Home Blog Page 846

T-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা! কোনে-কোনে স্থান পালে দলত; কোন কোন বাদ পৰিল ভাৰতীয় দলৰ পৰা…

ঘোষণা হ’ল T-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল।

ৰোহিত শৰ্মাৰ নেতৃত্বত দল ঘোষণা কৰিলে  BCCIয়ে।

BCCIয়ে টুইট যোগে ঘোষণা কৰিলে দল।

ভাৰতীয় দলত স্থান লাভ-

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত (উইকেট কীপাৰ), ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজুবেন্দ্ৰ চহল, শিৱম ডুবে, অৰ্শ্বদ্বীপ সিং, জশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ। বেক আপ প্লেয়াৰ-শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ, আভেশ খান।

আনহাতে কে এল ৰাহুল, দীনেশ কাৰ্তিক, অসম সন্তান ৰিয়ান পৰাগ, অভিষেক শৰ্মা, মায়ংক যাদৱ, তিলক বৰ্মাই স্থান লাভ কৰিবলৈ সক্ষম নহ’ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত।

পোহনীয়া কুকুৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি আচৰিত ঘটনা কৰিলে নাবালিকাই…

হাৰিয়ানাত পোহনীয়া কুকুৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি আত্মহত্যা কৰিলে নাবালিকাই। পোহনীয়া জীৱ-জন্তু পৰিয়াল এটাৰ প্ৰিয়জনতকৈ কম নহয়। সেয়ে পোহনীয়া জন্তুৰ মৃত্যু অত্যন্ত দুখজনক। কিন্তু সেই বুলি পোহনীয়া জন্তুৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰাৰ ঘটনা সাধাৰণতে নঘটে। হাৰিয়ানাত পিছে তেনে এক ঘটনাই ঘটিছে। এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে তেওঁৰ মৰমৰ কুকুৰটোৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি এক ভয়ংকৰ সিদ্ধান্ত ল’লে। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘৰৰ পোহনীয়া কুকুৰটোৰ কেইদিনমান আগতে মৃত্যু হৈছিল। ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ঘটনাটোত অত্যন্ত শোক পাইছিল। দুখ সহিব নোৱাৰি তেওঁ চিপলৈ আত্মহত্যা কৰে। ছোৱালীজনীৰ পৰিয়ালৰ মতে, কুকুৰৰ মৃত্যুত ছোৱালীজনী দুখত ভাগি পৰিছিল। কিন্তু ছোৱালীজনীয়ে যে এনে সিদ্ধান্ত ল’ব পাৰে সেয়া কোনেও ভবা নাছিল।

পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ছোৱালীজনীয়ে তিনি মাহ পূৰ্বে এটা কুকুৰৰ পোৱালি ঘৰলৈ আনিছিল। কিন্তু পাঁচ দিন আগতে কুকুৰটোৰ মৃত্যু ঘটিল।কুকুৰটোৰ মৃত্যুৰ পিছত ছোৱালীজীয়ে আনকি খোৱা-বোৱা বন্ধ কৰি দিছিল। পৰিয়ালৰ লোকে বহু বুজায়ো ছোৱালীজনীক সৈমান কৰাব পৰা নাছিল। পৰিয়ালৰ মতে, ছোৱালীজনীৰ মাক আৰু ভনীয়েকে অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ গৈছিল। নাবালিকা ছোৱালীজনীয়ে তেতিয়াই আত্মহত্যা কৰে। ছোৱালীজনীৰ মাকে কয়, “মোৰ ছোৱালীজনীয়ে কুকুৰটোক বহুত ভালপাইছিল। যেতিয়া মই পাচলি কিনিবলৈ বজাৰলৈ গৈছিলো, মোৰ চুবুৰীয়াই মোক ফোন কৰিছিল আৰু মোক সোনকালে ঘৰলৈ আহিবলৈ কৈছিল। যেতিয়া মই ঘৰলৈ উভতি আহিছিলো, মোৰ ছোৱালীয়ে আত্মহত্যা কৰা দেখিছিলো।’’ ইফালে, আৰক্ষীয়ে কেৱল পোহনীয়া জন্তুৰ মৃত্যুৰ বাবে নে ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য আছে সেই বিষয়ত অনুসন্ধান কৰি আছে।

মুছলমানসকলেই আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰেঃ মোদীৰ মন্তব্যৰ উত্তৰ দি ক’লে আছাদুদ্দিন ওৱাইচিয়ে

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আৰু হায়দৰাবাদ লোকসভাৰ প্ৰাৰ্থী আছাদুদ্দিন ওৱাইচিয়ে মুছলমানৰ জনসংখ্যাকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ওৱাইচিয়ে এতিয়া কেৱল তেওঁৰ সমষ্টিতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে । শেহতীয়াকৈ এক নিৰ্বাচনী সভাত ওৱাইচিয়ে মুছলমানৰ জনসংখ্যা বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰিছে। সভাক সম্বোধন কৰি ওৱাইচিয়ে বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ঘৃণাৰ দেৱাল নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় “মোদীয়ে এনে এটা ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে যে মুছলমানসকলে অধিক সন্তান জন্ম দিয়ে। মোদী চৰকাৰৰ তথ্য অনুসৰি, মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি হ্ৰাস পাইছে। মুছলমানসকলে আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰে,”।

এইবাৰ বিজেপিৰ মাধৱী লতাৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱা হায়দৰাবাদৰ সাংসদগৰাকীয়ে অভিযোগ কৰে যে মোদীয়ে হিন্দুসকলৰ মাজত ভয়ৰ পৰিবেশ ৰচনা কৰিছে। মোদীয়ে কৈ অহা মতে মুছলমানসকল ভাৰতৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় হৈ পৰিব। ওৱাইছিয়ে কয়-আমাৰ ধৰ্ম বেলেগ কিন্তু আমি এই দেশৰেই নাগৰিক। মুছলমানসকলৰ সৰ্বাধিক প্ৰজনন হাৰ আছে বুলি মোদীয়ে কৰা দাবীক অস্বীকাৰ কৰি ওৱাইছিয়ে কয়- এয়া সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক বিপথে পৰিচালিত কৰাৰ এক চেষ্টা। ওৱাইচিয়ে তেওঁৰ শেহতীয়া মন্তব্যটো নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানত কৰা মন্তব্যৰ পিছত কৰিছে। ৰাজস্থানত মোদীয়ে দাবী কৰিছিল যে কংগ্ৰেছে মানুহৰ সোণ আৰু সম্পত্তি মুছলমানসকলক বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। মোদীয়ে দাবী কৰিছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল যে মুছলমানসকলক দেশৰ সম্পদৰ প্ৰথম অধিকাৰদিছে। মোদীয়ে কৈছিল যে কংগ্ৰেছে যদি ক্ষমতালৈ আহে, অধিক সন্তান থকা মুছলমানসকলৰ মাজত সাধাৰণ লোকৰ সম্পত্তি বিতৰণ কৰিব।

অশ্ৰুসিক্ত নয়নে শ শ গুণমুগ্ধই বিদায় দিলে ২নং দুৰাং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জীৱন চৰকাৰক…

দৰং জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জীৱন চৰকাৰে মঙ্গল বাৰে শিক্ষকতাৰ কৰ্ম জীৱনৰ পৰা অৱসৰ লয়। এই উপলক্ষে টংলা মডেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰনেন্দ্ৰ কুমাৰ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদায়ী সম্বৰ্ধনা সভা। সভাত বৃহত্তৰ বৰঝাৰ,শিলবৰী,কৌপাটি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,বৰঝাৰ গাওঁ পঞ্চায়তৰ সচিব আদি কৰি বিভিন্ন সংগঠনৰ সভাপতি, সম্পাদক,শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধই প্ৰিয় শিক্ষক জীৱন চৰকাৰৰ অতীতৰ কথা স্মৰণ কৰি আবেগিক হৈ পৰে। অযুত স্বপ্নৰ জিলমিল পোহৰত সম্ভাৱনাৰ সোন গুটি ছটিয়াই ১৯৭৯ চনত স্থানীয় কিছুমান বিশিষ্ট ব্যক্তিৰ সহযোগত নিজৰ ঘাঠিৰ ধন ভাঙি খুলিছিল এখন প্ৰথমিক বিদ্যালয়। সামাজিক কাম-কাজত আগভাগ লোৱা ব্যক্তি গৰাকীয়ে পেটতত গামোচা বান্ধি কোনো ধৰণৰ মাননী নপোৱাকৈ দি গল ছাত্ৰ-ছাত্ৰীক পাঠদান। অৱশেষত ২০১৩ চনত বিদ্যালয় প্ৰাদেশিক হ’ল। প্ৰধান শিক্ষকৰ দায়িত্ব ভাৰ লৈ অতিবাহিত কৰিলে শিক্ষকৰ চাকৰি জীৱন। মাত্ৰ কেইটামান বছৰ চৰকাৰী বেতন ভোগ কৰি ৩০-০৪-২০২৪ তাৰিখে চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰে। অৱসৰী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জীৱন চৰকাৰৰ চাকৰি কালত ২০১৮ চনত কৃতি শিক্ষক হিচাপে আচাৰ্য স্কুলৰ ৰাজ্যিক পুৰস্কাৰ,২০২১ চনত জিলা কৃতি শিক্ষকৰ পুৰস্কাৰ আৰু ২০২২ চনত মংগলদৈত অনুষ্ঠিত শিক্ষক সন্মিলনী পুৰস্কাৰ লাভ কৰে।


এজন সহজ-সৰল,নম্ৰ প্ৰবৃত্তিৰ,শুৱলা কন্ঠৰ অধিকাৰী আৰু দায়িত্ববান ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয়ৰ মাজত আছিল অতি প্ৰিয়। তেওঁৰ একনিষ্ঠা কৰ্মৰ ফলস্বৰূপে আজি সমাজত আলোকিত হৈছে বহুজন।কৰ্মজীৱনৰ অন্তিম বেলাত নিজৰ প্ৰিয় শিক্ষক গৰাকীক শ শ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নে বিদায় দি আবেগিক হৈ পৰে আৰু প্ৰিয় প্ৰধান শিক্ষক গৰাকীক বিভিন্ন উপহাৰে উপচাই পেলায় লগতে দীঘলীয়া শোভাযাত্ৰা কৰি ঘৰলৈ দি থৈ আহে।উক্ত বিদায়ী সম্বৰ্ধনা সভাত উপস্থিত থাকে কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদিপ মালাকাৰ, লীলানন্দ বিদ্যা নিকেতনৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কনাইলাল চৰকাৰ,মহেন্দ্ৰ বৰুৱা,দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সঞ্চয় হাজং, অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক বিৰেশ হাজং,৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক সুৰুজ আলী, ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন্দ্ৰ বৈষ্ণৱ,ঝাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম, দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ ৰুনিমা দেৱী ডেকা, বৰঝাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলিপ শৰ্মা,দক্ষিণ বেছিমাৰী,১ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাউদ্দিন,১নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীৰ বিশ্বাস,শিক্ষক গৌতম ভৌমিক,পৰিতোষ দেৱনাথ,মতিবুৰ ৰহমান,ৰজত মজুমদাৰ,জহিৰুল ইছলাম বিশিষ্ট সমাজ কৰ্মী শৰৎ বৰুৱা,সুৱল বিশ্বাস,ৰঞ্জিত ঘোষ, হিমাংশু মিত্ৰ,দৰং জিলা ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ন কালীন বিস্তাৰক প্ৰনৱ চৰকাৰ,বৰঝাৰ যুৱ সমাজৰ সভাপতি আজমহম্মদ আলী,ছাদিক জাহিৰ আব্বাছ, বৰঝাৰ আমছুৰ ইছাক আলী,পাৰুল জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিষ মণ্ডল,স্থানীয় যুৱক পিন্টু চৰকাৰ,মলয় ৰয়,সুজিত দাস,দেৱাশীষ চৰকাৰ,প্ৰশেনজীৎ সিংহ,প্ৰনৱ গোস্বামী আদি কৰি বহুকেইজন বিশিষ্ট মন্য গন্য ব্যক্তি, বিদ্যালয় খনৰ শিক্ষক সুবোধ সিংহ,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা,অভিভাৱক- অভিভাবিকা,পাঁচ শতাধিক স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী।

মোৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাইঃ কংগ্ৰেছক লক্ষ্য কৰি স্মৃতি ইৰাণীৰ মন্তব্য…

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাই। ইৰাণীয়ে এইবুলিও কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাবে কোনেও প্ৰতিদ্বন্দ্বিতা কৰাৰৰ সাহস কৰা নাই। লোকসভা নিৰ্বাচন ২০২৪ ইতিমধ্যে ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু কংগ্ৰেছে অমিথি লোকসভা আসনৰ পৰা প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। আনহাতে বিজেপিয়ে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক অমিথি সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।


সংবাদ মাধ্যম সংস্থাৰ সৈতে বাৰ্তালাপ কৰোঁতে বিজেপি প্ৰাৰ্থী স্মৃতিয়ে আমেঠি আৰু ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ প্ৰাৰ্থিত্বস ন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাই। ইৰাণীয়ে আমেথিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰি কয়, “বিজেপি আৰু দলৰ জ্যেষ্ঠ নেতাসকলে মোক আমেথিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাটো এক ,” তেওঁ কয়। ইৰাণীয়ে কয় “আমেথিৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ ইতিবাচক চিন্তাৰ বাবেই আমেথিত যোৱা ৫ বছৰত ১.১৪ লাখ ঘৰ, ৪ লাখ শৌচালয়, ৩.৫ লাখ পানীসংযোগ প্ৰদান কৰা হৈছে।”

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ব’হাগৰ এটা দিন উদযাপন…

যোৱা সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ চৌহদত ‘বিহু গ’লে বিনাবা কাক’ শীৰ্ষক ব’হাগৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ প্ৰস্তুত কৰা বিভিন্ন থলুৱা খাদ্যাভ্যাস, সাজ-পাৰ, আ-অলংকাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে ।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, সহকাৰী পঞ্জীয়ক(শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক, বিভাগটোৰ মুৰব্বী ড° শ্যামলী দলৈৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী, অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ বিয়লিলৈ আয়োজিত ব’হাগৰ এদিন কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ কৌশিক নন্দন বৰুৱাই ।

বিভাগৰ অধ্যাপক ড° চন্দ্ৰকমল চেতিয়া আৰু অধ্যাপক, লেখক গণেশ বৰাই অনুষ্ঠানটোত বিহু সম্পৰ্কে তাত্বিক বক্তব্য আগবঢ়াই । অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা ঈশাপ্ৰিয়া শইকীয়াই পাৰ্শ্বজ্যোতি নাথ আৰু বিপ্লৱ চেতিয়াৰ সহযোগত গীত পৰিৱেশন কৰাৰ লগতে শিক্ষাতত্ব বিভাগৰ ছাত্ৰীসকলে জেং বিহু প্ৰদৰ্শন কৰে । তদুপৰি বিভাগৰ ছাত্ৰ শান্তনু কৌশিক শইকীয়া, ছাত্ৰী হিমাশ্ৰী ভট্টাচাৰ্যই গীত পৰিৱেশন কৰে লগতে বিভাগৰ ছাত্ৰী প্ৰিয়ংকা টায়েঙে বিহু নৃত্য প্ৰদৰ্শন কৰে । হিমশিখা সন্দিকৈয়ে আঁতধৰা অনুষ্ঠানত কৰুণা কচাৰীয়ে শলাগৰ শৰাই আগবঢ়াই ।

কাছাৰৰ জাতিংগা নদীত বন বিভাগৰ অভিযানত জব্দ অবৈধ শিল ভৰ্তি ট্ৰাক…

উদাৰবন্দৰ ৰেঞ্জৰ অধীনত থকা জাতিংগা মহলত অভিযান। অভিযানত কেইবাখনো বল্ডাৰ ভৰ্তি ট্ৰাক, কেইবাখনো ফকলেণ্ড জব্দ কৰে।‌। কাছাৰৰ জাতিংগা নদীত বন বিভাগৰ অভিযান ।

একাংশ বন মাফিয়াৰ বিৰুদ্ধে অবৈধভাৱে শিল‌ আৰু বল্ডাৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। জব্দ কৰা বাহন সমুহ মাৰুৱাচৰা বিট অফিচত জব্দ কৰি ৰখা হৈছে ।

 অভিযানৰ সময়ত ক্ৰেছাৰটোৰ যথেষ্ট বিসংগতি ধৰা পৰে। অভিযান কাৰী দলটোক ক্ৰেছাৰ কতৃপক্ষই প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাব পৰা নাই বুলিও জানিব পৰা গৈছে।

আহি আছে বানৰ সংহাৰঃ ৰাজ্যৰ বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিব ৰবি কোটাই…

অসমৰ মুখ্য সচিব ৰবি কোটাই সোমবাৰে ৰাজ্যখনত আগন্তুক বৰষুণৰ বতৰৰ আৰম্ভণিতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ বান প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। মুখ্য সচিবৰ সভা গৃহত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত কোটাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা আয়ুক্তসকলৰ (ডিচি) পৰা জিলা পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ লয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে মুখ্য সচিবক আগন্তুক বানপৰিস্থিতিৰ বাবে ৰাজ্যিক পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে ব্যাখ্যা কৰে আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তুত কৰা এছডিআৰএফৰ নিয়ম আৰু বিত্তীয় ক্ষমতা তথা বাজেট ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই (আৰএমচি) জনাইছে যে আইএমডিয়ে মে’ৰ শেষৰ ফালে ৰাজ্যখনৰ বাবে ৭ দিনৰ ভৱিষ্যতবাণী জাৰি কৰিছে। এই কেইটা দিনত অসমত অধিক বৰষুণৰ ভৱিষ্যতবাণীকৰা হৈছে৷ ব্ৰহ্মপুত্ৰ বোৰ্ডে জনায় যে মাজুলীত তেওঁলোকৰ নটা চলিত আঁচনি আছে, য’ত ৯৭ শতাংশ কাম সম্পূৰ্ণ হৈছে। তেওঁলোকে বানপানীৰ বতৰত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰকল্পৰ স্থানবোৰত জিঅ’বেগৰ ব্যৱস্থা কৰিছে।
খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে কেন্দ্ৰীয় চৰকাৰক অসমলৈ ২০,০০০ মেট্ৰিক টন ওএমএছএছ চাউল আৱণ্টন কৰিবলৈ অনুৰোধ জনোৱাৰ কথাও সভাত উল্লেখ কৰে। ইউনিচেফে জনায় যে মুখ্য কাৰ্যবাহী বিষয়া এএছডিএমএ-ৰ সৈতে আলোচনা কৰা অনুসৰি, তেওঁলোকে নিম্নতম নিশ্চিত সেৱাৰ আগবঢ়াবলৈ প্ৰতিটো ৰাজহ চক্ৰত স্থাপন কৰিবলগা আদৰ্শ সাহায্য শিবিৰ অসম চৰকাৰক সহায় কৰিব।

এন ডি এ চৰকাৰে কেতিয়াও সংবিধানৰ ক্ষতি সাধন নকৰেঃ অমিত শ্বাহ…

গুৱাহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এখন বিশেষ বিমানেৰে সোমবাৰে বিয়লি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ বিমান বন্দৰত অমিত শ্বাহক আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কুইন ওজা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী ৰণোজ পেগু, বিধায়ক তেৰছ গোৱালা, বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিকে ধৰি বহুতো বিজেপি নেতাই ৷ বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ ৰেডিচন ব্লুত কিছুসময় জিৰণি লৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে শ্বাহে ৷ নিশা কইনাধৰাত কটায় গৃহমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ এই চাৰিটা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মহানগৰীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা সন্ধিয়া বজাত এক ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলায় গৃহমন্ত্ৰীগৰাকীয়ে ৷ সমগ্ৰ পথছোৱাত অমিত শ্বাহৰ বেনাৰ‌-হৰ্ডিঙেৰে সজাই তোলা পৰিলক্ষিত হয় ৷ পথৰ কাষে কাষে বিজেপিৰ বেনাৰ-পোষ্টাৰ আঁৰি দিয়া দেখা গৈছে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰে কেতিয়াও সংবিধানৰ ক্ষতি নকৰে, আৰু বিৰোধীয়ে ভোটাৰসকলক ভয়ৰ মাজত ৰখাৰ দ্বাৰা বিপথে পৰিচালিত কৰি আহিছে। গৃহমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে “ভুৱা আৰু ৰূপান্তৰিত” ভিডিঅ’ৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ কথাওও উল্লেখ কৰে। শ্বাহে কয় ” আমি অসমৰ সকলো লোকসভা আসনত জিকিম… ভোটাৰ তালিকা শুদ্ধ কৰা হৈছে, সেয়েহে বুজা যায় যে ভোটদান হ্ৰাস পাইছে। যেতিয়া ফলাফল আহিব, আমি দেখিম যে বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব,”।


আনহাতে এই ৰোড শ্ব’ক লৈ কটকটীয়া কৰি তোলা হয় মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা ৷ পথৰ কাষৰ ওখ অট্টালিকাবোৰৰ চাদত আৰক্ষী মোতায়েন কৰা হয় ৷ মহানগৰীৰ কেতবোৰ নিৰ্দিষ্ট পথত “ন’ ড্ৰোণ, ন’ ফায়াৰ ক্ৰেকাৰছ আৰু ন’ ফ্লাই জ’ন” হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে ৷ লগতে অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ বিশেষ পথ নিৰ্দেশনাও জাৰি কৰে মহানগৰ যান-বাহন আৰক্ষীয়ে ৷ আজি নিশা ৯ বজালৈ পৰ্যন্ত থাকে এই নিৰ্দেশনা ৷ ইফালে এই ৰোড শ্ব’ত এক লাখতকৈয়ো অধিক সমাগম হ’ব বুলি জানিবলৈ দিছে বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ এই ৰেলীত তেওঁ প্ৰায় এক লাখ বিশ হাজাৰ সমাগম হ’ব বুলি মন্তব্য কৰে ৷

২৯ এপ্ৰিলত কিয় পালন কৰা হয় আন্তৰ্জাতিক নৃত্য দিৱস…

আজি আন্তৰ্জাতিক নৃত্য দিৱস। প্ৰতি বছৰে ২৯ এপ্ৰিলত বিশ্বজুৰি আন্তৰ্জাতিক নৃত্য দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে মানুহক বিভিন্ন প্ৰকাৰৰ নৃত্যৰ গুৰুত্ব আৰু ইয়াৰ লাভালাভৰ বিষয়ে অৱগত কৰা। এই দিনটো নৃত্যৰ যাদুকৰ বুলি কোৱা জৰ্জেছ ন’ভাৰেৰ প্ৰতি উৎসৰ্গিত। এই দিনটোৰ উদযাপন কেনেদৰে আৰম্ভ হৈছিল জানো আহক।

নৃত্য কেৱল মনোৰঞ্জনৰ এক মাধ্যম নহয়, কিন্তু ই আৱেগ, কলা আৰু সংস্কৃতি প্ৰদৰ্শন তথা স্বাস্থ্যৱান হৈ থকাৰ এক উৎকৃষ্ট উপায়। প্ৰতি বছৰে ২৯ এপ্ৰিলৰ দিনটো বিশ্বজুৰি ‘আন্তৰ্জাতিক নৃত্য দিৱস’ হিচাপে পালন কৰা হয়। সমগ্ৰ বিশ্বৰ নৃত্যশিল্পীসকলক উৎসাহিত কৰিব পৰাকৈ এই দিৱস পালন কৰা হয়। এই দিনটোত নৃত্য সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কথক, ভাৰত নাট্যম, হিপ হপ, বেলে, চালচা, লাৱনীৰ দৰে বহু নৃত্য আছে, যিবোৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয়।


আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ (আইটিআই) আন্তৰ্জাতিক নৃত্য সমিতিয়ে ১৯৮২ চনত আন্তৰ্জাতিক নৃত্য দিৱস আৰম্ভ কৰিছিল। আইটিআই হৈছে এক বেচৰকাৰী সংগঠন, যি ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনৰ (ইউনেস্কো) অংশ। আন্তৰ্জাতিক নৃত্য দিৱস নৃত্যৰ যাদুকৰ জিন জৰ্জেছ ন’ভাৰেৰ নামত উৎসৰ্গিত। জৰ্জেছ ন’ভাৰে এজন বিখ্যাত বেলে বিশাৰদ আছিল, যাক বেলেৰ পিতৃ বুলিও জনা যায়। ১৭২৭ চনৰ ২৯ এপ্ৰিলত জৰ্জেছ ন’ভাৰেৰ জন্ম হৈছিল। ১৯৮২ চনত আইটিআইৰ নৃত্য সমিতিয়ে ২৯ এপ্ৰিলত আন্তৰ্জাতিক নৃত্য দিৱস হিচাপে তেওঁৰ জন্মদিন উদযাপন কৰি জৰ্জেছ ন’ভাৰেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ২৯ এপ্ৰিলত আন্তৰ্জাতিক নৃত্য দিৱস উদযাপন কৰা হয়। তেওঁ নৃত্যৰ বিষয়ে ‘লেটাৰছ অন দ্য ডান্স’ নামৰ এখন কিতাপো লিখিছিল, য’ত নৃত্য সম্পৰ্কীয় বহু মূল্যৱান কথা আছে। আন্তৰ্জাতিক নৃত্য দিৱসৰ উদ্দেশ্য কেৱল পৃথিৱীৰ সকলো নৃত্যশিল্পীক উৎসাহিত কৰাই নহয়, লগতে নৃত্যৰ লাভালাভৰ বিষয়ে সাধাৰণ লোককো অৱগত কৰা। নৃত্যই কলাৰ জৰিয়তে বিভিন্ন সংস্কৃতিৰ মাজত বুজা-বুজিবৃদ্ধি কৰে, সমৃদ্ধি আৰু একতাৰ পৰিৱেশ সৃষ্টি কৰে।