Home Blog Page 947

‘বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল’: বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য…

‘বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল’: বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

বিজেপিয়েই হৈছে দেশৰ সৰ্বাধিক প্ৰিয় দল, এই মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীয়ে শনিবাৰে বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে। দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে মোদীয়ে দলৰ সকলো কৰ্মকৰ্তাকে শুভেচ্ছা জ্ঞাপন কৰে। দীৰ্ঘদিন ধৰি তেওঁ জনসাধাৰণৰ বাবে কৰা বিভিন্ন কামৰ বিষয়েও আলোকপাত কৰে। মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্বতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শনিবাৰে পুৱা নৰেন্দ্ৰ মোদীয়ে এক্স-হেণ্ডেলত পোষ্ট কৰে “আজি আমাৰ দল বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মই দেশৰ সকলো কৰ্মকৰ্তাক অভিনন্দন জনাইছো।

মোৰ সেই সকলো পুৰুষ আৰু মহিলাকো মনত পেলাইছো যিসকলে দীঘলীয়া সময় ধৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু ত্যাগেৰে দলটো গঢ়ি তুলিছিল। আজি মই আত্মবিশ্বাসেৰে ক’ব পাৰোঁ যে আমি ভাৰতৰ প্ৰিয় দল। আমাৰ দলে সদায় ‘নেশ্যন ফাৰ্ষ্ট’ৰ নীতিৰ আধাৰত কাম কৰি আহিছে। ” মোদীয়ে লগতে কয় “এয়া আমাৰ সকলোৰে বাবে আনন্দৰ কথা যে বিজেপিয়ে ইয়াৰ উন্নয়নমূলক দৃষ্টিভংগী, সুশাসন আৰু দেশৰ প্ৰতি প্ৰতিশ্ৰুতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মাজত এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। আমাৰ দলটোত দেশৰ ১৪০ কোটি লোকৰ সপোনৰ প্ৰতিফলন ঘটিছে। দেশৰ যুৱ প্ৰজন্মই অনুভৱ কৰে যে আমাৰ দলে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব। তেওঁলোকে ভাবে যে একবিংশ শতিকাত ভাৰতক নেতৃত্ব দিয়া দল হৈছে বিজেপি। “

উল্লেখ্য বিজেপিয়ে কেন্দ্ৰৰ লগতে আৰু বিভিন্ন ৰাজ্যত চৰকাৰ চলাই আছে। এই প্ৰসংগতে মোদীয়ে কয় “কেন্দ্ৰতেই হওঁক বা ৰাজ্যতেই হওঁক, আমাৰ দলে সুশাসন প্ৰতিষ্ঠা কৰিব পাৰিছে। আমাৰ জনমুখী আঁচনি আৰু নীতিসমূহে দেশৰ দৰিদ্ৰ তথা দলিত লোকসকলৰ শক্তি হিচাপে কাম কৰিছে। আনকি যিসকল কেইবা দশক ধৰি অৱহেলিত হৈ আছিল তেওঁলোকেও আমাৰ দলৰ জৰিয়তে তেওঁলোকৰ হেৰুৱা কণ্ঠস্বৰ বিচাৰি পাইছে। আমি প্ৰতিজন ভাৰতীয়ৰ জীৱন সহজ কৰি তুলিব পৰাকৈ সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছো।আমাৰ দলে ভাৰতক দুৰ্নীতি, সাম্প্ৰদায়িকতা, জাতিবাদ আৰু ভোট বেংকৰ ৰাজনীতিৰ পৰা মুক্ত কৰিছে। যিসকলে দীৰ্ঘদিন ধৰি ভাৰত শাসন কৰি আহিছে তেওঁলোকৰ বাবে ই এক আদৰ্শ হিচাপে কাম কৰিছে। আজিৰ ভাৰত এখন স্বচ্ছ আৰু দুৰ্নীতিমুক্ত চৰকাৰ থকা ভাৰত। “

মাইক্ৰ’ পৰ্যৱেক্ষকৰ প্ৰশিক্ষণ…

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত মাইক্ৰ পৰ্যবেক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায় ।

এই প্ৰশিক্ষণত মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীক জিলা পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষকে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰে আৰু নিৰ্বাচনৰ কালছোৱাত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰায়।

দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁঃ প্ৰদ্যুত বৰদলৈ…

দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁ : প্ৰদ্যুত বৰদলৈ।

মনোনয়ন পত্ৰ দাখিলৰ পাছত নগাঁৱৰ ভোটাইগাঁৱত প্ৰথম পথসভা।

দলীয় বিধায়ক-নেতা অবিহনেই নগাঁৱৰ অলিয়ে-গলিয়ে নিৰ্বাচনী প্ৰচাৰ।

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি দেশৰ সৰ্বত্ৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। প্রত্যক্ষ বা পৰোক্ষভাৱে হ’লেও কেৱল ভোটাৰ ৰাইজেই নহয়, সচেতন নাবালক শিক্ষাৰ্থীসকলৰ মাজতো নিৰ্বাচনী প্ৰসংগই স্থান পাইছে। এনে পৰিৱেশ-পৰিস্থিতিৰ মাজতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বাবে ৯ নং নগাঁও লোকসভা সমষ্টিৰ পৰা ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা ১৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৩ গৰাকী প্ৰাৰ্থী বৈধ বুলি বিবেচিত হোৱাৰ পিছত (যদিহে কোনোৱে মনোনয়ন পত্ৰ উঠাই নলয়) কম-বেছি পৰিমাণে সকলো প্ৰাৰ্থীয়ে ভোটাৰৰ মন মুহিবলৈ ভিন্ন প্ৰকাৰে ব্যস্ত হৈ পৰিছে। বিশেষকৈ প্ৰধান ৰাজনৈতিক দলসমূহৰ ভিতৰত এইবেলি নগাঁও লোকসভা সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈ, বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মাজতে যে মূল প্ৰতিদ্বন্দিতা হ’ব সেয়া স্পষ্ট হৈ পৰিছে আৰু সেয়ে তিনিওটা দলৰ তিনিওগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যেই ভোটাৰ ৰাইজৰ অন্তৰ স্পর্শ কৰিবলৈ বিভিন্ন আশ্বাস-প্ৰতিশ্ৰুতিৰ ঢল বোৱাবলৈ পাহৰা নাই। ইফালে, মনোনয়ন পত্ৰ প্ৰদানৰ বাবে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীয়ুয হাজৰিকা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী, বিধায়ক ৰমাকান্ত দেউৰী, প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা প্ৰমুখ্যে বহু নেতাসহ সকলো উবুৰি খাই পৰিছিল বা ইয়াৰ আগে-পাছে হোৱা নিৰ্বাচনী প্ৰচাৰ সভাসমূহতো প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

সেইদৰে, নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বিধায়ক অখিল গগৈ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা শিবামণি বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ আদিয়ে সংগ দিছে যদিও বিভিন্ন স্থানৰ প্ৰচাৰ সভাসমূহত প্ৰদ্যুত বৰদলৈৰ কাষত নাই দলীয় কোনো উল্লেখনীয় নেতা। ইফালে, এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ সাংসদ তথা দলৰ মুৰব্বী বদৰউদ্দিন আজমল, বিধায়ক কৰিম উদ্দিন বৰভূঞা প্ৰমুখ্যে দুজনমান দলীয় নেতা মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়াৰ বাদে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত উল্লেখনীয় নেতা অবিহনেই সংখ্যালঘু অঞ্চলসমূহত প্ৰচাৰ অভিযান চলায়। প্ৰাৰ্থীগৰাকীয়ে এই পৰ্যন্ত এক প্ৰকাৰ অকলেই সংগ্ৰাম কৰি গৈছে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ। ইফালে, নিৰ্বাচনী সভা অথবা সংবাদ মেলৰ জৰিয়তে বোকা ছটিওয়া খেল অব্যাহত আছে প্ৰাৰ্থীসকলৰ মাজত। বিগত কেইটামান দিনৰ ভিতৰতে বিশেষকৈ বিজেপি-কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীয়ে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে কুৎসা ৰতনাত ব্যস্ত হৈ পৰা দেখা গৈছে। আজিও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ভোটাই-পাঠৰী, তুলসী দেউৰী, দক্ষিণপাট, নগাঁও পৌৰসভাৰ ১৩ নং এলেকা আদিত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীয়ে আজি প্ৰথমেই নগাঁও চহৰৰ নিকটৱৰ্তী ভোটাইগাঁৱত পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হঠাৎ গাড়ীৰ পৰা নামি সমবেতসকলক উদ্দেশ্যি মাইক্ৰফোন যোগে ৰাইজৰ সঁহাৰি বিচাৰি আহ্বান জনাই কয়– “এই নিৰ্বাচন ভাৰতবাসীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ নগাঁৱত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁ। এই দুয়োটা সাম্প্ৰদায়িক দলে ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত আমাৰ সমাজখনত বিভাজন আনিছে।” প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ পাছত প্ৰথমেই এই স্থানলৈ অহা বুলি নিজে উল্লেখ কৰি আৰু কয়– “আমাৰ সাধাৰণ জনতাৰ জীৱন চুই যোৱা যিবোৰ মৌলিক সমস্যা আছে সেইবোৰ সমাধান কৰাৰ সলনি ব্ৰিটিছে যেনেকৈ কানিৰ প্ৰচলন কৰি মানুহক বিৱশ কৰি ৰাখিছিল, ঠিক তেনেদৰে এই দুয়োটা সাম্প্ৰদায়িক দলে ধৰ্মান্ধতা, কানি সেৱন কৰা মানুহক বিৱশ কৰি ৰাখিছে অথচ সাধাৰণ তথা শ্ৰমজীৱী মানুহ বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। এনে ক্ষেত্ৰত আমি সকলোকে আমাৰ বুকুৰ মাজত সুমুৱাই এই অঞ্চলবোৰৰ উন্নয়ন, নৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা, প্ৰত্যেকটো পৰিয়ালতে অতিৰিক্ত উপাৰ্জনৰ দিহা আৰু সংস্থাপনৰ দিহা কৰাটোৱেই হ’ল আমাৰ দায়িত্ব ।

আৰু সেই দায়িত্ব এজন জনপ্ৰতিনিধি হৈ আপোনালোক সকলোৰে আশীৰ্বাদ লৈ মই পাৰ্লিয়ামেণ্টত আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আগুৱাই যাব খুজিছোঁ।” প্ৰাৰ্থীগৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা, যোৱা বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই ।

লখিমপুৰত ৭ লাখতকৈও অধিক ভোটত জয়ী হ’ব প্ৰদান বৰুৱাঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

আজি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ধেমাজি জিলাৰ বৰদলনি কলিতা গাঁৱত এখন বিশাল নিৰ্বাচনী সভাত জনসাধাৰণক সম্বোধন কৰি লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী সমৰ্থিত প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।


প্ৰতিকূল বতৰকো নেওচি উপস্থিত হোৱা জনগণক উদ্দেশ্যি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে ৰাইজৰ এই অফুৰন্ত সঁহাৰি দেখি তেওঁ নিচিন্ত যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদান বৰুৱা ৭ লাখতকৈও অধিক ভোটত বিজয়ী হ’ব। অনুষ্ঠানত মহিলাৰ বাবে অৰুণোদয়, ছাত্ৰ-ছাত্ৰী বাবে কিতাপ পত্ৰৰ লগতে বাহনৰ সুবিধা আদিকে ধৰি চৰকাৰৰ বিভিন্ন কল্যাণমুখী কাম-কাজৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক সময়তো ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আন আন নতুন জনকল্যাণমুখী পদক্ষেপ আৰম্ভ কৰিব বুলি মন্ত্ৰী বৰুৱাই আশ্বাস প্ৰদান কৰে। প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আঁচনিৰ জৰিয়তে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালৰ মূল মানুহজনক একো একোটাকৈ জীৱন বীমা চৰকাৰে কৰি দিব বুলি ভাষণত তেওঁ উল্লেখ কৰে৷ ভাষণৰ অন্তত মন্ত্ৰীগৰাকীয়ে প্ৰদান বৰুৱাক অহা ১৯ এপ্ৰিলত ভাট দি বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷ অনুষ্ঠানত বিৰোধী দল কংগ্ৰেছৰ অস্তিত্ব একেবাৰে নাই বুলি উল্লেখ কৰাৰ লগতে আগন্তুক সময়তো কেবল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে জনকল্যাণমূলক আঁচনিৰ সমান্তৰালকৈ উন্নয়নমূলক কাম-কাজ সমূহ আগুৱাই নিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, আজিৰ এই সভাত বিভিন্ন দলৰ নেতা আৰু কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে।


মন্ত্ৰী বৰুৱাই আজি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাছখোৱাতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে ধেমাজি টাউনত আন এখন নিৰ্বাচনী ৰেলীতো অংশগ্ৰহণ কৰে।

আজি আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰ’মিছ’ মেচ…

চলিত আই পি এলত প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ আই পি এলৰ উদ্ধোধনী বৰ্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে খেলা প্ৰথম তিনিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰিছে৷ আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ গৃহভূমিত খেলিব লগা মেচখনক লৈ দলটো আত্মবিশ্বাসী বুলি আজি সাংবাদমেলত ব্যক্ত কৰিছে ৰয়েলছৰ সদস্য তথা টীম ইণ্ডিয়াৰ স্পীনাৰ যুজবেন্দ্ৰ চাহালে৷ ‘আমি প্ৰথম তিনিখন মেচত দলীয় শক্তিৰে জয়লাভ কৰিবলৈ সক্ষম হৈছো৷ দৃঢ় বেটিং লগতে সুন্দৰ বলিং৷ এই সফলতা অব্যাহত ৰাখি কাইলৈ মেচতো অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছো৷ আমাৰ মিডিল অৰ্ডাৰ বেটিং এইসময়ত সৰ্বশ্ৰেষ্ঠ৷ আনহাতে, পেচ বলিঙো সৰ্বোত্তম৷’ চাহালে ব্যক্ত কৰে৷

ইফালে, আজি এই বিশেষ মেচখনক লৈ ৰাজস্থান ৰয়েলছে আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে৷ সেই অনুসৰি ‘পিংক প্ৰ’মিছ’ মেচত দুয়োটা দলে ছিক্সাৰ মাৰিলে প্ৰতিটো ছয়ৰ বিপৰীতে ছটা ঘৰত সৌৰশক্তিৰ ব্যৱস্থা কৰিব ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনে৷ উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল-পিংক মেচডে কিট পিন্ধিব, যিবোৰত সন্মানৰ চিন হিচাপে আৰ আৰ এফৰ কিছুমান বিশেষ মহিলা হিতাধিকাৰীৰ নামো লিখা থাকিব৷

ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্ৰয় কৰা প্ৰতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূৰ্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা ধনো ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনক দিয়া হ’ব৷

‘ঔৰত হেই তো ভাৰত হেই’ৰ দৃষ্টিভংগীৰে ২০১৯ চনত প্ৰতিষ্ঠা হোৱা আৰ আৰ এফে জন্মৰে পৰাই ৰাজস্থানৰ সৱল মহিলাসকলৰ বাবে পানী, জীৱিকা, স্বচ্ছ শক্তি আৰু মানসিক স্বাস্থ্যৰ সমতাপূৰ্ণ সুবিধাৰ জৰিয়তে সুবিধা প্ৰদানৰ কাম কৰি আহিছে৷ সৌৰশক্তি হৈছে স্বচ্ছ শক্তিৰ ব্যৱহাৰৰ এক মূল উপাদান৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে কয় যে ফাউণ্ডেচনে বিগত পাঁচ বছৰত ৰাজস্থানৰ ডেৰ কোটিতকৈও অধিক মহিলাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে৷ এয়া কেবল ৰাজস্থানতে সীমাবদ্ধ হৈ থকা নাই৷ ইয়াৰ জড়িয়তে সমগ্ৰ দেশতে এটা গ্ৰাম্য ৰূপান্তৰ আৰ্হি সৃষ্টি কৰা হৈছে৷ উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ পূৰ্বে ৰয়েলছ দলৰ খেলুৱৈসকলে ৰাজস্থানৰ গাঁৱলৈ গৈ মহিলাৰ লগত বাৰ্তালাপো কৰিছিল৷

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ! স্বামীয়ে ৩ টুকুৰাকৈ কাটিলে পত্নীক…

মহানগৰীৰ ফটাশিল থানাৰ অন্তৰ্গত ঢপলীয়াত নৃশংস হত্যাকাণ্ড।

পাষণ্ড স্বামী লক্ষ্মণ বিশ্বাসে সংঘটিত কৰে এই কাণ্ড। ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লক্ষ্মণ বিশ্বাসক।

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। স্বামীয়ে ৩ টুকুৰাকৈ কাটিলে পত্নীক। মহানগৰীৰ ফটাশিল থানাৰ অন্তৰ্গত ঢপলীয়াত নৃশংস হত্যাকাণ্ড।

জাঁজী নৈৰ পাৰ ঔগুৰিত দুই শতাধিক নাচনী ঢুলীয়াই প্ৰস্তুতি চলাইছে ৰঙালীক আদৰাৰ…

চাওতে চাওতে হেঁপাহৰ ৰঙালী আহি পদুলিমুখ পালেহি। ঢোল পেঁপাৰ মাতে চৌদিশ ৰজনজনাইছে। সকলো ব্যস্ত আপোন বিহুটিক আদৰিবলৈ। টীয়কৰ ঔগুৰি খেলপথাৰত বিগত বছৰৰ দৰে এইবাৰো ঔগুৰি যুৱ সমাজৰ উদ্যোগত ১০ দিনীয়াকৈ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। জাঁজী নদীৰ পাৰৰ অতিকৈ ভিতৰুৱা এই ঔগুৰিৰ উঠি অহা প্ৰজন্মই যাতে অসমীয়া কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত আয়ত্ব কৰিব পাৰে তাৰ উদ্দেশ্যেৰে এইদৰে হাজাৰ বাধা বিঘিনি নেওচি এইসকল যুৱকে অহৰহ চেষ্টা চলাই আহিছে। অতিকৈ গুৰুত্বপূৰ্ণ এই যে যুৱকসকলৰ এই প্ৰচেষ্টাৰ প্ৰতি সহাৰি জনাই এইবাৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰি সমগ্ৰ পৰিবেশ জীপাল কৰি তুলিছে।

বিহু সংস্কৃতিৰ সাধক – বিচাৰক দিগন্ত শইকীয়া , দৰং বিহুৱতী দিপাঞ্জলী মুন ডেকা , ৰাজ্য চৰকাৰৰ গ্ৰীনিজ বুক অৱ ৰেকৰ্ডৰ বিহুৱা বিনোদ বৰ্ষৰ লগতে কেইবাগৰাকীও বিশিষ্ট বিহু নাচৰ অভিজ্ঞ প্ৰশিক্ষকে এই কৰ্মশালাত পাঠদান কৰিছে আৰু বৰ্তমান বিহু নাচ,ঢোলৰ চাপৰ,সাজপাৰ,বিহুনাম আদিকে ধৰি বিভিন্ন দিশসমূহ শুদ্ধ ৰূপত উপস্থাপনৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।

টীয়কত চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিদায় সভা…

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক ৰাজেন বৰুৱা আৰু কানন গো গোবিন্দ নাথৰ কৰ্ম জীৱনৰ অন্তিম দিনত আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। টীয়ক ৰাজহ চক্ৰ বিষয়া বেদান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত টীয়কৰ বিভিন্ন দল সংগঠনৰ লগতে টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামান,বৰ্তমানৰ ৱাৰ্ড আয়ুক্ত মৃনাল বৰদলৈ,টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি প্ৰান্তনু দত্ত,যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত সভাত শতাধিক ৰাইজ উপস্থিত থাকি দুয়োগৰাকী ব্যক্তিৰ কৰ্ম্মময় জীৱন শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উপৰি টীয়ক প্ৰেছ ক্লাৱ,টীয়ক পৌৰসভা,ৰেঙনি, প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানকে ধৰি কেইবাগৰাকী শুভাকাংক্ষীয়ে দুয়োজনকে বিদায় জনায়।

“পৰিৱেশ্য কলাঃ ইয়াৰ বিভিন্ন দিশ আৰু সম্ভাৱনা” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ উদ্যোগত আয়োজিত পৰিৱেশ্য কলা- ইয়াৰ অনুশীলন আৰু বিভিন্ন দিশ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ ৩ এপ্ৰিলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমগ্ৰ উদ্বোধনী অনুষ্ঠানটিৰ সভাপতিত্ব কৰে আলোচনা চক্ৰখনিৰ আয়োজক সভাপতি,অধ্যাপক ড.জগদীশ পাটগিৰীয়ে। অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. মৃদুল হাজৰিকাই। ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকাই সাৰুৱা মন্তব্যৰে সভাখনিৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে। সভাত বিশেষ অতিথি হিচাপে উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ বক্তব্যৰ পিছতেই বিশিষ্ট নাট্য ব্যক্তিত্ব, সংগীত নাটক অকাডেমী ৰত্ন প্ৰাপক দুলাল ৰয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বৰ্ষীয়ান নাট্যকৰ্মীজনে তেওঁৰ বৰ্ণিল নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতা,উপলদ্ধি,নাট্য বিষয়ক তেওঁৰ চিন্তা আৰু অভিনয়ৰ কৌশলসমূহৰ বিষয়ে নিজৰ ভাষণত সুন্দৰকৈ দাঙি ধৰে। সন্মানীয় অতিথি হিচাপে ড.বিমল কুমাৰ বৈশ্যই চমু বক্তব্য প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানটিৰ পিছতেই আলোচনা সত্ৰসমূূহ আৰম্ভ হয়। মুঠ তিনিটা ঠাইত অনুষ্ঠিত হোৱা আলোচনা সত্ৰসমূূত মুঠ 46 জন গৱেষকে গৱেষণা পত্ৰ পাঠ কৰে।আলোচনা চক্ৰখনিৰ কনফাৰেঞ্চ কোঠাত অনুষ্ঠিত হোৱা সত্ৰখনিৰ সভাপতিত্ব কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ড.দয়ানন্দ পাঠক আৰু ড.গজেন্দ্ৰ অধিকাৰীয়ে। তেওঁলোকক সহযোগ আগবঢ়াই ড.দীপশিখা কাৰ্পেন্টাৰে। সমাজ কৰ্ম বিভাগত অনুষ্ঠিত হোৱা দুখন সত্ৰত সভাপতিত্ব কৰে ড.দীপকজ্যোতি বৰুৱা আৰু ড.নিৰঞ্জন কলিতাই।তেওঁলোকক মুখ্য সহযোগিতা আগবঢ়াই ড. উজ্জ্বল অৰুণ মাস্কে আৰু ড. প্ৰীতি ডেকাই। শংকৰদেৱ অধ্যয়ন বিভাগত আবেলি অনুষ্ঠিত হোৱা আলোচনা সত্ৰত সভাপতিত্ব কৰে ড. দিলীপ কলিতাই আৰু তেখেতক সহযোগিতা আগবঢ়াই ড. বিভা দেৱীয়ে।

আলোচনা সত্ৰ সমূহৰ শেষত সামৰণি অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড.মৃদুল হাজৰিকা,শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক মৃনাল কুমাৰ গগৈৰ উপস্থিতিত গৱেষক,ছাত্ৰছাত্ৰীসকলক মানপত্ৰ বিতৰণ কৰা হয়। ৰাষ্ট্ৰীয় আলোচনা সত্ৰখনিৰ সভাপতি ড. জগদীশ পাটগিৰীয়ে সামৰণি মন্তব্য আগবঢ়াই। পৰিবেশ্য কলা বিভাগৰ বিভাগীয় প্ৰধান ড.জয়শ্ৰী চৌধুৰী, সত্ৰখনিৰ সমন্বয়ক ড.বাবুৰাম শইকীয়া,গৌতম শইকীয়া,বৰিশ দত্ত,ৰশ্মিতা শইকীয়া,সোণমনি শৰ্মা আৰু ৰূপান্তৰ বৰপাত্ৰ গোহাঁই সহিতে বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক-অধ্যাপিকাসকলে সহায় সহযোগিতা আগবঢ়াই।

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত…

আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডত পতাকা উত্তোলন কৰাৰ লগতে বিষ্ণুপুৰ মণ্ডলৰ বিষয় ববীয়া আৰু মৰ্চাৰ সভাপতি সকল আৰু পাৰিষদ সকল ক্ৰমে শংকৰ চক্ৰৱৰ্তী ব্ৰীজেশ ৰয় গৌৰগোপাল মণ্ডল সঞ্জীৱ দেৱ মণ্ডলৰ উপ-সভাপতি অৰুপ গোস্বামী কিশোৰ মিত্ৰ ইভামণ্ডল ৰীতা পাল আৰু সাধাৰণ সম্পাদক বাবুল ৰাজবংশী আৰু ভৱেশ সৰকাৰৰ উপস্থিতিত বিষ্ণুপুৰ মণ্ডল সভানেত্ৰী কৃষ্ণা দাসে প্ৰতিষ্ঠা দিবসৰ পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলনৰে প্ৰতিষ্ঠা দিৱসৰ কেক কাটে সভানেত্ৰী কৃ্ষ্ণা দাস আৰু জি এম ডি ৰ উপাধ্যক্ষ মুকুতা ডেকা ৷

উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান কৰ্মী সমাজ সেৱক বাবুল চক্ৰৱৰ্তী অভয় ঘোষাল গৌৰ ৰয় নৱদুলাল ৰয় ৰাধিকা ৰয় আৰু দুলু ৰয়ক সম্বৰ্দ্ধনা জনাই সভানেত্ৰী কৃ্ষ্ণাদাসে ৷ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত বুথ সভাপতি সকলে নিজৰ নিজৰ পতাকা উত্তোলন কৰে আৰু সহযোগ কৰে শক্তিকেন্দ্ৰ সমুহে ৷ লগত পদযাত্ৰা কাৰ্যসূচীৰে সামৰণি পৰে বুলি সাধাৰণ সম্পাদক বাবুল ৰাজবংশীয়ে প্ৰেছ বিজ্ঞপ্তী যোগে জনাই ৷