Breaking

আলফা নেতা অনুপ চেতিয়াৰ সহধৰ্মিনী মণিকা বৰগোঁহাইৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাষণ প্ৰদান

0 71

আলফা নেতা অনুপ চেতিয়া উৰফে গোলাপ বৰুৱাৰ পত্নী মণিকা বৰগোঁহায়ে অসমৰ খিলঞ্জীয়াৰ সকলৰ ভূমি, সম্পদ আৰু পৰিবেশ অধিকাৰৰ সম্পৰ্কত ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ সংসদত ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য বিশ্বৰ খিলঞ্জীয়া লোক সকলৰ ৰাজনৈতিক, সামাজিক, অ্ৰৰ্থনৈতিক,সাংস্কৃতিক আদি বিভিন্ন অধিকাৰৰ সন্দৰ্ভত ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হোৱা ” খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ ২০০৭ ৰ সন্দৰ্ভত বিশ্বৰ ১৪৭ দেশৰ সৈতে ভাৰত চৰকাৰেও লিখিত সন্মতি প্ৰদান কৰিছে।

খিলঞ্জীয়া লোকৰ বিভিন্ন অধিকাৰৰ সন্দৰ্ভত আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ নিউয়ৰ্কত থকা মূখ্য কাৰ্যালয়ত অনুস্থিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংসদৰ ৫২ তম অধিবেশনত মণিকা বৰগোঁহায়ে অসমৰ খিলঞ্জীয়া সকলে সন্মুখীন হোৱা ভূমি, সম্পদ আৰু পৰিবেশ অধিকাৰৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰ সংঘৰ খিলঞ্জীয়া চনদ ২০০৭ অনুসৰি অসমত খিলঞ্জীয়া ভিত্তি বৰ্ষৰ সময় সীমা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply