Home Blog Page 2916

ব্যতিক্ৰমী ৰূপত কণ কণ ছাত্ৰ-ছাত্ৰী

ভয়াবহ কৰ’না ভাইৰাছৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে সমগ্ৰ ৰাজ্য কিম্বা ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমান অব্যাহত আছে অনলাইন শিক্ষা ব্যৱস্থা । ইয়াৰ মাজতেই অফুৰন্ত সময় অতিবাহিত কৰিছে বিদ্যালয় পৰ্যায়ৰ কণ কণ ছাত্র – ছাত্ৰী সকলে । নিজ গৃহতেই বন্দী হৈ কোনোবাই যদি লুডু – কেৰম আদি খেলত ব্যস্ত হৈ পৰিছে আন কোনোবাই আকৌ ছবি আঁকি – টি ভি চাই সময় পাৰ কৰিছে । ইয়াৰ মাজতেই গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ কেইজনমান শিশুৱে বিভিন্ন ধৰণৰ ঘৰৰ নক্সা বনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । উল্লেখনীয় যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা চেইণ্ট ক্লাৰেট স্কুল আৰু চেইণ্ট যোচেফ স্কুলৰ কেইজনমান কণ কণ ছাত্র – ছাত্ৰীয়ে বিদ্যালয় বন্ধ আৰু অনলাইন পাঠদানৰ মাজতেই সাজি উলিয়াইছে ঘৰৰ কেবাটাও আকৰ্ষণীয় নক্সা । আজাৰা চেইণ্ট ক্লাৰেট স্কুলৰ ক্ৰমে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দৃষ্টি শৰ্মা , চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ক্ৰমে কৃশানকু কলিতা আৰু প্ৰিয়াংশু দাস , প্ৰথম শ্ৰেণীৰ ছাত্ৰী ধৃতি শৰ্মা আৰু চেইণ্ট যোচেফ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ অৰ্ণব নাথে বিভিন্ন আৰ্হিৰ ঘৰ সাজি বিদ্যালয় বন্ধৰ সময় পাৰ কৰিছে । আনহাতে বিদ্যালয় বন্ধৰ সময়ত গৃহকৰ্মৰ ভিত্তিত অনুষ্ঠিত এক প্ৰতিযোগিতাত ধৃতি শৰ্মাই প্ৰথম , দৃষ্টি শৰ্মাই দ্বিতীয় , অৰ্ণব নাথে তৃতীয় , কৃশানকু কলিতাই চতুৰ্থ আৰু প্ৰিয়াংশু দাসে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় । কণ কণ ছাত্র – ছাত্ৰী সকলৰ এনে নিপুনতাক সকলোৱে প্ৰশংসা কৰিছে ।

যুৱ – ছাত্ৰ পৰিষদৰ সহযোগত বাঁহগড়া নাট্য মন্দিৰত ক’ভিড – ১৯ প্ৰতিষেধক টিকাকৰণ

নাজিৰা স্বাস্থ্য বিভাগৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত ২০ জুলাইত বাঁহগড় নাট্য মন্দিৰত ক’ভিড – ১৯ৰ প্ৰতিষেধক টিকাকৰণ প্ৰদান কৰা হয়।আজিৰ প্ৰতিষেধকৰ টিকাকৰণ প্ৰদান কৰা শিৱিৰটিত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰাঞ্জল কুমাৰ চহৰীয়া,সত্যজিত মিলি,টুনু কলিতা,বিকাশ গগৈকে আদি কৰি লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, উপ-সভাপতি দাদুল নেওগ,যুটীয়া সম্পাদক শংকুমণি কলিতা,সমাজসেৱা সম্পাদক ভাস্কৰজ্যোতি মহন্ত,নাজিৰা আঞ্চলিকৰ সভাপতি বুবলু দত্ত আৰু সাধাৰণ সম্পাদক দেৱজিত দাসৰ লগতে আন সদস্যসকল উপস্থিত থাকি সহযোগ আগবঢ়ায় । স্থানীয় গাঁওবাসী ৰাইজক ক’ভিড – ১৯ ৰ প্ৰতিষেধকৰ টিকাকৰণ  প্ৰদান কৰাৰ বাবে নাজিৰা স্বাস্থ্য বিভাগকৰ বিষয়ববীয়াসকলক ফুলাম গামোছাতে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে সংগঠনটিৰ বিষয়ববীয়াসকলে।

হৰেকৃষ্ণ মহন্ত আতাই জীৱিত অৱস্থাত লাভ কৰা সন্মান-সম্বৰ্দ্ধনা-বঁটা সমুহৰ বিৱৰণ:–

হৰেকৃষ্ণ মহন্ত আতাই জীৱনত প্ৰথম বাৰৰ বাবে ২০০৬ চনত শ্ৰীমন্ত শংঙ্কৰদেৱ সত্ৰ সমিতি দৰঙৰ পৰা আনুষ্ঠানিক ভাৱে “ভকত শিৰোমণি” উপাধি লাভ কৰে।এয়াই আছিল তেওঁৰ উপাধি বা অভিধা তথা বঁটা লাভৰ যাত্ৰি। ইয়াৰ পিছত তেওঁ একাধিক ভাৱে ২০১১ চনত ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ পৰা লাভ কৰে “বুদ্ধ নেচনেল ফিলশ্বিপ এৱাৰ্ড ২০১১”। ২০১১-১২ চনত ৰাষ্ট্ৰীয় পয্যায়ৰ স্বেচ্ছাসেৱী সংগঠন “ব্ৰাদাৰ্চ”ৰ পৰা লাভ কৰে” গঢ়মূৰীয়া পীতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটা”।অপূৰ্ব সিংহ ন্যাসে ২০১২ চনত প্ৰদান কৰে “অপূৰ্ব প্ৰেৰণা বঁটা”।২০১৩ চনত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমে প্ৰদান কৰে “সত্ৰ ভূষণ” উপাধি।
২০১৭ চনত ব্যতিক্ৰম ৰাচডো অনুষ্ঠানে “ড° ভূপেন হাজৰিকা ব্যাতিক্ৰ সমন্বয় বঁটা ২০১৭ “প্ৰদান কৰি ধন্য হয়। ২০১৭-১৮ চনত সুন্দৰীদিয়া সত্ৰৰ উদ্যোগত “মাধৱদেৱ বঁটা” লাভ কৰিবলৈ সক্ষম হয়।একে বছৰতেই অসম চৰকাৰে উদ্যোগত “গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা” লাভ কৰে।২০২০ বৰ্ষত প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰে “উত্তম পুৰুষ বঁটা ২০২০ “প্ৰদান কৰে।
২০২১ চনত সদৌ অসম কেওঁট জাতীয় পৰিষদৰ পৰা স্বাধীনতা সংগ্ৰামী বীৰঙ্গনা “কনকলতা বৰুৱা স্মাৰক বঁটা”লাভ কৰে এই গৰাকী সংগ্ৰামী পুৰুষে।শেহান্ত তেওঁৰ পৰলোক প্ৰাপ্তিৰ এদিন পূৰ্বত ওদালগুৰি জিলা সাহিত্য সভাই দুই বছৰৰ মুৰে মুৰে সমাজজীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা ,সকলোৰে পূজনীয় আৰু আদৰ্শ স্বৰূপ ব্যক্তিক প্ৰদান কৰি অহা “ওদালগুৰি ৰত্ন ২০২০” সন্মান প্ৰদান কৰি ধন্য অনুভৱ কৰে ।ভকত শিৰোমণি শ্ৰীহৰেকৃষ্ণ মহন্ত আতাই প্ৰায় ৯৮ বছৰ বয়সত নিজৰ আচাৰ-আচৰণ-সহজ সুলভ উদাৰ কৰ্ম-আৰ্হি আদৰ্শেৰে নানাজাতি উপজাতি-জনজাতিৰ লোকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়। এই গৰাকী সত্ৰাধিকাৰ যিয়ে সদা নিষ্কাম ভাৱেৰে গুৰুদুজনাৰ উদাৰ ধৰ্ম-কৰ্ম দৰ্শনৰ সেৱা কৰি নিজকে আজন্মৰ কাৰণে চিৰধন্য কৰি গল।গুৰু চৰিতৰ পাতত ভকত-বৈষ্ণৱৰ মুখত আমি আতা সকলৰ জীৱন বুৰঞ্জী শুনিছিলোঁ কিন্ত আমাৰ জীৱনত এইগৰাকী আতাপুৰুষৰ সান্নিধ্য পাই সেই সকল আতা পুৰুষৰ সান্নিধ্য পৰশ লাভ কৰা যেন সদা অনুভৱ হয়।এই গৰাকী বৰেণ্য সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তদেৱে শংকৰজ্যোতি, ভকতশিৰোমণি,সত্ৰৰত্ন,সত্ৰভূষণ,আতাপুৰুষ,ওদালগুৰি ৰত্ন আদিৰ দৰে অনেক বিভুষনেৰে জীৱন্ততে বিভূষিত হল।অনেক সন্মান আৰু সম্বৰ্দ্ধনাৰে সন্মানিত হল।তেওঁৰ বিশাল জীৱনৰ কৰ্মৰাজী সম্পৰ্কে চমুকৈ কৈ শেষ কৰিব নোৱাৰি।শেষত কওঁ যে –মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰীমন্ত মাধৱদেৱ মহাপুৰুষৰ জীৱনৰ প্ৰতিফলন হৰেকৃষ্ণ মহন্ত আতাৰ কৰ্ম আৰু গুণৰাজিত বিদ্যমান।গুৰুসেৱাৰ মাধ্যমেৰে তেওঁ দেখুৱাই গ’ল যে স্থিতপ্ৰজ্ঞ হ’ব পাৰিলে জীৱনত পৰাজয়ো এদিন পৰাজয় বৰণ কৰে।জীৱনক অফুৰন্ত মাঙ্গল্য পৰাদান কৰি অমৃতময় কৰি তোলে।সত্যৰে অসত্যৰ প্ৰতিকাৰ কৰি চিৰ সুন্দৰতাৰ পৰিচয় দাঙি ধৰিলে এইগৰাকী কেৱলীয়া সত্ৰাধিকাৰ গৰাকীয়ে।ৰজাৰ কৰ্ম নকৰিও জীৱনৰ অন্তিম যাত্ৰাত লাভ কৰিলে ৰাজকীয় সন্মান।সম্ভৱনাৰ প্ৰতিটো সুযোগক সদ্ব্যৱহাৰ কৰি আশীৰ্বাদপুষ্ট কৰিলে জীৱনৰ প্ৰতিটো মুহুৰ্তক।সমাজত উচ্চ-নীচ-ভেদভাৱ- অস্পৃশ্যতা আদি মানৱীয় প্ৰমূল্যবোধ আচৰণৰ বিপৰীতে তেওঁ ওৰেটো জীৱনৰ কৰ্ম-আৰ্হিৰে সমাজত পুনৰ প্ৰতিষ্ঠা কৰি গ’ল সাম্যবাদ, সমানুভূতি সম্পন্ন সমাজ গঢ়াৰ আৰ্হি আদৰ্শ।সকলো জীৱনৰে সমান মূল্য আছে সেয়েহে সমস্ত জীৱনকে সমান সুবিধা প্ৰদান কৰা জন সৱাতোকৈ সুন্দৰ।ৰজা প্ৰজাৰ ভেদ,শাসক-শাসিতৰ ভেদ, ব্ৰাহ্মন-শূদ্ৰৰ,উচ্চ-নীচ আদিৰ ভেদাভেদ সমাপ্ত কৰিব নোঁৱাৰিলে পুৰুষোত্তোম শ্ৰী ৰামৰ দিনৰ ৰাম ৰাজ্য ,প্ৰকৃত সুখৰ,প্ৰকৃত শান্তিৰ এখন নিভাঁজ সমাজ নিৰ্মাণ কদাপিও সম্ভৱ নহয়।এই সকলোবোৰ কথা বহু শিক্ষাৰে শিক্ষিত নহৈও যেন হৰেকৃষ্ণ মহন্ত আতাই অনুভৱ কৰিছিল আৰু সেই অনুপাতে কৰ্ম কৰি গৈছিল।যিবোৰে তেওঁৰ অবৰ্তমানত সূৰ্যৰ পোহৰ দাপোণত প্ৰতিফলন হোৱাৰ দৰে মানৱীয় সমাজ দাপোণত হৰেকৃষ্ণ মহন্ত আতাৰ কৰ্ম-আৰ্হি-আদৰ্শবোৰ প্ৰতিফলিত কৰিব।ষড়ৰিপুৱে জীৱনৰ শেষাৰ্দ্ধত যেন এই গৰাকী মহানপুৰুষৰ পৰা নিজকে আঁতৰাই ৰাখি নিজকে অন্য কৰিলে।শ্ৰদ্ধেয় হেমভাই দেৱে তেখেতৰ ‘ফুৰো হুয়া আমি আনন্দিত’ গ্ৰন্থৰ ‘মাধৱ-বান্ধৱৰ সেৱক সমাজ’অধ্যায়ৰ শেষত উল্লেক কৰিছে যে — “অহংকাৰ শূণ্যতা আৰু সুদৃঢ় ভূমি প্ৰাপ্তি এই দুয়োটা ব্যৱস্থাৰ দ্বাৰাই জাতি-পাতি, বৰ্ণ-আশ্ৰম,ধৰ্ম-ব্ৰত আদি বিভাজনৰ ওপৰ উঠি কেৱল সেৱকৰ এখন সমাজ নিৰ্মাণ কৰি পৃথিৱীলৈকে বৈকুণ্ঠ নমাই অনাৰ এক ডাঙৰ সপোন মহাপুৰুষ মাধৱদেৱে দেখিছিল” এই বাক্যষাৰী পঢ়াৰ পিছত মোৰ অনুভৱ হ’ল যেন মাধৱ মহাপুৰুষৰ সেই সপোনক বাস্তৱত ৰূপদান কৰি দেখুৱালে সদা পৰহিতকাৰী। সদা নমস্য ভকত শিৰোমণি শ্ৰীহৰেকৃষ্ণ মহন্ত আতা।সেৱক ৰূপত গুৰুদুজনাৰ কৰ্-ম আৰ্হিাআদৰ্শ পথেৰে সমস্ত প্ৰাণীৰ সেৱা কৰি কৰি আজি তেওঁ নিজকেই সেৱ্য পুৰুষ ৰূপত সমস্তৰে হৃদয়ত আৰুঢ়হৈ ৰ’ল।

ওৰাং চাৰিআলিত ঈদৰ বজাৰত ক’ভিড প্ৰট’কল ধোঁৱা চাঙত

অতিমাৰী কৰ’ণাক লৈ সমগ্ৰ দেশ চিন্তিত হৈ থকাৰ সময়ত ওদালগুৰি জিলাৰ ওৰাঙ চাৰিআলি আজি দুদিন ধৰি সাপ্তাহিক বজাৰলৈ ৰূপান্তৰিত হোৱাত সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷চৰকাৰৰ কঠোৰ নীতি নিয়ম ভৰিৰে মোহাৰি কি ক্ৰেতা কি বিক্ৰেতা সকলোৱে কভিড প্ৰট’কল ভংগ কৰি ওৰাং মাজবাট পথত ভিৰ কৰিছে ৷ঠেলা হেচা কৰি বজাৰ কৰিছে যদিও সিংহভাগৰে মূখত নাই মাক্স ৷কৰ’ণা যেন কাহানিবাই বিদায় লৈছে ওৰাঙৰ পৰা ৷ওদালগুৰি জিলাৰ সীমান্তত থকা ওৰাং চাৰিআলিৰ গাতে লাগি আছে শোণিতপুৰ জিলা ৷শোণিতপুৰ জিলাত লকডাউন চলি থকা বাবে বিশেষভাবে শোণিতপুৰৰ চিৰাজুলি অঞ্চলৰ লোকে ঈদৰ বজাৰ কৰিবলৈ হেতা ওপৰা লগাইছে ৷ক’ভিড১৯ ৰ প্ৰট’কল ভংগকৰি এনে জনসমাগম সৃষ্টি হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে  কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷

মূল্য বৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীৰ প্ৰতি কঠোৰ সকিয়নী জিলা উপায়ুক্তৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ক’ৰনাৰ উদ্বেকজনক গণ সংক্ৰমণৰ মাজতে হ’ম ডেলিভাৰী কৰি অহা একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। ফলস্বৰুপে জামুগুৰিহাটত মূল্য বৃদ্ধি ঘটোৱা এই সকল অসাধু ব্যৱসায়ক কঠোৰ ভাবে সকিয়নী প্ৰদান কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে। ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ জামুগুৰিহাটত উপস্থিত হোৱা জিলা উপায়ুক্ত গৰাকীয়ে জটিল তথা সংকটপূৰ্ণ সময়ত মূল্য বৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব দিয়ে। ইয়াৰ উপৰিও জামুগুৰিহাটত অধিক ক’ৰণা সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা পানপুৰ হকমাত উপস্থিত হৈ জিলা উপায়ুক্ত গৰাকীয়ে নিজে পৰিদৰ্শন কৰি ক’ভিড বিধি উলংগা কৰা সকলৰ ওপৰত কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে স্থানীয় প্ৰশাসন,গাঁওবুড়াকে ধৰি গাঁওৰক্ষী বাহিনীসকলকো। ইয়াৰ উপৰিও জামুগুৰিহাটত যি সকল লোকে হ’ম ডেলিভাৰি কৰি অহাৰ মাজতে দোকান খোলা আৰু মূল্য বৃদ্ধি প্ৰসংগত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যতকে অধিক ললে আৰু যি সকল হ’ম ডেলিভাৰী কৰাৰ লগতে দোকান খোলিছে সেইসকলৰ দোকান ছীল কৰা হব আৰু হ’ম ডেলিভাৰী কৰিবলৈ দিয়া অনুমতি পত্ৰও বাতিল কৰা হব বুলি কয়।

জামুগুৰিহাটত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ পদসঞ্চালন

ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৰ্তমান অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ গণ সংক্ৰমণ।শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্তমান আক্ৰান্তৰ হাৰ সৰ্বাধিক হোৱা জামুগুৰিহাটৰ গ্ৰামাঞ্চললৈকে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত এতিয়া জামুগুৰি আৰক্ষীয়ে লগত অৰ্ধসামৰিক বাহিনী আৰু জিলাপৰ্যায়ৰ বিষয়াক লগত লৈ একাংশ অসচেতন লোকক সচেতন কৰিবৰ বাবেই গাঁৱে গাঁৱে পদসঞ্চালন কৰাৰ লগতে দিব লগা হৈছে আৰক্ষীয়ে তহল৷ক’ভিড প্ৰট’কল ভংগ কৰা বাটে ঘাটে মটৰ চাইকেল লৈ ঘুৰা ফুৰা একাংশ লোকক জৰিমণা বিহাৰ লগতে বেত্ৰাঘাটো কৰিব লগীয়া হৈছে আৰক্ষীয়ে৷ইয়াৰোপৰি বজাৰ সমাৰ বন্ধ থকাৰ পিছতো ক’ভিড প্ৰট’কল ভংগ কৰি একাংশ বেপাৰীয়ে শাক পাচলি,মাংস আদি গাঁৱৰ তিনিআলি চাৰিআলিত বিক্ৰী কৰি থকা লোকসকলকো ঘুৰাই পঠাবলগীয়া হৈছে আৰক্ষীয়ে৷অঞ্চলটোত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবেই জিলা প্ৰশাসণে আনকি মাইক লৈ ৰাইজক সজাগ আৰু সচেতন কৰাৰ লগতে সন্ধিয়াৰ ভাগত একাংশই নীতি নিয়ম ভংগ কৰি সান্ধ্যভ্ৰমণ কৰি সময় অতিবাহিত কৰা মহিলা পুৰুষ সকলকো আৰক্ষীয়ে সতৰ্ক কৰি  দিয়া পৰিলক্ষিত হৈছে৷উল্লেখ্য যে জামুগুৰিহাটত বৰ্তমানলৈকে ১৬ শৰো অধিক লোক ক’ৰনাত আক্ৰান্ত হোৱাৰ লগতে ১৬ জনকৈ লোক মৃত্যুমুখত পৰাৰ উপৰিও ১৫০ গৰাকীৰো অধিক আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷জোন বৰা,জামুগুৰিহাট।

প্ৰাকৃতিক ৰঙেৰে ভাওনা দৃশ্য ‘নৃসিংহ যাত্ৰা’ অংকন

অসমীয়া জাতি যি চিত্ৰকলা, সংস্কৃতি তথা গুৰু দুজনাৰ যি মহত্ত্ব অৱদান ‘ভাওনা’ক বিশ্বমুখী কৰাৰ উদ্দেশ্যে আগত ৰাখি প্ৰাকৃতিক ৰঙেৰে সৰ্বাধিক দৃশ্য অংকিত কৰিলে শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে। মুঠ ৭৩ টা ছবিৰে “নৃসিংহ যাত্ৰা ” ভাওনাখন সকলো ব‍্যক্তিয়ে বুজিব পৰাকৈ প্ৰতিফলিত হৈ আছে চিত্ৰ সমূহত। ” নৃসিংহ যাত্ৰা ” ভাওনা  অসমীয়া ভাষাৰ প্ৰথম খন ভাওনা । যিখন ভাওনা Manuscript ৰ যোগেদি উলিওৱা হৈছে। সম্পূৰ্ণ Manuscript আৰ্হি ব্যৱহাৰ কৰি ভাওনা খনৰ প্ৰতিটো দৃশ্য অংকন কৰা হৈছে। গায়ন-বায়নৰ প্ৰৱেশৰ পৰা , সূত্ৰধাৰৰ প্ৰৱেশৰ পৰা ভাওনাৰ শেষ মূহুৰ্তলৈকে অংকন কৰা হৈছে।  শিৱসাগৰ নগৰৰ সমীপৰ শুকানপুখুৰী অঞ্চলৰ নিৱাসী ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা তথা শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰী  নিমিশা কাকতিয়ে অংকন কৰা ৭৩ টা দৃশ্যত বিভক্ত কৰা হৈছে। ” নৃসিংহ যাত্ৰা  ” ভাওনা খনৰ ৩১ টা চৰিত্ৰত ভগৱান বিষ্ণুৰ বৰাহ আৰু নৃসিংহ অৱতাৰ উল্লেখ কৰা হৈছে। চিত্ৰ সমূহত কোনো ধৰণৰ কৃত্ৰিম ৰং নাই। সকলো ৰঙেই প্ৰাকৃতিক। যোৱা ২১ মে ‘ ৰ পৰা ৩০ মে’ ৰ ভিতৰত সম্পূৰ্ণ ১০ দিনৰ ভিতৰত ভাওনা ভাগি চিত্ৰৰ যোগেদি অংকন কৰি উলিয়াইছে।যাৰ বাবে এনেকুৱা এটা শৈলী যি সকলো প্ৰকাৰৰ , সকলো ধৰণৰ মানুহে সেই চিত্ৰসমুহ চাই অসমীয়া ভাওনা সম্পকে কিছু আভাস বুজিব পৰা এটা পাৰদৰ্শিতা আছে ৷ অসমীয়া জাতি ভক্তি প্ৰাণৰ গুৰু দুজনাই ৰচিত মহাপুৰুষীয়া ভাঁওনা “নৃসিংহ যাত্রা” ক প্ৰাকৃতিক ৰঙেৰে অংকন কৰি India Book of Records ত স্হান লাভ কৰি পিতৃ ধ্ৰুৱ কাকতি কন্যা নিমিশা কাকতিয়ে নিজ জন্মস্থান শুকানপুখুৰীৰ লগতে শিৱসাগৰ তথা অসমৰ নাম উজলাই আমাকো গৌৰাম্বিত কৰিছে। নিমিশা কাকতিৰ এই সফলতা অৰ্জনক লৈ শিৱসাগৰ জিলাৰ লগতে শুকান পুখুৰী বাসী ৰাইজ  আনন্দৰত উৎফুল্লিত হৈ পৰিছে।

ৰৌতা আৰক্ষী থানাত নতুন আৰক্ষী বিষয়াৰ দায়িত্ব গ্ৰহণ

অসম চৰকাৰৰ এক নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এলেকাসহ ওদালগুৰি  সদৰ  আৰক্ষী থানাৰ  আৰক্ষী বিষয়া মলয়  কুমাৰ  আচাৰ্যই   ৰৌতা  আৰক্ষী থানালৈ  বদলি হৈ আহে  । সেয়েহে ৰৌতা আৰক্ষী  থানাৰ  নতুন   ভাৰপ্ৰাপ্ত  আৰক্ষী  বিষয়া হিচাপে  কালি ১৯  জুলাইৰ  দিনা  থানাৰ  দায়িত্বভাৰ গ্ৰহণ কৰে । গতিকে  বৃহত্তৰ  ৰৌতা  অঞ্চলটোৰ  বিভিন্ন  জনগোষ্ঠীৰ  জনসধাৰণে  নতুনকৈ  আহি  কাৰ্যত  যোগদান কৰা  নতুন আৰক্ষী বিষয়াগৰাকীক সম্ভায়ণ  জনাইছে  । তদুপৰি এই  নতুন  আৰক্ষী  বিষয়া গৰাকীৰ  নেতৃত্বত বৃহত্তৰ ৰৌতা অঞ্চলটো দুৰ্নীতি  মুক্ত হোৱাৰ   লগতে  ড্ৰাগছ  মুক্ত  আৰু  ক’ভিড  মহামাৰীৰ প্ৰতি  লক্ষ্য  ৰাখিব বুলি  ৰাইজে  আশা প্ৰকাশ কৰিছে  ।  আনহাতে  এই  ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাই ওদালগুৰি  জিলা  আৰক্ষী  অধীক্ষক  কাৰ্যালয়লৈকে  আজি  বদলি  হৈ  যায়  বুলি   জানিব পৰা গৈছে  । 

নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰৰ যুবক সকলৰ পানীত হাঁহ নচৰা অৱস্থা

নাই  মোমাইতকৈ কণা মোমাই সাৰ,  এই আপ্তবাক্য  শাৰী প্ৰযোজ্য হৈছিল বিগত বছৰৰ মহামাৰী কৰ’নাৰ সময়ত । কিয়নো ৰাজ্য চৰকাৰে মহামাৰী কৰ’নাৰ লকডাউনৰ সময় চোৱাত  প্ৰায় সংখ্যক লোকৰ একাউণ্টত ৫০০ শ টকা দিয়াৰ উপৰিও বিনামূলীয়া চাউল আৰু চৰকাৰী কৰ্মচাৰী সকলৰ পৰাও কিছু সাহাৰ্য্য আগবঢ়োৱা হৈছিল । কিন্তু এইবেলি  বিগত বছৰৰ তুলনাত বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ মাজত খাদ্য সংকটে দেখা দিছে । বিশেষকৈ নৈশ বাছৰ টিকট কাউন্টাৰত থকা যুৱক,যুৱতী সকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে ৰৌতা, ধনশ্ৰীঘাট আৰু ওৰাঙত কেইবাটাও নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰ আছে । কাউন্টাৰত টিকট বিক্ৰী নামত নিয়োজিত হৈ থকা বহু যুবক যুৱতীয়ে ইযাৰ পৰা কিছু অংশ লাভ কৰি পৰিয়ালক  পোহ পাল দি অহাৰ লগতে নিতৌ ব্যৱহাৰ্য্য সামগ্ৰী কিনি কোনো মতে যোৰা তাপলি মাৰি চলিছে যদিও এতিয়া দীৰ্ঘ দিন ধৰি নৈশ বাছ বন্ধ হৈ পৰাত তেওঁলোকৰ  অৱস্থা  পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে ।তেওঁলোকৰ পৰিয়াললৈ নামি আহিছে  ঘোৰ অন্ধকাৰ ।ৰুদ্ধ হৈ পৰিছে যুবক, যুবতী সকলৰ জীৱন আৰু জীৱিকাৰ গতি পথ । কেবল নৈশ  বাছ সেৱাৰ টিকট বিক্ৰী কৰা যুৱক যুৱতী সকলৰে তথৈবচ অৱস্থা নহয ।অনুৰূপ ধৰনেৰে চেলুন, দৰ্জী, ধোৱা, মচি,  প্ৰেছ,  ক্ষুদ্ৰ ক্ষুদ্ৰ  ব্যৱসায়ী প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা যুবক যুবতী সকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে। গতিকে এইসকল ব্যৱসায়ত জড়িত হৈ থকা যুৱক যুৱতী সকলে আৰ্থিক সাহাৰ্য্যৰ বাবে    চৰকাৰৰ মুখলৈ বাদ চাই আছে ।

ক’ভিড যুঁজত মাজবাটৰ আদৰ্শ মুলক বাহিপুখুৰী চাহ বাগিছা

ওদালগুৰি জিলাৰ ভিতৰতেই মাজবাটৰ নিলগৰ ধনশ্ৰী টি কোম্পানীৰ উল্লেখযোগ্য আৰু  প্ৰশংসনীয়  চাহ বাগিচা হৈছে বাহিপুখুৰী চাহ বাগিচা । বৰ্দ্ধিত মহামাৰী ক’ভিড কালত অসমৰ বহু চাহ বাগিচাৰ  শ্ৰমিকে ক’ৰোণা সংক্ৰান্তত প্ৰচাৰ হৈ থকা কিছুমান উৰা বাতৰিত ভুল গৈ ক’ভিড ১৯ পৰীক্ষাৰ পৰা পলাই ফুৰা ভেকচিন নোলোৱা , পৰীক্ষা নকৰা ,স্বাস্থ্য কৰ্মীক বেয়া ব্যৱহাৰ কৰা দেখা গৈছিল । মাজবাট অঞ্চলত এখন চাহ বাগিচাত কৰোণা টেষ্ট কৰাৰ কথা বুজাবলৈ যাওঁতে স্বাস্থ্য কৰ্মীৰ লগতে আটছা কৰ্মী সকলো অপদস্ত হব লগা হৈছিল । ভয় ,ভাবুকি নীৰৱে সহ্য কৰিব লগীয়া দৰে ঘটনাও সংগঠিত হৈ থকাটো এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ কিন্তু এইবোৰ ঘটনাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা পোৱা গৈছে মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাখনত । চাহ বাগিছা খনৰ চিকিৎসক ,স্বাস্থ্য কৰ্মী ,আশা কৰ্মী , পৰিচালক ও চাহ শ্ৰমিক সকলৰ  প্ৰত্যক্ষ সহযোগত এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰি কৰি মাৰাত্মক বৰ্দ্ধিত মহামাৰীৰ বিৰুদ্ধে চৰকাৰে জনোৱা আহ্বান মৰ্মে সমূহীয়া ভাবে যুজঁ দিয়াৰ ফলত বাগিছা খন কৰোণা মুক্ত বাগান হিচাপে চিহ্নিত হোৱাৰ পথত ধাৱমান হৈছে । এই বাহিপুখুৰী চাহ বাগিছা খনৰ  মুঠ জনসংখ্যা হৈছে ৪৫০৪ গৰাকী আৰু ইয়াৰে ৩৫১৬ গৰাকী হৈছে বাগিচাখনৰ চাৰিসীমাৰ অন্তৰ্গত বাসিন্দা । ৮২২ টা পৰিয়াল থকা বাগিচাখনত প্ৰথম অৱস্থাত শতাধিক কৰোণা পজিটিভ চিনাক্ত হোৱাত এক হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছিল । শ্ৰমিক সকলেও কৰোণা টেষ্ট কৰোৱাত শংকিত,আতংকিত  হোৱা পৰিলক্ষিত হৈছিল । টেষ্ট কৰিবলৈ অমান্তি হৈছিল । পজিটিভ লোক সকল বাগিচাৰ বাহিৰৰ কো’ভিড কেয়াৰ চেণ্টাৰত যাবলৈ অমান্তি পর্যন্ত হৈছিল । স্বাস্থ্য কৰ্মী ,প্রশাসন , বিজেপি দলৰ কাৰ্য্যকর্তা , বিভিন্ন দল সংগঠনে চলোৱা প্ৰচেষ্টাৰ ফলত এই ধৰণৰ অশান্তময় পৰিবেশৰ পৰা ক্ৰমান্বয়ে এক সুস্থিৰ অৱস্থালৈ ঘূৰাই অনা হৈছিল । আতংকিত হৈ পৰা চাহ শ্ৰমিক সকলক বুজোৱা , ক’ভিড চেণ্টাৰৰ ব্যৱস্থা কৰি বাগিচাখনতেই ৰাখি চিকিৎসা সেৱা আগবঢ়াই খোৱা বোৱাৰ পৰা  আবশ্যক অনুসৰি বিছনা পত্ৰ আদিবোৰৰ  ব্যৱস্থা কৰি দিয়াটো ইমান সহজো নাছিল ৷ যদিও বাগিচাখনৰ শ্ৰমিক সকলৰ পাৰস্পৰিক আৰু উমৈহতীয়া  সক্ৰিয়  সহযোগিতাৰ ফলত অৱশেষত  সকলো কামেই  সহজ ভাবে পৰি চালিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছিল । চাহ বাগিচাখনত ইতিমধ্যে এতিয়ালৈ ১৯১১ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছে  তাৰে কৰোণা ১২৪ গৰাকীৰ দেহত কৰোণা ধৰা পৰিছিল । ইয়াৰে ১২১ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে আৰু ৩ গৰাকী এতিয়ালৈ চিকিৎসাধীন হৈ আছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতৰ সহযোগত বাগিচাখনৰ  একটিং পৰিচালক তিলক চন্দ্ৰ ডেকা, জ্যেষ্ঠ সহঃ পৰিচালক  মোহন শইকীয়া, চিকিৎসক কে পি মিশ্ৰ ,স্বাস্থ্য সহায়ক ,চিবেশ গোৱালা,এ এন এম নিতা দেৱী ,ফাৰ্মাচিষ্ট কে চি ব্ৰহ্ম ,এ এন এম ক্ৰমে  নিৰুপমা চহৰীয়া , মহিমা কুৰ্মী , পিপলিং বড়ো ,আৰু আশা পৰ্যবেক্ষক ববী টিগ্গা  আশা কর্মী ক্ৰমে – আছিচণ তিৰ্কী, দেবয়ন্তী ৰজক, যশোদা লাকড়া , মমি গৌড় , সন্ধ্যা তাঁতি প্ৰমুখ্যে কৰ্মী সকলে অক্লান্ত পৰিশ্ৰম কৰি বাগিছা খনৰ এক সুস্থিৰ  আৰু উন্নত পৰিবেশ উভতাই আনে ।মাজে সময়ে এই বাগিছাখন ওৰাঙৰ স্বাস্থ্য কৰ্মী  ৰঞ্জিত থাপা,অনিল কলিতা, আবু বক্কৰ চিদ্দিক,সঞ্জীৱ তালুকদাৰ,উদয় শংকৰ শৰ্মাআদিয়ে শ্ৰমিক সকলক ক’ভিড টেষ্ট কৰি আহিছে ৷ক’ভিড ১৯ ৰ বিৰুদ্ধে দিনে নিশাই একাকাৰ কৰি যুজঁ দিয়া  কভিড যোদ্ধা শিৱেচ গোৱালাক স্বাস্থ্য ভিভাগৰ তৰফৰ পৰা যোৱা  ১১জুলাইত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত আয়োজিত জিলা উপায়ুক্ত উপস্থিত থকা এখন সভাত সম্বৰ্ধনাও জনোৱা হৈছে । বাগিছা খনৰ স্বাস্থ্য কৰ্মী সকলৰ এটাই আশা কৰিছে যে কৰোণা মুক্ত  চাহ বাগিছা  লাগে । কভিড হট স্পট হিচাপে চিহ্নিত হোবা চাহ বাগিছাখন স্বাস্থ্য বিভাগ আৰু চাহ বাগিছাৰ কভিড ভেকচিন গ্ৰহন, সুচিকিৎসা,সুব্যবস্থাপনা আৰু  সুদক্ষ পৰিচালনা আদিৰ বাবে দিনক দিনে কভিড সংক্ৰমন ক্ৰমান্বয়ে উন্নতি  দিশত  হ্ৰাস পাবলৈ ধৰিছে ৷এইখন চাহ বাগিছাই কভিডৰ ক্ষেত্ৰত গ্ৰহন কৰা  প্ৰশংসনীয় কাৰ্য্যক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই শলাগ লৈ আন্তৰিক ধন্যবাদ জনাইছে ৷