Home Blog Page 746

লোকসভা নিৰ্বাচনে দেখুৱালে সিদ্ধান্ত কেৱল ৰাইজৰ হাতত…

অৱশেষত বহু জল্পনা-কল্পনাৰ শেষত প্ৰায় দেৰ মাহৰ ভোট যুদ্ধৰ অন্তত ভাৰতৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ অন্ত পৰিল। ৪ জুন তাৰিখে এই ভোট যুদ্ধৰ পৰিসমাপ্তি ঘটিল। লগে লগে অন্ত পৰিল নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্য কালৰ।ভবা হৈছিল এইবাৰৰ নিৰ্বাচনত পুনৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অভাৱনীয়সংখ্যক আসন লাভ কৰি বিজয় সাব্যস্ত কৰিব।ভবা হৈছিল নহয়, ভাবিবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু যোৱা ৪ জুনত ঘোষণা কৰা ফলাফলে অকল দেশবাসীকে নহয়, বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতৰ এই নিৰ্বাচনী ফলাফলে স্তম্ভিত কৰি তুলিলে সমগ্ৰ বিশ্বকে। কাৰণ এইবাৰৰ বিজেপিৰ নিৰ্বাচনী চমকে যেন পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি দেশত মোদী ঢৌ বিয়পাই দিছিল। কেৱল মোদীৰ মুখলৈ চাই ভোট দিবলৈ আহ্বান জনাই আহিছিল প্ৰত্যেকখন নিৰ্বাচনী সভাত বিজেপিৰ নেতা-কৰ্মীসকলে। নিৰ্বাচনক আগত ৰাখিয়েই বিজেপিয়ে খৰধৰকৈ অযোধ্যাত নিৰ্মাণ কৰিছিল ৰাম মন্দিৰ। হিতাধিকাৰীৰে দেশৰ জনতাক লোভনীয় আঁচনিৰে ওপচায় দিছিল। কাশ্মীৰৰ পৰা ৪০৭ আইন প্ৰত্যাহাৰ কৰিছিল। পূৰ্বৰ নিৰ্বাচনবোৰ যেনেদৰে মোগলৰ কথা কৈ, শৰাইঘাটৰ শেষ ৰণৰ কথা কৈ, মুছলমানৰ আগ্ৰাসনৰ কথা কৈ মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰি আহিছিল এইবাৰৰ নিৰ্বাচনত তেনে কোনো বিভাজনৰ ৰাজনীতিৰ পৰা শাসক দল বিজেপি আঁতৰত আছিল।

ইয়াৰ লগে লগে সকলো বিৰোধী দলক একপ্ৰকাৰ নস্যাৎ কৰাৰ ষড়যন্ত্ৰও অঘোষিতভাৱে চলি আছিল। কাৰণ আমি দেখিবলৈ পাইছিলো যে নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰীক আবকাৰী কেলেংকাৰিত গ্ৰেপ্তাৰ কৰা হৈছিল। কংগ্ৰেছ দলৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। আনহাতে, বহু নেতাক ইডি, চিবিআই আদিৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল অথবা হাৰাশাস্তি কৰা হৈছিল। নিৰ্বাচনৰ আগে আগে একাংশ মিডিয়াৰ জৰিয়তে এনেধৰণৰ প্ৰচাৰ চলোৱা হ’ল যে এইবাৰ বিৰোধী দলসমূহ একেবাৰে নিঃচিহ্ন হৈ যোৱা বুলিয়েই ভাবিবলৈ বাধ্য হৈছিল নাগৰিকসকলে। প্ৰায়বিলাক প্ৰচাৰ মাধ্যমেই এক্সিট প’লৰ জৰিয়তে বিজেপি তথা নৰেন্দ্ৰ মোদীৰ বিপুল সংখ্যক ভোটৰ ব্যৱধানত আৰু অভিলেখসংখ্যক আসনেৰে জয়লাভ কৰাৰ কথা ঘোষণা কৰা হৈছিল। গতিকে ভাৰতৰ সকলো নাগৰিকেই ভাবিছিল যে এইবাৰ পুনৰ দিল্লীৰ ৰাজপাটত বহিব নৰেন্দ্ৰ মোদী। কিন্তু ঘোষিত নিৰ্বাচনী ফলাফলে যেন সকলো ওলট-পালট কৰি দিলে। নিৰ্বাচনী সভাবোৰত ‘অবকী বাৰ ৪০০ পাৰ’ শ্ল’গানেৰে তালফাল লগোৱা বিজেপি দলটো এইবাৰ ৪০০তো বহুত দূৰতে থাকিল। ৩০০ৰ ঘৰো ঢুকি নাপালে। বিজেপি দলটোৱে এইবাৰ নিজাকৈ পালে মাত্ৰ ২৪০খন আসনহে। গতিকে বিজেপি দলটো হতাশ হোৱাটোৱেই স্বাভাৱিক। তাৰ বিপৰীতে নৱগঠিত ‘ইণ্ডিয়া’ মৰ্চাই ২৩৫খন আসনত বিজয় সাব্যস্ত কৰি সমগ্ৰ দেশত তীব্ৰ বেগত বৈ থকা মোদী লহৰ ৰোধ কৰাত চমকপ্ৰদ সফলতা লাভ কৰিলে। ৯৯খন আসন দখল কৰি কংগ্ৰেছ দলটোৱেও দেখুৱাই দিলে যে দলটোৰ সাংগঠনিক ভেটি এতিয়াও মজবুট। কাৰণ একাংশই সপোন দেখিছিল কংগ্ৰেছশূন্য ভাৰতৰ। চৰকাৰ গঠন কৰাৰ জোখাৰে ‘ইণ্ডিয়া’ই আসন পাবলৈ সক্ষম নহ’লেও কিন্তু নৈতিক বিজয় সাব্যস্ত কৰিলে বিৰোধীয়ে। আনহাতে, ৪০০ পাৰ কৰিব বুলি আত্মবিশাসী হৈ থকা বিজেপিয়েও চৰকাৰ গঠনৰ জোখাৰে আসন পাবলৈ সক্ষম নোহোৱাত তেওঁলোকেও এইবাৰ আনৰ সহায়তহে চৰকাৰ গঠন কৰিবলৈ ওলাইছে। অৰ্থাৎ ৯ জুনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অন্ধ্ৰৰ চন্দ্ৰবাবু নাইডু, বিহাৰৰ নীতিশ কুমাৰৰ সহযোগত চৰকাৰে শপতগ্ৰহণ কৰিলে। তৃতীয়বাৰলৈ আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী।


এইবাৰ নিৰ্বাচনত বহুকেইটা কথাই জনসাধাৰণৰ আগত স্পষ্ট হৈ পৰিল। মিথ্যাচাৰ আৰু দমন নীতিৰে কেতিয়াও লক্ষ্যত উপনীত হ’ব নোৱাৰি। মানুহক আজি আৰু প্ৰলোভনৰ ৰাজনীতিৰেও চলাব নোৱাৰি। আঁচনিৰে সাধাৰণ জনতাৰ বিবেকক জয় কৰিব নোৱাৰি আৰু বিভাজনৰ ৰাজনীতি কৰি অথবা ধৰ্মৰ নামত ভাগ ভাগ কৰি কেতিয়াও কোনো সফলতা আনিব নোৱাৰি। ইয়াৰ উদাহৰণ এইবাৰৰ নিৰ্বাচনতে স্পষ্টভৱে দেখিবলৈ পোৱা গ’ল। যি কংগ্ৰেছ দল এইবাৰৰ নিৰ্বাচনত ধূলিসাৎ হৈ যাব বুলি ভবা হৈছিল সেই দলটোৰ উত্থান হ’ল অভাৱনীয়ভাৱে। আৰু যিটো দল শাসনত থকাৰ উপৰি এইবাৰ ৪০০ আসন পাব বুলি দৃঢ় বিশ্বাসী আছিল সেই বিজেপিয়ে ২৪০খন আসনতে সীমাবদ্ধ হৈ থাকিবলৈ বাধ্য হ’ল। নিৰ্বাচনটোক গান-বাজনা, নাচি-বাগি যদিও চমক সৃষ্টি কৰিলে, সেই চমকত জনসাধাৰণ ভোল নগ’ল। এতিয়া যে একেখিনি মানুহেৰে বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ নেতা আনি ভাষণ দিলেই তেওঁলোকে ভোট লাভ কৰিব সেই কথা যেন এতিয়া অমতীত হ’বলৈ গৈ আছে। টকা, প্ৰলোভনৰ ৰাজনীতি আৰু নচলিব। হিতাধিকাৰীয়েও যেন এইবাৰৰ নিৰ্বাচনত সহায় নকৰিলে বিজেপি দলটোক। এইবাৰ নিৰ্বাচনে প্ৰমাণ কৰি দিলে অহংকাৰী, ভাষণৰ নামত ভুৱা আৰু অসংযত কথাৰে, তুচ্ছ-তাচ্ছিল্য কৰি অথবা আচহুৱা বডী লেংগুৱেজেৰে মানুহক দমন কৰিব পাৰিলেও অন্তৰ জয় কৰিব পাৰি। তেনে ৰাজনীতিৰ সময় উকলিল। জনতা জনাৰ্দনে সকলো বুজি পালে। নেতাৰ বহুৱালী আৰু বৰ বৰ ভাষণ শুনাৰ সময় নাই এতিয়া কাৰো। এটা মাত্ৰ উদাহৰণ- যোৰহাট মাত্ৰ এটা লোকসভা সমষ্টি। আন আন সমষ্টি যেনে তেনে এটা সমষ্টিয়েই হ’ল যোৰহাট সমষ্টি। কিন্তু হঠাতে সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চাৰ বিষয় হৈ পৰিল যোৰহাট সমষ্টি। যেন এইবাৰ সকলোৰে লক্ষ্য হৈ পৰিল যোৰহাট সমষ্টি। ইয়াৰ মূল কাৰণটোৱেই হৈছে- যোৰহাট সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লৈছে সততা আৰু নিষ্ঠাৱান যুৱ প্ৰতিনিধি কংগ্ৰেছৰ গৌৰৱ গগৈ। আনহাতে, গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ সাংসদ তপন গগৈ। বিজেপিয়ে হয়তো ভাবিছিল গৌৰৱ গগৈ জিকিবলৈ হ’লে অসমত কংগ্ৰেছৰ বৃহৎ উত্থান হ’ব আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ শক্তিশালী হৈ পৰিব অসমত। সেয়ে গৌৰৱ গগৈক পৰাজিত কৰিব কাৰণেই অসমৰ প্ৰায় মন্ত্ৰীসভাখনেই যেন উবুৰি খাই পৰিছিল যোৰহাটত। যোৰহাট সমষ্টিত বৰ্তমানৰ ১০টা সমষ্টিৰ এটা সমষ্টি তিতাবৰৰ বাহিৰে আটাইকেইটা সমষ্টিতে শাসকীয় বিজেপি দলৰে প্ৰতিনিধি আছিল। সেয়ে হয়তো বিজেপি অধিক আত্মবিশ্বাসী হে পৰিছিল। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে সেয়ে গৌৰৱ গগৈ যোৰহাটত জিকিলে ৰাজনীতিৰ পৰাই সন্যাস ল’ম বুলি সদম্ভে কৈ দিলে। আন এগৰাকীয়ে এইবাৰ পিতৃ অবিহনে গৌৰৱ গগৈয়ে জিকি দেখুৱাওক বুলিও সগৌৰৱে ঘোষণা কৰিলে। আন আন বিধায়ককেইগৰামানে তেওঁলোকৰ ষ্টাইলত গৌৰৱ গগৈ যে নিৰ্ঘাত হাৰিব তাৰেই উমান দিছিল। কিন্তু জনসাধাৰণ যে নিশ্চিন্তে সততাৰ পক্ষতে থিয় হৈ আছিল সেইটো কাৰো বোধগম্যই নহ’ল। এসময়ত মতা মাছ মাইকী মাছ চিনি নোপোৱা ল’ৰাটোৱে আজি বাঘৰ মুখৰ পৰা মাংস কাঢ়ি আনিব পৰা সাহস হ’ল। এয়া একমাত্ৰ সৰলতা, সহিষ্ণুতা, সততা আৰু বলিষ্ঠ নেতৃত্বৰ গুণতেই হৈছে। দম্ভ-অহংকাৰ এতিয়া আৰু কোনেও সহ্য নকৰে। এইবাৰৰ নিৰ্বাচন সেইটোৱেই প্ৰমাণিত হৈছে। গোটেই প্ৰচাৰ মাধ্যমটোকে একপ্ৰকাৰ ব্যৱহাৰ কৰিছিল শাসকীয় দলটোৱে কিন্তু কাৰ্যতঃ ফলাফল বিচৰা ধৰণে পাবলৈ সক্ষম নহ’ল। তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসী তৃতীয়বাৰৰ বাবে জয়লাভ কৰিলে যদিও পূৰ্বৰ তুলনাত এইবাৰ ভোটৰ সংখ্যা কমিল। ২০১৪ চনত ৩,৭১,৭৮৪টা আৰু ২০১৯ত ৪,৭৯,৫০৫ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল নৰেন্দ্ৰ মোদী। এইবাৰ তেওঁ লাভ কৰিলে মাত্ৰ ১,৫২,৫১৩টা ভোট। আনহাতে, কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ৰাইবেৰেলী আৰু ৱায়ানাদ সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিছিল।


উল্লেখ্য যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই খুব খৰধৰ কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ল। অথচ এই অযোধ্যাতে বিজেপিয়ে পৰাজয়বৰণ কৰিব লগা হ’ল। যিটো আছিল বিজেপিৰ বাবে ডাঙৰ আঘাত। আনহাতে, গান্ধী পৰিয়ালৰ সমষ্টি বুলিয়েই জনাজাত আমেথিত যোৱাবাৰ বিজেপিৰ স্মিতা ইৰাণীয়ে ৰাহুল গান্ধীক পৰাস্ত কৰি নিৰ্বাচনত জয়ী হৈ আহি মন্ত্ৰী পদ শুৱনি কৰিছিল। কিন্তু এইবাৰ সেইগৰাকী স্মিতি ইৰাণী আমেথিত পৰাজয় স্বীকাৰ কৰিব লগা হ’ল কংগ্ৰেছৰ হাতত। সেয়ে এইবাৰ নিৰ্বাচনত এটা কথা স্পষ্ট হৈ স পৰিল যে ভাৰতবৰ্ষৰ জনতাই নিজৰ ভোট সাব্যস্ত কৰিলে গণতন্ত্ৰ ৰক্ষা, সংবিধানৰ পক্ষত আৰু দম্ভ-অহংকাৰৰ বিপক্ষে। সামগ্ৰিক দৃষ্টিত এয়া মোদী চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰবল জনমত। বিগত দহ বছৰে শাসকপক্ষৰ দম্ভ-অহংকাৰক ভোটদাতা ৰাইজে একমুখে অস্বীকাৰ কৰিলে। তেওঁলোকৰ অহংকাৰ ইমানেই বাঢ়ি গৈছিল যে ‘কংগ্ৰেছমুক্ত ভাৰত’ শ্ল’গানৰ আৰু ওপৰলৈ গৈ ‘বিৰোধীমুক্ত ভাৰত’ গঢ়াৰ শ্ল’গান আওৰাবলৈ আৰম্ভ কৰিছিল। কিন্তু এটা ৰাইজে প্ৰমাণ কৰি দেখুৱালে যে যি দলৰে চৰকাৰেই নহওক কিয় সাংবিধানিক বিধি-ব্যৱস্থাক উলংঘা কৰাৰ সাহস যিয়ে কৰিবলৈ চেষ্টা কৰিব সেই দলকে শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱা হ’ব। ইমানৰ পিছতো তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰিলে সহযোগী দলৰ সহায়ত। আশা কৰিছো, পূৰ্বৰ কথা-কামৰ নিৰ্ভুল পৰ্যালোচনা কৰি এখন ধৰ্মনিৰপেক্ষ আৰু সুস্থ গণতন্ত্ৰ স্থাপনত অধিক গুৰুত্ব দিব। হিংসাৰে অন্তৰ জয় কৰা কাৰো বাবে সম্ভৱ নহয়। এইবাৰ মোদী মন্ত্ৰীসভাত অসমৰ দুগৰাকী সাংসদে স্থান লাভ কৰিছে। এয়া আমাৰ বাবে সু-খবৰ। আশা ৰাখিছো তেওঁলোকে অসমৰ সৰ্বাংগীণ উন্নয়নত অধিক গুৰুত্ব দিব। সকলোকে সন্মানসহকাৰে চাব। এয়া আশা। অসম তথা ভাৰতবৰ্ষৰ ভোটাৰ ৰাইজকো ধন্যবাদ যে কোনো প্ৰলোভন, ভয়-ভাবুকিৰ পৰা মুক্ত হৈ নিজৰ স্থিতিত অটল থাকি ভোটদান কৰিলে। এতিয়া সময় দলতকৈ প্ৰাৰ্থীগৰাকীৰ কৰ্মদক্ষতাৰ ওপৰতহে গুৰুত্ব দিয়াৰ। তোষামোদৰ ৰাজনীতিৰ পৰা মুক্ত হোৱাৰ।

বস্ত্ৰ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই…

অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক পৰিক্ৰমা দপ্তৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাবে দায়িত্ব লাভ কৰিছে। সেইমৰ্মে মঙলবাৰে পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ উপস্থিতিত মাৰ্ঘেৰিটাক প্ৰাক্তন কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পীয়ুষ গোৱেলে ফুলৰ থোপাৰে আদৰণি জনায়। ড. এই অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব ৰচনা শ্বাহৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

মোদী মন্ত্ৰীসভাত স্থান লাভ সমাজৰ বিভিন্ন শ্ৰেণীৰ মন্ত্ৰীৰ…

মোদীৰ মন্ত্ৰীসভাত ২৭গৰাকী অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), দহগৰাকী অনুসূচিত জাতি (এছচি), পাঁচগৰাকী অনুসূচিত জনজাতি (এছটি) আৰু পাঁচগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰীৰ স্থান লাভ কৰিছে। মোদী ৩.০ মন্ত্ৰীসভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক প্ৰতিনিধিত্ব কৰিব পৰাকৈ মন্ত্ৰী ৰখা হৈছে। সেই মৰ্মে মোদীৰ মন্ত্ৰী পৰিষদত ২৭গৰাকী অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), দহগৰাকী অনুসূচিত জাতি (এছচি), পাঁচগৰাকী অনুসূচিত জনজাতি (এছটি), আৰু পাঁচগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰী ৰখা হৈছে।

ধৰি সামাজিক গোটৰ বহল প্ৰতিনিধিত্ব থাকিব। অভিলেখ ১৮ জন জ্যেষ্ঠ মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ নেতৃত্ব দিব। দেওবাৰে ৰাষ্ট্ৰপতি ভৱনৰ লনত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ কৰোৱায়।

ধিং শাখা কবি সন্মিলনৰ কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্ধনা আৰু কবিমেল…

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ সক্ৰিয় শাখা ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ উদ্যোগত ৯ জুনত এক সম্বৰ্ধনা অনুষ্ঠান আৰু মাহেকীয়া কবিমেল অনুষ্ঠান সম্পন্ন হয়। ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়াৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভণি ঘটা অনুষ্ঠানত উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই সম্পাদক পল্লৱী শৰ্মাই। ইয়াৰ পাছতেই নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত ধিং অঞ্চললৈ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত অঞ্চলটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰপ্ৰাপক দুগৰাকী ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত ৯১ নম্বৰ প্ৰাপক, ধিং কে.বি মহাবিদ্যালয়ৰ ছাত্ৰী মানসী শইকীয়া আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত ৯৪ নম্বৰ প্ৰাপক, খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰী কৃষ্টি নাথক অনুষ্ঠানত সন্মানপত্ৰ আৰু মানবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে নাৰী কল্যাণ পৰিষদৰ তৰফৰ পৰা ইনপাইৰিং মাদাৰ এৱাৰ্ড সন্মান অনামিকা ভঁৰালীলৈ আগবঢ়োৱা হয়। ইয়াৰ পাছতেই অনুষ্ঠিত কবিমেলত প্ৰায় ত্ৰিশ গৰাকী কবিৰ কবিতা পাঠৰ লগতে দীপা বৰাই গীত পৰিবেশন কৰে। উল্লেখযোগ্য যে অনুষ্ঠানত ধিং আঞ্চলিক কবি সন্মিলনৰ বিষয়ববীয়া সকলৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, বিপুল বৰা, প্ৰদীপ কুমাৰ দে চৰকাৰ, বোধেন নাথকে প্ৰমূখ্য কৰি ভালেকেইজন গণ্য-মান্য লোক উপস্থিত থাকে। শেষত কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি ঘটে।

বিদ্যালয় নহয় যেন পাচলিৰ বাৰীঃ মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ত নান্দনিক পৰিৱেশ…

মুকালমুৱাৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গঢ় লৈ উঠা পাচলি খেতিয়ে মন মুহিছে সকলোৰে। চালে চকু ৰৈ যোৱা এক নান্দনিক পৰিৱেশ।বিদ্যালয়খনত বিদ্যাতয়নিক শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থী সকলক দিয়া হৈছে ব্যাৱহাৰিক শিক্ষা।বিদ্যালয়খনত এক নান্দনিক পৰিৱেশৰ মাজত শিক্ষাৰ্থী সকলক দিয়া হয় পাঠদান। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এখন বিদ্যালয়ত গঢ় লৈ উঠা ব্যতিক্ৰমী পৰিবেশে মোহিত কৰিছে সকলোৰে মন। চালে চকু ৰৈ যাব আপোনাৰো। নলবাৰী জিলাৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দুই বিঘাতকৈ অধিক ভূমিত বিধে বিধে লগোৱা হৈছে পাচলিৰ খেতি।পানী লাও,ৰঙালাও, জিকা , ছাল কোমোৰা , তিয়হ , ভেন্দি ,জলকীয়াৰ লগতে বিবিধ পাচলিৰে ভৰপুৰ। বিদ্যালয় খনৰ পাচলি বাৰীত লমালমে লাগিছে পাচলি। চকু থৰ হৈ ৰোৱা পৰিৱেশ এতিয়া বিদ্যালয় খনত।

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক কৃষিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যেই বিদ্যালয় কৰ্তৃপক্ষই এনেদৰে কৰিছে এই কৃষি কাৰ্য্য। বিদ্যালয় চৌহদত উৎপাদিত এই পাচলি সমূহ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা হয়।বিদ্যাতয়নিক শিক্ষাৰ লগতে বিদ্যালয়খনত ব্যৱহাৰিক শিক্ষা দিয়া হয় ছাত্ৰ ছাত্ৰী সকলক।ইফালে ইয়াৰ লগতে বিদ্যালয় খনত কৃষিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ যো- জা চলাইছে।ইয়াৰ উপৰিও ৬০০ তকৈ অধিক ছাত্র ছাত্ৰী থকা বিদ্যালয়খনৰ চৌহদৰ দেৱালত লিখিছে বহু মহৎ লোকৰ বাণী যিয়ে আকৃষ্ট কৰে বিদ্যালয়খনলৈ অহা অভিভাৱকৰ লগতে বিদ্যালয়খনৰ সমূখেৰে পাৰ হৈ যোৱা পথচাৰীকো। ১৯৬২ চনতে স্থাপিত বিদ্যালয়নে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি।

নিশা ঘৰৰ ভিতৰতে কোনে গুলিয়ালে সুন্দৰী যুৱতীক…

শান্তিপূৰ্ণ ডিফু চহৰত যুৱতীক গুলিয়াই হত্যা। নিশা ১:৩০ বজাত দুই ভগ্নীৰ লগত শুই থকা অৱস্থাত দুৰ্বৃত্তই মূৰত গুলিয়াই হত্যা কৰে।

ডিফুৰ পাৰ্শ্বৱৰ্তী ১২ নং ৱাৰ্ডৰ তিছু বস্তিৰ আৰলং লাংছত সংঘটিত ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিফুৰ স্থানীয় বিধায়ক বিদ্যা সিং ইংলেং, ডিফুৰ সংসদ অমৰ সিং তিছু, CEM তুলিৰাম ronghang য়ে। প্ৰশাসন আৰু আৰক্ষীক দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবীৰ লগতে নিৰ্দেশ দিয়ে।

গোগামুখ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভঃ ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীল কৰিবলৈ বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন…

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোগামুখ মহাবিদ্যালয়ত সোমবাৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ হৈছে৷পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উপলক্ষে সোমবাৰে গোগামুখ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়খনৰ সভাগৃহত এখনি সভা আয়োজন কৰা হয়৷ উক্ত সভা আদৰণি ভাষণ দি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই নতুনকৈ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা সকলো নৱাগতক আদৰণি জনাইছোঁ৷

সোমবাৰৰ পৰা নৱাগতসকল আমাৰ পৰিয়ালৰ একো একোজন সদস্য হ’ব৷ আমাৰ পৰিয়ালৰ সদস্য হোৱাৰ লগে লগে আমাৰ মহাবিদ্যালয়ৰ নীতি-নিয়ম মানি চলিব লাগিব৷ ড° ঝাই কয়-সম্প্ৰতি নিচা জাতীয় সামগ্ৰীয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰিছে৷ সামাজিক মাধ্যমৰ  অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ মহাবিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে নিচা জাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব৷ মহাবিদ্যালয়খনত অত্যধিক ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব৷ইয়াৰ অন্যথা অনুশিসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আমি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ উপযোগী  হোৱাকৈ পৰ্যাপ্ত পৰিমাণে সুবিধা দিবলৈ চেষ্টা কৰিম৷ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত উপস্থিত থকাৰ লগতে পাঠগ্ৰহণত অসুবিধা হ’লে বা নুবুজা  বিষয় থাকিলে শিক্ষকসকলক পোনপটীয়াকৈ সুধিব পাৰিব বুলিও ড° ঝাই ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান  কাৰ্যসূচী শুভাৰম্ভৰ লগত সংগতি  মহাবিদ্যালয়খনত আজিৰে পৰা গোগামুখ কলেজ কোপাৰেটিভ ছ’চাইটিৰ অধীনত পৰিচালিত হ’বলগা  ব্যৱসায়ীক কাৰিকৰী কৌশলৰ প্ৰশিক্ষণৰ কেন্দ্ৰটো আজি শুভাৰম্ভ কৰা হয়৷

শুভাৰম্ভ কৰে সভাখনৰ মুখ্য অতিথি তথা গোগামুখ বণিজ সন্হাৰ সভাপতি পদ্মেশ্বৰ পেগুৱে৷  গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনত বণিজ সন্হাৰ সভাপতি পদ্মেশ্বৰ পেগুৱে কয়- কেৱল চৰকাাৰী আঁচনি বা চৰকাৰী চাকৰি আশা কৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব নালাগে৷ বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰ, কৃষিক্ষেটো নিজকে নিয়োজিত কৰিবলৈ প্ৰচেষ্টা চলাব লাগে৷ আজি-কালি নিজৰ শৈক্ষিক জীৱন সমাপ্ত কৰিলেই চৰকাৰী চাকৰি আশা কৰিব নোৱাৰি৷ গতিকে শৈক্ষিক জীৱন চলি থাকোঁতে নিজৰ পাৰদৰ্শিতা অনুযায়ী বিভিন্ন দিশৰ স্বাৱলম্বীৰ কৌশলবোৰ শিকি যাব লাগে আৰু শৈক্ষিক জীৱন সমাপ্ত হোৱাৰ লগে লগে নিজৰ স্বাৱলম্বিতাৰ ৰাস্তাও মুকলি হ’ব৷ ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিৰ কাৰণেও নিচিন্ত মনে চেষ্টা কৰি থাকিব পাৰিব বুলি তেওঁ দোহাৰে৷ উল্লেখনী  গোগামুখ মহাবিদ্যালয়ে আজি আৰম্ভ কৰা ব্যৱসায়িক কৌশল কাৰ্যসূচী ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনৰ কৌশল বিকাশ আঁচনিৰ অন্তৰ্গত৷ ইয়াত থাকিব চিলাই মেচিন, বিউটি পাৰ্লৰ, শাক-পাচলিৰ  ক্ৰয়-বিক্ৰয়ৰ প্ৰশিক্ষণ৷ মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীয়ে চিলাই মেচিন প্ৰশিক্ষণৰ বাবে আনুষ্ঠানিকভাৱে নামভৰ্ত্তি কৰে৷ সভাৰ দুয়োটা কাৰ্যসূচীৰে আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা চয়নিকা হাজৰিকাই৷ সভাত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ উপাধ্যক্ষ  পৰেশ দলে,  মুৰব্বী  অধ্যাপক দিগন্ত কাকতি, ভৰত শইকীয়া, মুখ্যনাথ টাইদ, সহযোগী অধ্যাপক অনিমা শইকীয়া, দিপালী গগৈ আৰু ড° অমৰজ্যোতি দলেয়ে৷

১০ জুলাইত ৭খন ৰাজ্যৰ ১৩খন বিধানসভাৰ আসনত উপ-নিৰ্বাচন, ঘোষণা নিৰ্বাচন আয়োগৰ…

দেশত ঘোষণা কৰা হ’ল উপ-নিৰ্বাচনৰ দিন। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ১০ জুলাইত ৭ খন ৰাজ্যৰ ১৩খন বিধানসভাৰ খালী আসনত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

সেইমৰ্মে বিহাৰ (১খন আসন), পশ্চিম বংগ (৪), তামিলনাডু (১), মধ্যপ্ৰদেশ (১), উত্তৰাখণ্ড (২), পঞ্জাব (১), আৰু হিমাচল প্ৰদেশ (৩)। ভোট গণনা ১৩ জুলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিধানসভাৰ উপ-নিৰ্বাচনৰ সম্পূৰ্ণ সময়সূচী এনে ধৰণৰ-অধিসূচনা জাৰি: ১৪ জুন,মনোনয়ন দাখিলৰ শেষ তাৰিখ: ২১ জুন, মনোনয়নৰ পৰীক্ষণ: ২৪ জুন,প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ: ২৬ জুন,নিৰ্বাচনৰ তাৰিখ: ১০ জুলাই,ফলাফল: ১৩ জুলাইত ঘোষণা কৰা হ’ব।

বিসম্বাদ আৰম্ভ! কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি গোটৰ…

মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ পূৰ্বেই মোদী ৩.০ মন্ত্ৰীসভাত বিসম্বাদে গা কৰি উঠাৰ উকমুকনিয়ে দেখা দিছে। মোদীয়ে দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। মোদীৰ সৈতে আন ৭২ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিলে। কিন্তু শপতগ্ৰহণৰ পিছতে আৰম্ভ হৈছে মন্ত্ৰিত্বকলৈ বিসম্বাদ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাক নতুন মন্ত্ৰী পৰিষদত মন্ত্ৰিত্বৰ দিয়াৰ বিপৰীতে এনচিপিৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ফৈদে ভবা ধৰণে লাভাৱান্বিত নোহোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে।

সেয়ে এনচিপিৰ অজিত পাৱাৰৰ ফৈদে ৰাজ্যিক মন্ত্ৰী পদৰ প্ৰস্তাৱ নাকচ কৰিছে। মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে পাৱাৰ আৰু এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল তথা সুনীল তাটকাৰেক সৈ সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে ফাডনৱিছে সাংবাদিকক কয় যে বিজেপিয়ে এনচিপিক এটা ৰাজ্যিক মন্ত্ৰীৰ পদ দিছে। কিন্তু এনচিপিয়ে কেবিনেট পদ বিচাৰিছে। পাৱাৰৰ ফৈদে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিখন আসনৰ ভিতৰত মাত্ৰ এখন আসনত জয়ী হোৱাৰ বিপৰীতে সিন্দেৰ শিৱসেনাই ১৫খন আসনৰ ভিতৰত ৭খন আসনত জয়ী হ’বলৈ সক্ষম হৈছে।এনচিপিয়ে ৰাজ্যিক মন্ত্ৰীৰ পৰিৱৰ্তে কেবিনেট মন্ত্ৰীহে বিচাৰিছে।

চাহৰ দোকান খুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হেমপ্ৰভা বিশ্বাসে…

কলিয়াবৰত চৰ্চাত হেমপ্ৰভা বিশ্বাস। হেমপ্ৰভাইয়ে চাহৰ দোকান সকলোৰে খুলি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ সৰুসজাই বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লৈছিল।সৰুসজাই বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লৈ লাভ কৰা পইচাৰে হেমপ্ৰভাই এখন চাহৰ দোকান খুলিছে। চাওক ফটো…

এই বিশেষ ফটোখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, ‘কিছুমান ভাললগা খবৰে মন ভৰাই তোলে৷ শ্ৰীহেমপ্ৰভা বিশ্বাস এগৰাকী স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী৷ কলিয়াবৰৰ হাটবৰৰ হেমপ্রভাই আমাৰ চৰকাৰে বৃহৎ পৰিসৰত সৰুসজাইত আয়োজন কৰা আমাৰ প্ৰাণস্পন্দন বিহুৰ অভিলেখ সৃষ্টিকাৰী বিহুনাচ পৰিৱেশনত অংশ লৈছিল৷ আমাৰ চৰকাৰে অংশগ্ৰহণকাৰীসকলক মাননি হিচাপে কিছু ধন প্ৰদান কৰিছিলোঁ৷ভাল লগা কথা এইটোৱে যে হেমপ্রভাই সেই ধনৰ ব্যৱহাৰ কৰিলে স্বাৱলম্বন হ’বলৈ৷ ছাত্ৰীগৰাকীয়ে এখন ক্ষুদ্ৰ দোকানৰ আৰম্ভণি কৰিলে৷ মাতৃৰ সৈতে মিলি হেমপ্ৰভাই এতিয়া চাহৰ দোকান দি আত্মনিৰ্ভৰ হোৱাৰ স্বপ্ন দেখিছে৷ ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ৷ সমাজত তেওঁ বিভিন্নজনৰ আদৰ্শৰ অনুপ্ৰেৰণা হওক, তাকেই মনে-প্ৰাণে বিচাৰিলোঁ৷’ এইদৰে ফটো খনৰ সৈতে লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।