ৰজনৰ বাতৰি পৰিবেশন কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে বহু অভাৱৰ মাজতে  ভাল ফলাফল পাৱলৈ সক্ষম হোৱা তথা ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত  বিস্তৃত ভাবে প্ৰচাৰ হোৱাৰ পিছত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মাজুলীৰ লগতে মাজুলীৰ বাহিৰৰো বিভিন্ন দল, সংগঠন, ব্যক্তি। আজি সাংসদ তপন কুমাৰ গগৈৰ জেষ্ঠ ভ্ৰাতৃ গৌৰীসাগৰ  শালকাথনি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিপেন গগৈয়ে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে মাজুলীৰ জনপ্ৰিয় প্ৰাক্তন বিধায়ক স্বৰ্গীয় কৰুণা দত্তৰ স্মৃতিত গঢ় লৈ উঠা মাজুলীৰ অন্যতম জনপ্ৰিয় সামাজিক অনুষ্ঠান ‘কৰুণা ফাউণ্ডেচন’ৰ হেপ্পী টু হেল্পৰ জড়িয়তে অনুষ্ঠানটিৰ পৃষ্ঠপোষক, মাজুলীৰ বিশিষ্ট ব্যৱসায়ী গড়মূৰ সত্ৰৰ বাসিন্দা দেৱজিৎ দত্তই ছাত্রজনক  এখন বাইচাইকেল প্ৰদান কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। দৰিদ্ৰ পৰিয়ালটোৱে চাইকেলখন পাই নথৈ আনন্দিত হোৱাৰ লগতে দাতাগৰাকীৰ লগতে তেওঁ পৰিয়াল, প্ৰধান শিক্ষক দ্বিপেন গগৈ আৰু বাতৰি পৰিবেশন কৰা প্ৰতিজন সংবাদকৰ্মী সমন্বিতে প্ৰথম অৱস্থাৰ পৰা সহায়ৰ হাত আগবঢ়োৱা মাজুলী ডায়েৰী পৰিয়াললৈ কৃতজ্ঞতা জনায়।

দৰঙৰ ভেৰুৱাত বান বিধ্বস্ত কৃষকৰ বাবে ১৫ বিঘা মাটিত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিয়ে সিচিলে কঠিয়া ।

দৰঙৰ ভেৰুৱাত বান বিধ্বস্ত কৃষকৰ বাবে ১৫ বিঘা মাটিত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিয়ে সিচিলে কঠিয়া ।

দৰঙৰ পৰা জয়দেৱ ডেকা:

দৰঙৰ বানপীড়িত কৃষকে বানপানীৰ পিছত শালিধানৰ খেতি কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰিছে দৰং জিলা কৃষি বিভাগে৷ জিলাখনৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভেৰুৱা অঞ্চলৰ প্ৰায় ৫০ জনৰো অধিক শিক্ষিত যুৱক একগোট হৈ কৃষি ক্ষেত্ৰত নিয়োজিত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও কৃষি অৰ্থনীতি সৱল কৰিবলৈ জন্ম দিছিল ‘অগ্ৰণী বহুমুখী কৃষি পাম সমিতি’৷ সোমবাৰে দৰং জিলা কৃষি বিভাগৰ উদ্যোগত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিৰ সহযোগত ভেৰুৱাত প্ৰায় ১৫ বিঘা মাটিত বান বিধ্বস্ত কৃষকে  শালিধানৰ খেতি কৰিবলৈ সমুহীয়া কঠিয়াতলিত সিচা হয় কঠিয়া৷ সমুহীয়া কঠিয়াতলি উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷ যুৱকসকল এই ধৰণে কৃষি কৰ্মৰ প্ৰতি অধিক আগ্ৰহী হৈ কৃষি কৰ্মত নিয়োজিত হোৱাৰ বাবে বিধায়কগৰাকী আনন্দিত হৈ পৰে৷ কৃষি কৰ্মৰ প্ৰতি উৎসাহি যুৱক সকলক সুবিধা প্ৰদানৰো আশ্ৰাষ প্ৰদান কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷  সাধাৰণতে বানপানীয়ে প্ৰতি বছৰে জুৰুলা কৰা  অঞ্চলটোৰ বান বিধ্বস্ত কৃষকসকলে বিনামুলীয়াকৈ এই কৃষি পামখনৰ পৰা  সংগ্ৰহ কৰিব পাৰিব উন্নত জাতৰ ৰঞ্জিত চাৱ-১ নামৰ কঠিয়া৷ পাথৰিঘাট কৃষি মহকুমা কাৰ্যালয়ৰ অন্তৰ্গত ২৫ হেক্টৰ মাটিত কঠিয়া সিচি  ১৮ শ ৫০ বিঘা মাটিৰ বাবে কঠিয়া মজুত কৰি ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিৱ দিয়ে পাথৰিঘাট মহকুমা কৃষি বিষয়া কুমুদ কলিতাই৷

দুৰ্লভ গগৈ, তিক্ষেশ্বৰ গোঁহাই, ঋতুপৰ্ণ পেগুক ফিল’বাৰীত গোৰ্খা ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি : ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচী, পত্নীক সংস্থাপন, সন্তানৰ সম্পূৰ্ণ দায়িত্ব ল’বলৈ দাবী ।

দুৰ্লভ গগৈ, তিক্ষেশ্বৰ গোঁহাই, ঋতুপৰ্ণ পেগুক ফিল'বাৰীত গোৰ্খা ছাত্র সন্থাৰ শ্ৰদ্ধাঞ্জলি ।

দৈনন্দিন বাৰ্তা:

সোমবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ফিল’বাৰীত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত সন্থাৰ কাৰ্য্যালয়ত বাঘজান গেছ কূপত বিস্ফোৰণ ঘটি ১৪ দিনৰ পিছত সূত্রপাত ঘটা অগ্নিকাণ্ডৰ পৰা বচাবলৈ গৈ অকালতে মৃত্যুক সাৱটি লোৱা  তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ লগতে গুৱাহাটীত ঘাটকৰ হাতত প্ৰাণ হেৰুৱা ঋতুপৰ্ণ পেগুৰ আত্মাৰ শান্তি আৰু সদ্গতি লাভৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তিনিওজনৰে স্মৃতিত দুশ গছি বন্তি জ্বলোৱাৰ লগতে প্ৰতিচ্ছবিত পুষ্পাৰ্পন অনুষ্ঠানটোৰ আঁত ধৰে গোর্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ উপসভাপতি মাধৱ উপাধ্যায়ে। গোৰ্খা ছাত্ৰ সন্থা ফিল’বাৰী আঞ্চলিক সমিতিয়ে তিনিচুকীয়া বাঘজানৰ বিজিআৰ ৫ নং গেছ কূপ বিস্ফোৰণ হোৱাৰ পিছত  ১৪ দিনৰ দিনা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা সমগ্ৰ ঘটনাটোত অইল ইণ্ডিয়া লিমিটেডক তীব্ৰ বিৰোধীতা কৰাৰ লগতে যি সকল লোকে ঘটনাটোৰ ফলত অঞ্চলটোৰ বিভিন্ন শিবিৰত বসবাস কৰি আছে সেইসকল ব্যক্তিক উচিত ন্যায় দিবলৈ দাবী  জনাইছে। অন্যহাতে ৰাজধানী মহানগৰ গুৱাহাটীৰ নুনমাটিৰ মাজমজিয়াত খিলঞ্জীয়া ভুমিপুত্র ঋতুপৰ্ণ পেগুক যি কেইগৰাকী দুস্কৃতীকাৰীয়ে নৃশংসভাৱে হত্যা কৰিলে  সেইসকল দুস্কৃতীকাৰিক  ফাঁচী, ঋতুপৰ্ণ পেগুৰ  পত্নীক সংস্থাপন, ৯ মহিয়া পুত্ৰ সন্তানৰ সকলো দায়িত্ব লবলৈ চৰকাৰক দাবী জনাইছে। আনলক ১ ৰ সকলো নীতি নিৰ্দেশনা মানি ফিল’বাৰী আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি ঘনশ্যাম বিকি ছেত্ৰী আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰকাশ লিম্বু দ্বাৰা পৰিচালিত অনুষ্ঠানটিত উপস্থিত থাকে গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পত্ৰিকা লিম্বু, মংগল লিম্বু, ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা ফিল’বাৰী আঞ্চলিক সমিতি, ফিল’বাৰী আঞ্চলিক আছা, ফিল’বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাকে ধৰি বহু কেইটা জাতীয় জনগোষ্ঠীয় ছাত্ৰ যুৱ সংগঠনৰ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ  ৰাইজে অংশগ্ৰহণ কৰে।

নাজিৰা চণ্টক বৰমিছিং গাঁৱৰ যুৱতী আজ্ঞীনা বেগম সন্ধানহীন ।

নাজিৰা চণ্টক বৰমিছিং গাঁৱৰ যুৱতী আজ্ঞীনা বেগম সন্ধানহীন ।

দিলীপ হাজৰিকা :

নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত চণ্টক বৰমিছিং গাঁৱৰ ৩৭ বছৰীয়া এগৰাকী যুৱতী যোৱা ৬ জুনৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আজ্ঞীনা বেগম ওৰফে মামুনীয়ে যোৱা ৬ জুনৰ দিনা বিয়লি ভাগত নিজা ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই। যুৱতীগৰাকীৰ একমাত্ৰ ককায়েক গুল্লু আলীয়ে এই সন্দৰ্ভত বিহুবৰ আৰক্ষী থানাত দিয়া এজাহাৰ মতে,  যুৱতীগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ দিনা সন্ধিয়াৰ পৰা তেওঁলোকৰ পৰিয়ালৰ আন আন লোকৰ সৈতে বিচাৰ-সুচাৰ কৰি কোনো সম্ভেদ নোপোৱাত কম পৰিমাণে মানসিক ৰোগত ভোগী থকা একমাত্ৰ ভনীয়েকৰ সন্ধান লাভৰ বাবে আৰক্ষীৰ কাষ চাপে। বিহুবৰ আৰক্ষীয়েও বৰ্তমানলৈকে যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। কোনো সদাশয় লোকে যুৱতীগৰাকীৰ সম্ভেদ পালে ততালিকে স্থানীয় আৰক্ষী থানা নাইবা ভ্ৰাম্যভাষ ৮৮৭৬৩১৪৬২০ অথবা ৮৭৩৮৭০১৯৭৩ নম্বৰত ফোন কৰি জনাবৰ বাবে সন্ধানহীন আজ্ঞীনা বেগমৰ ককায়েক গুল্লু আলীয়ে কাটৰে অনুৰোধ জনাইছে। 

আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে কিছু কথা ।

✍ ডাঃ শান্তনু লহকৰ

জন্ম আৰু শিক্ষাজীৱন :- ১৮২৯ চনৰ ২৪ ছেপ্টেম্বৰ (১৭৫১ শকৰ ৭ আহিন)ত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল। পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত তেওঁ কামৰূপৰ সহকাৰী হাকিম পদত আছিল। হলিৰাম ঢেকিয়াল ফুকনে সংস্কৃত আৰু বঙালী ভাষাত দুখন কিতাপ লিখিছিল, এখনৰ বিষয়বস্তু আছিল ‘কামাখ্যা’ আৰু আনখনৰ ‘অসম’। আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতে পিতৃৰ মৃত্যু হয়। পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন উমানন্দৰ সংস্কৃত টোলত ভৰ্তি হয়। ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণত আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইং‌ৰাজী বিদ্যালয়ত ভৰ্তি হয়। জেমছ মেথিউ আৰু জেনকিন্সৰ তত্ত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল। ১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়। সেই সময়ত ভাপ-নাও বা ৰে’ল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। কলিকতাৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে হিন্দু কলেজত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে। উভতি আহিও তেখেতে সুধীবৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে উৰ্দু আৰু ফাৰ্চী ভাষাৰো শিক্ষা গ্ৰহণ কৰে। 

বিবাহ আৰু পৰিয়াল :- ১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহপাশত আৱদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী মাহেন্দ্ৰী দেৱী। বিয়াৰ পাছত আনন্দৰামে পত্নীক নিজৰ ঘৰতে পঢ়া-লিখা শিকাইছিল। ১৮৪৯ চনত ঢেকিয়াল ফুকনৰ প্ৰথম সন্তান ৰাসেশ্বৰীৰ জন্ম হয় যদিও সন্তানটো অকালতে মৃত্যুমুখত পৰে। বৰপেটাত কাম কৰা কালত ১৮৫৩ চনত তেওঁৰ কন্যা পদ্মাৱতী দেৱী ফুকননীৰ জন্ম হয়। পাছলৈ নগাঁৱত কাম কৰাৰ দিনত তেওঁৰ পুত্ৰ ৰাধিকাৰাম,  অন্নদাৰাম আৰু কন্যা চন্দ্ৰপ্ৰভাৰ জন্ম হৈছিল। 

কৰ্মজীৱন :– ঢেকিয়াল ফুকনদেৱে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু অসমীয়া আলোচনী ‘অৰুণোদয়’ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে। ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ ‘জিম্মাদাৰ’ নিযুক্ত কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেখেতে ‘ইংলেণ্ডৰ বুৰঞ্জী’  নামৰ পুথি এখন প্ৰকাশ কৰে। ১৮৪৮ চনত তেখেতে ‘সহকাৰী আয়ুক্ত’ৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ‘বিজনী ৰাজ এষ্টেট’ৰ ‘দেৱান’ পদত নিযুক্তি পায়। সেই পদত থাকোঁতেই তেখেতে ‘Estate Admission’ নামৰ পুথিখন ৰচনা কৰে। ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ ‘উপ-সহকাৰী আয়ুক্ত’ হিচাপে কাম কৰে। এই কালছোৱাত ৰচনা কৰে ‘সদৰেৰ মামলাৰ নিষ্পত্তি’। ১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়। ১৮৫২ চনত তেখেতক স্থায়ীভাৱে বৰপেটাৰ ‘উপ-সহকাৰী আয়ুক্ত’ আৰু ‘উপায়ুক্ত’ নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিটেন্ট কমিছনাৰ হিচাপে কটায়। ১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ’ নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুড়াক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে। ১৮৫৩ চনত ঢেকিয়াল ফুকনে মি.এ.জে.মোটাফ মিল্ছ চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়ায় ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁৱৰ ‘উপায়ুক্ত’ পদলৈ বদলি কৰা হয়। ১৮৫৫ চনত তেখেতৰ ‘দেৱানী মামলাৰ নিষ্পত্তি’ প্ৰকাশিত হয়। একে সময়তে তেখেতে এখন অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে আৰু ‘A few remarks on the Assamese Language’  নামৰ গ্ৰন্থখন ৰচনা কৰে। বেপ্তিষ্ট মিছন প্ৰেছ, শিৱসাগৰৰ পৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি দাঙি ধৰা হয়।  অসমীয়া ভাষা-সাহিত্যলৈ অৱদান :- ১৭ বছৰ বয়সত ঢেকিয়াল ফুকনে প্ৰথমে লিখা-মেলা কৰিবলৈ লয়। তেওঁ প্ৰথমে অৰুণোদয়ৰ বাবে লিখিবলৈ লৈছিল। ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল ‘অসমীয়া ল’ৰাৰ মিত্ৰ’। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্ণৰ মোফাট মিল্ছ চাহাব অসমলৈ আহোঁতে ঢেকীয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। মিল্ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। নগাঁৱত চাকৰি কালত ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্ছন আৰু ‘আয়ুক্ত’ বাটলাৰৰ সংস্পৰ্শলৈ আহে। ১৮৫৫ চনত তেখেতে ‘A few remarks on the Assamese Language, and on the Vernacular education in Assam’ গ্ৰন্থখন লিখি উলিয়ায়। A Native ছদ্ম নামেৰে শিলসাগৰতে এই কিতাপৰ ১০০ টা কপি ছপা কৰি,  বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰৰ কাৰ্যালয়লৈ পঠিয়ায়। পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছে। অসমত বঙালী ভাষাৰ বিৰোধিতাৰ আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙণি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয়ৰ ওপৰত থকা তেখেতৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়। 

প্ৰকাশিত পুথি :– 

১/’A few remarks on the Assamese Language,and on the Vernacular education in the Assam'(১৮৫৫)।

২/ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’।

৩/ আইন ও ব্যৱস্থা সংগ্ৰহ'(বঙালী ভাষাত ৰচিত)।

মৃত্যু :- মাতৃভাষাৰ মান ৰখাৰ স্বাৰ্থত অৰ্থাৎ অসমীয়া ভাষা-সাহিত্যৰ পৰিসৰ বিস্তৃত কৰিবৰ বাবে আৰু নিজ মাতৃভূমিত নিজ ভাষাৰ প্ৰচলনৰ বাবে উঠি-পৰি লগা এইজনা মহান ব্যক্তি তথা সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকনৰ ১৮৫৯ চনৰ ১১ জুনৰ পৰা অসুখ আৰম্ভ হয়। সেই অসুখতে ১৮৫৯ চনৰ ১৬ জুন তাৰিখে মাত্ৰ ২৯ বছৰ বয়সতে তেখেতৰ দেহাৱসান হয়। 

এইজনা মহান ব্যক্তি যিজনে অসমত বঙালী ভাষাৰ পৰিৱৰ্তে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে আবেদন প্ৰেৰণ কৰিছিল। অসমীয়া ভাষাৰ উন্নতিৰ হকে মিছনেৰী সকলৰ লগ হৈ এখন সংবাদপত্ৰৰো (অৰুণোদয়) প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। এনে এজন মহান ব্যক্তিয়ে খুউব কম বয়সতে মৃত্যুক আকোৱালি ল’ব লগা হৈছিল। সেয়েহে তেখেতে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ যি অৱদান আগবঢ়াই গৈছে সেই স্মৃতি সোঁৱৰী প্ৰতিবছৰে ১৬ জুন তাৰিখে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৃতি দিৱস উদযাপন কৰা হয়।