Home Blog Page 946

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা, সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ৰঙালী বিহু উৎসৱে…

বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসম্বন্বয়ৰ গীত জুৰিবলৈ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰে শুকুৰবাৰে পৰা ১০ দিনীয়াকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে। য’ত অভিজ্ঞ ঢুলীয়া-বিহুৱা প্ৰশিক্ষকে শিকাইছে বিহু নাচৰ লগতে ঢোল বাদনৰ কলা।


কলিয়াবৰত একেৰাহে কেইবাবাৰো বিহু কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশ লৈ যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে নৱ-প্ৰজন্মৰ বিহুৰ প্ৰতি ধিউতি দেখি সন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মশালাটোৰ মুখ্য প্ৰশিক্ষক প্ৰাণজিৎ চেলেং। অসমৰ বিহুত কলিয়াবৰৰ ঐতিহাসিক স্থিতিৰ প্ৰতি কলিয়াবৰীয়া ৰাইজে সন্মান প্ৰদৰ্শন কৰি বিহুৰ স্বকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলিও আশা প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে। কলিয়াবৰত এক মানদণ্ডৰ বিহু দল গঠন কৰাৰ ক্ষেত্ৰত আগ-ভাগ লৈ নৱ-প্ৰজন্মক আগুৱাই নিয়াত প্ৰয়োজনীয় সহযোগ আগবঢ়াব বুলি প্ৰতিশ্ৰুতিও দিয়ে।


আনহাতে, ১৯৭৪ চনতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আৰম্ভ কৰা বিহু উৎসৱে এইবেলি ৫০ বছৰ সম্পূৰ্ণ কৰিলে। সেই উদ্দেশ্যে অহা পহিলা বহাগত পূৰ্বৰ দৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। শিল্পী সম্বৰ্দ্ধনা, বিহু কৰ্মশালাৰ শিক্ষাৰ্থীৰ বিহু নাচ প্ৰদৰ্শন, আমন্ত্ৰিত বিহু দল আৰু লোকবাদ্য আৰু নৃত্য দলৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী বৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে।

গ্ৰীষ্মকালত শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিবলৈ এই ৫ বিধ বনৌষধি অতি উত্তম, খাব পাৰে দৈনিক…

গ্ৰীষ্মকালত শৰীৰৰ তাপ কমোৱাটো অতি কষ্ট। এনে পৰিস্থিতিত কিছুমান বনৌষধি দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। গৰমৰ দিনত শৰীৰৰ উষ্ণতা ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে খাদ্য তালিকাত শীতল পদাৰ্থ থকা খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকক এই লেখাৰ জৰিয়তে এনে কিছুমান বনৌষধিৰ বিষয়ে কম, যিবোৰ নিয়মীয়াকৈ গ্ৰহণ কৰিলে আপুনি আপোনাৰ শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিব পাৰিব। জানো আহক এই ৫ বিধ বনৌষধিৰ বিষয়ে-

গৰমৰ দিনত পদিনা ৰাইটা, শ্বাৰবেট, চাটনিৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি। এই বনৌষধিত আছে শীতল গুণ। ইয়াৰ উপৰিও ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে।

গ্ৰীষ্মকালত কেঁচা ধনীয়া পাত চাটনি, চূপ আৰু চালাডত খালে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে ২০১৭ চনত কৰা এক অধ্যয়নতো দেখা গৈছে যে ধনীয়াৰ এন্টিঅক্সিডেন্ট, এন্টি-কেন্সাৰ আৰু নিউৰ’প্ৰটেক্টিভ গুণো আছে।

তুলসীৰ প্ৰদাহ, এন্টিচেপ্টিক, এন্টি এজিং আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবে যুগ যুগ ধৰি ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ লগতে ই শৰীৰক শীতল কৰি ৰাখে বুলি জনা যায়।

অতীজৰে পৰা জিৰা গ্ৰহণ কৰিলে শৰীৰ শীতল আৰু হজম শক্তিত সহায়ক হয়। ইয়াত এন্টিঅক্সিডেন্ট থাকে যিয়ে গৰমৰ লগত জড়িত অস্বস্তিৰ লক্ষণ যেনে পেট ফুলা আৰু বদহজম হ্ৰাস কৰাত সহায় কৰে।

গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বনভোজৰ দল…

গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বনভোজৰ দল।

আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী, আহত ৬গৰাকী লোক। ৪ গৰাকীৰ অৱস্থা সংকটজনক।

ডিফুত কোনে মাৰিব শেষ হাঁহি, যোগদানৰ ৰাজনীতিৰে বিজেপিৰ শক্তি প্ৰদৰ্শন হামৰেনত…

সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলৰ মাজত ব্যাপক তৎপৰতা আৰু শক্তি প্ৰদৰ্শনৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা ৬ নং ডিফু লোকসভা সমষ্টিতো দেখিবলৈ পোৱা গৈছে শাসকীয় বিজেপি দলৰ ব্যাপক তৎপৰতা । লোকসভা নিৰ্বাচনক লৈ ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছ’, কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং, এ পি এইছ এল চি – ৰ জনচ্ ইংতি কাথাৰ, এ এছ ডি চি দলৰ জৎছন বে, গণ সুৰক্ষা পাৰ্টিৰ – বাৰ্ণাড চাংমা আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিক্ৰম হাঞ্চেকে ধৰি মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰা পৰিলক্ষিত হৈছে। অৱশ্যে কোনে মাৰিব শেষ হাঁহি সেয়া নিৰ্ণয় কৰিব অনাগত ২৬ এপ্ৰিলত ডিফু সমষ্টিৰ ভোটাৰ ৰাইজে ।

উল্লেখযোগ্য যে পুনৰ মোডী চৰকাৰ গঠনৰ লক্ষ্যৰে, উন্নয়ন আৰু বিকাশৰ শ্লোগান লৈ বিজেপিয়ে ডিফু সমষ্টিত অৰ্থাৎ কাৰ্বি পৰিষদৰ ২৬ সমষ্টিতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যই নিজৰ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে হামৰেন পৰিষদীয় সমষ্টিৰ জেংখাত হামৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপস্থিতিত কংগ্ৰেছ, এ পি এইছ এল চি আৰু এ এছ ডি চি দলৰ ৮২ পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এনে যোগদানৰ ৰাজনীতিৰে দলৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় হামৰেন সমষ্টিত মঙ্গলছিং তিমুঙে। লগতে হামৰেন সমষ্টিৰ উপৰিও সমগ্ৰ ডিফু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছ’ই বিপুল ভোটেৰে জয়লাভ কৰিব আৰু অনাগত দিনত পুনৰ কাৰ্বি আংলঙত উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰম্ভ হব বুলি দৃঢ়তাতে দাবী কৰে তিমুঙে।

বৰপেটাৰোডত IPLৰ জুৱাৰীৰ পৰা জব্দ ১ লাখ ৬৯ হাজাৰ টকা উদ্ধাৰ…

বৰপেটাৰোডত IPLৰ জুৱাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত আটক ইন্তাজ আলী পাঠানক।

ইন্তাজ আলীৰ পৰা জব্দ ১ লাখ ৬৯ হাজাৰ টকা। জুৱাত ব্যৱহৃত আপত্তিজনক নথি-পত্ৰ জব্দ। বালাভিঠাত চলোৱা অভিযানত আটক আন দুটা জুৱাৰী।

আটক নুৰজামাল আলী আৰু মকবুল হুছেইনক। নগদ ২ হাজাৰ ৪০০ টকা, ৮খন নম্বৰ বিক্ৰী কৰা বহী উদ্ধাৰ।

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ…

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ।

প্ৰমোদ বড়োই এবছু অফিচৰ পৰা বিটিচি চলাই আছে— হাগ্ৰামা

নিৰ্বাচনত বান্দৰ মিঞা যাব সুন্দৰ মিঞা আহিব৷ আমাৰ দললৈ সুন্দৰ মিঞা আহিব৷

ড্ৰাইভাৰৰ অভাৱত হেলিকপ্টাৰ নুঘূৰাই হাগ্ৰামা মহিলাৰীয়ে।

প্ৰমোদ বড়োই এবছু অফিচৰ পৰাই বিটিচি চলাই আছে–এই অভিযোগ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ৷ আজি তামুলপুৰৰ সমষ্টিৰ বিভিন্ন ঠাইত বিপিএফৰ প্ৰাৰ্থীৰ হৈ দিনযোৰা কাৰ্যসূচীৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত এই অভিযোগ কৰে ৷প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিপিএফ ত্যাগ কৰি ইউপিপিএল দললৈ গমন সন্দৰ্ভত সাংবাদিকৰ আগত মহিলাৰীযে কয়— চন্দন কেতিয়া যাব ৷ সদায় গৈ থাকে বুলি কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্মৰ নাম দিলে “হব মন্ত্ৰী”। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মকে আদি কৰি বিপিএফৰ কেইবাগৰাকীও শীৰ্ষ নেতা কৰ্মী বিজেপি, ইউপিপিএল দলত যোগদান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰী কয়– বান্দৰ মিঞা যাব, সুন্দৰ মিঞা আহিব। বিপিএফ দললৈ সুন্দৰ মিঞা আহিব বুলি তেওঁ দাবী কৰে ৷

আগন্তুক লোকসভা নিৰ্বাচনত ড্ৰাইভাৰৰ অভাৱত হেলিকপ্টাৰ নুঘূৰাই হাগ্ৰামা মহিলাৰীয়ে। ড্ৰাইভাৰ বিচাৰি হেনো হায়ৰান হৈ পৰিছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী। ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ আজি দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাই তামুলপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বিপিএফ দলৰ সন্দৰ্ভত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমত বিভিন্ন কথা কোৱাত হাগ্ৰামা মহিলাৰীয়ে কয়—প্ৰমোদ বড়ো বিপিএফৰৰ উপদেষ্টা নহয় ৷ ইউপিপিএল দলৰ হে সভাপতি যদিওঁ প্ৰমোদ বড়োই একো নাজানে। প্ৰমোদ বড়োই এবছু অফিচৰ পৰা বিটিচিখন চলাই থকাৰ অভিযোগ আনে। আনহাতে নিৰ্বাচনৰ পিছত ইউ পি পি এল দলৰ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কাম নোহোৱা হব বুলি মন্তব্য কৰি বিটিচিৰৰ উপৰিও আন পাঁচ সমষ্টিতো বিপিএফ দলৰ স্থিতি সবল বুলি দাবী কৰে ৷

আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰৰ আল্লিয়া পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই তামুলপুৰৰ দলীয় কাৰ্যালয়ত এখন যোগদান সভাত অংশ গ্ৰহণ কৰে হাগ্ৰামা মহিলাৰী। বিপিএফৰ কাৰ্যালয়ত আজি মহিলাৰীৰ উপস্থিত বিজেপি, ইউ পি পি এল আৰু জি এছ পি দলৰ শতাধিক লোকে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে। বিজেপিৰ বাক্সা জিলা সমিতিৰ প্ৰাক্তন নেতা ৰিংচাৰ বড়ো আৰু প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি তৰণী বৈশ্যৰ নেতৃত্বত শতাধিক লোকে বিপিএফত যোগদান কৰে৷
তামুলপুৰ জিলা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ গোপীনাথ ব্ৰহ্ম, মুখ্য আহ্বায়ক দীপক ডেকা, তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, ইমানুৱেল মোছাহাৰী, যুৱ বিপিএফৰ সভাপতি শৰৎ দাস উপস্থিত থাকে৷ আনহাতে আবেলি তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰমসিং, চলিকান্দা, বৰবিলাত নিৰ্বাচনী প্ৰচাৰ চলায়‌ মহিলাৰীয়ে।

পাচনতন্ত্ৰৰ বাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী…

কৰদৈ টেঙাৰ উপকাৰিতা :-

১। পাচনতন্ত্ৰৰবাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী । অভোক , অৰুচি,বদহজম ,কৌষ্ঠকাঠিন্য আদি দুৰ কৰাৰ লগতে বৃহদন্ত্ৰ পৰিস্কাৰ কৰে আৰু পেটৰ অলাগিয়াল পদাৰ্থ দুৰ কৰে ।

২। _দেহৰ ওজনহ্ৰাস কৰাবলৈ কৰদৈ টেঙা মহা ফলপ্ৰদ ফল । (অন্য ৰোগ থাকিলে চিকিত্সকক সুধি খাব ।) যিসকলৰ বাৰে বাৰে খোৱাৰ ৰুচি থাকে সেইটো উপসম হয় ।

৩। কৰদৈ টেঙাত থকা পৌষ্টিক গুণাগুণসমুহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । দেহৰ ক্লান্তি দুৰ কৰে ।

৪। উচ্চৰক্তাচ্চাপ , কোলেষ্ট্ৰলবৃদ্ধি তথা ডায়েবটিচ_ৰোগ নিয়ন্ত্ৰণ কৰে । (চিকিত্সকক সুধি খাব)

৫। হৃদয়ৰোগআৰু কৰ্কট ৰোগৰ বাবে কম মাত্ৰাত কৰদৈ টেঙা খোৱাটো উপকাৰী ।

৬। শ্বাসজনীত যিকোনো ৰোগত কৰদৈ হিতকাৰী

৭। অধিক মাত্ৰাত কেলচিয়াম থকাৰ বাবে হাড়,দাঁত বা কেলচিয়ামৰ অভাৱত হব পৰা বিভিন্ন ৰোগৰ বাবে কৰদৈ উপকাৰী ।

৮। গাৰ_ছাল মসৃন আৰু ৰোগমুক্ত কৰে ।

৯। খৰখজুৱতি হলে কৰদৈৰ পাত আৰু কুমলীয়া দাল মিহিকৈ থেতেলাই প্ৰলেপ লগালে উপসম হয় ।

১০। সপ্তাহত এবাৰকৈ কৰদৈ আৰু নেমুৰসত জলফাইতেল (oliv oil) বা বাদাম তেল মিহলাই মুৰত ঘহি আধাঘন্টা পিচত ধুই পেলালে চুলি_নিমজ আৰু উফি আদিৰ পৰা ৰোগমুক্ত হয় ।

১১। মাতৃদুগ্ধ কমি গলে কৰদৈ টেঙাৰ তৰকাৰি বা পকা ফল ফলদায়ক।

নতুনকৈ আৰু পঞ্চাশ হাজাৰক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

মঞ্চত গীতৰ তালে তালে নাচিলে মুখ্যমন্ত্ৰীয়ে

দেৱব্ৰতে চিঠিৰ দ্বাৰাইহে সমস্যাৰ সমাধা বিছাৰে – মুখ্যমন্ত্ৰী

তপন গগৈৰ হৈ নাজিৰাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা

দিলীপ হাজৰিকা : নাজিৰা ৬এপ্ৰিল :- বি জে পি মিত্ৰজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ মেজেঙ্গা খেল পথাৰত বিশাল এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় । নাজিৰা সমষ্টিৰ নাজিৰা , পিয়লি ফুকন ,শিমলুগুৰি, আমগুৰি মণ্ডলৰ উদ্যোগত কেইবাশতাধিক ৰাইজৰ উপস্থিতিত তপন গগৈৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈকে আৰু উজনিৰ পৰা নামনিৰ লৈকে সকলোৱে নৰেন্দ্ৰ মোদীক পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো বিছাৰে ।যোৰহাটত তপন গগৈক ভোট দিলে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী হব বুলি কৈ মুখ্যমন্ত্ৰীয়ে সম্মুখৰ সহস্ৰাধিক ভোটাৰ ৰাইজক উদ্দেশ্যি কয় আপোনালোকে আগতে বহুত প্ৰধানমন্ত্ৰী দেখিলে জৱহৰলাল নেহেৰুৰ পৰা ইন্দিৰা গান্ধী , ৰাজীৱ গান্ধী আৰু ডঃ মনমোহন সিঙলৈকে ।

এইলোকৰ ডিঙিত কোনোবাদিনা আমাৰ গামোচাখন দেখিছিলেনে । কিন্তু নৰেন্দ্ৰ মোদীয়ে দেশ বিদেশৰ যিকোনো ঠাইলৈ গলেই আমাৰ বাপোতি সাহোন গামোচাখন ডিঙিত লৈ গৈছিল আৰু আমাৰ স্বাভিমান গামোচাখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে বুলি ভাষণৰত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় আজি কেইদিনমানৰ পূৰ্বে কাজিৰঙালৈ আহোতে নৰেন্দ্ৰ মোদীয়ে এনিশা কাজিৰঙা ত কটাই । ইয়াৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰী কাজিৰঙাত কটোৱাৰ নজিৰ আছে নেকি বুলিও কয় । যোৰহাটলৈ আহি ১৪৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি নৰেন্দ্ৰ মোদীয়ে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে নৰেন্দ্ৰ মোদীয়ে আজিলৈকে ২৬ বাৰ অসমলৈ আহিছে ।

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হল ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত আজি দুখীয়া মানুহে চাউল পাইছে ,কভিদৰ সময়ত ভেকচিন পাইছে আৰু অসমত এতিয়া উন্নয়ন আৰু প্ৰগতিৰ ঢল বৈছে । অসমত এতিয়া গুলী বাৰুদৰ শব্দ বিলাক নোহোৱা হৈছে । চাৰিওফালে এতিয়া শান্তি আৰু প্ৰগতি বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যি ডেকা লৰাই এটা সময়ত সহস্ত্ৰ সংগ্ৰামৰ পথ লৈছিল আজি সেই লৰাই মোক প্ৰশ্ন কৰে দাদা পুলিচৰ ইন্টাৰভিউ কেতিয়া হব। মানুহে এতিয়া বুজি পালে অসমখন প্ৰগতি হৈছে আমাৰ সমস্যাসমূহ নোহোৱা হৈছে । আমাৰ অসমখন ভাৰতৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিণত হব পাৰে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বগীবিল,ঢলা শদিয়াত দলং হল , মাজুলীৰ দুয়োপাৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হল , কাজিৰঙাত ৩২ কিঃমিঃ দৈঘ্যৰ উৰণীয়া হেতুৰ কাম আৰম্ভ হৈছে । চিকিৎসাৰ ক্ষেত্ৰতো ডিব্ৰুগড়ৰ পিছত শিৱসাগৰ , চৰাইদেউত মেডিকেল কলেজ হব বুলি কোনেও ভবা নাছিল । আনকি যোৰহাট ,।গোলাঘাটতো মেডিকেল কলেজ হব বুলিও কোনেও ভবা নাছিল বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীবাসীকো কয় আহিছো তাতো এখন মেডিকেল কলেজ হব বুলি ।

কোনেও ভবা নাছিল আমাৰ অসমখনত ইমানেই পৰিবৰ্তন হব বুলি । নিৰ্বাচনৰ আগত এক লাখ চাকৰি দিম বুলি কওতে মোক কোনেও বিশ্বাস কৰা নাছিল আৰু ভাবিছিল এক লাখ চাকৰি কৰ পৰা দিব । দুই এহাজাৰ দি টকাৰ লেনদেন কৰিব । আজি এক লাখ চাকৰি দিওতে কোনেও কব নোৱাৰে চাকৰিৰ নামত কোনো দালালে এক টকাও খোৱা বুলি । মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে কৈছিল এক লাখ চাকৰি কৰ পৰা দিব । এক লাখ দিলো আৰু পঞ্চাশ হাজাৰ চাকৰি আৰু দিম বুলিও কথা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দুখীয়া , মধ্যবিত্ত লৰা ছোৱালীয়ে আজি এটকাও নিদিয়াকৈ এ পি এছ , এচি এচ চাকৰি পাইছে । কেন্দ্ৰ আৰু ৰাজ্যত ডাবল ইঞ্জিন থকা চৰকাৰৰ কাৰ্যকালত চাকৰিৰ লগতে অৰোণোদয় , ৰেচন কাৰ্ড ,লাখপতি বাইদেউ , বসুন্ধৰা আঁচনিৰ যোগেদি দৰিদ্ৰ ৰাইজ উপকৃত হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মোদী গেৰান্তি মামা ৱাৰেন্টি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় মেট্ৰিক পাছ কৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আজিৰ পৰা মই লৈছো । মেট্ৰিকত পাছ কৰা সকলো ছোৱালীয়ে বছৰি দহ হাজাৰ টকা , উচ্চতৰ পাছ কৰিলে ১২,৫০০ টকা , আৰু ডিগ্ৰী পাছ কৰিলে পশিছ হাজাৰ টকাকৈ প্ৰত্যেক গৰাকী ছাত্ৰীয়ে লাভ কৰিব ।

ইফালে এবছৰৰ ভিতৰত ৰেচন কাৰ্ড থকা সকলো হিতাধিকাৰীয়ে অৰোণোদয় আঁচনি লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৰেচনকাৰ্ড থকা পৰিয়ালটোৰ উপাৰ্জন কৰা লোকজনক চৰকাৰে বীমা কৰোৱাই দিব আৰু ব্যক্তিজনৰ আকস্মিক মৃত্যু হলে বীমাকৰণৰ যোগেদি নমিনিয়ে টকা পাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণৰত কয় । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰোৱাৰ কথা উল্লেখ কৰি নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতিক দেৱব্ৰত শইকীয়াক কটাক্ষ কৰি কয় যে নাজিৰাৰ সমস্যাৰ ক্ষেত্ৰত চিঠিৰ দ্বাৰাইহে জনাই ।

গতিকে এনে জনপ্ৰতিনিধিৰ পৰা ৰাইজে কি আশা কৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক যোৰহাটত জয়ী কৰালে উন্নয়নৰ বিপৰীতে অধিক সমস্যাৰহ সৃষ্টি হব বুলি এইবাৰ তপন গগৈক বিপুল ভোটতত জয়যুক্ত কৰাবলৈ সকলোকে আহ্বান কৰে । ইফালে মঞ্চত সকলোৰে লগত আৰম্ভণি আৰু সামৰণিত গীতৰ তালে তালে নাচি সকলোকে আনন্দৰ খোৰাক দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে একেলগে একপি চেলফি তোলাৰ হেতা ওপৰা কৰে মহিলাসকলে । আজিৰ এই নিৰ্বাচনী সভাত পদ্মলোচন দাস , টাই আহোম উন্নয়ণ পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই , নৱনীতা সন্দিকৈ , শিৱা ভদ্ৰাকে ধৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে । আজিৰ এই প্ৰচাৰ সভাতেই বহুকেইজন ব্যক্তিয়ে বি জে পিত যোগদান কৰে ।

ছত্তীশগড়ৰৰ বিজাপুৰৰ সংঘৰ্ষত পুনৰ নিহত ৩ মাওবাদী…

ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে ১৩ জনকৈ মাওবাদীক হত্যা কৰাৰ পিছত এইবাৰ পুনৰ তিনিজন মাওবাদী ৰণত পৰিছে। শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয় বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে। ৰাজ্যখনৰ নক্সাল বিৰোধী শক্তি গ্ৰেহাউণ্ডে তেলেংগানাৰ সীমান্তৰ ওচৰৰ পূজাৰী কাংকৰ বনাঞ্চলত তালাচী চলাই আছিল।

তেওঁলোকৰ লগত ছত্তীশগড় আৰক্ষী বাহিনীও আছিল। সেই সময়তে মাওবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰাত তিনিজন মাওবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা হু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । নিৰাপত্তা বাহিনীয়ে এতিয়াও অঞ্চলটোত তন্নতন্ন তালাচী চলাই আছে। বিজাপুৰ জিলাৰ বাস্তাৰ লোকসভা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ সময়ত সন্ত্ৰাসৰ যিকোনো পৰিৱেশ প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে। মঙলবাৰে যুটীয়া বাহিনীয়ে ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ লেন্দ্ৰ গাঁৱত মাওবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ’ৰ্চ, চিআৰপিএফ আৰু কোব্ৰা বেটেলিয়নৰ যুটীয়া অভিযানত তেৰজন মাওবাদী নিহত হৈছিল।শুকুৰবাৰে দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অৰণ্যত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত এজন মাওবাদী নিহত হয়। দুজন মাওবাদীয়ে চুকমাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। যুটীয়াভাৱে তেওঁলোকৰ মূৰৰ মূল্য আছিল ১৬ লাখ টকা।

পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ সঘনাই পিতৃ গৃহলৈ গৈ থকাটোও স্বামীৰ প্ৰতি কৰা এক নিষ্ঠুৰতা ! বিবাহ বিচ্ছেদত অনুমোদন দিল্লী উচ্চ ন্যায়ালয়ৰ…

পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ সঘনাই পিতৃ গৃহলৈ গৈ থকাটোও স্বামীৰ প্ৰতি কৰা এক নিষ্ঠুৰতা, বিবাহ বিচ্ছেদত অনুমোদন দিল্লী উচ্চ ন্যায়ালয়ৰ

বিবাহ বিচ্ছেদৰ প্ৰসংগত আজি এক গুৰুত্বপূৰ্ণ ৰায় দিলে দিল্লী উচ্চ ন্যায়ালয়ে। পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ ঘৰ এৰি যোৱা, বাৰে বাৰে পিতৃগৃহলৈ গৈ থকা, শহুৰেকৰ ঘৰৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা নকৰা, স্বামীৰ সৈতে ভাল আচৰণ নকৰা আদি কথাবোৰ প্ৰকৃততে এগৰাকী পত্নীয়ে স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা। এই সামগ্ৰীক দিশ বিবেচনা কৰি দিল্লী উচ্চ ন্যায়ালয়ে এহাল দম্পতীক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰিলে। উল্লেখ্য এজন ব্যক্তিয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল।

লোকজনে অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে কোনো যুক্তিসংগত কাৰণ অবিহনেই প্ৰায়ে তেওঁৰ পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। তেওঁ তেওঁৰ শহুৰেকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰা হৈছিল। আদালতে সেয়ে পত্নীৰ এনে আচৰণক স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা বুলি গণ্য কৰি বিবাহ বিচ্ছেদৰ অনুমতি দিব লাগে বুলি লোকজনে আবেদন জনাইছিল। দম্পতীহালে ১৯৯২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত পতিয়ে ২০১৭ চনত পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। পাঁচ বছৰৰ মোকৰ্দমাৰ পিছত পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰে। তাৰ পিছত লোকজনে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আদালতত দাখিল কৰা শপতনামাত তেওঁ কৈছিল যে তেওঁৰ পত্নী অস্থিৰ মনৰ ।

তেওঁ কোনো কাৰণ নোহোৱাকৈ তেওঁক কমেও ছবাৰ এৰি থৈ গৈছিল। কেতিয়াবা তেওঁ আনকি বহুতৰে আগত নিজকে বিধৱা বুলিও দাবী কৰিছিল। অৱশ্যে মহিলাগৰাকীৰ অধিবক্তাই স্বামীৰ এনে দাবীৰ বিৰোধিতা কৰে আৰুকয় যে মহিলাগৰাকীয়ে তেওঁৰ শহুৰেকৰ দ্বাৰা অপমানৰ সন্মুখীন হৈছিল। আনকি শাহুৱেকেও তেওঁৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল। ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু নীনা বনচাল কৃষ্ণাৰ খণ্ড বিচাৰপীঠে কয়, “স্বামীৰ ঘৰ সঘনাই ঘৰ এৰি যোৱাটো ন্যায়সঙ্গত নহয়। এয়া প্ৰকৃততে এক প্ৰকাৰৰ নিষ্ঠুৰতা। তদুপৰি, মহিলাগৰাকীয়ে তেওঁৰ শহুৰেকৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰা নাছিল। এই ক্ষেত্ৰত, আদালতে বিবাহ বিচ্ছেদৰ অনুমতি দিব পাৰে’’।