Home Blog Page 904

“এ আই ইউ ডি এফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ” অজিত কুমাৰ ভূঞা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বহুৰূপী মানুহ।তেওঁ কেতিয়াবা ১৩ খন আসনত,কেতিয়াবা ১৪ খন আসনত বিজয়ী হব বুলি কয়।কেতিয়াবা আকৌ চাৰে এঘাৰখন আসনত বিজয়ী হব বুলি কয়।ই প্ৰমাণ কৰিছে যে বিজেপিয়ে ভয় খাইছে।’-আজি নগাঁৱৰ ননৈ পানীখাইটিত এখন সংবাদ মেল আয়োজন কৰি এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।ৰাজ্যত বিকাশৰ কোনো চিন নাই বুলি মন্তব্য কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে-প্ৰচাৰ যন্ত্ৰটো লগতলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেৱল ভূৱা প্ৰতিশ্ৰুতিহে দিলে।

‘বিগত সময়ছোৱাত অসমৰ মুছলমান সমাজক ডঃ হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিলে বুলি মন্তব্য কৰি ভূঞাই কয় যে-সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য কৰা উচিত নহয়।কিন্তু তেওঁ যে এজন সাম্প্ৰদায়িক নেতা সেইটো ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিবলৈ গৈ তেওঁ মুছলমানৰ ভোট নালাগে বুলি কৈছিল।কিন্তু এতিয়া মুছলমানক তোষণ কৰিবলৈ লৈছে।পূৰ্বতকৈ তেওঁৰ ওলোটা স্থিতি।তেওঁলোক মুছলমান ভোটৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হৈছে।’ বিজেপিৰ প্ৰধান সহায়ক দল এ আই ইউ ডি এফ বুলি মন্তব্য কৰি সাংসদ ভূঞাই কয় যে-বদৰুদ্দিন আজমলে ইছলাম ধৰ্মাৱলম্বী লোকক সহায় কৰিবলৈ যিটো দল গঠন কৰিছিল সেই দলটো এতিয়া বিজেপিৰ বি টীমত পৰিণত হৈছে।

সাংসদ ভূঞাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানত কৰা মন্তব্য অসমৰ নাগৰিক সমাজে গৰিহণা দিছে বুলি কয়।নিৰ্বাচন আয়োগকো চকু মুদা কুলি আখ্যা দি সাংসদ ভূঞাই বিজেপিৰ লগত আৰক্ষী,চি আৰ পি এফ,ই ডি আদি সকলো আছে বাবে মেক্স ফিক্সিং হব পাৰে বুলি আশংকা কৰে।তথাপিও মানুহে উপলব্ধি কৰিব বুলি আশা কৰাৰ কথা উল্লেখ কৰি সাংসদ ভূঞাই কয় যে-কি ধৰণে বিগত ১০ বছৰে গণতন্ত্ৰৰ ওপৰত পদাঘাট কৰিলে।মানুহৰ সমস্যা বঢ়াই দিলে।ৰাইজে উপলদ্ধি কৰিব।’নগাঁও লোকসভা সমষ্টিটো মুছলমান ভোটৰ বিভাজন আনিবলৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীক দিছে বুলি মন্তব্য কৰি তেওঁ কয় যে-‘এ আই ইউ ডি এফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।বিজেপিয়ে অসমখন টুকুৰা টুকুৰ কৰিব বিচাৰিছে।

তাৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগিব।’যিমানেই ভয় নেদেখুৱাওক নগাঁৱত তেওঁলোকৰ পৰাজয় নিশ্চিত হৈছে বুলি মন্তব্য কৰি সাংসদ ভূঞাৰ ৰাইজক আহ্বান -‘ৰাইজ গতিকে ঐক্যবদ্ধ হওক ভয় নকৰিব।অহা ২৬ এপ্ৰিলত নগাঁও লোকসভা সমষ্টিত ৰাইজে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিজয়ী কৰিব।।ইপিনে নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাইও সহপাঠী বিহীন ভুৱা ডিগ্ৰীধাৰী মোডীৰ দলে নগাঁও লোকসভা সমষ্টি বাসীক মেট্ৰিক ফেইল সুৰেশ বৰাৰ দৰে ধন টকা পইছা সৰ্বস্ব এজন ব্যক্তিক দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান জে এন ইউৰ শিক্ষাৰে শিক্ষিত প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে টিকট দি সমষ্টিটোৰ শিক্ষিত ৰাইজক উপলুঙা আৰু প্ৰবঞ্চনা কৰে বুলি অভিযোগ কৰে। বিৰিঞ্চি বৰাই লগতে কয় যে- সুৰেশ বৰা ৰিচুৱেলিং কৰা টায়াৰৰ লেখীয়া আৰু কংগ্ৰেছ দলে তিনিবাৰকৈ ব্যৱহাৰ কৰি দলিয়াই পেলোৱা শিক্ষাৰ পোহৰ নোপোৱা সুৰেশ বৰাক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়।

‘সংবাদ মেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান,ভাৰত জোড়ো অভিযানৰ আহ্বায়ক পৰেশ মালাকাৰো উপস্থিত থাকে। অন্যহাতেদি সংবাদমেলৰ পূৰ্বে অনুষ্ঠিত এখন সভাত নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সংখ্যালঘু সকলকলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে পূৰ্বতে দিয়া এটা ভাষণ বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ বিশিষ্ট বুদ্ধিজীৱি সাহিত্যিক হীৰেন গোহাঁই, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনকে প্ৰমুখ কৰি ৰাজ্যৰ এশগৰাকী বুদ্ধিজীবী, সমাজকৰ্মীয়ে স্বাক্ষৰ কৰি নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰে।

যশস্বী অভিনেতা জৰ্জ বেকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান

ভাৰতৰ বোলছবি জগতৰ যশস্বী অভিনেতা জৰ্জ বেকাৰক বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ড° ভূপেন হাজৰিকা বঁটা ২০২৪ প্ৰদান ৷ মহানগৰীৰ বেলতলাত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ব’হাগী উৎসৱত যশস্বী অভিনেতাজনক এই বঁটা প্ৰদান কৰা হয় ৷ বঁটাত আছে নগদ দুই লাখ টকা উল্লেখ্য যে ১৯ এপ্ৰিলৰ পৰা আয়োজিত ব’হাগী উৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ ইয়াৰ ভিতৰত পাটমাদৈ প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিহুৱতী সন্মান অৰ্জন কৰে নিৰ্জুমা কাকতিয়ে ৷ এই বঁটাত আছে নগদ দুই লাখ টকা ৷

আনহাতে ৰংমন এনাজৰী বিহু হুচৰি দলে শ্ৰেষ্ঠ হুচৰি দল, ৰংমন বিহু হুচৰি দলে দ্বিতীয় শ্ৰেষ্ঠ হুচৰি দল, ৰংমন এনাজৰী বিহু হুচৰি দলৰ অবিনাশ দিহিঙীয়াই শ্ৰেষ্ঠ ঢুলীয়া, চেৰেকা সূৰুযমুখী বিহু দলৰ ভাস্কৰ বৰুৱাই শ্ৰেষ্ঠ পেপুৱা খিতাপ অৰ্জন কৰে ৷ আনহাতে এই বিহু উৎসৱৰ লগত সংগতি ৰাখি কণ কণ ল’ৰা-ছোৱালীৰ মাজত খেলধেমালি প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ উন্মোচন, বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয় ৷

গুৱাহাটীত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ আন্তঃ বেটেলিয়ান ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপ

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অধীনৰ সাতখন ৰাজ্যৰ নিৰ্বাচিত কেডেট সকলৰ বাবে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়ান চৌহদত থকা ফায়াৰিং ৰেঞ্জত ১৭ এপ্ৰিলৰ পৰা চলি আছে আন্তঃ বেটেলিয়ান ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপ । শিবিৰত তামিলনাডুৰ তিৰুচিৰাপল্লীত অহা ২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া আন্তঃ সঞ্চালকালয় ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া উত্তৰ পূব মণ্ডলৰ দলটোক নিৰ্বাচন কৰা হব আনহাতে কাহিলীপাৰাত চলি থকা চেম্পিয়নশ্বিপত উত্তৰ পূব মণ্ডলৰ মুঠ ৩১১ জন নিৰ্বাচিত কেডেটে ভাগ লৈছে।

যত তিৰুচিৰাপল্লীত অনুষ্ঠিত হ’বলগীয়া আন্তঃ সঞ্চালকালয় চেম্পিয়নশ্বিপত ভাগ লবলগীয়া ২২ জনীয়া কেডেটৰ দলটো নিৰ্বাচিত কৰা হব । আনহাতে উত্তৰ পূব মণ্ডলৰ কেডেটৰ দলটোৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত থকা -খোৱাৰ সুবিধা কৰা হৈছে। আনহাতে অহা ২৫ এপ্ৰিলত এই শিবিৰৰ সামৰণি পৰিব।

আৰ্থিক অনাটনৰ সৈতে যুজি চাপৰৰ সন্দিপন দাসৰ কৃতিত্ব

মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ইপিনে পৰিয়ালৰ আৰ্থিক অনাটন। এপিনে মাতৃ সেৱা কৰাৰ লগতে দৰিদ্ৰতাৰ সৈতে যুজঁ দিওঁ নিজৰ লক্ষ্য স্হানৰ পৰা বিচলিত হোৱা নাই চাপৰৰ এগৰাকী ছাত্ৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ তথা ইংৰাজী বিষয়ত লেটাৰ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হ’ল চাপৰৰ সন্দিপন দাস।

চাপৰ বজাৰৰ নিবাসী তুষাৰ কান্তি দাস আৰু সংগীতা মৈত্ৰৰ একমাত্ৰ পুত্ৰ সন্দিপন দাস। বহু দিন ধৰি মাতৃ বেমাৰত ভুগি থকাৰ পৰিপ্ৰেক্ষিতত মাতৃ সেৱা কৰাৰ লগতে নিজৰ শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল ছাত্ৰ গৰাকী। আৰ্থিক অনাটনৰ বাবে পিতৃয়ে পুত্ৰক দিব পৰা নাছিল কোনো এটা বিষয়তে টিউশ্যন।

কিন্তু দৰিদ্ৰতাই যে শিক্ষাৰ বাবে হেঙাৰ হ’ব নোৱাৰে তাকে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ছাত্ৰ গৰাকী। এপিনে পুত্ৰৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃ আৰু আনপিনে পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালে। বাণিজ্য বিভাগত পঢ়াৰ ইচ্ছা থকা ছাত্ৰ জনৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক। কাৰণ আৰ্থিক অনাটনৰ বাবে যেন সপোন সপোন হৈয়ে ৰব একমাত্ৰ পুত্ৰৰ। পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ ওচৰত সহায় বিচাৰিছে সন্দিপনৰ দুখীয়া পৰিয়ালে।

ধেমাজিৰ বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ পৰলোকঃ ধেমাজিত শোকৰ ছাঁ

ধেমাজি সমাজ জীৱনৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই(৮৫) আৰু নাই ৷ আজি দিনৰ প্ৰায় ২.৩০ বজাত ধেমাজি মিলন নগৰস্হিত নিজা বাসগৃহত বাৰ্ধক্যজনীত কাৰণত তেওঁৰ মৃত্যু হয় ৷
ধেমাজি জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই একেধাৰে এগৰাকী কবি, গল্পকাৰ, ব্যংগ লেখক তথা সাহিত্যিক, সমালোচক হিচাপে পৰিচিত আছিল ৷


ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হিচাপে এসময়ত দক্ষতাৰে সেৱা আগবঢ়োৱা বুঢ়াগোহাঁইয়ে ধেমাজিৰ সাহিত্য সংস্কৃতি ক্ষেত্ৰখনৰ সৈত্যে ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷সাহিত্য ক্ষেত্ৰখনৰ লগতে ধেমাজিৰ সমাজ জীৱনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতেও আজীৱন জড়িত হৈ সেৱা আগবঢ়াইছিল ৷ ‘অসমীয়া জনজীৱনত প্ৰচলিত ফকৰা যোজনা সমগ্ৰ’শীৰ্ষক এখন বৃহৎ কলেৱৰৰ গ্ৰন্হ ৰচনা কৰা বুঢ়াগোহাঁইয়ে আন কেইবাখনো মূল্যবান গ্ৰন্হ লিখি প্ৰকাশ কৰি থৈ গৈছে ৷

তদুপৰি বিভিন্ন কাকত আলোচনীত তেখেতে সমসাময়িক প্ৰৱন্ধ পাতি লিখি পৰিচিত হৈছিল ৷
এগৰাকী নিৰৱ আৰু প্ৰচাৰ বিমুখ সাহিত্যিক হিচাপে পৰিচিত সৰৱৰহী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ মৃত্যুত আজি স্বাভাৱিকতে ধেমাজিত শোকৰ ছাঁ পৰে ৷মৃত্যুৰ সময়ত বুঢ়াগোহাঁইয়ে দুগৰাকী পুত্ৰ, বোৱাৰী, জী-জোঁৱাই, আৰু নাতি-নাতিনীকে ধৰি পৰিয়াল পৰিজনক এৰি থৈ গৈছে ৷

শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা অপশক্তিক মুছলিম ছাত্ৰ-সন্থাই কেতিয়াও মানি নলয়ঃ আশ্বিক ৰাব্বানী

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় অসমৰ মুছলিম লোকসকলকলৈ বিভিন্ন চৰকাৰে ৰাজনীতিহে কৰা পৰিলক্ষিত হৈছে । নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, গাঁৱে গাঁৱে আদালত পাতি ডি-ভোটাৰৰ সমস্যা সমাধান কৰা আৰু কা বাতিলৰ দাবীত মুছলিম ছাত্র-সন্থা অসমে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেলৰ আয়োজন কৰে।

সংগঠনটোৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে অসমীয়াৰ স্বভিমানত আঘাত দিয়া নাগৰিকত্ব সংশোধনী আইন খনৰ বিৰুদ্ধে সদায় মুছলিম ছাত্র সন্থাই মাত মাতি আহিছে আৰু অনাগত দিনতো মাত মাতি যাব। ১৯৭১চনৰ ২৪মাৰ্চৰ আগত অহা প্ৰতিগৰাকী লোক ভাৰতীয় । লগতে অসমৰ দীৰ্ঘদিনীয়া এটা জলন্ত সমস্যা ডি ভোটাৰৰ সমস্যাক গাঁৱে গাঁৱে লোক আদালত পাতি সমাধান কৰিবলৈ চৰকাৰক আহব্বান জনাই। শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা অপশক্তিক মুছলিম ছাত্ৰ-সন্থাই কেতিয়াও মানি নলয় বুলি সংবাদ মেলত সদৰী কৰে সংগঠনটোৱে।

গুৱাহাটী প্ৰেছ ক্লাৱত মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ (মুছা)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্বিক ৰাব্বানীয়ে সংবাদ মেল সম্বোধন কৰি বৰ্তমান অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ১৯৭১ চনৰ ২৫ মাৰ্চত ভিক্তি বছৰ হিচাপে লৈ অসম চুক্তি অনুসৰি অসমৰ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্ৰস্তুত কৰাটো মুছাই বিছাৰিছিল লগতে এন আৰ চি ৰ পৰা বাদ পৰা লোক সকলক অতি শীঘ্ৰে এন আৰ চি প্ৰদান কৰিব লাগে ,অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) প্ৰৱৰ্তনৰ জৰিয়তে ভাৰত চৰকাৰে দেশত বিদেশী সংস্থাপনৰ যি অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাক প্ৰত্যাহাৰৰ দাবী, উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ দাবী, বাংলাদেশী বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী, সন্ত্ৰাসবাদ দমন কৰা, গাঁও অঞ্চলত ২৪ ঘন্টাই বিদুৎ নিয়মীয়া কৰণৰ দাবী ,জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি নিযুক্তিৰ দাবী, গৰাখহনীয়াত গৃহহীন লোকক মাটিৰ পট্টা দিয়া আৰু কৰ্মসংস্থানৰ ব্যৱস্থাৰ দাবী. মেঘালয়ৰ হিংসাত মৃত্যু হোৱা গোৱালপাৰাৰ ৩ যুৱকক হত্যাকাৰীৰ বিৰুদ্ধে CBI তদন্তৰ দাবী আৰু প্ৰতিটো পৰিয়ালক ২০ লাখ টকা কৈ ক্ষতিপূৰণৰ দাবী।

সংবাদ মেলত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানী,কাৰ্যকৰী সভাপতি আবুল হুছেইন বাদশ্বা, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, উপসভাপতি ফজৰ আলী খান, ছাদ্দাম হুছেইন মুছাৰ সম্পাদক জহিৰুল খলিফা।

বৰাক উপত্যকাৰ হিন্দু মুছলমান বাঙালীক খিলঞ্জীয়া বাভূমিপুত্রৰ মর্যাদা দিয়াৰ দাবী সুস্মিতাৰ…

বৰাক উপত্যকাৰ হিন্দু মুছলমান বাঙালীক খিলঞ্জীয়া বা
ভূমিপুত্রৰ মর্যাদা দিয়াৰ দাবি সুস্মিতাৰ

বৰাক উপত্যকাৰ হিন্দু মুছলমান বঙালী যিয়েই নহওক কিয়, তেওঁলোকক অসমৰ খিলঞ্জীয়া বা ভূমিপুত্ৰৰ মৰ্যাদা দিব লাগে। সোমবাৰে শিলচৰ তাৰাপুৰৰ নিজ গৃহত এটা সংবাদমেলযোগে ৰাজ্যসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে এই দাবী উত্থাপন কৰিছে। তেওঁ কয়, ডা. হিমন্ত বিশ্ব শৰ্মা যদি খিলঞ্জীয়া হয়, তেন্তে সুস্মিতা দেৱ খিলঞ্জীয়া।বিজেপি আৰু ড. হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিদিনে বাঙালীৰ নাগৰিক অধিকাৰ কাঢ়ি লৈছে। বাঙালীসকলক বৈষম্য আৰু বঞ্চনা কৰি খিলঞ্জীয়াৰ (আদি বাসিন্দা) মৰ্যাদা দিবলৈ নিবিচাৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে আজি এটা সম্প্ৰদায়, কাইলৈ ​​আন এটা সম্প্ৰদায় খিলঞ্জীয়া বুলি অভিহিত কৰিছে। সুস্মিতা দেৱে কয়, মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মা তেওঁ যেন আইন, আৰু যেতিয়া মন যায়, তেতিয়া খিলঞ্জীয়া বুলি মৰ্যাদা দিছে।

সুস্মিতাই লগতে কয় যে ,মুখ্যমন্ত্রীয়ে এটা নিয়ম বনাইছে যে তিনি পুৰুষ ধৰি বসবাস নকৰিলে ৰাজ্যত কাকো মাটিৰ পট্টা দিয়া নহ’ব৷ইয়াত উদ্দেশ্য স্পষ্ট যে কোনো কাৰণতে বাঙালীক ভূমিৰ অধিকাৰ দিয়া নহ’ব। বাঙালীৰ অপৰাধ কি, বুলি প্ৰশ্ন উত্থাপন কৰি সুস্মিতা কয়, মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ৰাজ্যৰ যিকোনো বাঙালীৰ বাবে, তেওঁলোক হিন্দু হওক বা মুছলমান হওক তেওঁলোকক পূৰ্ণ নাগৰিক হিচাপে গ্ৰহণ কৰিবলৈ অনিচ্ছুক । কিন্তু ইতিহাসত সাক্ষ্য দিয়ে যে ১৮৭৪ চনত চিলেট-গোৱালপাৰাৰ সৈতে অসমৰ নতুন প্ৰদেশ গঠন হৈছিল। ১৯৪৭ চনৰ গণভোটত চিলেট পাকিস্তানলৈ গৈছিল। তেতিয়া হিন্দু বঙালীসকলে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।

এই ক্ষেত্ৰত স্পষ্ট যে আজি যিসকলক বিজেপি আৰু হিমন্তই বহিৰাগত সজাই তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈছে তেওঁলোক অসমৰ আদি বাসিন্দা আৰু ইয়াৰ আদি বাসিন্দা হৈছে বঙালী মুছলমান সকল। এনে ক্ষেত্ৰত পিছত কাৰ্বি, আহোম বা বড়ো সকলৰ দৰে বঙালীসকল ক’ত পৃথক? তেওঁ কয়, বৰাকৰ বঙালী সকল দেশ বিভাজনৰ পূৰ্বে অসমত আছিল। আৰু বিভাজনৰ পাছতো তেওঁলোক অসমতে আহিছে। এই ক্ষেত্ৰত বৰাকৰ বাঙালীসকল কমেও ছয় পুৰুষ ধৰি অসমৰ আদি বাসিন্দা। বৰাকৰ মুছলমানসকলো তেনেকুৱাই। তেওঁ কয়,ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ দাবী যে, বৰাক উপত্যকাৰ হিন্দু মুছলমান বাঙালীসকলক অসমৰ খিলঞ্জীয়া বা ভূমিপুত্ৰৰ মৰ্যাদা দিব লাগে।অসমত এজন হিমন্ত বিশ্ব শৰ্মা যিমানেই খিলঞ্জীয়া সিমানেই সুস্মিতা দেৱ এজন খিলঞ্জীয়া বুলি তেওঁ উদাহৰণ তুলি ধৰে। সুস্মিতা দেৱে কয়, শীঘ্ৰেই তেওঁৰ দাবী পূৰণ নহ’লে আদালতৰ কাষ চাপিব তেওঁ।

মৰিগাঁৱত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে…

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচন জিলাত উপস্থিত হয় অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল। তেওঁ মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্তসকল আৰু নিৰ্বাচনী কাম-কাজৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয়।

সভাত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচনৰ বিভিন্ন কোষৰ কাম-কাজ সম্পৰ্কে সবিশেষ বুজ লয়। তেওঁ ষ্ট্ৰং ৰূমৰ ব্যৱস্থাপনা সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে ৱেবকাষ্টিং আৰু জি পি এছ ব্যৱস্থা, ই ভি এম ব্যৱস্থাপনা আদি সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভোটগ্ৰহণৰ দিনা আৰু ভোটগ্ৰহণৰ পৰৱৰ্তী দিনা সময়মতে ৰিপৰ্টিং কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতিটো কোষকে অহা ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান

জনায়। তেওঁ এই সভাৰ পিছতেই ষ্ট্ৰং ৰূম পৰিদৰ্শন কৰাৰ লগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত স্থাপন কৰা ৰিচিভিং, ডিচপেচিং, আৰু ট্ৰেনজিট কেন্দ্ৰ আৰু আন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰুথ লিয়েন্থাং, জিলা উন্নয়ন আয়ুক্ত সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, ডঃ সংগীতা বৰঠাকুৰ, বিমান দাস, প্ৰাঞ্জল বৰুৱা আৰু সুলক্ষণা বৰপাত্ৰগোহাঁই, নিৰ্বাচন বিষয়া জাগৃতি কলৱাৰ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল।

ভলুকাবাৰীৰ জে কে মেমোৰিয়েল একাডেমীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভলুকাবাৰীস্থিত জে কে মেমোৰিয়েল একাডেমীৰ পৰা সুক্ষ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক আজি বিদ্যালয় তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ছমৰীয়া সমষ্টিৰ ভলুকাবাৰীস্থিত জে কে মেমোৰিয়েল একাডেমীয়ে ১০০ শতাংশ উত্তীৰ্ণ হোৱাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা-শিক্ষাৰ্থীয়ে আনন্দত উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছিল৷ ৷উল্লেখ্য যে একাডেমী খনৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৯ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ২৫ জনে প্ৰথম বিভাগত আৰু ১৪ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ উল্লেখনীয় যে ইয়াৰে অহেদ আলীয়ে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮২.১৭ শতাংশ, জিয়াৰুল হকে পাঁচটা বিষয়ত লেটাৰসহ ৮২ শতাংশ, আব্দুল মান্নানে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮০.৬৭ শতাংশ, জাকিয়া চুলতানায় তিনিটা

বিষয় লেটাৰসহ ৭৯.৩৩ শতাংশ, ৰাহুল আমিনে চাৰিটা বিষয়ত লেটাৰসহ ৭৮ শতাংশ, আলমতাজ নুৰীয়ে এটা বিষয়ত লেটাৰ নম্বৰসহ ৭৫ শতাংশ আৰু মিজানুৰ ৰহমানে ৭৫.১৭ শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ সেই উদ্দেশ্য বিদ্যালয়খনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকল উৎসাহিত কৰাৰ উদ্দেশ্যৰে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক আমজেদ আলী আহমেদৰ পৌৰহিত্যত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ একাডেমীখনৰ অধ্যক্ষ আব্দুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়৷ একাডেমীখনৰ পৰা ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা

শিক্ষাৰ্থীক গামোচা, জাপি আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানত ভলুকাবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক মিজানুৰ ৰহমান, ছমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক সাহাবুদ্দিন, লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সভাপতি এম ছামচুল আলম, কাৰ্যকৰী সভাপতি আব্দুচ ছালাম, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শৈক্ষিক তত্বাৱধায়ক আব্দুৰ ৰহমান আজাদ, এফ এ আহমেদ মহাবিদ্যালয়ৰ প্ৰবক্তা স্বাহজাহান আলীকে ধৰি গন্য মান্য ব্যক্তিসকলে উপস্থিত থাকি শিক্ষাৰ্থীৰ উদ্দেশ্য ভাষণ আগবঢ়ায়৷ সভাৰ শেষত ফটকা ফুটাই ভেন্ড পাৰ্টিৰ সহযোগত এখন সমদল উলিয়াই শিক্ষক শিক্ষাৰ্থীসকলে উৎসাহিত কৰা দেখা যায়৷

ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত ২০০ ৰো অধিকৰ যোগদান…

যোৱা ২১ এপ্ৰিল দেওবাৰে আবেলি ৪-০০ বজাত বিমলা নগৰত ফিল্ডত বিষ্ণুপুৰ মণ্ডলৰ সভানেত্ৰী কৃষ্ণা দাসৰ উপস্থিতিত যোগদান কাৰ্যসূচীত উপস্থিত বিশিষ্ট অতিথি ক্ৰমে চিতা অধক্ষ মঙলদৈ লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা ৰাজ্যিক কাৰ্যনিৰ্বাহক অশোক

ভৰালী বিষ্ণুপুৰ মণ্ডলৰ বিস্তাৰক দ্বীপজ্যোতি মিশ্ৰ বিষ্ণুপুৰ মণ্ডলৰ সহ প্ৰভাৰী কল্লোল চক্ৰৱৰ্তী গুৱাহাটী মহানৰ জিলাৰ উপ-সভাপতি ৰুপেন বৰুৱা আৰু বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী ১৯ নং ৱাৰ্ডৰ পাৰিষদ ব্ৰীজেশ ৰয়

(ধনদা) ২০ নং ৱাৰ্ডৰ পাৰিষদ গৌৰগোপাল মণ্ডল ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেৱ সাধাৰণ সম্পাদক ভবেশ সৰকাৰৰ উপস্থিতিত ৪০০শ জনসাধাৰণৰ উপস্থিতিত ২০০ জনৰো অধিক কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত যোগদান কৰে ৷