Home Blog Page 2967

নতুন উদ্যমেৰে পৰিচালনা কৰাৰ সংকল্প উৎপল–মণিকাৰ

ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৭৫গৰাকী অশীতিপৰ আইতাৰ আশ্রয়স্থল হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসত যোৱা কিছুদিন ধৰি চলি থকা বিতর্কক লৈ আইতাসকলৰ অধিকাংশই তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ মাদাৰ বৃদ্ধাৱাসৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকা শর্মাৰ মাজত চলি থকা শীতল যুদ্ধক লৈ আইতাসকলে তীব্র অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে প্রতিগৰাকী আইতাই তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷ স্বেচ্ছাসেৱী সংগঠন মনালিছা ছ’চাইটীৰ বেনাৰত ২০১২ চনৰ ২১ জুলাইত আত্মপ্রকাশ কৰা মাদাৰ বৃদ্ধাৱাস বিগত সময়ছোৱাত সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত চলি আছিল যদিও দুয়োজনৰ মাজত শেহতীয়াকৈ দেখা দিয়া মনোমালিন্যৰ বাবে প্রতিষ্ঠানটোৰ আৱাসীসকলৰ মাজত তীব্র অসন্তুষ্টি বিৰাজ কৰিছে৷

হৃদয়ৱান ৰাইজৰ সহায়–সহযোগত বিশেষ মাত্রা লাভ কৰা প্রতিষ্ঠানটোৰ স্থায়ীগৃহৰ নির্মাণকার্য চলি থকাৰ মাজতে সভাপতি–সম্পাদকৰ সংঘাত তুংগত উঠাত সচেতন মহলতো মাদাৰ বৃদ্ধাৱাসক লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷ মাদাৰ বৃদ্ধাৱাসৰ সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ মাজত চলি থকা বিতর্ক সন্দর্ভত একাংশ সংবাদ মাধ্যমত বাতৰি প্রচাৰ হোৱাৰ পাছতে আজি ৫গৰাকী আইতা মাদাৰ বৃদ্ধাৱাসৰ পৰা সভাপতি উৎপলৰ লগত ওলাই আহে৷ আইতাকেইগৰাকীয়ে ছার্ভেৰ অজন্তা পথৰ এঘৰত কিছুসময় থকাৰ পাছত ‘নিউজ লাইভ’ৰ সাংবাদিকৰ তৎপৰতাত পুনৰ আইতাকেইগৰাকী বৃদ্ধাৱাসলৈ উভতি যায় বুলি জানিব পৰা গৈছে৷ মাদাৰ বৃদ্ধাৱাসক লৈ চলি থকা সকলো বিতর্কৰ অৱসান ঘটাই সভাপতি উৎপল আৰু সম্পাদক মণিকাই পুনৰ নতুন উদ্যমেৰে বৃদ্ধাৱাসখন পৰিচালনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷

ৰাজ্যিক বিজেপিলৈ সতৰ্কবাণী তৃণমূল কৰ্মীৰ : প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিজেপি গমনৰ কুচ-কাৱাজত অসন্তুষ্ট মাজুলীবাসী

 কেন্দ্ৰীয় নেতৃত্বৰ বঞ্চনাৰ বেদনা মাৰ নৌ যাওঁতেই পুনৰ মাজুলীবাসীৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিছে ৷ মাজুলীবাসীৰ অতিকৈ মৰমৰ তথা হিয়াৰ আমঠু সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণৰ পূৰ্বেই তৃণমূল কৰ্মীৰ আবেগ অনুভূতিত মোক্ষম আঘাত হানিবলৈ কৰা ৰাজ্যিক বিজেপিৰ কুচ-কাৱাজক লৈ মাজুলীৰ সৰ্বসাধাৰণ ৰাইজ তথা বিজেপি কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে ৷ বহু জল্পনা-কল্পনাৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীত্ব গ্ৰহণ প্ৰায় নিশ্চিত হৈছে ৷ ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পিছতে আগন্তুক দিনত লখিমপুৰত ৰাজীৱ লোচন পেগুৱে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হোৱা বাতৰিয়ে বিক্ষুব্ধ কৰি তুলিছে মাজুলী বিজেপিৰ তৃণমূল কৰ্মীৰ লগতে মাজুলীবাসীক ৷ ক্ৰমাৎ মধ্যকালিন নিৰ্বাচনৰ দিশে গতি কৰা মাজুলীত প্ৰাক্‌ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ নৌ হওঁতেই একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেজত ধৰি বিজেপিৰ পৰা বিধায়ক হৈ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ সপোন ৰচিছে মাজুলীবাসীৰ প্ৰত্যাখিত নেতাজনে ৷ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপত প্ৰথমবাৰ মাজুলী ভ্ৰমনতে  মাজুলী বাসীৰ প্ৰত্যাখিত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক সাক্ষ্যাৎ দিয়া কাৰ্যক সহজ ভাৱে লোৱা নাই মাজুলীবাসীয়ে ৷ বিগত সময়ত গণ বিচ্ছিন্ন  প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে গোপনে ৰাজ্যিক বিজেপি নেতৃত্বৰ লগত কৰা মিতিৰালিৰ বাতৰিয়ে যেন জ্বলা জুইত ঘিউহে ঢালিছে ৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পাছতে মাজুলীত উপ-নিৰ্বাচনৰ প্ৰসংগ আহি পৰিব ৷ তেনে স্থলত মাজুলীক নেতৃত্ব দিব পৰা নেতা মাজুলী বিজেপি দলত থকা স্বত্বেও মাজুলী বিজেপিৰ লগত কোনো ধৰণৰ সম্পৰ্ক বা আলোচনা নকৰাকৈয়ে ৰাজ্যিক স্তৰৰ এচাম স্বাৰ্থান্বেষী নেতাই কিনা গোলামৰ দৰে মাজুলীবাসীক গিনিপিগ সজাইছে বুলিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গৰিষ্ঠ সংখ্যক মাজুলীবাসীয়ে ৷ আনহাতে দলৰ দুৰ্দিনৰ সময়ত দলীয় সেৱা আগবঢ়োৱা অনেক কেইজন যোগ্য নেতা থকা স্বত্বেও মাজুলীবাসীৰ আবেগ-অনুভূতি আৰু আত্মসন্মানক লৈ খেলা কৰাৰ স্পৰ্ধা ৰাজ্যিক নেতাই কৰিছে বুলি মাজুলীৰ গৰিষ্ঠ সংখ্যক বিজেপিয়ে মত প্ৰকাশ কৰিছে ৷স্মৰ্তব্য যে বিগত সময়ত তৃণমূল সংগঠনৰ সৈতে জড়িত হৈ বহু কেইজন মাজুলীৰ বিজেপি কৰ্মীয়ে দলৰ দুৰ্দিনৰ পৰা সংগঠন কৰি দলক জয়ী কৰাৰ লগতে স্বাধীনতাৰ পশ্চাৎ পোন প্ৰথমবাৰৰ বাবে মাজুলীৰ পৰা এজন মুখ্যমন্ত্ৰী দিবলৈ সামৰ্থবান হৈছিল৷ মাজুলীৰ সৰ্বত্ৰ উঠিছিল উন্নয়নৰ জোঁৱাৰ ৷ আনহাতে বিগত ২০০১ ৰ পৰা ২০১৫ লৈ কংগ্ৰেছৰ শাসন কালত মাজুলীবাসীৰ উন্নয়নক পিঠি দি সাংগো-পাংগো সহ কেৱল লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক মাজুলীবাসীৰ অজ্ঞাতে বিজেপিত যোগদানৰ আখৰা কৰা আৰু বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ সম্ভাৱনীয়তাই মাজুলী বিজেপিৰ বেলি অস্তমিত হোৱাৰ দিশে গতি কৰিছে বুলিও সচেতন মহলে মন্তব্য কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যিকৰ এচাম নেতাই সাংসদ প্ৰদান বৰুৱাক লৈ মাজুলীত অংক কৰা বুলি গুজব উঠিছে ৷ প্ৰচুৰ অভিজ্ঞতা সম্পন্ন আৰু মাজুলীৰ মানুহৰ সৈতে অতিকে আপোনত্ব গঢ়িবলৈ সক্ষম হোৱা সাংসদ গৰাকীয়েও মূৰকত মাজুলীৰ পৰা প্ৰতিত্বন্দিতা কৰিব পাৰে বুলিও এক সমৰ্থিত সূত্ৰত প্ৰকাশ পাইছে ৷ সি যি কি নহওঁক মাজুলী বিজেপি তথা মাজুলীবাসীৰ গৰিষ্ঠ সংখ্যকে অন্য দলৰ বা মাজুলীৰ বাহিৰৰ ব্যক্তিক প্ৰাৰ্থীত্ব দি মাজুলীবাসীক গিনিপিগ সজোৱাৰ পৰা বিৰত থাকিবলৈ চৰম সকিয়নী দিছে ৷ ইয়াৰ অন্যথা মাজুলীত বিজেপি শূন্য কৰাৰ লগতে ক্ষোভৰ অগনি দাবানললৈ পৰিণত কৰিবলৈ তৃণমূল কৰ্মী প্ৰস্তুত হৈ আছে বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ মুঠৰ ওপৰত ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনত মাজুলীবাসীয়ে ৰাৱনতকৈ ৰামক সহায় কৰি বিভিষণ হ’বলৈয়ো প্ৰস্তুত বুলি চৰ্চা চলিছে ৷মাজুলীত উপ-নিৰ্বাচনৰ সম্ভাৱনা নাকচ সাংসদ প্ৰদান বৰুৱাৰ যোৱা পাঁচটা বছৰ মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰি নিজৰ দক্ষতাৰ জৰিয়তে উন্নয়নৰ চমক দেখুৱাই মাজুলীবাসীৰ অন্তৰত ঠাই পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সৰ্বানন্দ সোণোৱালক কোনো কাৰণতেই সমষ্টি এৰি যোৱাটো কামনা কৰা নাই ৷ ৰাজনীতিৰ মেৰপাকত দ্বিতীয়বাৰৰ বাবে মাজুলীক প্ৰতিনিধিত্ব কৰি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত সৰ্বানন্দ সোণোৱাল অধিষ্ঠিত নহ’ল যদিও এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব গ্ৰহণ কৰিব বুলি ওলোৱা খবৰত বিমোৰত মাজুলীবাসী ৷ কালি মাজুলীলৈ অহা সাংসদ প্ৰদান বৰুৱাক এই সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত মাজুলী সমষ্টিত উপ-নিৰ্বাচনৰ কথা অহা নাই বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালেই সন্মানীয় সমষ্টিত সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে ৷ তেখেতে অসমৰ তিনিটা সমষ্টিত হে উপ-নিৰ্বাচন হ’ব বুলি কয় ৷ 

ৰেলযাত্ৰীলৈ সুবিধা,গুৱাহাটী জম্মু তবীলৈ চলিব দুখন সাপ্তাহিক ৰেল

উত্তৰ পূব সীমান্ত ৰেলৱেই চলিত জুন আৰু জুলাই মাহৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত  গুৱাহাটী আৰু জম্মু তবীৰ মাজত দুখন সাপ্তাহিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে অহা ৩০ জুনৰ পৰা ০৫৬৫৩ গুৱাহাটী – জম্মু তবী সাপ্তাহিক ( অমৰনাথ এক্সপ্ৰেছ ) বিশেষ ৰেলখনে গুৱাহাটীৰ পৰা প্ৰত্যেক বুধবাৰে দিনৰ ১:৩০ বজাত যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা এক বজাত গৈ জম্মু তবীত উপস্থিত হ’ব । আনহাতে অহা ২ জুলাইৰ পৰা  ০৫৬৫৪ জম্মু তবী – গুৱাহাটী সাপ্তাহিক বিশেষ ৰেলখনে জম্মু তবীৰ পৰা প্ৰত্যেক শুক্ৰবাৰে নিশা ১০:৪৫ উভতনি যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা নিশা১১:৪৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব । তদুপৰি অহা ১২ জুলাইৰ পৰা ০৫৬৫১ গুৱাহাটী – জম্মু তবী সাপ্তাহিক ( লোহিত এক্সপ্ৰেছ ) ৰেলখনে গুৱাহাটীৰ পৰা প্ৰত্যেক সোমবাৰে দিনৰ ১:১০ বজাত যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা দিনৰ এক বজাত গৈ জম্মু তবীত উপস্থিত হ’ব । আনহাতে অহা ১৪ জুলাইৰ পৰা ০৫৬৫২ জম্মু তবী – গুৱাহাটী সাপ্তাহিক বিশেষ ৰেলখনে জম্মু তবীৰ পৰা প্ৰত্যেক বুধবাৰে নিশা১০:৪৫ বজাত উভতনি যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা নিশা ১১:৪৫ বজাত আহি গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত হ’ব । এই ৰেল কেইখনত যাত্ৰীৰ বাবে এ চি ২ টায়াৰ , এ চি ৩ টায়াৰ , শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ সুবিধা থাকিব । ৰেল কেইখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰেলৰ ৱেবছাইটত উপলব্ধ থাকিব । আনহাতে ৰেলযাত্ৰী সকলে নিজ নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট ৰাজ্যখনত বাহাল থকা স্বাস্থ্যজনিত প্ৰট’কল মানি চলিব লাগিব ।

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ !প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ!

অনাগত ৫ দিনত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা,

সেমেকা বতৰৰ লগতে হ’ব বিজুলী ঢেৰেকনি,

অসম আৰু মেঘালয়ত বজ্ৰপাত হোৱাৰ সম্ভাৱনা,

এই ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ

২ টা পিষ্টলসহ যুৱকক আটক বোকাজানৰ খটখটী আৰক্ষীৰ

বোকাজানৰ খটখটী আৰক্ষীৰ জালত দুটা পিষ্টল সহ যুৱক । বোকাজানৰ SDPO জন দাস , বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে পিষ্টল দুটা ।

বোকাজান আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত এজন যুৱকক তালাচী চলাওঁতে আৰক্ষীৰ জালত পৰে ধৃত চাহিল খানক।

ধৃত চাহিল খানৰ পৰা এটা .২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ সৈতে ৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তথ্য দাঙি ধৰিব বুলি জানিবলৈ দিয়ে ।

সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷

মৰিগাঁৱৰ ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷ জানিব পৰা মতে কালি সন্ধিয়া ৬ মান বজাত ৭ জন বন্ধুৰ সৈতে মৰিগাঁও নগৰৰ পৰা ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈছিল নিলম নাথ। কিন্তু গা ধুৱা অৱস্থাতে ৰহস্য জনক ভাৱে সন্ধানহীন হৈ পৰে নিলম নাথ ৷ প্ৰকৃততে নৈত মৃত্যুক আকোৱা্লি ললে নে লগৰ বন্ধুৱে হত্যা কৰিছে সেয়া বৰ্তমান পোহৰলৈ অহা নাই ৷নিলম নাথ পেছাত এজন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আৰু পিতৃ এজন কনিষ্টবল।নিলমৰ ঘৰ চৰাইবাহী।ইতিমধ্যে বন্ধু ৬ জনক আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ লগতে ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ জোৱান উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।SDRF বাহিনীয়ে নৈত মৃতদেহটো উদ্ধাৰ বাবে নামিছে।১ঘন্টাযোৱা SDRF বিচাৰি ফুৰাত অৱশেষত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মৰোওনৰ পৰীক্ষা কাৰণে মৰিগাঁও অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

মাডাৰ্ছ অ’ল্ড এজ হােমত সৃষ্টি হােৱা বেমেজালিৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বৃদ্ধাৱাসখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক মনােমালিন্যৰ বাবে তাত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হােৱা অসুবিধাৰ বিষয়টো বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্রচাৰিত হৈছে।

ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দায়বদ্ধ। সেয়েহে এই স্পর্শকাতৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক নির্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘মাডাৰ্ছ অল্ড এজ হােম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবেও সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগক নিৰ্দেশ প্রদান কৰিছে।

পশ্চিম নলবাৰীৰ এটি ছয় বছৰীয়া শিশুৰ কৰুণগাঁথা,বেলশৰত অনাথ শিশুৰ দায়িত্ব ললে আছুৱে

২৪জুন  এটি অনাথ শিশুৰ কৰুণ গাঁথাই ম্ৰিয়মান কৰিতুলিছে  পশ্চিম নলবাৰীৰ সৰ্বস্তৰৰ লোকক। প্ৰতি গৰাকী হৃদয়মান লোকৰে  অন্তৰ চুই গৈছে  শিশুটিৰ কৰুণ  ঘটনাই।     প্ৰাক শৈশৱ কালতে মাক দেউতাকক হেৰুৱা   ঘাট মাউৰা ছয় বছৰীয়া  দেৱশিশুটি  হ’ল গৌৰব কলিতা । উল্লেখ্য যে  আজিৰ পৰা ডেৰ বছৰ পূৰ্বে  তাৰ পিতৃ মিন্টু কলিতা হেপাটাইটিচ্ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।  পিতৃক হেৰুৱাই  পিছত মাক জুমি কলিতাই শিশুটিক বুকুত সাবটি গুৱাহাটীৰ ব্যক্তিগত প্ৰতিষ্ঠান এটিত কাম কৰি চলাই নিছিল তেওঁৰ  সংসাৰখন। নিয়তিৰ কি কৰুণ পৰিহাস? যোৱা ২১মে তাৰিখে মাক জুমি কলিতাও ক’ৰণাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্হাত  মৃত্যু হয়। পিছত পিতৃ মাতৃক হেৰাৱা   গৌৰৱৰ আশ্ৰয় থল হ’ল বেলশৰৰ মোমায়েকৰ ঘৰখন।  ইপিনে মোমায়েকো  গাড়ীৰ চালক হিচাপে কাম কৰি কেনেবাকৈ  চলাইছিল সংসাৰখন। পিছে ল’ক ডাউনৰ বাবে জীৱন জীবিকাৰ পথ বন্ধ হোৱাত আৰ্থিক দৈন্যই কাবু কৰিছে মোমায়েকৰ পৰিয়ালটোক। ইপিনে গৌৰৱৰ শিক্ষা-  দীক্ষা আৰু   ভবিষ্যতক লৈ  মোমায়েক আৰু আইতাকৰ  মনত  এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। অবশেষত   এই দুৰ্ভগীয়া  অনাথ শিশুটিৰ  দায়িত্ব ললে  পশ্চিম নলবাৰী ছাত্ৰ সন্হাই।  পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতি দলে যোৱা  ১৮ জুন তাৰিখে  পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ গাওঁৰ  পূব ডেকা চুবুৰীৰ পিতৃ মাতৃ হীন  শিশু গৌৰৱ কলিতাৰ  মোমায়েকৰ বাসভৱনত উপস্থিত হয়  আৰু  শিশুটিৰ  অধ্যয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে  পশ্চিম নলবাৰী  আঞ্চলিক ছাত্ৰ সন্থাই । এই ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰে বেলশৰৰ বাসুদেৱ জাতীয় বিদ্যালয়, স্বত্বাধিকাৰী মানবেন্দ্ৰ ডেকাই। এই সজাতি দলটোত উপস্হিত থাকে।  আঞ্চলিকৰ সভাপতি সুভাষ বৰ্মন , সাধাৰণ সম্পাদক প্ৰাণজিত ঠাকুৰীয়া, উপদেষ্টা প্ৰাঞ্জল বৰ্মন , সহ সাধাৰণ সম্পাদক কল্পমণি কাকতি , নয়নজ্যোতি বৰ্মন,  শিক্ষা সম্পাদক দীপাংকৰ বৰ্মন , ক্ৰিয়া সম্পাদক ৰাজু বৰ্মন , আঞ্চলিকৰ সদস্য জ্যোতিপ্রকাশ সেন ডেকা , ৰাজেশ শৰ্মা , অংকুৰ বৰ্মন আদি ।

বিটিআৰ চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ : মাজবাট উন্নয়ন খন্ডত আজিও নাই খন্ড উন্নয়ন বিষয়া

পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়ো চৰকাৰ ।আজে বাজে বাদ দিয়ক টেক্টৰ ছবিত ভোট দিয়ক ।ইত্যাদি সু মধুৰ শ্লোগানেৰে ৰাইজৰ পদুলিয়ে পদুলিয়ে ভোট ভিক্ষা কৰি অবশেহত নিৰ্বাচনী বৈতৰণী পাৰ হৈ বিজেপি আৰু জি এছ পিৰ সহযোগত প্ৰমোদ বড়োই বিটিআৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। কিন্তু বিটিআৰ চৰকাৰ গঠন কৰাৰ দিনৰে পৰা হযতো বিটিআৰৰ চীফ প্ৰমোদ বড়োই  তেখেতৰ সতীৰ্থ ই এম, জি এম, সকলক  আবশ্যক অনুসৰি  নেতৃত্ব দিব পৰা নাই।  বিটিআৰত বসবাস কৰি থকা প্ৰতিটো জাতি জন গোষ্ঠীৰ  বিশেষকৈ বড়ো সকলৰ স্বাভিমান আৰু আবেগ  অনুভুতিক প্ৰয়োজন অনুসাৰে  প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰ খনৰ উন্নয়নৰ ফোপোলা স্বৰূপ কম দিনৰ ভিতৰতে পৰিস্কাৰ হৈ পৰাৰ অভিযোগ উঠিছে ৷ এইখিনিতে উল্লেখনীয় আৰু পৰিতাপৰ কথা যে বিটিআৰ  চুক্তিৰ  দফা সমুহ কাৰ্য্যকৰী ব্যবস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আওকণীয়া মনোভাব আৰু অৰুনোদয আচঁনিৰ দুৰ্নীতিৰ কথা বাদেই সমষ্টি এটা  উন্নয়নৰ প্ৰধান কেন্দ্ৰ বিন্দু হৈছে সেইটো  সমষ্টিৰ উন্নয়ন খন্ডৰ  খন্ড উন্নয়ন বিষয়া গৰাকী । কিন্তু যেতিয়া এটা উন্নয়ন খন্ডত,  খন্ড উন্নয়ন  বিষয়া নাথাকে  সেইটো সমষ্টিত উন্নয়নৰ দিশ কেনেকৈ তৰান্বিত হব। নিৰ্বাচনৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সঞ্জয় কিষান,পল্লব লোচন দাস, সাংসদ দিলীপ শ্ইকীযা আদি ৰথী মহাৰথী সকলে মাজবাট উন্নয়ন খন্ডৰ পদুলি মুখতে উন্নয়নৰ জয় গান গাই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে যদিও আজিলৈকে মাজবাট উন্নয়ন খন্ডত এজন খন্ড উন্নয়ন বিষয়া নিযুক্তি দিব নোৱাৰিলে ।যাৰ ফলত মাজবাট ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া গৰাকীয়ে  মাজবাট উন্নয়ন খন্ডত ভাৰপ্ৰাপ্ত  খন্ড উন্নয়ন বিষয়া হিচাপে দীৰ্ঘদিন  ধৰি  কাৰ্য্যনিৰ্বাহ কৰি আহিছে । ৰাজহ চক্ৰটোৰ গুৰুদায়িত্ব বহন কৰি অহা বিষয়া গৰাকীক ভাৰপ্ৰাপ্ত খন্ড উন্নয়ন বিষয়া হিচাপে নিযুক্ত দিয়াত মাজবাটবাসী ৰাইজৰ যথেষ্ট পৰিমাণে সমস্যাৰ সৃষ্টি হৈছে । এজন বিষয়াই গুৰুত্বপূৰ্ণ দুটাকৈ দায়িত্ব চম্ভালিব লগীয়া হোৱাত প্ৰমোদ বড়োৰ পৰিবৰ্তনশীল  বিটিআৰ চৰকাৰ খনৰ উন্নয়নৰ গতি কোনফালে ধাবিত হৈছে সেয়া সহজে অনুমেয় ।গতিকে মাজবাটত বাসী ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে এয়াই আছিল নেকি পৰিবৰ্তনৰ দৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰৰ শ্লোগান ? সি যিয়েই নহওঁক অতি শীঘ্ৰে মাজবাট উন্নয়ন খণ্ডত এজন স্থায়ী খন্ড উন্নয়ন বিষয়া নিযুক্তি দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে মাজবাটৰ ৰাইজে ।

অপৰাধ জগতৰ এক ক’লা অধ্যায়ৰ অন্ত: আৰক্ষীৰ গুলীত নিহত ছুপাৰী কিলাৰ বুবু কোঁৱৰ

অৱশেষত আৰক্ষীৰ গুলীত নিহত হ’ল অসমৰ এটা কুখ্যাত অপৰাধী বুবু কোঁৱৰ। গেলেকীত আৰক্ষীৰে সংঘৰ্ষত বুধবাৰে সন্ধিয়া নিহত হয় কুখ্যাত অপৰাধীটো। বিগত দুটা দশক ধৰি হত্যা, ছুপাৰি কিলাৰ, গাড়ী চুৰি, হানি ট্ৰেপিঙেৰে ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুবুৱে। ৪২টাকৈ হত্যাকাণ্ডত জড়িত আছিল বুবু কোঁৱৰ।

কোঁৱৰে গাড়ী চুৰি চক্ৰৰ নেতৃত্ব লৈ হত্যা কৰিছিল বহুকেইজন গাড়ীচালকক। ২০১২ চনত হত্যা কৰিছিল প্ৰসিদ্ধ চিকিত্সক মৃদুল বৰুৱাক। সেইটো বছৰতে বুবুয়ে হত্যা কৰিছিল কংগ্ৰেছ নেতা হেমন্ত বৰুৱা আৰু ব্যৱসায়ী কে এল গিলোৰিয়াক। ২০১৪ চনত বুবুৱে হত্যা কৰিছিল এজন প্ৰধান শিক্ষক ডি এন গগৈক।২০১৬ চনত যেতিয়া আৰক্ষীয়ে বুবুক গ্ৰেপ্তাৰ কৰিছিল, অপৰাধীটোৱে সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজেই স্বীকাৰ কৰিছিল কেইটাবাও হত্যাকাণ্ড কৰাৰ কথা। ১৬ বছৰ বয়সতে অপৰাধ জগতত ভৰি দিয়া বুবুৱে চলাইছিল হানী ট্ৰেপিং চক্ৰ।