Home Blog Page 905

ভলুকাবাৰীৰ জে কে মেমোৰিয়েল একাডেমীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভলুকাবাৰীস্থিত জে কে মেমোৰিয়েল একাডেমীৰ পৰা সুক্ষ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক আজি বিদ্যালয় তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ছমৰীয়া সমষ্টিৰ ভলুকাবাৰীস্থিত জে কে মেমোৰিয়েল একাডেমীয়ে ১০০ শতাংশ উত্তীৰ্ণ হোৱাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা-শিক্ষাৰ্থীয়ে আনন্দত উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছিল৷ ৷উল্লেখ্য যে একাডেমী খনৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৯ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ২৫ জনে প্ৰথম বিভাগত আৰু ১৪ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ উল্লেখনীয় যে ইয়াৰে অহেদ আলীয়ে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮২.১৭ শতাংশ, জিয়াৰুল হকে পাঁচটা বিষয়ত লেটাৰসহ ৮২ শতাংশ, আব্দুল মান্নানে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮০.৬৭ শতাংশ, জাকিয়া চুলতানায় তিনিটা

বিষয় লেটাৰসহ ৭৯.৩৩ শতাংশ, ৰাহুল আমিনে চাৰিটা বিষয়ত লেটাৰসহ ৭৮ শতাংশ, আলমতাজ নুৰীয়ে এটা বিষয়ত লেটাৰ নম্বৰসহ ৭৫ শতাংশ আৰু মিজানুৰ ৰহমানে ৭৫.১৭ শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ সেই উদ্দেশ্য বিদ্যালয়খনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকল উৎসাহিত কৰাৰ উদ্দেশ্যৰে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক আমজেদ আলী আহমেদৰ পৌৰহিত্যত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ একাডেমীখনৰ অধ্যক্ষ আব্দুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়৷ একাডেমীখনৰ পৰা ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা

শিক্ষাৰ্থীক গামোচা, জাপি আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানত ভলুকাবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক মিজানুৰ ৰহমান, ছমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক সাহাবুদ্দিন, লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সভাপতি এম ছামচুল আলম, কাৰ্যকৰী সভাপতি আব্দুচ ছালাম, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শৈক্ষিক তত্বাৱধায়ক আব্দুৰ ৰহমান আজাদ, এফ এ আহমেদ মহাবিদ্যালয়ৰ প্ৰবক্তা স্বাহজাহান আলীকে ধৰি গন্য মান্য ব্যক্তিসকলে উপস্থিত থাকি শিক্ষাৰ্থীৰ উদ্দেশ্য ভাষণ আগবঢ়ায়৷ সভাৰ শেষত ফটকা ফুটাই ভেন্ড পাৰ্টিৰ সহযোগত এখন সমদল উলিয়াই শিক্ষক শিক্ষাৰ্থীসকলে উৎসাহিত কৰা দেখা যায়৷

ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত ২০০ ৰো অধিকৰ যোগদান…

যোৱা ২১ এপ্ৰিল দেওবাৰে আবেলি ৪-০০ বজাত বিমলা নগৰত ফিল্ডত বিষ্ণুপুৰ মণ্ডলৰ সভানেত্ৰী কৃষ্ণা দাসৰ উপস্থিতিত যোগদান কাৰ্যসূচীত উপস্থিত বিশিষ্ট অতিথি ক্ৰমে চিতা অধক্ষ মঙলদৈ লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা ৰাজ্যিক কাৰ্যনিৰ্বাহক অশোক

ভৰালী বিষ্ণুপুৰ মণ্ডলৰ বিস্তাৰক দ্বীপজ্যোতি মিশ্ৰ বিষ্ণুপুৰ মণ্ডলৰ সহ প্ৰভাৰী কল্লোল চক্ৰৱৰ্তী গুৱাহাটী মহানৰ জিলাৰ উপ-সভাপতি ৰুপেন বৰুৱা আৰু বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী ১৯ নং ৱাৰ্ডৰ পাৰিষদ ব্ৰীজেশ ৰয়

(ধনদা) ২০ নং ৱাৰ্ডৰ পাৰিষদ গৌৰগোপাল মণ্ডল ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেৱ সাধাৰণ সম্পাদক ভবেশ সৰকাৰৰ উপস্থিতিত ৪০০শ জনসাধাৰণৰ উপস্থিতিত ২০০ জনৰো অধিক কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত যোগদান কৰে ৷

মঙলদৈত এচিড আক্ৰমণৰ ঘটনা ! পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ…


দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং ৱাৰ্ডত যোৱানিশা সংঘটিত হোৱা এক এচিড আক্ৰমণৰ ঘটনাই মঙলদৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি মঙলদৈৰ দুই নং ৱাৰ্ডৰ বাসিন্দা আখতাৰ হুছেইন নামৰ ব্যক্তিজনে যোৱা নিশা পত্নী ৰফিদা বেগমক শুই থকা অৱস্থাতে এচিডৰে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । ইয়াৰ উপৰিও আখতাৰ হুছেইনে ঘৰৰ বাহিৰত থকা সতীয়া ভাতৃ ৰফিকুল হুছেইনক ফোন কৰি ঘৰলৈ আহিবলৈ কয়। সেই মতে ভাতৃ ৰফিকুল হুছেইন ঘৰলৈ আহি থকাৰ সময়তে ঘৰ নাপাওঁতেই ৰাজপথতে ভাতৃক এচিডেৰে আক্ৰমণ কৰে আখতাৰ হুছেইনে ।

এই আকস্মিক তথা অপ্ৰত্যাশিত ঘটনাৰ পাছতে অঞ্চলটোত হুৱা দুৱা লাগে আৰু ৰাইজৰ মাজত হুলস্থূলীয়া পৰিবেশ বিৰাজ কৰে । স্বামীৰ এচিড আক্ৰমণৰ ঘটনাত গুৰুতৰ ভাৱে আহত পত্নী ৰফিদা বেগম আৰু ভাতৃ ৰফিকুল হুছেইনক স্থানীয় ৰাইজ তথা চুবুৰীয়াই ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় । ইপিনে পত্নী আৰু ভাতৃক এচিডেৰে আক্ৰমণ কৰিয়েই নিশাই মঙলদৈ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আক্ৰমণকাৰী আখতাৰ হুছেইনে ।

এচিড আক্ৰমণৰ ঘটনাৰ কাৰণ হিচাপে আখতাৰ হুছেইনে আৰক্ষীৰ ওচৰত স্পষ্টকৈ কোনো তথ্য সদৰী কৰা নাই যদিও আখতাৰ হুছেইনৰ পত্নী ৰফিদা বেগম আৰু ভাতৃ ৰফিকুল হুছেইনৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি ধাৰণা কৰা হৈছে । অৱশ্যে ঘটনাৰ প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত মঙলদৈৰ আৰক্ষীয়ে অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰিছে। আনহাতে আখতাৰ হুছেইনে এচিড আক্ৰমণত ব্যৱহৃত বটলটো মঙলদৈ নগৰৰ মাজমজিয়াৰ বেগা নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

কবি-সাহিত্যিক বিনীতা দেৱী বৰুৱা দাসক স্মৰণ…

কবি-সাহিত্যিক বিনীতা দেৱী বৰুৱা দাসক স্মৰণ

গুৱাহাটী আজাৰাৰ পৰা প্ৰকাশিত অসমীয়া কাব্য সাহিত্য জগতৰ অন্যতম প্ৰতিষ্ঠিত কাব্যালোচনী কল্পদ্ৰুমৰ প্ৰাক্তন সম্পাদক, কবি, সমাজসেৱিকা, সাহিত্যিক প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ স্মৃতিচাৰণ সভাখন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। ২১ এপ্ৰিলত কল্পদ্ৰুম কাব্যালোচনীৰ উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখন মামণি ডেকা দাস, জোনালী ডেকা বৰুৱা আৰু প্ৰণিতা দাসৰ সমবেত কণ্ঠত গোৱা ঘোষাৰে শুভাৰম্ভ কৰা হয়। তাৰ পাছতেই কাব্যালোচনী কল্পদ্ৰুমৰ সম্পাদক, কল্পদ্ৰুম কালচাৰেল একাডেমীৰ অধ্যক্ষ তথা প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ সুযোগ্য পুত্ৰ মৃন্ময় দাসে প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ ১ মে’ত দেহাৱসান ঘটিছিল বিনীতা দেৱী বৰুৱা দাসৰ।


স্মৃতিচাৰণ সভাখনত কেইবাগৰাকী কবি-সাহিত্যিক, বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ সাহিত্যৰাজী, কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। স্মৃতিচাৰণ সভাখনত তেখেতৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমান কলকতা নিবাসী স্বামী প্ৰহলানন্দ পুৰী, সংগীত শিল্পী শান্তনু বৰুৱা, বিশিষ্ট কবি ৰাতুল গোস্বামী, লেখিকা বুলু কুমাৰী বৰা, গৰিমা দাস শইকীয়া, গীতা দাস আদিয়ে প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসক ৰোমন্থন কৰি প্ৰদান কৰা বক্তব্যৰে সভাখন আৱেগিকভাৱে জীপাল কৰি তোলে। প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ কনিষ্ঠ কন্যা মুম্বাই নিবাসী ড° ধৃতি নয়না দাস বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিনীতা দেৱী বৰুৱা দাসৰ সাহিত্যকৃতি, সামাজিককৃতিৰ স্মৃতিবিজড়িত তথ্যৰে পূৰ্ণ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, লেখক-লেখিকা, কবি-সাহিত্যিক, ব্যক্তি বিশেষে বিনীতা দেৱী বৰুৱা দাসৰ ওপৰত মত প্ৰকাশ কৰা লেখনিৰে সমৃদ্ধ “আদৰ্শৰ অন্য এক উপাসনা” নামৰ এখনি স্মৰণিকা উন্মোচন কৰা হয়।

স্মৰণিকাখন উন্মোচন কৰে বিশিষ্ট কবি, অসম কবি সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। উন্মোচনী ভাষণত তেওঁ প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ লগতে তেখেতৰ স্বামী বিশিষ্ট সমাজসেৱক , কবি-সাহিত্যিক, গীতিকাৰ-সুৰকাৰ প্ৰয়াত অনুকূল দাসৰ সাহিত্যৰাজী কৰ্মৰাজী, অসমীয়া সাহিত্যৰ প্ৰতি ত্যাগ আৰু ভালপোৱাৰ কথা স্মৰণ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ ৰচনা আৰু সুৰেৰে সৃষ্টি এটি সমবেত গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কল্পদ্ৰুম কালচাৰেল একাডেমীৰ জ্যেষ্ঠ ছাত্ৰীবৃন্দই। আনহাতে তেখেতৰ পুত্ৰ মৃন্ময় দাসে লিখা আৰু জ্যেষ্ঠ কন্যা ড° কান্তা কাবেৰী দাসে কন্ঠ নিগৰোৱা এটি গীত পৰিৱেশনেৰে মাতৃক সুঁৱৰি অনুষ্ঠানটোৰ পৰিৱেশ আৱেগিক, গহীন কৰি তোলে। স্মৃতিচাৰণ সভাখনত সাহিত্যিক পেঞ্চনাৰ বিনন্দিৰাম দাস, মুম্বাইৰ পৰা অহা মীৰা সোণোৱালকে ধৰি গুৱাহাটী মহানগৰ কবি কাননৰ প্ৰতিনিধি, আজাৰা সাহিত্য সভাৰ প্ৰতিনিধি, আজাৰা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিনিধি, কল্পদ্ৰুম কাব্যালোচনী আৰু কল্পদ্ৰুম কালচাৰেল একাডেমীৰ প্ৰতিনিধি, কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, লেখক-লেখিকা, শুভাকাঙ্খী উপস্থিত থাকে।

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহ যাত্ৰী কঢ়িওৱা গাড়ী ! ৪ জন নিহত…

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহযাত্ৰী কঢ়িওৱা গাড়ী , ৪ জন নিহত

উত্তৰাখণ্ডত বিয়াৰ পৰা আঠজন লোকে এখন গাড়ীৰে ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু তেওঁলোকৰ মাজৰে চাৰিগৰাকীয়ে ঘৰ গৈ নাপালে।উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় । বিবাহযাত্ৰীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰাৰৰ ফলতে চাৰিগৰাকী লোক নিহত হয়। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। তেওঁলোকক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে।


সোমবাৰে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনত আঠজন লোকে এখন বিয়াৰ পৰা উভতি আহি আছিল। গাড়ীখনে এণ্ডোলি অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰায় ২০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰে। ঘটনাস্থলীতে চাৰিজন লোকৰ মৃত্যু হয়।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকসকলেও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে । আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এএছআই সুন্দৰ সিং ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ তদাৰকী কৰিছে। দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলে সংবাদ মাধ্যমককয় যে আহতসকলক স্থানীয় লোকৰ সহায়ত খাদৰ পৰা উদ্ধাৰ কৰা হৈছে। মৃতদেহবোৰো উদ্ধাৰ কৰা হৈছে।

এইবাৰ সাংবাদিকৰ ৰূপত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা ! সাংবাদিকক ওলোটাই সুধিলে কেবাটাও প্ৰশ্ন…

এইবাৰ সাংবাদিকৰ ৰূপত ভবেশ কলিতা ।

সাংবাদিকৰ পৰা ওলোটাই ললে byte ।

সাংবাদিকক প্ৰশ্নৰ উত্তৰ দি দি এইবাৰ নিজে সাংবাদিকক প্ৰশ্ন সুধিলে ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে ।

ৰঙিয়াত এজন সাংবাদিকক সুধিলে কেবাটাও প্ৰশ্ন ।

এই দৃশ্যই যথেষ্ট আমোদ দিছে দৰ্শকক ।

এম ডি এইচ এভাৰেষ্ট মচলাত কীটনাশক ! ছিংগাপুৰৰ পিছত হংকঙেও নিষিদ্ধ কৰিলে এম ডি এইচ এভাৰেষ্ট মচলাৰ বিক্ৰী…

Food regulators in both Hong Kong and Singapore have directed vendors to remove the banned products from shelves

এম.ডি.এইচ এভাৰেষ্ট মচলাত পোৱা গৈছে কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড । এই কথা ধৰা পৰাৰ পিছতে হংকঙে জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ মচলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ছিংগাপুৰেও তেনে মচলাত ইথিলিন অক্সাইডৰ উপস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল। হংকঙৰ খাদ্য সুৰক্ষা কেন্দ্ৰই ৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীৰ সময়তে এমডিএইচ গোটৰ পৰা তিনিবিধ মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি পোৱা গৈছে – সেইবোৰ হৈছে মাদ্ৰাজ কাৰী পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু কাৰী পাউডাৰ।

চি.এফ.এছ.-এ তিনিটা ৰিটেইল আউটলেটৰ পৰা সেই মচলাসমূহৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল। নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে নমুনাবোৰত এবিধ কীটনাশক, ইথিলিন অক্সাইড আছিল। চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক এনে ঘটনাৰ বিষয়ে অৱগত কৰিছে আৰু তেওঁলোকক সেই মচলাসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এভাৰেষ্ট গ্ৰুপৰ ফিছ কাৰী মচলাতো কীটনাশক থকাৰ কথা প্ৰমাণ হৈছে। কৰ্কট ৰোগৰ বিষয়ে গৱেষণা কৰা আন্তৰ্জাতিক সংস্থাই গ্ৰুপ ১ কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতিব পাৰে বুলি কোৱা হৈছে। এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ছিংগাপুৰে এভাৰেষ্টৰ মচলা বিক্ৰী নিষিদ্ধ কৰিছে। ২০২৩ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এভাৰেষ্টৰ বহু মচলা নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল।

কংগ্ৰেছে দেশৰ মাতৃ আৰু ভগ্নীসকলৰ মঙ্গলসূত্ৰ কাঢ়ি নি মুছলমানক দিব! প্ৰধানমন্ত্ৰী মোদীৰ বিস্ফোৰক মন্তব্য

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ মতে কংগ্ৰেছে মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ কাঢ়ি লৈ অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা এনে মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীয়ে প্ৰধানমন্ত্ৰীক দেশৰ বহুতো সমস্যাৰ পৰা মনোযোগ আঁতৰাবলৈ বিভাজনমূলক ৰাজনীতি বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
২০০৬ চনত মোদীয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্তব্যক সমালোচনা কৰিছিল। মোদীয়ে কয় “যেতিয়া কংগ্ৰেছ শাসনত আছিল, কোৱা হৈছিল যে মুছলমানসকলৰ প্ৰথমে দেশৰ সম্পদৰ অধিকাৰ আছে। অৰ্থাৎ পৰিয়ালত অধিক সন্তান থকা সকলৰ মাজত দেশৰ সম্পদ বিতৰণ কৰা হ’ব। দেশৰ সম্পদ অনুপ্ৰৱেশকাৰীসকলক হস্তান্তৰ কৰা হ’ব। কংগ্ৰেছৰ ইস্তাহাৰ অনুসৰি, মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ গণনা কৰা হ’ব আৰু সম্পদ বিতৰণ কৰা হ’ব। মনমোহন সিং চৰকাৰে কৈছে যে মুছলমানসকলৰ দেশৰ সম্পদৰ অধিকাৰ আছে। এনে পৰিস্থিতিত আপোনাৰ মঙ্গলসূত্ৰও বাদ নপৰিব।”

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোদীৰ এনে তৰল মন্তব্যক কংগ্ৰেছে তীব্ৰ নিন্দা আৰম্ভ কৰিছে। এক্স-হেণ্ডেলত ৰাহুল গান্ধীয়ে কয়, “প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত মোদী হতাশ হৈ পৰিছে। সেইকাৰণে তেওঁ বিভ্ৰান্তিকৰ কথা কৈ মানুহৰ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে। কিন্তু দেশৰ মানুহে সকলো সমস্যাৰ কথা মনত ৰাখিয়েই ভোট দিব” । এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েও মোদীক সমালোচনা কৰিছে । ৱাইচিয়ে কয় “প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ মুছলমানসকলক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰিছে । দৰাচলতে, মোদীয়ে ২০০২ চনৰ পৰা মুছলমানসকলক অত্যাচাৰ কৰি ভোট লাভ কৰি আহিছে। তেওঁৰ কাৰ্যকালত, সকলো সম্পদ কোটিপতি বন্ধুৰ হাতলৈ গৈছে। “অৱশ্যে, বিজেপিয়ে বিৰোধীৰ সমালোচনাক ওফৰাই দিবলৈ ২০০৬ চনত মনমোহন সিঙৰ ভাষণৰ এটা ভিডিঅ’ মুকলি কৰিছে। বিজেপিৰ মতে, প্ৰধানমন্ত্ৰীয়ে এনে অভিযোগ অনাৰ বাবে বিৰোধী এতিয়া বিপদত পৰিছে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল…

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল।

কোকৰাঝাৰত ১গৰাকী, ধুবুৰীত ৪গৰাকী আৰু বৰপেটাত ১গৰাকী,

গুৱাহাটী সমষ্টিত ২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়।

৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস উদযাপন মডাৰ্ণ ইংলিছ স্কুলৰ…

সেইজী ধৰণীলৈ আকুণ্ঠ ভালপোৱা প্ৰদৰ্শনেৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক ধুনীয়া ধৰণীলৈ নামি অহা সংকটবোৰ উপলব্ধি কৰোৱাৰ উদ্দেশ্যে আজি নিজৰ চৌহদতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস উদযাপন কৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনে এই দিৱস উদযাপন উপলক্ষ্যে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতাৰ আয়োজন কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ এই বিশেষ অনুষ্ঠানত ৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

মন কৰিবলগীয়া যে, পূৰ্বেও এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি পৰিৱেশ সজাগতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ পথ গ্ৰহণ কৰি আহিছে মডাৰ্ণ ইংলিছ স্কুলে। চিত্ৰাংকণ প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতা আদি প্ৰতিযোগিতা আৰু কাৰ্যসূচীৰ জৰিয়তে ধুনীয়া ধৰণীলৈ নামি অহা জৰুৰী পৰিৱেশজনিত সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে মডাৰ্ণ ইংলিছ স্কুলে। উল্লেখ্য যে, সক্ৰিয় ব্যৱস্থাসমূহক প্ৰেৰণা যোগোৱা আৰু এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে সামূহিক প্ৰচেষ্টাক প্ৰসাৰিত কৰাত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।