Home Blog Page 3385

নুমলীগড়ত সন্মুখ সমৰত হাতী-মানুহ

ৱেব ডেক্স, নুমলীগড়

নুমলীগড়ত অধিক ভয়াবহ  হৈছে হাতী মানুহৰ সংঘাত। আজি কেইবাদিনো ধৰি এজাক বৃহৎ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে নুমলীগড় লেটেকোচাপৰি, বৰগৰীয়া, কমৰগাঁও অঞ্চলত। দৈনিক খাই, গচকী তহিলং কৰিছে ৰবি শস্যৰ খেতি পথাৰ। নীৰৱ হৈ আছে বিয়াগোম বন বিভাগ৷ শেষত উপায়ন্তৰ গাঁওবাসীয়ে হাতে হাতে জুই, বলম, লাঠী, কেটেপা লৈ খেদি পঠিয়াই হাতীজাকক। উল্লেখ্য যে মানুহে হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলাই থাকোতে৷ হাতীৰ জাকটোৱেও মানুহক উভতি ধৰে এতিয়া এনেদৰে হাতী আৰু মানুহৰ মাজত সৃষ্টি হৈছে ভয়াবহ সংঘাত।

সোণতলীত মানুভৱতা দাঙি ধৰিলে যুৱ কংগ্ৰেছে

ৱেব ডেক্স, সোণতলী 

দক্ষিণ কামৰূপৰ কালাতলীৰ এজন সচেতন যুৱক ছামিদুল ইছলামে শনিবাৰে দিছিল এটা ফেচবু্ক লাইভ৷ বকো সমষ্টিৰ সোণতলী এলেকাধীন বেজৰসূতি গাঁৱৰ এগৰাকী আইতাই লকডাউনৰ ফলত দিনে-নিশাই খাদ্যৰ অভাৱত চকুলো টুকিব লগা হৈছিল৷ আইতাগৰাকী আজিও জুপুৰী ঘৰতে দিন কটাবলগীয়া হৈছে৷ তেনে অৱস্থা প্ৰত্যক্ষ কৰি সচেতন যুৱকজনে সমগ্ৰ ঘটনা ভিডিঅ’ কৰি ফেচবুকত দিয়ে৷ তদুপৰি নিজাববীয়াকৈ যুৱকজনে কিছু পৰিমানে আৰ্থিক সাহায্য আগবঢ়াইছিল৷ তাৰ পিছতে ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ প্ৰতিক্ৰিয়াৰ মাজতে আইতাগৰাকীক সহায় কৰিব বুলি মন্তব্য আগবঢ়াইছিল ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে৷ ইয়াৰ উপৰি বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ফোনযোগে ঘটনাৰ বুজলৈ আইতাগৰাকীক সহায় আগবঢ়াব কৰাৰ কথা জনাইছিল৷ উল্লেখযোগ্য যে বিধায়ক-বিধায়িকাৰ অনুৰোধ মৰ্মে শনিবাৰে নিশা আইতাগৰাকীৰ জুপুৰী ঘৰত কামৰূপ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰ হুছেইন, উপ-সভাপতি জাকাৰিয়া আহমেদৰ লগতে ছমৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰিফ শ্বাহ উপস্থিত হৈ এমাহৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও আৰ্থিক সাহায্য আগবঢ়ায়৷ যুৱ কংগ্ৰেছৰ এই মহানুভৱতাত কৃতজ্ঞা জনোৱাৰ লগতে ফেচবুক লাইভ দিয়া ছামিদুল ইছলামক ভু়য়সী প্ৰশংসা কৰে সচেতন মহলে৷ ইপিনে কামৰূপ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰ হুছেইনে আইতাগৰাকীক থকাৰ সুবিধাৰ্থে অচিৰেই এখন ঘৰ সাজি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে৷

নিশা চিকিৎসালয়লৈ অহা নাৰ্চক ৰাজপথত ধৰ্ষণ চেষ্টা পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ : এটাক গণ প্ৰহাৰ, পেট্ৰল পাম্প এৰি পলায়ন একাংশ কৰ্মচাৰীৰ

ৱেব ডেক্স, পাভৈ

ক’ভিড-১৯ বিৰোধী যুঁজখনত মূখ্য ভূমিকা পালন কৰিছে চিকিৎসা কৰ্মীসকলে৷ যি সময়ত চিকিৎসা কৰ্মীসকলক ভগবানৰ লগত তুলনা কৰা হৈছে সেই সময়তেই চিকিৎসালয়লৈ আহি থকা দুগৰাকী নাৰ্চক ৰাজপথত আগচি ধৰি টনা আজোৰা কৰি ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথ চাৰিআলিত৷ নিশা বিশ্বনাথ চাৰিআলিৰ দ’গাঁৱৰ ভাড়া ঘৰৰ পৰা খোজকাঢ়ি চিকিৎসালয়লৈ আহি থকা নাৰ্চক ধৰ্ষণৰ চেষ্টা কৰে কেইটামান লম্পটে৷ ৰাজপথৰে খোজকাঢ়ি আহি থকা দুগৰাকী নাৰ্চক খেদি খেদি গৈ হাতত ধৰি এই লম্পট কেইটাই টনা আজোৰা কৰে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই ঘটনা৷ পেট্ৰল পাম্পত কৰ্মৰত কেইজনমান কৰ্মচাৰীয়ে সংঘটিত কৰিলে এই ঘটনা৷ বিহাৰৰ পৰা আহি পেট্ৰল পাম্পত কাম কৰি আছিল এই লোক কেইজনে৷ যুৱতী দুগৰাকী পেট্ৰল পাম্পৰ সন্মুখ পাওতেই বন্ধ কৰি দিছিল পেট্ৰল পাম্পৰ লাইট আৰু চেষ্টা চলাইছিল ধৰ্ষণৰ৷ কথমপি দৌৰি দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হয়গৈ নাৰ্চ দুগৰাকী৷ আনকি হঠাৎ হতভম্ব হৈ অচেতন হৈ পৰা এগৰাকী নাৰ্চক প্ৰদান কৰিবলগীয়া হয় চিকিৎসা৷ ইয়াৰ পিছতে স্থানীয় ৰাইজে পেট্ৰল পাম্পত সোমাই এজনক কৰায়ত্ত কৰি গণ প্ৰহাৰ দিয়ে যদিও বাকী কেইজন কৰ্মচাৰীয়ে পেট্ৰল পাম্প এৰি পলায়ন কৰে৷ বিশ্বনাথ চাৰিআলিৰ জে কে হাস্পতালত নাৰ্চ হিচাপে কৰ্মৰত   দুয়োগৰাকী যুৱতীৰ ঘৰ লক্ষিমপুৰৰ জিলাত৷ উল্লেখ্য যে চিকিৎসালয়খনত কৰ্মৰত বহুকেইগৰাকী নাৰ্চ দগাঁৱত ভাৰাতীয়া হিচাপে থাকে আৰু এই নাৰ্চসকল চিকিৎসালয়লৈ অহা যোৱা কৰোতে প্ৰায়েই পেট্ৰল পাম্পৰ কৰ্মচাৰী কেইজনে অশালীন আচৰণ কৰে৷ আনহাতে এই ঘটনাৰ পিছতেই আৰক্ষীয়ে চাৰিজন ক্ৰমে ধৰ্মেন্দৰ শৰ্মা, ৰাহুল পেটেল, অশোক সাহ আৰু গৌৰৱ পটেল নামৰ পেট্ৰল পাম্পৰ কৰ্মচাৰী কেইজনক সোধ পোছৰ বাবে নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে৷

৫ হাজাৰ মাক্স বিতৰণ গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈৰ

দৈনন্দিন বাৰ্তা , গেলেকী

কমলাবাৰী বনভোজস্থলীৰ মুখ্য পৃষ্ঠপোষক গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈয়ে দিন হাজিৰা কৰি পৰিয়াল চলোৱা প্ৰায় পাঁচ হাজাৰ ব্যক্তিক একোটাকৈ মাক্স প্ৰদান কৰে। মুদিনগৰ, গেলেকী আৰু শিৱবাৰী চাহ বাগিচা এলেকাত থকা স্বত্বেও বাগিচাৰ বাহিৰলৈ  দৈনিক মজুৰিৰ বাবে ওলাই যোৱা শ্ৰমিকসকলক আটছাৰ বিষয়ববীয়াৰ সহযোগত নিৰ্বাচন কৰি মাক্স বিতৰণ কৰাৰ লগতে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ পৰা বাচি থকাৰ উপায় সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। গাঁওবুঢ়া আৰু আশাকৰ্মীৰ যোগেদি নিৰ্বাচন কৰা গ্ৰামাঞ্চলৰ দুখীয়া জনসাধাৰণক গেলেকীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত সামাজিক দূৰত্ব আৰু অন্যান্য সাৱধানতাৰ মাজেৰে আয়োজিত এখন সজাগতা সভাত মাক্সসমূহ বিতৰণ কৰে। কোভিদ-১৯ ৰ লগতে গেলেকী অঞ্চলৰ ভিন্ন প্ৰান্তত থকা যক্ষ্মাৰোগীসকলৰ পৰাও ৰোগ বিয়পাত মাক্সৰ যোগেদি বহুপৰিমাণে হ্ৰাস কৰিব পাৰিব বুলি নিৰণ গগৈয়ে আশাপ্ৰকাশ কৰে। উল্লেখ্য যে লকডাউনৰ ফলত সমস্যাত পৰা প্ৰায় তিনিশ দৰিদ্ৰ পৰিয়ালক ব’হাগ বিহুৰ প্ৰাকক্ষণত খাদ্য-সামগ্ৰীৰ টোপোলা নিৰণ গগৈয়ে বিতৰণ কৰিছিল।

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ কাৰণেও এপটো বাধ্যতামূলক কৰা হ’ল৷ সকলো কৰ্মচাৰীয়ে এই এপ ব্যৱহাৰ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ’ব বুলিও জনাইছে৷ ক’ভিড-১৯ কনটেনমেণ্ট জ’নত যে সকলো মানুহ আছে তাৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে৷ যাতে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ দিব পাৰি৷ কনটেনমেণ্ট এলেকাৰ আৰোগ্য সেতু এপৰ ১০০ শতাংশ কভাৰেজ স্থানীয় প্ৰশাসনে নিশ্চিত কৰা হ’ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ ক’ৰ’ণা আক্ৰান্তৰ ওপৰত নজৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ এপ্ৰিল মাহত আৰম্ভ কৰে৷ আৰোগ্য সেতু এপ৷ ব্লুটুথ আৰু জিপাএছৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হয়৷ এন্ড্ৰয়ড ফোনৰ গুগুল প্লে ষ্ট’ৰ আৰু আই ফোনত এপল ষ্ট’ৰলৈ গৈ Aarogya Setu লিখি চাৰ্চ কৰিলেই এপটো ডাউনলড কৰিব পৰা যাব৷

মৃত্যুৰ প্ৰচাৰ মিছা প্ৰমাণিত উত্তৰ কোৰিয়াত সাৰ কাৰখানা উদ্বোধন ৰাষ্ট্ৰপতি কিম জং উনৰ

অনলাইন বাৰ্তা, ২ মে’ঃ কিছুদিন ধৰি স্বাস্থ্য লৈ চৰ্চা অব্যাহত থকা উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ মৃত্যু খবৰ মিছা বুলি প্ৰমাণিত হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ অৱস্থা গুৰুতৰ বা মৃত্যু হৈছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল৷ আনহাতে ছ’চিয়েল মিডিয়াতো মৃত্যুৰ ছবি প্ৰকাশ কৰি ব্যাপক ভাইৰেল কৰিছিল৷ কিন্তু অত দিনে কোৰিয়াৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷ ফলত কিমক লৈ চৰ্চা বেছি হ’বলৈ ধৰে৷ ইপিনে, শুকুৰবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএন-ই দাবী কৰে, মে’ দিৱস উপলক্ষে ৰাজধানী পিয়ংইয়ঙৰ কাষৰ ছানছনলৈ গৈছিল কিম৷ তাতে এটা সাৰ কাৰখানা কিমে উদ্বোধন কৰে৷ উদ্বোধনৰ সময়ত কিমে ফিতাও কাটে৷ এই ভ্ৰমণত কিমৰ সৈতে আছিল বোন কিম ইয়ো জং আৰু দেশৰ শীৰ্ষ বিষয়াসকল৷ কেএনচিত প্ৰকাশিত বাতৰিত দাবী কৰা হৈছে যে এই উদ্বোধনী অনুষ্ঠানত বহু লোক সমবেত হৈছিল৷ তাতে তেওঁক অভিবাদন জনায়৷ ইয়াৰ পাছতে কিমে কাৰখানাটো পৰিদৰ্শন কৰে৷ দেশত এনে এটা কাৰখানা স্থাপন হোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে বুলি কেচিএনএ-ৰ বাতৰিত প্ৰকাশ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীৰ সাফল্য উচ্চ তাপত ক’ৰ’ণা মাৰিবলৈ যন্ত্ৰ নিৰ্মাণ ভাৰতৰ

অনলাইন বাৰ্তা, 3মে’ঃ উচ্চ তাপত ক’ৰ’ণা ভাইৰাছ মাৰিবলৈ এটা অত্যাধুনিক যন্ত্ৰ নিৰ্মাণ কৰিছে ভাৰতে৷ এই যন্ত্ৰটোৰ নাম ‘অতুল্য’৷ এই যন্ত্ৰটোৰে ক্ৰমাগতভাৱে তাপ এৰি ক’ৰ’ণা ভাইৰাছৰ আৰএনএ মাৰি পেলাব৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আবিষ্কাৰ কৰা এই নতুন যন্ত্ৰৰে ক’ৰ’ণাৰ সংক্ৰমণ কমোৱাৰ আশা সঞ্চাৰ হৈছে৷ উল্লেখ্য যে ‘অতুল্য’ৰ ওজন তিনি কিলোগ্ৰাম৷ ই মূলত ‘মাইক্ৰৱেভ ষ্টেৰিলাইজাৰ’৷ কোনো বস্তুৰ গাত ক’ৰ’ণা ভাইৰাছ লাগি থাকিলে অতুল্যই ধ্বংস কৰিব৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীয়ে ইতিমধ্যে এই যন্ত্ৰৰ কাৰ্যকাৰিতাৰ প্ৰমাণ পাইছে৷ সাধাৰণ মানুহে যাতে কম খৰচত এই যন্ত্ৰ ব্যৱহাৰৰ সুবিধা পাই সেই দিশত দৃষ্টি দিছে ডিআৰডিয়ে৷ ‘অতুল্য’ আবিষ্কাৰৰ সম্পূৰ্ণ কৃতিত্ব ভাৰতৰ ডিফেন্স ইনষ্টিটিউট অব এডভান্স টেকন’লজীৰ বিজ্ঞানীৰ৷ উল্লেখ্য যে কোনো পাতল বস্তুত লাগি থকা ক’ৰ’ণা ভাইৰাছ ‘অতুল্য’ই ধ্বংস কৰিব পাৰে৷ এই যন্ত্ৰৰ পৰা নিৰ্গত অতিবেঙুনীয়া ৰশ্মিয়ে ভাইৰাছটোক ধ্বংস কৰে৷ যন্ত্ৰটো আৰম্ভ কৰিলে এক মিনিট ধৰি ৫৬ৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াচৰ তাপ প্ৰবাহ ক্ৰমাগতভাৱে নিৰ্গত হয়৷ ক্ৰমাগত তাক সহ্য কৰিব নোৱাৰে ক’ৰ’ণা ভাইৰাছে৷

আফ্ৰিকান ছুৱাইন ফ্লুত আক্ৰান্ত অসম, অৰুণাচলৰ গাহৰি জন্তুৰ পৰা মানৱ দেহালৈ নাযায় বিয়পি

অনলাইন বাৰ্তা, 3 মে’ঃ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউন অব্যাহত থকাৰ সময়তে অসম আৰু অৰুণাচল প্ৰদেশত সৃষ্টি হৈছে নতুন সমস্যা৷ এই দুয়োখন ৰাজ্যৰ গাহৰি আফ্ৰিকান ছুৱাইন ফ্লু (এএছএফ)ত আক্ৰান্ত হৈছে৷ ইয়াৰ নমুনা দুয়োখন ৰাজ্যই ভূপালৰ নেচনেল ইনষ্টিটিউট অব হাই ছিকিউৰিটি এনিমেল ডিজিজ (এনআইএইচএছডি)লৈ প্ৰেৰণ কৰা হৈছে৷ এনআইএইচএছডিয়ে পৰীক্ষা কৰি ধনাত্মক অৰ্থাৎ পজিটিভ পাইছে বুলি জনাইছে৷ উল্লেখ্য যে অসমৰ ছখন জিলাত যোৱা সপ্তাহত প্ৰায় দুহাজাৰ গাহৰিৰ মৃত্যু হয়৷ ইপিনে, ভূপালৰ প্ৰতিষ্ঠানখনলৈ ১৭টা নমুনা প্ৰেৰণ কৰা হয়৷ একেদৰে অৰুণাচল প্ৰদেশৰ পৰা ৬২টা নমুনা প্ৰেৰণ কৰে৷ অসম আৰু অৰুণাচলৰ পৰা প্ৰেৰণ কৰা নমুনাবোৰ এনআইএইচএছডিৰ পৰীক্ষাত ধনাত্মক হয়৷ বিশ্ব জন্তু স্বাস্থ্য সংস্থাৰ মতে আফ্ৰিকান ছুৱাইন ফ্লু ঘৰচীয়া আৰু বন্য গাহৰিৰ বাবে বিষম ৰোগ৷ ই যকৃতলৈ বিয়পি যায় বা গাহৰিৰ মৃত্যু হয়৷ এই ৰোগ জন্তুৰ পৰা মানৱ দেহালৈ বিয়পি নাযায়৷ সংশ্লেষিত খাদ্য আৰু জুটা, কাপোৰ, যানবাহন, কটাৰী, অন্যান্য সা-সৰঞ্জামৰ দ্বাৰা এই ৰোগ সংক্ৰমণ ঘটিব পাৰে বুলি বিশ্ব জন্তু স্বাস্থ্য সংস্থাই কয়৷ আনহাতে ক্লাছিকেল ছুৱাইন ফ্লু (চিএছএফ), কোনো ভেকছিন নাই আফ্ৰিকান ছুৱাইন ফ্লুৰ৷ ‘আমি চিএছএফৰ বাবে ভেকছিন সৰবৰাহ কৰিছিলো৷ কিন্তু যি জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে তালৈ দিয়াতো বন্ধ কৰিছো৷ এএছএফৰ বাবে কোনো ভেকছিন বা ঔষধ নাই৷ ৰোগটো মানুহৰ দেহালৈ সংক্ৰমণ হোৱা নাই বুলি শনিবাৰে কয় কৃষি মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰী বৰাই জনাই যে গাহৰিৰ মাংসৰ গ্ৰহণ কৰিলে এএছএফৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো সম্ভাৱনা নাই৷ তেওঁ কয়, এই ৰোগ যাতে আন ঠাইলৈ বিয়পি নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে ছখন জিলাত বহু গাহৰি মৃত্যু হোৱাত অসম চৰকাৰে গাহৰি আৰু গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল৷

ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ গৰিহণা

অজয় ডেকা, মঙলদৈ

বিটিএডিৰ বাক্সা জিলাৰ এচাম কৰ্ত্তব্যৰত সাংবাদিকক নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ কৰা কাৰ্যক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে৷শনিবাৰে এক প্ৰেছ বিবৃতিত  ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অখিল কলিতা আৰু সম্পাদক মোছাদ্দিক হুছেইনে কয়, যোৱা ২৫ এপ্ৰিলত বৰমাত লকডাউনৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে সংবাদদাতা দিলীপ কুমাৰ বড়োক বি এছ এফৰ জোৱানে প্ৰহাৰ কৰাৰ উপৰি যোৱা ২৮ এপ্ৰিলত সংবাদদাতা নন্দ বুঢ়াথোকি ছেত্ৰীক বাতৰি সংগ্ৰহ কৰি নিজ ঘৰলৈ উভতি যোৱাৰ সময়তে আৰক্ষীৰ জোৱানে প্ৰহাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা গৰিহণাৰ যোগ্য। সেয়ে এনে বৰ্বোৰিচত আক্ৰমণৰ ঘটনাৰ উচিত তদন্ত কৰি সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰৰ লগতে স্হানীয় জিলা প্ৰশাসনৰ ওচৰত ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই দাবী জনাইছে। ক’ভিড-১৯ৰ সময়ত নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি থকাৰ  সময়তে সাংবাদিকৰ ওপৰত চলোৱা এনে কাৰ্য গণতন্ত্ৰৰ পৰিপন্হী বুলি বিবৃতিটোত সভাপতি কলিতা আৰু সম্পাদক হুছেইনে উল্লেখ কৰে। ইয়াৰ উপৰি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু ধেমাজি জিলাৰ গোগামুখৰ সাংবাদিক হেমচন্দ্ৰ বৰদেউৰীক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা কাৰ্যৰ ঘটনাকো ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই গৰিহণা জনাই তদন্তৰ দাবী কৰে৷

লেখাপানী, জাগুনত ৰেচন কাৰ্ড নথকা লোকক বিনামূলীয়া চৰকাৰী চাউল

সুজিৎ হাতীবৰুৱা, জাগুন

লকডাউনৰ সময়ছোৱাত খাদ্যৰ অভাৱত খাটি খোৱা লোকসকলৰ এক বৃহৎ অংশ চৰম বিপদত পৰিছে। এই সময়ত সকলোৰে সুবিধা হোৱাকৈ চৰকাৰী সাহায্য পুঁজিৰ পৰা ৰেচন কাৰ্ড নথকা লোকসকলক বিনামূলীয়া চৰকাৰী চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে।শনিবাৰে লেখাপানী আৰু জাগুন পঞ্চায়তৰ জৰিয়তে ৰেচন কাৰ্ড নথকা বহু লোকক চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত পাঁচ কেজিকৈ এই বিনামূলীয়া চাউল দিয়া হৈছে। দুয়োখন পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ বহু লোকে চাউল নিবৰ বাবে ভিৰ কৰেহি যদিও প্ৰত্যেকেই কিন্তু সামাজিক দূৰত্ব বাহাল ৰাখি বিনামূলীয়া চাউল সংগ্ৰহ কৰে এক সুস্থ বাতাবৰণৰ মাজেৰে।