Home Blog Page 957

চিমেন চাপৰিত গণতান্ত্ৰিকভাৱে নির্বাচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া খতিয়ান প্রকাশ…

চিমেন চাপৰিত গণতান্ত্ৰিকভাৱে নির্বাচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া খতিয়ান প্রকাশ আৰু মুকলি মত-বিনিময় উদ্দেশ্যেৰে প্রতিশ্রুতি আৰু প্ৰতিফলন সমাবেশ সম্পন্ন

গণতান্ত্ৰিকভাৱে নির্বাচিত হোৱা। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া খতিয়ান প্রকাশ আৰু মুকলি মত-বিনিময় উদ্দেশ্য আগত ৰাখি আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ মানিকপুৰ সুবুং জিৰণি ঘৰত পুৱা ১০ বজাত প্রতিশ্রুতি আৰু প্ৰতিফলন সমাবেশ অনুষ্ঠিত কৰা হয়। সন্মিলিত গণ শক্তি, অসমৰ ডেকাপাম পঞ্চায়ত সমিতিৰ সভাপতি কমলেশ্বৰ পেগুয়ে সভাপতিত্ব কৰা সভাৰ তাৎপৰ্য ব্যাখ্যা কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে। যোৱা দহ বছৰীয়া কাৰ্য্যকালত এমএচিৰ নিৰ্বাচিত পৰিষদখনে আগবঢ়োৱা প্ৰতিশ্ৰুতি আৰু ইয়াৰ প্ৰতিফলন বিষয়ত বক্তব্য ৰাখি এমএচিৰ জিএম মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ গণতান্ত্ৰিকভাৱে নির্বাচিত হোৱাৰ পাছত

পৰিষদখনে ১০ টা বছৰ অতিক্রম কৰিলে। নির্বাচনৰ পূর্বে মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে সম-অধিকাৰ, সম-উন্নয়ন আৰু সম- মর্যদাৰ আধাৰত সর্বসাধাৰণ ৰাইজৰ সর্বতো প্রকাৰ উন্নয়নৰ বাবে প্রতিশ্রুতি প্রদান কৰা হৈছিল। প্রতিশ্রুতি অনুসৰি জনগণৰ সমস্যা সমাধান আৰু উন্নয়নৰ পক্ষত নিষ্ঠা সহকারে সেৱা আগবানই আহিছে। শিক্ষা, যোগাযোগ ব্যবস্থা, কৃষি, পশুধন, মীন পালন, নির্মাণ কার্য, আর্থিক সাহার্য অনুদানৰ জৰিয়তে আন্তঃগাঠনি উন্নয়নৰ উপৰিও জীবন-জীবিকাৰ লগত জড়িত সমস্যা সমুহব সমাধানৰ ক্ষেত্রত বিভিন্ন আঁচনি গ্রহণ কৰা হৈছে। বিদ্যালয়ৰ ভবন নির্মাণ আৰু মেৰামতি, পকী দেৱাল নির্মাণ, নামঘৰ নির্মাণ আৰু মেবামতি, ৰাজহুৱা ভৱন নির্মাণ, মূৰং অকুম নির্মাণ, গাহৰি গঁড়াল, পুখুৰী নির্মাণ, গৰা খহনীয়া প্রতিৰোধ, মন্দিৰ,নামঘৰ নিৰ্মাণ, বিজ্ঞানসম্মত গাহৰি, ছাগলী, কুকুৰা, মীন পালন, তামোল, নেমু, নাৰিকল, বিলাতী বগৰী খেতি সম্পর্কে প্রশিক্ষণ, জটিল ৰোগ, প্রাকৃতিক দুর্যোগ, মেধাৱী ছাত্র-ছাত্রী সকলক এককালীন আর্থিক সাহার্য দিয়া, ক্রীড়া ক্ষেত্রত জিলা, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত খেলুৱৈ সকলক উদগনিমূলক এককালীন আর্থিক সাহার্য প্রদান কৰা, শিল্পী সমাজক এককালীন আর্থিক সাহার্য প্রদান কৰা, দুর্ঘটনাত মৃত্যু হোরা ব্যক্তিৰ পৰিয়াললৈ এককালীন আর্থিক সাহার্য, খেতিয়কৰ বাবে ট্রেক্টৰ, পাৱাৰ টিলাৰ, ২ এইছ পি মেচিন, ৫ এইছ পি পাম্পচেত, দমকল, স্প্রে মেচিন, শিপিনী সকলক সুতা বিতৰণ, নিবনুৱা যুবক-যুবতী সকলক ইলেকট্রিচিয়ান, বিউটিচিয়ান, ম’বাইল মেৰামতি, চুলি কটা প্রশিক্ষণ প্রদান কৰা ইত্যাদি আঁচনি ৰূপায়ণ কৰিবলৈ মনোনিবেশ কৰি অহা হৈছে। উপৰোক্ত আঁচনিৰ জৰিয়তে সর্বসাধাৰণ ৰাইজে নিশ্চয় পৰিষদখনৰ পৰা উপকৃত হৈছে।কিন্তু বর্তমানো ৰাইজে বহু সমস্যাৰ সম্মুখীন হৈ আছে।

উক্ত আঁচনি সমূহ ৰূপায়ণ সম্পর্কে ১০ বছৰৰ খতিয়ান দাঙি ধৰি ৰাইইজৰ সৈতে মত বিনিময় কৰি পৰৱর্তী কালত এমএচিয়েযাতে উন্নত আৰু ফলপ্রসূভাৱে সেৱা আগবঢ়াই যাব পাৰি সেই লক্ষ্যৰে ৰাইজৰ পৰা পৰামর্শ গ্রহণ কৰি মিচিং স্বায়ত্তশাসিত পবিষদৰ দ্বাৰা ৰূপায়ন কৰা বিভিন্ন আঁচনি সমূহ ৰাইজক অৱগত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি বক্তব্য আগবঢ়ায়। সভাত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপ সভাপতি, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজু বসুমতাৰী, সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি জীতেন বড়ো,সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰী, এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰী, সাধাৰণ সম্পাদক দানসৌৰাং নাৰ্জাৰী, এমএচিৰ ৬ নং সানজাৰি নৌগৌৰ সমষ্টিৰ অন্তৰ্গত দল-সংগঠনৰ নেতৃবৃন্দ, সমর্থক, জ্যেষ্ঠ আৰু বিশিষ্ট নাগৰিক, যুৱ সংঘৰ বিষয়ববীয়া, বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হিতাধিকাৰী, বিভিন্ন গাঁৱৰ পৰিচালনা সমিতি, আত্মসহায়ক গোটৰ সদস্য-সদস্যা, ছাত্র-ছাত্রী, অভিভাৱক- অভিভাৱিকা,গাঁও প্রধান আৰু দঃলুং কেবাঙৰ সকলো বিষয়ববীয়া সকল উপস্থিত থাকে।

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাসত উদ্বিগ্ন ! বড়ো মাধ্যমৰ বিদ্যালয়ত ছাত্র-ছাত্ৰী বৃদ্ধিৰ লক্ষ্য…

মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাসত উদ্বিগ্ন, বড়ো মাধ্যমৰ বিদ্যালয়ত ছাত্র-ছাত্ৰী বৃদ্ধিৰ লক্ষ্য
নিখিল বড়ো ছাত্র সন্থাৰ উদ্যোগত মাতৃ ভাষা মাধ্যমত শিক্ষা সজাগতা সভা

নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ ধেমাজি জিলা সমিতিৰ নিৰ্দেশনা মতে আজি এবছুৰ চিমেন চাপৰি, মধ্য জোনাই, জোনাই, ধেমাজি জিলা গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত মাতৃ ভাষা মাধ্যমত শিক্ষা সজাগতা সভা অনুষ্ঠিত কৰে। এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ আহ্বানত তাকাবাৰী বড়ো প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় মাতৃ ভাষা মাধ্যমৰ শিক্ষা সজাগতা সভা। এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উপ সভাপতি দীন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সাধাৰণ সম্পাদক যোগেশ গয়াৰীয়ে।সভাত উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ সম্পাদক অজয় খাকলাৰীয়ে কয় মাতৃ ভাষাৰ সমান শুৱলা আৰু মিঠা ভাষা কতো নাই। বড়ো সকলৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃ ভাষা বড়ো মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যদি বড়ো জাতিৰ কণ কণ শিশু সকলক মাতৃ ভাষা তথা বড়ো ভাষাত প্ৰাথমিক পৰ্যায়ৰ পৰাই শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া নহয়, তেতিয়াহলে এই ভাষা এদিন মৃত্যু মুখত পৰিব বুলি উল্লেখ কৰি অভিভাৱক সকলক এইক্ষেত্ৰত চিন্তা কৰিবলৈ আহ্বান জনাই পুনৰ কয় বিটিচি চুক্তিৰ আধাৰত বড়ো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতি লাভ কৰিছে। ইতিমধ্যে বড়ো ভাষাক বিশ্ববিদ্যালয়লৈ ,, সভাত বড়ো সাহিত্য সভাৰ মধ্য জোনাই প্ৰাথমিক সমিতিৰ সভাপতি বিঞ্চু দৈমাৰীয়ে কয়


অভিভাৱক সকলে নিজৰ ল’ৰা-ছোৱালীক মাতৃ ভাষা মাধ্যমৰ পৰা আতৰাই আন আন মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰিবলৈ দিয়াটো সমীচিন নহয় বুলি বক্তব্য ৰাখি চৰকাৰে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নত কৰিবলৈ প্ৰয়াস চলাইছে আৰু মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।চিমেন আঞ্চলিক এবছুৰ উদ্যোগত এছবি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা মাতৃ ভাষা মাধ্যমৰ শৈক্ষিক সজাগতা সভাখন সভাপতিত্ব কৰে এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰীয়ে। এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দানসৌৰাং নাৰ্জাৰীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা শিৱৰাম বসুমতাৰীয়ে কয় বড়ো সাহিত্য সভাৰ আপ্ৰাণ চেষ্টা আৰু আন্দোলনৰ ফলত বড়ো ভাষাক ১৯৬৩ চনৰ ১৮ মে’ত প্ৰাথমিক পৰ্যায়ত,১৯৬৮ চনৰ ২৮ ছেপ্টেম্বৰত এম ই পৰ্যায়ত,১৯৭২ চনৰ ১৬ ছেপ্টেম্বৰত হাইস্কুল পৰ্যায়ত,১৯৭৬ চনত প্ৰাক্ বিশ্ববিদ্যালয় আৰু ১৯৮৬ চনৰ ৮

জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত স্বীকৃতি প্ৰদান কৰা উপৰিও ২০১৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰিছে।আনহাতে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পাদিত হোৱা বিটিচি চুক্তিৰ জৰিয়তে বড়ো ভাষাই সংবিধানৰ অষ্টম অনুসূচীভূক্ত হ’বলৈ সক্ষম হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো মাতৃ মাধ্যমৰ শিক্ষা গ্ৰহণত গুৰুত্ব দিয়া হৈছে। বড়ো জাতিৰ শিশু সকলক মাতৃ ভাষা মাধ্যমত শিক্ষা গ্ৰহণ নকৰিলে ভৱিষ্যতে বড়ো ভাষাৰ প্ৰতি আশুকালৰ সন্মুখীন হব বুলি অভিভাৱক সকলক উদ্দেশ্যি কয়। সভাত এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, এছবি বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো,বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপ সভাপতি মাওফুংসা ৰামচিয়াৰী,শতাধিক অভিভাৱক,অভিভাৱিকা উপস্থিত থাকে। এবছুৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত জ্যোতিষপুৰ বড়ো এল পি স্কুলত অনুষ্ঠিত কৰা মাতৃ ভাষা মাধ্যমৰ শিক্ষা সজাগতা সভাখন সভাপতিত্ব কৰে এবছুৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় গয়াৰীয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সাধাৰণ সম্পাদক মনোজ বসুমতাৰীয়ে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োয়ে কয় বড়ো জাতিৰ ছাত্র-ছাত্ৰীয়ে প্ৰাথমিক পৰ্যায়ৰ পৰা নিজৰ মাতৃ ভাষাত শিক্ষা গ্ৰহণ নকৰাৰ বাবে বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু এনে পৰিস্থিতিয়ে বড়ো ভাষা, শিক্ষাৰ ক্ষেত্ৰত উদ্বিগ্নতাই দেখা দিছে বুলি বক্তব্য ৰাখি পুনৰ কয় বড়ো সাহিত্য সভা, এবছু,বড়ো জাতীয় সংগঠন সমূহে বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি,পাঠ্যপুথি যোগান, আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি চৰকাৰক দাবী জনাই আহিছে বুলি উল্লেখ কৰি অভিভাৱক সকলে আন মাধ্যমত নিজৰ ল’ৰা-ছোৱালীক
শিক্ষা গ্ৰহণ নকৰাই মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি গুণগত শিক্ষাৰে শিক্ষিত কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।সভাত বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰণ ব্ৰহ্মই সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষা এটাৰ মাধ্যমত শিক্ষা লাভ কৰাটো গৌৰৱৰ বিষয় বুলি উনুকিয়াই এটা ভাষা জীয়াই ৰাখিবলৈ ভাষাটোৰ উন্নতি,প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰাৰ ক্ষেত্ৰত সকলোৱে দায়িত্ব পালন কৰিব লাগিব বুলি কয়।

এবছুৰ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত নিৰুপমা হাগজেৰ বড়ো এম ই স্কুলত সংগঠনটোৰ সভাপতি নিৰণ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মাতৃ ভাষা মাধ্যমৰ শৈক্ষিক সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সাধাৰণ সম্পাদক অমিচন বসুমতাৰীয়ে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ উপাধ্যক্ষ সুশীল স্বৰ্গীয়াৰীয়ে বড়ো মাধ্যমৰ ভাষা, শিক্ষা জীয়াই ৰাখিবলৈ বড়ো মাধ্যমৰ বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ৰ পৰাই কণ কণ শিশু সকলক শিক্ষা গ্ৰহণ কৰোৱাবলৈ অভিভাৱক সকলক আহ্বান জনায়।ইপিনে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ আহ্বানত ৰায়াংপুৰ বড়ো এলপি স্কুলত অনুষ্ঠিত কৰা মাতৃ ভাষা মাধ্যমৰ শৈক্ষিক সজাগতা সভাৰ সভাপতিত্ব কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুছাহাৰীয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক দেশৱ গয়াৰীয়ে।সভাত এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি সুৰ্জিৎ নাৰ্জাৰী, ইউবিপিঅৰ জোনাই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অশোক বসুমতাৰী উপস্থিত থাকি মাতৃ ভাষাক জীয়াই ৰাখিবলৈ অভিভাৱক সকলৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম বুলি উল্লেখ কৰি প্ৰাথমিক পৰ্যায়ৰ পৰা যদি মাতৃ ভাষা মাধ্যমৰ শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নহয়,তেতিয়াহ’লে আদৰ্শগত আৰু আধ্যাত্মিক দিশৰ ওপৰত শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি হ’ব পাৰে বুলি কয়।

আম্বানী কোটিপতি হোৱাৰ আঁৰত পত্নীৰ অৰিহণাৰ বিষয়ে কি ক’লে আম্বানীয়ে…

আম্বানীয়ে কোটিপতি হোৱাৰ বাবে সকলোৰে সন্মুখত পত্নীক আপ্লুত কৰিবলৈ গান গাবলৈ নাপাহৰিলে, সকলোৰে সন্মুখত গৌৰৱৰে পত্নীৰ লগত আলোচনা কৰি কাম কৰে। আৰু সকলোৰে সন্মুখত ক’লে পত্নীৰ শলাগ লোৱাটোৱে আপোনাৰ সন্মানক বান্ধি ৰাখে।


কাৰণ শলাগ ল’বলৈ হ’লে শুনিব লাগিব, পত্নীৰ প্ৰতি বিশেষ ধৰণে নহয় গুৰুত্ব দিব নালাগে, ভালদৰে মনোযোগ দিলে পত্নীয়ে সকলো বুজিব। সন্মান দাপোনৰ দৰে। আনক যিমানেই সন্মান দিব সিমানেই তেওঁলোকৰ পৰা সন্মান ঘূৰাই পাব।প্ৰতিটো সম্পৰ্কতে সন্মান অক্সিজেনৰ দৰে। কাৰণ সন্মান অবিহনে প্ৰতিটো সম্পৰ্ক মৃত।


আম্বানীৰ দৰে গান গাব নালাগে। মাত্ৰ পত্নীৰ প্ৰতি গুৰুত্ব অনুযায়ী আপোনাৰ জীৱন সংগীক সন্মান কৰক। যদি আপোনাৰ পত্নী ভাল হয় তেন্তে আল্লাহৰ ওচৰত আপোনাৰ জীৱন আৰু আখিৰাতৰ বাবে প্ৰাৰ্থনা কৰক।
ফকিৰ কিয় জানেনে? কাৰণ যদি ঘৰৰ পত্নীৰ প্ৰতি আপোনাৰ কোনো সন্মান নাই, আপোনাৰ ৰঞ্জনত কোনো আশীৰ্বাদ নাই।

APCCৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকৰ পদত্যাগ…

এজনৰ পাছত আন এজনে এৰিছে কংগ্ৰেছ। APCCৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকৰ পদত্যাগ।

APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল মঞ্জুশ্ৰী পাঠক।

কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা বিস্ময়জনক পানীয়ৰ বিষয়ে জানক…

বিস্ময়জনক পানীয়

গাজৰ, আপেল আৰু আলুৰ সংমিশ্রণৰ পানীয়;  ই এবিধ বিস্ময়জনক পানীয়৷

আপুনি ইয়াৰ বাবে বাকলি গুচাই এটা আলু, এটা গাজৰ আৰু এটা আপেল মিক্সাৰ বা গ্রাইন্দাৰৰ জুইচাৰত ভৰাই ৰস উলিয়াই লগে লগে পি খাওক৷ জিভাৰ জুতিৰ বাবে অলপ নেমুৰ ৰস দি লব পাৰে৷ এইদৰে সদায় ৰাতিপুৱা খাওক৷ এই বিস্ময়জনক পানীয়ই আপোনাৰ বহু উপকাৰ কৰে৷

  1. কেন্সাৰ কোষ বৃদ্ধিত বাধা দিয়ে৷
  2. কিডনি, লিভাৰ, পেংক্রিয়াচৰ বেমাৰ নাশ কৰে আৰু আলচাৰ্ জাতীয় আন্ত্রিক ঘাঁ সোনকালে নিৰাময় কৰে৷
  3. শ্বাসতন্ত্র শক্তিশালী কৰে, হাৰ্ট এটাক আৰু উচ্চ ৰক্ত চাপত বাধা দিয়ে৷
  4. দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

  1. চকুৰ বাবে ভাল, চকু ৰঙা পৰা আৰু ভাগৰুৱা বা শুকান লগা নাইকিয়া কৰে৷
  2. দেহৰ অশুদ্ধি আঁতৰায়, কৌষ্টকাঠিন্য নাইকিয়া কৰে আৰে দেহা সুশ্রী কৰে৷
  3. কাম কৰোঁতে হোৱা গাৰ বিষ আৰু মাংসপেষীৰ বিষ নাইকিয়া কৰে৷
  4. বদহজমৰ বাবে হোৱা শ্বাস-প্রশ্বাসৰ বেয়া গোন্ধ আৰু ডিঙিৰ ইন্ফেক্চন নাইকিয়া কৰে৷
  5. কিছুমান মহিলাৰ ক্ষেত্ৰত দেখা দিয়া মাহেকীয়া ঋতুস্রাৱৰ বাবে হোৱা বিষ কমায়৷

ইয়াৰ কোনো চাইদ্ এফেক্ট নাই, উচ্চ গুণসম্পন্ন আৰু শৰীৰে সোনকালে গ্ৰহণ কৰে৷ আপোনাৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্রত ই অতি ফলদায়ক৷ সদায় সময় মতে খালে আপুনি মন কৰিব আপোনাৰ দেহৰ প্রতিৰোধ ক্ষমতা দুসপ্তাহত উন্নত হৈছে৷ এটা কথা মন কৰিব যে পানীয় খিনি লগে লগে খাব লাগে৷

বিঃ দ্রঃ – ৰাতিপুৱাই খালী পেটত এই পানীয়খিনি পি খাওক আৰু তাৰ এঘণ্টাৰ পাছতহে ৰাতিপুৱাৰ আহাৰ খাওক৷ ফল সোনকালে পাবৰ বাবে দিনটোত দুবাৰ খাওক ৰাতিপুৱা আৰু আবেলি ৫ বজাৰ আগতে৷ যদি আপুনি ভাল ফল পায় আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱক ক’বলৈ নাপাহৰিব৷

দেহত ৮৯ হাজাৰ টকীয়া শাৰী, হাতত ১৮ হাজাৰ ৫০০ টকীয়া বেগ লৈ কেমেৰাৰ সন্মুখত ছাৰা…

জনপ্ৰিয় অভিনেতা ছেইফ আলী খান আৰু অমৃতাৰ কন্যা ছাৰা আলী খান বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী। ছাৰাৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁৰ ফেশ্বন দেখি উন্মাদ হৈ পৰে অনুৰাগী। শেহতীয়াকৈ ছাৰা আলী খানে শাৰী পিন্ধি কিছু ছবি শ্বেয়াৰ কৰিছে। কিন্তু, অনুৰাগীয়ে তেওঁ চেহেৰাৰ লগতে শাৰীখনৰ দামৰ প্ৰতিও গুৰুত্ব দিছে। ছাৰাৰ এই শাৰীৰ দাম ৮৯ হাজাৰ। তাৰোপৰি ছাৰাৰ হাতত দেখা বেগটোও খুব দামী। আহকচোন ছাৰাৰ ষ্টাইলিছ ষ্টাইল চাওঁ। শাৰী ষ্টাইলতো ছাৰাক বৰ ধুনীয়া দেখা গৈছে। ফুলৰ শাড়ীৰ সৈতে মেচিং ব্লাউজ পিন্ধিছে ছাৰাই।

এই ব্ৰেণ্ডৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই শাৰীৰ দাম ৮৯ হাজাৰ ৫০০ টকা। ইয়াৰ বাহিৰেও ছাৰাই শাৰীৰ লগত পিন্ধা ব্লাউজটোৰ মূল্য ১৯ হাজাৰ ৫০০ টকা। আনহাতে ছাৰাই হাতত লৈ থকা এই বেগটোৰ মূল্য ১৮ হাজাৰ ৫০০ টকা। বেগটো শাৰী আৰু ব্লাউজৰ লগত মিল আছে।

এআইইউডিএফ দল কেতিয়াও জিকিব নোৱাৰে নিৰ্বাচনতঃ প্ৰদ্যুৎ বৰদলৈ

‘এআইইউডিএফ দল কেতিয়াও নিৰ্বাচনত জিকিব নোৱাৰে’ কেৱল কংগ্ৰেছক পৰাভূত কৰিবৰ বাবেই বিজেপিৰে মিলি প্ৰাৰ্থিত্ব দিছে’ মুখ্যমন্ত্ৰীৰ কথা মতেই দলটোৱে উঠা-বহা কৰে’। এই মন্তব্য নগাঁৱৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।

কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লৈ বুধবাৰে ৰহাত উপস্থিত হৈ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা এজন উলমা ব্যক্তি বুলি কৈ তুলুঙা কথাত মন্তব্য নিদিও বুলি কয়। ইয়াৰ আগতে প্ৰাৰ্থীগৰাকীক ৰহা ব্লক কংগ্ৰেছে বিপুল আদৰণি জনায়।

আলিয়া ভাটে গৰ্ভৱতী অৱস্থাত কোনবিধ মিঠাই খাইছিল…

বলিউদৰ অভিনেত্ৰী আলিয়া ভাটৰ গৰ্ভধাৰণৰ খবৰ যেতিয়া ওলাইছিল তেতিয়া অনুৰাগীৰ মনত বিভিন্ন ধৰণৰ কৌতুহল আৰম্ভ হৈছিল। গৰ্ভাৱস্থাত আলিয়াই কি খাইছিল, ক’ৰ পৰা আলিয়াই কাপোৰ কিনিছিল সেই বিষয়েও জানিবলৈ অনুৰাগীসকল আগ্ৰহী হৈছিল। অভিনেত্ৰী আলিয়া ভাটে ২০২২ চনৰ এপ্ৰিল মাহত অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পিছত আহে ভাল খবৰটো। সেই বছৰৰ নৱেম্বৰ মাহত কাপুৰ পৰিয়াললৈ আলিয়া-ৰণবীৰৰ কন্যা ৰাহা নামৰ এগৰাকী নতুন সদস্য আহিছিল। শেহতীয়াকৈ এগৰাকী পুষ্টিবিদে প্ৰকাশ কৰিছে যে আলিয়াই গৰ্ভাৱস্থাত মাজে মাজে এটা বিশেষ বাংলা মিঠাইৰ বাবে হাহাকাৰ কৰিছিল। ভাবিছে চাগে সেই মিঠাএটো নো কি?


গৰ্ভাৱস্থাত আলিয়াই নলেন গুড়ৰ মিঠাই খাই ভাল পাইছিল। এই মিঠাইটো খাই বহুত ভাল পাইছিল অভিনেত্ৰী আলিয়া ভাটে।

লজ্জাজনক! বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা কৰিবলৈ দৰমহা লৈছে সন্তানে…

বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা কৰিবলৈ দৰমহা পাইছে সন্তানে। এটি সন্তাত অতি কষ্টৰে ডাঙৰ-দীঘল কৰে পিতৃ-মাতৃয়ে. কিন্তু এই কষ্টক কেতিয়াও কষ্ট বুলি নাভাবে পিতৃ-মাতৃয়ে। কিন্তু সন্তান ডাঙৰ হ’লে পিতৃ-মাতৃ দায়িত্ব পালন কৰাটো জানো দৰমহা ল’বলগীয়া বিষয়। কিন্তু এতিয়া সেই কামৰ বাবে ল’ৰা-ছোৱালীবোৰে দৰমহা পাইছে। আচৰিত যেন লাগিলেও এইয়াই সত্য। চাকৰিৰ নাপাই বৰ্তমান প্ৰজন্মৰ একাংশ যুৱক-যুৱতীয়ে নিজৰ পিতৃ-মাতৃক কেৰিয়াৰ হিচাপে চোৱা-চিতা কৰিবলৈ বিচাৰিছে। এই বৃত্তিটো এটা ট্ৰেণ্ডত পৰিণত হৈছে। ভাবিছেনে, এই পেছাত দৰমহা কিমান। এক প্ৰতিবেদন অনুসৰি যুৱক-যুৱতীসকলক এনে কামৰ বাবে প্ৰতিমাহে প্ৰায় ৯৪ হাজাৰ টকা দৰমহা লাভ কৰে। অভিভাৱকক সংগ দিয়া, তেওঁলোকৰ লগত বজাৰ কৰা, ঘৰৰ কামত সহায় কৰা, নিসংগতা দূৰ কৰা – এই সকলোবোৰ কাম কৰা যুৱক-যুৱতীয়ে ৯৪ হাজাৰ টকা লাভ কৰিছে।

এই বাতৰি চীন দেশৰ। চীনৰ ছ’চিয়েল মিডিয়াত এই নতুন বৃত্তিটোক কেন্দ্ৰ কৰি চলি থকা প্ৰথাৰ অন্ত নাই। বহুতে একেবাৰে ভাল পোৱা নাই বিষয়টোক।

ৰঙিয়াত আয়ুষ্মান আৰোগ্য মন্দিৰ স্বাস্থ্য কেন্দ্ৰটি শুভ উদ্বোধন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই…

বিগত পৌৰসভা নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ নগৰবাসী ৰাইজক উন্নত স্বাস্থ্য সেৱা সুলভ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অভিলাষী আঁচনি “আয়ুষ্মান ভাৰত”ৰ নৱতম প্ৰৱৰ্তন স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অধীনত ৰঙিয়া ৱাৰ্ড নং-৬ ৰ সৰস্বতী কলনীত নিৰ্মাণ কৰা

ৰঙিয়া নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ স্বাস্থ্য কেন্দ্ৰটি আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই।ইতিমধ্যে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ১,৫,৭,৮ নং ৱাৰ্ডবাসী ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ নগৰীয়া স্বাস্থ্য সেৱা কেন্দ্ৰ

স্থাপন কৰা হৈছে। এই স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে সহজে স্বাস্থ্যসেৱা লাভ কৰাত যথেষ্ট উপকৃত হ’ব। কেন্দ্ৰ কেইটাত নিয়োজিত স্বাস্থ্যকৰ্মীসকলক নিষ্ঠাৰে ৰাইজৰ হকে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।