Home Blog Page 861

চিলাপথাৰত হাজং সকলৰ হঙৰানী উৎসৱৰ সামৰণি ! নিজা কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু চৰ্চাৰ আহ্বান… 

চিলাপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চতুৰ্থ বাৰ্ষিক চিলাপথাৰ কেন্দ্ৰীয় হঙৰানী উৎসৱ আজি সামৰনি পৰে। চিমেনমুখ পঞ্চায়তৰ নলবাৰী হাজং মা-লক্ষী ভৱনত অনুষ্ঠিত উৎসৱৰ অন্তিমটো দিনৰ কাৰ্য্যসূচী পুৱা এক বিশাল সাংস্কৃতিক শোভযাত্ৰাৰে শুভাৰম্ভ হয়। ৰং বিৰিঙি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি অৰ্ধ সহশ্ৰাধিক লোকে ভাগ লয় শোভাযাত্ৰাত। জাকৈ খালৈ,জাপি,নাঙল,চৰাই আদি প্ৰতীকী সজুঁলি লৈ গীত মতেৰে ৰজনজনলে আয়োজক গাঁওখনৰ চতুৰ্দিশ। দুপৰীয়া স্থানীয় যুৱতী সকলে এটি সুমধুৰ সমবেত সংগীতেৰে আৰম্ভ কৰে মুকলি সভা। আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন হাজঙে আঁতধৰা সভাৰ সঞ্চলানা কৰে আদৰণী সমিতিৰ সভাপতি বিশিষ্ট সমাজকৰ্মী সুজিত হাজঙে।

মুকলি সভাত আদৰণী ভাষণ আগবঢ়াই সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজংঙে___ হাজং জনগোষ্ঠীৰ হঙৰানী উৎসৱৰ উপৰত বক্তব্য দাঙি ধৰি __অন্যান্য জনগোষ্ঠীৰ বসন্তোৎসৱৰ দৰেই হাজং সকলৰো হঙৰানী উৎসৱ এক অন্যতম বসন্তোৎসৱ। প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতি চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত দায়ৱদ্ধতা আছে। পিছে পৰিতাপৰ বিষয় যে অদ্যপি হাজং সকল নিজা কৃষ্টি সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে। এইক্ষেত্ৰত সকলোৱে গুৰুত্ব প্ৰদান কৰি জাতিটোক আগুৱাই নিবলৈ লাগিব বুলি বহু সাৰুৱা বক্তব্য প্ৰদান কৰে। মুকলি সভাত অঞ্চল টোৰ শতাধিক বয়স্ক লোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে আয়োজক সমিতিয়ে।

ইয়াৰ পিছতেই লেৱাটনা, জাখামাৰা,গোপীনি গাহেন,ধাপা কীৰ্তন আদি দৃষ্টিনন্দন কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন হয়। গীত নৃত্যত ভাগ লয় তুলচিপুৰ জামাখাৰা দল, গোবিন্দপুৰ আৰু শ্ৰীৰামপুৰ গোপিনী গাহেন দল,ভৈয়াম বেলগুৰি বানাই কৃষ্টি দল,নলবাৰী বৌ কৃষ্টি দল, ভংগাপাৰা লেৱাটনা দল,মুক্তিয়াৰ সৰূপাম কৃষ্টি দল, মূক্তিয়াৰ নেপালী পথাৰ কৃষ্টি দল আদি শিল্পীৰ দলে ভাগ লয়। লোক বাদ্যৰ গীত মাত আৰু জনগোষ্ঠীয় নৃত্যৰে অনন্য হৈ পৰে কাৰ্যসূচী। মুকলি সভাত সদৌ অসম হাজং সাহিত্য সভাৰ সভাপতি ৰঘুনাথ হাজং,মিছিং স্বায়ত্ব পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, চিলাপথাৰ জনজাতী সংঘৰ সম্পাদক ৰামপ্ৰসাদ হাজং,প্ৰাক্তন আঞ্চলিক সদস্য বিৰেশ নম:সুদ্ৰ,সমাজকৰ্মী বিচিত্ৰ পাৱ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ জেউতি চৰালে।

অনন্যাৰ সৈতে ব্ৰেকআপ আদিত্য ৰয় কাপুৰৰ! ছাৰা আলী খানৰ সৈতে পাৰ্টিত ব্যস্ত, ফটো ভাইৰেল…

বলীউডৰ অভিনেতা আদিত্য ৰায় কাপুৰ পুনৰবাৰ লাইমলাইটলৈ আহিছে তেওঁৰ প্ৰেম জীৱনৰ বাবে। অনন্যা পাণ্ডেৰ সৈতে বিচ্ছেদৰ উৰাবাতৰিৰ খবৰ মাজতে সাৰা আলী খানৰ সৈতে আদিত্য ৰায় কাপুৰৰ ছবি ভাইৰেল হৈ পৰে। বিখ্যাত পৰিচালক অনুৰাগ বসুৰ জন্মদিনৰ পাৰ্টিত আদিত্য ৰায় কাপুৰ আৰু চাৰা আলী খানক একেলগে দেখা গৈছিল। এই পাৰ্টিৰ দুয়োৰে ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ পৰিচালক অনুৰাগ বসুৱে তেওঁৰ জন্মদিন উদযাপন কৰে। য’ত তেওঁ অতি ঘনিষ্ঠ মানুহক নিমন্ত্ৰণ কৰিছিল। সেই ঘনিষ্ঠ বন্ধুসকলৰ ভিতৰত পৰিচালকৰ আগন্তুক ছবি মেট্ৰ’ থিজ ডেজ, আদিত্য ৰয় কাপুৰ আৰু চাৰা আলী খান আছিল। অনুৰাগ বসুৰ পাৰ্টিৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত পৰিচালকগৰাকীয়ে তেওঁৰ অতিথিসকলৰ কাষ চাপি অহা দেখা গৈছে তেওঁলোকক জন্মদিনৰ কেক দিবলৈ, এই ভিডিঅ’টোত দেখা গৈছে আদিত্য আৰু চাৰাক।

আদিত্য ৰায় কাপুৰ আৰু চাৰা আলী খানক একেলগে দেখা পোৱাৰ খবৰ ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। আদিত্য আৰু চাৰাক একেলগে দেখি মানুহৰ মাজত আলোচনা হৈছে। কোনো কোনোৱে কয় যে অনন্যাৰ পৰা বিচ্ছেদ হোৱাৰ পিছত আদিত্য এতিয়া চাৰৰ প্ৰেমত পৰিছে। আনহাতে কিছুমানে কয় যে দুয়োজনে একেলগে ছবি কৰি আছে আৰু সহ-অভিনেতাসকলে একেলগে থকাৰ কোনো দোষ নাই। অনুৰাগ বসুৰ আগন্তুক ছবি মেট্ৰ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছাৰা আলী খান আৰু আদিত্য ৰায় কাপুৰে।

আফগানিস্তানৰ বাদাখশ্বানৰ দাৰাইম জিলাত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ !  প্ৰতিবাদকাৰীক দমন কৰিবলৈ গুলীবৰ্ষণ তালিবানৰ…

তালিবানৰ বিৰুদ্ধে ক্ষুব্ধ আফগানিস্তানৰ বাদাখশ্বানৰ দাৰাইম জিলাৰ একাংশ লোক । ৩ মে’ৰ পৰা তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে । প্ৰতিবাদকাৰীক দমন কৰিবলৈ গুলীবৰ্ষণ তালিবানৰ । ৫ গৰাকী নেতাক আটক কৰাৰ বিৰুদ্ধে জিলাখনৰ ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইফালে প্ৰতিবাদকাৰীসকলে জনাইছে যে লোকজনৰ মৃত্যুৰ পিচত দাৰাইমৰ বাসিন্দাসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল । সংবাদ মাধ্যমৰ মতে আফিং খেতি জ্বলোৱাৰ উদ্দেশ্যে তালিবানী যুঁজাৰুসকলে আৱাসিক এলেকাত প্ৰৱেশ কৰিছিল । কিন্তু ইয়াৰ বিপৰীতে তালিবানীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি মহিলাসকলক উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে ।

যাৰ বাবে তালিবানৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে । প্ৰতিবাদকাৰীসকলে তালিবানক মানুহৰ ঘৰ ধ্বংস কৰা আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ আৰু অন্যায় কৰাৰ অভিযোগ উত্থাপন কৰে ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি ! পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ লাভ শিক্ষাৰ্থীৰ…


বাৰেপাচি ভুলেৰে HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ দিলে ‘উদাৰ’ শিক্ষা সংসদে
সাই বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল গাগৰি নাথ


গাগৰি নাথৰ এডমিট কার্ডত নাছিল গণিত বিষয়
তৎসত্ত্বেও গাগৰি নাথৰ মাৰ্কশীটত আহিল গণিতৰ নম্বৰ ews
পৰীক্ষা নিদিয়াকৈ গাগৰি নাথে গণিত বিষয়ত লাভ কৰে ৩০ নম্বৰ


লখিমপুৰৰ পলিগন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফলতো বিসংগতি
বিদ্যালয়খনৰ ছাত্ৰী হিৰণ্ময়ী তামুলীৰ ফলাফলত বিসংগতি

বেয়া নহয়, ভাল অভ্যাস! যদিহে চাহৰ সৈতে এই সমূহ বস্তু মিহলাই খাই…

বহু মানুহে দিনটো চাহৰে আৰম্ভ কৰে। ভাৰতীয় মানুহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খাই ভাল পায়। ৰাতিপুৱা চাহ নোখোৱাকৈ আৰম্ভ নহয় যেন দিনটো। মাত্ৰ চাহৰ চুমুক এটাই মনটোক সতেজ কৰি তোলে। চাহত কিছু বস্তু যোগ কৰিলে ইয়াৰ সোৱাদ দুগুণ হয়, ভাৰতত চাহ মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। চাহে কেৱল সতেজতা আৰু শক্তি প্ৰদান কৰাই নহয় মনটোক সতেজ কৰি তোলে। আপোনালোকক কওঁ যে চাহৰ সোৱাদ বঢ়াবলৈ চাহত বহুতো বস্তু মিহলি কৰি খাব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায়। পেটৰ ৰোগ নিৰাময়তো ই সহায়ক হয়-

ডালচেনিৰ চাহঃ চাহৰ চুমুক এটাই মনটো ভাল কৰে। যদি সাধাৰণ চাহত কিছুমান বস্তু মিহলাই খাই তেন্তে চাহৰ সোৱাদ বাঢ়ি যায় আৰু আপুনিও সুস্থ হৈ থাকিব। ইচ্ছা কৰিলে তাত দালচেনি দিও চাহ খাব পাৰে। এইবোৰে আপোনাক শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বহুত সহায় কৰে। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগীক সকাহ দিয়ে।

আপুনি হৰশিংগৰ চাহ খাই ভাল পাব। চাহ গ্ৰহণ কৰিলেও শৰীৰৰ তেজ বিশুদ্ধ হ’ব। ইয়াত পোৱা এন্টি অক্সিডেন্টে আপোনাক বহু ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত বহুত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাক উচ্চ বিপি নিয়ন্ত্ৰণ কৰাত বহুত সহায় কৰে।

আপুনি ৰাতিপুৱা লেমনগ্ৰাছ চাহ খাব লাগিব, ই আপোনাৰ শৰীৰক শান্ত কৰি ৰখাত বহুত সহায় কৰে। প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে আপোনাৰ শৰীৰক ফিট কৰি ৰখাত বহুত সহায় কৰে। লেমনগ্ৰাছ চাহ খালেও আপোনাৰ হজম শক্তি উন্নত হয়।

ৰোজমেৰী ফুল চাহত মিহলাইও খাব পাৰে। ইয়াৰ এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে বহু ৰোগক শৰীৰৰ পৰা আঁতৰাই ৰখাত বহুখিনি সহায় কৰে।


উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আশানুৰূপ ফলাফল লাভ নকৰা পৰীক্ষাৰ্থীক ন উদ্যমেৰে আগুৱাই যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৪৪%

কলা শাখাত দ্বিতীয় স্থানত নলবাৰী জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.০৩%

কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা

উত্তীৰ্ণৰ হাৰ ৯৬.৫৯%

বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ

বিজ্ঞান শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা

উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ

বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা

উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত শীৰ্ষত বাক্সা জিলা, বিজ্ঞান শাখাত শীৰ্ষত তামুলপুৰ জিলা; বাণিজ্য শাখাত শীৰ্ষত শিৱসাগ জিলা…

আজি পুৱা ৯ বজাত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল-

কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৪৪শতাংশ।

কলা শাখাত দ্বিতীয় স্থানত নলবাৰী জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.০৩শতাংশ।

কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা, উত্তীৰ্ণৰ হাৰ ৯৬.৫৯শতাংশ।

বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৪২শতাংশ।

বাণিজ্য শাখাত দ্বিতীয় স্থানত বজালী জিলা, উত্তীৰ্ণৰ হাৰ ৯৬.৯১শতাংশ।

তৃতীয় স্থানত দুখন জিলা বাক্সা আৰু চৰাইদেউ, উত্তীৰ্ণৰ হাৰ ৯৫.৮৮%শতাংশ।

বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ।

বিজ্ঞান শাখাত দ্বিতীয় স্থানত শিৱসাগৰ জিলা, উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ।

বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা, উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ।

পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল…

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ফলাফলৰ বাবে সম্পূৰ্ণ সাজু শিক্ষা সংসদ ।

ahsec.assam.gov.in আৰু resultsassam.nic.inত পাব ফলাফল।

কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ

“উজনিৰ দুজনী গাভৰু” নামৰ অসমীয়া চলচিত্ৰখনত দুই যমজ ভগ্নী জোনালী আৰু তৰালীক সকলোৱে দেখা পাইছে৷আজি আমি ক’ম জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ দুই যমজ ভগ্নী গুনগুন আৰু ৰুনজুনৰ কথা৷গুনগুন অৰ্থাৎ আকাংক্ষা হাজৰিকা আৰু ৰুনজুন অৰ্থাৎ আস্মিতা হাজৰিকা দুয়োগৰাকী যমজ ভগ্নী কেৱল দেখাতেই একে নহয় তেওলোকৰ কাম কাজ সমুহো একে৷নৃত্য,খেলা-ধূলা আদিতো পাৰ্গত দুই যমজ ভগ্নী অধ্যয়নৰ দিশটোতো সমপৰ্যায়ৰ৷একেলগে একেখন টেবুলতে অধ্যয়ন কৰা দুয়ো যমজ ভগ্নী সমানে সমানেই আগুৱাইছে বিদ্যায়তনিক দিশতো৷যিটো সচৰাচৰ নোহোৱা এক ব্যতিক্ৰমী দিশ হিচাপে বিবেচিত হৈছে৷সৰুৰেপৰা বিদ্যালয়তেই নহয়

শেহতীয়াকৈ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো যমজ ভগ্নী দুয়োগৰাকীয়ে সমানে সমানে ৭২ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও দুয়োগৰাকীয়েই একেলগে সাধাৰণ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে৷এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া পিতৃ প্ৰণৱ হাজৰিকা আৰু মাতৃ পম্পী হাজৰিকাৰ দুই যমজ কন্যা ভৱিষ্যতে আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি একো একো গৰাকী অধিবক্তা হোৱাৰো মন বান্ধি লৈছে৷ যমজ ভগ্নী হৈ ৰূপৰ সামঞ্জস্যৰ উপৰিও অন্যান্য দিশৰ লগতে অধ্যয়নৰ দিশটোতো যমজ দুই ভগ্নীৰ এনে সামঞ্জস্যৰ পাৰদৰ্শিতাই এক বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ জামুগুৰিহাটতে ৷

পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?


শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ মেধাবী ছাত্ৰী পংখী সন্দিকৈ হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকৰ মাজত আৰক্ষীৰ অতি ৰহস্য জনক ভূমিকাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে৷ অসমৰ স্মাৰ্ট আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াৰ প্ৰকৃত চৰিত্ৰ কেনে তাক লৈ ৰাজ্যৰ একাধিক দল-সংগঠনে আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ উল্লেখ্য যে শিৱসাগৰ মহাবিদ্যালয়পৰা ইংৰাজী বিষয়ত মেজৰ লৈ প্ৰথম শ্ৰেণী স্নাতক ডিগ্ৰীধাৰী তথা এগৰাকী আবৃত্তিকাৰ , মডেল , অভিনেত্ৰী , ঘোষক হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা পংখী সন্দিকৈ নামৰ ২২ বছৰীয়া ছাত্ৰীগৰাকীয়ে যৌৱনৰ সপোন পূৰণ নোহওঁতে স্বামীৰ ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটিবলগা হোৱা ঘটনাই ৰাজ্যৰ লাখ লাখ লোকক আজিও ম্ৰিয়মাণ কৰি তুলিছে৷ ইফালে পংখী সন্দিকৈ মৃত্যুক লৈ নিতাইপুখুৰী আৰু ডিমৌবাসী ৰাইজ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে৷পংখী সন্দিকৈ মৃত্যুক লৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে নিতাইপুখুৰী

দুৱৰিছিগা গাঁৱৰ মাতৃগৃহত আহি পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে৷ইফালে আজি ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে’ পৰিয়ালটোৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ খবৰ লোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে পংখী সন্দিকৈ মৃত্যু অতি দুভাগ্যজনক৷আমাৰ জাতিটো কনকলতা ,সতী সাধিনী আদি নাৰীৰ আদৰ্শৰে পৰিচালিত৷পংখী সন্দিকৈ মৃত্যুৰ পিছত আৰক্ষীক দাখিল কৰা এজাহাৰখন নামৰূপ আৰক্ষীৰ নিদেৰ্শত আৰু চকুৰ আগত এগৰাকী ষোল্ল বছৰীয়া নাবালিকাই লিখিছে৷ যিটো নীতি বিৰোধ কথা৷পংখী সন্দিকৈ হত্যাৰ ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী , ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাক লিখিতভাৱে অৱগত কৰিব বুলি উল্লেখ কৰে৷ পংখী সন্দিকৈ হত্যাই মোৰ গাৰ নোম শিয়ৰি উঠিছে৷এগৰাকী প্ৰতিভাবান যুৱতীক হেৰুৱাব লগা হোৱাটো দুভাগ্যজনক৷উঠি অহা প্ৰজন্মক আমি কি শিক্ষা দিম বুলিও প্ৰশ্ন কৰে ?ইফালে জাতীয় সংগঠন বীৰ লাচিত সেনাৰ শিৱসাগৰ নগৰ সমিতিৰ সভাপতি অংকিত ৰাজ ফুকনে নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ধনৰ বিনিময়ত দোষীক ৰক্ষণাবেক্ষণ দিয়া কাৰ্য কোনো কাৰণতে মানি লোৱা ন’হব৷আৰক্ষী বিষয়াজনৰ নিদেৰ্শত দোষীক বাচিবৰ বাবে

দুভগীয়া পৰিয়ালটোৰ কন্যা তথা সদ্য মেট্ৰিক পাছ কৰা ১৬ বছৰীয়া ছোৱালীজনীয়ে এজাহাৰ লিখিছিল৷ স্মাৰ্ট অসম আৰক্ষীত এজাহাৰ লিখা মানুহ নাই নেকি বুলিও নেতাজনে প্ৰশ্ন কৰে ? নামৰূপ থানাৰ অচিৰ দাদাগিৰি নচলিব বুলি হুমকি দিয়াৰ লগতে প্ৰয়োজনত শিৱসাগৰ জিলা বন্ধৰ দৰে কাৰ্যসূচী লোৱা হ’ব৷নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰভাৱে সমালোচনা কৰি কয় মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে যুৱতী, বোৱাৰী সুৰক্ষা দিয়া কথা কৈ ফুৰে৷কিন্ত মুখ্যমন্ত্ৰীয়ে কিমানজনী জীয়ৰী-বোৱাৰীক সুৰক্ষা দিবলৈ সক্ষম হৈছে ? পংখী সন্দিকৈ হত্যাৰ তদন্ত কৰা আৰক্ষী বিষয়াজনক ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ দাবী জনোৱাৰ লগতে এগৰাকী দক্ষ আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিবলৈ দাবী জনায়৷আনহাতে অসম আৰক্ষী ডিজিপিক সমালোচনা কৰি কয় থানাত এজাহাৰ লিখিবলৈ স্মাৰ্ট অসম আৰক্ষীত মেট্ৰিক পাছ কৰা আৰক্ষী নাই নেকি ? নেতাজনে পংখী সন্দিকৈক হত্যা কৰা শিক্ষক স্বামী নীতিকেশ দাসক ফাঁচি দিবলৈ দাবী জনায়৷ইয়াৰ অন্যথা যাৱতজীৱন কাৰাদণ্ড দিবলৈ দাবী জনায়৷মুখ্যমন্ত্ৰীয়ে থানাই থানাই এজাহাৰ লিখা আৰক্ষী বিষয়া থাকিব বুলি বীৰদৰ্পে ঘোষণা কৰিছিল যদিও আজিলৈকে থানাত তেনে এজাহাৰ লিখা আৰক্ষী বিষয়া নিযুক্তি নিদিলে বুলি নেতাজনে কয়৷নেতাজনে ফাষ্টটেক আদালতত পংখী সন্দিকৈ হত্যাৰ বিচাৰ হ’ব লাগিব বুলি দাবী জনোৱাৰ লগতে দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত বীৰ লাচিত সেনা শান্তিৰে নাথাকে বুলি কয়৷যুৱ নেতা দীপজ্যোতি গগৈয়ে কয় নিতাইপুখুৰী আৰু ডিমৌ অঞ্চলৰপৰা

খুউব কম সংখ্যাক ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলাই যায়৷কিন্ত পংখী সন্দিকৈ মৃত্যুৰ পিছত স্বামী নীতিকেশ দাসৰ পৰিয়ালে পংখীৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া গোকাট মিছা৷যদি পংখী সন্দিকৈ সঁচাকৈ মানসিক ৰোগত আক্ৰান্ত হৈ টোপনি যোৱা টেবলেট খাইছিল তেন্তে মাতৃগৃহত সেই কথা কিয় অৱগত কৰা নাছিল ? বিজেপি চৰকাৰখনে বেটি বচাও বেটি পঢ়াও আদি যি শ্লোগান দিছিল সেয়া আজি তাৰ বিপৰীত ঘটনা সংঘটিত হৈছে৷নেতাজনে পংখী সন্দিকৈ দৰে মেধাবী যুৱতী-বোৱাৰী মৃত্যু নহয় তাক নজৰ দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়৷উল্লেখ্য যে নামৰূপ থানাৰ আৰক্ষীয়ে ততাতৈয়াকৈ পংখী সন্দিকৈ স্বামী নীতিকেশ দাসক ৩ মে’ত আটক কৰি ৪ মে’ত ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷আৰক্ষী বিষয়া নীলকমল বৰুৱাই দোষী যুৱকজনক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে ভুক্তভোগী পৰিয়ালটোৰ কনিষ্ঠ নাবালিকা কন্যাক দুৰ্বল এজাহাৰ লিখিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ইফালে কাইলৈ শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্হাৰ উদ্যোগত পংখী সন্দিকৈৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ডিমৌ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী লোৱা হ’ব বুলি আটাছু নেতা সুমিত কুমাৰ সন্দিকৈয়ে জানিব দিছে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণ হাজৰিকা সম্পাদক লাটু ভট্টাচার্যই আজি এক প্ৰেছ বিবৃতি যোগে পংখী সন্দিকৈৰ দৰে এগৰাকী মেধাৱী ছাত্ৰীৰ হত্যা কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক চৰকাৰে। এই হত্যাৰ লগত জড়িত স্বামী যাতে কোনো কাৰণে বাচি যাব নোৱাৰে তাৰ বাবে এজন উচ্চ পৰ্যায়ৰ আৰক্ষীক তদন্তৰ বাবে নিয়োগ কৰিবলৈও দাবী জনায় চৰকাৰ আৰু আৰক্ষীৰ শীৰ্ষ মহলক।