Home Blog Page 779

মঙলদৈত মানসিক বিকাৰগ্ৰস্ত লোকে জাপে জাপে পিন্ধা কাপোৰৰ পৰা ওলাল ধন

দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰত অনাই বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত এজন লোকে জাপে জাপে পৰিধান কৰা কাপোৰৰ পৰা টকা উদ্ধাৰ হোৱা ঘটনাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলদৈৰ ‘ ইউনিটি উই দ্য ব্লাড দোনাৰ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটিৰ কৰ্মকৰ্তাসকলে আজি মঙলদৈ নগৰত অনাই বনাই ঘূৰি ফুৰা মিলন নামৰ এজন মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰি লোকজনে পিন্ধি থকা লেতেৰা কাপোৰ খুলি গা ধুৱাই দিয়াৰ লগতে চুলি দাড়ি কটাই পৰিষ্কাৰ কৰি তোলে ।

উল্লেখ্য যে মানসিক বিকাৰগ্ৰস্ত বুলি ৰাইজৰ মাজত পৰিচিত লোকজনে ২০-২৫ তাতকৈও অধিক চাৰ্ট-পেন্ট পিন্ধি ফুৰিছিল। সংগঠনটিৰ সদস্য সকলে মিলনৰ দুৰ্গন্ধময় পোছাক খুলি গা ধুৱাই ঔষধ পৰ্যন্ত দি পাৰ্যমানে পৰিষ্কাৰ কৰে । ইপিনে পৰিষ্কাৰ কৰাৰ পিছত মিলনে পৰিধান কৰা কেইবাটাও চাৰ্টৰ পৰা উদ্ধাৰ হয় ৮ হাজাৰৰো অধিক ধন । মিলনক উদ্ধাৰ কৰাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে কাইলৈ তেজপুৰ মানসিক চিকিৎসালয়লৈ নিয়া হব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সম্পাদক ৰুমু বড়োই ।


গুৱাহাটী চিটী এফচি আৰু গুৱাহাটী ইউনাইটেড এফচিৰ ইউনিটী গ্ৰাছৰুট্‌ছ শ্বীল্ড…

গুৱাহাটী চিটি এফ চি (জি চি এফ চি) আৰু ইয়াৰ সহযোগী ক্লাব গুৱাহাটী ইউনাইটেড এফ চি (জি ইউ এফ চি)ৰ যৌথ উদ্যোগ ‘ইউনিটি গ্ৰাছৰুটছ শ্বিল্ড ফুটবল প্ৰতিযোগিতা, ২০২৪’ৰ তৃতীয় মেচডে আজি ছয়মাইলৰ কৃষি ভৱন খেলপথাৰত অনুষ্ঠিত হয়। আজি অনুৰ্ধ ১০শাখাত ১০খন খেল অনুষ্ঠিত হয়।

মেচসমূহৰ ফলাফল হ’ল: এপিআৰঅ’ এফ এ ০-৫ জি ইউ এফ চি ০-৫, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ৪-২ জি ইউ এফ চি, গ্ৰীণফিল্ড এফ চি ০-১ আকাশ এফ চি, এপিআৰঅ’ এফ এ ২-৫ মনোময় এছ চি, গ্ৰীণফিল্ড এফ চি ৩-০

লিণ্টিজাম এফ এ ৩-০, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ২-০ চান্দমাৰী এফ চি, লিণ্টিজাম এফ এ ১-৬ আকাশ এফ চি, নৰ্থ-ইষ্ট এলিট ছকাৰ স্কুল ১১-০ জি চি এফ চি ফুটবল স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-১২ নৰ্থ ইষ্ট এলিট ছকাৰ স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-৪ জি ​​চি এফ চি ফুটবল স্কুল ৷

বোকাখাতৰ পৰা বহি:ৰাজ্যলৈ ৰপ্তানী ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাউ ! ৰঙালাউৰ উৎপাদনত উৎফুল্লিত মন্ত্ৰী অতুল বৰা…

বোকাখাতৰ ৰঙালাউৰ উৎপাদনত উৎফুল্লিত মন্ত্ৰী অতুল বৰা:

বোকাখাতৰ পৰা বহি:ৰাজ্যলৈ ৰপ্তানী ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাউ। কৃষকৰ হাতলৈ আহিল ৫,২৪,১১,৪৫০ টকা।৬কোটি অতিক্ৰম কৰিব উৎপাদনে। ৰঙালাউ ভিত্তিক উদ্যোগৰ চিন্তা।


“লক্ষ্য অতিক্ৰম কৰিব বোকাখাতৰ পৰা ৰঙালাউ ৰপ্তানীয়ে। ৬ কোটি টকাৰ ৰঙালাউ বাহিৰলৈ পঠিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও ৭ কোটিৰো অধিক টকাৰ ৰঙালাউ ৰপ্তানী কৰিব পৰা যাব।যোৱা বছৰ বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে আজিৰ তাৰিখলৈকে ৫.২৪ কোটি টকাৰ ৰঙালাও প্ৰেৰণ কৰাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা।” এই কথা জনালে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। যোৱা ২১ মে’ত বোকাখাতৰ কৃষকৰ মাজলৈ গৈ বৃহৎ বৃহৎ ট্ৰাকত ৰঙালাউ বোজাই কৰি থকা দেখি উৎসাহিত মন্ত্ৰী গৰাকীয়ে এতিয়ালৈকে বাহিৰলৈ পঠিওৱা ৰঙালাউৰ উপৰিও এই বছৰ আৰু যথেষ্ট সংখ্যক ৰঙালাউ বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিবলৈ

বাকী আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। তদুপৰি কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাওৰ ব্যাপক খেতি কৰিছে। সেয়েহে যোৱা বছৰ অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাও উৎপাদনৰ লক্ষ্যত অতি শীঘ্ৰে উপনীত হোৱাৰ লগতে লক্ষ্য অতিক্ৰম কৰাৰো প্ৰচুৰ সম্ভাবনা থকা বুলি কয়। ইতিমধ্যে কুৰুৱাবাহী পঞ্চায়তৰ পৰা ৭১৪৮ মেট্ৰিক টন,দিচৈ পঞ্চায়তৰ পৰা ১২২.৩ মে:টন, মধ্য মহুৰাৰ পৰা ৪৯৭ মে:টন,বিহংগম কৃষি উৎপাদন সমিতিৰ পৰা ২৯৬ মে:টন ৰঙালাউ প্ৰেৰণ কৰা হৈছে। ইয়াৰ বিপৰিতে কৃষকে লাভ কৰিছে ৫কোটি ২৪লাখ,১১ হাজাৰ ৪৫০ টকা। মন্ত্ৰী গৰাকীয়ে জনোৱা মতে

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিৱেশ কৰি স্ব-নিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। কৃষকসকলৰ প্ৰাপ্তিৰ এই মধুৰ ক্ষণত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মন্ত্ৰী গৰাকীয়ে।অনাগত দিনবোৰত উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ তৰফৰপৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে মন্ত্ৰী অতুল বৰাই। ইয়াত উৎপাদিত ৰঙালাউ সমূহৰ বাবে বোকাখাততে ৰঙালাউৰ পৰা উৎপাদন হ’ব পৰা উদ্যোগৰ স্থাপনৰ কথাও চৰকাৰে চিন্তা কৰিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহ পৰিদৰ্শন জিলা আয়ুক্তৰ…

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্পসমূহ পৰিদৰ্শন জিলা আয়ুক্তৰ

বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ

মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি জিলাখনৰ বিভিন্ন ঠাইত সমাগত বাৰিষাৰ বতৰত বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংক চমুকৈ এডিবিৰ ২৫০ কোটি টকা অৰ্থসাহায্যৰে নিৰ্মাণ কৰিবলগীয়া জিঅ’বেগ প্ৰকল্পৰ কামৰ সবিশেষ বুজ লয়। এই প্ৰকল্পৰ কাম কিছু আগবাঢ়িছে যদিও অহা নৱেম্বৰ মাহৰ পিছৰ পৰাহে পূৰ্ণগতিত চলিব। জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ দ্বাৰা জিলাখনৰ বিভিন্ন ঠাই যেনে বৰডুবাটোপ, নাথগাঁও, কছাৰী গাঁও, গৰুবন্ধা, কাঠনি আদিত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহ পৰিদৰ্শন কৰে।

তেওঁ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক লগত লৈ কৰা এই পৰিদৰ্শনকালত উক্ত অঞ্চলসমূহত ৰূপায়িত কামসমূহ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে যাতে সম্ভাব্য বানৰ মোকাবিলা কৰিব পৰা যায়। তেওঁ কামৰ মানক লৈ কোনো ধৰণৰ আপোচ নকৰিবলৈও নিৰ্দেশ দিয়ে। অৱশ্যে তেওঁ বিভাগৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। স্মৰ্তব্য যে মৰিগাঁও জিলাত জলসম্পদ বিভাগে ৰূপায়ন কৰা বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ বাবে বিগত বৰ্ষত জিলাখনত বান পৰিস্থিতিৰ উদ্ভৱ নহ’ল। এইবাৰো জিলাখনত বান পৰিস্থিতিৰ সৃষ্টি নহ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে মৰিগাঁও জিলাৰ ব্যাপক খহনীয়াপ্ৰৱন লাহৰীঘাট, মায়ং আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ নৈপৰীয়া ৰাইজৰ বাবে সুখবৰ কঢ়িয়াই আনি জলসম্পদ বিভাগে এ ডি বিৰ অৰ্থসাহায্যৰে জিঅ’বেগ প্ৰকল্প ৰূপায়ণৰ কাম অব্যাহত ৰাখিছে। প্ৰকল্পটো ৰূপায়ন হ’লে তিনিওটা ৰাজহ চক্ৰৰ ১৫ খন গাঁও প্ৰত্যক্ষভাৱে আৰু অৰ্ধশতাধিক গাঁও পৰোক্ষভাৱে উপকৃত হ’ব। তাৰ ভিতৰত লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ কাঠনি, বগলীপাৰা আৰু পামবৰি, ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ দীঘলীআটি, বৰহলৌকান্দা, বতাবাৰী, বালিডোঙাপাম, ভূৰাগাঁও ৰাজহ নগৰ, মহমাৰী পথাৰ, কপটিমাৰি আৰু টেঙাগুৰিকা চাৰিগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ পাভকাটি, গৰুবন্ধা, বৰামাৰি গাঁও আৰু বৰমাৰিপাম গাঁও প্ৰত্যক্ষভাৱে উপকৃত হ’ব। এই প্ৰকল্প ৰূপায়ন হ’লে লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ দক্ষিণ চেনীমাৰি, ৰজাগাধোৱা আদি গাঁৱৰ হাজাৰ হাজাৰ লোক তথা ভূৰাগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ পৰোক্ষভাৱে সুৰক্ষিত হ’ব।

সম্পৰ্কঃ প্ৰেম, বন্ধুত্ব সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো কি জানেনে…

সম্পৰ্ক এটা ৰীয়াই ৰখা অতি কঠিন! কিয়নো প্ৰকৃত প্ৰেম, সঁচা বন্ধুত্ব খুবেই দুৰ্লভ আজিকালি। খং, ক্ষোভ, ঈৰ্ষা, বিশ্বাসঘাটকতা আদিৰ মাজত সম্পৰ্ক এটা ৰক্ষা কৰাটো অতি কঠিন। কিন্তু তাৰ মাজতে ধৰি ৰাখিব লাগিব সম্পৰ্ক এটা। প্ৰতিজন ব্যক্তিয়ে এনে সম্পৰ্কত থকাৰ যোগ্য য’ত তেওঁ নিজৰ সংগীৰ পৰা সন্মান, মৰম আৰু বুজাবুজি লাভ কৰে। কিন্তু এনে সম্পৰ্কৰ বাবে সেই বিষাক্ত মানুহবোৰৰ পৰা নিজকে ৰক্ষা কৰাটো জৰুৰী। কোৱা হয় প্ৰেম অন্ধ, কিন্তু হৃদয় বিদাৰক হোৱাৰ পৰা হাত সাৰিবলৈ চকু মেলি সম্পৰ্কত খোজ দিয়াটো জৰুৰী। যাতে আপুনি আপোনাৰ সংগীক ভালদৰে বুজিব পাৰে, সম্পৰ্কটোৰ অভাৱবোৰ বিচাৰ কৰি, আগুৱাই যোৱাৰ অৰ্থই হ’ল সম্পৰ্ক। আচলতে প্ৰতিটো সম্পৰ্কৰ মূলমন্ত্ৰ বিশ্বাস।

প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সন্মান আৰু বুজাবুজি অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগীয়ে আপোনাৰ পছন্দ-অপছন্দক আওকাণ কৰে, সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ মতামতক গুৰুত্ব নিদিয়ে বা আপুনি কোৱা কথাবোৰক গুৰুত্বসহকাৰে লোৱা নাই, তেন্তে এই সম্পৰ্ক হয়তো বেছি দিন নিটিকিব।

সম্পৰ্কত অলপ ঈৰ্ষাৰ প্ৰয়োজন। কিন্তু যদি আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত অত্যধিক চকু ৰাখে, আপোনাৰ বন্ধু-বান্ধৱীক লগ পোৱাত বাধা দিয়ে বা আপোনাৰ সাজ-পোছাকৰ ওপৰত মন্তব্য কৰে, তেন্তে আপুনি এজন বিষাক্ত ব্যক্তিৰ সৈতে আছে। সকলোকে নিজৰ ব্যক্তিগত স্থানৰ প্ৰয়োজন আৰু সম্পৰ্কত বিশ্বাস অতি গুৰুত্বপূৰ্ণ।

টকা-পইচা চাই বন্ধুত্ব স্থাপন কৰা নহয়। বন্ধু মনৰ পৰা হয়। যদি কোনোবাই আপোনাৰ টকা-পইচা চাই বন্ধুত্ব স্থাপন কৰিছে তেন্তে তেওঁ কেতিয়াও আপোনাৰ প্ৰকৃত বন্ধুত্ব হ’ব নোৱাৰে।

কোনো সম্পৰ্কত গালি-গালাজ, অসন্মানজনক আচৰণ সহ্য কৰিব নালাগে। বিশেষকৈ প্ৰেমত সন্মান আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগীয়ে আপোনাক অপমান কৰে বা ভয় দেখুৱায়, তেন্তে এনে সম্পৰ্কৰ পৰা আঁতৰি থকাটোৱেই ভাল।

লাইমেকুৰীত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সভা…

জ’নাইৰ লাইমেকুৰী একাডেমীৰ প্ৰাঙ্গণত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম, ধেমাজি জিলা সমিতিৰ এখনি কাৰ্য্যনিৰ্বাহক সভা দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় । আজিৰ কাৰ্য্যনিৰ্বাহক সভাত পলাশ মেদকে সভাপতিত্বত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাজীৱ বড়ীয়ে । উল্লেখ্য যে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ দাঁতি-কাষৰীয়া অঞ্চলত অসমৰ খিলঞ্জীয়া প্ৰায় এশ জনগোষ্ঠীক লৈ বৰঘৰ স্থাপন কৰি, এই বৰঘৰৰ জৰিয়তে

অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ঐক্যবদ্ধভাৱে একেখন মঞ্চৰ জৰিয়তে উপস্থাপন কৰি মহা-অসমীয়া জাতি ৰূপে বিশ্বৰ বিশাল মঞ্চত পৰিচিত কৰোৱাই হ’ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মুখ্য উদ্দেশ্য আৰু প্ৰয়াস ৷ সেই উদ্দেশ্য আজি পলাশ মেদকৰ সভাপতিত্ব সংগঠনটোৰ বিভিন্ন দিশত ওপৰত আলোচনা কৰে । উক্ত অনুষ্ঠানত জ’নাইৰ প্ৰকৃতিপ্ৰেমী তুকেশ্বৰ মিৰি আগৰৱালাই উপস্থিত থাকি সংগঠনটোৰ বিষয়ে বিশদভাৱে বক্তব্য

প্ৰদান কৰে । লগতে সংগঠনটোৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ বাবে প্ৰতিটো সময়ত সহায় তথা পৰামৰ্শ আগবঢ়াৰ আশ্বাস দিয়ে । এই কাৰ্য্যসূচীতে জোনাইৰ বিশিষ্ট সমাজকৰ্মী বীৰ বাহাদুৰ লিম্বুৱে সাংস্কৃতিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে । আৰু এই সমাজত এনেধৰণৰ এখন ঐক্যমঞ্চৰ প্ৰয়োজন বুলি পোষকতা কৰে । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসম ধেমাজি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অহা ২০ জুন তাৰিখে ৰাভা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰাৰ সিদ্ধান্ত লয় ।

“ৰাজ্যৰ অধিকাংশ স্থানত মুৰ্গী-হাঁহৰ গড়ালত সৰ্প দংশনৰ খবৰ পোহৰলৈ আহিছে”- সৌৰভ বৰকটকী…

ৰাজ্যৰ অধিকাংশ স্থানত মুৰ্গী-হাঁহৰ গড়ালৰ ভিতৰত হোৱা সৰ্প দংশনৰ খবৰ পোহৰলৈ আহিছে” – এই মন্তব্য সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ। উল্লেখ্য যে যোৱা ২২ মে’ত তেজপুৰৰ দ পৰ্বতীয়াৰ সাউদৰ চুবুৰীৰ এঘৰ ব্যক্তিৰ ঘৰৰ মুৰ্গীৰ গড়ালৰ পৰা এটি বিষাক্ত ফেঁটী সাপ উদ্ধাৰ কৰি বৰকটকীয়ে সংবাদ মাধ্যমক এনেদৰে কয়। ঘটনাৰ বিৱৰণী অনুসৰি -২১ মেত তেজপুৰৰ দ পৰ্বতীয়াৰ সাউদৰ চুবুৰীৰ ৰাজেন বৰা নামৰ এজন যুৱকৰ ঘৰত এডাল ফেঁটী সাপ দেখিবলৈ পোৱা যায়। ফেঁটী সাপডাল ৰাজেন বৰাৰ ঘৰৰ মুৰ্গীৰ গৰালত প্ৰথম প্ৰত্যক্ষ কৰে তেওঁৰ মাতৃয়ে। উল্লেখ্য যে ফেঁটী সাপডালে মুৰ্গীৰ গৰালত সোমাই মুৰ্গীৰ কণী ভক্ষণ কৰি থকা দেখা পাইছিল ৰাজেন বৰাৰ মাতৃয়ে।

লগে-লগে মাতৃয়ে ৰাজেন বৰাক সাপডালৰ বিষয়ে কোৱাত ৰাজেন বৰাই পলম নকৰি সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰে। খবৰৰ ভিত্তিত বৰকটকীয়ে সেই স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰে আৰু সৰ্প বিষয়ক সজাগতা বাৰ্তাৰে কয় – সাপে দংশন কৰাৰ পিছত চিকিৎসা প্ৰদান কৰিলে ব্যক্তি গৰাকী সুস্থ হৈ পৰাটো নিশ্চিত। চিকিৎসা বিজ্ঞানত এণ্টিভেনমৰ প্ৰয়োগ যেতিয়াৰ পৰাই হৈছে তেতিয়াৰ পৰাই সাপে দংশন কৰা বহু ব্যক্তি মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভটি আহিছে। কিন্তু শৰীৰৰ যি স্থানত বিষাক্ত সাপে দংশন কৰে সেই ঠাইখিনি শুকাবলৈ বহু সময় লাগে। এদিন-দুদিন নহয় কেতিয়াবা বছৰ ধৰি সাপে দংশন কৰা ঠাই ডোখৰ নুশুকাই।

সেয়েহে বিষাক্ত সাপৰ পৰা যিমান পাৰে দূৰত্ব বৰ্তাই ৰাখক। সাপৰ বিষয়ে জ্ঞান আহৰণ কৰক। আনহাতে যিসকল ব্যক্তিৰ ঘৰত মুৰ্গী,পাৰ, হাঁহ পোহা হয় বা গড়াল আছে তেওঁলোকে বিশেষ সতৰ্কতা অৱলম্বন কৰাটো উচিত। ৰাতি দিন বুলি কোনো কথা নাই, সাৱধান হৈ গড়ালত প্ৰৱেশ কৰে যেন। পাৰিলে ভৰিত গামবুট পিন্ধি লওক। বিষাক্ত সাপ গড়ালৰ ভিতৰৰ সজাত আহি বহি থাকিব পাৰে। বিশেষকৈ ৰাতিৰ সময়ত গড়াললৈ গ’লে মুখেৰে শব্দ নকৰি টৰ্চ লাইটৰ ব্যৱহাৰ কৰা উচিত। চলিত বৰ্ষৰ মে’ মাহত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সৰ্প দংশনৰ কেইবাটাও তথ্য পোহৰলৈ আহিছে । তাৰে অধিকাংশ মুৰ্গী, হাঁহৰ গড়ালত পোৱা বিষাক্ত সাপৰ দ্বাৰা মানুহৰ দংশন হোৱা খবৰ মোলৈ আহিছে। সেয়ে আমি সকলোৱে সৰ্তকতা অৱলম্বন কৰাটো উচিত।

গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি চৰম সিদ্ধান্ত লােৱাৰ অভিযোগত প্ৰেমিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

গোৱালপাৰা সৈনিক স্কুলৰ মেধাৱী ছাত্ৰ ডিমাকুছিৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি আত্মহত্যা

টংলাৰ জয়শ্ৰী ডেকা শৰ্মা আৰু প্ৰেমিকা নিশিগন্ধা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিমাকুছিৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰক্ৰান্ত কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা টংলাৰ ৪নং ওৱাৰ্ডৰ জয়ন্ত শৰ্মাৰ পত্নী আৰু কন্যা জয়শ্ৰী ডেকা শৰ্মা আৰু নিশিগন্ধা শৰ্মাৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাত পাৰ্থ প্ৰতিম নাথৰ পিতৃ বিজয় শংকৰ নাথে এজাহাৰ দাখিল কৰিছে।। প্ৰাপ্ত তথ্য মতে ডিমাকুছি আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰা অনুসৰি ওদালগুৰি জিলাৰ ডিমাকুছিৰ ১নং উত্তৰ ডিমাকুছি গাঁৱৰ ৰ বিজয় শংকৰ নাথৰ পুত্ৰ পাৰ্থ প্ৰতিম নাথে যোৱা ১২ মে” তাৰিখে ডিমাকুছিস্থিত নিজা বাসগৃহত নিশা প্ৰায় ১১-১৫ বজাত ঘৰত কোনো নথকা সময়ত ৰূমত চিপজৰী লৈ ওলমি থকা দৃশ্যটো পিতৃয়ে প্ৰত্যক্ষ কৰি হুৱা দুৱা লগায় ৷ ওচৰ চুবুৰীয়াৰ সহযোগত লগে লগে ডিমাকুছি আদৰ্শ চিকিৎসালয়লৈ লৈ যোবা হয় যদিও চিকিৎসা বিষয়াই মৃত্যু হৈছে বুলি ঘোষণা কৰে বুলি এজাহাৰখনত উল্লেখ কৰিছে।


এজাহাৰখনত উল্লেখিত তথ্য মৰ্মে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত ফাৰ্মাছিষ্ট বিজয় শংকৰ নাথে ঘটনাৰ নিশাই তেওঁৰ পুত্ৰ পাৰ্থ প্ৰতিম নাথে আত্মহত্যা হত্যা কৰা বুলি আৰক্ষী থানাত জনাইছিল। ১৩মে’ত মৃতদেহটো সৎকাৰ কৰি আহি পুত্ৰৰ মোবাইল ফোনৰ বিতং তথ্য যেনে-ভয়েজ মেছেজিং,ভইজ ৰেকৰ্ডিং,হোবাটছপ মেচেজিং,বিভিন্ন ফটো ক্লিপ আদিৰ তথ্য অনুসৰি পাৰ্থ প্ৰতিম নাথে স্বইচ্ছাই আত্মহত্যা কৰা নাই বুলি এজাহাৰখনত প্ৰকাশ কৰে আৰু পাৰ্থ প্ৰতিম নাথক মানসিকভাবে ভাৰক্ৰান্ত কৰি হত্যা কৰা বুলি উল্লেখ কৰে।আত্মহত্যাৰ বাবে টংলাৰ ৪নং ওবাৰ্ডৰ জয়ন্ত শৰ্মাৰ পত্নী জয়শ্ৰী ডেকা শৰ্মা আৰু প্ৰেমিকা নিশিগন্ধা শৰ্মা প্ৰত্যক্ষভাবে জড়িত বুলি এজাহাৰখনত স্পষ্টকৈ উল্লেখ কৰে । গোৱালপাৰা জিলাত অৱস্থিত সৈনিক স্কুলৰ মেধাৱী ছাত্ৰ পাৰ্থ প্ৰতিম নাথে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মৃত্যুৰ পিছদিনা ঘোষণা কৰা ফলাফল অনুসৰি তিনিটা বিষয়ত লেটাৰ নম্বৰসহ ৭৮ শতাংশ লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হৈছে।

ইতিমধ্যে এন ডি এ আৰু জেইই পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ বাছনি হৈছে। এনেকোৱা এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰৰ অকাল মৃত্যুক পৰিয়াল তথা ওদালগুৰি জিলাৰ সচেতন মহলে সহজভাৱে নলৈ উচিত তদন্ত কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে।এজাহাৰ দাখিল কৰাৰ পিছত বিজয় শংকৰ নাথৰ নিজা ভাতৃ ভাগ্যজ্যোতি নাথে সাংবাদিকক জনাই যে তেখেতৰ ভতিজা, এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা মাতৃ আৰু জীয়াৰীক কঠোৰ শাস্তি প্ৰদান কৰিলেহে পাৰ্থ প্রতিমৰ আত্মাই চিৰশান্তি লাভ কৰিব। ব্লেকমেইলিং তথা অন্যান্য যিকোনো ধৰণৰ কাৰকতে যাতে আৰু মাতৃৰ বুকু শুদা কৰি এনে ধৰণৰ দূৰ্ভাগ্যজনক আপমৃত্যু নঘটে তাৰবাবেও সকলোৱে সজাগ হবলৈ আহ্বান জনাইছে।পাৰ্থ প্ৰতিম নাথৰ পিতৃ, মাতৃ , খুৰাক তথা স্থানীয় ৰাইজে উচিত তদন্ত কৰি প্ৰশাসনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

সপোনত সিংহ দেখিছে নেকি? সপোনত সিংহ দেখিলে ভৱিষ্যতে কি হ’ব জানি লওক…

বহু সময়ত আমি সপোন দেখিলে আমাৰ ভয় লাগে নাইবা টোপনিত প্ৰভাৱ পৰে। বিশেষকৈ ৰাতি সপোন দেখিলে আমি সমস্যাত পৰোঁ। কিয়নো আমি হঠাতে সাৰ পাই যাও। কিছুমান সপোনৰ বাবে আমি ভয়ও খাওঁ। কিন্তু সপোন বিজ্ঞানৰ মতে সপোনত দেখা বস্তুবোৰৰ কিছু অৰ্থ আছে। বহু সপোনক শুভ বুলি গণ্য কৰা হয় যদিও বহু সপোনৰ প্ৰতি আমি সতৰ্ক হোৱাটো প্ৰয়োজন। আজি আমি আপোনালোকক ক’ম যে সপোনত সিংহ দেখা পোৱাটো ভাল সপোন নে বেয়া সপোন।

সপোনত সিংহ দেখাটো শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে সপোনত সিংহ দেখাৰ অৰ্থ হ’ল কোনো সমস্যাৰ পৰা মুক্তি পোৱা। আনহাতে যদি আপুনি বিয়া হোৱা নাই তেন্তে আপোনাৰ বিবাহৰ বাবে সম্পৰ্ক আহিব পাৰে।


সপোনত যদি আপুনি সিংহক ভয় কৰা দেখিছে তেন্তে তাৰ অৰ্থ হ’ল আপুনি আপোনাৰ জীৱনত চলি থকা সমস্যাবোৰৰ প্ৰতি ভয় খাইছে। এই সমস্যাবোৰৰ প্ৰতি আপুনি ভয় কৰিব নালাগে, আপুনি নিৰ্ভয়ে সমস্যাবোৰৰ সন্মুখীন হ’ব লাগিব।


সপোনত সিংহৰ গৰ্জন শুনিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল যদি আপোনাৰ জীৱনত কোনো সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব।

৫০ বছৰ ওপৰৰ মানুহে মানি চলক এইকেইটা নিয়ম…

২১ মে’ৰ দিনা আহমেদাবাদৰ ক্ৰিকেট ষ্টেডিয়ামত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে নিজৰ আই পি এল দল কলকাতা নাইট ৰাইডাৰ্ছক উৎসাহিত কৰি আছিল, সেই সময়ত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰী চেলছিয়াছ আছিল আৰু তাৰ পিছত এছ আৰ কে ডিহাইড্ৰেচন আৰু গৰমৰ সন্মুখীন হৈছিল। ষ্ট্ৰোক হোৱাৰ পিছত তেওঁ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। পানীৰ অভাৱত তেজৰ পৰিমাণ কমি যায়। তেজ ডাঠ হোৱাৰ বাবে হৃদযন্ত্ৰ আৰু ধমনীত অতিৰিক্ত চাপ পৰে। এনে অৱস্থাত ঘাম কম হয় আৰু শৰীৰ ঠাণ্ডা হ’ব নোৱাৰে। ইয়াৰ ফলত হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচন হয়।

এই ৰোগৰ পৰা কেনেকৈ হাত সাৰিব-

আমাৰ শৰীৰৰ বেছিভাগ অংশ পানীৰে গঠিত, যদি শৰীৰত পানীৰ অভাৱ হয় তেন্তে স্বাস্থ্যৰ বাবে বেয়া, ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগিব। ইয়াৰ উপৰিও নাৰিকল পানী, নেমু পানী আৰু সকলো ধৰণৰ সতেজ ফলৰ ৰস খাব পাৰে।

গৰমত ঘৰতে থাকিবলৈ চেষ্টা কৰক আৰু অতি প্ৰয়োজনীয় সময়তহে ঘৰৰ পৰা ওলাই যাব লাগে। বাহিৰলৈ ওলাই যাওঁতে প্ৰত্যক্ষ সূৰ্যৰ পোহৰ পৰিহাৰ কৰিব লাগে। কপাহী আৰু ঢিলা কাপোৰ পিন্ধিব লাগে। সদায় লগত পানীৰ বটল এটা ৰাখিব লাগে।

দিনত আপোনাৰ গাড়ীৰ ভিতৰখন জুইৰ দৰে গৰম হৈ পৰে, এনে পৰিস্থিতিত গাড়ীৰ ভিতৰত বহিবলৈ প্ৰায় ১০ মিনিট আগতে এচি অন কৰি তাৰ পিছত চলাব লাগে। গন্তব্যস্থান পোৱাৰ কেইমিনিটমান আগতে এচি বন্ধ কৰক, যাতে আপুনি বাহিৰৰ উষ্ণতাৰ লগত মিলিব পাৰে।

ডিহাইড্ৰেচনৰ পৰা হাত সাৰিবলৈ ইয়াৰ লগত জড়িত লক্ষণসমূহ আগতীয়াকৈ চিনি পোৱাটো গুৰুত্বপূৰ্ণ। যদি আপোনাৰ প্ৰস্ৰাৱ হালধীয়া হৈছে, আপোনাৰ মুখ আৰু ডিঙি শুকাই গৈছে, আপোনাৰ মূৰৰ বিষ, মূৰ ঘূৰোৱা, উশাহ লোৱাত অসুবিধা, জ্বৰ, নিম্ন ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধিৰ দৰে সমস্যা আছে, তেতিয়া তৎক্ষণাত পানী খাব লাগে আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।