Home Blog Page 3465

ধলাত লকডাউনৰ মাজতেই নিৰ্মাণ কৰা ৫০ মিটাৰ বাঁহৰ দলং উদ্বোধধন কৰিলে লুৰীণজ্যোতি গগৈয়ে

ধলাত ৫০ মিটাৰ বাঁহৰ দলং উদ্বোধধন কৰিলে লুৰীণজ্যোতি গগৈয়ে

ডিৰাক সীমান্ত

তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আজোখা আৰু সোণাৰী গাঁও সংযোগী ধলা নদীৰ ওপৰত দলং লকডাউনৰ সময়চোৱাত ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত সাজি উলিয়ালে ৫০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং৷  চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শ্ৰমদানেৰে নিৰ্মাণ কৰিছে উলিয়াইছে এই দলংখন৷ ৰাইজে স্থানীয় বিধায়কগৰাকীক বাৰম্বাৰ আৱেদন-নিবেদন জনাইছিল যদিও কোনো সঁহাৰি নিদিলে স্থানীয় বিধায়কগৰাকীয়ে৷ ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ বাবে শদিয়াৰ বিধায়কৰ আসনখন দখল কৰা বলীন চেতিয়াই অঞ্চলটোৰ বাবে কোনো কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাইজে নিৰ্মাণ কৰি উলিওৱা দলংখন বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে উদ্বোধন কৰি প্ৰতিগৰাকী শ্ৰমদাতালৈ কৃতজ্ঞতা জনাই স্থানীয় বিধায়কগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে৷ উল্লেখ্য যে বাৰিষা সময় চোৱাত মৰণত শৰণ দি কলৰ ভূৰত উঠি মেগেলা উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰীসকলে। ভূৰত উঠি পাৰাপাৰ হ’ব লগীয়া হোৱা স্থানত আজোখা গাঁৱৰ ৰাইজৰ উদ্যোগত সোনাৰী গাঁৱৰ ৰাইজৰ সহযোগত এখন কাঠ-বাঁহৰ দলং সাজি উলিওৱাত অতি কমেও ১০-১২ খন গাঁৱৰ ৰাইজৰ বহু দিনীয়া অভাৱ পুৰণ হ’ল৷ স্মৰ্তব্য যে সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মেগেলা সমষ্টিৰ সদস্যগৰাকীয়ে এখন কাঠৰ টুলুঙা নাৱৰ ব্যৱস্থা কৰি দিছিল যদিও নিম্ন মানদণ্ডৰ কাঠেৰে তৈয়াৰী নাওখন মাত্ৰ কেইদিনমানতে নষ্ট হয়৷ লকডাউনৰ সময়চোৱাত আবদ্ধ হৈ পৰা ৰাইজে কাঠ-বাঁহৰ লগতে নগদ ধন সংগ্ৰহ কৰি সামাজিক দুৰত্ব বজাই ৰাখি নাহৰ কাঠৰ খুঁটা দি ওপৰত দুজাপকৈ বাঁহৰ কামি বৈ এখন মজবুট দলং সাজি উলিয়ালে৷ প্ৰায় এক লাখৰো অধিক মূল্যৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনেৰে এতিয়া চাইকেল, মটৰচাইকেল অবাধে পাৰ হ’ব পৰা হোৱাত ৰাইজৰ বাবে বহু দীঘলীয়া বাট তেনেই চমু হৈ পৰিল৷

লেখাপানীত হাতী খেদিবলৈ গৈ মোমায়েকে সাজি থোৱা বিদ্যুতৰ ফান্দত লাগি ভাগিনীয়েকৰ মৃত্যু

বনৰীয়া হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি ভাগিনীয়েকৰ মৃত্যু।

লিডু

তিনিচুকীয়া জিলাৰ লেখাপানীত বনৰীয়া হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি ভাগিনীয়েকৰ মৃত্যু। উল্লেখ্য যে প্ৰায় এমাহ ধৰি জাগুন তথা লেখাপানী অঞ্চলত নিতৌ দিনে নিশাই সমানেই বন্যহস্তিৰ মুক্ত বিচৰণত আতঙ্কিত হৈ অনিশ্চয়তাৰ জীৱন অতিবাহিত কৰিব লগীয়ত পৰিছে অঞ্চলবাসী। বন্যহস্তিয়ে নিতৌ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মানুহৰ বাসগৃহ। এই পৰ্যন্ত বনৰীয়া হাতীয়ে এই অঞ্চলত কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰি যোৱা ১৫ এপ্ৰিলৰ দিনা দল বাহাদুৰ তামাং নামৰ এজন ৭০ বছৰীয়া ব্যক্তিৰ প্ৰাণ লৈছিল। জানিব পৰা মতে উক্ত অঞ্চলত মঙলবাৰে পিছ নিশা দুটা বনৰীয়া হাতী কথা বনাঞ্চলৰ পৰা ওলাই আহি ৩ নং উদয়পুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছিল। হাতী ওলোৱাৰ সম্ভেদ পায় উক্ত অঞ্চলৰে কথা পাখা গাঁৱৰ চন্দ্ৰ বাহাদুৰ  মাঝি নামৰ ব্যক্তিজনে হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি মৃত্যু মুখত পৰে। দীৰ্ঘদিনিয়া হাতীৰ সন্ত্ৰাস আৰু হাতীৰ আক্ৰমণ ৰুধিবলৈ মোমায়েক গুপ্ত মাঝিয়ে নিজৰ পথাৰত বিদ্যুতৰ ফান্দ সাজি থৈছিল বুলি গোপনীয় সূত্ৰে জানিব পৰা গৈছে। ফলত নিশা হাতী খেদিবলৈ গৈ ভাগিন চন্দ্ৰ বাহাদুৰ মাঝি বিদ্যুতৰ তাঁৰত লাগি অকাল মৃত্যুক সাৱটি ল’ব লগা হ’ল। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল মোমায়েক গুপ্ত মাঝিয়ে। কিন্তু মৃতদেহৰ গাত থকা স্পষ্ট দাগৰ পৰা অনুমান কৰিব পাৰি যে চন্দ্ৰ বাহাদুৰ মাঝি বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু ঘটে। উল্লেখ্য যে সাংবাদিকৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে যদিও পৰিয়ালৰ লোক মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে। শেষত ঘটনা স্থলীত লেখাপানী আৰক্ষী উপস্থিত হৈ এই ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে  মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মন কৰিব লগা যে পৰিয়ালৰ লোকে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰথমে অমান্তি হৈছিল যদিও আইনৰ মেৰপাকত পৰি পাছত সন্মতি প্ৰদান কৰিবলৈ বাধ্য হয়।

নগাঁৱত শিল্পীক অসম চলচিত্ৰ সমাজ, বেংক অৱ বৰোডাৰ সাহায্য

অসমৰ শিল্পীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম চলচিত্ৰ সমাজ আৰু বেংক অৱ বৰোডা ।

নগাঁও

লকডাউনৰ বাবে উপাৰ্জনহীন হৈ পৰা অসমৰ শিল্পীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম চলচিত্ৰ সমাজ আৰু বেংক অৱ বৰোডা। নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অভিনেতা যতীন বৰা, বিশিষ্ট ছবি পৰিচালক ড° পাৰ্থজিৎ বৰুৱা, মানস বৰুৱা, কৃষ্ণমণি নাথ আদি বহু শিল্পীৰ উপস্থিতিত বুধবাৰে ৮০গৰাকী শিল্পীক প্ৰদান কৰা হয় সাহায্য। আনহাতে পৰৱৰ্তী পৰ্যায়ত অসমৰ সকলো জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ ২৯ বছৰীয়া মুখবধিৰ যুৱক নিৰুদ্দেশ

গৌৰীপুৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ মুখবধিৰ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোত এক শোকৰ ছাঁ পেলাইছে৷ ঘটনাৰ বিৱৰণী মতে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়তৰ এলেকাধীন গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ স্থায়ী বাসিন্দা আজাদ আলীৰ ২৯ বছৰীয়া মুখবধিৰ পুত্র আজি প্ৰায় পাঁচ মাহ ধৰি নিৰুদ্দেশ হৈ আছে৷ উল্লেখ্য যে একে থানা এলেকাত থকা বালাজান গাঁৱত উক্ত যুৱকজনে মাতৃৰ লগত আলহী খাই গেৰামাৰী পঞ্চম খণ্ড গাঁৱত থকা নিজ গৃহ লৈ উভতি অহাৰ পিছ দিনা অৰ্থাৎ আঘোণ মাহৰ শেষৰ দিন দেউবাৰৰ দিনা পুনৰ বালাজান গাঁও লৈ যাত্রা কৰে যদিও আজি লৈকে উক্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰিব লৈ পৰিয়ালটোৱে সক্ষম হোৱা নাই। উক্ত যুৱকজনৰ কোনো লোকে সন্ধান লাভ কৰিলে ৯৩৬৫৭১৮৬৭৭ নম্বৰত ফোন যোগে যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে৷ 

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

ডিৰাক

সীমান্তসমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। দেশত ল’ক ডাউনৰ ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়বোৰ।ছাত্ৰ-ছাত্ৰীসকল যাতে অধ্যয়নৰ পৰা আঁতৰি নাযায় বৰঞ্চ পঢ়াৰ প্ৰতি আগ্ৰহী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত বুধবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুমেচাই গাঁৱৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীক বহী আৰু কলম প্ৰদান কৰে৷ লগতে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি আৰু পঢ়াৰ ক্ষেত্ৰত কেনেদৰে  মনোযোগ দিব লাগে তাৰ বিষয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয় সহকাৰী শিক্ষক দেবেন চেতিয়াই অৱগত কৰে৷ সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটি আঁত ধৰে সদৌ মৰাণ ছাত্ৰ-সন্থা, ডিৰাক আঞ্চলিক সমিতিৰ সভাপতি চৌবিক মৰাণে। অনুষ্ঠানটিত উপস্থিত থাকে বৃন্দাবন মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বীপেন গোহাঁই, সহকিৰী শিক্ষক অতিষ্ঠ দহোতীয়া,  গোর্খা ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম ছেত্ৰী৷

গোলাঘাটত কোৱাৰেণ্টাইন কক্ষৰ পৰা পলাল ব্যক্তি

গোলাঘাটত কোৱাৰেণ্টাইন কক্ষৰ পৰা পলাল ব্যক্তি

গোলাঘাট

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা ঘটিল এক অঘটন। যোৱা ১ মে’ত বোকাখাত চিকিৎসালয়ৰ পৰা ক’ভিড-১৯ সন্দেহত মুকুল মিত্ৰ নামৰ এজন লোকক প্ৰেৰণ কৰিছিল গোলাঘাটৰ চিকিৎসালয়লৈ। কোৱাৰেণ্টাইন কক্ষত যাৱতীয় পৰীক্ষা চলি থকা লোকজন মঙলবাৰে নিশা চিকিৎসালয়খনৰ পৰা পলায়ন কৰে। জানিব পৰা মতে, পশ্চিম বংগৰ এই  লোকজনৰ যোৱা ৩ মে’ত হোৱা প্ৰথমটো ক’ৰ’ণা পৰীক্ষাত নিগেটিভ ফলাফল আহিছিল যদিও আৰু  পৰীক্ষা বাকী আছিল। তেনে সময়তে লোকজন চিকিৎসালয় কৰ্তৃপক্ষৰ  চকুৰ আৰ হৈ এনেকৈ পলায়ন কৰা কাৰ্যত সমগ্ৰ চিকিৎসালয়খনত এতিয়া এক হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।

নগাঁৱত চোৰাং কাঠ জব্দ

নগাঁৱত মঙলবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে

নগাঁও

লকডাউনৰ মাজতেই নগাঁৱৰ কঠিয়াতলীৰ নেপালী খুঁটিত বন বিভাগে অভিযান চলাই মঙলবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। কাৰ্বি আংলং পাহাৰৰ পৰা হৰেন বৰা নামৰ এজন ব্যক্তিয়ে আনি মজুত ৰাখিছিল কাঠখিনি। স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে হৰেন বৰাৰ ঘৰৰ সমীপৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় কাঠখিনি। ইপিনে বন বিভাগৰ লোক উপস্থিত হোৱাত পলায়ন কৰে হৰেন বৰা। জব্দ কৃত কাঠখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ’ব বুলি বন বিভাগৰ সুত্ৰই জানিবলৈ দিছে।

লকডাউনৰ সুযোগ লৈ একাংশ পাচলি ব্যৱসায়ীৰ লুণ্ঠন : জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যতকৈ তিনিগুণ মূল্যবৃদ্ধি প্ৰতি কেজি পাচলিত

নাজিৰা

 সম্প্ৰতি ক’ৰ’ণাতংক তথা লকডাউনৰ আতংকময় পৰিস্থিতিৰ মাজতেই নাজিৰা মহকুমাবাসী জনগণক পদে পদে খেদিছে শাক-পাচলি তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আতংকই৷ চৰকাৰ তথা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চূড়ান্ত অসহায়তাৰ মাজতেই নাজিৰা মহকুমাৰ সাধাৰণ ৰাইজৰ বাবে ক’ৰ’ণা মহামাৰীতকৈ অধিক ভাবুকি আৰু আতংকৰ কাৰণহৈ পৰিছে একাংশ শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ী।আলু, পিয়াঁজ, দাইল, চেনি, মিঠাতেল, আটা, ময়দাৰ মূল্য যাতে লকডাউনৰ সময়ছোৱাত কোনো কাৰণতেই যাতে মূল্য বৃদ্ধি নাপায় তাৰ বাবে চৰকাৰ-প্ৰশাসনে যি দৰে তৎপৰতা প্ৰদৰ্শন কৰি আহিছে, তাৰ বিপৰীতে একাংশ ব্যৱসায়ীক নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বৰ্তমান নাজিৰা মহকুমাত এনে ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে। জনা মতে, শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে দুবাৰকৈ শাক-পাচলিৰ মূল্য নিৰ্ধাৰণেৰে এখন তালিকা ৰাজহুৱা কৰা হ’ল যদিও একাংশ পাচলি ভেণ্ডৰে ৰেড জ’নৰ স্থানৰ পৰা কম মূল্যত শাক-পাচলি আনি নাজিৰা মহকুমাটোৰ প্ৰান্তে প্ৰান্তে নিজৰ খেয়াল খুচিমতে মূল্য নিৰ্ধাৰণ কৰি মুনাফা আদাৰ কৰাৰ লগতে সৰ্বসাধাৰণ জনগণক এক প্ৰকাৰে লুণ্ঠন অব্যাহত ৰাখিছে। যি সময়ত লকডাউনৰ বাবে সাধাৰণ শ্ৰমজীৱী জনগণৰ উপাৰ্জন বন্ধহৈ পৰাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সময়ত নাজিৰা মহকুমাত শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰতি কেজি মূল্য প্ৰশাসে নিৰ্ধাৰণ কৰা তালিকাতকৈ তিনিগুণ বেছি হোৱাত সৰ্বসাধাৰণ জনগণৰ চকু কপালত তুলিছে৷ এই ক্ষেত্ৰত মহকুমা প্ৰশাসন তথা নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালত কৰাত প্ৰান্তে প্ৰান্তে জনগণে ক্ষোভ উজাৰিছে৷ তদুপৰি শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ আৰু অসাধু লুণ্ঠনকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তাৎক্ষণিক টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে৷

খাটিখোৱা শ্ৰমিকক মাস্ক বিতৰণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

চাহ শ্ৰমিকক মাস্ক বিতৰণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

ডিমৌ

ক’ৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে লৈছে বিভিন্ন সাৱধানতামূলক ব্যৱস্থা। কিন্তু বাদ পৰি ৰৈছে চাহ শ্ৰমিকসকল। সেয়ে ডিমৌত আটছাৰ উদ্যোগত প্ৰতি দিনাই নিজৰ ভাতমুঠি মোকলাবলৈ প্ৰখৰ ৰ’দত বাগানত পাত চিঙাত ব্যস্ত থকা শ্ৰমিকসকলক একোটাকৈ মাস্ক বিতৰণ কৰে সংগঠনটোৱে। লগতে  ডিমৌ আটছাৰ সম্পাদক বিশ্ব নাগে  শ্ৰমিকসকলৰ মাজত সজাগতাৰ উদ্দেশ্যে হাত  ধুৱাৰ কৌশল, চাফ চিকুনতাৰ বিষয়ে বিতংকৈ বুজাই দিয়ে। তদুপৰি সমাজকৰ্মী শিৱ ভদ্ৰাই জানিবলৈ দিয়ে যে বাগানৰ লাইনে লাইনে ছেনিটাইজেশ্বনৰ এক প্ৰক্ৰিয়াও বুধবাৰৰ পৰা আৰম্ভ কৰা হ’ব৷

নাজিৰা, শিমলুগুৰি নগৰত এক তৃতীয়াংশ দোকান খোলাৰ ব্যৱস্থা : ৰেড জ’নৰ পৰা অহা ৯ জনৰ পৰীক্ষাৰ ফলাফল ঋণাত্মক

নাজিৰা

 কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ নিৰ্দশনাৱলী সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা নিয়মবোৰ মানি চলি নাজিৰা মহকুমা প্ৰশাসনে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া  কবিতা কাকতি কোঁৱৰ, দণ্ডাধীশ ক্ৰমে অদিতি বৰ্মণ, সুজাতা গগৈ, ৰাজীৱ সোনোৱাল তথা প্ৰশাসনীয় বিষয়াসকলৰ নেতৃত্বত দুয়োখন নগৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানবোৰ পদ্ধতিগতভাৱে দৈনিক এক তৃতীয়াংশকৈ খোলাৰ ব্যৱস্থা কৰি দিয়ে। সেই মৰ্মে বুধবাৰে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নাজিৰা আৰু শিমলুগুৰি নগৰৰ দোকানবোৰ খোলাৰ ব্যৱস্থা হৈছে। ইফালে দুয়োখন নগৰতে ফাৰ্মাচী, কিতাপ আৰু গেলামালৰ দোকানবোৰ প্ৰতিদিনে পুৱা  ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত জনসাধাৰণে সামাজিক দূৰত্ব আৰু চৰকাৰী নিৰ্দেশনা মানি কভিড-১৯ ক’ৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ তথা নিৰ্দ্ধাৰণ কৰা সময় অনুসৰি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আৰু বিনা কাৰণত ৰাজপথত বিচৰণ নকৰিবলৈ নাজিৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনাইছে৷ আনহাতে যোৱা সময়ছোৱাত ৰেড জ’ন হিচাপে পৰিগণিত হোৱা বঙাইগাঁও জিলাৰ পৰা আহি নাজিৰা আৰু শিমলুগুৰি নগৰ এলেকাত অৱস্থান কৰা ৯ জনকৈ লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু এই আটাইকেইজনৰে স্বাস্থ্য পৰীক্ষাৰ ফলাফল ঋণাত্মক বুলি নাজিৰা মহকুমা প্ৰশাসনৰ হৈ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ সোণোৱালে এক বিবৃতি যোগে সদৰী কৰিছে৷