Home Blog Page 3354

ঢকুৱাখনা ৰ যুৱকৰ দেহত কভিড-১৯ : ৰোগীৰ ভাতৃ – লগৰীয়াক হ’ম কোৱাৰেণ্টাইন কৰাত আতংকিত অঞ্চলবাসী

দৈনন্দিন বাৰ্তাৰ সেৱা : ঢকুৱাখনা


শেহতীয়াকৈ ঢকুৱাখনাৰ তিনিজনকৈ লোকৰ দেহত মাৰাত্মক কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা খবৰৰ পিছত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ ঢকুৱাখনাত।খবৰ অনুসৰি চেন্নাইৰ পৰা অহি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আছুতীয়া কক্ষত থকা ঢকুৱাখনাৰ তিনি জন যুৱকৰ দেহত শেহতীয়াকৈ কভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে।এওঁলোক হৈছে ঢকুৱাখনাৰ কেকুৰী গৰুখুটি গাঁৱৰ হুকেশ্বৰ সোণোৱালৰ পুত্ৰ মোলাৰাম সোণোৱাল (৩০) আৰু চৰণ সোণোৱালৰ পুত্ৰ লক্ষ্য সোনোৱাল(২৩)।আনজন হল কেকুৰী কছাৰী গাঁৱৰ জীৱন সোণোৱালৰ পুত্ৰ ঘনকান্ত সোণোৱাল (২৯)।ঢকুৱাখনাত এই খবৰ বিয়পি পৰাৰ পিছত এই ঘটনাৰ লগত জড়িত আন কেতবোৰ আনুষংগিক ঘটনাই চিন্তিত আৰু আতংকিত কৰি তুলিছে ঢকুৱাখনা বাসীক।চিন্তনীয় বিষয়টো হল আক্ৰান্ত ঘনকান্ত সোণোৱালৰ ভাতৃ প্ৰাঞ্জল সোণোৱাল (২৫),একে অঞ্চলৰ গৰুখুটি গাঁৱৰ ঘণ সোণোৱাল, বিপুল সোণোৱাল, ধৰ্মেন্দ্ৰ সোণোৱাল আৰু দূৰ্গাধৰ সোণোৱাল চেন্নাই পৰা একেলগে উভটি আহি তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্পত আছিল।কিন্তু উক্ত লোক কেইজনৰ যাৱতীয় পৰীক্ষাৰ পিছত বৰ্তমান ঘৰলৈ উভটি আহিছে।চেন্নাই ফেৰত লোক কেই জনক বৰ্তমান হম কোৱাৰেণ্টাইন কৰা হৈছে যদিও লগৰ তিনিগৰাকী দেহত কভিড পজিটিভ হোৱাৰ খবৰ অহাৰ পিছত ভয়ত কম্পমান হৈ পৰিছে অঞ্চলবাসী।অঞ্চলটোৰ ৰাইজৰ অভিযোগ-প্ৰাঞ্জল সোণোৱাল ,ঘণ সোণোৱাল, বিপুল সোণোৱাল, ধৰ্মেন্দ্ৰ সোণোৱাল আৰু দূৰ্গাধৰ সোণোৱালক যাবতীয় পৰীক্ষা কৰি ঘৰলৈ পঠিওৱা হৈছে যদিও শংকামুক্ত নহয়।গতিকে তেওঁলোকক হম কোৱাৰেণ্টাইন কৰাৰ পৰিবৰ্তে ঢকুৱাখনাস্থিত চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা উচিত আছিল।কাৰণ যি কোনো সময়তে হম কোৱাৰেণ্টাইনৰ নীতি ভংগ কৰি বাহিৰলৈ ওলাই আহিব পাৰে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়াল।যাৰ বাবে অধিক জটিল হব পাৰে সমস্যা।সেয়ে সময় থাকোতেই ঢকুৱাখনা মহকুমা প্ৰশাসনক ইয়াৰ প্রয়োজনীয় ব্যস্ততাৰ গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে।

পাপু বৰুৱা,  ফোন নং – 8135831234

ৰূপহীহাটত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিত তাৰাবাৰী, গটঙা, নাঙলধোৱা বেংক চি এছ পিৰ লুন্ঠন

  • এ জে আকন্দ, নগাঁও

দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ । যাক চমুকৈ চি এছ পি কেন্দ্ৰ বুলি কোৱা হয় । সংশ্লীষ্ট স্থানীয় বেংক সমূহত পঞ্জীয়নভুক্ত গ্ৰাহক সেৱাৰ এই চি এছ পি কেন্দ্ৰ সমূহত সীমিত লেনদেনৰ বাবে গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি ধন সঞ্চয় কৰাৰ লগতে চৰকাৰ জন ধন আচঁনি, প্ৰধানমন্ত্ৰীৰ বীমা যোজনা, ৰন্ধন গেছ, প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তি  ইত্যাদি বহু আচঁনিৰ অধীনত হিচাধিকাৰীয়ে একাউন্ট খুলিছিল । একাউন্ট খোলাৰ পিছত অধিকাংশ চি এছ পিয়ে ৰাইজৰ সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা সম্পদ গঢ়ি তুলি চহৰে-নগৰে বিলাসী অট্টালিকা সাজি তোলাতহে ব্যস্ত হৈ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিৰ জৰিয়তে প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষক সকলৰ বেংক একাউন্টত দুহেজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই অভিলাসী আচঁনিত একাংশৰ নেতা পালি নেতা আৰু একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি গ্ৰাহক সেৱা কেন্দ্ৰৰ (চি এছ পি) বাণিজ্যিক প্ৰতিনিধিৰে মিলি প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকৰ নামত একাউন্ট খুলি কোটি কোটি টকা লুন্ঠন কৰাৰ অভিযোগ সৰ্বত্ৰে উঠাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটত ইতিমধ্যে একাংশ চি এছ পি (বাণিজ্যিক প্ৰতিনিধি)ৰ  দুৰ্নীতিৰ বাতৰিৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতে আন এক অভিযোগ উত্থাপিত হৈছে ইণ্ডিয়ান বেংক হাতীপুখুৰী শাখাৰ তাৰাবাৰীৰ চি এছ পি ছফিৰ উদ্দিন আৰু অসম গ্ৰামীন বিকাশ বেংকৰ ৰূপহী শাখাৰ গটঙাৰ চি এছ পি উত্পল বৰা,  ইণ্ডিয়ান বেংক হাতীপুখুৰী শাখাৰ নাঙলধোৱাৰ চি এছ পি আলিম উদ্দিনৰ  বিৰুদ্ধে একাংশৰ নেতা-পালিনেতা, দালালৰ সহযোগত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে । অভিযোগ  মতে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু শিক্ষাৰ্থীৰ জলপানি আচঁনি ব্যাপক খেলিমেলি কৰিছে বুলি অভিযোগ উঠিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সংশ্লীষ্ট বিভাগে কেইবাটাও চি এছ পিৰ স্কলাৰশ্বীপ দুৰ্নীতি তদন্ত কৰাৰ দৰে কৃষি বিভাগৰ বিভাগটোৰ দুৰ্নীতিৰ অভিযোগ সমূহ গুৰুত্বসহকাৰে লৈছে । তেনে ক্ষেত্ৰত ৰূপহীৰ দৰে অঞ্চলত দুৰ্নীতিৰ বজাৰ মুকলি কৰা এই চি এচ পি সকলৰ  বিৰুদ্ধে কৃষি মন্ত্ৰীয়ে শীঘ্ৰেই তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰি দুৰ্নীতিগ্ৰস্থসকলক নাকি লগাবলৈ আহ্বান জনাইছে ৰূপহীহাটৰ সচেতন মহলে। ইয়াৰোপৰি নগাঁও জিলাত থকা বহু চি এছ পিৰ বাণিজ্যিক প্ৰতিনিধিৰ দুৰ্নীতিৰ  অচিৰেই মুখা খোল খাব । উক্ত বেংক চি এছ পি ও বানিজ্যিক প্ৰতিনিধিসকলৰ আয়ৰ উত্স কি,  বেংকটো কিবা আলাউদ্দিনৰ চাকি নেকি বুলি প্ৰশ্ন উঠিছে । গ্ৰাহক সেৱাৰ নামত বেংক সেৱাক দুৰ্নীতিৰ আহিলাত পৰিনত কৰা এই চি এচ পি সকলৰ ওপৰত উচিত তদন্ত হলে উৰহিৰ ওৰ পৰিব বুলি ৰূপহীহাটত চৰ্চা চলিছ ।

গেছ সেৱাৰ নামত ৰূপহীহাটত চাকিব গেছ এজেন্সিৰ কলা বজাৰ-জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী

  • এ জে আকন্দ, নগাঁও

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিভিন্ন এলেকা । বেংক, গ্ৰামোন্নয়নৰ পিছতে এইবাৰ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে লাওঁখোৱাৰ ৰোডস্থিত ৰূপহীৰ চাকিব গেছ এজেন্সিৰ বিৰুদ্ধে ।  এজেন্সিটোৰ স্বত্বাধিকাৰী আলিম উদ্দিনে উক্ত এজেন্সিৰ জৰিয়তে গেছ  ছিলিণ্ডাৰৰ এক ৰমৰমীয়া কলা ব্যৱসায় চলাই লুন্ঠন আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । গেছ ছিলিণ্ডাৰৰ কলা বেহাৰ বাবেই স্বত্বাধিকাৰী আলিম উদ্দিন ইতিমধ্যে আৰক্ষীৰ জালত পৰে যদিও বৃহত পৰিমান ধনৰ বিনিময় মুকলি হোৱা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে । যোগান বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি গেছৰ ৰমৰমীয়া কলা বজাৰ বহুওৱা অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে অকল গেছৰ কলা বেহাই নহয় এইজন আলিমে হাতীপুখুৰী ইণ্ডিয়ান বেংকৰ শাখাৰ বাণিজ্যিক প্ৰতিনিধি হিচাপেও দীৰ্ঘদিন ধৰি চৰকাৰী আচঁনিক ভূলুন্ঠিত কৰি অহা বুলিও চৰ্চা চলিছে । কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী  হুছনাৰা বেগমৰ স্বামী আলিমে পত্নীক বৰাব ষ্টাম্পৰ দৰে ব্যৱহাৰ কৰি পঞ্চায়ততো দপদপাই ফুৰাৰ অভিযোগ উঠিছে । দীৰ্ঘদিন ধৰি বেংক চি এছ পিৰ নামত দুৰ্নীতি সংঘটিত কৰি ৰাইজৰ মূৰত ৰামটাঙোন দি দুৰ্নীতিত লিপ্ত হৈ  চৰম সীমা অতিক্ৰম কৰি গুৰু গোসাই নমনা হৈছে বুলিও ৰাইজৰ মাজত চৰ্চিত হৈছে । এইগাৰকী দুৰ্নীতিৰ মহানায়ক  আলিম উদ্দিনৰ বিৰুদ্ধে জিলা উপায়ুক্ত, যোগান বিভাগ, বেংক বিষয়া আৰু কৃষি মন্ত্ৰী অতুল বৰাই তদন্ত কৰি  বিহিত ব্যৱস্থা  লবলৈ সচেতন মহলে দাবী জনাইছে ।

নলবাৰীত বহু দিন ধৰি সন্ত্ৰাস চলোৱা ২ মোবাইল চোৰ আটক

নলবাৰীত আৰক্ষীয়ে ২ মোবাইল চোৰ আটক কৰে।

নলবাৰী

লকডাউনৰ বাবে এফালে ৰাইজ গৃহবন্দী। নিতৌ জীয়াই থকাৰ বাবে কৰিবলগা হৈছে সংগ্ৰাম। তাৰ মাজতে চিলনী চোৰৰ আতংকত সন্ত্ৰাসিত হৈ পৰিছে নলবাৰীৰ ৰাইজ। এনে সন্ত্ৰাস চলাই চিলনী চোৰৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে। অৱশেষত শুকুৰবাৰে নলবাৰী আৰক্ষীৰ জালত পৰে দুই চিলনী চোৰ। নলবাৰী সদৰ থানাৰ টাউন ডাৰোগা বিশ্বজিৎ দুৱৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলৰ জালত পৰা এই চোৰ দুটা হৈছে জিলাখনৰ বেলশৰ থানাৰ অন্তৰ্গত জোৱাৰ্দ্দি গাঁৱৰ  হৰজিৎ বৈশ্য আৰু কৈঠালকুছিৰ চম্পক হালৈ। নলবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নলবাৰী চহৰৰ জিলিঙনি চ’কৰ পৰা হৰজিৎ বৈশ্য নামৰ চোৰটোক আটক কৰাৰ পিছত হৰজিতৰ স্বীকাৰোক্তিৰ ভিত্তিত আনটো চোৰ চম্পকক আটক কৰিবলৈ সক্ষম হয়। লকডাউনৰ সময়ত নলবাৰী চহৰৰ মাজমজিয়াত প্ৰায় ৭ টাকৈ স্থানৰ পৰা  চিলনী চোৰে থপিয়াই নিছিল মহিলাৰ বেগ আৰু ম’বাইল ফোন৷ ইয়াৰ পিছতেই নলবাৰী আৰক্ষীৰ এই চিলনী চোৰকলৈ মুৰৰ কামোৰণী হৈ পৰে। এই ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত কে’বাখনো এজাহাৰ দাখিল কৰা হৈছে। অৱশেষত আৰক্ষীয়ে গোচৰ ৰুজু কৰি চিলনী চোৰৰ বিৰুদ্ধে অভিযান চলাই চোৰ দুটাক আটক কৰাৰ লগতে চোৰ দুটাৰ পৰা আঠটা চুৰি ম’বাইলফোন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চোৰ দুটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰা ২৪৭/২০ আৰৰু এনএলবিত ২৫৮/২০ নংত নলবাৰী জিলাত সন্ত্ৰাস চলাই অহা এই চোৰ দুটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নলবাৰী আদালতত হাজিৰ কৰা হয়৷

স্থগিত হ’ব নেকি টি-২০ বিশ্বকাপ ?

বিশ্ব ক্ৰীড়াংগণত মহামাৰী ক’ৰোনা ভাইৰাছৰ দুঃপ্ৰভাৱ৷ ২০২০ চনটো বিশ্ব ক্ৰীড়াৰ বাবে গৌৰৱোজ্বল হোৱাৰ আশা আছিল৷ এই বৰ্ষতে আয়োজন কৰা হয় কেবাখনো মেগা ইভেণ্ট৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে এতিয়া ইখনৰ পাছত সিখন প্ৰতিযোগিতা স্থগিত কৰিবলৈ বাধ্য হৈ পৰিছে৷ ইতিপূৰ্বে টকিঅ’ অলিম্পিক এবছৰলৈ স্থগিত হ’ল৷ এইবাৰ অক্টোবৰ-নৱেম্বৰত অষ্ট্ৰেলিয়াত হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপো স্থগিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ আয়োজক কমিটিৰ এগৰাকী বিষয়াৰ মতে টি-২০ বিশ্বকাপ স্থগিত হোৱাতো প্ৰায় নিশ্চিত বুলিব পাৰি৷ সম্ভৱতঃ অহা সপ্তাহত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিব৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে এই সিদ্ধান্ত লোৱা হ’ব৷ ২৬ আৰু ২৮ মে’ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ সদস্য ব’ৰ্ডসমূহে অংশ ল’ব টেলিকনফাৰেন্সত৷ ইয়াতেই টি-২০ বিশ্বকাপ স্থগিত কৰাৰো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তদুপৰি এই কনফাৰেন্সত আইচিচিৰ নিৰ্বাচনৰ দিন আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ লগতে ক্ৰিকেটৰ সৰ্বোচ্চ ব’ৰ্ডখনৰ নতুন অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা অন্তিম দিনো নিৰ্ধাৰণ কৰা হ’ব৷ আনহাতে টি-২০ বিশ্বকাপ স্থগিত হ’লে এই সংস্কৰণটো  পৰৱৰ্তী সময়ত কেতিয়ালৈ অনুষ্ঠিত কৰিব, সেই সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে৷

কোৰোনা সংকটৰ সময়ত মহম্মদ ছামিৰ মহনুভৱতা : প্ৰতিদিনে ১০ হেজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

নতুন দিল্লী

বিশ্ব মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ভাৰততো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। এই সংকটৰ সময়ত প্ৰতিদিনে ৮-১০ হেজাৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে ভাৰতীয় ক্ৰিকেট দলৰ পেচাৰ মহম্মদ ছামিয়ে৷ ক’ৰোনাৰ সংক্ৰমণ বাধা দিয়াৰ লক্ষ্যৰে বিগত ২৪ মাৰ্চৰ পৰা দেশজুৰি চলি আছে লকডাউন৷ এই সময়ছোৱাত উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত গভীৰ সংকটত পৰিছে শ্ৰমিকসকল৷ বিপদৰ সময়ত এই শ্ৰমিকসকলৰ কাষত থিয় হৈছে ছামি৷ গৃহ জিলা আমৰোহাত ছামিয়ে স্থানীয় প্ৰশাসনৰ সহায়ত শ্ৰমিক সকলক যোগান ধৰিছে পুষ্টিকৰ খাদ্য৷ দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত তেওঁ নিজেই বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ঘৰমুৱা শ্ৰমিকসকলক জিলা প্ৰশাসনৰ সহায়ত ফলমূল, পানী আৰু আন খাদ্য সামগ্ৰী বিতৰণ কৰিছে। প্ৰতিদিনে তেওঁ ৮ৰ পৰা ১০ হেজাৰ শ্ৰমিকক সম্পূৰ্ণ নিজা খৰচৰে যোগান ধৰিছে খাদ্য৷ তদুপৰি শ্ৰমিকসকলক সুকলমে ঘৰলৈ পঠিয়াবলৈ চেষ্টা কৰিছে ছামিয়ে৷ ৰমজানৰ পৱিত্ৰ মাহত সকলোকে সামৰ্থ্য অনুযায়ী সহায়ৰ হা আগবঢ়াবলৈ আহ্বান জনাইছে টীম ইণ্ডিয়াৰ মুখ্য পেচাৰজনে৷ ইপিনে মানৱতাৰ নিদৰ্শন দেখুৱাই ছামি হৈ পৰিছে প্ৰশংসাৰ পাত্ৰ৷ বিভিন্ন মহলত চৰ্চিত হৈছে সোঁহতীয়া জ্যেষ্ঠ পেচাৰজন৷

টীয়কৰ পথৰ দাঁতিত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তি উদ্ধাৰ : চিকিৎসালয়লৈ প্ৰেৰণ

টীয়কৰ পথৰ দাঁতিত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তি উদ্ধাৰ

টীয়ক

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত পুৱা এজন ব্যক্তি মূৰ্মুৰ্ষ অৱস্থাত পৰি থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ মুখ মণ্ডলত আঘাতৰ চিন থকা ব্যক্তিজন পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰি পথচাৰীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰি থকা ব্যক্তিজনক ১০৮ এম্বুলেঞ্চেৰে টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে৷ কি পৰিস্থিতিত ব্যক্তিজন এনেদৰে আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰিল সেয়া জানিব পৰা হোৱা নাই যদিও কোনো বাহনে ব্যক্তিজনক খুন্দিওৱাৰ সন্দেহ কৰিছে৷ এই বাতৰি যুগুত কৰা লৈকে ব্যক্তিজন চিনাক্ত হোৱা নাই৷

বিহুবৰৰ ঔগুৰিজানত নিশা গোপনে চলিছে শিলৰ অবৈধ খনন

নাজিৰা

নাজিৰা মহকুমাৰ বিহুবৰ ঔগুৰিজানৰ বিবদমান এলেকাত  নিশা অতি গোপনে অবৈধভাবে ফকলেন লগাই শিল খনন চলাই আহিছে বুলি জানিব পৰা গৈছে৷ সমগ্র দেশ ভয়ংকৰ মহামাৰীৰ কবলত পৰাৰ লগতে নিশা সাত বজাৰ পৰা পুৱা সাত বজালৈকে সান্ধ্য আইন জাৰি থকাৰ পিছতো কেইজনমান স্বাৰ্থাম্বেষী ব্যক্তিয়ে এই আইনক অংগুষ্ঠ দেখুৱাই ঔগুৰিজানৰ বিবদমান এলেকাত অবৈধভাৱে শিল খনন চলাই আছে। আনহাতে সীমান্ত এলেকাসমূহত প্ৰশাসনিক এক নিশেধাজ্ঞা অব্যাহত থকাৰ পিছতো মাজনিশা ফকলেন লগাই শিল খনন চলাই থকা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে অসম নাগালেণ্ড সীমান্ত এলেকা বিহুবৰ ঔগুৰিজান অঞ্চলটো কাষৰীয়া নগাৰাজ্যৰ নগালোকসকলে সিহতৰ বুলি দাবী কৰি অহাৰ লগতে ঔগুৰিজান চাহ বাগিচাখনত একাংশ নগা লোকে দীৰ্ঘদিন ধৰি চাহগছসমূহ কাটি তাণ্ডৱ চলাই আহিছে। আনকি চুবুৰীয়া নগাৰাজ্যৰ নগালোকসকলে ঔগুৰিজানৰ কেইবা হেক্টৰ মাটি সিহঁতৰ বুলি দাবী কৰি অহাৰ লগতে অঞ্চলটোত বসবাস কৰা পৰিয়ালসমূহৰ পৰা বাৰ্ষিক কৰ আদায় লোৱাৰ উপৰিও খেতিপথাৰ, পোহনীয়া জীৱ-জন্তুৰ আদিৰো কৰ কাতল সংগ্ৰহ কৰি আহিছে৷ ঔগুৰিজানত অৱস্থিত আঠ টামান শিল ভঙা মেচিনত নাগালেণ্ডৰ পৰা বিদ্যুৎ সংযোগ কৰাই মেচিনকেইটাৰ মালিকিস্বত্বও কেইজনমান নগা ব্যক্তিয়ে লাভ কৰি আহিছে৷ এই ঔগুৰিজান অঞ্চলটোৰ ভূগৰ্ভত থকা প্ৰচুৰ পৰিমাণৰ শিলৰ প্ৰতি লোলুপ দৃষ্টি পৰা নগা একাংশই অঞ্চলটো নাগালেণ্ডৰ বুলি দাবী কৰি  ফকলেণ্ডৰ দ্বাৰা খনন চলাই কোটি টকাৰ শিল সংগ্ৰহ কৰিলে অবৈধভাৱে অসম চৰকাৰৰ বন বিভাগক কোনো ধৰণৰ ৰাজহ নিদিয়াকৈ৷ এই অবৈধ খনন চলি থকাৰ সময়তেই মহামাৰী ক’ৰোনা আতংকই ভয়ংকৰ ৰূপ ধাৰণ কৰাত সমগ্র দেশতেই লকডাউন ঘোষণা হোৱাত খনন প্ৰক্ৰিয়া বন্ধ হৈ পৰে আৰু বিশেষকৈ সীমান্ত এলেকাত বিশেষ নিশেধাজ্ঞা জাৰি কৰা হয়। এনে নিষেধাজ্ঞা, লকডাউন, কাৰ্ফিউ অব্যাহত থকাৰ  মাজতেই এচাম স্বাৰ্থাম্বেষী লোকে নিশা নিশা মেচিন লগাই ঔগুৰিজানৰ বিবদমান এলেকাত গোপনে অবৈধভাৱে শিল খনন চলাই থকাৰ খবৰ পোহৰলৈ আহিছে৷ বিহুবৰ খণ্ড বন কাৰ্যালয় আৰু বিহুবৰ আৰক্ষী থানাৰ সমীপতে বিবদমান এলেকাত নিশা অবৈধভাৱে খনন চলাই শিল সংগ্ৰহ কৰা কাৰ্যই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে৷ বতৰ ফৰকাল থাকিলে নিশা ন -দহ বজাৰ পৰাই  এই অবৈধ খনন কাৰ্য চলাৰ বিপৰীতে বৰষুণ দিলে খনন কাৰ্য বন্ধ থাকে বুলিও জানিব পৰা গৈছে৷ এফালে মহামাৰীৰ আতংক , লকডাউন , নিষেধাজ্ঞা আৰু আনফালে ৰহস্যজনকভাবে নিশা নিশা অবৈধ শিল খনন কাৰ্যই আৰক্ষী, প্ৰশাসন আৰু বন বিভাগৰ প্ৰতি সন্দেহৰ প্ৰশ্ন উঠিছে৷ 

বিশেষ বিমান যোগে বহিঃৰাজ্যৰ পৰা গেলেকী তৈলক্ষেত্ৰলৈ অ’এনজিচিৰ এশ বিষয়া : অসম আগমনৰ পূৰ্বে দুজনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ অভিযোগ

নাজিৰা

যোৱা ১৭ মে’ত দিল্লী ফেৰৎ আব্দুল ছামিম আখতাৰ নামৰ এজন ছাত্ৰৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাছত শিৱসাগৰ জিলাৰ প্ৰথমজন ক’ৰোনা ৰোগীক লৈ সমগ্ৰ জিলাখনৰ লগতে নাজিৰা মহকুমাবাসী আতংকিত হৈ থকাৰ সময়তে অহা ২২ মে’ত এক বিশেষ বিমান যোগে অ’ এন জি চি অসম সম্পদৰ অধীনৰ গেলেকী তৈলক্ষেত্ৰলৈ বহিঃৰাজ্যৰ পৰা প্ৰায় শতাধিক বিষয়া আগমন ঘটাকলৈ পুনৰ শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাবাসীক  আতংকিত কৰি তুলিছে। দিল্লী, মুম্বাই, গুজৰাট আদি ক’ৰোনা আক্ৰান্ত ৰাজ্যৰ পৰা অহা অ’ এন জি চিৰ এই বিষয়াসকলৰ গেলেকীত উপস্হিতিয়ে নাজিৰা মহকমাবাসীৰ লগতে গেলেকীবাসীক চিন্তিত কৰি তুলিছে। ইফালে বহিঃৰাজ্য ফেৰৎ এই বিষয়াসকলক লৈ শংকিত হৈ পৰা বহু থলুৱা বিষয়া-কৰ্মচাৰীয়ে এতিয়া কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ চেষ্টা কৰাও অভিযোগ উঠিছে। আনহাতে এই বিষয়াসকলক গেলেকী ডি এছ এ কলনীত হোম কুৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাত ক্ষুন্ন হৈ পৰিছে নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীবাসী সাধাৰণ ৰাইজ। উল্লেখ্যে যে অ’ এন জি চি গেলেকী তৈলক্ষেত্ৰত জি জি এছ-১,জি জি এছ-২ জি জি এছ-৩, চি টি এফ আৰু খনন আৰু উৎপাদন ৰীগত ‘অনঅফ’ ভিত্তিত বহিঃৰাজ্য গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ বহু বিষয়া কৰ্মৰত হৈ আছে। প্ৰথম লকডাউনৰ পূৰ্বে নিজ ৰাজ্যলৈ যোৱা এইসকল বিষয়াই এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কিছু শিথিলতা প্ৰৱৰ্তন কৰাত বিষয়াসকলক পুনৰ কৰ্মক্ষেত্ৰ লৈ উভতাই অনাৰ বাবে অ’ এন জি চি কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে।যাৰবাবে অ’ এন জি চিয়ে ২২মে’ত এক বিশেষ চাৰ্টাৰদ বিমানযোগে এই বিষয়াসকলক ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পাছত এই বিষয়াসকলক নিগম কৰ্তৃপক্ষই পোনে পোনে গেলেকী তৈলক্ষেত্ৰৰ ডি এছ এ কলনীলৈ আনি হোম কুৱাৰেণ্টাইনৰ ব্যৱস্হা কৰিছে আৰু ইয়াৰ পাছতহে বিষয়াসকলক কৰ্মত যোগদানৰ ব্যৱস্হা কৰিব। কিন্তু অসম আগমনৰ পূৰ্বেই এইসকল বিষয়াৰ ভিতৰৰে গুজৰাটৰ দুজন বিষয়াৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা বুলি অভিযোগ উঠিছে। ইফালে এই খবৰ বনজুইৰ দৰে নাজিৰা মহকুমা তথা গেলেকীবাসী ৰাইজৰ মাজত বিয়পি পৰাত আতংকিত হৈ পৰিছ নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ। জানিব পৰা মতে ইতিমধ্যে নিগমৰ বহু থলুৱা কৰ্মচাৰীয়ে বহিঃৰাজ্য ফেৰৎ এইসকল কৰ্মচাৰীয়ে গেলেকীত পদাৰ্পণ কৰাৰ পূৰ্বে কৰ্মস্হলীৰ পৰা পলায়ন কৰাৰো অভিযোগ উঠিছে।কিয়নো শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী আৰু চাহ বাগিচা অধ্যুষিত গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ এই কৰ’না মহামাৰীৰ ক্ষেত্ৰত বিশেষ সচেতন নহয়। এই বিষয়াসকল গেলেকী আহি পোৱাৰ পাছত ক’ৰোনা সংক্ৰমিত হ’লে সীমান্তঅঞ্চলটোত এক অ-নিয়ন্ত্ৰিত পৰিস্হিতিৰ সূষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।সেয়েহে অ’ এন জি চি গেলেকী তৈলক্ষেত্ৰৰ বহু কৰ্মচাৰীৰ লগতে গেলেকী সাধাৰণ ৰাইজে বহিঃৰাজ্য ফেৰৎ এইসকল বিষয়াক অসমলৈ অনাত আপত্তি নাই যদিও এইসকল বিষয়াক ডিব্ৰুগড়ত বিমানৰ পৰা নমাৰ পাছতে ডিব্ৰুগড়তে হোম কুৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু অ’ এন জি চি কৰ্তৃপক্ষক দাবী জনাইছে৷

দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি বাতিল নকৰিলে তীব্ৰ ৰণডংকা সূচনা কৰাৰ হুংকাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

নাজিৰা

নৰেন্দ্ৰ মোডী নেতৃত্বতাধীন কেন্দ্ৰীয় চৰকাৰে পক্ষপাতিত্বমূলক ভূমিকাৰে পুঁজিপতিসকলৰ স্বাৰ্থত “আমজন অৱ ইষ্ট” নামেৰে জনাজাত বিখ্যাত অভয়াৰণ্য দিহিং-পাটকাইত পুঁজিপতি গোষ্ঠীক কয়লাৰ মুক্ত খনন কৰিবলৈ দিয়া অনুমতি শীঘ্ৰে বাতিল নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ৰণডংকা সূচনা কৰাৰ হুংকাৰ দিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাস আৰু সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈ আৰু শিৱসাগৰ জিলাৰ প্ৰচাৰ সচিব ঋতুৰাজ বৰগোহাঁয়ে দিয়া এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ জনাই চৰকাৰক লগতে সকীয়াই দিয়ে যে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ লগতে অৰুণাচলৰ টিৰাপ আৰু চাংলা জিলাক বিস্তৃত ভাৱে আগুৰি ৰখা দিহিং-পাটকাই বৰ্ষাৰণ্য চেলেকী হস্ত প্ৰকল্পৰ ৯৮.৬৯ হেক্টৰ ভূমি বন্য ভূমি সমগ্ৰ বিশ্বতে বন্যপ্ৰাণী বিচৰণ ভূমি হিচাপে বিখ্যাত আৰু নেশ্যনেল ব’ৰ্ড অৱ ৱাইল্ড লাইফে অনুমতি প্ৰদান কৰিছে, তেনে এখন অভয়াৰণ্যৰ প্ৰকৃত সেউজ সম্পদ ধ্বংস কৰি বণিয়া গোষ্ঠীক মুক্তভাৱে কয়লা খনন কৰিবলৈ অনুমতি প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৃন্দই প্ৰকৃতি সুৰক্ষিত কৰাৰ পৰিৱৰ্তে ধ্বংস কৰাৰ ষড়যন্ত্ৰ আৰু যিটো সময়ত সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিত প্ৰকৃতি ৰক্ষা কৰাৰ গুৰুত্ব দিয়া হৈছে, সেই সময়ত আকৌ কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাইৰ দৰে অভয়াৰণ্যখনক ধ্বংস কৰিবলৈ পুঁজিপতি গোষ্ঠীক গতাই দিয়া বিষয়টো কেতিয়াও মানৱতাৰ পৰিচায়ক নহয় বুলি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এনে ধ্বংসাত্মক সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে সংগঠনটোয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ৰণডংকা সূচনা কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোৰ যোগে সকীয়াই দিয়ে।