Home Blog Page 3386

মঙলবাৰ আৰু বুধবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীৰ মাৰাথন সভা ।

দৈনন্দিন বাৰ্তা :

দেশত লকডাউন দিয়াৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ আৰু অৰ্থনীতি উন্নত কৰাৰ উদ্দেশ্য লৈ প্ৰধানমন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মাজত মঙলবাৰ আৰু বুধবাৰে মাৰাথন সভা অনুষ্ঠিত হ’ব৷ এই সভাত ক’ৰোনা ভাইৰাছ আক্ৰান্ত আৰু ভৌগোলিক ভিত্তিত ৰাজ্যবোৰক দুভাগত ভাগ কৰা হৈছে৷ মঙলবাৰে ৫ শতাংশ সক্ৰিয় আক্ৰান্ত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব৷ বুধবাৰে দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী৷ দ্বিতীয়টো গ্ৰুপত থাকিব বহু কেইখন ৰাজ্য য’ত দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা প্ৰৱজিত শ্ৰমিকৰ বাবে হোৱা সমস্যাৰ ৰাজ্য থাকিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইট কৰি জনোৱা মতে প্ৰথম দিনাৰ সভাত প্ৰধানকৈ কেন্দ্ৰীয় শাসিত অঞ্চল, উত্তৰ পূৱৰ ৰাজ্যৰ লগতে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ দৰে ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত মঙলবাৰে মিলিত হ’ব৷ ইয়াৰ ভিতৰত অসমত ৩৭০০ সক্ৰিয় আক্ৰান্ত, পাঞ্জাৱত ৩০০০ আক্ৰান্ত আৰু কেৰালা ২৪০০ আক্ৰান্ত ৰাজ্য৷ উল্লেখ্য যে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সক্ৰিয় আক্ৰান্তৰ পৰিমাণ ১৮০০০ অলপ কম৷ তাৰে ৭৫০০ সুস্থ হৈ উঠে আৰু ১৩০ জনৰ মৃত্যু হয়৷ এই তথ্য দেওবাৰৰ৷ আনহাতে ভাৰতত ৩.২১ লাখ লোক আক্ৰান্ত আৰু ৯১০০ জনৰ মৃত্যু হৈছে৷ উত্তৰ পূৱৰ ৰাজ্যবোৰৰ ভিতৰত অসমত আক্ৰান্তৰ সংখ্যা বেছি৷ ইয়াৰ পাছতে আছে ত্ৰিপুৰা৷ দ্বিতীয়খন সভাত অতি বেছি আক্ৰান্ত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মোডী মিলিত হ’ব৷ এই সভা ভিডিঅ’ কনফাৰেন্সৰ যোগে অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ পাছত মুখ্যমন্ত্ৰীসকলৰ লগত মোডীৰ এইখন ষষ্ঠ সভা৷ প্ৰথমখন সভা ২০ মাৰ্চত অনুষ্ঠিত হৈছিল৷

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি মতে বিদ্যুৎ সৰবৰাহ নিয়মীয়াকৰণৰ দাবীত নাজিৰাত কংগ্ৰেছ কৰ্মীৰ ধৰ্ণা : স্মাৰক পত্ৰ প্ৰদান ।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি মতে বিদ্যুৎ সৰবৰাহ নিয়মীয়াকৰণৰ দাবীত নাজিৰাত কংগ্ৰেছ কৰ্মীৰ ধৰ্ণা ।

দৈনন্দিন বাৰ্তা:

বিজেপি নেৰ্তৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২৪ ঘণ্টাই বিদ্যুৎ সৰবৰাহ, বিদ্যুতৰ মাচুল হ্ৰাস কৰা হ’ব বুলি জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে, চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো দূৰৰে কথা বৰ্তমান বিদ্যুৎ সৰবৰাহৰ লুকা-ভাকু আৰু প্ৰতিমাহে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে জনগণক সৰ্বস্বান্ত কৰি তোলাৰ দিশতহে অগ্ৰসৰ হৈছে। তাৰোপৰি বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ অকমন্যতাৰ বাবে আওপুৰণি বিদ্যুৎ খুটা সমূহে জনগণৰ জীৱনলৈ ভয়াবহতা কঢ়িয়াই আনিছে। চৰকাৰৰ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চৰমভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদ জনাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে বিদ্যুৎ সৰবৰাহ নিয়মীয়া কৰণ কৰা, আওপুৰণি বিদ্যুৎ খুটা সমূহ উন্নীতকৰণ কৰাৰ দাবী জনাই আজি নাজিৰা পৌৰ ব্লক কংগ্ৰেছ,  যুৱ কংগ্ৰেছ আৰু সমষ্টি এনএছইউআইৰ উদ্যোগত নাজিৰা মহকুমা বিদ্যুৎ সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত ধৰ্ণা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে বিদ্যুতৰ মাচুল হ্ৰাস কৰক, বিদ্যুৎ সৰবৰাহ নিয়মীয়াকৰণ কৰক, বিদ্যুৎ বিভাগৰ অকমন্যতা দূৰ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তুলে। পিছত উক্ত দাবী সমূহ শীৰ্ঘ্ৰে কাৰ্যকৰীকৰণৰ বাবে নাজিৰা পৌৰ ব্লক কংগ্ৰেছ, সমষ্টি যুৱ কংগ্ৰেছ আৰু সমষ্টি এনএছইউআইৰ তৰফৰ পৰা নাজিৰা মহকুমা বিদ্যুৎ সংমণ্ডলৰ মুখ্য সঞ্চালকক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

ভাৰতত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি: আক্ৰান্তৰ সংখ্যা ৩.৩২ লাখ অতিক্ৰম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

ভাৰতত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ সোমবাৰে প্ৰকাশ কৰা তথ্য মতে দেশখনত যোৱা ২৪ ঘণ্টাত ১১,০০০তকৈ অধিক লোক আক্ৰান্ত হয়৷ ফলত দেশখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩.৩২ লাখ অতিক্ৰম কৰিলে৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৫২০ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে ভাৰতত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ৩৩২৪২৪ জন৷ ইয়াৰে ১৫৩১০৬ জনৰ সক্ৰিয় আৰু ১৬৯৭৯৮ জন সুস্থ হৈ উঠাত যাবলৈ দিয়া হয়৷ তদুপৰি আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৫২০ জনলৈ বৃদ্ধি পায়৷ মন কৰিব লগা যে দেশৰ ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ত আক্ৰান্তৰ বাতৰি আহি আছে৷ শেহতীয়াকৈ তালিকাত অন্তভূক্ত হৈছে ছিকিম৷ এই ৰাজ্যবোৰৰ ভিতৰত মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, তামিলনাডু, মধ্য প্ৰদেশ আৰু ৰাজস্থান হটস্পট হৈ আছে৷ মহাৰাষ্ট্ৰ আৰু গুজৰাটত সৰ্বাধিক লোকৰ মৃত্যু হৈছে৷ দেশৰ ৬০ শতাংশ মৃত লোক এই দুয়োখন ৰাজ্যৰে৷ আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ৩৩৯০ জন আক্ৰান্ত হৈছে আৰু ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১০৭৯৫৮ জনলৈ বৃদ্ধি পালে৷ দিল্লীত আক্ৰান্তৰ সংখ্যা ৪১১৮২ জন হ’লগৈ৷ ইয়াত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১৩২৭জন৷

কাশ্মীৰী মহিলা সাংবাদিকলৈ সাহসিকতা ফটো সাংবাদিকতা বঁটা ।

কাশ্মীৰী মহিলা সাংবাদিকলৈ সাহসিকতা ফটো সাংবাদিকতা বঁটা ।

দৈনন্দিন বাৰ্তা :

মহিলা মিডিয়া ফেডাৰেছনে কাশ্মীৰৰ ফ্ৰীলায়েন্স জাৰ্ণেলিষ্ট মাছাৰট জাৰ্হা (২৬)ক চলিত বৰ্ষৰ ফটো সাংবাদিকতাৰ সন্মানীয় অঞ্জা নিইদৰিংহাছ সাহসিকতা বঁটাৰে সন্মানিত কৰিছে৷ উল্লেখ্য যে এইগৰাকী সাংবাদিক কাশ্মীৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত স্নাতক৷ তেওঁ ৱাশ্বিংটন প’ষ্ট, অল জাজিৰা আৰু দ্য কাৰাভান আলোচনী আদিৰ লগত জড়িত৷ এই বঁটাটো পুলিৎজাৰ বঁটা জয়ী এপি ফটোগ্ৰাফাৰৰ নামত উৎসৰ্গিত৷ এইজন সাংবাদিকক ২০১৪ চনত আফগানিস্থানত হত্যা কৰিছিল৷ এই বঁটাত আছে ২০০০০ ডলাৰ৷ এই বঁটা বিপদক নেওচি বাতৰিৰ ছবি লোৱা মহিলা সাংবাদিকক দিয়া হয়৷ উল্লেখ্য যে নিইদৰিংহাছে ২০০৫ চনত আইডব্লিউএমএফ সাংবাদিকতাৰ সাহসিকতা বঁটা লাভ কৰিছিল৷ প্ৰাপ্ত তথ্য মতে জাৰ্হা শ্ৰীনগৰত জন্ম৷  তেওঁ কাশ্মীৰ প্ৰতিবাদকাৰী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ ছবিৰে প্ৰতিফলিত কৰিছে৷

খুড়ীয়েকৰ কাতৰ অনুৰোধৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

খুড়ীয়েকৰ কাতৰ অনুৰোধৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

দৈনন্দিন বাৰ্তা:

তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ হাঁহখাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মূলুক গাঁৱত একমাত্ৰ পুত্ৰৰ সৈতে ভগা পঁজাত বাস কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েক ৰহিলা সোনোৱাল (৮২)। প্ৰায় এমাহ পূৰ্বৰে পৰা বেমাৰত ভূগি আছে  ৰহিলা সোণোৱালে। বেমাৰত ভুগি থকাৰ আৰু মুখ্যমন্ত্ৰীক সহায়ৰ বাবে কাতৰ আহ্বান জনোৱাৰ  বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কালি প্ৰশাসনৰ লোক উপস্থিত হৈ ৰোগাক্ৰান্ত মহিলাগৰাকীৰ সবিশেষ তথ্য লোৱাৰ পিছত আজি ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া উপস্থিত হয়। বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে খুড়ীয়েকৰ সৈতে বাৰ্তালাপ কৰোৱাই।  বিধায়ক গৰাকীয়ে কাইলৈ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ হস্পাতাললৈ নিব বুলি জানিব দিছে। উল্লেখযোগ্য যে, মহিলাগৰাকীয়ে অৰ্থাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েকে তেখেতক  সৰুৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।  আর্থিকভাৱে জুৰুলা পৰিয়ালটোৱে ৰহিলা সোণোৱালৰ চিকিৎসাৰ বাবে দুবিঘাকৈ খেতি মাটি বন্ধকত দিব লগা হৈছিল। ভতিজাকে খুড়ীয়েকৰ কৰুণ বিননি শুনাত ঘৰখনলৈ যেন এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। 

ধনশিৰিত ভাৰতৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু বাৰ্ষিকী উদযাপন । অসাৰ প্ৰতিপন্ন হ’ল শ্বহীদ জনাৰ নামত উদ্যান স্হাপনৰ মুখ্যমন্ত্ৰীৰ ঘোষণা।

দৈনন্দিন বাৰ্তা:

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী শ্বহীদ  কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু  দিৱসটি তেখেতৰ কৰ্মস্হলী  ধনশিৰি মহকুমাৰ সৰুপথাৰতো ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত  অনুষ্ঠিত কৰা হয়৷  পুৱা ন বজাত সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদত শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিবাকৰ নাথে বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ উপৰিও সৰুপথাৰ সুমহীয়া স্বাস্হ্য কেন্দ্ৰটো শ্বহীদ জনাৰ মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হয়৷  কিন্তু ইয়াৰ মাজতে অভিযোগ উঠিছে অসম চৰকাৰে শ্বহীদ জনৰ ত্যাগক চৰম অপমান কৰাৰ৷ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ চনত আজিৰ দিনটোতে শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহলৈ আহি সৰুপথাৰ ৰেল ষ্টেচনৰ সমীপত ৰেল বগৰোৱা স্হানত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত এখন উদ্যান স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ স্বাধীনতা সেনানীয়ে বৃটিছ সেনাবাহিনীৰ ৰেল বগৰোৱা স্হান সৰুপথাৰৰ শুকান নলাৰ কাষতে স্হাপন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বহীদ স্মৃতি উদ্যানখন৷ কিন্তু সেই ঘোষণা আজিও কাৰ্য্যকৰী নহ’ল৷ উকা হৈয়ে থাকিল শুকান নলাৰ পাৰ৷ সৰুপথাৰৰ ৰেল ষ্টেছনৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজিও কাৰ্য্যকৰী নহল৷ এই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰে মুক্তি যুঁজাৰু সংস্থাৰ লগতে সৰুপথাৰৰ বিভিন্ন দল-সংগঠনে৷

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

দৈনন্দিন বাৰ্তা :

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নাউজিচ চাৰমি খানে ৮৩.৫% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ নাজিৰা নগৰৰ নিবাসী নজিৰুল খান আৰু মুজিদা ৰহমানৰ কন্যা নাউজিচে অসমীয়াত ৮৪, ইংৰাজীত ৮৭, সাধাৰণ গণিতত ৫৯, সাধাৰণ বিজ্ঞানত ৮৭, সমাজ বিজ্ঞানত ৮৪ আৰ আৰু আই টিত ১০০ নন্বৰ লাভ কৰে। তেওঁৰ এনে সফলতাত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক অতি আনন্দিত হোৱাৰ লগতে নাউজিচ চাৰমি খানৰ উজ্বল ভবিষৎ কামনা কৰে।

ডাক্তৰৰ কথা : ডাক্তৰ শোৱা নাই, অনিঃশেষ কৃতজ্ঞতা ।

 ✍ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’ণাত আক্ৰান্ত হৈছে। বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ। তথাপিও স্থবিৰ যোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য। বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’ণামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁখাই আহে। বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে নি:সংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ৰ চিকিৎসা আগবঢ়াই থকা তেখেতসকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ। তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে। নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি, মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি, এই চৰম বিপদ সংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে। সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেতসকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা অনিঃশেষ কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও। একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতাসকলে তেখেতসকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত আৰু শ্ৰদ্ধাৰ চুইপাৰ সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

দৈনন্দিন বাৰ্তা :

সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতেই গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই। গহপুৰ নিগমৰ পাৰ্বতী নাথ নামৰ এগৰাকী সত্তোৰোৰ্দ্ধৰ আইতাৰ জীৱন দুৰ্দশাৰ কথা প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। সাত বছৰ কাল ৰোগীয়া দেহাৰে কেইটামান ফটা বস্তাত মজিয়াত শুই জীৱন নিৰ্বাহ কৰিছিল। এক অস্বাস্থ্যকৰ পৰিৱেশত দিন-নিশা পাৰ কৰিছিল আইতা গৰাকীয়ে। বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়া উপস্থিত হৈ আইতা গৰাকীৰ স্বাস্থ্য অৱস্থা বুজ লৈ আইতাক কিছু খাদ্য সামগ্ৰী প্ৰদান কৰা লগতে খোৱা পানী বাবে এটা দালকল প্ৰদান কৰে। ইয়াৰোপৰি পূৱ ডুবিয়া পঞ্চায়ৰ সভাপতি উপস্থিত হৈ নিজা ববীয়াকৈ এটা পানী ফিল্টাৰ দিয়া কথা সদৰী কৰে।

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে : প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে ।

দৈনন্দিন বাৰ্তা :

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে৷ আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ আওতাত প্ৰায় ২১ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কেন্দ্ৰক বৃহৎ প্ৰশ্ন উত্থাপন কৰিলে প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে৷ চেম্বাৰ অব কমাৰ্চৰ এক ভাৰ্চুৱেল সভাত ভাষণ আগবঢ়াই তেওঁ কয়,  আৰ্থিক ব্যৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ মানুহৰ চাহিদা বঢ়োৱাৰ দিশত বেছি জোৰ দিয়া উচিত আছিল চৰকাৰৰ৷ বহু ফাঁকফুকৰে গৈছে এই পেকেজ৷ অনতিপলমে পেকেজটোক লৈ পুনৰ বিবেচনা আৰম্ভ কৰক কেন্দ্ৰই৷ আৰ্থিক উদ্দীপক যিবোৰ ত্ৰাণৰ কথা কোৱা হৈছে তাত সকলো কেইটাই অৰ্থনৈতিক ক্ষেত্ৰৰ সৈতে যুক্ত৷ ইয়াত জনসাধাৰণৰ চাহিদা নাবাঢ়ে৷ যোগান আৰু চাহিদাৰ মাজত সামঞ্জস্য নাথাকিলে দেশৰ অৰ্থনীতি লাহে লাহেই থাকিব৷ অৰ্থনীতিত ক’ৰোনাৰ আঘাত বেছিদিন স্থায়ী নহয়৷ ক’ৰোনাৰ সংকটত সম্পদৰ ক্ষয়ক্ষতি হোৱা নাই৷ পৰিস্থিতি এবাৰ স্বাভাৱিক হ’লে আৰম্ভ কৰিলে দ্ৰুত অৰ্থ ব্যৱস্থাৰ দ্ৰুত উন্নতি সম্ভৱ৷ মোডী চৰকাৰৰ আৰ্থিক পেকেজত হয়তু কল কাৰখানা খুলিব৷ উৎপাদন হ’ব৷ পণ্যৰ যোজান বাঢ়িব৷ কিন্তু চাহিদা বাঢ়ি নাযায়৷ কাৰণ মানুহৰ হাতত কি কৰি টকা তুলি দিয়া হ’ব, তাৰ কথা কোৱা নাই পেকেজে৷ এনেদৰে কয় অৰ্থনীতিবিদ অসীমা গোৱেলে ৷