Home Blog Page 3466

সদৌ মৰান ছাত্ৰৰ প্ৰতিষ্ঠা দিবস তিনিচুকীয়াত

তিনিচুকীয়া

মৰাণ জনজাতিক জনজাতিকৰণ আৰু ষষ্ঠ অনুসুচীভুক্ত স্বায়ত্ত শাসন চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সময় মতে প্ৰদান নকৰিলে সংগ্ৰাম অধিক কঠোৰভাৱে চলাই নিয়া হ’ব। মৰাণ জনজাতিৰ স্বাধিকাৰৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন তথা সমন্বয় আৰু ভাতৃত্ববোধ ৰক্ষাৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাই দৃঢ়তাৰে কাম কৰি যাব। মঙলবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰতাকা উত্তোলন কৰি এই মন্তব্য কৰে সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে। জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম অব্যাহত ৰখাৰ লগতে সকলো অন্যায়, অবিচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সন্থাই জাগ্ৰত প্ৰহৰী হৈ কাম কৰি যাব বুলিও সভাপতিগৰাকীয়ে কয়। সম্প্ৰতি বিশ্বজুৰি চলি থকা মহামাৰী ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰি সীমিত সংখ্যক লোকৰ উপস্থিৰে কেৱল পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচীৰ জৰিয়তে ঐতিহাসিক সৌমাৰ খণ্ডৰ আদিম ভূমিপুত্ৰ মৰাণ জনজাতিৰ ছাত্ৰ সংগঠনটোৰ তিনিচুকীয়াস্থিত সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰাঙ্গনত অনুষ্টুপীয়াকৈ পালন কৰে। পুৱা ১০ বজাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে পতাকা উত্তোলন আৰু সাধাৰণ সাধাৰণ সম্পাদক নৱ মৰাণে শ্বহীদ তৰ্পন কৰি কাৰ্যসূচী মুকলি কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লকডাউনৰ বাবে খাদ্য সংকটত পৰা বৰগুৰি অঞ্চলৰ অৰ্ধশতাধিক দৰিদ্ৰ পৰিয়ালক কাৰ্যালয়ৰ চৌহদতেই খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে উপস্থিত সাংবাদিকসকলক সন্থাই একোখনকৈ মৰাণ গামোছাৰে সম্ভাষণ জনায়। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা সভাপতি তৰুণ বৰুৱা মৰাণ, প্ৰাক্তন উপদেষ্টা জিতুল গোহাঁই, প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগ, পানীৰাম ডেকা মৰাণ, প্ৰাক্তন সাধাৰণ সম্পাদক দিপেন মৰাণ, হেমন্ত মৰাণ, জ্যোতিমণি মৰাণ, প্ৰৱোধ বৰুৱা, অসম মৰাণ সভাৰ উপদেষ্টা দিপন মৰাণ, সভাপতি ধৰ্মেন্দ্ৰ নেওগ, সাধাৰণ সম্পাদক দুৰ্লভ গোহাঁই, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, সম্পাদিকা হেমা বৰুৱা মৰাণ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সম্পাদক ভাৰ্নৱ মৰাণ, মৰাণ সাহিত্য সভাৰ প্ৰধান সম্পাদক অজিত মৰাণ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কণ গগৈ, সুৰজিৎ মৰাণ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰজ্যোতি গোহাঁই, সদৌ অসম মটক সন্মিলনৰ সৰুজ গোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক ধৰনী গোহাঁই, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, আটছাৰ ৰাজু কুৰ্মী, কনক কুৰ্মী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অশোক লামা, শ্বহীদ বিনন্দ মৰাণ বঁটা প্ৰাপক প্ৰৱেশ্বৰ বৰুৱা আদিয়ে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

ওদালগুৰি

মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা  দেওমৰনৈ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছিল ৷ ক’ভিড-১৯ য়ে বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সৰ্বজন বিদিত৷ এই যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি বিশ্বৰ সকলো ঠাইতে সদায় সজাগ আৰু সচেতন হৈ আছে স্বাস্থ্য কৰ্মী৷ সেয়ে ক’ভিড-১৯ৰ  বিৰুদ্ধে যুদ্ধত যোদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰং জিলাৰ দেওমৰনৈ অসামৰিক চিকিৎসালয়ত কৰ্মৰত সকলো স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনায় আৰু এই বৃহৎত্তৰ অঞ্চলবাসীক যি সেৱা আগবঢ়াই আছে তাৰ বাবে এই দৃষ্টি গ্রুপটোই দেওমৰনৈৰ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক ধন্যবাদ জনাই আৰু এই গ্রুপটো হৈ অনিল শৰ্মাই দেওমৰনৈ চিকিৎসালয়ৰ উপাধ্যক্ষ ডাক্তৰ কমলা কান্ত শৰ্মাক সম্বৰ্ধনা জনোৱাৰ উপৰি এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে আৰু সকলো স্বাস্থ্য কৰ্মীক অসমীয়াৰ জাতিৰ সন্মান এখনিকৈ ফুলাম গামোচাৰে আদৰণি জনায়৷

নাজিৰাত ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

নাজিৰাত 'কা' আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

নাজিৰা

 বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱা আহ্বানত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকে প্ৰমুখ্যে কৰি ‘কা’ আন্দোলনৰ নেতৃত্ব বহন কৰা সকলো ৰাজনৈতিক কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত আৰু সকলোৰে সু-স্বাস্থ্য কামনা কৰি মঙলবাৰে সন্ধিয়া বীৰ লাচিত সেনা নাজিৰা মহকুমা আঞ্চলিক সমিতিৰ বিষববীয়াই নিজৰ ঘৰৰ পদুলিত এগচিকৈ বন্তি প্ৰজ্বলন কৰে। ইয়াৰ সমান্তৰালকৈ এগৰাকী কণমানিয়েও ‘অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি দিয়ক, জয় আই অসম’  লিখিত এখন বেনাৰে ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবী জনায়। বীৰ লাচিত সেনাই ঘৰৰ পদূলিত এগচি বন্তি জ্বলাই কামনা কৰে ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাসকলক অতি সোনকালে মুক্তি দিয়ক আৰু তেওঁলোকৰ সু-স্বাস্থ্য অটুট থাকক। নাজিৰাৰ প্ৰতিজন বীৰ লাচিত সেনাৰ বিষববীয়াই এইদৰে ঘৰ পদূলিমুখত জ্বলায় চাকি।

জামুগুৰিহাটৰ কিশোৰী ধৰ্ষণকাৰী আৰক্ষী জোৱানক কাৰাগাৰলৈ প্ৰেৰণ

জামুগুৰিহাট

জামুগুৰিহাটৰ লুঙিবজাৰত লকডাউনৰ মাজতেই এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ১১নং বেটেলিয়নৰ আৰক্ষী জোৱান ফুলেন ডেকাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে  ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু আৰডব্লিউ ছিকছন ৪ৰ প’ছক’ আইনৰ অধীনত ২৩/২০ নম্বৰত গোচৰ ৰুজু কৰি কিশোৰী ধৰ্ষণকাৰী অভিযুক্ত জোৱানজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে যোৱা ৩ মে’ত লুঙি বজাৰত থকা জামুগুৰি আৰক্ষী থানাৰ অস্থায়ী শিবিৰৰ ১১ নং বেটেলিয়নৰ কৰ্মৰত জোৱান ফুলেন ডেকাই বতিয়ামাৰী ভৈৰৱীৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীক ফুচুলাই নি লুঙি বজাৰৰ সমীপত ধৰ্ষণ কৰিছিল৷

মাৰ্ঘেৰিটাত বন্দুকেৰে খুচি যুৱকৰ পেট ফালিলে আৰক্ষীয়ে

মাৰ্ঘেৰিটা

দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সমান্তৰালকৈ সোমবাৰৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘোষণা কৰা হয় সান্ধ্য আইন৷ সান্ধ্য আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যজুৰি দেখা গ’ল অসম আৰক্ষীৰ ব্যাপক তৎপৰতা৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যেন প্ৰয়োজনতকৈ অধিক কঠোৰ হ’ল আৰক্ষী৷ সন্ধিয়া ৬ বজাৰ লগে লগে নগৰখনৰ চেগুনবাৰী, ভেনাৰমিল বজাৰ চাৰিআলি বজাৰ সকলোতে হিংসুক ৰূপত জপিয়াই পৰিল মাৰ্ঘেৰিটা আৰক্ষী৷ হাতে হাতে লাঠি, বন্দুক লৈ এফালৰ পৰা যাকে পাই তাকে আৰম্ভ কৰিলে প্ৰহাৰ৷ সন্ধিয়া প্ৰায় ৬ বাজি ৩০ মিনিটত দিহিং বজাৰৰ সমীপত মাৰ্ঘেৰিটা আৰক্ষীৰ এটা তদলদাৰী দলে শম্ভূ চাহ নামৰ ৩২ বছৰীয়া এজন দৰিদ্ৰ যুৱকক প্ৰচণ্ডভাৱে প্ৰহাৰ কৰি আহত কৰে৷ শম্ভু চাহে জানিবলৈ দিয়া মতে, সন্ধিয়া তেও জপনা বন্ধ কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ ভ্ৰাম্যমান দলটোৱে তেওঁক পিটিবলৈ আৰম্ভ কৰে৷ অৰ্তকিতে নিজ চৌহদৰ ভিতৰত আৰক্ষীয়ে তেওঁক এইদৰে আক্ৰমণ কৰাত থৰকাচুতি হেৰুৱাই ঘৰৰ পিছফালে দৌৰ মাৰে৷ কিন্তু উন্মাদ আৰক্ষীৰ দলটোৱে সিমানতে ক্ষান্ত নাথাকি ঘৰৰ চোতালতে তেওঁক খেদি খেদি প্ৰহাৰ কৰে৷ আৰক্ষীৰ দলটোৱে যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি বন্দুকৰ নালেৰে খুচি পেট ফালি দিয়ে৷ আনহাতে আৰক্ষীৰ আক্ৰমণৰ পৰা নিজৰ স্বামীক এৰুৱাবলৈ বুলি অহা শম্ভুৰ পৰিবাৰকো আৰক্ষীৰ দলটোৱে গতা মাৰি দিয়ে৷ অৱশেষত মূৰ্মুৰ্ষু অৱস্থাত তেনেকৈয়ে যুৱকজনক পেলাই থৈ আৰক্ষীৰ দলটো উভতি যায়৷ আৰক্ষীয়ে  যুৱকজনক এইদৰে আক্ৰমণ কৰি পেলাই থৈ যোৱাৰ পিছতে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে যুৱকজনক উদ্ধাৰ কৰি দিহিং চাহ বাগিচাৰ চিকিৎসালয়লৈ লৈ যায়৷ যুৱকজনৰ অৱস্থা সংকটজনক দেখি বাগিচা চিকিৎসালয়ে লগে লগে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশা ১১.৩০ বজাত ঘৰলৈ পঠিয়াই দিয়ে৷ ইফালে মঙলবাৰে পুৱা যুৱকজনৰ ঘৰত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী উপস্থিত হৈ চিকিৎসাৰ বাবে ৪ হেজাৰ টকা প্ৰদান কৰাৰ কথা যুৱকজনে জানিবলৈ দিছে৷ সম্প্ৰতি উপযুক্ত চিকিৎসাৰ অভাৱত বিচনাতে চটফটাই থাকিবলগা হৈছে ভুক্তভুগী যুৱজনে৷ আৰক্ষীৰ এনে সন্ত্ৰাসে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ আৰক্ষীৰ এনে কৰ্মকাণ্ডক একেমুখে ধিক্কাৰ দিছে ৰাইজে৷ ন্যায় বিচাৰি ভুক্তভূগী যুৱকজন সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাৰ শৰণাপন্ন হৈছে৷

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

ওদালগুৰি

সমগ্ৰ বিশ্বত ক’ৰ’ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷ যোৱা সোমবাৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুচিৰ থানাৰ অন্তৰ্গত ১ নং শগুনবাৰী গাঁৱৰ নিবাসী  টাউকে দৰ্জী (৪০) নামৰ ব্যক্তিজনে হাতী খেদিবলৈ চেষ্টা কৰোতে হাতীয়ে আক্ৰমণ কৰে৷ ফলত তেওঁৰ ভৰি এটা সম্পূৰ্ণ ৰূপে চেপেটা হৈ যায়৷ বৰ্তমান তেওঁক উন্নত চিকিৎসাৰ বাবে ওদালগুৰি জিলাৰ অসামৰিক চিকিৎসালয়ৰ লৈ প্ৰেৰণ কৰে৷ লগতে যোৱা সোমবাৰৰ নিশা প্ৰায় দুই বজাত পানেৰি থানাৰ অন্তৰ্গত ওৰাঙ্গাজুলি চাহ বাগিচাৰ লহ তান্তী নামৰ মনুহজনৰ ঘৰ হাতীয়ে ভাগি সম্পূৰ্ণ ৰূপে ধংসস্তুপত পৰিণত কৰে আৰু তেওঁলোকৰ সকলো ঘৰৰ সা-সামগ্ৰী, বাচন- বৰ্তন, চাউল-দাইল, কাপোৰ, ৰন্ধন গেছ আদি সম্পূৰ্ণ ৰূপে নষ্ট কৰে৷ অৱশ্যে পৰিয়ালে আন্ধাৰৰ সুযোগলৈ কথমপী প্ৰাণ ৰক্ষা কৰে।

সুলভ মুল্যৰ কেৰাচিন বিক্ৰী কৰি ৰঙাঘৰত সোমাল দোকানীসহ ২ যুৱক

খাৰুপেটীয়া

দলগাঁৱৰ সমবায় সমিতিসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এইবাৰ বৰুৱাঝাৰ সমবায় সমিতিৰ এজন সুলভ মূল্যৰ দোকানীক ক’লা বজাৰত কেৰাচিন বিক্ৰীৰ অপৰাধত মঙলবাৰে দৈপাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে চোৰাং কেৰাচিন ক্ৰয়ৰ অপৰাধত আন দুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। স্মৰ্তব্য যে মোল্লাপাৰা আৰু কুঁৱৰী পুখুৰী গাঁৱৰ  দুজন যুৱকে ৪০ লিটাৰ কেৰাচিন লৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ হাতত ধৰা পৰে পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে দৈপাম আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কেৰাচিনৰ লগতে এখন হেৰোহোণ্ডা কোম্পানীৰ মটৰ চাইকেল জব্দ কৰি এক গোচৰ ৰুজু কৰি দুলীয়াপাৰা গাঁৱৰ সমবায় সমিতিৰ সুলভ মুল্যৰ দোকানী হানিফ আলীসহ তিনিওকে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইফালে, সাংবাদিকৰ আগত যুৱক দুজনে প্ৰতি লিটাৰ কেৰাচিন ৪৫ টকাত মুঠ ৪০ লিটাৰ কেৰাচিন হানিফ নামৰ সুলভ মূল্যৰ দোকানীৰ পৰা ক্ৰয় কৰে বুলি কয়৷

পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু নগাঁৱৰ পৰা নিৰুদ্দেশ

যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰূপন টেৰণ

হামৰেণ

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত আমট্ৰেঙৰ ছিং ক্ৰ পুলক গাঁৱৰ নিবাসী লংছিং টেৰণৰ পুত্ৰ ৰূপন টেৰণ যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে৷ সপ্তম শ্ৰেণীত ছাত্ৰ ৰূপন বয়স ১২-১৩ বছৰ হ’ব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ জানিব পৰা মতে নগাঁৱৰ হয়বৰ গাঁৱৰ জি ডি নাৰ্চিং হোমৰ ওচৰৰ আৰক্ষী বিষয়া এজনৰ ঘৰত শিশুটি বিগত পাঁচ বছৰ ধৰি আছিল৷ শিশুটি প্ৰথম লকডাউন ঘোষণা কৰা দিনাৰে পৰাই নিশাৰ ভাগতেই আৰক্ষী বিষয়াজনৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ৰূপনৰ পৰিয়ালে ৪ মে’ৰ দিনাহে ঘটনাৰ বিষয়ে আমটেৰেং উপ আৰক্ষী চকীৰ জৰিয়তে জ্ঞাত হয়। বিগত ৪২ দিন ধৰি নিৰুদ্দেশ হৈ থকা ৰূপনৰ বাবে পৰিয়ালটো বৰ্তমানে যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। কোনো ব্যক্তিয়ে শিশুটিৰ সন্ধান পালে ৯৮৬৪৯৩০৮৬৯, ৯৪০১১৭২২৫৮ নম্বৰত যোগাযোগ কৰি পৰিয়ালক জনাবলৈ অনুৰোধ জনাইছে৷

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

বোকাজান

দেশত তৃতীয় লক ডাউন পূৰ্ণ গতিত অব্যাহত থকাৰ সময়ত ৰাজ্যৰ আন্তঃৰাজ্যিক সীমান্ত খুলি দিয়াত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱা দেওবাৰৰ পৰা মঙলবাবকে তিনিটা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ প্রায় ১১০০ লোকে প্ৰৱেশ কৰে। বিভিন্ন কাৰণত নাগালেণ্ড, মণিপুৰত আশ্ৰয় লোৱা এইসকল লোক লকডাউনৰ বাবে আবদ্ধ হৈ আছিল। বোকাজান মহকুমা আৰক্ষী বিষয়া জ’ন দাসৰ  নেতৃত্বত খটখতি আৰক্ষী থানাৰ আৰক্ষীয়ে দিনে নিশাই সীমান্তত নিষ্ঠাৰে নিজৰ কৰ্তব্য অব্যাহত ৰাখি এই সকল লোকক স্বাস্থ্য পৰীক্ষা কৰাই হাতত ষ্টাম্প মাৰি স্বগৃহলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখযোগ্য যে অসমৰ পৰা বৰ্হিৰাজলৈ যাবলগীয়া যিকোনো লোকৰ অনুমতি পত্ৰ উলিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’লে তেওঁলোকক প্ৰয়োজনীয় অনুমতি পত্ৰ যোগান ধৰাৰ বাবে বোকাজান মহকুমা আৰক্ষীয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত নাজিৰা

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত হ’ল নাজিৰা

নাজিৰা

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জনাৰণ্যত পৰিণত হ’ল নাজিৰা আৰু শিমলুগুৰি নগৰ। ইয়াৰ লগে লগে জনসাধাৰণ, যানবাহন আৰু মুকলি হোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানে নাজিৰা মহকুমাটোলৈ স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি অহাৰ ইংগিত দিলে। কিন্তু ইয়াৰ মাজতো কেতবোৰ বেমেজালি আৰু দিনটোক কেন্দ্ৰ কৰি গভীৰ শংকা। তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীন জ’ন অঞ্চলসমূহৰ বাবে বিশেষ কেতবোৰ শিথিলতা প্ৰদান কৰা হৈছিল যদিও মঙলবাৰে নাজিৰা আৰু শিমলুগুৰি নগৰত দেখা গ’ল আন এক পৰিস্থিতি। ব্যৱসায়িক মহলৰ মাজত দেখা পোৱা গ’ল চৰম অনিশ্চয়তা৷ কোনে কি খুলিব, কোনে কি নুখুলিব এনে এক বিমোৰত নগৰ দুখনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰ বিশৃংখল ৰূপত আধা খোলা, আধা বন্ধ অৱস্থাৰ সৃষ্টি হয়৷ সাধাৰণভাৱে চৰকাৰী নিৰ্দেশনা ব্যৱসায়িকভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত প্ৰশাসনো বিমোৰত পৰে। এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিয়াৰ পাছত সেই এক তৃতীয়াংশ ব্যৱসায়িক প্ৰতিষ্ঠান কোনে নিৰ্ধাৰণ কৰিব, তাকেলৈ এক বেমেজালি সৃষ্টি হয়৷ আনহাতে স্বাভাৱিক দিনৰ দৰে নগৰ দুখনত পুৱাৰ ভাগৰ পৰা দেখা যায় ব্যক্তিগত যানবাহনৰ মুকলি চলাচল। এনে ক্ষেত্ৰত স্বাভাৱিকতে নগৰ দুখন জনাৰণ্যত পৰিণত হয়। তেনে পৰিস্থিতিত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, দণ্ডাধীশ ক্ৰমে অদিতি বৰ্মণ, সুজাতা গগৈ, ৰাজীৱ সোণোৱাল তথা মহকুমা প্ৰশাসনৰ তৎপৰতাত মঙলবাৰৰ পৰা নাজিৰা আৰু শিমলুগুৰি নগৰ দুখনত সুশৃংখলিতভাৱে দোকান পোহাৰ খোলাৰ সঠিক পদক্ষেপ গ্ৰহণ কৰে।