Home Blog Page 3455

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

ডিৰাক সীমান্ত

‘বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে’ তাৰিখে ইটালীৰ ফ্লোৰেন্স চহৰত৷ ফ্লোৰেন্স নাইটিংগেলৰ জন্ম দিৱসটো বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোনা ভাইৰাছে ত্ৰাস সৃষ্টি কৰি থকাৰ ফলত নাৰ্চসকল অধিক ব্যস্ত হৈ থকাৰ মাজতো মঙলবাৰে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নাৰ্চসকলে ‘বিশ্ব নাৰ্চ দিৱস’ উপলক্ষে ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে কাকপথাৰস্থিত চেণ্ট্ৰেল বেংক অব ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰী আৰু গ্ৰাহকসকলৰ মাজত মাস্ক বিতৰণ কৰে। বৃহত্তৰ কাকপথাৰ সাংবাদিক সন্থাই নাৰ্চসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী নাৰ্চক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

নাজিৰাত সংবাদিকৰ মাস্ক বিতৰণ

নাজিৰাত সাংবাদিকসকলৰ তৰফৰ পৰা মাস্ক পৰিধান নকৰা লোকসকলৰ মাজত মাস্ক বিতৰণ কৰা হয়।

নাজিৰা

 ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে লগতে ৰাইজৰ মাজত সামাজিক সজাগতা কৰাৰ লক্ষৰে মঙলবাৰে নাজিৰাত সাংবাদিকসকলৰ তৰফৰ পৰা মাস্ক পৰিধান নকৰা লোকসকলৰ মাজত মাস্ক বিতৰণ কৰা হয়। নাজিৰা চাৰিআলিৰ পৰা আৰম্ভ কৰা এই মাস্ক বিতৰণত উপস্থিত থাকে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতী গোস্বামী, মহকুমা আৰক্ষী বিষয়া দিপজ্যোতি তালুকদাৰ, নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত। নাজিৰাৰ সংবাদকৰ্মীসকলৰ হৈ উপস্থিত থাকে নাজিৰা জিলা সাংবাদিক সন্থাৰ সম্পাদক অনন্ত কলিতা, মু্ক্ত সাংবাদিক সন্থাৰ সম্পাদক দিলীপ হাজৰিকা, মুনীন্দ্ৰ নাথ শইকীয়া, জয়ন্ত বৰুৱা, পংকজ শইকীয়া, দিপজ্যোতি বৰগোহাঁই, বিকাশ আৰন্ধৰা, দিলীপ শইকীয়া। এই মাস্কবোৰ আগবঢ়োৱাৰ বাবে সাংবাদিক সন্দীপ বাৰ্মাক সকলোৱে শলাগ জ্ঞাপন কৰে।

লকডাউনৰ সুবিধা লৈ নাজিৰাত বি জে পি নেতাৰ অবৈধভাৱে ব্যৱসায়িক সন্থা গঠনৰ অপচেষ্টা : ক্ষুদ্ধ সৰু-বৰ ব্যৱসায়ী

নাজিৰা

 ক’ৰোনা মহামাৰীৰ ভয়াবহতাত আতঙ্কিত হৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়তে অতি দৃষ্টিকটুভাৱে শাসনাধিষ্ঠিত বিজেপি দলৰ একাংশ নেতা পালিনেতাই নাজিৰা নগৰত গোপনে ব্যৱসায়িক সন্থা গঠন কৰাক লৈ সমগ্ৰ নগৰখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে   নাজিৰাত কিছু বছৰৰ পূৰ্বে স্থানীয় সৰু বৰ ব্যৱসায়ীসকলক লৈ ৰাজহুৱাভাৱে এখন ব্যৱসায়িক সন্থা গঠন কৰা হৈছিল যদিও এই সমিতিখনৰ ম্যাদ উকলি যোৱাৰ পিছত তথা কোনো হিচাপ পত্ৰ নিদিয়াকৈ এই সমিতিখন নিস্ক্ৰিয় হৈ থকাত লকডাউনৰ সুযোগত শাসনাধিষ্ঠিত বিজিপি দলৰ হস্তক্ষেপত পূৰ্বৰ সমিতিখনৰ দুই এজন বিষয়ববীয়াক সাৰথি ৰূপে লৈ  নাজিৰাৰ অধিকাংশ ব্যৱসায়ীৰ অজ্ঞাতে গোপনে এখন নতুন ব্যৱসায়ী সন্থা গঠন কৰাকলৈ নগৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনহাতে এই সমিতিখনৰ নামত নগৰখনৰ সৰু বৰ ব্যৱসায়ীসকলৰ পৰা দুশ টকাকৈ সংগ্ৰহ কৰাকলৈও বহুতো ব্যৱসায়ীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে যদিও আন বহুতে ভয়তে মুখ খোলা নাই৷ উল্লেখ্য যে এই লকডাউনৰ সময়ত চৰকাৰী নীতি নিয়ম অৱজ্ঞা কৰি শাসনাধিষ্ঠিত দলৰ দুজনমান নেতাই শিমলুগুৰিত শাক পাচলিৰ বজাৰ বহুৱাই ব্যৱসায়ীৰ পৰা অবৈধভাৱে টকা সংগ্ৰহ কাৰাৰ বাতৰি পৰিবেশন কৰাৰ বাবে নাজিৰাৰ দুজনমান সাংবাদিকো ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু এনে নেতাৰ পৃষ্ঠপোষকতাতে নাজিৰাত অবৈধভাবে ব্যৱসায়ী সন্থা গঠন কৰি সৰু বৰ ব্যৱসায়ীৰ মাজত ৰাজনৈতিক বিভাজন আনিব বিচৰাটো দুৰ্ভাগ্যজনক৷

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকালৈ কলিয়াবৰত অভিযোগ-প্ৰত‍্যাভিযোগ

কলিয়াবৰ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰে পৰা ক’ৰোনা সংক্ৰমণৰ সমান্তৰালকৈ ইয়ো এক চৰ্চিত বিষয়টো হৈ পৰিছে। ভয়ানক দুৰ্নীতি আৰু স্বজন-তোষণৰে ৰাজনৈতিক নেতা-পালিনেতাৰ ছত্ৰছায়াত কৃষি বিভাগে প্ৰস্তুত কৰা সন্মান নিধিৰ তালিকাত অনাকৃষকৰ পয়োভৰে সমগ্ৰ অসমতে তোলাপাৰ লগাইছে। ফলস্বৰূপে, অভিযোগ‍্য-প্ৰত‍্যাভিযোগে উত্তাল এতিয়া অসমৰ প্ৰায় প্ৰতিখন গাঁও। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰৰ তালিকাত হোৱা সীমাহীন দুৰ্নীতিয়ে লকডাউনৰ ফলত জীয়াতু ভোগা গাঁওবাসীৰ ক্ষোভ দুগুণে বৃদ্ধি পাইছে। এই লৈ বঞ্চিত কৃষকৰ অভিযোগৰ ভিত্তিত প্ৰকাশিত বাতৰিৰ পিছত আত্মপক্ষৰ সমৰ্থনত সাংবাদিকৰ কাষ চাপিল অভিযুক্ত পক্ষ। প্ৰধানমন্ত্ৰীৰ কৃষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকাক লৈ কলিয়াবৰৰ পশ্চিম অঞ্চলৰ ৰহধলা গাঁও পঞ্চায়তৰ ৩ নং গাঁও সভাৰ সদ‍্যস‍্যাৰ দুৰ্নীতিৰ বিষয়ে এটা পক্ষই উত্থাপন কৰাৰ পিচতে উন্মোচিত হৈছে নতুন দিশ। সেই লৈ অঞ্চলটোত চৰ্চা আৰম্ভ হৈছে। ইতিমধ‍্যে অভিযুক্ত পক্ষ সোচ্ছাৰ হৈছে অভিযোগকাৰীৰ বিৰুদ্ধে। পক্ষটোৰ মতে, অভিযুক্ত অসম চৰকাৰৰ চাকৰিয়াল কলিয়াবৰৰ শিৱস্থান গাঁৱৰ জিতেন শইকীয়াৰ পৰিয়ালে স্পষ্ট কৰিলে জিতেন শইকীয়াই লোৱা নাই ৰাজ সাহায্য। জিতেন শইকীয়াৰ পৰিয়ালৰ দাবী অভিযোগকাৰীৰ পৰিয়ালৰ লোকেহে লাভ কৰিছে প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ সাহায্য। পূৰ্বে প্ৰকাশিত বাতৰিত প্ৰকাশ হোৱা জিতেন শইকীয়াৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত থকাৰ তথ‍্য ভিত্তিহীন আৰু কোনো সত‍্যতা নাই বুলি অভিযুক্তৰ পৰিয়ালে দাবী কৰে।

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবসৰ প্ৰস্তুতি

তিনিচুকীয়া

তিনিচুকীয়া বৰগুৰিস্হিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাঙ্গণত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতৃত্ববৃন্দৰ উপস্থিতিত সামাজিক দূৰত্ব মানি ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৮ সংখ্যক দিৱস প্ৰতিবছৰৰ দৰে এইবাৰো চলিত বৰ্ষৰ ২৪ মে’ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবস দেশ তথা বিশ্বৰ ক’ৰোনা মহামাৰী প্ৰতি লক্ষ্য ৰাখি ২০২০ বৰ্ষৰ দিৱস অনুষ্টুপীয়াকৈ পালন কৰাৰ বাবে সদৌ অসম মটক সন্মিলন, মটক ৰাজবংশ উন্নয়ন সমিতি, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, মটক মহিলা পৰিষদ, মটক ছাত্ৰ- সন্হাই সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাৰ সিদ্ধান্ত অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ধেমাজী, শোণিতপুৰ আৰু বিশ্বনাথ জিলা সমিতি, আঞ্চলিক সমিতি আৰু নামঘৰ সমূহত বিশ্বৰ দুৰ্যোগৰ সময়ত অনুষ্টুপীয়াকৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস পালন কৰিবলৈ আহ্বান জনাই সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে ২৪ মে’ত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ দিনা জনগোষ্ঠীয় প্ৰতি পৰিয়ালে নিজ নিজ গৃহত বন্তি প্ৰজ্বলনৰ আহ্বান জনায়৷ চৰকাৰী উদ্যোগত অনুষ্ঠিত হোৱা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস খনি চৰকাৰীভাৱেও পালন কৰিবলৈ আহ্বান জনায় সংগঠনকেইটাই৷

নন্দিতা দাসৰ নিৰ্দেশত সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ : ১৪ দিনৰ কুৱাৰেণ্টাইনত আছিল কামৰূপৰ প্ৰথমজন ক’ৰোনাত আক্ৰান্ত

সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ

সোণতলী

ক’ৰোনাত আতংকত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ৭০ হাজাৰ অতিক্ৰম কৰিলে৷ অসমতো ইতিমধ্য ৬৪ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ পুৰানগাঁৱৰ মফিজ উদ্দিন আক্ৰান্ত হৈছিল ক’ৰোনাত৷ যোৱা ২ এপ্ৰিল তাৰিখে মফিজ উদ্দিনৰ তেজৰ নমুনা পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চিকিৎসকে সদৰি কৰিছিল৷ তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এম এম চি এইচলৈ প্ৰেৰণ কৰিছিল মফিজ উদ্দিনক৷ তাতে কিছুদিন চিকিৎসা কৰাৰ পিছতে তেওঁৰ তেজৰ নমুনা পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছৰ পৰা মুক্ত হোৱা বুলি চিকিৎসকে সদৰি কৰাৰ পিছতে মফিজ উদ্দিনক সোণতলীস্থিত পৰিদৰ্শন বাংলাত ১৪ দিনৰ কুৱাৰেণ্টাইনত ৰাখে৷ মঙলবাৰে তেওঁৰ কুৱাৰেণ্টাইন শেষ হোৱাৰ পিছতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নিৰ্দেশ মৰ্মে  সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া কুৰবান আলীৰ নেতৃত্বত এছ ডি আৰ এফ বাহিনীয়ে পৰিদৰ্শন বাংলা সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ছেনিটাইজ কৰে৷ ইয়াৰ উপৰি সোণতলীৰ মাহতলী বজাৰখনো বিধায়িকা নন্দিতা দাসে নিজ হাতে ছেনিটাইজ কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিধায়িকা গৰাকীৰ নিৰ্দেশত সোণতলী পৰিদৰ্শন বাংলা, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন  ছেনিটাইজ কৰিছিল এছ ডি আৰ এফ বাহিনীয়ে৷

দৰঙৰ ধুলাত ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত মাৰপিট : হাতে হাতে দা, কুঠাৰলৈ আক্ৰমণ, আহত ১১

খাৰুপেটীয়া

দৰঙৰ ধুলাত দুই ফৈদৰ মাজত সংঘটিত হোৱা তুমুল কাজিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াত ১১জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনা সংক্ৰান্তত জানিব পৰা মতে দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত আটাকাটা গাঁৱত মঙলবাৰে পুৱাই হাতে হাতে দা, কুঠাৰ, লাঠি লৈ আবু শ্বাহা নামৰ ব্যক্তি গৰাকীৰ ঘৰত গৈ আক্ৰমণ কৰে একেখন গাঁৱৰ ৮ জনীয়া গুণ্ডা বাহিনীৰ দল এটাই৷ এজাহাৰত উল্লেখ কৰা মতে দীৰ্ঘদিনীয়া ঘৰুৱা বিবাদৰ বাবেই আটাকাটা গাঁৱৰ হাবেজ আলী নামৰ যুৱকজনৰ লগত ৮ জনীয়া গুণ্ডা বাহিনীৰ দলটোৱে হাতে হতে দা, কুঠাৰলৈ একেখন গাঁৱৰ আবু শ্বাহা নামৰ ব্যক্তি গৰাকীৰ ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি পৰিয়ালবৰ্গৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে। দা আৰু কুঠাৰৰ আক্ৰমণত আবু শ্বাহাৰ লগতে আজিত আলী, হাবিবুৰ ৰহমান, আজগৰ আলী, নজৰুল হক, মজিবুৰ ৰহমান,  সদাগৰ আলী, মতিবৰ ৰহমান, ছাহাৰা খাতুন, আছিয়া বেগম আদি পুৰুষ-মহিলাসহ কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত আহত লোকসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সংক্ৰান্তত ছাহাৰা খাতুনে হাবেজ আলী, ইব্ৰাহিম আলী, জয়নাল আব্দিন, ইউনুছ আলী, শ্বৰীফ উদ্দিন, আবু কালাম, আব্দুল আজিত, ছাবেদ আলীৰ বিৰূদ্ধে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনা সংঘটিত কৰি গুণ্ডা বাহিনীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আবুল কালাম নামৰ ব্যক্তিজনক ধুলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত হাবেজ আলীৰ লগত অহা ৮ জনীয়া দলটোৰ এজনৰ হাতত পিষ্টল লৈ আক্ৰমণ কৰিবলৈ গৈছিল বুলি এজাহাৰকাৰী ছাহাৰা খাতুনে অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে ৷

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা

মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ পৰা দেশৰ অৰ্থনীতি কিছু শক্তিশালী কৰিবৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু শিথিলকৰণ কৰা হৈছিল। জনসাধাৰণে ভোগ কৰা কেতবোৰ গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক সকাহৰ বাবে গ্ৰহণ কৰা হৈছিল কেতবোৰ শিথিল কৰণৰ সন্দৰ্ভত সিদ্ধান্ত৷ দেশৰ গৃহ বিভাগে জাৰি কৰা গাইডলাইনৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছিল কোনবোৰ ক্ষেত্ৰত শিথিলকৰণ অনা হৈছে আৰু কোনবোৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত আছে৷ কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে গৃহ বিভাগৰ সাময়িক শিথিলকৰণৰ গইনা লৈ ৰাজ্যৰ আন স্থানৰ নাজিৰা মহকুমাটো দেখা গৈছিল একাংশ ব্যক্তিৰ লকডাউন ভংগৰ অঘোষিত প্ৰতিযোগিতা। যাৰ পৰিপ্ৰেক্ষিতত মহকুমাটোৰ নাজিৰা আৰু শিমলুগুৰি নগৰৰ মাজমজিয়াৰ পৰা অনাৱশ্যক জনসমাগম হ্ৰাস কৰা, লকডাউন ভংগকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত নাজিৰা মহকুমাটো বলৱৎ কৰা হ’ল যুগ্ম-অযুগ্ম নীতি৷ সপ্তাহটোৰ সাতোটা দিনেই সলনা-সলনিকৈ যুগ্ম-অযুগ্ম নম্বৰৰ বাহনসমূহ চলাচল কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা সম্প্ৰতি এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে নাজিৰা মহকুমাত। দিনৰ ভাগত যুগ্ম-অযুগ্ম নীতিৰ প্ৰভাৱত যানবাহন চলাচল হ্ৰাস পাইছে যদিও একাংশ উদণ্ড বাইক চালকক নাকী লগোৱাত ব্যৰ্থ মহকুমা আৰক্ষী প্ৰশাসন৷ আনহাতে একাংশ সাধাৰণ ৰাইজে নিজৰ বাহনৰ শেষৰ নম্বৰটো যুগ্ম নে অযুগ্ম চিনাক্ত কৰিব নোৱাৰি নগৰলৈ ওলাই অহাৰ লগতে আন একাংশই আকৌ শূন্য আৰু এক সংখ্যাটো যুগ্ম নে অযুগ্ম সেয়াও দীৰ্ঘ সময় ধৰি চিনাক্ত কৰিব নোৱাৰি বিবুদ্ধিত পৰাৰ লগতে যুগ্ম-অযুগ্মৰ বিভ্ৰান্তিৰ মাজত সোমাই বহু সাধাৰণ ৰাইজ আৰক্ষীৰ ৰোষত পৰিবলগীয়া হৈছে। যিটো ঘটনাই ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতে চৰকাৰ, প্ৰশাসনে গ্ৰহণ কৰা নীতিসমূহক সাধাৰণ ৰাইজে আদৰণি জনাইছে যদিও এনে গুৰুত্বপূৰ্ণ নীতি – নিৰ্দেশনা বলৱৎ কৰাৰ পূৰ্বে ব্যাপক ৰূপত বিভিন্ন মাধ্যমৰ লগতে মাইক যোগে নগৰে-চহৰে প্ৰচাৰ চলোৱাটো জৰুৰী আছিল। কিন্তু নিশাৰ ভাগত ঘোষণা কৰা এই নিৰ্দেশনা পৰৱৰ্তী সময়ত পুৱাৰ ভাগৰ পৰাই বলৱৎ কৰাৰ ফলত সাধাৰণ ৰাইজ বিবুদ্ধিত পৰে। আনহাতে যুগ্ম-অযুগ্ম নীতিৰে চৰকাৰ, প্ৰশাসনে সাধাৰণ ৰাইজক নাকী লগাবলৈ চেষ্টা চলোৱাৰ সময়তে নাজিৰা আৰু শিমলুগুৰি নগৰত চাৰি চকীয়া-দুচকীয়া বাহনৰো সন্মুখত চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি আৰি বীৰদৰ্পে লকডাউনৰ আৰম্ভণিৰ পৰাই বৰ্তমানেও টিঘিলঘিলাই ফুৰা উদণ্ড চামক যুগ্ম-অযুগ্ম নীতিয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’বনে বুলি প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি নিজকে প্ৰভাৱশালী বুলি জাহিৰ কৰি যানবাহনত নম্বৰপ্লেট নিলিখাকৈ অথবা এৰোৱাইলৈ লকডাউনৰ মাজতো পৰিয়ালসহ আৰু দুচকীয়া বাহনত দুজন-তিনিজন পৰ্যন্ত উঠি সামাজিক দূৰত্ব ভংগৰে ঘূৰি ফুৰা চামক যুগ্ম-অযুগ্ম নীতিৰে কেনেদৰে স্পৰ্শ কৰিছে সেয়া সৰ্বজনবিদিত হৈছে৷

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

দেওপানী

ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিক অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰিছে৷ উল্লেখ্য যে যোৱা ৭ মে’ত অসম সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয় ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত বৈদ্যুতিন মাধ্যম যোগে অনুষ্ঠিত ২০২০-২২ বৰ্ষৰ আংশিক কাৰ্যনিৰ্বাহক সভাই জয়ছিং টকবিক অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰে আৰু কভিড-১৯ আইন অনুসৰি সামাজিক দূৰত্ব বজাই যথাসম্ভব সোনকালে দায়িত্ব গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে৷ সেই মৰ্মে সোমবাৰে বিয়লি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিয়ে কভিড-১৯ আইন পালন কৰি ডিফুস্হিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰে৷ অন্যহাতে জয়ছিং টকবি য়ে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত হোৱাৰ বাতৰিয়ে জিলা খনৰ সাংবাদিক, সাহিত্যিক আৰু সংস্কৃতিবান লোকৰ লগতে জিলাবাসীয়ে আনন্দ প্ৰকাশ কৰে৷

দেশত ক’ৰোনা মুক্ত ৫ ৰাজ্য : ভাৰতত প্ৰাদুৰ্ভাৱৰ ১০২ দিনৰ পাছত সংক্ৰমণ বৃদ্ধি ১৪ ৰাজ্যত

অনলাইন বাৰ্তা

ভাৰতত ক’ৰোনা ভাইৰাছত সংক্ৰমিতৰ সংখ্যা যদিও বৃদ্ধি পাইছে তাৰ মাজতে পাঁচখন ৰাজ্যত সকলো ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ ফলত এই পাঁচখন ৰাজ্য ক’ভিড-১৯ মুক্ত হৈ পৰিছে৷ ইয়াৰ বাদে দেশৰ ১৪খন ৰাজ্য আছে য’ত ভাৰতত প্ৰাদুৰ্ভাৱৰ ১০২ দিন হোৱাৰ পাছত ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাইছে৷ ক’ৰোনা মুক্ত এই পাঁচখন ৰাজ্য হ’ল গোৱা, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, আন্দামান আৰু নিকোবৰ৷ মিজোৰাম ক’ৰোনা মুক্ত ৰাজ্য হিচাপে শেহতীয়াকৈ অন্তভূক্ত হৈছে৷ এই ৰাজ্যখনত সকলো ক’ৰোনা ৰোগীক দেওবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য বিশ্লেষণ কৰি এই কথা পোহৰলৈ আহিছে যে ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ত আক্ৰান্তৰ পৰিমাণ কমিবলৈ লৈছে৷ সক্ৰিয় হৈ থকাৰ অৰ্থ এয়ে যে এই ১৫খন ৰাজ্যত কমকৈ নতুন ৰোগী ওলোৱা ৰাজ্যকেইখন হ’ল মধ্য প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, তেলেংগানা, কৰ্ণাটক, হাৰিয়ানা, বিহাৰ, অসম, লাডাখ, উত্তৰাখণ্ড, ছত্তীশগড়, কেৰালা, হিমাচল প্ৰদেশ আৰু মেঘালয়৷ বাকী ৰাজ্যবোৰত আক্ৰান্ত হ্ৰাস হৈছে বা স্থিতিশীল হৈ ৰৈছে৷ সেই ৰোগীৰ হিচাপ বিবেচনা কৰিলে যি চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে আৰু চিকিৎসাৰ বাবে নিছে৷ ইয়াত সুস্থ বা মৃত ৰোগী অন্তভূক্ত কৰা নাই৷ ইয়াৰ মাজত মধ্য প্ৰদেশৰ ফলাফলবোৰ অতি তাৎপৰ্যপূৰ্ণ৷ কাৰণ ৪ মে’ৰ পৰা ৰাজ্যখনত ৰোগীৰ সংখ্যা হ্ৰাসৰ প্ৰৱনতা দেখা গৈছে৷ ৪ মে’ত সক্ৰিয় ৰোগী আছিল ১৯৭৯৷ দেওবাৰৰ দিনটোত ইয়াৰ পৰা কমিল ১৭২৩জন৷ আনহাতে ৮ মে’ পৰ্যন্ত ৰাজস্থানত হ্ৰাসৰ প্ৰৱনতা দেখা গৈছে৷ তাত সক্ৰিয় ৰোগী ১৭৩৪ৰ পৰা কমি ১৫৭৬ হয়গৈ৷