Home Blog Page 905

উৎকট গৰমৰ আগজাননী দিলে বতৰ বিজ্ঞান বিভাগে…

ৰাজ্যত বিগত ২টা দিনত অধিক বৃদ্ধি পাইছে গৰমৰ মাত্ৰা । এই গৰমৰ পৰা সকলোৱে বিচাৰিছে পৰিত্ৰাণ ।উত্তৰ পুৱৰ অৰুণাচল,নাগালেণ্ড আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে আন ৰাজ্যসমুহত বৃদ্ধি হ’ব গৰমৰ প্ৰকোপ ।

ঝাৰখণ্ড , তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়ত অধিক তাপমাত্ৰা বৃদ্ধিৰ আশংকা ।গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি আহিবলগীয়া কেইদিনত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত জলবায়ু শুকান হোৱাৰো সম্ভাবনা ব্যক্ত কৰিছে।

সৰ্বাধিক তাপমাত্ৰা ৪০ৰ পৰা ৪৩ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুক্ৰবাৰে জাৰি কৰে এই এলাৰ্ট ।উৎকট গৰমৰ আগজাননীত কেইবাখনো ৰাজ্যলৈ হিটৱেভৰ সতৰ্কতা জাৰি ।

বতৰৰ দ্ৰুত পৰিৱৰ্তন! উৎকট গৰমে দহিব আপোনাক, বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট…

বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশতে বতৰৰ দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। হঠাৎ বৰযুণ আৰু হঠাৎ ৰ’দ, বতৰৰ এনে আকস্মিক পৰিৱৰ্তনে মানুহৰ দৈনন্দিন জীৱনতো প্ৰভাৱ পেলাইছে। বিগত দিন ধৰি হোৱা শিলাবৃষ্টিৰ ফলত মানুহৰ যথেষ্ট ক্ষয়-ক্ষতি হৈছে। ইয়াৰ প্ৰভাৱ অসমতো বাৰুকৈয়ে প্ৰভাৱ পৰিছে।

আনহাতে আই এম ডিয়ে শনিবাৰে জনোৱা মতে, উপদ্বীপ আৰু পূব ভাৰতৰ কিছু অংশত আগন্তুক দুদিনলৈ গৰমৰ হোৱাৰ সম্ভাৱনা। ওড়িশা, পশ্চিম বংগ, ঝাৰখণ্ড, বিদৰ্ভ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত উৎকট গৰম হ’ব পাৰে।

কোনো কোনো স্থানত সৰ্বোচ্চ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক আৰু পাহাৰীয়া অঞ্চলৰ বাবে ৩০ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক হ’ব পাৰে।

শনিবাৰে উত্তৰ প্ৰদেশৰ কিছুমান স্থানত আৰু বিহাৰ, গুজৰাট অঞ্চল, মধ্য মহাৰাষ্ট্ৰ, পশ্চিম বংগ আৰু ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিচ্ছিন্ন স্থানত নূন্যতম উষ্ণতা স্বাভাৱিকতকৈ ৩-৫ ডিগ্ৰী চেলছিয়াছ।

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালত সৰ্বোচ্চ উষ্ণতা ৪৩.৭ ডিগ্ৰী চেলছিয়াছ। অন্ধ্ৰপ্ৰদেশৰ ভুৱনেশ্বৰ আৰু কুৰ্ণুলত তাপমাত্ৰা ৪৩.৫ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। এএনআইৰ শনিবাৰৰ প্ৰতিবেদন অনুসৰি গৰমৰ লগত জড়িত ৰোগৰ বাবে ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত ৮ জন লোকক ভৰ্তি কৰা হৈছে।

শনিবাৰৰ পৰা ১০ এপ্ৰিললৈকে কেৰালা আৰু মহাৰাষ্ট্ৰ, সৌৰাষ্ট্ৰ আৰু কুচৰ উপকূলীয় অঞ্চলৰ ওপৰত গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। শনিবাৰে ওড়িশা আৰু পশ্চিম বংগত, শনিবাৰ আৰু দেওবাৰে উপকূলীয় কৰ্ণাটক আৰু কংকন আৰু গোৱাত আৰু দেওবাৰৰ পৰা ১০ এপ্ৰিললৈকে উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু য়ানাম আৰু ৰায়ালাসীমাত একেধৰণৰ বতৰৰ সম্ভাৱনা আছে।

ৰিহানাৰ কনচাৰ্টত শ্ৰদ্ধা কাপুৰৰ প্ৰেমৰ সম্পৰ্কৰ ৰহস্য ফাদিল কৰিলে এগৰাকী যুৱতীৰ এটা ভিডিঅ’য়ে…

সামাজিক মাধ্যমত ভাইৰেল হৈছে ৰিহানাৰ কনচাৰ্টৰ শ্ৰদ্ধা কাপুৰৰ এটা ভিডিঅ’। ভিডিঅ’টোত শ্ৰদ্ধাক এজন যুকৰ সৈতে মাজে মাজে হাঁহি থকা আৰু মাজে মাজে নাচি থকা দেখা গৈছে।

বলিউদৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ প্ৰায়ে ছ’চিয়েল মিডিয়াত তেওঁৰ অভিনয় আৰু কিউট লুকৰ বাবে লাইমলাইটৰ অংশ হৈয়েই থাকে। কিন্তু এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ষ্টাইল বা অভিনয়ৰ বাবে নহয়, প্ৰেমিকৰ বাবেই শিৰোনামৰ অংশ হৈ পৰিছে। বহুদিন ধৰি অভিনেত্ৰীগৰাকীৰ নাম ৰাহুল মোডীৰ সৈতে সাঙোৰ খাই পৰিছে।শেহতীয়াকৈ ইণ্টাৰনেটত শ্ৰদ্ধা কাপুৰৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দেখা গৈছে অভিনেত্ৰীগৰাকীক ৰাহুল মোডীৰ সৈতে। শ্ৰদ্ধা কাপুৰ আৰু ৰাহুল মোডীৰ এই ভিডিঅ’টো ৰিহানাৰ কনচাৰ্টৰ পৰা লোৱা হৈছে।


Reddit ত ভাইৰেল হৈছে শ্ৰদ্ধা কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে নাম সাঙোৰ খোৱা ৰাহুল মোডীৰ ভিডিঅ’। ভিডিঅ’টোত এগৰাকী মহিলাই প্ৰথমে কেমেৰাটো মঞ্চৰ ফালে আঙুলিয়াই ভিডিঅ’টো ৰেকৰ্ডিং কৰি আছে, তাৰ পিছত শ্ৰদ্ধাক বেকগ্ৰাউণ্ডত লৈছে। এই সময়ত শ্ৰদ্ধা কাপুৰক ক’লা পোছাক পিন্ধি বহুত নাচি আৰু হাঁহি থকা দেখা যায়। শ্ৰদ্ধাৰ লগতে ৰাহুল মোডীকো দেখা গৈছে। শ্ৰদ্ধা কাপুৰ আৰু ৰাহুল মোডীৰ এই ভিডিঅ’টোৱে অভিনেত্ৰীগৰাকীৰ অনুৰাগীক উৎসাহিত কৰিছে।

আপোনালোকক জনাওঁ যে শ্ৰদ্ধা কাপুৰৰ নাম ৰাহুল মোডীৰ সৈতে বহুদিনৰ পৰা জড়িত হৈ আছে। কিন্তু অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে নিজৰ সম্পৰ্ক নিশ্চিত কৰা নাই।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা, সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ৰঙালী বিহু উৎসৱে…

বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসম্বন্বয়ৰ গীত জুৰিবলৈ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰে শুকুৰবাৰে পৰা ১০ দিনীয়াকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে। য’ত অভিজ্ঞ ঢুলীয়া-বিহুৱা প্ৰশিক্ষকে শিকাইছে বিহু নাচৰ লগতে ঢোল বাদনৰ কলা।


কলিয়াবৰত একেৰাহে কেইবাবাৰো বিহু কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশ লৈ যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে নৱ-প্ৰজন্মৰ বিহুৰ প্ৰতি ধিউতি দেখি সন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মশালাটোৰ মুখ্য প্ৰশিক্ষক প্ৰাণজিৎ চেলেং। অসমৰ বিহুত কলিয়াবৰৰ ঐতিহাসিক স্থিতিৰ প্ৰতি কলিয়াবৰীয়া ৰাইজে সন্মান প্ৰদৰ্শন কৰি বিহুৰ স্বকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলিও আশা প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে। কলিয়াবৰত এক মানদণ্ডৰ বিহু দল গঠন কৰাৰ ক্ষেত্ৰত আগ-ভাগ লৈ নৱ-প্ৰজন্মক আগুৱাই নিয়াত প্ৰয়োজনীয় সহযোগ আগবঢ়াব বুলি প্ৰতিশ্ৰুতিও দিয়ে।


আনহাতে, ১৯৭৪ চনতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আৰম্ভ কৰা বিহু উৎসৱে এইবেলি ৫০ বছৰ সম্পূৰ্ণ কৰিলে। সেই উদ্দেশ্যে অহা পহিলা বহাগত পূৰ্বৰ দৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। শিল্পী সম্বৰ্দ্ধনা, বিহু কৰ্মশালাৰ শিক্ষাৰ্থীৰ বিহু নাচ প্ৰদৰ্শন, আমন্ত্ৰিত বিহু দল আৰু লোকবাদ্য আৰু নৃত্য দলৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী বৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে।

গ্ৰীষ্মকালত শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিবলৈ এই ৫ বিধ বনৌষধি অতি উত্তম, খাব পাৰে দৈনিক…

গ্ৰীষ্মকালত শৰীৰৰ তাপ কমোৱাটো অতি কষ্ট। এনে পৰিস্থিতিত কিছুমান বনৌষধি দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। গৰমৰ দিনত শৰীৰৰ উষ্ণতা ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে খাদ্য তালিকাত শীতল পদাৰ্থ থকা খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকক এই লেখাৰ জৰিয়তে এনে কিছুমান বনৌষধিৰ বিষয়ে কম, যিবোৰ নিয়মীয়াকৈ গ্ৰহণ কৰিলে আপুনি আপোনাৰ শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিব পাৰিব। জানো আহক এই ৫ বিধ বনৌষধিৰ বিষয়ে-

গৰমৰ দিনত পদিনা ৰাইটা, শ্বাৰবেট, চাটনিৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি। এই বনৌষধিত আছে শীতল গুণ। ইয়াৰ উপৰিও ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে।

গ্ৰীষ্মকালত কেঁচা ধনীয়া পাত চাটনি, চূপ আৰু চালাডত খালে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে ২০১৭ চনত কৰা এক অধ্যয়নতো দেখা গৈছে যে ধনীয়াৰ এন্টিঅক্সিডেন্ট, এন্টি-কেন্সাৰ আৰু নিউৰ’প্ৰটেক্টিভ গুণো আছে।

তুলসীৰ প্ৰদাহ, এন্টিচেপ্টিক, এন্টি এজিং আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবে যুগ যুগ ধৰি ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ লগতে ই শৰীৰক শীতল কৰি ৰাখে বুলি জনা যায়।

অতীজৰে পৰা জিৰা গ্ৰহণ কৰিলে শৰীৰ শীতল আৰু হজম শক্তিত সহায়ক হয়। ইয়াত এন্টিঅক্সিডেন্ট থাকে যিয়ে গৰমৰ লগত জড়িত অস্বস্তিৰ লক্ষণ যেনে পেট ফুলা আৰু বদহজম হ্ৰাস কৰাত সহায় কৰে।

গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বনভোজৰ দল…

গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বনভোজৰ দল।

আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী, আহত ৬গৰাকী লোক। ৪ গৰাকীৰ অৱস্থা সংকটজনক।

ডিফুত কোনে মাৰিব শেষ হাঁহি, যোগদানৰ ৰাজনীতিৰে বিজেপিৰ শক্তি প্ৰদৰ্শন হামৰেনত…

সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলৰ মাজত ব্যাপক তৎপৰতা আৰু শক্তি প্ৰদৰ্শনৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা ৬ নং ডিফু লোকসভা সমষ্টিতো দেখিবলৈ পোৱা গৈছে শাসকীয় বিজেপি দলৰ ব্যাপক তৎপৰতা । লোকসভা নিৰ্বাচনক লৈ ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছ’, কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং, এ পি এইছ এল চি – ৰ জনচ্ ইংতি কাথাৰ, এ এছ ডি চি দলৰ জৎছন বে, গণ সুৰক্ষা পাৰ্টিৰ – বাৰ্ণাড চাংমা আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিক্ৰম হাঞ্চেকে ধৰি মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰা পৰিলক্ষিত হৈছে। অৱশ্যে কোনে মাৰিব শেষ হাঁহি সেয়া নিৰ্ণয় কৰিব অনাগত ২৬ এপ্ৰিলত ডিফু সমষ্টিৰ ভোটাৰ ৰাইজে ।

উল্লেখযোগ্য যে পুনৰ মোডী চৰকাৰ গঠনৰ লক্ষ্যৰে, উন্নয়ন আৰু বিকাশৰ শ্লোগান লৈ বিজেপিয়ে ডিফু সমষ্টিত অৰ্থাৎ কাৰ্বি পৰিষদৰ ২৬ সমষ্টিতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যই নিজৰ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে হামৰেন পৰিষদীয় সমষ্টিৰ জেংখাত হামৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপস্থিতিত কংগ্ৰেছ, এ পি এইছ এল চি আৰু এ এছ ডি চি দলৰ ৮২ পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এনে যোগদানৰ ৰাজনীতিৰে দলৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় হামৰেন সমষ্টিত মঙ্গলছিং তিমুঙে। লগতে হামৰেন সমষ্টিৰ উপৰিও সমগ্ৰ ডিফু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছ’ই বিপুল ভোটেৰে জয়লাভ কৰিব আৰু অনাগত দিনত পুনৰ কাৰ্বি আংলঙত উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰম্ভ হব বুলি দৃঢ়তাতে দাবী কৰে তিমুঙে।

বৰপেটাৰোডত IPLৰ জুৱাৰীৰ পৰা জব্দ ১ লাখ ৬৯ হাজাৰ টকা উদ্ধাৰ…

বৰপেটাৰোডত IPLৰ জুৱাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত আটক ইন্তাজ আলী পাঠানক।

ইন্তাজ আলীৰ পৰা জব্দ ১ লাখ ৬৯ হাজাৰ টকা। জুৱাত ব্যৱহৃত আপত্তিজনক নথি-পত্ৰ জব্দ। বালাভিঠাত চলোৱা অভিযানত আটক আন দুটা জুৱাৰী।

আটক নুৰজামাল আলী আৰু মকবুল হুছেইনক। নগদ ২ হাজাৰ ৪০০ টকা, ৮খন নম্বৰ বিক্ৰী কৰা বহী উদ্ধাৰ।

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ…

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ।

প্ৰমোদ বড়োই এবছু অফিচৰ পৰা বিটিচি চলাই আছে— হাগ্ৰামা

নিৰ্বাচনত বান্দৰ মিঞা যাব সুন্দৰ মিঞা আহিব৷ আমাৰ দললৈ সুন্দৰ মিঞা আহিব৷

ড্ৰাইভাৰৰ অভাৱত হেলিকপ্টাৰ নুঘূৰাই হাগ্ৰামা মহিলাৰীয়ে।

প্ৰমোদ বড়োই এবছু অফিচৰ পৰাই বিটিচি চলাই আছে–এই অভিযোগ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ৷ আজি তামুলপুৰৰ সমষ্টিৰ বিভিন্ন ঠাইত বিপিএফৰ প্ৰাৰ্থীৰ হৈ দিনযোৰা কাৰ্যসূচীৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত এই অভিযোগ কৰে ৷প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিপিএফ ত্যাগ কৰি ইউপিপিএল দললৈ গমন সন্দৰ্ভত সাংবাদিকৰ আগত মহিলাৰীযে কয়— চন্দন কেতিয়া যাব ৷ সদায় গৈ থাকে বুলি কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্মৰ নাম দিলে “হব মন্ত্ৰী”। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মকে আদি কৰি বিপিএফৰ কেইবাগৰাকীও শীৰ্ষ নেতা কৰ্মী বিজেপি, ইউপিপিএল দলত যোগদান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰী কয়– বান্দৰ মিঞা যাব, সুন্দৰ মিঞা আহিব। বিপিএফ দললৈ সুন্দৰ মিঞা আহিব বুলি তেওঁ দাবী কৰে ৷

আগন্তুক লোকসভা নিৰ্বাচনত ড্ৰাইভাৰৰ অভাৱত হেলিকপ্টাৰ নুঘূৰাই হাগ্ৰামা মহিলাৰীয়ে। ড্ৰাইভাৰ বিচাৰি হেনো হায়ৰান হৈ পৰিছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী। ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ আজি দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাই তামুলপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বিপিএফ দলৰ সন্দৰ্ভত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমত বিভিন্ন কথা কোৱাত হাগ্ৰামা মহিলাৰীয়ে কয়—প্ৰমোদ বড়ো বিপিএফৰৰ উপদেষ্টা নহয় ৷ ইউপিপিএল দলৰ হে সভাপতি যদিওঁ প্ৰমোদ বড়োই একো নাজানে। প্ৰমোদ বড়োই এবছু অফিচৰ পৰা বিটিচিখন চলাই থকাৰ অভিযোগ আনে। আনহাতে নিৰ্বাচনৰ পিছত ইউ পি পি এল দলৰ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কাম নোহোৱা হব বুলি মন্তব্য কৰি বিটিচিৰৰ উপৰিও আন পাঁচ সমষ্টিতো বিপিএফ দলৰ স্থিতি সবল বুলি দাবী কৰে ৷

আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰৰ আল্লিয়া পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই তামুলপুৰৰ দলীয় কাৰ্যালয়ত এখন যোগদান সভাত অংশ গ্ৰহণ কৰে হাগ্ৰামা মহিলাৰী। বিপিএফৰ কাৰ্যালয়ত আজি মহিলাৰীৰ উপস্থিত বিজেপি, ইউ পি পি এল আৰু জি এছ পি দলৰ শতাধিক লোকে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে। বিজেপিৰ বাক্সা জিলা সমিতিৰ প্ৰাক্তন নেতা ৰিংচাৰ বড়ো আৰু প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি তৰণী বৈশ্যৰ নেতৃত্বত শতাধিক লোকে বিপিএফত যোগদান কৰে৷
তামুলপুৰ জিলা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ গোপীনাথ ব্ৰহ্ম, মুখ্য আহ্বায়ক দীপক ডেকা, তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, ইমানুৱেল মোছাহাৰী, যুৱ বিপিএফৰ সভাপতি শৰৎ দাস উপস্থিত থাকে৷ আনহাতে আবেলি তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰমসিং, চলিকান্দা, বৰবিলাত নিৰ্বাচনী প্ৰচাৰ চলায়‌ মহিলাৰীয়ে।

পাচনতন্ত্ৰৰ বাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী…

কৰদৈ টেঙাৰ উপকাৰিতা :-

১। পাচনতন্ত্ৰৰবাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী । অভোক , অৰুচি,বদহজম ,কৌষ্ঠকাঠিন্য আদি দুৰ কৰাৰ লগতে বৃহদন্ত্ৰ পৰিস্কাৰ কৰে আৰু পেটৰ অলাগিয়াল পদাৰ্থ দুৰ কৰে ।

২। _দেহৰ ওজনহ্ৰাস কৰাবলৈ কৰদৈ টেঙা মহা ফলপ্ৰদ ফল । (অন্য ৰোগ থাকিলে চিকিত্সকক সুধি খাব ।) যিসকলৰ বাৰে বাৰে খোৱাৰ ৰুচি থাকে সেইটো উপসম হয় ।

৩। কৰদৈ টেঙাত থকা পৌষ্টিক গুণাগুণসমুহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । দেহৰ ক্লান্তি দুৰ কৰে ।

৪। উচ্চৰক্তাচ্চাপ , কোলেষ্ট্ৰলবৃদ্ধি তথা ডায়েবটিচ_ৰোগ নিয়ন্ত্ৰণ কৰে । (চিকিত্সকক সুধি খাব)

৫। হৃদয়ৰোগআৰু কৰ্কট ৰোগৰ বাবে কম মাত্ৰাত কৰদৈ টেঙা খোৱাটো উপকাৰী ।

৬। শ্বাসজনীত যিকোনো ৰোগত কৰদৈ হিতকাৰী

৭। অধিক মাত্ৰাত কেলচিয়াম থকাৰ বাবে হাড়,দাঁত বা কেলচিয়ামৰ অভাৱত হব পৰা বিভিন্ন ৰোগৰ বাবে কৰদৈ উপকাৰী ।

৮। গাৰ_ছাল মসৃন আৰু ৰোগমুক্ত কৰে ।

৯। খৰখজুৱতি হলে কৰদৈৰ পাত আৰু কুমলীয়া দাল মিহিকৈ থেতেলাই প্ৰলেপ লগালে উপসম হয় ।

১০। সপ্তাহত এবাৰকৈ কৰদৈ আৰু নেমুৰসত জলফাইতেল (oliv oil) বা বাদাম তেল মিহলাই মুৰত ঘহি আধাঘন্টা পিচত ধুই পেলালে চুলি_নিমজ আৰু উফি আদিৰ পৰা ৰোগমুক্ত হয় ।

১১। মাতৃদুগ্ধ কমি গলে কৰদৈ টেঙাৰ তৰকাৰি বা পকা ফল ফলদায়ক।