Breaking

তুৰ্কীত আধুনিক মডেলেৰে নিৰ্মিত অট্টালিকাসমূহো সম্পূৰ্ণ ৰুপে ভাঙি পেলালে ভূমিকম্পই, ইয়াৰ কাৰণ কি?

0 53

তুৰ্কী চৰকাৰৰ মতে এই ধ্বংসলীলাত ৩৪৫০ৰো অধিক অট্টালিকা ধ্বংস হয়। ইয়াৰে বহুতো আছিল আধুনিক অট্টালিকা, যিবোৰ গঠনৰ ‘পেনকেক মডেল’ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও এই আৰ্হি ভূমিকম্পৰ সন্মুখত অসফল বুলি প্ৰমাণিত হৈছিল। কিয় এনে হ’ল –

তুৰস্কত দুটা বৃহৎ ভূমিকম্পৰ ফলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয়। ৪০০০ৰো অধিক লোকৰ মৃত্যু, হাজাৰ হাজাৰ লোক আহত হোৱাৰ লগতে বহু লোক এতিয়াও উদ্ধাৰ হোৱাই নাই। প্ৰথমটো ভূমিকম্প সংঘটিত হৈছিল ছিৰিয়াৰ সীমান্তৰ সমীপত গাজিয়ান্টেপৰ ওচৰত। ৰিখটাৰ স্কেলৰ ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্প ব্ৰিটেইনৰ দৰে দূৰৈত অনুভৱ কৰা হৈছিল। ৯ ঘণ্টাৰ পাছত তুৰস্কত আন এটা ভূমিকম্পই জোকাৰি যায় যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.৫।এনে লাগে যেন এই ভূমিকম্পটো “intersecting fault” ৰ বাবেই হৈছে। এই পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া এটা টেকটনিক প্লেটে আন এখনৰ ওপৰেৰে আহিবলৈ চেষ্টা কৰে।তুৰ্কী চৰকাৰৰ মতে এই ধ্বংসলীলাত ৩৪৫০ টাতকৈও অধিক অট্টালিকা ভাঙি গ’ল। ইয়াৰে বহুতো আধুনিক অট্টালিকা আছিল, যিবোৰ গঠন ‘পেনকেক মডেল’ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও ভূমিকম্পৰ সন্মুখত এই আৰ্হিটো অসফল বুলি প্ৰমাণিত হৈছিল। কিয় এনে হ’ল ? ভূমিকম্পৰ অধিক তীব্ৰতাৰ বাবেই নে এই অট্টালিকাবোৰৰ সমস্যা হৈছিল?

হাজাৰ হাজাৰ বছৰ ধৰি ভূমিকম্প আহি আছে। তুৰস্কত ভূমিকম্প সাধাৰণ কাৰণ এই দেশখন ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা অতি স্পৰ্শকাতৰ। তুৰস্কত কমেও ২০০০ বছৰ ধৰি ভূমিকম্পৰ সৃষ্টি হৈছে। সপ্তদশ শতিকাত এই দুৰ্যোগত বহু চহৰ ধ্বংস।

বিগত ২০০০ বছৰত আমি এনেধৰণৰ অট্টালিকা নিৰ্মাণৰ বিষয়ে বহু কথা জানিব পাৰিছো যিবোৰ ভূতাত্ত্বিক গতিবিধিৰ ক্ষেত্ৰত নিৰাপদ হ’ব। কিন্তু এইটোও সত্য যে এই অঞ্চলত আৰু পৃথিৱীৰ আন আন ঠাইত অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বহুতো কাৰকে প্ৰভাৱ পেলাইছে।

ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপদ অট্টালিকা নিৰ্মাণ আৰু সঠিক ‘বিল্ডিং কোড’ মানি চলাটো তুৰস্ক আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত এক ডাঙৰ সমস্যা। আগতে যেতিয়াই তুৰস্কত ভূমিকম্প হৈছিল তেতিয়াই অট্টালিকাবোৰ এনেদৰে ভাঙি গৈছিল।১৯৯৯ চনত ইজমিটৰ সমীপত হোৱা ভূমিকম্পত প্ৰায় ১৭ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০ হাজাৰ অট্টালিকা ধ্বংস হৈছিল।

Leave A Reply