Home Blog Page 3144

মৰাণৰ খোৱাঙত কা বাতিল, তাই আহোম জনজাতিকৰণৰ দাবীত আটাছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত আৰু তাই আহোমক জনজাতিকৰণ কৰা দাবীত মৰাণৰ খোৱাঙত খোৱাং চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আটাছুৱে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বাজৰ পৰা ১ বজালৈ  ৰূপায়ণ কৰা দুঘন্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত পৰিবৰ্তনকামী বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে।

যদি ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তাই আহোমক জনজাতিকৰণ প্ৰদান নকৰে আৰু অসমীয়া জাতিধ্বংসী আইন কা বাতিল নকৰে তেন্তে ২০২১  চনৰ বিধানসভাৰ নিৰ্বাচন বিজেপি দলক এসেকা দিব বুলি সকিয়নী প্ৰদান কৰিছে। কাৰ্যসূচী অন্তত প্ৰতিবাদী সকলে আটাছুৰ খোৱাং আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ গগৈ আৰু সম্পাদক সুজিৎ চাংমাইৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মৰাণ ৰাজহ চক্ৰৰ বিষয়া যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনে নেতৃত্বত প্ৰদান কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আটাছুৰ বিষয়-ববীয়াসকলৰ উপৰিও আছু ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ, আহোম জাতীয় গণ মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞা, টাইপাৰ মৰাণ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি গিৰিণ বৰগোঁহাইকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি পৰিবৰ্তনকামী চৰকাৰৰ কটু সমালোচনা কৰে।                   

মৰাণত পথ নিৰ্মাণত অনিয়ম

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টিত অন্তৰ্গত মৰাণ নগৰৰ মাজ-মজিয়া পৰা নিতাই সংযোগী পথৰ প্ৰথম আঢ়ৈ কিলোমিটাৰ পথ মেৰামতি বাবে গড়-কাপ্তানী বিভাগে আবন্টন দিয়া ৩৮ লাখ টকাৰ কাম ডিব্ৰুগড়ৰ ৰাজীৱ গগৈ নামৰ এজন ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাত আজি স্থানীয় ক্ষোভিত ৰাইজে পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে।

নতুনকৈ কাৰ্পেটিং কৰা পথটো মাছৰ বাকলি দৰে নিৰ্মাণৰ পাছতেই চটাচত এৰি যোৱাত স্থানীয় ৰাইজৰ চকু কপালত উঠে আৰু ক্ষোভিত হৈ পৰে। ৰাইজৰ অভিযোগ মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈক, বিভাগীয় অভিযন্তাক কমিচন দি ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে পথটো নিৰ্মাণ কৰোঁতে বিজেপিৰ পালিনেতাসকলে সমষ্টিত  উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজোৱা কাৰ্যক কটুৰ সমালোচনা কৰিছে ক্ষোভিত ৰাইজে। পথ নিৰ্মাণ কৰোতে নিম্ন মানদণ্ড হৈছে বুলি স্বীকাৰ কৰে ঠিকাদাৰৰ মহৰীয়ে আৰু পুনৰ নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বোকাখাতত “ৰাইজৰ দল”ৰ আহ্বায়ক সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, মহুৰামুখ, ১০ নৱেম্বৰঃ ঐক্যবদ্ধ, আপোচহীন, প্ৰগতিশীল, জাতীয়তাবাদী চিন্তাক মূলমন্ত্ৰ হিচাপে লৈ আগবঢ়া কৃষক মুক্ত আৰু ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐৰসত ভূমিষ্ঠ হোৱা “ৰাইজৰ দল”ৰ আজি বোকাখাত বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়৷ এই উপলক্ষে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়াই আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াই গোলাঘাট জিলা ৰাইজৰ দলৰ আহ্বায়ক ৰতন দাৱে৷

সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাস, গোলাঘাট জিলা ৰাইজৰ দলৰ মুখ্য আহ্বায়ক প্ৰাঞ্জল গগৈ, বিদ্যুত মহন্ত, ৰাজ্যি আহ্বায়ক ধ্ৰুৱ ভৰালী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়া, এনচিপিৰ নেতা মৃদুল শইকীয়াই সভাত উপস্থিত থাকি ভাষণ প্ৰদানক কৰে৷ বোকাখত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোকৰ উপস্থিতিত ৩০ জন ব্যক্তিক মুখ্য আহ্বায়ক হিচাপে লৈ ১০১ জনীয়া বোকাখাত সমষ্টি “ৰাইজৰ দল”ৰ সমিতিখন গঠন কৰা হয়৷

মধ্যপ্ৰদেশত চৰকাৰ বচাবলৈ সক্ষম হোৱাৰ দিশত ভাৰতীয় জনতা পাৰ্টী

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১০ নৱেম্বৰঃ মধ্যপ্ৰদেশত চৰকাৰ অক্ষুন্ন ৰখাৰ দিশত আগবাঢ়িছে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি বৰ্তমান সময়ত উপ নিৰ্বাচনৰ ২৮ খন আসনৰ ২১ খনত ভাৰতীয় জনতা পাৰ্টী আগবাঢ়ি আছে।

২০১৮ চনত কংগ্ৰেছ দলে চৰকাৰ বনাবলৈ সক্ষম হৈছিল যদিও চলিত বৰ্ষৰ মাৰ্চ মাহত হোৱা বিদ্ৰোহৰ ফলত কমল নাথৰ চৰকাৰ ভাঙি পৰিছিল। মধ্যপ্ৰদেশৰ বিধানসভাৰ মুঠ আসন ২৩০ খন আৰু চৰকাৰ গঠণৰ বাবে প্ৰয়োজন হয় ১১৬ খন আসনৰ।

বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় ৰাজ্য আৰু জনসাধাৰণৰ কল্যাণৰ বাবে মধ্যপ্ৰদেশৰ দায়িত্ব ল’বৰ বাবে জনতাই পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচিত কৰিব।

বিহাৰৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল

Bihar election results 2020 live updates: বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতিৰ সঘন পট পৰিবৰ্তন। বিহাৰত এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা। এনডিএৰ অগ্ৰগতি।

Bihar
Result Status
Status Known For 243 out of 243 Constituencies
PartyWonLeadingTotal
All India Majlis-E-Ittehadul Muslimeen022
Bahujan Samaj Party022
Bharatiya Janata Party07676
Communist Party of India033
Communist Party of India (Marxist)033
Communist Party of India (Marxist-Leninist) (Liberation)01212
Hindustani Awam Morcha (Secular)011
Independent055
Indian National Congress01818
Janata Dal (United)05050
Lok Jan Shakti Party022
Rashtriya Janata Dal06363
Vikassheel Insaan Party066
Total0243243

ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি ( দিনৰ ২.০০ বজাত)

পৰমানন্দ ৰাজবংশীৰ অসম গণ পৰিষদত যোগদান

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১০ নৱেম্বৰঃ আজি অসম গণ পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা  ডঃ পৰমানন্দ ৰাজবংশীয়ে। অগপৰ মূখ্য কাৰ্যলয় আমবাৰীত হাতীৰ পিঠিত উঠিল পৰমানন্দ। পৰমানন্দ ৰাজবংশীক গণ পৰিষদ দলৰ মজিয়ালৈ আদৰণি জনায় অসম গণ পৰিষদ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে অগপৰ জেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে অসম গণ পৰিষদত যোগদান কৰা বুলি ৰাজনৈতিক মহলত ব্যপক চৰ্চা লাব কৰিছে। আজি ৰাজবংশীৰ লগত দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ ৰাজবংশীৰ বহু সমৰ্থকে অসম গণ পৰিষদত যোগদান কৰে। আনহাতে এক সূত্ৰৰ পৰা জানিব পৰা মতে আগন্তুক বিধানসভা নিৰ্বাচনত চিপাঝাৰ সমষ্টিৰ পৰা পৰমানন্দ ৰাজবংশীয়ে প্ৰতিদ্বন্দিতা কৰাৰ কৰিব।

আনহাতে অসম গণ পৰিষদৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৰাজবংশীৰ নিৰ্বাচনী অংকত আউল লগোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এতিয়া নিৰ্বাচনত চিপাঝাৰ সমষ্টিত কি নিৰ্বাচনী সমীকৰণ সেয়া লক্ষ্যনীয় হব।

আই পি এলৰ আজি ফাইনেলত মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১০ নৱেম্বৰঃ আজি আইপিএলৰ চূড়ান্ত খেল খনত জয়ী হ’বলৈ সমুখ সমৰত নামিব ৪ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু প্ৰথমবাৰ ফাইনেলত স্থান নিশ্চিত কৰা দিল্লী কেপিটেলছ। বৰ্তমানলৈকে দুয়োটা দলৰ মাজত ২৭ খন খেল অনুষ্ঠিত হৈছে য’ত মুম্বাই দলে ১৫ খন খেলত আৰু দিল্লীয়ে ১২ খন খেলত জয়ী হৈছে।

আজিৰ খেলত পঞ্চম বাৰলৈ জয়ী হোৱাৰ উদ্দেশ্যেৰে মুম্বাই ইণ্ডিয়ানছ খেলপথাৰত নমাৰ বিপৰীতে মুম্বাইক হৰুৱাই অভিলেখ গঢ়াৰ চেষ্টা চলাব দিল্লী কেপিটেলছে। আজিৰ খেলখন ডুবাই ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ৰ পৰা আৰম্ভ হব।

বিহাৰৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল

Bihar election results 2020 live updates: বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতিৰ সঘন পট পৰিবৰ্তন। বিহাৰত এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা।

Bihar
Result Status
Status Known For 242 out of 243 Constituencies
PartyWonLeadingTotal
All India Majlis-E-Ittehadul Muslimeen033
Bahujan Samaj Party011
Bharatiya Janata Party07373
Communist Party of India033
Communist Party of India (Marxist)022
Communist Party of India (Marxist-Leninist) (Liberation)01414
Independent066
Indian National Congress02121
Janata Dal (United)04747
Lok Jan Shakti Party055
Rashtriya Janata Dal06060
Vikassheel Insaan Party077
Total0242242
ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি

বিহাৰৰ নিৰ্বাচনৰ ফলাফল

Bihar election results 2020 live updates:

বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতিৰ সঘন পট পৰিবৰ্তন। বিহাৰত এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা।

নগাঁৱত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত আজি ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি নগাঁৱত উদযাপন কৰা হয়৷ প্ৰতি বছৰে ৯ নৱেম্বৰ দিনটোত ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি উদযাপন কৰি অহা হৈছে৷ ৰাষ্ট্ৰীয় আইন সেৱা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে  ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ তৰফৰ পৰা শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধীকাৰী, শ্ৰেষ্ঠ অৰ্ধআইনী সহায়ক, শ্ৰেষ্ঠ পেনেল অধিবক্তা আদিৰ বাবে আগবঢ়োৱা হৈ আহিছে একোটিকৈ শ্ৰেষ্ঠত্ব বঁটা৷

বিগত বৰ্ষত নগাঁও জিলাই লাভ কৰি শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধীকাৰীৰ বঁটা৷ সাম্প্ৰতিক সময়ত জনগণৰ মাজত আইন সেৱাৰ জৰিয়তে জাগৰণ সৃষ্টি কৰাৰ লগতে সমাজৰ দৰিদ, নিচলা, নিস্পেষিত, দুৰ্বল শ্ৰেণীৰ লোক সকলক বিনামূলীয়া আইনী সহায় আৰু পৰামৰ্শ প্ৰদান কৰা,যাতে সকলোৰে বাবে নিশ্চিত হয়৷

উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে নগাঁও মহাবিদ্যালয়ৰ সমীপত আইন সেৱা প্ৰাধীকাৰীৰ বিভিন্ন কৰ্মৰাজীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে৷ আজিৰ এই দিৱসৰ লগত সংগতি ৰাখি প্ৰচাৰ ভাৰতী নগাঁও কেন্দ্ৰৰ জৰিয়তে এটি অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়৷ অনুষ্ঠানটি আতঁধৰে পেনেল অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে৷ অনুষ্ঠানত আইন সেৱা প্ৰাধীকাৰিৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে৷