গ্ৰন্থগাৰ বিশ্বদৰ্শনৰ মূলদ্বাৰ এই লক্ষ্য শিৰোগত কৰি ১৯৮৫ চনৰ ২৭ জানুৱাৰীত গঠন হোৱা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই ইতিমধ্যে ৩৬ বছৰত ভৰি দিছে। ৩৬ বছৰ পুৰ্তি উপলক্ষে কালিৰ পৰা ২ ফেব্ৰুৱাৰী লৈকে ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পুথিভঁৰাল সপ্তাহ উদযাপন কৰা হৈছে। ৭ দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচী কালি পুৱা পতাকা উত্তোলনৰে সন্থাৰ উপ-সভাপতি হিমাদ্ৰীজ্যোতি দত্তই শুভাৰম্ভ কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, শোভাযাত্ৰা, বাটৰ নাট পৰিৱেশন আৰু ড° ভূপেন হাজৰিকা আদৰ্শ পুথিভঁৰাল মুকলি কৰা হয়। দিনৰ ১২ বজাত প্ৰাচীৰ পত্ৰিকা মুকলি কৰে প্ৰাক্তন বিধায়ক হৰেন বৰাই। গ্ৰন্থ আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি কৰাৰ পাছত নৱ- নিৰ্মিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা মুকলি মঞ্চ মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। মুকলি মঞ্চ মুকলি কৰি দিয়া ভাষণত বিধায়ক শৰ্মাই কয়- সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰামাঞ্চলত পুথিভঁৰাল আন্দোলন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ সময়তো গ্ৰন্থৰ চাহিদা কমা নাই। গ্ৰন্থই জ্ঞান প্ৰসাৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ নৱ-প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। বিয়লি দুই বজাৰ পৰা ভূপেন হাজৰিকা মুকলি মঞ্চত পুথিভঁৰাল সপ্তাহৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কলংপাৰ কাকতৰ মুখ্য সম্পাদক ড° আবু হানিফাই উদ্ধোধন কৰা সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জ্যোতিৰ্ময় জানা আৰু সত্ৰাধিকাৰ যুগল গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পুথিভঁৰাল আন্দোলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। সভাত ৰাজনীতি বিদ তথা প্ৰাক্তন বিধায়ক বানেশ্বৰ শইকীয়া, সাহিত্যিক উপন্দ্ৰ বৰকটকি, শিক্ষাবিদ ড° খগেশ্বৰ ভূঞা সমাজকৰ্মী কাৰ্তিক সাহাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। হিমাদ্ৰী জ্যোতি দত্তই সভাপতিত্ব কৰা আৰু সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আতধৰা সভাখনত নগাঁও জিলাৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ২৪ গৰাকী লোকক সম্বৰ্দ্ধনা জনোৱা হয়। সন্ধিয়া সাংস্কৃতিক সম্পাদিকা অনিমা বৰুৱা শৰ্মাৰ পৰিচালনাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰে সন্থাৰ সহকাৰী সম্পাদক দ্বয় খগেন চন্দ্ৰ নাথ আৰু দিলীপ বৰাই। সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আন কাৰ্যসূচী ক্ৰমে আজি হোজাই জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু সুৰক্ষা আৰু মহিলা সবলীকৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। কাইলৈ গোলাঘাট জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত বদন শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান, ৩০ জানুৱাৰীত তিনিচুকীয়া জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত জেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় সজাগতা সভা, ৩১ জানুৱাৰীত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত যুৱ সমাৰোহ, ১ ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু দৰং জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত মহিলা সবলীকৰণৰ আৰু শিশুৰ বিকাশত গ্ৰন্থৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ আৰু ২ ফেব্ৰুৱাৰীত নগাঁৱস্থ কেন্দ্ৰীয় কাৰ্যালয়ত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।
অসম গাওঁৰক্ষী দিৱসত বৰপেটা জিলাৰ ভেৰালদিক শ্ৰেষ্ঠ গাওঁৰক্ষী বটা প্ৰদান
২৯ জানুৱাৰী তাৰিখে অসমৰ ঐতিহ্য নগৰী হিচাপে খ্যাত শিবসাগৰ জিলাৰ তলাতল ঘৰৰ বাকৰিত আয়োজিত দুই দিনীয়া কাৰ্যসুচীৰ মুকলি সভাত বৰপেটা জিলাৰ ভেৰালদিক শ্ৰেষ্ঠ গাওঁৰক্ষী বটা প্ৰদান কৰে । জানিব পৰা মতে প্ৰতি বছৰে ২৮ আৰু২৯ জানুৱাৰীত গাওঁৰক্ষী বাহিনীৰ জন্ম দাতা হৰিনাৰায়ন বৰুৱাক মনত পেলাবৰ বাবে ৰাজ্যিক ভিত্তিত অসমৰ জিলাসমুহত দুই দিনীয়া কাৰ্যসুচী পালন কৰা হয় আৰু জিলাৰ একোখনকৈ দক্ষ গাওঁৰক্ষী সৎগঠনক পুৰষ্কাৰ দিয়া হয়। এইবাৰো শিবসাগৰত অনুষ্ঠিত কৰা অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান আৰু অন্যান্য বিষয়াসকলৰ উপস্হিতিত বৰপেটা জিলাৰ ভেৰালদিক শ্ৰেষ্ঠ বটা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ।২০২০ বৰ্ষত জিলাৰ ভিতৰতে উল্লেখযোগ্য সেৱা আগবঢ়োৱাৰ বাবে বাহিনীৰ সম্পাদক মুনতাজ আলী আহমেদৰ হাতত এখন বটা আৰু প্ৰংশসা পত্ৰ আগবঢ়ায়। ২০১৭ বৰ্ষতো গুৱাহাটীৰ অধিৱেশন যোগে বৰপেটাৰ ভেৰালদিক শ্ৰেষ্ঠ গাওঁৰক্ষী বটা প্ৰদান কৰা হৈছিল। উল্লেখযোগ্য যে এই বটা লাভ কৰি কোনো গাওঁৰক্ষী বাহিনীয়ে সন্তোষ হোৱা নাই। কিয়নো নিজৰ জীৱন বিপন্ন কৰি সেৱা আগবঢ়োৱা আৰু অৰ্থ ব্যয় কৰি সামাজিক অনুষ্ঠান পাতি বটাৰ বাবে বাছনি হোৱা বাহিনীক আৰ্থিক বাবে বটা দিবলৈ সকলো জিলাৰ প্ৰতিনিধিয়ে দাবী জনাইছে।
দিল্লীৰ কৃষক আন্দোলনত অংশগ্রহণ কৰা অসমৰ বাৰ গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গোচৰ
অসমৰ পৰা দিল্লীলৈ সোমবাৰে গৈ কৃষক আন্দোলনত যোগ দিছিল অসমৰ বাৰ জনীয়া এটা দলে। পিছত বুধবাৰে সন্ধিয়া উভতি আহি বৰঝাৰ বিমান বন্দৰ কভিড পৰীক্ষা নকৰাৰ অভিযোগত বাৰ গৰাকীৰ বিৰুদ্ধে আজাৰা থানাত জামিন বিহীন গোচৰ ৰুজু হোৱা লগতে ৰাণীৰ কৃষক নেতা দিনেশ দাসক আজি পুৱাই আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অসমৰ পৰা গৈ দিল্লীত কৃষক আন্দোলনত অংশগ্রহণ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বাৰজনীয়া দলটোৱে। পিছত তাৰ পৰা উভতি আহি বুধবাৰে সন্ধিয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ কভিড পৰীক্ষা নকৰাৰ গুৰুতৰ অভিযোগত আটক হব লগা হল ৰাণীৰ কৃষক নেতা দিনেশ দাস।
আজি পুৱাই আজাৰা আৰক্ষীয়ে ৰাণী আৰক্ষীৰ সহযোগত দীনেশ দাসক ঘৰৰ পৰাই আটক কৰি লৈ আহে। অসমৰ পৰা যোৱা বাৰজনীয়া দলটোৰ দীনেশ দাস আৰু অনুৰূপা ডেকা বৰুৱাসহ আটাইকেইগৰাকীৰ বিৰুদ্ধে বৰঝাৰ বিমান বন্দৰৰ কভিড টীমৰ তত্ত্বাবধায়কে কভিড নিয়ম ভংগ কৰাৰ বাবে এজাহাৰ দাখিল কৰিছিল আজাৰা থানাত।
আনহাতে আজাৰা আৰক্ষীয়ে দাসৰ পৰিয়ালক আটক কৰাৰ কাৰণ জনোৱা নাই বুলিও তেওঁৰ পত্নীয়ে অভিযোগ তুলিছে। এই বাৰজনীয়া দলটোৰ বিৰুদ্ধে ৫৬/২১ নম্বৰত জামিন বিহীন গোচৰ ৰুজু হোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজাৰা আৰক্ষীয়ে আজি পুৱাই দীনেশ দাসক আটক কৰি আজাৰা থানালৈ লৈ অহাৰ কিছু সময় পিছতেই বাকী সতীৰ্থসকলৰ সন্ধানত তেওঁক পুনৰ মহানগৰীৰ ফালে লৈ যোৱা হয় ।
বৰ্তমানলৈ আজাৰা আৰক্ষীয়ে দীনেশ দাসক ক’ত ৰাখিছে অথবা কি অভিযোগত আটক কৰিলে সবিশেষ জানিবলৈ দিয়া নাই যদিও প্ৰকৃততে কভিড পৰীক্ষা নকৰাৰ অপৰাধতেই এতিয়া চৰম শাস্তি ভোগ কৰিব লাগিব নেকি এইসকলে । নে ইয়াৰ আৰত ৰজাঘৰীয়াৰ অন্য উদ্দেশ্যে নিহিত হৈ আছে তাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ৰঙিয়াত ম’হ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত
আজি পুৱতিনিশা ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা স্বস্তি হস্পিতালৰ সন্মুখত গুৱাহাটী অভিমুখি এ এছ-०১-জেচি- ৫৪৮৬ নম্বৰৰ ম’হ কঢ়িওৱা ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
উল্লেখ যোগ্য যে ট্ৰাকখনত ২৪ টাকৈ ম’হ আছিল । ইয়াৰ ভিতৰত ২ টাকৈ ম’হৰ মৃত্যু হৈছে । বাকী ২২ টা ম’হ ৰঙিয়া মূৰাৰাৰ স্থানীয় যুৱক সকলৰ সহযোগত উদ্ধাৰ কৰি বৰ্তমান ৰঙিয়াৰ ভাৰত পেট্ৰলিয়াম ডিপʼৰ কাষৰ এটা ঠাইত সুৰক্ষা দি ৰাখিছে । মন্ত্ৰী ভবেশ কলিতাই ঘটনাস্থলিত উপস্থিত হৈ মহকুমা প্ৰশাসনক ম’হকেইটা সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । ট্ৰাক খনৰ চালক হেণ্ডিমেন বৰ্তমানেও পলাতক অৱস্থাত আছে, যাৰবাবে ট্ৰাকখন ক’ৰ পৰা কলৈ গৈ আছিল জানিব পৰা হোৱা নাই । প্ৰথম অৱস্থাত আৰক্ষীয়ে মহকেইটা চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও অধিক তদন্তৰ পিছতহে প্ৰকাশ পাব মহকেইটাৰ প্ৰকৃত তথ্য ।
মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকৰ কাষত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ কৰ্মী
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী ক্ষতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি ‘আজুৰ’ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানে এটা সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি স্থানীয় কৃষকৰ লগতে বহু কেইটা দল-সংগঠন সোচ্ছাৰ হৈ পৰে। শেহতীয়াকৈ এই বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । আনহাতে এই বিষয়টো সম্পৰ্কত অনুসন্ধান কৰিবৰ বাবে কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী তথা পৰিৱেশ কৰ্মী আহি নগাঁৱত উপস্থিত হৈছেহি । এই সকলৰ ভিতৰত গ্ৰীণ নবেল বঁটাৰে সন্মানিত বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্ত্ৰাই আজি নগাঁৱত আয়োজিত এক সংবাদ মেলত চৰকাৰ আৰু প্ৰশাসনক ক্ষুৰধাৰ সমালোচনা কৰি কয় : চৰকাৰ, আইন আৰু সংবিধান সকলো থকাৰ পিছতো এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। এই ঘটনাটো যি স্থানত সংঘটিত হৈছে, সেই স্থান তথা সমষ্টিটোৰ জনপ্ৰতিনিধিজন পূৰ্বে দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত স্থানত কৃষকৰ ওপৰত প্ৰশাসনৰ অত্যাচাৰ ধিক্কাৰজনক। জনপ্ৰতিনিধি প্ৰফুল্ল কুমাৰ মহন্তৰ নীৰৱতাকো আমি সমালোচনা কৰিছো।চৰকাৰে বহুজাতিক কোম্পানীক অসমৰ শস্য ভুমি তথা গ্ৰাম্যঞ্চল ধ্বংস কৰাৰ বাবে মুকলি অনুজ্ঞাপত্ৰ দিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদ মেলখনত আন এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ কৰ্মী লিঅ চালডানহাই কয় : ঘটনাটোৰ তথ্য বিচাৰি আমি যেতিয়া অসম শক্তি বিতৰণ বিভাগ, ৰাজহ বিভাগ তথা অসম চৰকাৰৰ অন্য প্ৰশাসনিক বিষয়াৰ কাষ চাপিছিলো, তেতিয়া তেওঁলোকে আমাক কোনো তথ্য দিব পৰা নাছিল। এনে লাগিছে যে গোটেই চৰকাৰী যন্ত্ৰটো নীৰৱে আছে। তেওঁ লগতে কয় যেএই ভূমিত কেইবা দশকজুৰি কৃষক সকল আছে। তদুপৰি ই হাতী অহাযোৱা কৰাৰো বাট। ইপিনে, অসমৰ জলবায়ু পৰিৱৰ্তনশীল বুলি মন্তব্য কৰি তেওঁ কয় যে সুৰ্য্যৰ প্ৰত্যক্ষ ৰশ্মি পৰা মৰুভূমি এলেকাত এই সৌৰ প্ৰকল্পটো স্থাপন নকৰি অসমৰ কৃষকৰ শস্য ভুমি ধ্বংস কৰি কিয় ইয়াত সৌৰ প্ৰকল্প স্থাপন কৰিব বিচাৰিছে সেয়া ৰহস্যজনক। বিশিষ্ট পৰিৱেশ কৰ্মীজনে আৰু কয় : অসম চৰকাৰৰ ভূমি আইন আৰু বাস্তৱৰ কাৰ্যকলাপৰ মাজত বৃহৎ পাৰ্থক্য আছে। ভুমি আইনত উল্লেখ আছে যে খিলঞ্জীয়া মানুহ তেতিয়াহে সুৰক্ষিত হ’ব, যেতিয়া ভূমিৰ অধিকাৰ সুৰক্ষিত হয়। কিন্তু বাস্তৱত চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। অসমৰ কৃষক সকল বানপানী, দৰিদ্ৰতা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকে। তেনে ক্ষেত্ৰত ভূতৰ ওপৰত দানহ পৰাদি আকৌ কৃষক সকলৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। সংবাদ মেলত উপস্থিত থকা আন এগৰাকী পৰিৱেশ কৰ্মী ভাৰ্গৱী এছ ৰাওৱে কয়, উদ্যোগ প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ নামত এনেদৰে কৃষি ভুমি ধ্বংস কৰা কাৰ্যই মহিলা-শিশু সকলৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব। অসমত এনিমিয়া ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অধিক। গতিকে শ শ বিঘা কৃষি ভুমি ধ্বংস কৰা কাৰ্যই খাদ্যৰ নাটনি ঘটাব আৰু মহিলা-শিশু সকলক পুষ্টিহীনতাত ভোগাব। আৰক্ষী প্ৰশাসনে কৃষকক উচ্ছেদ কৰাৰ নামত মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা কাৰ্যক এছ ৰাওৱে গৰিহণা দি লগতে কয় যে আমেৰিকা আৰু কানাডাৰ যিকেইটা বিত্তীয় প্ৰতিষ্ঠানে আজুৰ কোম্পানীক ধনৰ যোগান ধৰিছে তেওঁঁলোকে কৃষকৰ অধিকাৰ আৰু মানৱ অধিকাৰ খৰ্ব কৰা কাৰ্যত উৎসাহিত কৰিছে আটাইকেইগৰাকী পৰিৱেশ কৰ্মীয়ে বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।সংবাদ মেলত উপস্থিত থকা দিল্লীৰ আন এগৰাকী সামাজিক কৰ্মী অমিত কুমাৰেও অসম চৰকাৰৰ ভূমি নীতিৰ বাখ্যা দাঙি ধৰি চৰকাৰে বাস্তৱত কৰা কাৰ্যক সমালোচনা কৰে।সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰা,সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,চি পি আইৰ নগাঁও জিলা সমিতি সম্পাদক ৰাতুল বৰাৰ লগতে ছাত্ৰ নেতা প্ৰৱাল শৰ্মা,কাশ্যপ ফুকন আদি উপস্থিত থাকে।
অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ
অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। ২৯, ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে শ্ৰী শ্ৰী বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ।
উল্লেখ যোগ্য যে, মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত বটদ্ৰৱা থানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মহোৎসৱ । শ্ৰীমন্ত শঙ্কৰদেৱ মহোৎসৱত হাজাৰৰো অধিক লোকৰ সমাগম হ’ব বুলি আশা ৰাখিছে বটদ্ৰৱা থানৰ পৰিচালনা সমিটিয়ে ।
৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ হাজাৰকৈ টকা
নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।
বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্ঘোষণা কৰে। অহা ৮ ফেব্ৰৱাৰীত ৰাজ্যৰ মহিলাসকললৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ’ব এই ধনৰাশি।
মৰাণত সত্ৰীয়া নৃত্য বিদ্যালয়ৰ উদ্বোধন কৰিলে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে
সাংস্কৃতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান অধিকাৰ কৰি অহা উজনি অসমৰ মৰাণত আজি অন্য এক সাংস্কৃতিক দিশ সংযোজন ঘটিল। মৰাণত আজিৰে পৰা সত্ৰীয়া নৃত্য কলা এক প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ হ’ল।
সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উদীয়মান যুৱক চন্দন চায়া(চন্দন কোঁৱৰ)ৰ অধ্যক্ষতাত মৰাণহাট জ্যোতিপুৰত “কলা মন্দিৰ” নামেৰে আজিৰে পৰা আৰম্ভ কৰা সত্ৰীয়া নৃত্য প্ৰশিক্ষণ বিদ্যালয়খন ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে। মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰে। আহোম জাতীয় গণ মঞ্চ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সহঃকৰী সম্পাদক অকণ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃকাৰী সম্পাদক দেৱজিৎ গগৈ,মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা নবীন গগৈ,সমাজকৰ্মী মোহিনী মোহন লিগিৰা আৰু শিক্ষক ভীমবৰ পাতিৰিয়ে অংশ গ্ৰহণ কৰি শুভেচ্ছা মুলক বক্তব্য ৰাখে।
৭০০০ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ ভাৰত পালেহি ৰাফেল বিমান
বুধবাৰে নিশা ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। ফ্ৰান্সৰ পৰা ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰে তিনিখনকৈ ৰাফেল বিমানে।
ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ২৯ জুলাইত ফ্ৰান্সৰ পৰা পাঁচখনকৈ ৰাফেল আনিছিল ভাৰতে।
তাৰ পাছতে ৫ নৱেম্বৰত পুনৰ ভাৰতলৈ তিনিখন ৰাফেল আহি পাইছিল।
বুধবাৰে আহি পোৱা তিনিখন ৰাফেলৰ পাছতে ভাৰতৰ বায়ু সেনাত চামিল হোৱা মুঠ ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা হ’লগৈ ১১খন।
উল্লেখ্য যে, ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত ফ্ৰান্সৰ সৈতে প্ৰায় ৪বছৰৰ আগতে ভাৰতে ৩৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰত চৰকাৰে।
২৩ বছৰে পূৰ্বে ভাৰতে প্ৰথম ক্ৰয় কৰিছিল যুঁজাৰু বিমান।
এতিহাসিক পথৰুঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
এতিহাসিক পথৰুঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
শ্বহীদ তৰ্পনৰ পাছতেই সংহত প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ উন্মোচন কৰি মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
মুকলি সভাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ২২জন প্ৰগতিশীল কৃষকক চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয়।











