আজি দেশৰ ৩ খন ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন৷
উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন৷
১৫ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷
উত্তৰপ্ৰদেশ, কৰ্ণাটকত ক্ৰছ ভোটিঙৰ আশংকা৷
আজি দেশৰ ৩ খন ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন৷
উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন৷
১৫ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷
উত্তৰপ্ৰদেশ, কৰ্ণাটকত ক্ৰছ ভোটিঙৰ আশংকা৷
প্ৰাচীন চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক প্ৰণালীৰ আজিৰ সময়ত বহুখিনি উন্নত হৈছে ৷ এই চিকিৎসা পদ্ধতিৰে জনসাধাৰণৰ স্বাস্থ্য কি দৰে নিৰোগী কৰি ৰাখিব পাৰি আৰু ৰোগী সকলক আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰাৰ উদেশ্যৰে শনিবাৰে মাজুলীৰ ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত এটি বিনামূলীয়া আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷
যোগ গুৰুকুল অসমৰ সৌজন্যত তথা ‘সৃষ্টি’ এক সমন্বয় যাত্ৰাৰ সহযোগত অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত বহুকেইজন অভিজ্ঞ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে ।
অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান, বিশিষ্ট সমাজ সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ ৬৬ তম জন্মবাৰ্ষিকী উপলক্ষে সোমবাৰে সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থায়ে যৌথভাৱে প্ৰয়াত সমাজপ্ৰাণ ব্যক্তিগৰাকীৰ সশ্ৰদ্ধ সোঁৱৰণত যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ‘সমাজৰ দিন’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে। স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা সভাখনত যৌথভাৱে সঞ্চালনা কৰে স্মৃতিৰক্ষা সমিতিৰ সভাপতি ললিত বৰা আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়ে।
কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ সহধৰ্মিনী শিখা বৰদলৈয়ে সমীৰণ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে পংকজ বৰুৱাই মংগলাচৰণ আৰু প্ৰয়াত সমীৰণ বৰদলৈৰ জীয়াৰী অভিলেখা বৰদলৈয়ে প্ৰাৰ্থনা পৰিৱেশন কৰাৰ পাছতেই জাঁজী হেমনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° মণ্টু কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈৰ জাতীয় জীৱন আৰু যোৰহাটৰ সমাজ জীৱনলৈ অনবদ্য অৱদান, উত্তৰ প্ৰজন্মৰ বাবে ৰাখি থৈ যোৱা চানেকিসমূহৰ সম্পৰ্কে বক্তব্য ৰাখে।
লগতে ড° বৰাই কয়, সমাজৰ বিভিন্ন ক্ষেত্ৰক অসংগঠিত যোগাত্মক দিশ সমূহক সংগঠিত কৰাৰ ক্ষেত্ৰত বৰদলৈ দেৱে মুখ্য ভূমিকা পালন কৰিছিল ৷ উত্তৰ প্ৰজন্মৰ মাজত প্ৰয়াত বৰদলৈদেৱৰ চৰ্চা অব্যাহত ৰখাৰ স্বাৰ্থত দীপাংকৰ বিদ্যাপীঠৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অভিনন্দা বৰপূজাৰীয়ে সুন্দৰভাৱে বৰদলৈদেৱৰ জীৱন বৃত্তান্তৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে।
অনুষ্ঠানটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী হিচাপে ‘সমাজপ্ৰাণ প্ৰয়াত সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা’ ২০২৪, মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা সৰ্বভাৰতীয় কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ, দিপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা দেৱাশীষ শৰ্মাক প্ৰদান কৰা হয়।
উক্ত বঁটাটি এখনি সম্বৰ্ধনা পত্ৰ ,চেলেং চাদৰ , গামোচা , জাপি , এখন সঁফুৰা , এটি স্মাৰক আৰু নগদ দহ হাজাৰ টকাৰে সম্বলিত। অসম চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া হৈও ২০০৪ চনৰ পৰা দীপশিখা ফাউণ্ডেশ্যন প্ৰতিষ্ঠাৰে পৰা বৰ্তমানৰলৈকে ডেৰ লক্ষাধিকতকৈও অধিক কৰ্কটৰোগী আৰু অভিভাৱকক নিঃস্বাৰ্থভাৱে সেৱা প্ৰদান কৰি উপকৃত অহা মানৱদৰদী ব্যক্তিজনক সমাজলৈ আগবঢ়োৱা এই অৱদানৰ বাবে এই বৰ্ষৰ বঁটা প্ৰদান কৰা হয়।
বঁটাটি লাভ কৰি বঁটাপ্ৰাপকগৰাকীয়ে কয় , প্ৰয়াত সমীৰণ বৰদলৈৰ পৱিত্ৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা নিজ গৃহ জিলাত গ্ৰহণ কৰি নিজকে ধন্য মানিছোঁ আৰু উৎসাহিত হোৱাৰ লগতে যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছোঁ । লগতে কয় , ছাত্ৰ সন্থা আৰু স্মৃতি ৰক্ষা সমিতিৰ এই মহৎ পদক্ষেপক শলাগ লোৱাৰ লগতে প্ৰয়াত বৰদলৈদেৱৰ সান্নিধ্য সুঁৱৰি যোৰহাটৰ সমাজ জীৱনত সমীৰণ বৰদলৈ সদায় ধ্ৰুৱতৰা হৈ জিলিকি ৰ’ব বুলি ব্যক্ত কৰে । বঁটা প্ৰাপক গৰাকীয়ে বৰদলৈদেৱৰ জীৱনৰ শেষৰচোৱা সময়ৰ সান্নিধ্য সুঁৱৰি কৰ্কটৰোগৰ সজাগতাৰ উপৰতো বক্তব্য ৰাখে৷

ভাল চিন্তা আৰু ভাল কৰ্মৰাজি বিয়পাই নিয়াৰ চিন্তাৰে সমৃদ্ধ সমীৰণ বৰদলৈৰ জীৱন এক মাইলৰ খুঁটি বুলি তেওঁ অভিহিত কৰে। অনুষ্ঠানটোত উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ সহধৰ্মিনী শিখা বৰদলৈয়ে ছাত্ৰ সন্থা আৰু স্মৃতিৰক্ষা সমিতিৰ এইয়া এক মহৎ প্ৰচেষ্টা বুলি ব্যক্ত কৰাৰ লগতে সমীৰণ বৰদলৈদেৱক সমাজজীৱনত জীয়াই ৰখাৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা হাতত লোৱা ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে। সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্যিক সম্পাদিকা নিহাৰিকা শইকীয়া, অসম উন্নতি সভাৰ সম্পাদক জুল খাউণ্ড, যোৰহাট মহকুমা পৰিষদৰ প্ৰাক্তন সচিব বিমান বৰুৱা, জ্যেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিমল চন্দ্ৰ বৰী, সমীৰণ বৰদলৈদেৱৰ একালৰ সতীৰ্থ প্ৰাক্তন ছাত্ৰনেতা ৰাজা চক্ৰৱৰ্তী হেমন্ত কলিতা আদিকে ধৰি ডেৰ শতাধিক ব্যক্তি চক্ৰৱৰ্তী উপস্থিত থাকে।
বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , জাতীয়তাবাদৰ পুৰোধা ব্যক্তি, যোৰহাটৰ সমাজজীৱনৰ এক উজ্জ্বল নক্ষত্ৰ, সমাজ সংগঠক তথা ক্ৰীড়া সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ কৰ্মৰাজি, আদৰ্শ আৰু অসাধাৰণ-অনন্য চিন্তা চেতনাৰ প্ৰচাৰ আৰু প্ৰসাৰেই হৈছে আজিৰ ‘সমাজৰ দিন’ আৰু ‘সমাজপ্ৰাণ প্ৰয়াত সমীৰণ বৰদলৈ সমাজসেৱা বঁটা’ প্ৰদানৰ মুখ্য উদ্দেশ্য।
প্ৰয়াত বৰদলৈদেৱৰ চিন্তাৰ বাটেদি সমাজ উপকৃত হ’ব পৰাকৈ সমাজখনৰ সৈতে নিবিড়ভাৱে সংপৃক্ত হৈ থকা যি সমল তেওঁ এৰি গৈছে তাৰ দ্বাৰা যাতে নতুন প্ৰজন্মই এক গতি লাভ কৰিব পাৰে সেই চিন্তাৰ লগতে সমীৰণ বৰদলৈ দেৱক চিৰসজীৱ কৰি সমাজত জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই পুনৰ ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিয়ে তেওঁৰ ৬৬ তম জন্মবাৰ্ষিকী আজি ৰাজহুৱা পৰিৱেশত উদযাপন কৰিছে। আগন্তুক দিনটো অধিক নতুনত্ব আৰু গতিশীলতাৰে এই অনুষ্ঠান আগুৱাই নিয়া হ’ব বুলিও তেওঁ ব্যক্ত কৰে।
সভাতেই ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰয়াত সমীৰণ বৰদলৈৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ ক্ষেত্ৰত উত্থাপন কৰা দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে পুনৰ দোহাৰে। অনুষ্ঠানত বঁটাপ্ৰাপক দেৱাশীষ শৰ্মাক যোৰহাট জিলা সাহিত্য সভা, অসম বকুলবন সমাজ, যোৰহাট মহকুমা ছাত্ৰ সন্থা, অসম সেনা, অসম উন্নতি সভা, আজু, যোৰহাট জিলা সমিতি,জ্যোতি চিনে ক্লাৱ, যোৰহাট সাংস্কৃতিক মঞ্চ, সুৰৰ দেউল সংগীত বিদ্যালয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা ক্ৰীড়া সন্থা, যোৰহাট জিলা পেৰালিম্পিক সন্থা, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতি, যোৰহাট জিলা লেখিকা সমাজ, বিহু শিল্পী সংস্থা, দিশ, সাহস, সতীৰ্থ-৯১, বন্ধু-৮৯, উজনি অসম চেম্বাৰ্চ অব কমাৰ্চ, আগ্ৰৱাল যুৱ সমাজ, শিখ য়ুথ এচ’চিয়েশ্যন, চুতীয়া জাতি যুৱ সন্মিলন, শংকৰদেৱ বিদ্যা নিকেতন, যোৰহাট গ্ৰেটাৰ লায়ন্স ক্লাৱ, কৃষ্টিৰ কঠীয়া, যোৰহাট মৎস্য বজাৰ ব্যৱসায়ী সন্থা, যোৰহাট জিলা টাইকোৱাণ্ডো সন্থা, জয়হিন্দ মহিলা সমিতি, বড়িগাঁও ছাত্ৰ সমাজ, নৱোদয় ক্লাৱ, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা, টিয়ক আঞ্চলিক ছাত্ৰ সন্থা, কাকজান আঞ্চলিক ছাত্ৰ সন্থা, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা দেউৰী ছাত্ৰ সন্থা, উত্তৰ-পশ্চিম যোৰহাট ফাৰ্মাচ প্ৰডিউচাৰ কোম্পানী, ড° ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিকে ধৰি যোৰহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান , ৰাজহুৱা অনুষ্ঠান, বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।
সোমবাৰে বিহালীৰ বেদেতী অমিয় ভৱনত আম আদমী পাৰ্টীৰ এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টি কমিটীৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দিল্লীৰ পৰা অহা আম আদমী পাৰ্টীৰ নেতা কেপ্টেইন ৰাহুলে ভাষণ প্ৰদান কৰি অহা ২০২৬ চনৰ অসমৰ বিধান সভাৰ নিৰ্বাচনত আপৰ চৰকাৰ বনাবলৈ আহ্বান জনায়।
তেওঁ দিল্লীত আম আদমী পাৰ্টীৰ চৰকাৰে কৰা শিক্ষা ব্যৱস্থা, বিনামূলীয়া চিকিৎসা ব্যৱস্থা, চৰকাৰী বিভাগীয় কাম ঘৰতে উপলব্ধ হোৱা কথা উল্লেখ কৰি নিজৰ ভবিষ্যতে নিজে সলনি কৰিব লাগে বুলি কৈ বৰ্তমান দেশৰ বিজেপি চৰকাৰক সমালোচনা কৰে। ভাষণ প্ৰসংগত অসমৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। আম আদমীৰ দলে দিল্লীৰ সমাজ জীৱনৰ আমূল পৰিৱৰ্তন কৰাৰ কথা উল্লেখ কৰে।
আনহাতে শোণিতপুৰৰ সাংসদ প্ৰাৰ্থী তথা ৰাজ্যিক সাংগঠনিক সম্পাদক ৰিচিৰাজ কৌণ্ডিন্যই নিজৰ ভাষণত কয়, ‘মই সাংসদ নিৰ্বাচিত হ’লে দৰমহাৰ টকা নিজৰ ব্যক্তিগত কামত খৰচ নকৰো, দুখীয়াৰ চিকিৎসা সেৱাত খৰচ কৰিম’। মই জনসাধাৰণৰ সেৱা কৰিবৰ বাবেহে আহিছো বুলি কৈ বৰ্তমান তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে জনসাধাৰণৰ বাবে কোনো কাম নকৰিলে আৰু নিজৰ সম্পত্তিৰ পাহাৰ গড়িছে বুলি চোকা সমালোচনা কৰে।

সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক অম্লান জোতি হাতীবৰুৱা, বিশ্বনাথ জিলা সমিতিৰ সভাপতি মেহুল বসুমতাৰী, বিশ্বনাথ জিলাৰ কৃষক গোটৰ সভাপতি জীতেন ৰংফাৰ, জিলা সাংগঠিক সম্পাদক নাৰায়ন দিহিংগীয়া, বিশ্বনাথ জিলা মহিলা আপ সমিতিৰ সভানেত্ৰী পল্লৱী বৰা, বিহালীৰ সম্পাদক প্ৰণৱজোতি দাস আৰু বিহালী আপৰ সভানেত্ৰী মণ্জু বৰা উপস্থিত থকা সভাত আৰ্ধ শতাধিক বিজেপি, কংগ্ৰেছৰ সদস্যই আপত যোগদান কৰে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত সোমবাৰে দুয়োটা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসমৰ ধুবুৰীকে ধৰি ভাৰতৰ পাঁচখন জিলাৰ কিশোৰীসকলৰ মাজত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰে ৰক্তহীনতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক যুটীয়া জনস্বাস্থ্য প্ৰচেষ্টাৰ বাবে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।
‘মিছ নউৎকৰ্ষ’ৰ অধীনত আয়ুষ মন্ত্ৰালয় আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ অধীনত সামৰি লোৱা আন চাৰিখন জিলা হৈছে ছত্তিশগড়ৰ বস্তাৰ, ঝাৰখণ্ডৰ পশ্চিম সিংভূমা, মহাৰাষ্ট্ৰৰ গড়চিৰোলী আৰু ৰাজস্থানৰ ধৌলপুৰ। এই জিলাবোৰক সমগ্ৰ দেশৰ দুৰ্বল প্ৰদৰ্শন কৰা জিলা হিচাপে চিনাক্ত কৰা হৈছিল, য’ত ৰক্তহীনতাৰ গড় প্ৰচলন প্ৰায় ৬৯.৫%। পুষ্টিহীনতাসূচকৰ আধাৰত বিশেষকৈ ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ৰ আধাৰত প্ৰজনন বয়স গোটৰ মহিলাসকলৰ পুষ্টিগত ৰক্তহীনতাৰ হাৰ নিৰূপণ কৰা হৈছে।
এই সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে চৰকাৰে বিশেষকৈ মহিলা আৰু শিশুসকলৰ পুষ্টিৰ ফলাফল উন্নত কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পটোৱে পাঁচখন জিলাৰ প্ৰায় ১০,০০০ অংগনৱাড়ী কেন্দ্ৰক সামৰি ল’ব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰা ‘মিছন উৎকৰ্ষ’ হৈছে দুৰ্বল প্ৰদৰ্শনকাৰী জিলাসমূহৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত মুখ্য প্ৰদৰ্শন সূচক (কেপিআই) পূৰণ কৰাটো নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই যুটীয়া সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে আমাৰ চৰকাৰে চিনাক্ত কৰা জিলাসমূহত কিশোৰীসকলৰ ৰক্তহীনতাৰ বিপদ সমাধান কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে ৰক্তহীনতাত ভোগা কিশোৰীসকলৰ সুস্বাস্থ্য আৰু পুষ্টিগত প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰমাণ-আধাৰিত আয়ুৰ্বেদিক ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰয়োগ কৰা। পোষণ বা টিকা আৰু আয়ুৰ্বেদৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে ৰক্তহীনতাত ভোগা কিশোৰীসকলৰ বাবে পুষ্টিকৰ খাদ্য লাভ কৰাটো নিশ্চিত কৰিব আৰু স্বাস্থ্যকৰ জীৱনশৈলী বৃদ্ধি কৰাত গুৰুত্ব দিব।”

লগতে সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণৰ বাবে স্বাস্থ্যৱান জীৱনযাপন আৰু উন্নত স্বাস্থ্যসেৱা সমাধানৰ দিশত কাম কৰি আছে। এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগীপ্ৰাপ্ত কৰাৰ লক্ষ্যৰে আমি আয়ুৰ্বেদিক ঔষধ তথা চিকিৎসা প্ৰণালীৰ জৰিয়তে ৰক্তহীনতাৰ দৰে স্বাস্থ্য সমস্যা সমাধানতো গুৰুত্ব দিছোঁ। সুস্থতাৰ এক বিশ্বব্যাপী আন্দোলনৰ নেতৃত্ব দি অহা আয়ুষ এতিয়া সুস্বাস্থ্য আৰু সুস্থ মনৰ অমৃত হৈ পৰিছে।”
সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰে। অধিৱেশনৰ সামৰণিৰ দিনটোত সদনত গৃহীত কৰা হয় কেইবাখনো বিধেয়ক।
গৃহীত হ’ল দ্য আছাম পাব্লিক এগজামিনেশ্যন বিধেয়ক, দ্য আছাম হিলিং বিধেয়ক, দ্য আছাম ভিলেজ ডিফেন্স অর্গেনাইজেশ্যন বিধেয়ক, দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন ব’র্ড বিধেয়ক, আছাম টুৰিজিম ডেভেলপমেন্ট এগু ৰেজিষ্ট্ৰেশ্যন বিধেয়ক, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভার্চিটী বিধেয়ক, দ্য কোকৰাঝাৰ ইউনিভাৰ্চিটি বিধেয়ক,দ্য অট’নমাছ কাউন্সিল বিধেয়ক, দ্য সোণোৱাল কছাৰী অট’নমাছ কাউন্সিল বিধেয়ক, দ্য তিৱা অট’নমাছ কাউন্সিল বিধেয়ক, দ্য মিচিং অট’নমাছ কাউন্সিল বিধেয়ক, দ্য ৰাভা হাছং অট’নমাছ কাউন্সিল বিধেয়ক, দ্য ঠেঙাল কছাৰী অট’নমাছ কাউন্সিল বিধেয়ক, দ্য আসাম মিউনিচিপাল বিধেয়ক অট’নমাছ কাউন্সিল বিধেয়ক, দ্য ৰাইট টু ফেয়াৰ কমপেনছেশ্যন্ এণ্ড ট্রেন্সপাৰেঞ্চী ইন লেগু ইকুইজেশ্যন, ৰিহেবিলিটেশ্যন্ এণ্ড ৰিচেটেলমেন্ট বিধেয়ক।
দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন ব’র্ড বিধেয়কখন সদনত গৃহীত হোৱাৰ ফলত একত্রীকৰণ হ’ল SEBA, AHSEC। এতিয়াৰে পৰা স্কুল শিক্ষা ব’র্ডে অনুষ্ঠিত কৰিব মেট্ৰিক, HSৰ পৰীক্ষা। এতিয়াৰে পৰা SCERTয়ে প্রস্তুত কৰিব দ্বাদশ শ্রেণী পর্যন্ত পাঠ্যপুথি। NCERT পৰামৰ্শৰ ভিত্তিত যুগুত কৰিব পাঠ্যপুথি। বিদ্যালয় শিক্ষা ব’ৰ্ডৰ অধীনত নাথাকিব শৈক্ষিক দায়িত্ব। পৰীক্ষা অনুষ্ঠিত কৰাই হ’ব বিদ্যালয় শিক্ষা ব’ৰ্ডৰ মূল কাম। শিক্ষা ব’র্ডে প্ৰদান কৰিব প্রমাণ-পত্রও। শিক্ষা ব’ৰ্ডৰ অধ্যক্ষ -উপাধ্যক্ষ বাছনি প্ৰক্ৰিয়া চৰকাৰে সম্পন্ন কৰিব। ৭০ বছৰ অনূর্ধ্ব শিক্ষাবিদ হ’ব পাৰিব ব’ৰ্ডৰ অধ্যক্ষ-উপাধ্যক্ষ।

শ্বহীদ কনকলতা বৰুৱা। ষ্টেট ইউনিভাচিটা বিধেয়কৰ ওপৰতো সদনত আলোচনা। গহপুৰত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভার্চিটি। বিধানসভাত এই তথ্য সদৰী শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ।
ৰূপান্তৰহে জগত সুন্দৰ কৰে। পৃথিৱীক ধুনীয়া কৰিব হলে কাব্য, সাহিত্য আৰু শিল্পই সুন্দৰ কৰি তুলে। মানুহৰ জীৱন সাৰ্থক হ’ব মানুহে অন্তৰংগ ভাবে আৰু নিবিড় ভাবে সৌন্দৰ্য্যৰ সম্ভাৰ গঢ়ি তুলিব লাগিব। তাৰ উপৰিও চিন্তাৰ আন্দোলনে কাব্য প্ৰতিভাৰ উন্মেষ ঘটায়। সোমবাৰে ৰঙাপৰা মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত সাহিত্য একাডেমীৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা কাব্যিক অৰ্ন্তদৃষ্টি আৰু জীৱন শীৰ্ষক আলোচনাচক্ৰত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে সুবক্তা, দাৰ্শনিক দিগন্ত বিশ্ব শৰ্মাই।
পুৱা ১০ বজাত আৰম্ভ হোৱা অনুষ্ঠানটোৰ আতঁ ধৰে মহাবিদ্যালয় খনৰ অধ্যাপক প্ৰশান্ত বড়োয়ে আৰু অনুষ্ঠানটোৰ আদৰণি ভাষণ পাঠ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ ৰঞ্জন কলিতাই। নিজৰ আদৰণি ভাষণত অধ্যক্ষ ড॰ ৰঞ্জন কলিতাই কয় যে ৰঙাপৰা মহাবিদ্যালয়ৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন। তেওঁৰ কাৰ্যকালৰ বিগত ৬ বছৰত এইখনে এনেধৰণৰ প্ৰথম আলোকপাতচক্ৰ।এই বছৰৰ শেষৰফালে এনে ধৰণৰ আলোচনাচক্ৰ আকৌ অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ কয়। সাহিত্যৰ মাজেদি অতীতক বিচাৰি পোৱা যায় আৰু বৰ্তমানৰ সমস্যা সাহিত্যৰ মাজেদি প্ৰতিফলিত হয় বুলি তেওঁ মন্তব্য কৰে।
সাহিত্য একাডেমী কলিকতাৰ আঞ্চলিকৰ সম্পাদক দেবেন্দ্ৰ কুমাৰ দেবেশে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে বৰ্তমান সমাজ ব্যৱস্থাত চলি থকা বিভিন্ন সমস্যাৰ অনুভুতি সমুহ সাহিত্যিক আৰু কবি সকলে দাঙি ধৰাৰ প্ৰয়াস কৰি আহিছে। পৃথিৱীত থকা সমস্যা সমুহ মানৱীয় অনুভূতিৰে সমাধানৰ দিশত সমাধান হ’ব বুলি আশা কৰিব পাৰি।
তাৰোপৰি তেখেতে উল্লেখ কৰি কয় যে অহা মাৰ্চ মাহত সাহিত্য একাডেমী অনুষ্ঠানটোৱে ৭০ বছৰত ভৰি দিব।বৰ্তমান একাডেমীয়ে ভাৰতৰ ২৪ টা ভাষাত শিশু, যুৱক, সাহিত্য অনুবাদ, নাৰী সমাজ, প্ৰতিবন্ধক সকলৰ বাবে কাম কৰি ৮০০০ পুস্তিকা প্ৰকাশ কৰিছে। তাৰোপৰি সাহিত্য একাডেমীয়ে বছৰত ১৫০ টা গ্ৰন্থ মেলাত অংশগ্ৰহণ কৰে।

লগতে অনুষ্ঠানটোৱে নিজৰ কাকত প্ৰকাশ কৰা বুলি কয়। বৰ্তমান ইন্টাৰনেটত সাহিত্য একাডেমীৰ বহু তথ্য সময়ে সময়ে অনুষ্ঠানটোৱে প্ৰেৰণ কৰি আহিছে। গতিকে কবি আৰু সাহিত্যিকসকলে নিজৰ প্ৰতিভাৰে সমাজখনক আগবঢ়াই নিয়ে আৰু এই ক্ষেত্ৰত সাহিত্য একাডেমীয়ে নিজৰ অৱদান আগবঢ়াই গৈছে। সাহিত্য উৎসৱ গ্ৰামলোক নামৰ এটা অনুষ্ঠান গাঁৱত কৰা হয় বুলি তেওঁ কয়।
ইতিমধ্যে কাৰ্বি ভাষাতো এনে অনুষ্ঠান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী চাৰু চহৰীয়া নাথ উপস্থিত থাকি অনুষ্ঠানটোৰ শুভেচ্ছামুলক বক্তব্য আগবঢ়াই আৰু এনে ধৰণৰ আলোচনাচক্ৰই অধ্যাপক অধ্যাপিকা সকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।
ইপিনে কবিসন্ধি নামৰ কবিতাৰ অনুষ্ঠানত যশস্বী কবি বিপুল জ্যোতি শইকীয়াই তেখেতৰ সাহিত্য যাত্ৰা আৰু শেহতীয়া সাহিত্য কৰ্মৰ বিষয়ে বক্তৃতা দিয়ে। অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট কবি ভৱেশ মিশ্ৰ, কমলা বেগম,জয়া শইকীয়া দাস,আৰ কে বেজবৰুৱা,অসিত ভট্টাচাৰ্য্য, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীৰ লগতে ৰঙাপৰা মহাবিদ্যালয় আৰু বালিপৰা মডেল মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা উপস্থিত থাকে।
গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁলোকৰ শ্ৰেষ্ঠ বঁটা ‘গণশিল্পী মঘাই ওজা সোঁৱৰণী বঁটা’ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে। এটা প্ৰেছ বিজ্ঞপ্তিত এইকথা ঘোযণা কৰিছে যোৰহাটৰ হাতীগড় অৱস্থিত কলাক্ষেত্ৰ সমিতিয়ে।
যোৱা ২৫ ফ্ৰেব্ৰুৱাৰীৰ অনুষ্ঠানত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰৰ সাধাৰণ সভাই সৰ্বসন্মত ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। বিজ্ঞপ্তিটোত কলাক্ষেত্ৰৰ সভাপতি ৰাতুল চৰণ বৰা আৰু মুখ্য সম্পাদক নীলমণি বৰাই কয় যে পঞ্চাশৰ দশকতে অসমৰ লোকবাদ্য ঢোলক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল গণশিল্পী মঘাই ওজাই।
সুধাকণ্ঠ ড॰ ভুপেন হাজৰিকাৰ লগত একেলগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। বিপ্লৱী চেতনাৰে গণশিল্পী মঘাই ওজাই সমাজ আৰু দেশৰ অন্যায় অবিচাৰ, শোষণৰ বিৰুদ্ধে ঢোলত ৰগৰ দিয়েই প্ৰতিবাদ কৰিছিল।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি আছিল একে সময়তে গণশিল্পী মঘাই ওজা আছিল আছিল উপসভাপতি। গণশিল্পী মঘাই ওজাই ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুদীৰ্ঘ ষাঠিটা বছৰৰ পিছত ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ঢোলবাদ্যক বিশ্বত প্ৰতিষ্ঠা কৰি গ্ৰীনিজ বুকত নাম খোদিত কৰাই।
তদুপৰি ঢুলীয়া শিল্পীসকলৰ প্ৰতিও উপযুক্ত মাননী আগবঢ়াই সন্মান প্ৰদৰ্শন কৰে। “মঘাই ওজাবিহীন বিহু নহয় সিমান মধুৰ” বুলি গীত গাই খেদ প্ৰকাশ কৰিছিল সুধাকণ্ঠই। সেই বিহুকো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বত প্ৰতিষ্ঠা কৰিলে। এই মহৎ কামৰ বাবেই মুখ্যমন্ত্ৰীজনলৈ গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই বঁটাটো আগবঢ়াই বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰে।
‘চিঠি আয়ি হায়’ৰ দৰে স্মৰণীয় জনপ্ৰীয় গীত উপহাৰ দিয়া কিংবদন্তি গায়ক পদ্মশ্ৰী পংকজ উধাছৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।
“নাম”, “সাজন” আৰু “মোহৰা”কে ধৰি হিন্দী ছবিত প্লেবেক গায়ক হিচাপে খ্যাতি অৰ্জন কৰা উধাছৰ পুৱা প্ৰায় ১১ বজাত ব্ৰিচ কেণ্ডি হাস্পতালত মৃত্যু হয়।

তেওঁৰ চিৰসেউজ গজলৰ ভিতৰত আছে -‘চন্দনী ৰাত মে’, ‘না কজৰে কি ধাৰ’, ‘ঔৰ অহিস্তা কিজিয়ে বাতে’, ‘এক তৰাফ উস্কা ঘৰ’ আৰু ‘থোডি থোডি পিয়া কৰো’।
অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমন ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ১৭ খন গাঁৱৰ ৮৭০ টা পৰিয়ালক মানৱ-হাতী সংঘাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে গাঁও কেইখন সামৰি প্ৰায় ১১ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ সৌৰশক্তিচালিত বেৰ স্থাপন কৰা হৈছে। অসম আৰু মেঘালয়ৰ কেতবোৰ নিৰ্দিষ্ট স্থানত মানুহ আৰু হাতীৰ মাজত বৃদ্ধি পোৱা সংঘাত প্ৰশমনৰ আহিলা হিচাপে সৌৰশক্তিচালিত বেৰ ব্যৱহাৰ কৰি মানৱ-হাতী সহাৱস্থানক উদগনি যোগোৱাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱাৰ (U.S. Fish and Wildlife Service) সমৰ্থন আৰু স্থানীয় সমুদায় আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ(BTR) বন বিভাগৰ সহযোগত দুটা পৰ্যায়ত এই বেৰখন স্থাপন কৰিছে।
আৰণ্যকৰ সমল গোটে স্থাপনৰ পূৰ্বে সৌৰশক্তিচালিত বেৰৰ ৰক্ষণাবেক্ষণ আৰু নিৰীক্ষণৰ প্ৰশিক্ষণ দিয়া স্থানীয় লোকৰ গোটে এই বেৰবোৰ চোৱাচিতা কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া আৰু কচুগাঁও ব্লকৰ অন্তৰ্গত ১১ খন গাঁও ক্ৰমে- টাকামপুৰ, পুলোডাবৰি, আৰাইছ’পাৰা, পূব টাকামপুৰ, শান্তিপুৰ, ভৰতপুৰ, ভৰতনগৰ-আদিবাসী বস্তি, সুশীলপুৰ, বাগানপাৰা, নেপালীপাৰা আৰু নবীন নগৰৰ ৬০০ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে সৌৰশক্তি চালিত আৰু এডাল তাঁৰযুক্ত ৬.৫০ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ বৈদ্যুতিক বেৰ স্থাপন কৰা হয়।
যোৱা ২৯ জানুৱাৰীত আৰম্ভ হোৱা বেৰ স্থাপনৰ কাম ১২ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হয়। ইয়াৰ পূৰ্বে আৰণ্যকে প্ৰথম পৰ্যায়ত যোৱা বছৰৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম প্ৰান্তৰ ছখন গাঁৱৰ ২৭০ পৰিয়ালক সামৰি ৪ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ এডাল তাঁৰযুক্ত এখন সৌৰ বৈদ্যুতিক বেৰা স্থাপন কৰিছিল। প্ৰথম পৰ্যায়ত স্থাপন কৰা বেৰখনে সামৰি লোৱা গাঁওসমূহ হৈছে- ডোম বজাৰ, হাজাৰিগুৰি, নন্দীপুৰ-১, নন্দীপুৰ-২, গ্ৱজানপুৰ আৰু লোটামাৰী-১।
খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ প্ৰধান এই গাঁওসমূহত সৌৰশক্তিচালিত বেৰ স্থাপন সময়ত স্থানীয় লোকসকলে বেৰৰ বাবে প্ৰয়োজনীয় খুটা আৰু শ্ৰমিক যোগান ধৰি গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায়। আৰণ্যকৰ অঞ্জন বৰুৱা, জীৱন চেত্ৰী, দিবাকৰ নায়ক, বিজয় কলিতা, ৰূপম গয়াৰী আৰু ৰিপুঞ্জয় নাথক লৈ গঠিত দলটোৰ তত্ত্বাৱধানত সৌৰ বেৰা স্থাপনৰ দুয়োটা পৰ্যায় ৰূপায়ণৰ কৰা হয়।

এই দুটা পৰ্যায়ৰ পাছত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰান্তত স্থাপন কৰা সৌৰ বেৰৰ মুঠ দৈৰ্ঘ্য্য এতিয়া ১৭.০৫ কিলোমিটাৰলৈ বৃদ্ধি পালে। পূৰ্বে ডব্লিউ ডব্লিউ এফে ছখন প্ৰান্তীয় গাঁও ক্ৰমে- শান্তিপুৰ, হাদনপুৰ, গুলচিপাৰা, ৩নং ৰূপনাথপুৰ, বাথাউগুৰি আৰু টাকানপুৰৰ ২৯৮ পৰিয়ালক সামৰি ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন এখন সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছিল।