Home Blog Page 884

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন…

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অঘটন। অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন। মুজাফৰ নগৰৰ এখন বজাৰত সংঘটিত হৈছে এই ঘটনা। মুজাফৰ নগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়, “সন্ধিয়া ৫:৩০ বজাত এই কমপ্লেক্সটো পৰি যোৱাৰ খবৰ পোৱা গৈছিল ‘এইটো এটা দুমহলীয়া কমপ্লেক্স ।

এই সন্দৰ্ভত কোৱাৰ সময়ত মুজাফৰ নগৰত জিলা দণ্ডাধীশ অৰবিন্দ মল্লাপ্পা বাংগাৰীয়ে পূৰ্বে কয় যে, “জনসাথত এটা অট্টালিকা ভাঙি ২২-২৫ জন লোক আবদ্ধ হৈ পৰিছিল উদ্ধাৰ অভিযানৰ বাবে ইয়াত সমগ্ৰ প্ৰশাসন উপস্থিত আছে।”

যোৱা মাহত এক অসংলগ্ন ঘটনাত কলকাতাৰ গাৰ্ডেন ৰিচ এলেকাত এটা অট্টালিকা ভাঙি কমেও বাৰজন লোকৰ মৃত্যু হৈছিল। ২০২২ চনৰ ডিচেম্বৰৰ পৰা নিৰ্মাণ হৈ থকা এই ভৱনটোত ১৬টা এপাৰ্টমেণ্ট আছিল, প্ৰতিটোৰ আকাৰ আছিল ৫০০ বৰ্গফুট। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিল্ডাৰ আৰু মাটিৰ মালিকক গ্ৰেপ্তাৰ কৰে।

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী…

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে এই ৰায়।

ভাৰ্চুৱেলী শুনানি গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক।

ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰচাৰৰ স্বাৰ্থত দাখিল কৰিছিল বিশেষ ছুটীৰ আবেদন।

উভয়পক্ষৰ শুনানিৰ অন্তত EDলৈ জাননী জাৰি ন্যায়ালয়ৰ।

২৪ এপ্ৰিলৰ ভিতৰত উত্তৰ প্ৰদানৰ বাবে EDক নিৰ্দেশ ন্যায়ালয়ৰ।

২৭ এপ্ৰিলত EDৰ উত্তৰৰ প্ৰত্যুত্তৰ দিব লাগিব কেজৰিৱালে।

২৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব চূড়ান্ত শুনানি।

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত !  ৰোহিত গোডাৰাৰ নিৰ্দেশমতে গুলীচালনাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা…

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ সদস্য।

আৰক্ষীৰ তথ্য়ত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্তই ঘটনা সংঘটিত কৰা পাছতে মুম্বাই চহৰৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল। অন্য়হাতে উক্ত ঘটনাৰ দায়িত্ব লোৱা ফেচবুক পেজটোৰ IPকানাডাৰ বুলি জানিব পৰা গৈছে।

অনমোল বিষ্ণোই নামৰ এটা ফেচবুক পেজে উক্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই পোষ্টটো শ্বেয়াৰ কৰা সংক্ৰান্তত VPNৰ সহায় লোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ, বিবেক ভোট দিয়াৰ আহ্বান ভোটাৰক…

সমগ্ৰ দেশৰ  লগতে অসমৰ ১২ নং লখিমপুৰ লোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলে  নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত মূল যুঁজখন হ’ব তৃণমূল কংগ্ৰেছ, বিজেপি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাজত ৷ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ আৰু বিজেপি দলক অতিক্ৰম কৰি তৃণমূল কংগ্ৰেছ দলে নিজৰ প্ৰচাৰ অভিযান তীব্ৰৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে ধেমাজি জিলাৰ গোগামুখৰ লঠিয়া গাঁৱৰ বিশিষ্ট যুৱ নেতা, যুৱ সমাজকৰ্মী তথা সফল ব্যৱসায়ী ঘনকান্ত চুতীয়াক ৷ উচ্চ শিক্ষিত যুৱক ঘনকান্ত চুতীয়াই লখিমপুৰ লোক সমষ্টিৰ অন্তৰ্গত ৯ খন বিধানসভা সমষ্টিত নিজৰ প্ৰচাৰ কাৰ্যসূচী জোৰদাৰ কৰি তোলাই নহয় ভোটাৰ ৰাইজৰো বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ধেমাজি, ডুমডুমা, শদিয়া, লখিমপুৰ, নাওবৈচা, জোনাই, ঢকুৱাখনা, ৰঙানদী, চিচিবৰগাঁও বিধানসভা সমষ্টিত ঘনকান্ত চুতীয়াই ইতিমধ্যে মাৰাথান নিৰ্বাচনী  প্ৰচাৰ চলাইছে ৷

নিৰ্বাচনী সভাবোৰত বিজেপি-কংগ্ৰেছ সৃষ্ট বৃহৎ নদীবান্ধসমূহৰ নিৰ্মাণ বন্ধ কৰিবলৈ সাংসদত বলিষ্ঠভাৱে উত্থাপন কৰিব  বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ পূৰ্বৰে পৰা জনজাতিৰ মৰ্যাদা লাভ কৰি অহা অসমৰ জনজাতি সকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰতো সাংসদত দাবী উত্থাপন কৰিব বুলি তেওঁ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে ৷ একেদৰে লখিমপুৰ লোকসভা সমষ্টিৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ বিধ্বস্ত বাট-পথসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে ৷ 

সম্প্ৰতি লখিমপুৰ লোকসভা সমষ্টিত বিজেপি বিৰোধী ঢৌৱে গাঁৱে গাঁৱে কোবাই যোৱাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ স্বেচ্ছাচাৰীতা আৰু দুৰ্বলতাৰ বাবে পাইকাৰী হাৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে দল ত্যাগ কৰি আছে ৷ এনে সুবৰ্ণ সুযোগ গ্ৰহণ কৰিয়ে যুৱ নেতা ঘনকান্ত চুতীয়াই গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ তীব্ৰৰ কৰিছে আৰু পদত্যাগী কংগ্ৰেছ নেতা-কৰ্মী আৰু বিজেপি দলৰ প্ৰতি মোহভংগ ঘটা কৰ্মীসকলক আকোঁৱালী লৈ সুন্দৰভাৱে তৃণমূল কংগ্ৰেছ দলক আগুৱাই নিছে ৷ কংগ্ৰেছ দলৰ নিস্তেজ নিৰ্বাচনী প্ৰচাৰে তৃণমূল কংগ্ৰেছ দলক লখিমপুৰ লোকসভা সমষ্টিত  সুবিধাজনক স্থিতিলৈ আগুৱাই নিছে ৷ উল্লেখনীয় যে, স্নাতকোত্তৰ শিক্ষিত যুৱ সমাজকৰ্মী ঘনকান্ত চুতীয়াৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ ওপৰত সুন্দৰকৈ দখল আছে ৷ অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ উপৰিও মিচিং, বড়ো, মণিপুৰী, খাছী, বাংলা ভাষা সলসলীয়াকৈ ক’ব পাৰে ৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই লখিমপুৰ লোকসভা সমষ্টিৰ এশ এবুৰি সমস্যা আৰু ইয়াৰ সমাধানক লৈ এখনি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে আৰু উক্ত ইস্তাহাৰ ভোটাৰ ৰাইজক অৰ্পণ কৰিও ভোটাৰ ৰাইজ মন আকৃষ্ট কৰিছে ৷  যুৱ নেতা ঘনকান্ত বিজেপি-কংগ্ৰেছৰ ধনবল-বাহুবলত ভুল নাযায় সকলো  ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে ৷

গৰমৰ দিনত এইদৰে ৰান্ধি খাওক মাছৰ আঞ্জা! অসমীয়া নৱবৰ্ষত শিকি লওক মাছৰ ৰন্ধন প্ৰণালী…

মাছৰ আঞ্জা বুলি ক’লেই নিশ্চয় সকলোৰে লোভ লাগে, নহয়নে? মাছৰ টেঙা আঞ্জা আৰু প্ৰিয় নহয় জানো। মাছ আপুনি মনৰ পছন্দ অনুসৰি সোৱাদ লগাকৈ ৰান্ধি খাব পাৰে। যিহেতু এতিয়া গৰমৰ দিন আহিল গতিকে মাছ অলপ বেলেগ সোৱাদ লগাকৈ খাব মন যায় নহয় জানো। আহকচোন জানো গৰমৰ দিনত মাছ কেনেকৈ ৰান্ধি খাব পাৰি-


আম বা থেকেৰা কাটি নিমখীয়া পানীত তিয়াই ৰ’দত শুকুৱাই ৰাখেনে। অসমীয়া সমাজত এনেদৰে আম বা থেকেৰা ৰখাৰ পৰম্পৰা আছে। আম বা থেকেৰা কাটি শুকুৱাই মাটিৰ কলহত ৰাখিলে বছৰ বছৰ ধৰি ভাল হৈ থাকে। আপুনি এই আম বা থেকেৰাই মাছ, চাটনি বা দাইল বনাব পাৰে। এইদৰে ৰন্ধা মাছৰ টেঙা আঞ্জাখন অতি সোৱাদ লগা হয়।


নৱবৰ্ষত বনাব পৰা গ্ৰীষ্মকালীন এটা মাছৰ ৰেচিপি হৈছে-

৪ টুকুৰা ৰৌ মাছ

২ চামুচ সৰিয়হৰ পেষ্ট

১/২ চামুচ পাঞ্চফোৰণ

২ টা শুকান জলকীয়া

শুকান আম খোজ অনুসৰি টেহা সোৱাকৈ

৬-৮ টুকুৰা কুমলীয়া ৰঙালাও

২-৩ টা কেঁচা জলকীয়া

সোৱাদ অনুসৰি নিমখ

সামান্য হালধি

প্ৰয়োজন অনুসৰি সৰিয়হৰ তেল

পদ্ধতি:

আম নিমখৰ পানীত এবাৰ ধুই একাপ পানীত তিয়াই থব।

মাছত নিমখ আৰু হালদি লগাই তেলত লাহে লাহে ভাজিব।

কেৰাহীত তেল গৰম কৰি পাঞ্চফোৰন আৰু শুকান জসকীয়া দিব, গোন্ধ ওলালে কুমলীয়া ৰঙালাও দিব। নিমখ-হালদি দি আধা ভাজিব।

একাপ পানীত সৰিয়হৰ গুটি উতলাই কেৰাহীত ঢালি দিব। ঢাকি ৰান্ধি থাকিব, শেষত তিয়াই থোৱা আমৰ টুকুৰা কেইটা দিব। খন্তেক পিছতে জুইৰ পৰা নমাই ৰাখিব আৰু ঠাণ্ডা হ’লেই পৰিৱেশন কৰিব।

১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা ! নির্বাচন আয়োগে বিবৃতি যোগে জনালে এই তথ্য…


৭৫ বছৰীয়া ইতিহাসত নজিৰবিহীন ঘটনা। ১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা
১৩ এপ্রিললৈ দেশত নগদ ধনসহ ৪,৬৫৮.১৬ কোটি টকা মূল্যৰ সামগ্রী জব্দ


ইয়াৰে নগদ ধন জব্দ ৩৯৫.৩৯ কোটি টকা । প্রায় ৪৮৯.৩১ কোটি টকা মূল্যৰ অবৈধ সুৰা জব্দ
২,০৬৮.৮৫ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ । ৫৬২.১০ কোটি টকা মূল্যৰ সোণকে ধৰি মূল্যৱান সামগ্রী জব্দ ।


১,১৪২.৪৯ কোটি টকা মূল্যৰ অন্যান্য সামগ্রী জব্দ । নির্বাচন আয়োগে বিবৃতিযোগে জনালে এই তথ্য
দেশত ২০১৯ত জব্দ হৈছিল ধনসহ ৩,৪৭৫ কোটি টকা মূল্যৰ সামগ্ৰী

ৰঙালী বিহুৰ উছাহৰ মাজতে মৰিয়নিৰ নকছাৰিৰ নাগিনীজন চাহ বাগিচাত উত্তাল প্ৰতিবাদ…

অসমৰ বাপুতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিনাই মৰিয়নীৰ নাগিনিজান চাহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। বাগিচা খনৰ শ্ৰমিকে লাভ কৰা নাই বিগত দুটা পষেকৰ দৰমহা।

জালিংগা টি কোম্পানীৰ অধীনত আছে বাগিছাখন।পূৰ্ৱে অসম চাহ নিগমৰ অধিনৰ আছিল বাগিচা খন। শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰাত ব্যৰ্থ কোম্পানীটো। জালিংগা টি কোম্পানী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ। শীঘ্ৰে প্ৰাপ্ৰ্য মজুৰি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী শ্ৰমিকৰ।ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ ক্ষোভিত চাহ শ্ৰমিকৰ বিজেপি চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ।

আই পি এলত ভাল প্ৰৰ্দশনৰ পিছত টি-২০ বিশ্বকাপৰ সাম্ভাৱ্য দলত ৰিয়ান পৰাগৰ নাম…

আই পি এলত ভাল প্ৰৰ্দশন ৰিয়ান পৰাগৰ । টি-২০ বিশ্বকাপৰ সাম্ভাৱ্য দলত ৰিয়ান পৰাগৰ নাম ।

নীলা জাৰ্চীত ৰিয়ানক দেখাৰ সপোন পূৰণ হ’ব পাৰে অসমবাসীৰ ।

ধাৰাবাহিক ভাৱে উন্নত প্ৰদৰ্শন অব্যাহত ৰিয়ান পৰাগৰ ।

মাৰ্ঘেৰিটাত লুৰীণজ্যোতি গগৈৰ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ…

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ তথা মিত্ৰশক্তিৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ হৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই। অখিল গগৈয়ে লেখাপানী হাচক গাঁৱৰ লগতে ইনথেমত দুখনকৈ নিৰ্বাচনীৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ দল আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ বিজেপিৰ আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক আক্ৰমণৰ লক্ষ্য কৰি লয়। গগৈয়ে কয় যে সোনোৱাল সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হৈয়ে একোডাল কৰিব নোৱাৰিলে বুলি কটাক্ষ কৰে। অখিল গগৈয়ে” কা ” এক কলা আইন বুলি কোৱা লগতে ই অসমীয়া জাতি মাটি ভেটি বিপদাপন্ন কৰিব বুলি কয়। লুৰীণজ্যোতি গগৈক জাহাজৰ চিহ্নত ভোট দি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়যুক্ত কৰিব বাবে তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। অখিল গগৈৰ সৈতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক সঞ্জয় দেৱে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি যুটীয়া সম্পাদক ৰাহুল ছেত্ৰীসহ বহ সংখ্যক নেতা কৰ্মী।

বসন্ত কালত ভাইৰাছজনিত ৰোগ প্ৰতিৰোধৰ বাবে কেঁচা হালধি খোৱাৰ আৰম্ভ কৰক…

প্ৰসাধন আৰু ৰান্ধনীশালৰ ব্যৱহাৰৰ বাহিৰেও হালধিৰ আন এটা পৰিচয় আছে, ইয়াৰ ঔষধি গুণৰ বাবে। স্বাস্থ্যৰ যত্ন ল’বলৈ হালধি অতি উপযোগী উপাদান। বিশেষকৈ বসন্ত কালত কেঁচা হালধি বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধ কৰাত সহায় কৰে। পাচনতন্ত্ৰৰ সমস্যাত ভুগি থকা লোকৰ বাবে হালদি অতি উপকাৰী। কেঁচা হালধিয়ে হজম শক্তি বৃদ্ধি কৰি হজম শক্তিত সহায় কৰে। কেঁচা হালধিৰ প্ৰধান উপাদান হ’ল কাৰকুমিন, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰে। কেঁচা হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট হোৱাৰ বাবে খাদ্যনলীক বিভিন্ন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেঁচা হালধিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইনচুলিন হৰম’নৰ ফলপ্ৰসূতা বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও হালধিৰ বেক্টেৰিয়া বিৰোধী গুণে দাঁতবোৰক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত কৰি ৰাখে, যাৰ ফলত দাঁতবোৰ মজবুত হৈ পৰে।

কিন্তু বহুতে খালী পেটত কেঁচা হালধি খাবলৈ মন নকৰে। কেঁচা হালধি বিভিন্ন ধৰণে গ্ৰহণ কৰিব শৰীৰ সবল কৰি ৰাখিব পাৰি।

কেঁচা হালধি একাপ গাখীৰত মিহলাই ভালদৰে উতলাই লওক। তাত অলপ মৌ মিহলাই লওক, তাৰ পিছত খাওক।

হালধি আৰু আদা এটা পাত্ৰত পানীত পাঁচ মিনিট উতলাই লওক। মিশ্ৰণটো চেকি লৈ নেমুৰ ৰস আৰু মৌ দিব। এই পানীয় গৰমে সেৱন কৰিব লাগে।

এটা ডাঙৰ গিলাচত কেঁচা হালধি, নেমুৰ ৰস, চাট মছলা আৰু অলপ মৌ মিহলাই লওক। গৰমৰ দিনত বৰফৰ সৈতে এই ঠাণ্ডা স্বাস্থ্যকৰ পানীয় উপভোগ কৰক।

গৰম পানী একাপত অলপ হালধি আৰু গ্ৰীণ টিৰ সৈতে দুমিনিটমান ৰাখিব। ইয়াৰ পিছত চেকি লওক আৰু গৰমে গৰমে খাওক।

এটা কল, কেঁচা হলধি, দৈ, দালচেনিৰ গুৰি আৰু অলপ মৌ মিহলাই এটা ব্লেণ্ডাৰত মিহলাই স্মুদি বনাব। বৰফৰ সৈতে এই পানীয় পৰিৱেশন কৰক।