Home Blog Page 3144

বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ ব্যাপক প্ৰস্তুতি

তিনি লাখ ভক্তৰ সমাগমেৰে অনুষ্ঠিত হব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ

নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত কালি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ  মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ উপলক্ষে ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হব ।

আনহাতে ভৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা বহু কেইগৰাকী বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব লগা এই প্ৰাণ প্ৰতিষ্ঠা সমাৰোহখন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্য কালি মন্দিৰ প্ৰাংগণত এখন আলোচনা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী দয়াৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত  সভাখনৰ উদ্দেশ্য বাখ্যা কৰে মন্দিৰৰ মেনেজিং ট্ৰাষ্টি জিতু গোস্বামীয়ে। সভাত মন্দিৰৰ এই বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে ৰূপায়নৰ বাবে ভালেকেইগৰাকী বক্তাই মন্তব্য আগবঢ়ায় । ইয়াৰ পিছতে অভ্যৰ্থনা সমিতি খন গঠন কৰা হয়।সভাত বিত্ত ,স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সভাপতি, প্ৰবীন গোস্বামীক কাৰ্যকৰী সভাপতি আৰু জিতু গোস্বামীক প্ৰধান সম্পাদক হিচাপে লৈ এখন ৭১ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

উল্লেখ্য যে মহামৃত্যুঞ্জয় সাধক আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ২০০৩ বৰ্ষত মন্দিৰ নিৰ্মান হোৱা স্থানত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈছিল আৰু উক্ত যজ্ঞত দেশ বিদেশৰ প্ৰায় দুই শতাধিক সংস্কৃত পণ্ডিতে অংশগ্ৰহণ কৰিছিল।

আনহাতে উক্ত বৰ্ষত সেই স্থানত অস্থায়ী ভাৱে মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ কৰা হয় । সেই সময়ৰ পৰাই  বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত মহামৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈ আহিছিল। ইয়াৰ পিছতে ২০১০ চনৰ পৰা স্থায়ী মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। স্থানীয় কেইবাগৰাকী লোকে মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ ভূমি  দান কৰা স্হানত  দ্ৰুত গতিত মন্দিৰ নিৰ্মাণৰ কাম চলি থকা বিশ্বৰ সৰ্বোচ্চ এই মহামৃত্যুঞ্জয় মন্দিৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দৈনিক দুই শতাধিক শ্ৰমিকে বিভিন্ন দিশত কাম কৰি মন্দিৰক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেইদিনমানৰ ভিতৰতে মন্দিৰৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি মন্দিৰ সমিতিয়ে জানিবলৈ দিয়ে ।আনহাতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পিছতে আধ্যাত্মিক দিশত পুৰণিগুদাম ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হব বুলি মন্দিৰ সমিতিয়ে আশা প্ৰকাশ কৰিছে ।

অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব লগা ১০৮ কুণ্ডৰ যজ্ঞ সমাৰোহত ভাৰত বৰ্ষৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিলাখ লোকৰ সমাগম ঘটাৰ সম্ভাৱনা আছে।সকলো ধৰণৰ নিয়ম শৃংখলা বজাই ৰাখি অনুষ্ঠিত হব লগা এই প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সমাৰোহত মূল যজমান হিচাপে মন্ত্ৰী  ড: হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি মন্দিৰৰ তৰফৰ পৰা জানিব পৰা গৈছে।

ইপিনে এই যজ্ঞ সমাৰোহত অসমৰ বিভিন্ন স্থানৰ ভক্তসকলে অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰতি জিলাতে বেনাৰ ,পোষ্টাৰ লগোৱা হব বুলি অভ্যৰ্থনা সমিতিৰ প্ৰধান সম্পাদক জিতু গোস্বামীয়ে জানিবলৈ দিয়ে। অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে মন্দিৰৰ ট্ৰাষ্টি সকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ।

কৃতি শিক্ষক, অসম আন্দোলনৰ কৰ্মী তথা হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যুত শোক

হোজাইৰ কোমোৰাকটাৰ নিবাসী তথা কৃতি শিক্ষক হোজাই জিলা সাহিত্য সভাৰ  উপ-সভাপতি পদ্ম কান্ত নাথৰ যোৱা ২৫ জানুৱাৰীৰ নিশা গুৱাহাটীৰ এপ’ল হস্পিটেলত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ। ৰহা দীঘলদৰী গাওঁত ১৯৪৪ খৃষ্টাব্দত (আনুমানিক) জন্ম লাভ কৰা প্ৰয়াত নাথে বিগত প্ৰায় পঞ্চাশ বছৰ হোজাইৰ সমাজ জীৱনৰ লগত জড়িত আছিল। অসম আন্দোলনৰ এজন কৰ্মী প্ৰয়াত নাথে যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰা নাথ মৃত্যুৰ সময়ত হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ লগতে আজমল গ্ৰুপ অফ কলেজৰ শৈক্ষিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭২ চনত হোজাই সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাতা প্ৰয়াত নাথ হোজাই কেন্দ্ৰীয় বিহু সমিতিৰ  প্ৰতিস্থাপক সম্পাদক, মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, হোজাই কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও অসম চৰকাৰৰ পাঠ্য পুথি প্ৰকাশন সমিতিৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল। শংকৰ আৰু অজান ফকীৰ নামৰ গ্ৰন্থ প্ৰণয়ন কৰা প্ৰয়াত নাথে বহু প্ৰবন্ধ ৰচনা কৰে। কিছুদিন আগতে প্ৰয়াত নাথ হৃদৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ হায়াত চিকিৎসাধীন হৈ আছিল যদিও অৱস্থাৰ কোনো উন্নতি নোহোৱাত পিছত এপলোত ভৰ্ত্তি কৰোৱা হৈছিল। কালি তেখেতৰ পাৰ্থিৱ শৰীৰ হোজাই সাহিত্য সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱন, কৰ্মস্থলী যোগীজান মধ্য ইংৰাজী বিদ্যালয়, আজমল ফাউণ্ডেচনলৈ নি শেষ শ্ৰদ্ধা নিবেদনৰ কৰা হয় আৰু বিয়লি নিজ বাসগৃহৰ সমীপত শেষ কৃত্য সম্পন্ন কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি ড: গুণেশ্বৰ শইকীয়া, সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, হেজাই সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, সম্পাদক দম্বৰু দাহল, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক, আজমল ফাউণ্ডেচন, জাতীয় বিদ্যালয়, অংকুৰ যুৱ সংঘ, নিখিল ভাৰত বংগ সাহিত্য সন্মিলনী, হোজাই ডিমাছা সাহিত্য সভা, হোজাই নেপালী সাহিত্য সভা আদিয়ে শিক্ষাবিদ জনৰ মৃত্যুত শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়।

SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণা কৰি টিংখাঙক কলংক মুক্ত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলনৰ ঘোষণা

ৰাজ্য কঁপোৱা SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত আৰু টিংখাঙৰ কলংক মোচন কৰাক লৈ ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে  টিংখাঙৰ দল সংগঠন সমূহে । আজি মৰাণস্থিত হোটেল মন্দাকিনীত সভা কক্ষত আয়োজিত এক যৌথ সংবাদ মেলৰ যোগেদি  টিংখাঙৰ দল সংগঠন সমূহে  SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণাৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰে । “কা” বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সম্পাদক বিপ্লৱ বৰুৱাই আঁত ধৰা সংবাদ মেলত চিপিআই (এম এল )ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া,ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়াল, আদিবাসী নেচনেল পাৰ্টিৰ বাবলু গড়,ভৰত ভূমিজ , অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা আহ্বায়ক  শুভাকৰন কোহাঞি, নিপু গগৈ,  কংগ্ৰেছ দলৰ ৰমেশ চাংমাইৰ আদি উপস্থিত থকা সংবাদ মেলত এক যৌথ সংবাদ মেলত সংগঠন সমূহে কয় যে SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী টিংখাঙৰ দল সংগঠনৰ তৰফৰ পৰা বাৰে বাৰে উত্থাপিত হোৱাৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষনা কৰা মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱাল নেতৃত্তাধীন বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । সংগঠন সমূহে মুখ্যমন্ত্ৰীৰ এই ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু তেওঁৰ ঘোষিত অবস্থানত দৃঢ় ভাবে ঠিয় দিবলৈ দাবী জনায় ।  উল্লেখ্য যে এই কেলেংকাৰীক লৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা তদানীন্তন স্বৰাজ অসমৰ মূখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত এখনি পত্ৰ দেশৰ প্ৰধান মন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছিল । উক্ত পত্ৰ খনিত তেওঁ এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়া জড়িত থকাৰ কথা উল্লেখ কৰিছে । ৩০-৯-২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই পত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰি Ministry of Personnel, Public Grievances and Pension ৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্য সচিবলৈ এই সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা ৭ জানুৱাৰী ২০২১ তাৰিখে এক পত্ৰ প্ৰেৰণ কৰিছে । যিহেতু চি আই ডি বিভাগৰ  তদন্তই এই কেলেংকাৰীৰ মূল ব্যক্তি জনক চিহ্নিত কৰাত বিফল হৈছে, যিটো তেওঁলোকৰ অভিযোগনামাৰ মাজেদি প্ৰমাণ হৈছে , গতিকে এতিয়া এই কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পণ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে । তাৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সম্পৰ্কত কোনো পদক্ষেপ গ্ৰহণ নকৰা বিষয়টো সন্দেহজনক । সংবাদ টোকাত সংগঠন সমূহে কয় যে এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়াৰ নাম সাঙোৰ খোৱা ঘটনাৰ মাজেদি ৰাজ্য তথা  দেশৰ সন্মুখত টিংখাং বাসী ৰাইজ লজ্জিত হৈছে । বিমল বড়াই প্ৰচাৰ কৰা দৰে টিংখাঙে আজি  হাঁহি থকা নাই টিংখাঙে আজি লাজত মুৰ তল কৰি থাকিব লগা হৈছে । এই অবস্থাৰ পৰা টিংখাং বাসীয়ে মুক্তি বিছাৰিছে আৰু সেইটো একমাত্ৰ সম্ভৱ এই কেলেংকাৰীৰ চিবিআই তদন্তৰ যোগেদি বিমল বড়াক তদন্তৰ আওতালৈ অনা । এই কলংক দুৰ কৰিবলৈ আৰু SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সেয়ে উপস্থিত টিংখাঙৰ দল সংগঠনে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে *প্ৰথমতে SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত আৰু টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবীত  সমষ্টি জুৰি ব্যপক পষ্টাৰিং কৰা হব ।**দ্বিতীয়তে অহা ২ ফেব্ৰুৱাৰী ২০২১ তাৰিখে  টিংখাং চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ মাজৰে দেশৰ প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰা হব ।**তৃতীয় পৰ্যায়ত ফেব্ৰুৱাৰী ৩ ৰ পৰা ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত  সমষ্টিৰ ৫০ হাজাৰ ভোটাৰে এই কেলেংকাৰীৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হব ।**চতুৰ্থ পৰ্যায়ত ২১ ফেব্ৰুৱাৰী তাৰিখে  সমষ্টিত চাইকেল ৰেলী বাহিৰ কৰা হ’ব বুলি সংবাদমেলত ঘোষনা কৰে। 

ডবকা নগৰৰ যান-জঁটৰ সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাজহুৱা অভিযোগ

হোজাই জিলাৰ ডবকাত অবৈধ পাৰ্কিংৰ ফালতেই সঘনাই দুৰ্ঘটনা, সংঘাত, মাৰপিটৰ ঘটনা সংঘটিত হোৱাত হোজাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে দল সংগঠনে। ডবকা পৌৰসভা অঞ্চলত অনেক সমস্যাৰ লগতে ব্যৱস্থিত পাৰ্কিং ব্যৱস্থা নথকাত ৰাইজৰ লগতে পথচাৰিয়ে নিতৌ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ বিশেষকৈ ডবকা বজাৰত জধে-মধে গঢ়ি উঠা অবৈধ পাৰ্কিং আৰু অবৈধ বাছ আস্থানে সমস্যাটো তীব্রতৰ কৰি তুলিছে। সেয়েহে, ডবকা চহৰত ডবকা পৌৰসভাই ৰাইজৰ হিতাৰ্থে সুনিৰ্দিষ্ট ঠাইত আস্থানৰ ব্যৱস্থা কৰিলে নগৰখনৰ যানযঁটৰ সমস্যা ভালেখিনি উপশম হ’ব বুলি দাবী উত্থাপন হৈছে ৷ ডবকা নগৰ সমিতি এলেকাত থকা লংকা, ডিফু, হোজাই, নগাঁও বাছ আস্থানসমূহ প্ৰায় ৰাস্তাৰ ওপৰত কৰা হৈছে, নো পাৰ্কিং জনত গাড়ী ৰখাই গাড়ীত যাত্ৰী উঠা-নমা কৰোতে ৰাস্তাৰ ওপৰত আল্ট্ৰা বাছ ৰখাই যাত্ৰী উঠা-নমা কৰিব লাগে ৷ ই ৰাস্তাৰ ওপৰত যান-জঁট সৃষ্টিত অৰিহণা যোগাইছে ৷ বিশেষকৈ ডবকা চহৰৰ অতি ব্যস্ত ডবকা-হোজাই ৰোডৰ ওপৰত থকা বাছ আস্থানে এই সমস্যা গভীৰ কৰি তুলিছে, পৰ্যাপ্ত ভূমি নথকাত যাত্ৰীবাহী বাছ অতি ব্যস্ত ডবকা-হোজাই পথৰ ওপৰত ঘূৰাবলগীয়া হয়, যাৰ ফলত বহু সময় ৰাস্তাৰ ওপৰত অন্যান্য বাহনৰ লগতে ৰাইজে ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ ডবকা-ডিফু ৰোডটোও  ডবকাৰ অতি ব্যস্ত পথ ৷ পথছোৱা এনেই ঠেক আৰু সৰু ৷ অথচ অতি ব্যস্ত পথছোৱাৰ কাষত অপৰ্যাপ্ত ঠাইত ডিফু বাছ আস্থানটো গঢ়ি উঠাত যাতায়াত ব্যৱস্থা একেবাৰে নৰক সদৃশ হৈ পৰিছে ৷ ৰাস্তাৰ কাষত এই আস্থানটো গঢ়ি উঠাত পথৰ ওপৰত আল্ট্ৰা বাছ ৰখাই থয় ৷ ফলত সাধাৰণ মানুহৰ চলাচল যথেষ্ট কষ্টসাধ্য হৈ পৰিছে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, ডবকা নগৰত থকা বাছ কাউন্টাৰ ক্ৰমে হোজাই-লংকা, নগাঁও, ডবকা-ডিফু বাছ আস্থানসমূহৰ প্ৰয়োজনীয় বৈধ কোনো নথি-পত্ৰ নথকাৰো অভিযোগ উঠিছে ৷ লগতে বাছ এখন ৰখাবলৈ, যাত্ৰী উঠা-নমা কৰিবলৈ এই আস্থানসমূহৰ পৰ্যাপ্ত মাটিও নাই ৷ নাই ডবকা পৌৰসভাৰ কোনো আপত্তিবিহীন প্ৰমাণ-পত্ৰ আৰু ব্যৱসায়িক অনুজ্ঞা-পত্ৰ ৷ গতিকে কাৰ্বি আলং বাছ আস্থান আৰু হোজাই-লংকা বাছ আস্থানবোৰৰ নথি পত্ৰবোৰ জব্দ কৰি উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে একাংশ দল সংগঠনৰ লগতে ৰাইজে।ডবকা-ডিফু ৰাস্তাটোৰে নেহৰু জয়ন্তী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা সূতাৰগাঁও মধ্য ইংৰাজী মাদ্ৰাছালৈকে যোৱা পথছোৱাৰ দুয়োকাষৰ মাটি ক্ৰমান্বয়ে খহি পৰাত সচেতন ৰাইজে গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰিছে । ৰাস্তাৰ কাষৰ থিয় গৰা আৰু দ’ খাৱৈবোৰে ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা বহন কৰিছে। ৰাস্তাটোৰে নিতৌ চলাচল কৰা দ্ৰুতবেগী যান-বাহন, ডিফু, হোজাই, লংকা, নগাওঁ আদিৰ বাছবোৰ চলাচল কৰাত কাষেৰে ছাত্ৰ-ছাত্ৰী আৰু আন পথচাৰীসকলে ভয় আৰু শংকাৰ মাজেৰে অহা যোৱা কৰিবলগা হৈছে।  সেয়েহে, নাগৰিক জীৱনৰ সুৰক্ষাৰ্থে এই পথটোৰে যাত্ৰীবাহী বাছবোৰৰ লগতে গধুৰ বাহনৰ অহা যোৱা বন্ধ কৰি ডবকা চহৰৰ বাহিৰত কৰবাত সুব্যৱস্থিত ঠাইত পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ ৰাইজৰ লগতে একাংশ দল সংগঠনে অনুৰোধ জনাইছে ৷

জামুগুৰিহাটৰ চেচাসত্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা, গুৰুতৰভাৱে আহত এক

জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চেচাসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া সংঘটিত হয় এক পথ দুঘটনা । প্ৰাপ্ত তথ্য মতে তেজপুৰ দিশৰ পৰা লক্ষীমপুৰ অভিমুখে  গৈ থকা AS-01-KC-8852 নম্বৰৰ এখন মালবাহী ট্ৰাকে একেটা দিশেৰেই  গৈ থকা AS-12-Z-5794 নম্বৰৰ এখন পালছাৰ  বাইকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী কল্পজোতি কলিতা(২২) নামৰ যুৱক জন গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয় ৷

ইফালে দূৰ্ঘঘনাটো সংঘটিত কৰা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটি বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতেই ট্ৰাকখনৰ চালকজন পলাবলৈ বিচাৰিছিল যদিও স্থানীয় ৰাইজ তথা জামুগুৰি আৰক্ষীৰ তৎপৰতাত চালকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

অন্যহাতে গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

তেজপুৰত ভাগৱত পাঠ অনুষ্ঠানত মাইক বজোৱা লৈ সংঘাট : মহিলাৰ মৃত্যু

তেজপুৰত অঘটন । তেজপুৰ কটন ৰোডৰ নামঘৰত যোৱা ২৪, ২৫ আৰু ২৬  জানুৱাৰীত তিনিদিনিয়াকৈ ভাগৱত পাঠ অনুষ্ঠিত হৈছিল । অত্যাধিক শব্দৰে মাইক বজোৱাৰ বাবে দুই যুৱতী পৰিনীতা বেনাৰ্জী আৰু শ্ৰেয়া বেনাৰ্জীয়ে বাধা দিবলৈ গৈ ৰাইজৰ লগত সংঘাটত লিপ্ত হয় । ফলত উমা দাস (৬০) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । তেজপুৰ আৰক্ষীয়ে  যুৱতীদ্বয় পৰিনীতা বেনাৰ্জী আৰু শ্ৰেয়া বেনাৰ্জীক আটক কৰিছে ।

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে !

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে ! দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে তেনে এক হৃদয়বিদাৰক ঘটনা ৷ এটি ফুলকুমলীয়া দেৱ শিশু সন্তানক পুখুৰীত দলিয়াই হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটি ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনাৰ সবিশেষ জানিবপৰা মতে , কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া ৷ সেইদৰে যোৱা নিশাও দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ পিছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান ৷

ৰাতিপুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱা-ধোৱা ৷

ৰাইজৰ মতে স্বামী মিজানুৰ ৰহমানৰ লগত তেওৰ পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো কি কাৰণত স্বামী গৃহত আহিছিল, কোনে আনিছিল, কিয় কাজিয়াৰ সুত্ৰপাত হৈছিল স্থানীয় ৰাইজে সম্পুৰ্ণৰূপে অজ্ঞাত বুলি জানিবলৈ দিছে ৷

গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত কৰাৰ পিছত উলাই পৰিব শিশুটিৰ প্ৰকৃত হত্যাকাৰী ৷

নাজিৰাত তিনিখনকৈ বিদ্যালয়ত নুৰিল ৰাষ্ট্ৰীয় পতাকা : ক্ষোভ ৰাইজৰ

৭২ত্‌ম গণৰাজ্য দিৱস । ক’ৰনাকেন্দ্ৰিক পৰিবেশৰ মাজত কিছু সচেতনতাৰে আজি পুৱাৰে পৰা দেশ তথা ৰাজ্যৰ লগতে নাজিৰা সদৰতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।

কিন্তু নাজিৰা শিক্ষা খণ্ড অধীনস্ত আচলাবাৰীৰ মেথেনচোৱাস্থিত ৮১৩নং কুৰ্ম্মী বস্তি প্ৰাথমিক বিদ্যালয়, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ ক্ৰমে নাজিৰাৰ পদূমপুখুৰী আৰু পহুসিঙ অংগনবাডী কেন্দ্ৰত নুৰিল ৭২ত্‌ম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা । চৰকাৰী কাৰ্যসূচীক চুড়ান্ত অৱমাননা, শিক্ষা বিভাগৰ ।

এতিয়া প্ৰশ্ন হয় ! মাহেলি চৰকাৰী দৰমহা খোৱা সহায়িকা নতুবা প্ৰধান শিক্ষকক এতিয়া কোনে ব্যৱস্থা গ্ৰহণ কৰিব । যাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰা দেখা গৈছে ।

দিল্লীত আন্দোলনৰত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক ঘটনা : আৰক্ষীৰ গােচৰ ৰুজু

ৰাজধানী দিল্লীত কৃষি আইন কেইখনৰ বাতিলৰ দাবীত আন্দোলনৰত কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত কৰা হিংসাত্মক ঘটনাৰ বাবে দিল্লী আৰক্ষীয়ে গােচৰ ৰুজু কৰিছে। আইন উলংঘা কৰা, হিংসাত্মক কার্যত লিপ্ত হােৱা, ৰাজহুৱা সম্পত্তি ক্ষতি কৰা আৰু চৰকাৰী বিষয়াক আক্ৰমণ কৰাৰ বাবে এই গােচৰ ৰুজু কৰা হৈছে।

কেন্দ্রীয় গৃহমন্ত্রী  অমিত শ্বাহ য়ে কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্রতিবাদকাৰী কৃষকসকলে সৃষ্টি কৰা পৰিস্থিতি পর্যালােচনা কৰে। আৰু এই পর্যালােচনা বৈঠকত দিল্লীত অর্ধসামৰিক বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

এম জি এনৰেগা আঁচনিৰ নামত মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীৰ শুৱালকুছি, বেজেৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়মৰ অভিযোগ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধিনৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ পাকৰকোনাৰ গৰখীয়া থানলৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি। শিঙিমাৰী গাও পঞ্চায়তে এম জি এনেৰেগা আঁচনিৰে নিৰ্মান কৰিছে এই পথ । কিন্ত এম জি এনৰেগাৰ আঁচনিৰ অধিনত নিৰ্মান হবলগীয়া এই পথছোৱা নিৰ্মানৰ নামত পঞ্চয়াতখনৰ একাংশ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াই চলাইছে ব্যাপক অনিয়ম । জবকাৰ্ড হিতাধাকাৰী সকলক বঞ্চিত কৰি উক্ত পথ নিৰ্মানৰ কামত ডাম্পাৰ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে পথছোৱা নিৰ্মানৰ কাম ।

অতি কৌশলৰে জনশূন্য স্থানত আচনিখন আৱন্টন কৰি পঞ্চয়াতখনৰ জনপ্ৰতিনিধি সকলে আঁচনিখনৰ সৰহভাগ ধনেই লুটি পুটি খোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে । আনকি স্থানীয় ৰাইজক আন্ধকাৰত ৰাখি পথছোৱা নিৰ্মান কৰিবলৈ ওলাইছিল পঞ্চায়ত সভানেত্ৰীৰ লগতে পঞ্চয়াতখনত কৰ্মৰত চৰকাৰী বিষয়া আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াই, এই অভিযোগ স্থানীয় ৰাইজৰ ।

এফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শূণ্য সহনশীলতা আনফালে জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ চৰকাৰী আঁচনিৰ কামত সীমাহিন দূৰ্নীতি । ইয়াৰ লগতে বেজেৰা উন্নয়ন খণ্ডতো একাংশ চৰকাৰী বিষয়া, পঞ্চায়ত সভাপতি, সচিব, পঞ্চায়তৰ প্ৰতিনিধি আৰু বিজেপি পালিনেতা একাংশৰ পৃষ্ঠপোষকতাত চলিছে সীমাহীন দুৰ্নীতি।

আনকি শৰাইঘাট আৰু ধোপাটাৰী গাওঁ পঞ্চায়তত ৩০৬৪ আৰু ২০৪৭ গৰাকী জবকাৰ্ডধাৰীৰ যথেষ্ট সংখ্যকেই ভুৱা, চৰকাৰী কৰ্মচাৰী, লাখপতি জবকাৰ্ডধাৰীক কাগজে পত্ৰই কাম সম্পাদনা কৰা দেখুৱাই ডাম্পাৰ ট্ৰেক্টৰ জেচিবিৰে নিম্ন মানৰে সীমাহীন দুৰ্নীতিৰে এনৰেগাৰ কাম কৰি একাংশই লুটি গৈছে লাখ লাখ টকা। তাৰ পিচতো মৌন একাংশ উচ্চ পদস্থ চৰকাৰী বিষয়াৰ লগতে খোদ জালুকবাৰী সমষ্টিত নিজৰ ঘৰ বুলি পৰিচয় দিয়া তথা জালুকবাৰীৰ জনপ্ৰিয় নেতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

এতিয়া এনেদৰেই চলিছে জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহৰ লগতে সমষ্টিটোৰ অন্য উন্নয়ন খণ্ড ও পঞ্চায়তৰ উন্নয়নৰ কাম । ইমানবোৰ দেখি, শুনি এইবাৰ বিভাগীয় কতৃপক্ষ, মন্ত্ৰী তথা জালুকবাৰীৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নে সকলোবোৰ ওলাই কৰি একাংশক উন্নয়নৰ লাখ লাখ টকা লুটি পুটি খোৱাৰ সুযোগ দিব সেয়া হব লক্ষ্যনীয় ।