Home Blog Page 901

দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, প্ৰবীণ ক্ৰীড়াবিদ, বিশিষ্ট লেখিকা অন্ন মহন্তৰ পৰলোকপ্ৰাপ্তি…

তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট লেখিকা, ক্ৰীড়াবিদ অন্ন মহন্তৰ আজি নিশা প্ৰায় ৮ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।১৯৪৩ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ সমাজ জীৱনৰ অতি সৰবৰহী অন্ন মহন্ত ২০০০ চনত দৰংমহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা আৰু মহাবিদ্যালয়খনৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ দক্ষ অধ্যাপিকা হিচাপে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। শিক্ষকতাৰ সমান্তৰাল ভাৱে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক আৰু এগৰাকী ক্ৰীড়াবিদ হিচাপেও ছাত্ৰী অৱস্থাৰ পৰাই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অধ্যাপনা কৰি থকা সময়লৈকে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা অতি জনপ্ৰিয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বহুকেইখন গ্ৰন্থৰ স্ৰষ্টা গৰাকী কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ পুত্ৰই অধ্যাপনা কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি নিশা প্ৰায় ৮ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।

দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা হৈ থকা সময়ত বিভাগটোৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা অসম সাহিত্য সভাৰ আজীৱন সদস্যা মহন্ত ছাত্ৰী অৱস্থাৰ পৰাই এগৰাকী গল্পকাৰ, কবি, প্ৰাবন্ধিক হিচাপে পৰিচিত হৈ বিভিন্ন কাকত আলোচনীত নিজৰ লেখা প্ৰকাশ কৰাৰ লগতে “উত্তৰণ আৰু অন্যান্য কবিতা”, ইংৰাজী কবিতা পুথি “দ্য স্কাই ইজ দ্য লিমিট”, মহিলা সৱলীকৰণৰ ওপৰত ৰচনা কৰা “অৰ্ধ আকাশ”, কবিতা পুথি “আলোড়ন”, অসমীয়া গীতৰ পুথি “আই অসমীলৈ গীতৰ শৰাই”, গল্প সংকলন “সত্যাসত্য” প্ৰকাশ কৰি যোৱাৰ লগতে বহুকেইখন অপ্ৰকাশিত গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। সাহিত্য চৰ্চাৰ সমান্তৰালভাবে এগৰাকী ক্ৰীড়াবিদ হিচাপে বিভিন্ন ক্ৰীড়াত বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এইগৰাকী বিদূষী মহিলাৰ মৃত্যুৰ সংবাদে ম্ৰীয়মান কৰি তুলিছে তেজপুৰ বাসীক।

মৃত্যুৰ সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ অধ্যাপক ডাঃ ধীৰাজ চাংৱান, বোৱাৰী অতিৰিক্ত জিলা আয়ুক্ত লীজা তালুকদাৰ, দুগৰাকী বিবাহিত কন্যা আৰু নাতি নাতিনীক এৰি যোৱা অন্ন মহন্তৰ বিয়োগত দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাকতী, অধ্যক্ষ ড০ পলাশমণি শইকীয়া, দৰংমহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

৮৫ উৰ্ধৰ প্ৰবীণ ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ শোণিতপুৰত, শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিত ২৪০০ প্ৰবীণ ভোটাৰে ভোটদান কৰিব নিজৰ ঘৰত…

অহা ১৯ তাৰিখে অনুষ্ঠিত হ’ব লগা শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ আন এক ভোটগ্ৰহণ প্ৰক্ৰিয়া আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে জিলাখনত ।জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত নিৰ্বাচন কৰি উলিওৱা ৮৫ বছৰ উৰ্ধৰ ২৪০০ গৰাকী প্ৰবীণ ভোটাৰৰ লগতে ডাকঘৰত বিশেষ অসুবিধাৰ বাবে জমা দিবলৈ আহিব নোৱৰা লোকৰ ঘৰে ঘৰে গৈ পোষ্টেল ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি আৰু কাইলৈ দুটা দিনত সম্পন্ন কৰাৰ অৰ্থে আজি পুৱাই যাৱতীয় নিৰ্বাচনী প্ৰপত্ৰ আৰু সঁজুলি লৈ ৯২ টা দলৰ ৪৬০ গৰাকী নিয়োজিত কৰ্মচাৰী দৰংমহাবিদ্যালয়ৰ পৰা ৰাওনা হয় নিৰ্দিষ্ট ঘৰসমূহলৈ।

পুৱাই জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰ সামগ্ৰী সংগ্ৰহ কৰা দৰং মহাবিদ্যালয়ৰ অস্হায়ী কেন্দ্ৰত উপস্থিত হৈ এই ঘৰে ঘৰে গৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া – কৰ্মচাৰী সকলক এই প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰিবলৈ অভিনন্দন জ্ঞাপন কৰাৰ পিছত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ তত্বাৱধানত মাইক্ৰ অবজাৰভাৰ, পোলিং বিষয়া, সহকাৰী পোলিং বিষয়া, ভিডিঅগ্ৰাফৰ আৰু সুৰক্ষা কৰ্মীসহ পাঁচজনীয়া দলৰ ৯২ টা টীম ৰাওনা হয় আৰু ঘৰে ঘৰে গৈ ভোটগ্ৰহণ সম্পন্ন কৰে। জানিব পৰা মতে এই দুটা দিনত পাঁচটা বিধানসভা সমষ্টিৰ ২৪০০ গৰাকী ৮৫ বছৰ উৰ্ধৰ লোকক এই প্ৰক্ৰিয়াৰ দ্বাৰা জিলাপ্ৰশাসনে ভোটদানৰ সুবিধা প্ৰদান কৰিব। উল্লেখ্য যে এই প্ৰক্ৰিয়াৰ দ্বাৰা জিলাখনৰ আটাইকেইটা সমষ্টিতে অধিক উৎফুল্ল হৈ অশীতিপৰ ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাৱস্ত্য কৰে।

আনহাতে দেওবাৰে ১৯ এপ্ৰিলৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত হ’ব লগা প্ৰথম পোলিং বিষয়া সকলৰো দ্বিতীয়টো প্ৰশিক্ষণ সম্পন্ন হয় তেজপুৰ মহাবিদ্যালয়ত। প্ৰশিক্ষণ কোষৰ তত্বাৱধায়ক তথা জিলাৰ অতিৰিক্ত নিৰ্বাচনী বিষয়া কবিতা কাকতি কোৱঁৰে সমগ্ৰ প্ৰশিক্ষণ পূৰ্বৰ দৰে আজিও পৰ্যবেক্ষণ কৰি জিলাখনত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন সম্পন্ন হোৱাত বিষয়া – কৰ্মচাৰী সকলৰ সহযোগিতা কামনা কৰে।

ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টি সৰ্বকালৰ উচ্চতম স্তৰত মুকলি…

ষ্টক মাৰ্কেটৰ অভিলেখ: আজি ষ্টক মাৰ্কেট অভিলেখ সৃষ্টি কৰি আৰু চেন্সেক্স সৰ্বকালৰ উচ্চতম স্তৰত মুকলি হৈছে। ৩০৭.২২ পইণ্ট বা ০.৪১ শতাংশ বৃদ্ধিৰে ৭৪,৫৫৫.৪৪ত মুকলি হয় বিএছই চেন্সেক্স। এন এছ ইৰ নিফটিয়ে ৬৪.৬৫ পইণ্ট বা ০.২৯ শতাংশ বৃদ্ধিৰে ২২,৫৭৮.৩৫ স্তৰত মুকলি কৰে। প্ৰথমবাৰৰ বাবে বিএছইৰ বজাৰ মূলধন ৪০০ লাখ কোটি টকা অতিক্ৰম কৰাৰ লগতে ইয়াৰ mcap ৪০০.৮৮ লাখ কোটি টকা হৈছে।

চেন্সেক্স-নিফ্টিয়ে বজাৰত নতুন সৰ্বকালৰ উচ্চ স্তৰৰ সৃষ্টি কৰিলে
আজি বিএছই চেন্সেক্সে প্ৰথমবাৰৰ বাবে ৭৪৬০০ৰ স্তৰ অতিক্ৰম কৰি ৭৪,৬৭৩.৮৪ৰ নতুন ঐতিহাসিক শিখৰ স্পৰ্শ কৰিছে। আনহাতে এন এছ ইৰ নিফটিয়ে প্ৰথমবাৰৰ বাবে ২২,৬২৩.৯০ৰ স্তৰত উপনীত হৈছে। আজিৰ স্তৰ দুয়োটা সূচকাংকৰ সৰ্বোচ্চ স্তৰ।

বেংক নিফটিৰ সৰ্বোচ্চ স্তৰ ৪৮,৬৩৬.৪৫ আৰু আজিৰ ব্যৱসায়ত ইয়াৰ উচ্চতম স্তৰ ৪৮,৬২৯.০৫। অৰ্থাৎ ইয়াৰ ঐতিহাসিক শিখৰৰ পৰা মাত্ৰ ৭ পইণ্ট দূৰত থাকিল। সম্ভৱ যে ই দিনৰ ব্যৱসায়ত নতুন অভিলেখ গঢ়িব পাৰে। প্ৰি-অ’পেনিংত বিএছই চেন্সেক্সে ৭৭৪৬০৫ স্তৰত ব্যৱসায় কৰিছিল আৰু ৩৫৭ পইণ্টৰ ০.৪৮ শতাংশ বৃদ্ধি পাইছিল। এন এছ ইৰ নিফটিৰ ব্যৱসায় আছিল ২২৫৮১ স্তৰত, যিটো ৬৭.৭৫ পইণ্ট বা ০.৩০ শতাংশ বৃদ্ধি পাইছে।

বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৫টা ষ্টক বৃদ্ধি আৰু ৫টা ষ্টকত হ্ৰাস । একে সময়তে এন এছ ই নিফটিৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪০টা শ্বেয়াৰৰ ব্যৱসায় শক্তিশালী হৈ আছে আৰু ১০টা শ্বেয়াৰত বুলিছ ট্ৰেডিং দেখা গৈছে।

চেন্সেক্স আৰু নিফটি দুয়োটাতে এম এণ্ড এম শীৰ্ষ লাভজনক হৈ পৰিছে আৰু পাৱাৰ গ্ৰীড, এক্সিছ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰত লাভৰ সৈতে ব্যৱসায় হোৱা দেখা গৈছে। চেন্সেক্সত তালিকাভুক্ত কোম্পানীসমূহৰ ভিতৰত টাটা ষ্টীল, বাজাজ ফিনচাৰ্ভ, পাৱাৰ গ্ৰীড, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এক্সিছ বেংক আৰু জে এছ ডব্লিউ ষ্টীল কোম্পানীসমূহৰ শ্বেয়াৰত যথেষ্ট লাভ হৈছে আৰু উইপ্ৰ’ আৰু এইচ ডি এফ চি বেংকৰ শ্বেয়াৰ লোকচান হৈছে।

এছিয়াৰ বজাৰত দক্ষিণ কোৰিয়াৰ কস্পি আৰু জাপানৰ নিকেই ২২৫ৰ লাভৰ বিপৰীতে চীনৰ চাংহাই কম্পোজিট আৰু হংকঙৰ হাং চেঙৰ লোকচান হয়। আনহাতে শুকুৰবাৰে আমেৰিকাৰ বজাৰসমূহ ইতিবাচক ধাৰাৰে বন্ধ হৈ পৰে। গ্লোবেল অইল বেঞ্চমাৰ্ক খাৰুৱা তেলৰ ফ্যুচাৰ প্ৰতি বেৰেলত ৮৯.৭১ মাৰ্কিন ডলাৰত ব্যৱসায় হৈছিল, যিটো ১.৬১ শতাংশ হ্ৰাস পাইছে। আৰম্ভণিৰ ব্যৱসায়ত আমেৰিকান ডলাৰৰ বিপৰীতে টকা চাৰি পইচা বৃদ্ধি পাই ৮৩.২৭ লৈ বৃদ্ধি ।

कांग्रेस ने किया विश्वासघाट, भाजपा ने दी प्रगति, समृद्ध समाज गठन के लिए ‘संघर्ष नहीं’, बल्कि ‘सद्भाव’ की जरूरत : सर्वानंद सोनोवाल

डिब्रूगढ़ लोकसभा क्षेत्र के भाजपा उम्मीदवार सर्वानंद सोनोवाल ने चुनाव प्रचार अभियान को अधिक तेज कर दिया है। उन्होंने रविवार को तिनसुकिया विधानसभा क्षेत्र में चुनाव प्रचार करते हुए लाइपुली मोरानकारी गांव, महाकाली टी एस्टेट, चांदमारी, मानव कल्याण पूजा भवन के साथ-साथ डीएस मैरिज हॉल में सार्वजनिक बैठकों को संबोधित किया। सोनोवाल के साथ केंद्रीय राज्य मंत्री रामेश्वर तेली, असम सरकार के मंत्री संजय किशन, मंत्री बिमल बोरा और एनडीए सहयोगी दल के नेता भी शामिल रहे हैं। इस अवसर पर सर्वानंद सोनोवाल ने कहा, प्राकृतिक संसाधनों से भरापूरा हमारा महान देश ‘विकसित भारत’ के दृष्टिकोण के साथ तेजी से प्रगति कर रहा है। प्रधानमंत्री नरेंद्र मोदी के गतिशील नेतृत्व सुशासन का एक नया युग का शुभारंभ हो चुका है। उनके सुशासन में लोग सम्मान का जीवन जीने में सक्षम हुए हैं। उन्होंने कहा कि भाजपा के प्रति लोगों की आस्था तथा प्यार ही नरेंद्र मोदी के नेतृत्व में भाजपा तीसरी बार सरकार बनाएगी।

भाजपा सरकार के प्रति महिलाओं के समर्थन को देखते हुए उन्होंने नारी शक्ति को नमन करते हुए कहा कि एक सशक्त तथा चरित्रवान समाज निर्माण में सबसे देश की नारीशक्ति महत्वपूर्ण भूमिका निभा रही है। उन्होंने कहा कि एक समृद्ध समाज निर्माण के लिए संघर्ष नहीं, बल्कि सद्भाव की अवश्यकता है, जो भाजपा ने अपने 10 वर्षीय कार्यकाल में कर दिखाई। प्रधानमंत्री नरेंद्र मोदी ने देशवासियों को विकसित भारत, आत्मनिर्भर भारत बनने की आकांक्षा और हासिल करने का दृष्टिकोण दिया है। समावेशी शासन और लोगों के कल्याण के सा, नरेंद्र मोदी को लगातार तीसरी बार भारत के प्रधानमंत्री के रूप में चुनने के लिए लोगों का समर्थन अत्यंत जरूरी है, ताकि हमारे प्यारे देश की महानता की ओर ऐतिहासिक यात्रा को जारी रख सके।
लाइपुली गांव में एक सभा को संबोधित करते हुए केंद्रीय राज्य मंत्री रामेश्वर तेली ने कहा कि लोग नरेंद्र मोदी सरकार द्वारा किए गए अच्छे काम को स्वीकार करते हैं। जिसके बल पर भाजपा नेता ने दावा किया कि डिब्रूगढ़ लोकसभा क्षेत्र के लोग सर्वानंद सोनोवाल को 5 लाख से अधिक वोटों के रिकॉर्ड अंतर से तीजाएंगे।


छह दशकों की विफलता के लिए कांग्रेस पर हमला करते हुए सर्वानंद सोनोवाल ने कहा, लोगों ने कांग्रेस को साठ वर्षों तक भारत पर शासन करने का अवसर दिया। लेकिन कांग्रेस के नेतृत्व वाली अयोग्य, अक्षम और भ्रष्ट सरकारों ने लोगों को निराश किया। इस विशाल देश की समृद्धि को बरकरार रखते हुए देश को एक महान राष्ट्र बनाने में कांग्रेस पूरी तरह विफल रही। कांग्रेस को जनता के साथ इस विश्वासघात की कीमत चुकानी होगी। पूरे देश में इस बार के चुनाव में कांग्रेस सांसदों की संख्या घटकर सिर्फ 20 से 25 रह जाएगी, क्योंकि लोगों को अब एहसास हो गया है कि छह दशकों तक उन्हें कैसे धोखा दिया गया।
चाय बागान की हरी-भरी हरियाली के बीच महाकाली टी एस्टेट में सर्वानंद सोनोवाल ने चाय समुदाय को उनकी मातृभाषा चाडरी में संबोधित किया। समृद्ध संस्कृति और कारीगरी की भावना को संरक्षित करने में समुदाय की प्रतिबद्धता को स्वीकार करते हुए सोनोवाल ने ‘विकसित भारत’ की दिशा में यात्रा जारी रखने में समुदाय का समर्थन मांगा।

দুধনৈত নিশা ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় ৪টাকৈ ভাড়াঘৰৰ কোঠা…

দুধনৈত নিশা ভয়ংকৰ অগ্নিকাণ্ড। চহৰখনৰ মাজমজিয়াৰ চন্দন সাহা নামৰ লোকজনৰ বাসগৃহত লাগে জুই।

জ্বলি ভস্মীভূত হয় সাহাৰ ৪টাকৈ ভাড়াঘৰৰ কোঠা। ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্ৰী।

শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাৰ বটাঁ প্ৰদান, নিজে পঢ়ি ভাল হ’লে নহব, আনৰ কথাও ভাবিব লাগিবঃ ড° অমৰ জ্যোতি চৌধুৰী…

জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত আয়োজিত ২৩ সংখ্যক জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক আজি বঁটা প্ৰদান কৰা হয়। জিজ্ঞাস শৈক্ষিক ন্যাসৰ পৰিচালন সঞ্চালক অক্ষয় চন্দ্ৰ কলিতাৰ সভাপতিত্বত গুৱাহাটীৰ আমবাৰীস্থিত অসম টেক্সটাইল ইনষ্টিটিউট প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়। ছাত্ৰ ছাত্ৰী সকলক বটাঁ প্ৰদান কৰি ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ কুলেন্দু পাঠকে শিক্ষাৰ্থীৰ লগতে অভিভাৱকৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে। ড৹ পাঠকে কয় যে কেৱল পাঠ্যক্ৰমৰ জ্ঞানেই সৰ্বস্ব নহয়। আজিকালিৰ শিক্ষাৰ পৰিসীমা যথেষ্ট বৃদ্ধি পাইছে। নতুন নতুন বিষয় সংযোজিত হৈছে। শিক্ষাৰ পৰিধি যিমানে বাঢ়িছে, সুবিধাও বাঢ়িছে। আগতে বৰ্তমানৰ দৰে সুবিধা নাছিল। পিছে এচাম অভিভাৱকৰ মাজত শেহতীয়াভাৱে নিজৰ সন্তানক অত্যধিক বোজা দি মানসিক হেচাঁ দিব বিচাৰে তেনে মানসিকতা ত্যাগ কৰিবলৈকো আহ্বান জনায়। বিশিষ্ট শিক্ষাবিদ ড৹ পাঠকে নিজৰ ভাষণত উল্লেখ কৰে যে আই এ এছ, আই পি এছ হোৱাৰ লগতে আই আই টিত আসন লাভ কৰিব পাৰিলে ভাল।

কিন্তু ইয়াত ব্যৰ্থ হোৱা মানে জীৱনত একো নহল তেনে নহয়। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰ পৰাই যদি কোনো শিক্ষাৰ্থীয়ে আই এ এছ হ’ম বুলি অধ্যয়ন আৰম্ভ কৰে তেন্তে কোনো কোচিং নোহোৱাকৈ উত্তীৰ্ণ হব পাৰে। নিজৰ জীৱন নিজেই গঢ়িব লাগিব। অভিভাৱকললৈ পৰামৰ্শ আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য গৰাকীয়ে সন্তানৰ প্ৰতিভাৰ ওপৰত জোৰ দিবলৈ কয়। প্ৰতিগৰাকী লৰা ছোৱালীৰ মাজত বিভিন্ন প্ৰতিভা থাকে। তেওঁ কোনোটো দিশত পাৰদৰ্শী তাক জানি লৈ অভিভাৱকে আগবঢ়াই নিব লাগে। লগতে নিজৰ সন্তানে যাতে পাঠ্যপুথিৰ শিক্ষাৰ ওপৰি দক্ষতাৰ শিক্ষাও লাভ কৰে তাৰ ওপৰত জোৰ দিয়ে। বৈদিক গণিত, আৰ্টিফিচেল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটাৰ আদিৰ বিষয়েও অধ্যয়ন কৰাৰ বাবে আৰু মোবাইলৰ ব্যৱহাৰ কমাবৰ বাবে আহ্বান জনায়। জিজ্ঞাস শৈক্ষিক ন্যাসে এনেধৰণৰ প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অমৰ জ্যোতি চৌধুৰীয়ে ৰাজ্যৰ উঠি অহা প্ৰজন্মই অসমক উজ্জ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰী সকলক উদ্দেশি ড৹ চৌধুৰীয়ে কয় যে ছাত্ৰ বা ছাত্ৰীগৰাকী চৰকাৰী বিদ্যালয়ত নে দামী বিদ্যালয়ত পঢ়িছে সয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে একাগ্ৰতা। গুৱাহাটীৰে চৰকাৰী বিদ্যালয়ত পঢ়া এটা দুখীয়া পৰিয়ালৰ তিনি সন্তানৰ কাহিনী দাঙি ধৰি কয় যে পিতৃ অশিক্ষিত হোৱা সত্ত্বেও তিনিও সন্তানে আই আই টি, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় মেডিকেল কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো বিষয়ৰ ওপৰত খৰচী মাৰি পঢ়িলে সফলতাক কোনেও ৰখাব নোৱাৰে।

একেদৰে পঢ়ি শুনি ভাল মানুহ হ’লেই যে নহ’ব তাকো উনুকিয়াই দি ড৹ অমৰ জ্যোতি চৌধুৰীয়ে ভাল মানুহ হোৱাৰ পিছত আনৰ কথাও ভাবিবলৈ আহ্বান জনায়। লগতে লৰা ছোৱালীক ভাল আদৰ্শ দেখুৱাবলৈ কয়। উল্লেখ যে আজি এইবাৰৰ জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীৰে শীৰ্ষ ১৫ টা স্থান লাভ কৰা মুঠ ১৪০ গৰাকী পৰিক্ষাৰ্থীক প্ৰমাণ পত্ৰ আৰু এককালীন বৃত্ত প্ৰদান কৰা হয়। একেদৰে ৫০ শতাংশৰ অধিক নম্বৰ লাভ কৰা পৰিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ন্যাসৰ অধ্যক্ষ অক্ষয় চন্দ্ৰ কলিতা, সাপ্তাহিক জিজ্ঞাসৰ সম্পাদক ড৹ হুপেশ চৌধুৰী, জিজ্ঞাস প্ৰতিভাৰ সন্ধানী পৰীক্ষাৰ পৰীক্ষা নিয়ন্ত্ৰক গৌতম তালুকদাৰেও বক্তব্য আগবঢ়ায়। সুখ্যাতীৰে উত্তীৰ্ণ কেবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। কংকন জ্যোতি নাথ আৰু প্ৰিয়ংকা বৰ্মনে আত ধৰা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই ন্যাসৰ শৈক্ষিক বিষয়া প্ৰফুল্ল বৰ্মনে। অনুষ্ঠানত কেবা শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক উপস্থিত আছিল।

২০১৩ বৰ্ষৰ APSC কেলেংকাৰিক লৈ তৎপৰ CID ! ৩০ গৰাকী পৰীক্ষা নিৰীক্ষকক তলব SITৰ…


APSC কেলেংকাৰিক লৈ তৎপৰ CID
২০১৩ বৰ্ষৰ APSC কেলেংকাৰিক লৈ তৎপৰ CID


৩০ গৰাকী পৰীক্ষা নিৰীক্ষকক তলব SITৰ
CID কার্যালয়ত উপস্থিত হ’ব লাগিব ৩০ পৰীক্ষা নিৰীক্ষক


পৰীক্ষা নিৰীক্ষকৰ পৰা পৰীক্ষা কৰা হ’ব উত্তৰবহী
২০১৩ বৰ্ষৰ APSC কেলেংকাৰিক লৈ জবানবন্দী লোৱাৰ সম্ভাৱনা





ৰঙিয়াত STF ৰ ড্ৰাগছ বিৰোধী অভিযানত ২.৫০ কোটি টকাৰ ড্ৰাগছ জব্দ ! ঘটনা সন্দৰ্ভত ৩জনক গ্ৰেপ্তাৰ…

ৰঙিয়াত STF ৰ ড্ৰাগছ বিৰোধী অভিযান । ৰঙিয়াত পুৱতি নিশা STF ৰ সফল অভিযান ।জব্দ হৈছে 2,50,00000(2.5কোটি) টকাৰ মাৰাত্মক ড্ৰাগছ । 10,000 হেজাৰ তা য়াবা টেবলেট জব্দ ৰঙিয়াত । Addl. SP কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ।

পশ্চিম বংগৰ পঞ্জীয়ন ভূক্ত WB 86 D 7907 মাৰুটি অ’ল্টো বাহনৰ দেচ ব’ৰ্ডৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই টেবলেট সমুহ । মণিপুৰৰ পৰা সংগ্ৰহ কৰি অনা এই মাৰাত্মক য়াবা টেবলেট খিনি কোচ বিহাৰৰ দুই যুৱকৰ তাত বিক্ৰী কৰিছিল ৰঙিয়াৰ খন্দিকৰৰ ইমৰান হুছেইনে ৰঙিয়াৰ পৰা য়াবা টেবলেট ক্ৰয় কৰিছিল কোচ বিহাৰৰ দুই ধৃত যুৱক ক্ৰমে ৰচিদুল মিয়া আৰু নয়ন মিয়া ।

ৰঙিয়াৰ পৰা কোচ বিহাৰলৈ এই য়াবা টেবলেট খিনি লৈ যাবলৈ অ’ল্টো বাহনৰ দেচ ব’ৰ্ডৰ ভিতৰত গোপনে সোমোৱাই থৈছিল । সম্প্ৰতি STF ৰ জালত তিনি ধৃত ক্ৰমে : কোচ বিহাৰৰ ৰচিদুল মিয়া,নয়ন মিয়া আৰু ৰঙিয়াৰ ইমৰান হুছেইন । উল্লেখ্য যে ড্ৰাগছ সাম্ৰাজ্যৰ ভিতৰত অতি মাৰাত্মক হিচাপে বিবেচিত এই য়াবা টেবলেট ।

‘লুৰীনজ্যোতি গগৈ দুমুখীয়া, ৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া কংগ্ৰেছৰে মিত্ৰতা লুৰিণৰ’, ডিব্ৰুগড়ত বিশাল জনসভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা…

ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান। জোৰদাৰ হৈ উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ উদ্যম দেখি উৎসাহিত সকলো। বিজেপিৰ জয়জয়কাৰ ধ্বনিত মুখৰ ৰাজ্য। সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো চলাইছে প্ৰচাৰ অভিযান। উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। দিনে নিশাই চলাইছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। ডিব্ৰুগড়ত এটাই ধ্বনি, বিজেপিক ভোট দিমেই আমি। দেওবাৰে ডিব্ৰুগড়ত বিশাল সভাত উপস্থিত জনগনক সম্বোধন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। সভাত উল্লেখ কৰে যে ৰাইজৰ এই অফুৰন্ত সঁহাৰি দেখি তেওঁ নিচিন্ত যে আগন্তুক লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোনোৱাল প্ৰায় ৪ লাখতকৈও অধিক ভোটত বিজয়ী হ’ব। অনুষ্ঠানত বিৰোধী দলৰ দুৰাৱস্থাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত এই ডিব্ৰুগড় সমষ্টিত বিৰোধী দলে নিজৰ দলৰ লক্ষ্য- আদৰ্শ বাদ দি, নিজৰ জাতীয়তাবাদী ভাৱধাৰাৰ জলাঞ্জলি দি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে, যি কংগ্ৰেছ দলে অসম আন্দোলনত ৮৫৫ গৰাকী অসমীয়া ডেকা লৰাক শ্বহীদ কৰিছিল আৰু এয়াই হৈছে বৰ্তমানৰ অসমৰ মুখাবাদী জাতীয়তাবাদী ৰাজনীতিৰ পৰিস্থিতি। ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ অভিযানত এই মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।

ডিব্ৰুগড়ৰ খোৱাং গজপুৰীয়াত অনুষ্ঠিত বিজেপি অসম প্ৰদেশৰ এখন বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। আগন্তুক নিৰ্বাচনক উদ্দেশ্যি ডিব্ৰুগড়ৰ বিশাল নিৰ্বাচনী সভাত ৰাইজক সম্বোধন মন্ত্ৰী গৰাকীৰ। ডিব্ৰুগড়ৰ পথালিবাম চাওৰা লাইন খেলপথাৰত জনসভাক সম্বোধন কৰি ভাষণ প্ৰদান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। নিৰ্বাচনী সভাখনত যথেষ্ট জনসমাগম হোৱা পৰিলক্ষিত হয়। সেই বিশাল জনসভাতেই সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। যথেষ্ট কষ্ট তথা ত্যাগৰ জৰিয়তে ৰাজ্যত এনেদৰেই এতিয়া বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কণ্ঠত এক প্ৰকাৰ আপ্লুত হৈ উঠে ডিব্ৰুগড়ৰ জনতা। সকলোৰে মুখত এটাই কথা বিজেপিক ভোট দিমেই আমি।

ৰংদৈ নতুন সমাজৰ উদ্যোগত ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰ সামৰণি…

উত্তৰ পুৱ যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংদৈ নতুন সমাজৰ উদ্যোগত দহদিনীয়াকৈ অনুস্থিত বিহুৰ ঢোল বান আৰু বিহু নাচ কৰ্মশালা দেওবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা সমাজকৰ্মী ড’ পৰাণ বৰুৱা উপস্থিত থাকি এনে কায্যসুচিয়ে সমাজ এখনৰ উত্তৰণৰ পৰিচয় ডাঙি ধৰে বুলি উল্লেখ কৰা ৰ লগতে বৰ্তমান সময়ত বিহুক বিশ্ব দৰবাৰত প্ৰতিস্থা কৰাৰ কথাও অৱগত কৰে। জেষ্ঠ বিহুৱা পূণ্যেশ্বৰ বৰাৰ ঢোল বাদনেৰে আৰম্ভ কৰা সামৰণি কায্যসুচিত , নতুন সমাজৰ সভাপতি পৰাণ কুমাৰ শৰ্মা , শিক্ষক তপন সাহা , ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু হাজৰিকা , ৰাজীৱ নাজিৰ , প্ৰদীপ পাচনী , প্ৰশান্ত নাজিৰ , প্ৰণামী বৰা ,, শিক্ষক টংকেশ্ব বৰা , অৰুণ শৰ্মা আদি উপস্থিত থাকে।

দহদিনীয়া কৰ্মশালা খনিত প্ৰশিক্ষণ প্ৰদান কৰে ঢোলৰ ওজা জীৱন হাজৰিকা , বিহুৱতী চুমকী হাজৰিকা ডেকাই। পংকজ বৰঠাকুৰ , প্ৰদীপ দত্ত , ৰজিত বৰুৱাই কেউটাদি ন পৰিচালনা কৰা কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত ভোৰতাল নৃত্য পৰিৱেশন কৰে হাতীগড় মোজাৰ ” সম্প্ৰীতি ” সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী সকলে।
প্ৰশিক্ষাৰ্থী আকাশ জ্যোতি বৰঠাকুৰৰ সংগী বৃন্দ ই বাঁহি বাদন পৰিৱেশন কৰা কায্যসূচিত সম্পাদক জগন্নাথ অগ্নি বৰাৰ ব্যৱস্থাপনাত পৰিচালিত হোৱা দহ দিনীয়া কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলে হুচৰি , ঢোল বাদন , বিহু নাচ আৰু জেঙ বিহু পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে ।শতাধিক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা সামৰণি অন্তত সকলোকে নতুন সমাজৰ তৰফৰ পৰা একখনকৈ মান পত্ৰ প্ৰদান কৰা হয়।