Home Blog Page 3062

কভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিল বিৰাট-অনুষ্কা

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশক যুঁজ দিয়াত সহায় কৰাৰ সিদ্ধান্ত লৈছে।কোহলী আৰু অনুষ্কাই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ২ কোটি টকা দান কৰিছে। বিৰাট কোহলীয়ে টুইটাৰযোগে এই বিষয়ে অৱগত কৰে।কেৱল সেয়াই নহয়, দুয়োজনে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাত কোটি টকা সংগ্ৰহৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে।তেওঁলোক দুয়োজনে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা সংগঠন কেটোৰ জৰিয়তে এই ধন সংগ্ৰহ কৰি আছে।বিবৃতিটোত কোৱা হৈছে, ‍‘তেওঁলোকে কেটোৰ জৰিয়তে এটা অভিযান আৰম্ভ কৰিছে আৰু তেওঁলোকে নিজৰ তৰফৰ পৰা ২ কোটি টকা দান কৰিছে’।এই অভিযানটো সাত দিনলৈ চলিব।সংগ্ৰহ কৰা ধন অক্সিজেন আৰু অন্যান্য চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত কাম কৰা সংগঠন এচিটি গ্ৰাণ্টছক দিয়া হ’ব।

কোহলীয়ে কয়‍ ‘আমাৰ দেশখন এই মুহূৰ্তত এটা কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈছে। এই মুহূৰ্তত আমি সকলোকে একত্ৰিত কৰিব লাগিব আৰু অধিক সংখ্যক জীৱন ৰক্ষা কৰিব লাগিব ।

বাঘমাৰাত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম, ঠিকাদাৰ ফয়জল হকৰ বিৰুদ্ধে প্ৰতিবাদ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাৰৰ চৰাঞ্চলত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ প্ৰায়বোৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বাঘমাৰাৰ পৰা আলোপতি মণ্ডল পাৰালৈ যোৱা পেকেজ নং AS01202 ৰ ৰাস্তাৰ যি নিৰ্মাণ কাৰ্য চলি আছে সেই কামত ঠিকাদাৰ ফয়জল হকে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা বুলি ৰাইজে আজি ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। পথটো নিৰ্মাণ কাৰ্যত সামান্য পৰিমাণৰ মেটেল দিয়াৰ লগতে পথ ছাফা নকৰাকৈ আৰু ৰুলাৰ আৰু এদিনো পানী নমৰাকৈ নিজ ময়মতালিৰে কাম কৰি থকাৰ বাবে স্থানীয় ৰাইজে উক্ত পথ নিৰ্মাণ কাৰ্যত বাধা দিয়ে। পিছে ঠিকাদাৰ ফয়জল হকে ৰাইজৰ বাধাক ভ্ৰুক্ষেপ নকৰি দুৰ্নীতি আৰু অনিয়মৰ মাজেৰেই কাম কৰাত পথটিৰ নিৰ্মাণ কাৰ্য শেষ নহওতেই চপৰা-চপৰে কাৰ্পেটিং উঠি যাবলৈ ধৰিছে। সেয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে আজি পথ অৱৰোধ কৰি দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গড়কাপ্তানী বিভাগ হায় হায়, ঠিকাদাৰৰ লুণ্ঠনৰাজ নচলিব, ৰাস্তাৰ কামৰ দুৰ্নীতি বন্ধ কৰক, ঠিকাদাৰ ফয়জল হক মুৰ্দাবাদ আদি শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। দুৰ্নীতিপৰায়ণ ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় স্থানীয় সচেতন ৰাইজে।

সুলভ মূল্যৰ দোকানত দুস্কৃতিকাৰিৰ অগ্নি সংযোগ।প্ৰশাসনক অতিশীঘ্ৰে দুস্কৃতিকাৰিক গেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ

ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতিগড় চাহ বাগিচাত  অসম চৰকাৰৰ অধীনত থকা চাহমজদুৰ সমবাই সমিতি লিমিটেড ৰ বিতাৰক পুস্পা দিগাল স্নামী মৃত চলমন দিগালৰ নিজৰ  দোকান ঘৰ কোনো দুস্কৃতিকাৰিযে  জ্বলাই দিয়ে। ঘটনাত প্ৰকাশিত য়ে, পুস্পা দিগালৰ বাসগৃহৰ পৰা প্ৰায় এক ফালং দুৰত অবস্থিত দোকান ঘৰটোত পাঁচ  মে তাৰিখে মাজ নিশা প্ৰায় এক মান বজাত দোকান ঘৰৰ নিকতবৰ্তী লোকে খবৰ দিয়ে যে তেওঁ লোকৰ সুলভ মূল্যৰ দোকানত জ্বই লাগে। তেওঁ লোকে খবৰ পোৱা লগে-লগে দোকানত উপস্থিত হৈ কৃৎবিমূৎ হৈ পৰে । দোকানৰ ওচৰৰ বহু লোকে বহু সময় কষ্ট কৰি জুই নিবাৰ্পিত কৰে। সুলফ মুল্যৰ দোকান খনত  এই মাহৰ দুখীয়া লোক সকলক বিতাৰন কৰিব অনা প্ৰায় পোন্ধৰ/ সোল্ল কুইন্টল চাউল খোৱাৰ অনুপযোগী হয়। উক্ত ঘটনাক স্থানীয় লোক সকলে কোনো দুস্কৃতিকাৰিযে পেট্ৰল জাতীয় সামগ্ৰীৰে জুই লগাই দিয়াৰ সন্দেহ কৰি ঘটনা দুখ প্ৰকাশ  কৰি তীব্ৰ গৰিহনা দি জিলা প্ৰশাসনক অতিশীঘ্ৰে দুস্কৃতিকাৰিক গ্ৰেপ্টাৰ  দাবী জনায়। পিছ দিনা ছয় মে তাৰিখে পুস্পা দিগালে হৰিশিঙা আৰক্ষী  থানাত এজাহাৰ দাখিল কৰে। হৰিশিঙাৰ আৰক্ষী লোক উপস্থিত হৈ দূস্কৃতিকাৰিক কাৰায়ক্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰে। 

ওদালগুৰিত ভয়াবহ ৰূপত ক’ভিড ১৯ত আক্ৰান্ত: ৬২৪ জনলৈ বৃদ্ধি , জিলাখনৰ সমুহ সপ্তাহিক বজাৰ বন্ধৰ কৰাৰ নিৰ্দেশ জাৰি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৬মেত  ওদালগুৰিত ৪২ গৰাকী  কভিড ১৯ ত  আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৬মেলৈ  আক্ৰান্তৰ সংখ্যা ৬২৪ জনলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ৬মেত   ৪১৮ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৪২ গৰাকী দেহত  কভিড ১৯ৰ উপস্থিতি চিনাক্ত কৰে ৷ ইয়াৰ ভিতৰৰ ৪৮ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ২৩৪ গৰাকী হোম আইচিলেচনত আছে।এতিয়ালৈকে ৬৬ গৰাকী ক’ৰণা ৰোগী সুস্হ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। । ৬মেত কভিড ১৯ত  ওদালগুৰি শংকৰ নগৰ নিবাসী অৱসৰী  প্ৰধান শিক্ষক যোগেন পাঠকৰ মৃত্যু হয়।উল্লেখ্য যে, তেওঁৰ পত্নী মীৰা পাঠক(৬৫)ৰ যোৱা ৩ মে’ত মৃত্যু হৈছিল।।এইলৈ ওদালগুৰিত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে।সেয়ে সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাত ৬মেৰ পৰা তৎকালীন ভাবে কাৰ্য্যকৰী হোবাকৈ  ওদালগুৰি জিলাৰ প্ৰশাসনে  সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰে । এই ঘোষনাটো কৰাৰ বাবে জিলা  প্ৰশাসনক সচেতন নাগৰিক সকলে সঠিক পদক্ষেপ বুলি অভিহিত কৰিছে ৷এই সম্পৰ্কত  ৬ মেত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ নিৰ্দেশ পত্ৰত ৬ মেৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰে।জিলা খনত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰে । এই নিৰ্দেশ ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে অৱগত কৰে ।

ওদালগুৰিত জিলাত ১৮বছৰৰ পৰা ৪৪বছৰলৈ ৬টা কেন্দ্ৰত কভিড ১৯ৰ টিকাকৰণ প্ৰদান

ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি  ৬ মেৰ পৰা ওদালগুৰি জিলাত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক কভিড১৯ৰ বিষয়ে সজাগ কৰিবলৈ আৰম্ভ কৰিছে।গৃহত আছুতীয়াকৰণত থকা ৰোগীসকলে কেনেধৰণৰ  নীতি-নিয়ম মানি চলিব লাগে সেইবিষয়েও ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে। এই সজাগতা অভিযানৰ জৰিয়তে ৰাইজক টীকাকৰণৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ জড়িয়তে প্ৰয়োজন অনুসৰি কোভিড পৰীক্ষা কৰা, মাস্কৰ ব্যবহাৰ, সামাজিক দূৰত্ব আদিৰ  ক্ষেত্ৰতো সজাগ কৰাৰ প্ৰয়াস কৰা হব।আনহাতে ওদালগুৰি জিলাত ৭মেৰ  পৰা ১৮  ৰ পৰা ৪৪ বয়সৰ ব্যক্তিসকলক টীকাকৰণ আৰম্ভ  কৰা হৈছে ৷  জিলাখনৰ বালিচিঠা প্ৰাথমিক বিদ্যালয়, ওৰাং প্ৰাথমিক বিদ্যালয়, টংলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, উত্তৰ ডিমাকুছি প্ৰাথমিক বিদ্যালয়, উত্তৰ ওদালগুৰি প্ৰাথমিক বিদ্যালয়, ধনশ্ৰীঘাট শ্বহীদ স্মৃতি সংঘ আৰু পুথিভঁৰাল এই কেন্দ্ৰ সমূহত টীকাকৰণৰ অভিযান কাৰ্য্যসুচী সুচাৰুৰূপে অনুষ্ঠিত হৈ যায় ।ওদালগুৰি জিলাখনত দিনক দিনে ক’ৰণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা স্বাস্হ্য বিভাগে এই পদক্ষেপ গ্ৰহন কৰিছে।ইপিনে আজি  বিটিএডিৰ কাৰ্য্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীয়ে  ওৰাং প্ৰাথমিক বিদ্যালয়ৰ কভিড ১৯  ভেকচিন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷

বঙাইগাঁৱৰ চিকিৎসকৰ সাফল্য, দুগৰাকী ক’ভিড প’জিটিভ মাতৃয়ে জন্ম দিলে ক’ভিড নিগেটিভ সন্তান

 চাৰিওফালে কেৱল বেয়া খবৰ ৷তাৰ মাজতে এটা ভাল খবৰ আহিল বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ৷ এই ভাল খবৰৰ মূল ব্যক্তিসকল হ’ল চিকিৎসালয়খনৰ চিকিৎসক ,নাৰ্চ আদি ৷ এই ভাল খবৰটো হ’ল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত দুগৰাকী ক’ভিড প’জিটিভ মাতৃয়ে বৃহস্পতিবাৰে জন্ম দিয়ে ক’ভিড নিগেটিভ সন্তান ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এগৰাকী মহিলাই সন্তান প্ৰসৱৰ পূৰ্বে চহৰখনৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় ল’ৱাৰ আসাম হাস্পতালত ভৰ্তি হৈছিল ৷ ৰক্তহীনতা আৰু আনুসংগিক উপসৰ্গত ভোগা প্ৰসূতি গৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ পিছত  অসামৰিক চিকিৎসালয়ৰ প্ৰসূতিৰোগ বিভাগৰ চিকিৎসক ডা: হাফিজা আহমেদ, এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডা: গীতিকা পাঠক, অস্ৰোপচাৰ কক্ষৰ নাৰ্ছ ক্ৰমে মেইজিং ব্ৰক্ষ্ম আৰু পূৰ্ণিমা সৰকাৰ, এছএনচিইউ চিষ্টাৰ গীতাঞ্জলি দাস,ৱাৰ্ড বয় ছত্ৰসিং ৰায় আৰু ছাফাইকৰ্মী দ্বীপমালা বাসফৰৰ আশাসুধীয়া প্ৰচেষ্টাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷ লক্ষ্যণীয় যে মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি ক’ভিড নিগেটিভ বুলি জানিব পৰা গৈছে ৷ আনহাতে বঙাইগাঁও চহৰৰ সমীপৰ মূলাগাঁৱৰ নোৱাগাঁও প্ৰথমখণ্ডৰ এগৰাকী মহিলাক চহৰখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় চিলাৰায় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসালয়খনত মহিলা গৰাকীৰ ৰক্তক্ষৰণ হোৱাত পিছলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতিৰোগ বিভাগৰ চিকিৎসক ডাঃগৌতম দাস,এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডাঃএমএম ৰহমান,অস্ৰোপচাৰ কক্ষৰ নাৰ্ছ ক্ৰমে মেইজিং ব্ৰক্ষ্ম আৰু পূৰ্ণিমা সৰকাৰ,এছএনচিইউ চিষ্টাৰ আৰমিনা বেগম ,ৱাৰ্ডবয় ছত্ৰসিং ৰায় আৰু ছাফাইকৰ্মী বাসন্তী বাসফৰৰ আশাসুধীয়া প্ৰচেষ্টাৰে অস্ৰোপচাৰ কৰাত মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷  লক্ষ্যণীয় যে মহিলা গৰাকীয়ে জন্ম দিয়া সন্তানটিও ক’ভিড নিগেটিভ বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ অস্ত্ৰোপচাৰ কৰাৰ সময়ত চিকিৎসককে ধৰি সকলোৱে পিপিই কিট পৰিধান কৰিছিল ৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ এই সফলতা নিশ্চয়কৈ ক’ভিডৰ এই বেয়া খবৰৰ মাজত এটা ভাল খবৰ হিচাপে পৰিগণিত হ’ব ৷ 

ৰাজহুৱা স্থান চেনিটাইজ কৰিবলৈ আহ্বান টীয়ক আছুৰ

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি ব্যাপকভাৱে সংক্ৰমনে জনজীৱন স্থবিৰ কৰি তুলিছে। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টীয়ক ৰাজ্যিক বাছ আস্থান, টীয়ক ৰাজহ চক্ৰ কাৰ্যালয়, কলিয়াপানী খণ্ড উন্নয়ন কাৰ্যালয়, টীয়ক এফ.আৰ. ইউ, টীয়ক আৰক্ষী থানা, সমূহ বেংক, ব্যৱসায়ী প্ৰতিষ্ঠান বৰা বজাৰ, হস্পিটেল তিনিআলি,টীয়ক আৰু জগদুৱাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ লগতে অন্যান্য ৰাজহুৱা স্থানসমূহ যোৰহাট জিলা প্ৰশাসনক চেনিটাইজ কৰিবলৈ আহ্বান জনাইছে টীয়ক আছুৱে। এক বিবৃত্তিত টীয়ক আছুৰ উপদেষ্টা ৰন্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া, প্ৰশান্ত দোলাকাষৰীয়া, দীপাংকৰ বেজবৰা, সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তই কয়, কভিড পৰিস্থিতি তথা আংশিক লকডাউনৰ সময়চোৱাত ৰাইজে মাস্ক পৰিধানৰ লগতে ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে মূল্য বৃদ্ধি নকৰি ৰাইজক এই দুৰ্যোগৰ সময়ত সহযোগ কৰে তাৰ প্ৰতি আহ্বান জনাইছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।

পূব যোৰহাটত ৰাইজৰ হাহাকাৰ,আধাৰ নহ’লে সুলভ মূল্যৰ চাউল ,কেৰাচিন নাপায়

খাদ্য আৰু অসামৰিক যোগান  বিভাগ যোৰহাট সংমণ্ডলৰ অধীনস্থ পূব যোৰহাট উন্নয়ন খণ্ডৰ সুলভ মূল্যৰ দোকানৰ গ্ৰাহকৰ মাজত আধাৰে হাহাকাৰ লগাইছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা আঁচনিৰ হিতাধিকাৰীক দিয়া বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ কেৰাচিন তেল আধাৰ কাৰ্ড নথকা লোকক অহা জুনৰ পৰা চাউল ,কেৰাচিন তেল বন্ধ কৰি দিয়া হ’ব । আধাৰ কাৰ্ড থকা হিতাধিকাৰীকহে বিনামূলীয়া চাউল আৰু সুলভ মূল্যৰ  কেৰাচিন তেল পাব এই নিৰ্দেশ অহাত পূব যোৰহাট উন্নয়ন খণ্ডৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ হিতাধিকাৰীৰ মাজত হাহাকাৰ লাগিছে । উল্লেখ যে পূব যোৰহাট উন্নয়ন খণ্ডৰ ১০ খন গাঁও পঞ্চায়তত আধাৰ কেন্দ্ৰ স্থাপনত ৰাজ্য চৰকাৰ আৰু পঞ্চায়তৰ গাফিলতিৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।

অ’ এন জি চিৰ অসম বিৰোধী নীতি : খিলঞ্জীয়াক ভাতে মাৰি বহিৰাগত পুজিপতিক ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ ব্যৱস্থা

৬০ দহকৰে পৰা অসমৰ ভূগৰ্ভৰ পৰা পনীয়া সোণ আহৰণ কৰি বছৰি কোটি কোটি টকা মুনাফা আদায়েৰে দেশৰ মহাৰত্ন উদ্যোগলৈ পৰ্যৱেক্ষিত হোৱা তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ ‘ এন জি চি ) অসম সম্পদ কৰ্তৃপক্ষ তথা  কৰ্মৰত বহিৰাগত বিষয়া সকলৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে সঘনাই নিগমৰ যান – বাহন অৱৰোধ , বন্ধ , আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে যদিও চৰকাৰ আৰু নিগম  কৰ্তৃপক্ষৰ কোনো গা লৰা নাই । নিগমৰ অধীনস্থ সৰহ সংখ্যক তৈলক্ষেত্ৰৰ পৰা নিৰ্গত গেদেৰী , খাৰুৱা তেল আৰু জ্বলাই দিয়া প্ৰাকৃতিক গেছৰ তাপ – ধোঁৱা আদিয়ে অসমৰ প্ৰাকৃতিক পৰিকাঠামূহ ধ্বংস কৰি অহাৰ সমান্তৰাল ভাৱে বহিৰাগত বিষয়াৰ অসম বিৰোধী নীতিয়ে ৰাজ্য খনৰ অৰ্থনৈতিক বুনিয়াদ হ্ৰাস কৰিছে । অ’ এন জি চিৰ এনে অসম বিৰোধী নীতিৰ সন্দৰ্ভত ন্যায় বিচাৰি শেহতীয়াকৈ খিলঞ্জীয়া জনগণ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লগা হোৱা পৰিস্থিতি চৰম পৰিতাপৰ বিষয় হৈ পৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বছৰ বছৰ ধৰি খিলঞ্জীয়া নিবনুৱা যুৱকৰ একাংশই প্ৰতিষ্ঠানটোত বিভিন্ন ঠিকা কামৰ জৰিয়তে স্ব – নিৰ্ভৰশীল হোৱাৰ লগতে পৰিয়ালক ভৰণ – পোষণ দি আহিছে । শেহতীয়াকৈ এনে এচাম যুৱক তথা পৰিয়ালক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচি বহিৰাগত পুজিপতি গোষ্ঠীক ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ ব্যৱস্থা কৰি নিগমৰ একাংশ বহিৰাগত শীৰ্ষ বিষয়াই কমিচনৰ অংকত সিদ্ধহস্ত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জনা মতে অ’ এন জি চি কৰ্তৃপক্ষই এই ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ বাবে অনুমোদিত ফাৰ্মাচীবোৰৰ নিবিদাৰ ক্ষেত্ৰত কেতবোৰ নতুন নীতি – নিয়ম ধাৰ্য কৰি অসমৰ থলুৱা স্বাৰ্থবিৰোধী নীতিৰ লগতে অসমীয়া ক্ষুদ্ৰ , মজলীয়া ধৰণৰ ফাৰ্মাচী ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা লোক সকলক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচিছে । অ’ এন জি চিয়ে শেহতীয়াকৈ ফাৰ্মাচী অনুমোদনৰ ক্ষেত্ৰত নিবিদা নং R 16GC20003 ত নিৰ্ধাৰণ কৰা নীতি – নিয়ম অনুসৰি তিনি বছৰৰ বাবে অ’ এন জি চি অসম সম্পদত খুচুৰা চেইন ফাৰ্মাচী তালিকা ভূক্ত কৰণ , এজন নিবিদাকাৰীৰ কমেও ২০ খন মালিকানাধীন ফাৰ্মাচী আউটলেট থাকিব লাগিব , নিবিদাকাৰীৰ অধীনত কমেও ৩০ গৰাকী ফাৰ্মাচীষ্ট থাকিব লাগিব , আমানতৰ ধনৰ পৰিমাণ ৪৯, ৭৫ , ০০০ টকা , পি বি জি ২ , ২১ , ৫৯ , ৯৫৮ টকা , কণ্ট্ৰেক্ট মূল্য ৫৪ , ৪৯ , ১৭ , ০০০ টকা , বছেৰেকীয়া মূল্য ১৮ , ১৬ , ৩৯ , ০০০ টকা ১২.০  শতাংশ ২ , ২১ , ৫৯ , ৯৫৮ টকা , ৰ্টাণ অভাৰ ৯ , ০৮ , ১৯ , ৫০০ টকাতকৈ বেছি হ’ব লাগিব , দৰদাতাৰ মুঠ মূল্য ২৭২৪৫৮৫০ টকাতকৈ বেছি , দৰৱৰ মূল্যত  অতি কমেও ১৮ শতাংশ ৰেহাই , উপভোগ্যৰ মূল্যত অতি কমেও ৪০ শতাংশ ৰেহাই দিয়া আদি কেতবোৰ কঠোৰ নীতি নিৰ্ধাৰণ কৰি দিয়াত অসম তথা শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ঠিকাদাৰ – যুৱক সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । যিবোৰ নীতিৰ আধাৰত বহিৰাগত পুজিপতি গোষ্ঠীক নিগম কৰ্তৃপক্ষই বৰপীড়া পাৰি দিছে ।  ‘ এন জি চিৰ এনে থলুৱা বিৰোধী নীতি পত্যাহাৰ কৰি পূৰ্বৰ নীতি বাহাল ৰাখিবৰ বাবে নিগম কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত , জিলা উন্নয়ন আয়ুক্ত , অসম চৰকাৰৰ কৰ্তৃপক্ষলৈ আবেদন – নিবেদন কৰিও কোনো সুফল নোপোৱাত অৱশেষত শিৱসাগৰ জিলা ড্ৰাগ ডিলাৰ এচ’ছিয়েচনে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হয় । ন্যায়ালয়ত তৰা ডব্লিউ পি ( চি ) / ৩২৩০ / ২০২০ গোচৰৰ সন্দৰ্ভত অহা ১১ মে’ ত যুটীয়া বিচাৰপীঠ আদালতত শুনানী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । 

বিশ্বনাথ চাৰিআলিত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু।

ৰাজ্যত ক’ভিড ১৯ মহামাৰীৰ দ্বিতীয় লহৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । বিশ্বনাথ জিলাতো কোভিড১৯ ৰোগীৰ সংখ্যা ৩০০ সীমা অতিক্ৰম কৰাৰ সময়তে  বিশ্বনাথ চাৰিআলি নগৰত আজি দুপৰীয়া প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু ঘটে । তেজপুৰ মেডিকেল কলেজত ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ ননী গোপাল ঘোষ(৬৭) নামৰ এজন ব্যক্তিজন । কালি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল গোপাল ঘোষক । বিশ্বনাথ জিলাত বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি দুজনলৈ বৃদ্ধি পালে ।