Home Blog Page 853

১১-১২ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ চহা শিল্পী চক্ৰপতি দেউৰীলৈ শিল্পী অই আপ্পুন গণেশ পেগু বঁটা…

গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৪০ সংখ্যক গোগামুখ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱটি ১১ আৰু ১২ মে’ত দুদিনীয়ৰ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব লগা উক্ত ব’হাগী বিদায় উৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে ৷ এইমতে ড° ৰূপেশ্বৰ চেতিয়াক সভাপতি, ড° সুৰজিৎ দলেক কাৰ্যকৰী সভাপতি, ঋতুপৰ্ণ কোঁচক সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে ৷ উদযাপন সমিতি আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক ৰাহুল দেউৰীয়ে জনোৱা মতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই প্ৰতি বছৰে প্ৰদান কৰি অহা  বৰেণ্য শিল্পী-সাহিত্যিক, সমাজ সংগঠক শিল্পী অই আপ্পুন গণেশ পেগু বঁটা এইবাৰ প্ৰদান কৰা হ’ব চহা শিল্পী তথা দেউৰী  সমাজৰ পুৰুধা ব্যক্তি  চক্ৰপতি দেউৰীক ৷ চক্ৰপতি দেউৰী হৈছে দেউৰী সমাজৰ লোকগীত আৰু লোকসংস্কৃতিৰ সাধক আৰু পথ প্ৰদৰ্শক তথা দেউৰী সমাজৰ প্ৰথমগৰাকী সংগীতশিল্পী ৷  তেওঁ দেউৰী সমাজৰ প্ৰথমখন বোলছবি ‘চ্চেকুঁ নুৱামাৰ’ গীতিকাৰ-সুৰকাৰ আৰু কণ্ঠশিল্পী আছিল ৷

বহু দেউৰী গীতৰ স্ৰষ্টা চক্ৰপতি দেউৰী নিজাববীয়াকৈ ববীয়াকৈয়ো বহু দেউৰী গীত ৰচনা কৰি অসমৰ চুকে-কোনে পৰিৱেশন কৰাৰ লগতে অডিঅ’ৰ যোগেদিও বাণিবদ্ধ কৰিছে ৷ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মিৰি-জীয়ৰি বোলছবিখনত অই আপ্পুন গণেশ পেগু আৰু চক্ৰপতি দেউৰীয়ে একেলগে অভিনয় কৰিছিল ৷ হাবি-জংঘলেৰে আবৃত তেতিয়াৰ  সোৱণশিৰি নদীৰ পাৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ড° হাজৰিকাক গণেশ পেগু আৰু চক্ৰ    দেউৰীয়ে অতিকৈ ওচৰ চপাই নিছিল তিনিওগৰাকীয়ে সোৱণশিৰি নৈৰ নৈসৰ্গিক দৃশ্য বহুদিন ধৰি উপভোগ কৰি ঘুনাসূঁতিৰ জংকি-পানৈক গীতেৰে-সুৰেৰে আৱিষ্কাৰ কৰিছিল ৷ দেউৰী  সমাজৰ এইগৰাকী পুৰুধা ব্যক্তি চক্ৰপতি দেউৰীৰ জন্ম হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কিনাপথাৰ দেউৰী গাঁৱত ৷  সৰুৰে পৰা গীত গাই, সংগীত চৰ্চ্চা কৰি ভালপোৱা আৰু অগনণ জনতাক গীতৰ মাদকতা বিলাই ফুৰা চক্ৰপতি দেউৰীৰ জীৱন সংগ্ৰাম কিন্তু বৰ সুখদায়ক নহয় ৷  সম্ভাৱনাময় মেধা শক্তি থাকিও কেৱল আৰ্থিক অনাটনৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অবতীৰ্ণ হ’ব নোৱাৰিলে তেওঁ ৷

সম্প্ৰতি ৬২ বছৰ গৰকা চক্ৰপতি দেউৰীৰ থাকিবলৈ নাই উপযুক্ত ঘৰ, সংগীত চৰ্চা অব্যাহত ৰাখিবলৈ নাই কোনো সুবিধা ৷ আৰ্থিক অনাটনে জুৰুলা কৰা চক্ৰপতি দেউৰী সম্প্ৰতি জীৱন যুদ্ধত দিশহাৰা ৷ চৰকাৰী কোনো সা-সুবিধাই তেওঁ লাভ কৰা নাই ৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পৰাও তেওঁ ফুটা কড়ি এটাও লাভ কৰা নাই ৷ এনে এজন অভাবগ্ৰস্ত শিল্পীক ছাত্ৰ সন্হাই অই আপ্পুন শিল্পী বঁটা প্ৰদান কৰাত স্বাভাৱিকতে দেউৰী সমাজৰ লগতে গোগামুখবাসী উৎফুলিত হৈ পৰিছে ৷ উল্লেখনীয় যে, ১২ মে’ত অই আপ্পুন শিল্পী গণেশ পেগু বঁটা চক্ৰপতি দেউৰীক প্ৰদান কৰা হ’ব ৷ এই বঁটাত আছে নগদ ধন, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, ৰিঃবি গাছেং, মিবু গালুগ, মিচিং মাফলাৰ, প্ৰশংসা পত্ৰ আদি ৷ উদযাপন সমিতিয়ে জনোৱা মতে ব’হাগী বিদায় উৎসৱত পূৰ্বৰ দৰে বৰ বিহুৱতী, সৰু বিহুৱতী, টকা বিহু, জেং বিহু, হুচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ৰচনা, টেকেলিভঙা, ৰচী টনা, পিতা-পনা বনোৱা প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব ৷

অসমৰ কল্যান আৰু উন্নতি বিচৰাসকলে ভাজপা-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ…

সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ সমাপ্তিৰ পিছত সমগ্ৰ দেশৰ লগতে অসমতো । এইক্ষেত্ৰত প্ৰতিদ্বন্দী দলসমূহৰ তুলনাত শাসকীয় ভাজপা-মিত্ৰজোঁট বহু যোঁজন আগুৱাই আছে। শনিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে গাৰিগাঁও ঈদগাহ ময়দান, প্ৰাগজ্যোতিষ কলা-কৃষ্টি সংঘৰ খেলপথাৰ আৰু আদাবাৰীৰ জয়মতী নগৰ নতুন কলনীত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ভাজপা-মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ জনতাক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়-মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ আমোলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ এক মহাযজ্ঞৰ সূচনা হৈছে।

এয়া অভূতপূৰ্ব। এই উন্নয়ন অব্যাহত ৰখাৰ দায়িত্ব অসমবাসীৰ। কেন্দ্ৰত একেৰাহে তৃতীয়বাৰৰ ভাজপা-মিত্ৰজোঁটৰ চৰকাৰ গঠন নিশ্চিত কৰি অসমবাসীয়ে সেই দায়িত্ব পালন কৰিব লাগিব। “দেশ তথা ৰাজ্যত ইতিমধ্যে সম্পন্ন হৈ যোৱা দুয়োটা পৰ্যায়ৰ ভোটদানতে ভাজপা-মিত্ৰজোঁটে বিপুল সমৰ্থন লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে। ‘অসমৰ কল্যান আৰু উন্নয়ন অব্যাহত থকাতো বিচৰাসকলে ভাজপা-মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত জয়যুক্ত কৰিব’ বুলি মাননীয়া মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাননীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহন কৰা প্ৰতিখন সভাতে যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। ‘কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাজপা-মিত্ৰজোঁট চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ কল্যানৰ বাবে পদক্ষেপ লোৱা বুলি দোহাৰি তেওঁ কয় যে, ভাজপাই জনতাৰ কল্যানৰ বাবে অবিৰত কাম কৰি যাব।


শনিবাৰে বিত্তমন্ত্ৰীৰ উপৰি সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো এই সভাসমূূহত ভাজপা প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলায়। উল্লেগযোগ্য যে, তাছা ডাঙৰীয়াই এইবাৰৰ নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। অহা ৭ মে’ত বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লগতে গুৱাহাটী সংসদীয় সমষ্টিৰ ভোটগ্ৰহন অনুষ্ঠিত হ’ব।

পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰাৰ অপ্ৰাণ চেষ্টা ন-শিল্পী পাৰ্থ প্ৰতীম দাসৰ…

ৰাজ্যত চৌদিশে এতিয়া ৰঙালী বিহুৰ আনন্দ উলাহৰ পৰিৱেশ। প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ অনুষ্ঠান। ৰঙালী বিহুত ব্যস্ততা বাঢ়িছে শিল্পী সকলোৰ মাজত। এনে সময়তে বৃহত্তৰ যোগীঘোপা অঞ্চলটোৰ লগতে জিলাখনতে এতিয়া চৰ্চিত হৈছে এগৰাকী ন-শিল্পীৰ। শিল্পী গৰাকী যোগীঘোপাৰ কুমাৰকটা গাঁৱৰ গৌতম দাস আৰু পাৰুল পাঠক দাসৰ একমাত্ৰ পুত্ৰ পাৰ্থ প্ৰতীম দাস। পাৰ্থ প্ৰতীম দাস এইবেলি বিহুৰ মঞ্চত গীত পৰিবেশন কৰি অঞ্চলটোৰ কেইবাখনো বিহু মঞ্চত সমাদৰ লাভ কৰাৰ লগতে মাতৃৰ আধৰুৱা সপোন পুৰন কৰিবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছে।

কাৰণ পাৰ্থ প্ৰতীম দাসৰ মাতৃ পাৰুল পাঠক দাসে সৰুৰে পৰা এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ সপোন দেখিছিল। তেওঁৰ এই সপোন আধাবাটতে মৰহি যায়। ঘৰৰ অভাৱ অনাতনৰ বাবে শিল্পী হোৱা সপোন সপোন হৈয়েই ৰল। বিয়াৰ পিছতে তেওঁৰ স্বামীৰ সহযোগত তেওঁলোকৰ একমাত্ৰ সন্তানক সেই সকলো সুবিধা দিয়াৰ বাবে আজি বদ্ধপৰিকৰ। পিতৃ গৌতম দাসৰো সৰুৰে পৰা গীত -মাতত যথেষ্ট ৰাপ আছিল। বিয়া পিছত পত্নীৰ সৈতে বিভিন্ন অনুষ্ঠানত একেলগে গীত পৰিবেশন কৰিছিল। কিন্তু সময়ৰ গতিত তেওঁলোকৰ সপোন কেৱল সপোন হিচাপে ৰৈছিল। সৰুৰে পৰা পাৰ্থৰো গানৰ প্ৰতি আকৃষ্ট আছিল। সেয়ে একমাত্ৰ পুত্ৰ পাৰ্থ প্ৰতীমক অশেষ দুখ কষ্টৰ মাজেৰে গানৰ লগতে বাদ্যযন্ত্ৰ শিকাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰীৰ লাভ কৰা পাৰ্থ প্ৰতীমে বৰ্তমানে এগৰাকী গায়ক হিচাপে সমাদৰ লাভ কৰাত তেওঁৰ পিতৃ- মাতৃৰ যেন আধৰুৱা সপোন তেওঁৰ পুত্ৰ‌ই পুৰণ কৰিলে । পুত্ৰৰ এই প্ৰচেষ্টাত তেওঁলোক দুয়োজনে এতিয়া সুখী।

নিৰ্মল হালৈ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন…

দুমাহ পূৰ্বে যোগদান কৰা পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ নৱ নিযুক্ত অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই মহাবিদ্যালয়খনক সামগ্ৰীক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে অতি কম সময়ৰ ভিতৰতে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ অংশ হিচাপে গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ তথা পাটাছাৰকুছি অঞ্চলক জনমানসত অধিক উদ্ভাসিত কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থগাৰত স্থাপিত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ প্ৰকাশিত বিশেষ গ্রন্থ সংগ্ৰহ কেন্দ্ৰ এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পাটাছাৰকুছিৰ সু সন্তান ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।

আনহাতে অসম লোকসেৱা আয়োগ আদিৰ দৰে প্ৰতিযোগীতামূলক পৰীক্ষাত পৰীক্ষাৰ্থীৰ সহায়ক হোৱাকৈ প্ৰয়োজনীয় গ্ৰন্থৰ মুজুতেৰে মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থগাৰতে স্থাপন কৰিবলৈ লোৱা গুৰুত্বপূৰ্ণ ষ্টলটো একেলগে উদ্বোধন কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ তথা পাটাছাৰকুছিৰ সু সন্তান ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। এই উপলক্ষে মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছ ৰূমত অনুষ্ঠিত তথা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা নৱনীতা কলিতাই আঁত ধৰা এখন সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই আদৰণি ভাষণ ৰাখে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামী, অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা কৈলাশ চন্দ্ৰ ৰয়, অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ডা: অতুল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰণীধৰ ৰয়, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভাবিত চন্দ্ৰ হালৈ আদিকে ধৰি বহুতো স্থানীয় বিশিষ্ট ব্যক্তি তথা মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকা, গ্ৰন্থগাৰিক, কৰ্মচাৰী, কিছু ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে। সভাখনত শলাগৰ শৰাই আগবঢ়াই উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই।

ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰীত ৩৫ বছৰে উন্মুক্ত হৈ পৰি আছে দুৱৰীছিগা ডুবি, ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা

ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰী মৌজাৰ দুৱৰীছিগা গাঁৱত অৱস্থিত এটি ডুবিয়ে সম্প্ৰতি ভয়ংকৰ বিপদ মাতি অনা পৰিলক্ষিত হৈছে৷ বিপদজনকভাৱে থকা ডুবিটোয়ে যিকোনো মূহূৰ্ততে কাৰোবাৰ জীৱন কাঢ়ি নিব পাৰে ৷ উল্লেখ্য যে ১৯৮৯ চনৰ ৫ জুলাইত স্হানীয় দিহিংনদী ফেনেফুটুকাৰে বাঢ়ি আহি অহাৰ ফলত দুৱৰিছিগা মথাউৰি ভাগি নিতাইপানীদিহিঙত এক প্ৰলয়ংকৰ সৃষ্টি কৰিছিল৷দুৱৰীছিগা মথাউৰি ছিগাৰ স্মৃতি আজিও অঞ্চলটোৰ ৰাইজৰ মাজত সজীৱ হৈ আছে৷ দুৱৰীছিগা মথাউৰি ভঙাৰ ফলত অঞ্চলটোৰ খেতিপথাৰ প্ৰায় সুৰ্দীঘবছৰ কাল ছন পৰি যোৱাৰ লগতে বিভীষিকাময় পৰিস্থিতি এতিয়াও পাহৰি নাই৷ তেনে এক স্মৃতি ধৰি ৰাখিছে নিতাই পথত অৱস্থিত দুৱৰীছিগা ডুবিটোয়ে৷ উল্লেখ্য যে প্ৰায় দুবিঘা মাটিকালিৰ ডুবিটোক লৈ ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈ আহিছে৷

যিটো ডুবি খৰালি পানীৰে ভৰি থকাৰ লগতে যিকোনো মূহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে৷ ইফালে ডুবিটোৰ সন্মুখতে আছে এখন বেচৰকাৰী শিক্ষানুষ্ঠান৷ বিদ্যালয়খনলৈ অহা কণকণ ছাত্ৰ-ছাত্ৰীৰ উপৰি পথটোয়েদি নিতৌ নিতাইপুখুৰীৰ একাধিক বিদ্যালয় আৰু মহাবিদ্যালয়লৈ শ শ ছাত্ৰ-ছাত্ৰী অহাযোৱা কৰে৷অতি গুৰুত্বপূৰ্ণ পথটোয়েদি শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন কামকাজত অহা ৰাইজৰ বাবেও ডুবিটো বিপদজনক হৈ আছে৷ উল্লেখ্য যে ৩৫ বছৰে উন্মুক্ত হৈ থকা দুৱৰিছিগা ডুবিটোত ইতিমধ্যে আঘোণ পোহ মাহত ঘন কুৱলিত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷ সেই মাহকেইটাত পথটো কুৱঁলিয়ে ভৰি থকাত বাটৰুৱাৰ বাবে ডুবিটো অধিক বিপদজনক হৈ পৰে৷ৰাইজে বিভাগীয় কতৃৰ্পক্ষক শীঘ্ৰে দুৱৰিছিগা ডুবিৰ চৌদিশে পোহৰ আৰু বাউণ্ডেৰি ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷এই ক্ষেত্রত ডিমৌ ৰাজহ চক্রৰ চক্র বিষয়াক বিষয়টো গুৰুত্বসহকাৰে লবলৈও ৰাইজে আহ্বান জনায়।

৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…

৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে। ৬০ বছৰীয়া ‘যুৱতী’ আলেজান্দ্ৰা মাৰিছা ৰড্ৰিগেজে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ মঞ্চত সেই কথা প্ৰমাণ কৰে যে বয়স মাথোঁ এটি সংখ্যাহে।


আলেজান্দ্ৰা আৰ্জেণ্টিনাৰ লা প্লাটাৰৰ বাসিন্দা। পেছাত তেওঁ এগৰাকী অধিবক্তা আৰু সাংবাদিক। ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াৰ্ছ’ নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হৈ শিৰোনাম দখল কৰিছেআলেজান্দ্ৰাই।


বিজয়ী হোৱাৰ পিছত চলিত বৰ্ষৰ মে’ মাহত ‘মিছ ইউনিভাৰ্ছ আৰ্জেন্টিনা’ নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে আলেজান্দ্ৰাই।


সমগ্ৰ বিশ্বৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা মঞ্চত আলেজান্দ্ৰাই নিজৰ নাম উজলাব বিচাৰিছিল। আলেজান্দ্ৰাই প্ৰমাণ কৰিব বিচাৰিছিল যে বয়স সৌন্দৰ্য্যৰ কোনো বাধা নহয়।


হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

আঘাতপ্ৰাপ্ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷

হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷

বাগদোগৰা বিমানবন্দৰত এই ঘটনা সংঘটিত হয়৷


হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰে মুখ্যমন্ত্ৰীগৰাকী।


আঁঠুত সামান্য আঘাত পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…

Woman drying sweat using a wipe in a warm summer day

গৰমত সাৱধানতা অৱলম্বন কৰিব লাগে। কিছুমান নিয়ম মানি চলিব লাগিব গৰমত। আকৌ গৰমত দিনৰ ভাগত বাহিৰলৈ ওলাই যাওঁতে কিছুমান বিশেষ বস্তুৰ পৰা আঁতৰি থাকিব লাগে।গতিকে, গৰমত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে গৰমৰ অশান্তি নহয়। এই গ্ৰীষ্মকালত নিজকে সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগে, আৰু কি কৰিব নালাগে জানো আহক-

১)দিনত ছানস্ক্ৰীণ প্ৰয়োগ নকৰাকৈ বাহিৰলৈ নাযাব। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত ছালৰ ক্ষতি হ’ব পাৰে। ইয়াৰ বাহিৰেও ছানস্ক্ৰীণ প্ৰয়োগ নকৰিলে ৰ’দত পোৰাৰ আশংকা থাকে।

২)দিনত ৰ’দত ওলাই যাব লগা হ’লে কপাহী কাপোৰবোৰ পিন্ধিব। ৰ’দ, ঘাম আৰু গৰমত বেলেগ কাপোৰ পিন্ধিলে অস্বস্তি আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে।

৩) ৰ’দলৈ চোৱাৰ প্ৰয়োজন নাই, ৰ’দৰ বাবে চকু দুটাও পুৰে। গতিকে ছানগ্লাছ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।

৪)বেগত পানী ৰাখিবলৈ নাপাহৰিব। অফিচ পোৱাৰ লগে লগে ডিঙি তিয়াই ল’ব। লগত পানীৰ বটল এটাও নিনিয়াকৈ ওলাই যোৱাটো মূৰ্খামি হ’ব।

৫) কেৱল বগা পানী খোৱাৰ পৰিৱৰ্তে গ্লুক’জ বা ORS ৰ লগত মিহলাই খাব পাৰে। ঘামৰ জৰিয়তে শৰীৰৰ পৰা অহা অত্যাৱশ্যকীয় খনিজ পদাৰ্থবোৰ পানীৰ লগত মিহলি হয়।

আনহাতে গৰমত কি কি নকৰিব-

১) অস্বস্তিৰ সৃষ্টি কৰিব পৰা যিকোনো কাপোৰ পিন্ধিব নালাগে। সদায় কপাহী কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। কেৱল দিনতে নহয়, ৰাতিও পাতল কপাহী কাপোৰ পিন্ধি ওলাই যোৱাটো ভাল।

২) ৰাস্তাৰ কাষৰ খাদ্য, কাটি লোৱা ফল নাখাব। গৰমত শৰীৰটো ভাগৰুৱা হৈ পৰিছে। গতিকে ৰাস্তাত খোজ কাঢ়ি গৈ থাকোঁতে ৰাজপথৰ দোকানৰ কটা ফলৰ দোকানখনত থিয় হৈ আছে বহু লোক। গ্ৰীষ্মকালত এনে কটা ফল খালে ডায়েৰিয়া, পেট বেয়া হোৱাৰ আশংকা।

৩) গৰম বতৰত ডিঙি তিয়াবলৈ বহুতে ৰঙীন পানীয় আৰু শীতল পানীয়ৰ চুমুক দিয়ে। এনে পানীয় শৰীৰৰ বাবে একেবাৰেই স্বাস্থ্যকৰ নহয়।

৪) দিনৰ ভাগত চুটি কাপোৰ নিপিন্ধাই ভাল। ৰ’দত পোৰাৰ ফলত ছাল বেয়া হ’ব পাৰে। ইয়াৰ বাহিৰেও সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালৰ ক্ষতি কৰে। গতিকে সূৰ্যৰ পোহৰে যাতে ছালখন স্পৰ্শ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।

চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ

এক নিদাৰুণ ঘটনা পোহৰলৈ আহিছে। গোৱাৰ এটা ফ্লেটত উদ্ধাৰ হৈছে দুই উচ্চ শিক্ষিত ভাতৃৰ মৃতদেহ। অনুমান কৰা অনুসৰি দুই ভাতৃয়ে দীৰ্ঘদিন ধৰি কোনো আহাৰ খাবলৈ পোৱা নাছিল। নিবনুৱা দুই ভাতৃৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। গোৱাৰ মাৰগাঁৱৰ এটা এপাৰ্টমেণ্টত দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে বহু নতুন কথা পোহৰলৈ আহিছে। মৃত দুই ভাতৃৰ এজন অভিযন্তা আৰু এজন বাণিজ্য স্নাতক। মৰণোত্তৰ পৰীক্ষাই সূচাইছে যে পুষ্টিহীনতাৰ বাবেই তেওঁলোকৰ মৃত্যু হ’ব পাৰে। তেওঁলোকে এটা মছজিদৰ কাষৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। আৰক্ষীয়ে দুৱাৰ ভাঙি দুয়োজন ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিছে। তেওঁলোকৰ এজনৰ বয়স ২৯ বছৰ আৰু আনজনৰ বয়স ২৭ বছৰ। আনহাতে তেওঁলোকৰ মাকক আন এটা কোঠাত অচেতন অৱস্থাত পোৱা গৈছে। তেওঁৰ বয়স ৫০ বছৰ। খাবলৈ নোপোৱাৰ ফলতে দুই ভাতৃৰ শৰীৰ অতি ক্ষীণ হৈ পৰিছিল। অচেতন অৱস্থাত উদ্আধাৰ কৰা মাকক স্থানীয় চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছে।

দক্ষিণ গোৱাৰ আৰক্ষী অধীক্ষক সুনীতা সাৱন্তে প্ৰকাশ কৰা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰাথমিকভাৱে “অত্যধিক পুষ্টিহীনতা”ৰ ফলতে তেওঁলোকৰ মৃত্যু হোৱাৰ ইংগিত দিয়া হৈছে। মৃতকৰ এজন খুৰাকে প্ৰকাশ কৰা মতে দুই ভাতৃয়ে বহুদিন ধৰি কোনো কাম পোৱা নাছিল। সেয়ে অভাৱে তেওঁলোকক হেঁচা মাৰি ধৰিছিল। নিবনুৱা হৈ থকাৰ বাবেই তেওঁলোকে হয়তো বহুদিন খাবলৈ পোৱা নাছিল। তেওঁলোক আন মানুহৰো সহায় বিচাৰিবলৈ টান পাইছিল বুলি খুৰাকে কয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুই ভাতৃৰ মাতৃৰ মানসিক স্বাস্থ্যৰ সমস্যা আছে।

ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰা পাঁচ লাখৰো অধিক ভোট লাভ কৰি জয়ী হৈছিল। এতিয়া গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ ৰায়বৰেলীত গান্ধী পৰিয়ালৰ মাজতে প্ৰতিদ্বন্দ্বিতাৰ পৰিবেশ ৰচনা কৰিবলৈ সষ্টম হৈ পৰিছে বিজেপি । সেইবাবেই ৰাহুল গান্ধীৰ সম্পৰ্কীয় ভাতৃ বৰুণ গান্ধীক উক্ত সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে। কিন্তু এসপ্তাহৰ চিন্তা-চৰ্চাৰ পিছত বৰুণ গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰা যুঁজিবলৈ দলৰ প্ৰস্তাৱ নাকচ কৰিছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে দাবী কৰা অনুসৰি বিজেপিয়ে প্ৰস্তাৱটো দিয়াৰ পিছত বৰুণ গান্ধীয়ে এসপ্তাহধৰি প্ৰস্তাৱটো “বিবেচনা” কৰি আছিল।কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। বৰুণ গান্ধীক এইবেলি বিজেপিয়ে পিলিভিট আসনত টিকট দিয়া নাই। অথচ পিলভিটৰ পৰা বৰুণ গান্ধীয়ে বিজয়ী হৈ আহিছিল।


পিলিভিটৰ সলনি বৰুণ গান্ধীক ৰায়বৰেলীৰ পৰা বিজেপিয়ে টিকট দিব বিচৰাৰ কথাই ঘৰৰ ভিতৰতে কাজিয়া লগাবলৈ গেৰুৱা বাহিনীয়ে চেষ্টা চলোৱা বুলি বহুতে আলোচনা কৰিছে। বৰুণ গান্ধীয়ে হয়তো ঘৰৰ মানুহৰ বিৰুদ্ধে ৰণত নামিবলৈ ইচ্ছা নথকাৰ বাবেই বিজেপিৰ সেই প্ৰস্তাৱ মানি লোৱা নাই বুলি বহুতে ধাৰণা কৰিছে। এইক্ষেত্ৰত বৰুণে সন্মতি দিব বুলি বিজেপি আশাবাদী হোৱাৰ এটা কাৰণ হয়তো আছিল যে তেওঁৰ মাতৃ মানেকা গান্ধীয়ে ১৯৮৪ চনৰ নিৰ্বাচনত প্ৰিয়ংকা গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীৰ বিৰুদ্ধে যুঁজ দিছিল। প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে একেৰাহে চাৰিবাৰ দখল কৰিছিল ৰায়বৰেলী। এইবাৰ ছোনিয়াই ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে সেই আসনত কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তাকেলৈ আলোচনা হৈ আছে।

যদিও কংগ্ৰেছে আমেঠি বা ৰায়বৰেলীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শেহতীয়া এক সাক্ষাৎকাৰত দাবী কৰিছে যে দুয়োখন আসনৰ বাবে “আচৰিত” কিবা এটা ঘোষণা কৰা হ’ব পাৰে। ছোনিয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা জয়ী হৈছিল। আসনখনৰ পৰা ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীও দুবাৰকৈ নিৰ্বাচিত হৈছিল। সেয়েহে, কংগ্ৰেছে এই পাৰিবাৰিক দুৰ্গৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ‘গান্ধী’ পৰিয়ালৰ লোককে বিচাৰে বুলি বহুতে ধাৰণা কৰিছে। এইক্ষেত্ৰত প্ৰিয়ংকা দৌৰত আগবাঢ়ি আছে বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এণ্টনিয়েও তেনে ইংগিত দিছে।