Home Blog Page 3493

কোভিড- ১৯ পজিটিভ দেৱৰাজ আচাৰ্যকলৈ চাঞ্চল্য গ্ৰাম্য কামৰূপত

বাইহাটা চাৰিআলি

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত এজনৰ দেহত ক’ৰ’ণা পজিটিভ পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনত আতংকময় পৰিবেশ বিৰাজ কৰিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, কৰ্মসূত্ৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত ভাড়া ঘৰত বসবাস কৰা দেৱৰাজ আচাৰ্য নামৰ কোভিড-১৯ পজিটিভ লোকজন যোৱা ৬ মে’ তাৰিখে পশ্চিম বংগৰ শিলিগুৰিৰ পৰা গুৱাহাটীলৈ আহিছিল৷ ঘটনাৰ বিৱৰণী মতে, প্ৰকৃততে কলকতাৰ বাসিন্দা দেৱৰাজ আচাৰ্যই পৰিয়ালসহ শিলিগুৰিৰ চাৰ্চ ৰোডৰ ভাড়া ঘৰত বসবাস কৰে তথা কামৰূপ জিলাৰ মদনপুৰস্থিত টাটা টি কনজুমাৰ প্ৰডাক্ট নামৰ কোম্পানীটোৰ কৰ্মচাৰী সূত্ৰে মদনপুৰৰ ৰূপেশ্বৰ দাস নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী এগৰাকীৰ ঘৰহ ভাড়া থাকে৷ তৃতীয় পৰ্যায়ৰ লকডাউন কিছু শিথিল হোৱাৰ পিছত যোৱা ৬ মে’ তাৰিখে শিলিগুৰিৰ পৰা দুই বন্ধু সহ ডব্লিউবি ৭৪ এএইচ ৪৭৪৭ নম্বৰৰ ইন’ভা গাড়ীখন নিজে চলাই গুৱাহাটীত উপস্থিত হৈছিল৷ গুৱাহাটীৰ সৰুসজাইস্থিত কোৱাৰেণ্টাইন গৃহত তিনিওগৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি কোৱাৰেণ্টাইন কৰাৰ নিৰ্দেশ দিছিল চিকিৎসকে৷ কিন্তু ৰহস্যজনকভাৱে তেজ পৰীক্ষাৰ ফলাফল আহি নোপোৱাকৈ লোকজনে দুই বন্ধু সহ উপস্থিত হয় মদনপুৰত৷ ইফালে বৃহস্পতিবাৰে নিশাৰ ভাগত চিকিৎসা কৰ্মী আৰু আৰক্ষীৰ লোকে দেৱৰাজ আচাৰ্যক সৰুসজাই কোৱাৰেণ্টাইন গৃহলৈ লৈ যায় তথা তেওঁৰ দুই বন্ধু পশ্চিম বংগৰ গৌতম মিশ্ৰ আৰু বিটু গোপেক কামৰূপ জিলাৰ শিঙিমাৰী চিকিৎসালয় কোৱাৰেণ্টাইন গৃহত ৰখাৰ ব্যৱস্থা কৰে৷ ইফালে শুকুৰবাৰে আৰক্ষী প্ৰশাসন আৰু চিকিৎসা বিভাগৰ কৰ্মী আহি মদনপুৰস্থিত দুমহলীয়া আবাস গৃহটো চীল কৰে৷ এই ঘৰটোত থকা অন্য আবাসীসকলকো কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ আনহাতে দেৱৰাজ আচাৰ্যৰ সৈতে এটা আৱাসত একেলগে থকা অন্য আঠজন ব্যক্তিক ৰঙিয়া আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছে৷ এই আঠজন ক্ৰমে কোচবিহাৰৰ পংকজ বৰ্মন (২২), বিহাৰৰ ৰাম প্ৰৱেশ পণ্ডিত (৩২), চৰাইদেউ জিলাৰ ধ্ৰুৱ কোঁৱৰ (৩১), ৰাজু বৰুৱা (৩০) আৰু বিজু বৰুৱা(৩০), পশ্চিম বংগৰ অৰূপ কুমাৰ চৰ্দাৰ (২৭), উত্তৰপ্ৰদেশৰ সমীৰণ ভট্টাচাৰ্য (২৫) আৰু কোচবিহাৰৰ ৰাহুল বৰ্মণ(১৮)৷ আনহাতে আৱাসিক এলেকাটোৰ ৰান্ধনী মদনপুৰৰ সোমে নাথ আৰু তেওঁৰ পুত্ৰ উৎপল নাথকো ১০৮ যোগে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে৷

প্রধানমন্ত্রী কৃষক সম্মান নিধি যোজনাৰ হিতাধিকাৰীৰ কেলেংকাৰী : ভুৱা কৃষকৰ তালিকাৰে ভৰি পৰিছে সাহায্যৰ তালিকা

ডিৰাক সীমান্ত

কেন্দ্ৰীয় চৰকাৰৰ এশ শতাংশ অনুদানেৰে ৰূপায়িত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সাহায্যৰ নামত ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ চৰকাৰে প্ৰকাশ কৰা তালিকা দেখি চকু কপালত উঠিছে সচেতন মহলৰ লগতে প্ৰকৃত কৃষকসকলৰ। ভুৱা কৃষকৰ তালিকাৰে ভৰি পৰিছে সাহায্যৰ তালিকা৷ ফলত বঞ্চিত হৈছে প্ৰকৃত কৃষক৷ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং সৰুমেচাই, ২ নং সৰুমেচাই, ৩ নং সৰুমেচাই, ১ নং সৰুডিৰাক, ২ নং সৰুডিৰাক আদিকে ধৰি প্ৰায় প্ৰতিখন গাঁৱৰ বিপৰীতে প্ৰকাশ পোৱা তালিকাত অলেখ অপৰিচিত অৰ্থাৎ অস্তিত্বহীন কৃষকৰ নাম সন্নিবিষ্ট হৈছে। এনে কৃষকৰ নাম তালিকাত কোনে অন্তৰ্ভুক্ত কৰিলে সেয়া এক ডাঙৰ ৰহস্য। এই বিয়াগোম কেলেংকাৰীৰ আঁৰত এটা যে এক বৃহৎ চক্ৰ জড়িত হৈ আছে সেয়া নিশ্চিত। এই আঁচনিৰ অধীনত কৃষকলৈ ৬০০০ টকাৰ বাৰ্ষিক অনুদান আগবঢ়োৱা হয়। প্ৰকৃত কৃষক ৰাইজক বঞ্চিত কৰি অস্তিত্বহীন লোক লোকক নিৰ্বাচন কৰা হৈছে হিতাধিকাৰী হিচাপে  https://pmkisan.gov.in/Rpt_BeneficiaryStatus_pub.aspx এই লিংকত গৈ নিজ গাঁৱৰ কৃষকৰ তালিকাখন দেখি স্তম্ভিত হৈছে সচেতন মহলে। এই সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ তদন্ত হলে জালত পৰিব চৰকাৰৰ বিয়াগোম বিষয়া কৰ্মচাৰী সেয়া নিশ্চিত।

ক’ৰ’ণা বাছ! আজমেৰৰ পৰা অহা বাছত ৭ আক্ৰান্ত : অসমত ৫৭ লৈ বৃদ্ধি ক’ভিড আক্ৰান্ত

গুৱাহাটী

 দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পিছত গণ সংক্ৰমণ হ’ল ৰাজস্থানৰ আজমেৰ দৰগাহ ফেৰতৰ মাজত।যোৱা দুই মে’ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৪৬ জনক কঢ়িয়াই অনা দুখন বাছ উপস্থিত হৈছিল শিলচৰত। এই বাছত ফৰিদুল ইছলাম নামৰ গাড়ী চোৰ এটাৰ জৰিয়তে ক’ৰ’ণা বিয়পিল। নিজৰ পৰিচয় গোপন কৰি বিশ্বনাথৰ ফৰিদুল পালেগৈ কাছাৰ। বৃহস্পতিবাৰে এই বাছত অহা চাৰিজন ক’ৰ’ণাক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে একেখন বাছৰ তিনি যাত্ৰীও আক্ৰান্ত হৈছে। অন্য প্ৰায় দুকুৰীজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে সকলোকে শিলচৰ মেডিকেল কলেজত ৰখা হৈছে। ইফালে গুৱাহাটীত কালি চাৰিজন ক’ৰ’ণাক্ৰান্ত ওলাইছে। ইয়াৰে এগৰাকী হ’ল জিএমচিএইছৰ চিকিৎসক ডাঃ লিথিকেশ দি এছ।আন তিনিগৰাকী হ’ল বাইহাটাৰ দেবৰাজ আশ্চাৰ্য, খাৰঘূলিৰ বৰদা দাস আৰু বিৰুবাৰীৰ দিপীকা নাথ।ইয়াৰে দিপীকাৰ আক্ৰান্তৰ তথ্য সদৰী হৈছে মৃত্যুৰ পিছতহে। এনেকৈয়ে ৰাজ্যত ক’ৰ’ণাক্ৰান্তৰ সংখ্যা হৈছেগৈ ৫৬ জন। সুস্থ হৈছে ৩৪, মৃত্যু ২, হাস্পতালত আছে ২১ জন। 

জিএমচিৰ অধীক্ষকসহ ঌ চিকিৎসক, ৩৮৬ জনক কোৱাৰেণ্টাইন : কোৱাৰেণ্টাইনৰ অধীনত ৫ টা স্থান, ৰে’ড জ’ন হ’ব নেকি মহানগৰ গুৱাহাটী?

গুৱাহাটী

গুৱাহাটী মহানগৰ ৰে’ড জ’নৰ অধীনলৈ যাব নেকি? চাৰি ক’ৰ’ণাক্ৰান্ত ধৰা পৰাৰ লগতে এজনৰ মৃত্যুৰ পিছত উত্থাপিত হৈছে এই কথা। শুকুৰবাৰে জিএমচিএইছৰ এক আৰু পাঁচ নং ছাত্ৰাবাস, লখৰা অঞ্চলটো, চানমাৰী-খাৰঘূলিৰ অমিয়া নগৰ,বি বৰুৱা কেন্সাৰ চিকিৎসালয় আৰু বেলতলাৰ ইএছআই হাস্পাতাল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। আনহাতে দহ মে’লৈ নতুন ৰোগী ভৰ্তি কৰা নহয়৷ অহা তিনিদিনলৈ জিএমচিএইছ আৰু ইএছআই হাস্পতালত ৰোগী ভৰ্ত্তি কৰা নহয়।এক নং আৰু পাঁচ নং ছাত্ৰাবাসৰে সম্পৰ্ক আছে ক’ৰ’ণাক্ৰান্ত ডাঃ নিথিকেশ ডি এছৰ। অমিয়া নগৰত থাকে ক’ৰ’ণাক্ৰান্ত বৰদা দাস। মৃত ক’ৰ’ণাক্ৰান্ত দিপীকা নাথৰে সম্পৰ্ক আছিল ইএছআই হাস্পতাল, বি বৰুৱা কেন্সাৰ হাস্পতাল আৰু লখৰা অঞ্চল।আনজন আক্ৰান্ত দেবৰাজ আশ্চৰ্য বাইহাটাৰ বাসিন্দা আৰু তেওঁৰহে ভ্ৰমণ কৰাৰ তথ্য আছে।বাকীকেইজনৰ ভ্ৰমণৰ তথ্য নাই। দিপীকাৰ আইতাক মালতী বাছফৰ বি বৰুৱা হাস্পতালৰ চাফাইকৰ্মী আছিল। যোৱা চাৰি মে’ত দিপীকাই বি বৰৱা হাস্পতালত চেলাইন লৈছিল। ইএছআইচি হাস্পতাললৈ দিপীকা গৈছিল৷ এনেকৈয়ে মহানগৰীত চাৰি আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৩৮৬ জনক কোৱাৰেন্টাইন কৰা হৈছে৷ ইয়াত জিএমচিএইছৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ঌ চিকিৎসক, কেবাগৰাকী নাৰ্ছ, কৰ্মচাৰী আদিও আছে। আনহাতে এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মহানগৰত শিশু, জ্যেষ্ঠ নাগৰিক আদিৰ অবাধ আহ-যাহ হৈছে। এই কথা চিন্তনীয়। দোকান খোলাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰণ কৰা নাই।লকডাউনৰ সকলো নীতি ভংগ কৰিছে একাংশই।এই কাৰ্য অতিশয় চিন্তনীয় বুলি তেওঁ আঙুলীয়াই দিয়ে।এনেকৈয়ে খোদ মহানগৰীতে ক’ৰ’ণাক্ৰান্ত বৃদ্ধি হোৱা আৰু লকডাউনৰ নীতি ভংগ কৰাৰ হেতুকে ৰে’ড বা অৰেঞ্জ জ’নলৈ পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে৷

তেজুৰপৰা ৫ দিন খোজকাঢ়ি জামুগুৰি পালেহি তিনি শ্রমিক : তিনিমাহ কাম কৰাই এটকাও নিদিলে ঠিকাদাৰে

জামুগুৰিহাট

ক’ৰ’ণা মহামাৰীয়ে সর্বত্ৰ বিভীষিকাৰ সৃষ্টি কৰাৰ মুহূর্তত বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত এখন ট্রাকত তিনিজন যুৱক আহি জামুগুৰিহাটৰ মাজমজিয়াত উপস্থিত হোৱা এক ঘটনাই অঞ্চলটোৰ সচেতন মহলত শংকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সন্ধ্যা ৬ বজাৰ পৰা বলবৎ হৈ থকা সান্ধ্য আইনৰ সময়ত এইদৰে গাড়ীৰ পৰা নামি নিজ গৃহলৈ যাব বিচৰা যুৱক কেইজনক দেখি সন্দেহ ওপজাত ডেকাসুন্দৰ গাঁৱৰ সচেতন তিনি যুৱক ক্রমে মিংকু কলিতা, পবিত্র বৰুৱা আৰু হেমন্ত হাজৰিকাই যুৱক কেইজনক আবদ্ধ কৰি প্রশ্ন কৰাত এক হৃদয়বিদাৰক কাহিনী সন্মুখলৈ আহে৷ উক্ত যুৱক কেইজন ক্রমে জামুগুৰিহাটৰ বকুলৰতলৰ শ্ৰীমন্ত ঠাকুৰীয়া (১৬), মাজগাঁৱৰ বিকি দাস (১৯) আৰু পানপুৰৰ ৰিংকল দাস৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা অৰুণাচল প্রদেশৰ তেজুস্থিত আইটিবিপি কেম্পত আটাইকেইগৰাকী শ্রমিক হিচাপে নিয়োজিত আছিল৷ আটাইকেইজন শ্রমিকক বঙালমৰাৰ ঠিকাদাৰ জনৈক হুছেইনে উক্ত শিবিৰত নির্মাণ কার্যৰ শ্রমিক হিচাপে নিযুক্তি দিছিল৷ শ্রমিক কেইজনে প্রায় তিনি মাহ কাম কৰাৰ পাছত লকডাউন আৰম্ভ হোৱাত কাম বন্ধ হৈ পৰে যদিও ঘৰলৈ অহাৰ কোনো ব্যৱস্থা নথকাত উক্ত শিবিৰতে আবদ্ধ হৈ পৰে৷ মনকৰিবলগীয়া যে ঠিকাদাৰ  হুছেইনে এই শ্রমিকসকলক মাহে ১২,০০০ টকাকৈ পাৰিতোষিক দিয়াৰ বন্দবস্তিৰে কামত নিয়োজিত কৰিছিল যদিও কাম আৰম্ভ হোৱাৰ পৰা তিনি মাহ ওকলি যোৱাৰ পাচতো এটকাও নিদি লকডাউন আৰম্ভ হোৱাৰ পৰা যোগাযোগো বন্ধ কৰি দিয়ে৷ ইপিনে শ্রমিক কেইগৰাকীৰ হাতত নিয়া টকাকেইটাও  শেষ হোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত যোৱা ৪ তাৰিখৰ পৰা খোজ কাঢ়ি নিজ গৃহলৈ উভতি আহে৷ সম্পুর্ণ ৫ দিন খোজ কাঢ়ি কালি পুৱা নাৰায়ণপুৰত উপস্থিত হৈ সৌভাগ্যক্রমে এখন ট্রাকত উঠি সন্ধ্যা জামুগুৰি পাইহি৷ যুৱককেইজনৰ তথ্য অনুসৰি নাৰায়ণপুৰত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও মাত্র এজনৰ স্বাস্থ্য পৰীক্ষাৰ প্রমাণপত্র পোৱাৰ বিপৰীতে আন এজনৰ হাতত ষ্টাম্প পোৱা যায়৷ এনে ত্রুটিপুর্ণ স্বাস্থ্য পৰীক্ষা দেখি আবদ্ধ কৰি ৰখা যুৱককেইজনে তাৎক্ষণিকভাৱে জামুগুৰি আৰক্ষী নিবেশৰ লগত যোগাযোগ কৰাৰ লগতে জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্রৰ স্বাস্থ্য বিষয়া ডাঃ হৰেন শইকীয়াৰ লগতো যোগাযোগ কৰে৷ স্বাস্থ্য বিষয়াগৰাকীৰ পৰামর্শক্রমে পৰৱর্তী সময়ত স্বাস্থ্য কেন্দ্রলৈ নি স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ১৪ দিনৰ বাবে স্ব-গৃহত আবদ্ধ হৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ পৰা নির্দেশ জাৰি কৰা৷ মন কৰিবলগীয়া যে এইদৰে যদি নিশাৰ ভাগত অন্য ৰাজ্যত থকা লোকসকল আহি সকলোৰে অজ্ঞাতে নিজ গৃহলৈ প্রত্যাৱর্তন ঘটিছে তেন্তে অঞ্চলটোত এক ভয়াবহ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিব৷ জানিবপৰা মতে জামুগুৰি কেন্দ্রস্থলত গাঁওৰক্ষী বাহিনীৰ ব্যৱস্থা আছে যদিও  নিশাৰ ভাগত তেওঁলোকক দেখা নাযায়৷ আনহাতে পূর্বতে জামুগুৰি ব্যৱসায়ী সন্থাৰ নিজাকৈ নৈশ প্ৰহৰাৰ ব্যৱস্থা আছিল যদিও সেই ব্যৱস্থাও বর্তমান অচল৷ এনে সময়ত নিশাৰ ভাগত বাছ আস্থানৰ আশে-পাশে অাৰু গাঁওবোৰত প্রহৰাৰ ব্যৱস্থা গ্রহণ নকৰিলে সমগ্র ৰাজ্যতে ক’ৰ’ণাই ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি ৰাইজে সন্দেহ প্রকাশ কৰিছে৷

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

জামুগুৰিহাট

সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই দেশত ঘোষণা কৰা হ’ল লকডাউন৷ এই লকডাউনৰ সময়চোৱাত দেশৰ লগতে ৰাজ্যৰ বহুতৰে জীৱন শৈলী সলনি হোৱা দেখা পোৱা গ’ল৷ লকডাউনৰ বাবেই দোকান পোহাৰ বন্ধ হৈ পৰাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু লোকৰেই পূৰ্ৱৰ জীৱন জীৱিকাৰ বৃত্তি সলনি হোৱা পৰিলক্ষিত হয়৷ জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ ৰঞ্জিত শইকীয়া নামৰ উদ্যমী যুৱকগৰাকী ইলেক্ট্ৰনিকছৰ সামগ্ৰীৰ দোকানৰ লগত জড়িত হৈ বিগত বছৰ বছৰ ধৰি পৰিয়াল পোহপাল দি আহিছিল৷ আনৰ দোকানত থাকি সুন্দৰকৈ দোকান পৰিচালনা কৰি জামুগুৰিহাটৰ এগৰাকী চিনাকি যুৱক হৈ পৰা ৰঞ্জিত শইকীয়া লকডাউনৰ পিছতেই হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী৷ কিয়নো লকডাউনৰ বাবে এমাহৰো অধিক কাল দোকান বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিয়াৰ দিশত ৰঞ্জিত সন্মুখীন হ’বলগীয়া হ’ল যথেষ্ট প্ৰত্যাহবানৰ৷ বৰভগীয়াস্থিত নিজ বাসগৃহৰ সন্মুখতে নিজৰ ঘৰৰ লগতে গাঁৱৰ অন্যান্য কৃষকৰপৰা শাক-পাচলি ক্ৰয় কৰি আনি ৰঞ্জিতে ৰাজ্যত “জনতা কাৰ্ফিউ” আৰম্ভ হোৱা দিনটোৰপৰাই সাধাৰণকৈ আৰম্ভ কৰিছিল শাক পাচলিৰ ব্যৱসায়৷ এগৰাকী থলুৱা যুৱকহৈও নিজৰ আত্ম-সন্মানৰ খাতিৰতে হওক নতুবা অন্য কাৰণতে হওক পূৰ্ৱে নকৰা এনে ব্যৱসায়ত হাত দি এতিয়া কিন্তু যথেষ্ট আনন্দিত এইগৰাকী যুৱক ৰঞ্জিত শইকীয়া৷ বৰ্তমান ঘৰৰ পদুলীতে সৰুকৈ চাংঘৰসদৃশ এটি ঘৰ সাজি ৰঞ্জিতে পুৱাৰপৰা বিয়লিলৈকে বহুসংখ্যক গ্ৰাহকক শাক-পাচলি বিক্ৰী কৰা এগৰাকী ব্যৱসায়ী৷ যাৰ জৰিয়তে ৰঞ্জিতে বৰ্তমান নিশ্চিন্তমনেৰে পোহপাল দিব পাৰিছে পৰিয়ালটিৰ লগতে সন্তানকো৷ ৰঞ্জিতৰ মতে আমাৰ যুৱকসকল প্ৰত্যেকেই কাম কৰাৰ সামৰ্থ আছে কিন্তু লাজ আৰু আত্ম সন্মানত আঘাত পাই বুলি কৰিম বুলি ভাবিলেও পিছ হুহকি আহো আমিবোৰ সকলোৱেই৷ মোৰো প্ৰথমাৱস্থাত লাজ আৰু শংকা উপজিছিল কিন্তু লাহে লাহে মই ভাবি ল’লো মোৰ পৰিয়ালটোৰ কথা, মোৰ সন্তানটিৰ কথা৷ টসেয়ে আজি মই কেতিয়াও নকৰা এই কাম কৰিবলৈ বাধ্য হ’লো আৰু সকলোৰে সঁহাৰী পাইছো৷ আমাৰ যুৱকসকল আগবাঢ়ি আহিলে আমিও পথাৰ আৰু বজাৰ দখল কৰাৰ সামৰ্থ আছে৷ জামুগুৰিহাটৰ ৰঞ্জিতৰ দৰেই যদি সকলোৱে মনত এনে ভাৱধাৰা লৈ আগবাঢ়ি যায় নিশ্চয়কৈ ৰাজ্যৰ থলুৱা যুৱকসকল আনৰ ওপৰত ভৰষা কৰাৰ পথ ত্যাগ কৰি পথাৰ আৰু বজাৰ দখল কৰা দিশত সফল হ’ব বুলিয়েই আশা কৰিব পাৰি৷

বিধায়ক পদ্মৰ “কন্যকা” দেখি অভিভূত মন্ত্ৰীদ্বয় অতুল বৰা-ফণীভূষণ চৌধুৰী : জামুগুৰিহাটত মতা মাছ, মাইকী মাছ চিনি পোৱাৰ অভিজ্ঞতা লাভ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই একক প্ৰচেষ্টাৰে গঢ় দিয়া বিশাল “কন্যকা কৃষি পাম”খন কালি পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

জামুগুৰিহাট

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত প্ৰায় দুহেজাৰো অধিক কৃষি ভূমিক সামৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই একক প্ৰচেষ্টাৰে গঢ় দিয়া বিশাল “কন্যকা কৃষি পাম”খন কালি পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত ফলে-ফুলে জাতিষ্কাৰ হৈ থকা বিশাল কৃষি পামখন পৰিভ্ৰমন কৰি অভিভূত হৈ পৰে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী দুগৰাকী৷ জৈৱিক পদ্ধতিৰে উৎপাদিত কৰা বিভিন্ন শাক-পাচলিৰ লগতে বিশুদ্ধ গাখীৰ, মাছ-মাংসৰ উপৰি অসমীয়া জাতীয় সাজপাৰ উৎপাদনৰে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজাৰ দখল কৰি এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা “কন্যকা কৃষি পাম”ৰ নতুন সংযোজন হিচাপে বৈজ্ঞানিক পদ্ধতিৰে থলুৱা মাছৰ পোনা উৎপাদনৰ শুভাৰম্ভ কৰাৰ বাবে কালি বিয়লিৰ ভাগত উপস্থিত হৈছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী দুগৰাকী৷ প্ৰায় দুঘণ্টাৰো অধিক সময় ধৰি কৃষি পামখনত উপস্থিত থাকি দুয়োগৰাকী মন্ত্ৰীয়ে পামখনৰ উৎপাদিত প্ৰতিটো বস্তুৱেই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে পামখনত কিদৰে জৈৱিক পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰা হৈছে আৰু ইয়াত নিয়োজিত হৈ থকা শিক্ষিত যুৱকসকলে কিদৰে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি ল’বলৈ সক্ষম হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে৷ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত অৱস্থিত এই কৃষি পামখন পৰিদৰ্শন কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা উৎফুল্লিত আৰু অভিভূত হৈ পৰে৷ ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে “কন্যকা” পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে জীয়াভৰলীৰ পাৰত বিধায়ক পদ্মৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত গঢ়লৈ উঠা “কন্যকা” কৃষি পামখন হৈছে অসমৰ অৰ্থনীতিৰ এক সম্পদ৷ চতিয়া সমষ্টিত গঢ় লৈ উঠা কৰ্ম সংস্কৃতিৰ মূলতে হ’ল এই “কন্যকা” কৃষি পাম৷ ইয়াত কিদৰে জৈৱিক পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰা হৈছে, মৎস্য উৎপাদন কৰা হৈছে, ষ্ট্ৰ’বেৰিৰ দৰে ফলৰ উৎপাদন কৰা হৈছে সেয়া চাই নগ’লে পাম খনৰ বিষয়ে অনুমান কৰা হয়টো কঠিন৷ “কন্যকা”ৰ লগত জড়িত প্ৰতিজন ব্যক্তি অসমৰ বাবে অনুকৰণীয় বুলি উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে অনাগত দিনত পামখনৰ উন্নয়নৰ বাবেই আৰ্থিক অনুদানো আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে৷ ইফালে “কন্যকা”ৰ নতুন সংযোজন বৈজ্ঞানিক পদ্ধতিৰে থলুৱা মাছৰ পোনা উৎপাদনৰ বাবে লোৱা পদক্ষেপৰ শুভাৰম্ভ কৰি যোগান মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে মাছক নিজ হাতৰে বেজী দিয়াৰ লগতে যোগান মন্ত্ৰীগৰাকীয়ে জীৱনত প্ৰথমবাৰৰ বাবে “কন্যকা”লৈ আহি মতা মাছ, মাইকী মাছ চিনি পোৱাৰ অভিজ্ঞতা লাভ কৰিলে বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে৷ “কন্যকা” ভ্ৰমনলৈ অহা ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী দুগৰাকীক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজে সংগ দি “কন্যকা” পৰিভ্ৰমণ কৰোৱাৰ লগতে সাংবাদিকৰ আগত কয় যে “কন্যকা”ত এইবাৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰায় পাঁচ কোটি মাছৰ পোনা উৎপাদনৰ লক্ষ্য লৈছে আৰু এই মাছৰ পোনাবোৰ “কন্যকা”ৰ নিজস্ব পুখুৰীৰ লগতে চতিয়া সমষ্টিৰ অন্তৰ্গত ২০ খনকৈ গাঁও পঞ্চায়তত গঠন কৰা ৪০০ আত্মসহায়ক গোটে এম জি এনৰেগা আৰু আই বি এছ আঁচনিৰ অধীনত খন্দোওৱা ৫০০ টা পুখুৰীত মাছৰ পোনাবোৰ পালন কৰি মাছ উৎপাদনৰ বিশাল লক্ষ্য লোৱা হৈছে৷ তদুপৰি চতিয়াৰ বিধায়কগৰাকীয়ে সম্প্ৰতি ক’ৰ’ণাই আনি দিয়া জটিল পৰিস্থিতিৰ বাবে ৰাজ্যৰ বাহিৰত থকা যিসকল সমষ্টিৰ যুৱক ঘৰলৈ উভতি আহিছে সেইসকলকো “কন্যকা”ৰ জড়িয়তে কিদৰে পুনৰ সংস্থাপনৰ বাট মোকলাই দিব পাৰি সেই সম্পৰ্কেও চিন্তা চৰ্চা অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে “কন্যকা” ভ্ৰমনৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী দুগৰাকীৰ লগত বিভাগীয় উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

হিতাধীকাৰীক ৰেচন কমকৈ দিয়াৰ অভিযোগ : তদন্তৰ দাবী সংগ্ৰাম পৰিষদৰ

খাৰুপেটীয়া

 দেশজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কভিদ-১৯ৰ ওপৰত লক্ষ্য কৰি ৰাইজৰ লগতে অসম চৰকাৰেও বিভিন্ন আঁচনিৰ যোগেদি দৰিদ্ৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে৷ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে সমবায় সমিতিৰ জৰিয়তে আগবঢ়োৱা সামান্য সাহাৰ্য্য কেইটাতো এচাম মধ্যভোগীয়ে লুন্ঠন চলাই অহাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে  লকডাউনৰ ফলত সৃষ্টি হোৱা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালকৰ সদস্যৰ প্ৰতি  ৫ কেজিকৈ বিনামূলীয়া চাউল যোগান ধৰি আহিছে যদিও চৰকাৰৰ উক্ত নিৰ্দেশক  অমান্য কৰি প্ৰতিজন হিতাধীকাৰীক নিদিষ্ট পৰিমাণত কৈ চাউল কমকৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ধূলা সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰূদ্ধে। ধূলা সমবায় সমিতিৰ অন্তৰ্গত আটাকাটা টাংনীঝাৰ গাঁৱৰ সুলভ মূল্যৰ দোকানী আলি আকবৰে ব্যাপক অনিয়ম সংঘটিত কৰা বুলি  অভিযোগ তুলিছে  হিতাধীকাৰীসকলে। অভিযোগ অনুসৰি সুলভ মূল্যৰ দোকানী আলি আকবৰে দীৰ্ঘদিনৰ পৰাই প্ৰত্যেকজন দৰিদ্ৰ হিতাধীকাৰী সকলক দুই-তিনি কেজি পৰ্যন্ত চাউল কমকৈ দি আহিছে। চতুৰ দোকানীজনে সাতজন পৰিয়াল থকা ব্যক্তিক পাবলগীয়া ৩৫ কেজি চাউলৰ ঠাইত ৩৩ কেজি চাউল দিয়ে যদিও হিতাধীকাৰীসকলৰ হাতত থকা বহীখনত ৩৫ কেজি বিতৰণ কৰা বুলি লিপিবদ্ধ কৰে। সুলভ মুল্যৰ সামগ্ৰী কমকৈ দিয়াৰ সন্দৰ্ভত হিতাধীকাৰীসকলে ধুলা সমবায় সমিতিৰ সম্পাদকক অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়ে দুৰ্নীতি গ্ৰস্থ সম্পাদকগৰাকীয়ে। ধুলা সমবায় সমিতিৰ অন্তৰ্গত অধিকাংশ সুলভ মূল্যৰ দোকানীয়ে চৰাঞ্চলৰ দৰিদ্ৰ তথা নিৰক্ষৰ লোকসকলৰ সামগ্ৰী  আত্মসাত কৰি ক’লা বজাৰত বিক্ৰী কৰি আহিছে দোকানীসকলে। কিয়নো যোৱা কিছুদিন আগতে ধুলা সমবায় সমিতিৰ সুলভ মূল্যৰ চাউল ডিলাৰ এজনে কলা বজাৰত বিক্ৰী কৰোতেই গাড়ীসহ ধৰা পৰিছিল ওন্দোলাঝাৰ গাঁৱত। এনে সন্ধিক্ষণত দুখীয়াৰ বাবে চৰকাৰে যোগান ধৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ সামগ্ৰী আত্মসাৎ কৰা কাৰ্যৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতি৷ উক্ত কাৰ্যত জড়িত সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰি  দুৰ্নীতিকাৰীক কঠোৰ শাস্তি দিবৰ বাবে জিলা উপায়ুক্তক দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙৰ উপ সভাপতি মহিদুল ইছলামে।

শিৱসাগৰ জিলাৰ হাঁহচৰাত মটৰ পথ দুৰ্ঘটনাত আহত ২

নাজিৰা

 শিৱসাগৰ জিলাৰ হাঁহচৰা দয়াচাৰিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন এছ ০৪ আৰ ৫৫৩০ নম্বৰৰ বাজাজ পালছাৰ আৰু আনখন এছ ০৪ এন ৩৯১৩ নম্বৰৰ হিৰ হাংক মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তুলসী গগৈ আনজন ৰাজীৱ বৰা আহত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজীৱ বৰাক স্থানীয় ৰাইজে ততাতৈয়াকৈ শিৱসাগৰস্থিত অ’এনজিচি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনজন তুলসী গগৈক পৰিয়ালৰ লোকে খেলুৱাস্থিত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ নিয়ে। অৱশেষত ঘটনাস্থলীত চেৰেকাপাৰ আৰক্ষী উপস্থিত হৈ মটৰ চাইকেল কেইখন থানালৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু আঘাতপ্ৰাপ্ত দুইয়োজন যুৱকৰ অৱস্থাৰ বিষয়ে জানিবলৈ চিকিৎসালয়লৈ যায় বুলি জানিব পৰা গৈছে৷

বাল্যবিবাহ : নাবালিকাক উদ্ধাৰ কৰি গতালে আৰক্ষীক চাইল্ড লাইনে

বাল্যবিবাহ : নাবালিকাক উদ্ধাৰ কৰি গতালে আৰক্ষীক চাইল্ড লাইনে

লংকা

 লকডাউনৰ মাজতেই লংকাৰ এখন বাল্যবিবাহক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হয়। পিছত বিয়াস্হলীৰ পৰা বিয়া সাজেৰেই দৰা-কইনাক আৰক্ষী থানালৈ লৈ অনা হয়। জানিব পৰা মতে, নগাঁৱৰ ননৈৰ যুৱক ৰাজীৱ শ‌ইকীয়াই (৩৫) হাবাইপুৰৰ গোঁসাই গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ  লগত শুকুৰবাৰে বিয়া পাতিবলৈ আহিছিল। উক্ত বাল্যবিবাহৰ খবৰ লংকা চাইল্ড লাইনে লাভ কৰি উদালী আৰক্ষীৰ সহযোগত ক‌ইনাৰ গৃহত উপস্হিত হৈ দৰা-কইনা দুয়োজনকে আৰক্ষী থানা লৈ আহে। পিছত কিশোৰীগৰাকীক চাইল্ড লাইনে শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰাৰ লগতে দৰা ৰাজীব শ‌ইকীয়াক আৰক্ষীয়ে আটক কৰে৷